সত্ৰীয়া সংস্কৃতিৰ ওজা জীৱেশ্বৰ গোস্বামী

সত্ৰীয়া সংস্কৃতিৰ ওজা জীৱেশ্বৰ গোস্বামী
  • 24 Feb, 2022

মাৰ এক পৰম সৌভাগ্যৰ কথা যে বিগত শতাব্দীৰ কেইগৰাকীমান বৰেণ্য শিল্পীৰ অক্লান্ত সাধনা আৰু প্ৰচেষ্টাত অসমীয়া নৃত্য-নাট-গীতে এক গতিশীল সংস্কৃতিৰ ৰূপ লাভ কৰে। এই মুষ্টিমেয় ব্যক্তিকেইগৰাকীৰ অন্যতম এজন হ’ল সত্ৰীয়া নৃত্য-গীত-বাদ্যৰ ওজা, সংগঠক, অসাধাৰণ সৃজনী শক্তিৰ অধিকাৰী জীৱেশ্বৰ গোস্বামী (অক্টোবৰ, ১৯০৪— ৮ এপ্রিল, ১৯৮২)।

জীৱেশ্বৰ গোস্বামীৰ জন্ম হয় ভৱানীপুৰীয়া শ্রীশ্রীগোপালদেৱৰ কালঝাৰ সত্ৰৰ উত্তৰাধিকাৰী শ্ৰীৰাম আতাৰ পুত্র, গুৰু-চৰিত্ৰকাৰ দ্বিজ ৰামানন্দই তেৰাত শৰণ-ভজন লোৱা লাচিত বৰফুকনৰ উদ্যোগত ১৫৯৩ শকত স্থাপন কৰা কলিয়াবৰৰ ভলাগুৰি সত্ৰত। দ্বিজ ৰামানন্দৰ অধস্তন অষ্টম পুৰুষৰ এজনেই হ’ল জীৱেশ্বৰ গোস্বামী। ঐতিহ্যমণ্ডিত সত্ৰখনৰ আৰম্ভণিৰ পৰাই গোসাঁই-ভকত সকলোৱে সত্ৰীয়া নৃত্য-গীত-ভাওনাৰ শিক্ষা আৰু চৰ্চা কৰা এটা পৰম্পৰা চলি আহিছে। সেই আৰ্হিতে গোস্বামীদেৱৰ নৃত্য-গীতৰ পাঠৰ পাতনি সত্ৰৰ নামঘৰতে আৰম্ভ হৈ পাছৰ কালত নিজৰ সাধনা আৰু প্রচেষ্টাত প্রস্ফুটিত হয়।

পিতৃ পদ্মকান্ত গোস্বামীয়েই আছিল জীৱেশ্বৰ গোস্বামীৰ অনানুষ্ঠানিক গুৰু। পদ্মকান্ত গোস্বামী নিজে সত্ৰীয়া কলা-কৃষ্টিৰ ষোল অনাই আয়ত্ত কৰা লোক আছিল। জীৱেশ্বৰ গোস্বামীয়ে বাল্য অৱস্থাৰে পৰা সত্ৰৰ নামঘৰত বিভিন্ন চৰিত্ৰৰ উৎকৃষ্ট অভিনয় কৰাৰ উপৰিও পিতৃদেৱৰ নির্দেশনাতে তাল, লয়, ৰাগ, শ্লোক, ভটিমা আদি সকলো আয়ত্ত কৰি ভাওনাৰ ঐতিহ্য নিভাজ ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছিল।

প্রাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈয়ে জীৱেশ্বৰ গোস্বামীয়ে কলিয়াবৰ এৰি তেজপুৰত হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰে। মন কৰিবলগীয়া যে গোস্বামীদেৱ যলৈকে গৈছিল তাৰে সাংস্কৃতিক সমাজখনৰ লগত সম্পৃক্ত হৈ পৰিছিল। তেজপুৰত জ্যোতিপ্রসাদ আগৰৱালাৰ ‘নতুন অসমীয়া থিয়েটাৰ’ৰ সংস্পৰ্শলৈ আহি জীৱেশ্বৰ গোস্বামীয়ে থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। প্রায়বোৰ নাটকতে বিতোপন চেহেৰাৰ গোস্বামীদেৱে ছাত্র কালত বিশেষকৈ স্ত্রী-চৰিত্ৰ ৰূপায়ণ কৰিছিল। গোস্বামীদেৱে ‘শোণিত কুঁৱৰী’ত ‘চিত্রলেখা’ৰ ভাৱত স্ত্রী-সুলভ লয়-লাস আৰু অঙ্গী-ভঙ্গীৰে দৰ্শকক আচৰিত কৰিছিল। তেজপুৰৰ বাণ থিয়েটাৰেই তেখেতৰ মঞ্চাভিনয়ৰ ভেটি গঢ়ি তোলে। সেয়ে পাছৰ কালত তেজপুৰত নেথাকিলেও গোস্বামীদেৱে দুর্গা পূজাত বাণ থিয়েটাৰত অনুষ্ঠিত নাট্যাভিনায়ত প্রায়ে যোগ দিছিলগৈ।

তেজপুৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জীৱেশ্বৰ গোস্বামী গুৱাহাটীৰ কটন কলেজত ভর্তি হয় আৰু লগে লগেই সেই কালৰ গুৱাহাটীৰ সাংস্কৃতিক সমাজৰ কেন্দ্রস্বৰূপ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চত প্রৱেশ কৰে। সেই সময়ৰ অন্য এটা জাকত জিলিকা অনুষ্ঠান গুৱাহাটীৰ একতা সভাৰো (ইউনিয়ন ক্লাব) গোস্বামীদেৱ এজন আগৰণুৱা সদস্য আছিল। কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ আৰু ৰঘুনাথ চৌধাৰীৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোৰ সাংস্কৃতিক আৰু খেল দুয়োটা বিভাগতে গোস্বামীদেৱে অংশগ্রহণ কৰিছিল। একতা সভাৰ সৰস্বতী পূজা চহৰৰ এক আকর্ষণীয় অনুষ্ঠান আছিল। গোস্বামীদেৱে সেই সময়ত সাধাৰণতে প্রচলিত বাঙালী সংকীর্তনৰ সলনি সৰস্বতী বন্দনাৰ কাৰণে অসমীয়া সংকীর্তন লিখি সুৰ দি গাই এক নতুন সংস্কৃতিৰ সূচনা কৰে। পূজা মণ্ডপ আৰু প্রতিমা বিসর্জন শোভাযাত্রাৰ মূল আকর্ষণ আছিল জীৱেশ্বৰ গোস্বামী আৰু লক্ষ্যধৰ চৌধুৰী আদি অনুগামী গায়ক-নর্তকসকল। এসময়ত গোস্বামীদেৱে ৰচা সংকীর্তন—

“আহাঁ বীণাপাণি দুখীয়াৰ দুৱাৰে
অবোধ সন্তানে মাতিছোঁ আই কাতৰে।
ভৱভূতি কালিদাস বাল্মীকি বেদব্যাস
লভিলে সুযশ অতি তোমাৰ প্রসাদে।। আহা বীণাপাণি…”

—ধুবুৰীৰ পৰা শদিয়ালৈ অসমীয়া ছাত্ৰৰ মুখে মুখে শুনা গৈছিল। গোস্বামীদেৱৰ সংকীর্তন অকল যে সৰস্বতী পূজাতহে চলিছিল, এনে নহয়, একতা সভাৰ আৰ্হিত অসমৰ বহু ঠাইতেই লাচিত উৎসৱ আৰু চিলাৰায় উৎসৱ পতা হৈছিল আৰু সেই উৎসৱৰ কাৰণে তেখেতে ৰচনা কৰা গীতবোৰ সকলোৱে ব্যৱহাৰ কৰিছিল।

১৯২৬ চনত গুৱাহাটী (পাণ্ডু)ত বহা সৰ্বভাৰতীয় কংগ্ৰেছ অধিৱেশনত গোস্বামীদেৱৰ গীতৰ সুৰত গোৱা গীতৰ কাৰণে সদৌ অসমীয়া ৰাইজ গৌৰৱান্বিত হৈছিল। কংগ্ৰেছ অধিৱেশন হৈ যোৱাৰ পাছত গোস্বামীদেৱ য’লৈকে গৈছিল, তাতেই মানুহে তেখেতক কংগ্ৰেছত গোৱা গীতকেইটা গাবলৈ অনুৰোধ কৰিছিল। সেই সময়ত মাইকৰ ব্যৱহাৰ নাছিল। গোস্বামীদেৱৰ মাত অকল সুৱলাই নহয়, বেচ ডাঙৰ আৰু স্পষ্ট আছিল। সমবেত সঙ্গীতত সেয়ে তেখেত সদায় মূল গায়ক হ’বলগা হৈছিল।

কটন এৰি চাকৰিৰ সন্ধানত জীৱেশ্বৰ গোস্বামী শ্বিলঙলৈ যায়। নৃত্য-গীতত পটু ডেকাজনে চাকৰি পোৱাত একো অসুবিধা নহ’ল। সচিবালয়ৰ চাকৰিত ভর্তি হৈ দোপতদোপে প্রমোচন পাই জীৱেশ্বৰ গোস্বামী যোগান বিভাগৰ যুটীয়া সঞ্চালক হয় আৰু পাছত গড়কাপ্তানী বিভাগৰ সহঃ সচিব হিচাপে চাকৰিৰ পৰা অৱসৰ লৈছিল।

জীৱেশ্বৰ গোস্বামী

জীৱেশ্বৰ গোস্বামী

জীৱেশ্বৰ গোস্বামী শ্বিলঙলৈ গৈ ‘শোণিত কুঁৱৰী’ নাটকখনৰ অভিনয় কৰি শ্বিলংবাসীক চমক খুৱালে। ‘শোণিত কুঁৱৰী’ শ্বিলঙত কিমান বাৰ অভিনীত হ’ল, তাৰ হিচাপ নাই। ছাৰ ছাদুল্লা চাহাবে চাবলৈ আগ্ৰহ কৰাত এবাৰ তেওঁৰ কাৰণে, পাছত তেওঁৰ অনা অসমীয়া বন্ধুকেইজনমানে চাওঁ বোলাত আকৌ এবাৰ কৰিবলগা হৈছিল। এই ‘শোণিত কুঁৱৰী’য়েই জীৱেশ্বৰ গোস্বামীক শ্বিলঙত সকলোৰে মাজত চিনাকি কৰাই দিয়াৰ লগতে সেই সময়ৰ শ্বিলঙৰ অসমীয়া সমাজখনক এক উচ্চ আসনত প্ৰতিষ্ঠা কৰিলে।

১৯৩৫ চনৰ কোনো এটা দিনত আসাম ক্লাবৰ ষ্টেজত ‘কাৰেঙৰ লিগিৰী’ৰ অভিনয় জীৱেশ্বৰ গোস্বামীৰ সূত্ৰধাৰী নাচেৰে আৰম্ভ হৈছিল। তাৰ এজন দর্শক ছাৰ ছাদুল্লা চাহাবৰ অনুৰোধত শ্বিলং ক্লাবৰ নতুন ভৱন উদ্ধোধনী উৎসৱতো সেই নাচটো প্ৰদৰ্শন কৰিবলগীয়া হ’ল। এনে অনুপ্ৰেৰণাতে গোস্বামীদেৱে সত্ৰীয়া নাচ সত্ৰৰ বাহিৰলৈ উলিয়াবলৈ উৎসাহিত হ’ল আৰু ১৯৩৭ চনত ‘প্রাচীন কামৰূপী নৃত্য সংঘ’ (প্রাকানৃস) নাম দি এটা প্ৰতিষ্ঠানৰ পাতনি মেলিলে।

প্রাকানৃসৰ সভাপতি প্রসিদ্ধ ঐতিহাসিক ৰায়বাহাদুৰ কনকলাল বৰুৱা আৰু প্রধান পৃষ্ঠপোষক আছিল তৎকালীন অসমৰ প্ৰধান মন্ত্রী গোপীনাথ বৰদলৈ। আন দুগৰাকী পৃষ্ঠপোষক আছিল দেশভক্ত তৰুণৰাম ফুকন আৰু ৰোহিনী কুমাৰ চৌধুৰী। প্রধান সচিব আছিল জীৱেশ্বৰ গোস্বামী। যুটীয়া সচিব আছিল নৃত্য-শিল্পী সুৰেশ গোস্বামী। সদস্যৰ ভিতৰত আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, প্রদীপ চলিহা, যুগল দাস ইত্যাদি বৰেণ্য শিল্পীসকল। শিশু শিল্পী আছিল গোস্বামীদেৱৰ পুত্ৰ প্রসন্ন আৰু দুহিতা মাখনী। প্ৰথম অৱস্থাত গোস্বামীদেৱে নিজৰ টকা-পইছাৰে অনুষ্ঠানটোৰ যাৱতীয় খৰচ-পাতি চলাব লাগিছিল।

প্রাকানৃসৰ দুটি নৃত্য-গীত ড° প্রদীপ চলিহাৰ বিচাৰত বৰ্তমানলৈকে অদ্বিতীয় হৈ আছে। প্রথমটো হ’ল জীৱেশ্বৰ গোস্বামীয়ে সুৰ দিয়া সংঘৰ প্ৰস্তাৱনাৰ গীত— ‘এ জয় ৰঘুৰ নন্দন এ ৰাঘৱ’ আৰু দ্বিতীয়টো হ’ল গোস্বামীদেৱে তাল-লয় সংযোজন কৰা আৰু প্ৰদীপ চলিহাই পৰিৱেশন কৰা ‘বৃহন্নলা নৃত্য’। উল্লেখনীয় যে ‘এ জয় ৰঘুৰ নন্দন’ গীতটো প্রথমতে ১৯৩৫ চনত গড়মূৰীয় সত্ৰাধিকাৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী শ্বিলঙলৈ যাওঁতে তেখেতক আদৰিবলৈ গোৱা হৈছিল। ১৯৪১ চনত পাৰ্ৱতিপ্রসাদ বৰুৱাৰ ‘ৰূপহী’ ছবিত এই গীতটোকে প্রচ্ছদ সংগীত হিচাপে ব্যৱহাৰ হৈছিল।

১৯৪৭ চনত মহাত্মা গান্ধীক গুৱাহাটীত এই গীতৰে আদৰিছিল কুইনী হাজৰিকাই (শ্রীমতী সুদক্ষিণা শর্মা)। প্ৰাকানৃসই গন্ধর্ব নৃত্য, বৃহন্নলা নৃত্য, দশাৱতাৰ নৃত্য, খোলৰ বৰ ধেমালি, গায়ন-বায়ন, ওজা-পালি, নটুৱা নাচ, সূত্ৰধাৰী নৃত্য আৰু কালীয় দমন, স্যমন্ত হৰণ, কীচক বধ, কেলিগোপাল, জন্মযাত্রা, সীতা হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান, দধিমথন, বকাসুৰ বধ, শঙ্কু বধ, কংস বধ ইত্যাদি নাটৰ আৰু জনজাতীয় নৃত্য-গীত, বিহু, হুঁচৰি, টোকাৰী গীত, বৰগীত আদি পৰিৱেশন কৰিছিল।

শ্বিলঙত অভূতপূর্ব সমাদৰ লাভ কৰাৰ পাছত প্ৰাকানৃসই শ্বিলঙৰ পৰা ওলাই আহি ধুবুৰীৰ পৰা তিনিচুকীয়ালৈকে বিভিন্ন ঠাইত প্রদর্শন কৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে প্রাকানৃসৰ নৃত্যানুষ্ঠান চাই মুগ্ধ হৈ কৈছিল— “মোৰ সপোন এই অনুষ্ঠানে বাস্তৱত ৰূপ দিলে।” অসম সাহিত্য সভাৰ ১৯৩৭ চনৰ বার্ষিক অধিৱেশনত প্রকানৃসই প্রদর্শন কৰা সাংস্কৃতিক অনুষ্ঠান চাই সভাপতি কৃষ্ণকান্ত সন্দিকৈদেৱে ভূয়সী প্রশংসা কৰিছিল। অসমৰ ৰাইজক মোহি প্রাকানৃস অসমৰ বাহিৰলৈ ওলাল। কলিকতা বিশ্ববিদ্যালয়কে সামৰি বাহিৰৰ কেইবাখনো ৰাজ্যৰ বিভিন্ন অনুষ্ঠানত প্রাকনৃসই নৃত্য-গীত পৰিৱেশন কৰিছিল।

দুখৰ কথা, দ্বিতীয় মহাসমৰ আৰু স্বাধীনতা সংগ্ৰামৰ ঢৌৱে প্ৰাকানৃসৰ প্ৰগতিত বাধা জন্মালে। দুর্যোগ আৰু আর্থিক অনাটনৰ ফলত প্রাকানৃস মৃত্যুৰ মুখত পৰিল! ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এঠাইত লিখিছিল— “প্রাচীন কামৰূপী নৃত্য সংঘ অসমীয়া নৃত্যৰ একমাত্র প্রথম আৰু শেষ অনুষ্ঠান।”

প্রাকানৃসৰ অপমৃত্যুত হতাশ নহৈ জীৱেশ্বৰ গোস্বামীয়ে ব্যক্তিগত প্রচেষ্টাৰে নৃত্য-গীতৰ চৰ্চা অব্যাহত ৰাখিছিল। নিজৰ ল’ৰা-ছোৱালী, আত্মীয়, প্রতিবেশীক লৈ তেখেতে বিভিন্ন সাংস্কৃতিক কার্যসূচীত ভাগ লৈছিল। এইখিনিতে উল্লেখনীয় যে গোস্বামীদেৱে সত্ৰীয়া সংস্কৃতিৰ মূল ধাৰাৰ পৰা অকণো বিচলিত নহৈয়ো সত্ৰীয়া নৃত্যত মহিলা শিল্পীৰ সংযোজনেৰে নৃত্য-নাটবোৰৰ নৱীকৰণ আৰম্ভ কৰিছিল। গোস্বামীদেৱৰ পাছতহে গড়মূৰ সত্ৰৰ শ্ৰীপীতাম্বৰদেৱ গোস্বামীয়ে ৰাস নৃত্যত মহিলা শিল্পীক যোগ দিবলৈ অনুমতি দিছিল।

শঙ্কৰী কলা-সংস্কৃতিৰ অধ্যয়ন আৰু প্ৰচাৰৰ বাবে জীৱেশ্বৰ গোস্বামীৰ যত্নতে প্রতিষ্ঠা হৈছিল মধুপুৰ সত্ৰ সমিতিৰ সাংস্কৃতিক শাখা। ইয়াৰ সভাপতি আছিল বিমলাপ্রসাদ চলিহা আৰু কাৰ্যকৰী সভাপতি আছিল মহেন্দ্র মোহন চৌধুৰী। গোস্বামীদেৱ আছিল সম্পাদক। এই অনুষ্ঠানে বিশেষকৈ অনগ্রসৰ জনজাতিসকলৰ মাজত গুৰুজনাৰ মানৱতাৰ বাণী প্রচাৰ কৰিবলৈ চেষ্টা কৰিছিল। মাধ্যম ৰূপে গীত-নৃত্য, ভাওনা, নাম-প্রসঙ্গই আগ ঠাই পাইছিল। মধুপুৰ সত্ৰৰ প্রতিষ্ঠা দিৱসত গোস্বামীদেৱৰ পৰিচালনাতে কেলিগোপাল অঙ্কীয়া ভাওনা মহা উলহ-মালহৰে উদযাপন হৈছিল। এই অনুষ্ঠানেই ১৯৬৯ চনত অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনত সীতা হৰণ নৃত্যনাটিকা অতি কৃতকার্যতাৰে প্ৰদৰ্শন কৰে।

জীৱেশ্বৰ গোস্বামী শ্বিলঙৰ সাংস্কৃতিক সমাজখনৰ মধ্যমণি আছিল। লাবান নামঘৰৰ নাম-প্রসঙ্গ যেনেকৈ তেখেতৰ এৰাব নোৱৰা অনুষ্ঠান আছিল তেনেকৈয়ে দুর্গা গোসাঁনী বিসর্জন দিবলৈ যোৱা সমদলত ওৰে বাটে খোল বজাই নাচি-বাগি গীত গাই যোৱাটোও তেখেতৰ আগ্ৰহৰ কাম আছিল। মন কৰিবলগীয়া যে গোস্বামীদেৱে সংস্কৃতিৰ লগত ধর্মক সাঙুৰি লোৱা নাছিল। গোসাঁনী বিসর্জনৰ সমদলত যোগ দিলেও মহাপুৰুষীয়া সত্ৰ এখনৰ পৰম্পৰাৰে পৰিপুষ্ট গোসাঁইগৰাকীয়ে গোসাঁনীৰ আগত আঁঠু লোৱা নাছিল, গোসাঁনীৰ আগৰ প্রসাদো গ্ৰহণ কৰা নাছিল।

অৰুণ চন্দ্ৰ হাজৰিকাই ‘অসমৰ সত্ৰীয়া কৃষ্টিৰ বাটকটীয়া জীৱেশ্বৰ গোস্বামী’ নামৰ প্ৰবন্ধত লিখিছে— “জীৱেশ্বৰ গোস্বামীয়ে অকল থিয়েটাৰ কৰাতেই নহয়, অসমীয়া সমাজৰ আন আন সামাজিক কামতো আগভাগ লৈ গোটেই অসমীয়া সমাজকে এটা বেলেগ জীৱনৰ সোৱাদ দিলে। আসাম ক্লাবত ভলীবল খেলা, থিয়েটাৰ কৰা, শ্বিলং টাউন ক্লাবৰ সভ্য হৈ পল’ গ্রাউণ্ডত গৈ ফুটবল খেলা, লাচিত উৎসৱ, চিলাৰায় উৎসৱ, জয়মতী উৎসৱ, মহাপুৰুষসকলৰ তিথি পতা, ৰাজহুৱা স্বার্থ ৰক্ষার্থে সভা-সমিতি পতা, সময়ে সময়ে ৰাজহুৱা পিকনিক আদি নানা অনুষ্ঠান পাতি অসমৰে ৰাজধানীত মাত মাতিব নোৱৰা হৈ থকা অসমীয়া সমাজখনক মূৰ দাঙি থাকিব পৰা কৰিলে।” শ্বিলঙেই গোস্বামীদেৱৰ মূল কর্মভূমি আছিল যদিও চাকৰি সংক্ৰান্তত তেখেত য’লৈকে গৈছিল তাৰেই সাংস্কৃতিক সমাজখনৰ তেখেত অপৰিহাৰ্য ব্যক্তি হৈ পৰিছিল।

ভাৰতৰ স্বাধীনতা আৰু গণৰাজ্য দিৱস উপলক্ষে দিল্লীত আয়োজিত সাংস্কৃতিক কার্যক্রমত গোস্বামীদেৱে শিল্পীসকলক লৈ অসমক প্রতিনিধিত্ব কৰিছিল। এনে নিমন্ত্রণ কেইবাবাৰো তেখেতে পাইছিল। লোকনৃত্য, সত্ৰীয়া নৃত্য, গায়ন-বায়ন, ওজা-পালি, নাম-প্রসঙ্গ, নাগেৰা নাম পৰিৱেশন কৰি তেখেতে অসমৰ সুনাম প্রতিষ্ঠা কৰিছিল। নিজৰ ল’ৰা-ছোৱালীক লৈ তেখেতে আকাশবাণীত কেলিগোপাল, ঊষা পৰিণয়, সীতা হৰণ আদি পৰিৱেশন কৰিছিল। তেখেতৰ নৃত্যদলে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত, সাংস্কৃতিক বিনিময় আঁচনিৰ যোগেদি ভাৰতৰ বিভিন্ন নগৰত অসমৰ নৃত্য-গীত প্রদর্শন কৰিছিল। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাছত জীৱেশ্বৰ গোস্বামীয়ে তৎকালীন মুখ্যমন্ত্রী মহেন্দ্র মোহন চৌধুৰীৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ সমীপৰে তেতেলিয়া গাঁৱত গঢ়ি উঠা অনুষ্ঠান এটাত কেইবা বছৰো সত্ৰীয়া নৃত্যৰ প্রশিক্ষণ দিছিল। গুৱাহাটীৰ নিজ গৃহত সৰু সৰু ল’ৰা-ছোৱালীক নৃত্য-গীত শিকাইছিল।

জীৱেশ্বৰ গোস্বামীয়ে কিমান চৰিত্ৰৰ অভিনয় কৰিলে আৰু কিমান অভিনয় পৰিচালনা কৰিলে তাৰ তালিকাৰে এই প্ৰবন্ধৰ কলেবৰ বৃদ্ধি কৰাটো নিষ্প্রযোজন বুলিয়েই ভাবোঁ। তেখেতে যি চৰিত্ৰৰে অভিনয় কৰিছিল, তাকে মন-প্রাণ ঢালি দি কৰিছিল। সৰু-বৰ সকলো চৰিত্ৰৰ অভিনয়েৰে দৰ্শকৰ মন মুহি অভিনয়ৰ সময়ত বাকৰুদ্ধ কৰি ৰাখিছিল, লাগিলে সেই চৰিত্ৰ নাৰীৰেই হওক বা পুৰুষৰেই হওক, দ্রৌপদীৰেই হওক বা বঘাসুৰৰেই হওক বা ‘পিয়লি ফুকন’ৰ বপুৰাৰে হওক! বয়সে তেখেতৰ নৃত্য-গীতৰ সাধনা বা চৰ্চাৰ উদ্যম ম্লান কৰিব নোৱাৰিছিল। নৃত্য-গীত-বাদ্যৰ অনুষ্ঠানত তেখেত নীৰৱ দর্শক হৈ ৰ’ব নোৱাৰিছিল। তিনি কুৰি দহ বছৰীয়া গোস্বামী প্রভুৱে নগাঁৱৰ মাজ-জাজৰিৰ শ্ৰীশ্ৰীগোপালদেৱ থানৰ বার্ষিক উৎসৱৰ মূল সভা উদ্বোধন কৰি ৰাতি ভাওনা চাবলৈ গৈ গায়ন-বায়নৰ জোৰা ওলোৱা দেখি, সন্মানিত দর্শকৰ গাদী এৰি জোৰাতহে যোগ দিছিল।

জীৱেশ্বৰ গোস্বামীয়ে প্রাথমিক বিদ্যালয়ৰ শিক্ষা শেষ কৰিয়েই সত্ৰৰ পৰা বাহিৰলৈ গ’লেও গোটেই জীৱন সত্ৰৰ লগত এক নিবিড় সম্পর্ক ৰাখিছিল। সত্ৰত অনুষ্ঠিত উৎসৱসমূহত, বিশেষকৈ সত্ৰৰ প্ৰথমজনা অধিকাৰ ৰামগোৱিন্দ দেৱৰ তিথিত (আহিনৰ তিথি) তেখেতৰ অনুপস্থিতি ভাবিব নোৱৰা কথা আছিল। সত্ৰৰ নাম-প্রসঙ্গ আৰু ভাওনাত তেখেতে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ভাওনাত নির্দিষ্ট কোনো ভাও নাথাকিলে, আনকি ‘জাকৰুৱা সেনা’ৰ এজন হৈয়ো প্রৱেশ কৰিছিল। তেখেতৰ উদ্দেশ্য আছিল সত্ৰৰ সৰু-বৰ সকলোকে সত্ৰীয়া নৃত্য-গীতৰ চৰ্চাৰ প্ৰতি আকর্ষণ কৰা আৰু সেই বিষয়ত অনুপ্ৰেৰণা জনোৱা। তেখেতৰ প্ৰাকানৃসৰ দলত ভলাগুৰি সত্ৰৰ পৰা বাদ্য-বিশাৰদ হৰেন্দ্ৰ নাথ শৰ্মা, দালিৰাম বায়ন, ডালিম চন্দ্র গোস্বামী আদিয়ে যোগ দিছিল।

সত্ৰৰ নামঘৰ, মণিকূট, বাটচ’ৰা আদিৰ নিৰ্মাণ কার্যত জীৱেশ্বৰ গোস্বামীৰ ভূমিকা উল্লেখনীয়। ভলাগুৰি সত্ৰৰে অন্য এগৰাকী বিশিষ্ট ব্যক্তি খগেশ্বৰ গোস্বামীয়ে তেখেতৰ ‘মোৰ জীৱনৰ খতিয়ান’ নামৰ পুথিত বৰ্তমানৰ নামঘৰ (১৯৫৯ চনত প্রতিষ্ঠিত) প্রকৃততে জীৱেশ্বৰ গোস্বামীৰ একনিষ্ঠ সেৱাৰহে ফল বুলি লিখি থৈ গৈছে। সেই সময়ত নির্মাণ কৰা বাটচ’ৰাৰ কাৰণেও তেখেতৰ পৰিযত্নতে চৰকাৰৰ পৰা এক অনুদান পোৱা হৈছিল। তেনেকৈয়ে ১৯২৮ চনতে নির্মিত সত্ৰৰ পুথিভঁৰালৰ পুনৰ্নিৰ্মাণৰ কাৰণে চৰকাৰৰ পৰা দুহেজাৰ টকাৰ অনুদান আৰু ১৯৭২ চনত অসম ৰাজ্যিক কেন্দ্রীয় গ্রন্থাগাৰৰ পৰা ১২৫খন পুথি দান পোৱা হয় জীৱেশ্বৰ গোস্বামীৰ পৰিযত্নতে। বর্তমানৰ মণিকূট নির্মাণতো (বিগত শতাব্দীৰ সাতৰ দশকত) খৰচ হোৱা প্রায় কুৰি হেজাৰ টকাৰ ১১,৪১০.০০ টকা দান সংগ্রহ কৰি দিয়ে তেখেতেই। জীৱেশ্বৰ গোস্বামীয়ে ১৯৬৮ চনত সত্ৰৰ ডেকা অধিকাৰ পদ গ্রহণ কৰে।

জীৱেশ্বৰ গোস্বামী আছিল শ্বিলং কলা পৰিষদৰ পৃষ্ঠপোষক, অসম সত্ৰ সংঘৰ (মহাসভাৰ) উপদেষ্টা। তেখেতে সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশনৰ (১৯৬৬-৬৭) সাংস্কৃতিক সন্মিলনৰ সভাপতিত্ব কৰিছিল। অসমৰ সংস্কৃতিৰ বিষয়ে তেখেতৰ চিন্তাধাৰা ব্যক্ত কৰা অভিভাষণখন অতি সময়োপযোগী আছিল। বিভিন্ন সভা-সমিতিত বক্তৃতাৰ মাজতে গোস্বামীদেৱে কীর্তন, দশম, বৰগীত, অঙ্কীয়া নাটৰ সংলাপ প্রভৃতি সুমধুৰ স্বৰেৰে গাই শ্ৰোতাসকলক আপ্যায়ন কৰিছিল। কেৱল বক্তৃতা বা নৃত্য-গীতৰ প্ৰদৰ্শনতে ব্যস্ত নাথাকি তেখেতে সত্ৰীয়া সংস্কৃতিৰ বিষয়ে বহু প্ৰবন্ধ-পাতি লিখিছিল আৰু তেনে এলানি প্ৰবন্ধ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য সম্পাদিত ‘নৱযুগ’ত প্রকাশ হৈছিল।

জীৱেশ্বৰ গোস্বামীক অসম শিল্পী দিৱস উদযাপন সমিতিয়ে ১৯৭৪ চনত শিল্পী বঁটাৰে সন্মান জনাইছিল। অসম চৰকাৰে শিল্পী পেঞ্চন দিছিল। ১৯৭৫ চনত নগাঁও নাট্য সমিতিয়ে তেখেতক ‘সংস্কৃতি সাধক’ উপাধিৰে বিভূষিত কৰে। তেজপুৰৰ বাণ থিয়েটাৰৰ কর্মকর্তাসকলেও তেখেতক ৰাজহুৱাভাৱে সম্বর্ধনা জনায়। অনেক প্রতিষ্ঠানৰ পৰা তেখেতক ৰাজহুৱা সম্বর্ধনা জনোৱা হৈছিল। কিন্তু অতি পৰিতাপৰ কথা, পক্ষপাতিতাৰ জালত পৰিয়েই এনে এগৰাকী প্রথিতযশা শিল্পী সঙ্গীত নাটক অকাডেমীৰ বঁটাৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল।

অমায়িক ব্যৱহাৰৰ, ডাঙৰ-সৰু সকলোৰে লগত ৰসাল কথা-বতৰা পতা, এক বিৰল ব্যক্তিত্বৰে গৌৰ বৰণৰ হৃষ্ট-পুষ্ট, ওখ, জাকত জিলিকা সুদর্শন পুৰুষ জীৱেশ্বৰ গোস্বামী সকলোৰে প্রিয়ভাজন আছিল। তেখেতৰ পত্নী বীণাপাণি গোস্বামী নৃত্য-গীতপ্রেমী, দেখিলেই ভক্তি ওপজা এগৰাকী সাদৰী মহিলা— দুই পুত্ৰ আৰু সাত কন্যাৰ স্নেহময়ী মাতৃ।

১৯৮২ চনৰ জানুৱাৰী মাহত হঠাতে ধৰা পৰিল— জীৱেশ্বৰ গোস্বামী কর্কট ৰোগত আক্রান্ত। গোস্বামীদেৱে অসম সাহিত্য সভাৰ (১৯৬৬-৬৭) সাংস্কৃতিক শাখাৰ সভাপতিৰ অভিভাষণত কৈছিল— “অসমৰ বুকুত জন্মগ্রহণ কৰি; ডাঙৰ-দীঘল হৈ কলা-কৃষ্টিৰ যি অলপ সোৱাদ পাই আহিছোঁ— সেয়ে অধমৰ জীৱনৰ তৃপ্তিময় মধুৰ অভিজ্ঞতা, আনন্দৰ মহামেলা। এই পৰিতৃপ্তিৰে যেন অসমৰ বুকুত হাঁহি হাঁহি অসমীয়া বুলি গৌৰৱেৰে শেষ নিশ্বাস ত্যাগ কৰিব পাৰোঁ, এয়ে পৰমেশ্বৰৰ চৰণত প্রার্থনা।” সঁচাকৈয়ে কর্কত ৰোগত ভূগিও গোস্বামীদেৱে মৃত্যুৰ মুখলৈ হাঁহি হাঁহিয়েই আগবাঢ়িল।

তেখেতক দেখা কৰিবলৈ অহা অগণন গুণমুগ্ধজনক তেখেতৰ সহজাত হাঁহিটো মাৰি কৈছিল— “মোৰ অসুখ হ’ল কেঞ্চাৰ, যাৰ নাই কোনো এঞ্চাৰ। মৃত্যুক্ষণতো নৃত্য-গীতপ্রাণ জীৱেশ্বৰ গোস্বামীয়ে ভগা ভগা মাতেৰে—

“প্রাণ সখী ঊষা কিনো ভাগ্যৱতী ভৈলা।
অনিৰুদ্ধ কুমৰক প্রাণপতি পাইলা।”

—গীতটো গাই গাই তেখেতৰ অন্তিম খাটনি প্রত্যাখ্যান কৰিব নোৱাৰি জীয়েক এগৰাকীয়ে গীতৰ লগে লগে কান্দি কান্দি নচা তেখেতৰ অতিকৈ প্রিয় চিত্রলেখা নৃত্য চাই চাই শেষ নিশ্বাস পেলালে। এটা সার্থক জীৱনৰ মহা প্রস্থান ঘটিল।

(প্ৰবন্ধটোৰ প্রস্তুতিত বিশেষভাৱে সহায় লোৱা পুথিখন হ’ল— ৰাম গোস্বামী আৰু অৰুণ চন্দ্র ঠাকুৰৰ দ্বাৰা সম্পাদিত ‘শিল্পী জীৱেশ্বৰ গোস্বামী: জীৱন আৰু সাধনা’। পুথিখনৰ সমূহ প্ৰবন্ধকাৰলৈ আমাৰ কৃতজ্ঞতা জনাইছোঁ। —লেখক)

❧ | আৰু পঢ়ক:

সত্ৰীয়া সংস্কৃতিৰ ওজা জীৱেশ্বৰ গোস্বামী | ড° গকুল গোস্বামী