ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ২ খণ্ড ৭ | মহৌষধ
‘ক
থাটো তই সঁচাকৈ কৈছতো? নে মোৰ লগত ধেমালি কৰিছ?’
—‘এনেকুৱা এটা ডাঙৰ কথা মিছাকৈ কৈ মই মৰিলেহে হ’ব! আৰু বাইদেউ, আপোনাৰ লগত কেতিয়াবা সৰু-সুৰা কথাত ধেমালি কৰিলেও এনেকুৱা ছিৰিয়েছ (ছিৰিয়াছ) কথা এটাত মই কেতিয়াও ধেমালি নকৰোঁ৷’
—‘কথাটো চকুত পৰা তোৰ কিমান দিন হ’ল?’
—‘এসপ্তাহমান হ’ল।’
—‘ইমান দিনে কথাটো তই মোক কোৱা নাছিলি কিয়?’
—‘আপুনি জানে বুলিহে কোৱা নাছিলো বাইদেউ।’
—‘কথা ক’বলৈ আহিছ! মই জানিলে হ’বলা তেখেতে এইটো কাম কৰিব পাৰে?’
—‘সেইটোতো হয়েই।’
—‘তইতো সদায় ৰাতিপুৱা মই নজগোৱালৈকে শোৱাৰ পৰা নুঠ! সেইদিনানো কিয় সোনকালে উঠিছিলি?’
—‘মানে বাইদেউ, আগদিনা ৰাতি সেই চৌধুৰী ছাৰৰ জীয়েকৰ বাৰ্থ ডে’ পাৰ্টিটো যে আছিল,— খানাটো বৰ টিপ-টপ খুৱাইছিল। মাংস-পোলাও, লুচি-পনীৰ, পটলৰ দালনা, মিঠা দৈ, কে’ক, দুবিধ মিঠাই …। ফিৰি খানা পাই অলপ বেছিকৈ দবাই দিছিলো। ফলত পিছদিনা ৰাতিপুৱা বিছনাতে মোৰ হেৰি কৰিব লাগিল নহয়!’
—‘আৰু তই হেৰি কৰিবলৈ গৈ তোৰ ছাৰে সেই কামটো কৰি থকা দেখিলিগৈ!’
—‘হয় আক’!’
কবিতাই খোকনক এনেকৈ জেৰা কৰিবলৈ ধৰিলে যেন তাই মাৰ্ডাৰ কে’ছ এটাৰ তদন্ত কৰি থকা এগৰাকী পুলিচ অফিচাৰহে আৰু খোকন তাৰ সাক্ষী! অৱশেষত প্রায় আধাঘণ্টামান জেৰা কৰাৰ পাছত খোকনৰ কথা-বতৰাৰ পৰা কবিতা যেতিয়া পতিয়ন গ’ল— খোকনে মিছা মতা নাই, কথাটো সত্য, তাই তাক ক’লে— ‘ব’লচোন বস্তুটো চাই আহোঁগৈ৷’
—‘ব’লক।’ খোকনৰ পাছে পাছে বামুণীয়া খোজেৰে কবিতা পিছফাল পালেগৈ।
বাথৰূমটোৰ মুখে মুখেই চালিখন। স্কুটাৰৰ পুৰণি টায়াৰ, ঔষধৰ খালী বটল, ফিউজ বাল্ব, টুকুৰা বাটাম, ৰাজা আৰু ৰাণীৰ সৰু কালৰ খেলনা ৰিক্সাখন আদি দুনিয়াৰ লাংখা-লিংখি, অদৰকাৰী বস্তুৰে চালিখন ভৰি আছে৷ এইবোৰৰ মাজৰ পৰাই খোকনে বটলটো, অর্থাৎ ‘বস্তু’টো উলিয়াই আনিলে।
কবিতাই হাতেৰে চুই পোৱাটোতো বাদেই, বজাৰৰ মাজৰ ‘লোৰ গঁড়াল’ত দূৰৈৰ পৰা দেখাৰ বাহিৰে মদৰ বটল আজিলৈকে ওচৰৰ পৰাই দেখি পোৱা নাই৷ অৱশ্যে টিভিৰ ছিৰিয়েলবোৰত দেখি-শুনি তাই ৰাম, হুইস্কি আদি দুবিধমান মদৰ নাম জনা হৈছে আৰু লাল চাহৰ নিচিনা এই বস্তুবিধ যে পানীৰ লগত মিহলি কৰি খায়, সেই কথাটোও জনা হৈছে। খোকনৰ হাতৰ বটলটোত এটোপালো মদ নাছিল যদিও কবিতাই ক্লাছ এইটলৈ পঢ়া ইংৰাজী জ্ঞানেৰে বটলটোৰ লেবেলখনত থকা ‘হুইস্কি’ শব্দটো জোঁটাই জোঁটাই পঢ়ি উলিওৱাৰ পাছত তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল বটলটো যে মদৰ বটলেই! বটলটো সেই মুহূৰ্ততে চুৱা-পাতনিলৈ দলিয়াই পেলাবলৈ তাইৰ মন গ’ল যদিও কথা এটা চিন্তা কৰি তাই ইচ্ছাটো সম্বৰণ কৰিলে। নাই, বটলটো এতিয়াই পেলাই দিয়া উচিত নহ’ব৷ কাইলৈ চোৰক হাতে-লোটে ধৰা পেলাব লাগিব৷
—‘খোকন।’
—‘কওক বাইদেউ।’
—‘এইটো আকৌ আগৰ জেগাতে থৈ দে।’ কবিতাই হাতৰ খালী মদৰ বটলটো খোকনলৈ আগবঢ়াই দিলে।
এইবাৰ কবিতা আগে আগে, খোকন পাছে পাছে শামুকীয়া খোজেৰে ভিতৰ পালেহি। প্ৰতিৱেশী বৰ্মনৰ জীয়েকৰ অহা সপ্তাহত বিয়া৷ গিৰিয়েক আৰু ৰাজা-ৰাণীক খুৱাই-বুৱাই, অফিচ-স্কুললৈ পঠিয়াই কবিতাই এতিয়া বৰ্মনৰ জীয়েকৰ বিয়াৰ খবৰ এটা লৈ অহাৰ কথা ভাবিছিল। কিন্তু তাই হঠাতে নিৰাপত্তাজনিত কাৰণত ছোনিয়া গান্ধীয়ে ইলেক্শ্যন কেম্পেইনিঙৰ প্ৰগ্ৰেম কেঞ্চেল কৰাৰ দৰে প্ৰগ্ৰেমটো কেঞ্চেল কৰি দিলে। মাজৰ ৰূমটোৰ ফেনখন একেবাৰে পাঁচ নম্বৰ ঘাটত লগাই কবিতাই ফেনখনৰ ঠিক তললৈ বেতৰ চকীখন টানি আনি ধপচকৈ বহি পৰিল। কথা বিষম যেন দেখি খোকনো তাইৰ কাষতে, পকাৰ মজিয়াখনতে লেপেটা কাঢ়ি বহি ল’লে৷
কবিতাই খোকনক পুনৰ জেৰা কৰিলে— ‘মদতো মানুহে পানীৰ লগত মিহলাইহে খায়! তাত দেখোন পানীৰ বটল-চটল, গিলাচ-টিলাচ একো নাই?’
—‘ছাৰে পানী মিহলাই নাখায় নহয়! একেবাৰে ‘ৰ’টো খায়।’
—‘হেৰ’, ‘ৰ’টো আক’ কেনেকৈ খাব পাৰে? সেইটো এটা আখৰহে!’
—‘আপুনি একদম বেঙা হৈ আছে বাইদেউ!’
—‘তই মোক বেঙা পালি?’
—‘বেঙা নহয়নো আক’ কি! ছাৰে আখৰৰ ‘ৰ’টো নাখায় নহয়!’
—‘তেনেহ’লে কিহৰ ‘ৰ’ খায়?’
—‘মদৰ ‘ৰ’৷’
—‘সেইটো আকৌ কি ‘ৰ’? বুজাই কচোন।’
—‘মানে পানী নিমিহলোৱাকৈ মদ খোৱাটোকে ‘ৰ’ খোৱা বোলে। সেই যে হিন্দী চিনেমাৰ ভিলেইনবোৰে মদৰ বটলটোৰেই ডিঙিত ঘট ঘটকৈ বাকি দিয়ে! পিছে এনেকৈ কোনবোৰ মানুহে মদ খায় জানে জানো?’
—‘কোনবোৰ মানুহে?’
—‘মদৰ পিপা— মদ খাই খাই ঘাটিয়া হৈ যোৱা মানুহবোৰে৷ এইবোৰ মানুহৰ পানী মিহলাই খালে মদৰ নিচাই নালাগে!’
খোকনৰ কথা শুনি চিন্তাত কবিতাৰ মুখখন চূণৰ টেমীটো যেন হ’লগৈ। তাৰমানে তাইৰ গিৰিয়েক অনিল একেবাৰে গেলা মদাহী! গিৰিয়েকে আচলতে বহু দিনৰ পৰাই মদ খাই আহিছে, ইমান দিনে ধৰাহে পৰা নাছিল!
কবিতাই বহি থকাতে চকু দুটা মুদি ঈশ্বৰক মাতিলে— হে ভগৱান, মোৰ এতিয়া কি হ’ব? ৰাজা, ৰাণী এইবাৰ ক্লাছ নাইন পাইছেগৈহে। তেখেতৰ যদি লিভাৰ কেঞ্চাৰ-চেঞ্চাৰ হৈ হঠাতে কিবা এটা হৈ যায়, মই এই এমা-ডিমা, ওঁঠ চেপিলে গাখীৰ ওলোৱা ল’ৰা-ছোৱালী দুটাক লৈ অকলে সংসাৰ-নৌকাখন কেনেকৈ চলাই নিম?
কবিতাই আকৌ ভাবিলে— তাইৰ গিৰিয়েকে মদ খোৱা কথাটো যদি ৰাষ্ট্ৰ হৈ যায়, তাই মানুহৰ আগত কেনেকৈ মুখ উলিয়াব? তাইৰ নাকটো ক’ত থাকিব? বিশেষকৈ নমিতা আৰু অণিমাৰ আগত। সিহঁতৰ গিৰিয়েকহঁতে তাইৰ গিৰিয়েকতকৈ অধিক দৰমহা পোৱা চাকৰি কৰে। কিন্তু পালে কি হ’ব! দুয়োটাই গেলা মদাহী। কেতিয়াবা ৰাস্তাই-ঘাটে, খালে-ডোঙেও পৰি থাকে। অথচ তাইৰ গিৰিয়েকে তামোল এখনো নাখায় বুলি সিহঁত দুজনীয়ে জানে৷ এইটো কাৰণতে তাই সিহঁত দুজনীৰ আগত শিৰ উচ্চ কৰি থাকিব পাৰে৷ কিন্তু এতিয়া যদি…!
কবিতা আৰু এটা কথাত চিন্তিত হ’ল— গিৰিয়েকে পুৱাই পুৱাই মদ খায় কিয়? মদাহীবোৰে সন্ধিয়া আৰু ৰাতিহে মদ খায় বুলি তাই জানে। অফিচৰ পৰা, কাম-কাজৰ পৰা ঘূৰি আহোঁতে ইহঁতে ডিঙিলৈকে এসোপা গিলি আহে আৰু ঘৰ পায়েই ঘৈণীয়েকহঁতৰ ওপৰত বৰ মতা ওলায়, ঘৈণীয়েকহঁতৰ পিঠিবোৰকে মঘাই ওজাৰ ঢোলটো বুলি ভাবে! অৱশ্যে কবিতাৰ কপাল ভাল, গিৰিয়েকে আজিলৈকে তাইক এনে ব্যৱহাৰ কৰা নাই। তাইহে সামান্য কথা এটাতে কেতিয়াবা গিৰিয়েকক গোঁজৰ মাৰি আহে, কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰে। কথাটোৰ সমিধান এটা কবিতাই নিজে নিজেই ভাবি উলিয়ালে৷ আচলতে তাইৰ ওচৰত ধৰা নপৰিবৰ কাৰণেহে গিৰিয়েকে ৰাতিপুৱাই সেই সোপা গিলে! ৰাতিপুৱা শয্যা ত্যাগ কৰাৰ পাছৰে পৰা নিশা শয্যা ‘গ্ৰহণ’ কৰাৰ আগমুহূৰ্তলৈকে গিৰিয়েকৰ লগত ভেটা-ভেটি হোৱাৰ, গিৰিয়েকৰ ওচৰ চপাৰ তাইৰ সুৰুঙা নাথাকে, ফলস্বৰূপে মুখৰ গোন্ধ বা আন কাৰকৰ জৰিয়তে গিৰিয়েকে মদ খোৱা কথাটো তাই ধৰা পেলাব নোৱাৰে। এইখিনি সময়ৰ ভিতৰত গিৰিয়েকৰ মুখৰ গোন্ধো নাইকিয়া হয়, নিচাও ফাটি যায়!
কবিতা ভিতৰ সোমোৱা দিনকেইটাৰ বাদে বাকী দিনত খোকনক ৰন্ধা-বঢ়াৰ কামত নলগায়৷ আজি পিছে তাইৰ আৰু পাকঘৰত সোমাবলৈ মন নগ’ল৷ ৰন্ধা-বঢ়াৰ বাকী থকা কামখিনি খোকনক গতাই তাই চিধাই ফোনটো তুলি ল’লে। কবিতাই এতিয়া মাকলৈ ফোন কৰিব৷ দুটা ল’ৰা-ছোৱালীৰ মাক হ’ল, অথচ এতিয়াও কিবা সমস্যা সৃষ্টি হ’লে প্রথমে তাইৰ মাকলৈহে মনত পৰে৷
সিফালৰ পৰা মাকে ‘হেল্লৌ’ বুলি ক’লে যদিও কবিতাই ‘হেল্লৌ’-‘চেল্লৌ’ নোকোৱাকৈ চিধাই ক’লে— ’মা, ডাঙৰ কথা এটা হৈছে।’
—‘কি ডাঙৰ কথা?’
—‘আমাৰ এখেতৰ…।’
—‘কি হৈছে জোঁৱাইৰ?’
—‘মানে…।’
—‘নকৱ কিয়? কিবা অসুখ-বিসুখ?’
—‘নহয়।’
—‘তেনেহ’লে? কিবা এক্সিডেণ্ট-টেক্সিডেণ্ট?’
—‘নহয়। মানে…।’
—‘তই কথাটো খুলি নক’লে মই কেনেকৈ জানিম?’
—‘মানে… মানে… আমাৰ এখেতৰ বদ অভ্যাস এটা হৈছে।’
—‘কি বদ অভ্যাস?’
—‘এখেতে বেয়া বস্তু এটা খাবলৈ লৈছে।’
—‘কি বেয়া বস্তু?’
—‘মদ।’
—‘তই সঁচাকৈ কৈছনে?’
—‘ও, সঁচাকৈ কৈছোঁ।’
কবিতাৰ এইবাৰ কান্দোন ওলাই গ’ল। তাই চকুৰ পানী, নাকৰ পানী একাকাৰ কৰি, সোঁত সোঁতাই সোঁত সোঁতাই মাকৰ লগত যিখিনি কথা পাতিলে, তাৰ সাৰমৰ্ম হ’ল: তাই এতিয়া চিন্তা কৰি থাকিব নালাগে৷ আজিকালি এইটো এটা তেনেই সাধাৰণ কথা। আজিকালি মাইকী মানুহেই মদ খায়, মতা মানুহে নাখাব কিয়? তথাপি মাক কাইলৈকে তাইৰ ঘৰলৈ আহিব। জোঁৱায়েকক বুজাব। আনৰ কথা নুশুনিলেও জোঁৱায়েকে শাহুৱেকৰ কথা নিশ্চয় শুনিব।…
মাকৰ সান্ত্বনাবাণীয়ে কবিতাৰ মনত সম্পূৰ্ণৰূপে শান্তিৰ জুৰ বতাহ বোৱাব নোৱাৰিলে৷ মাক কাইলৈ পাবহি। নাই, তাই ইমান সময় ধৈর্য ধৰি থাকিব নোৱাৰে। আজি দিনটো বাৰু যেনে-তেনে কটাই দিব। কিন্তু কাইলৈ মাক আহি পোৱাৰ আগতেই, ৰাতিপুৱাই কথাটোৰ কিবা এটা হেস্ত-নেস্ত কৰিবই লাগিব।
দিনটো কবিতাই অতি চিন্তাক্লিষ্ট মনেৰে কটালে। গিৰিয়েক আৰু ৰাজা-ৰাণীয়ে কিবা সন্দেহ কৰে বুলি বাহিৰত অৱশ্যে তাই সেই ভাব ঘুণাক্ষৰেও প্ৰকাশ পাবলৈ নিদিলে। গিৰিয়েক বা ৰাজা-ৰাণীৰ কোনোবা এটাই কিবা এটা গম পালেই তাইৰ প্লেনটো বৰবাদ হৈ যাব৷ গতিকে কবিতাই স্বাভাৱিকতেই সদায় কৰি যোৱা কামবোৰ কৰি গ’ল— স্কুলৰ পৰা অহাৰ পাছত ৰাজা ৰাণীক ভাত বাঢ়ি দিলে, ৰাজা-ৰাণীৰ টিউশ্যন মাষ্টৰক চাহ কৰি খুৱালে, সন্ধিয়া ৰাজা-ৰাণীৰ লগতে বাটে বাটে অলপ হাৱা খালে, গিৰিয়েকক বজাৰ কৰিবলৈ মোনা, গডৰেজৰ পৰা টকা উলিয়াই দিলে, আনকি নিজৰ তীব্ৰ অনিচ্ছা সত্ত্বেও নিশা বিছনাত তাই গিৰিয়েকৰ ইচ্ছাক সঁহাৰি জনালে৷
নিশা কবিতাৰ টোপনি নহ’ল বুলিয়েই ক’ব পাৰি। শেহনিশা চিলমিলকৈ অকণমান আহিব খুজিছিল যদিও চুবুৰিৰ মূৰৰ আহমেদ তৰণীৰ ঘৰৰ কুকুৰাজনীয়ে ‘লংকালৈ কিমান দূৰ’ বুলি সোধাৰ পাছত তাইৰ আৰু চকুৰ নোমে নোমেই নালাগিল৷ গিৰিয়েকে অৱশ্যে পৃথিৱীৰ সবাতোকৈ সুখী মানুহটোৰ দৰেই, নাসিকা ৰন্ধ্ৰেৰে পাঁচ সমুদ্ৰৰ গৰ্জন তুলি শুলে৷ ৰাতিপুৱা চাৰে চাৰিমান বজাতে গিৰিয়েক বিছনাৰ পৰা উঠিল। কবিতাই চকু দুটা মুদি টোপনিৰ ভাও ধৰি নিতাল মাৰি পৰি থাকিল। গিৰিয়েকে প্রথমতে অসংযত হৈ থকা তাইৰ গাৰ কাপোৰ-কানিখিনি ঠিক কৰি দিলে (কবিতাৰ মনটো হঠাতে শোকে খুন্দা মাৰি ধৰিলে৷ এইহেন মৰমিয়াল মানুহটোৱে বাৰু মদ খোৱাৰ নিচিনা দুষ্কাৰ্য এটা কৰিব পাৰেনে?)। তাৰ পাছত হাতত সাৰে ভৰিত সাৰে উঠি গৈ দুৱাৰৰ খিলিটো খুলি বাহিৰলৈ ওলাই গ’ল। তিনি মিনিটমানৰ পাছতে কবিতাও মেকুৰী খোজেৰে কোঠাটোৰ পৰা বাহিৰ ওলাল। কলৰ পাৰ, বাথৰূম তথা পাছফালখন আঁৰ কৰি থকা বাঁহৰ চকোৱাখনৰ কাষত তাই জোপ লৈ থাকিলগৈ। কবিতাই য’ত আত্মগোপন কৰিলেগৈ, তাৰ পৰা সমুদায় পাছফালখন দেখি থাকি, কিন্তু আত্মগোপন কৰি থকা গৰাকীক নেদেখি। চকোৱাখনত বগাই থকা ভেদাই লতাজোপাই কবিতাৰ আত্মগোপনত অৰিহণা যোগালে।
কবিতাই চকোৱাখনৰ ফাকেৰে চাই দেখিলে— গিৰিয়েকে প্ৰথমতে ইফালে-সিফালে চাই কালি থৈ যোৱা ঠাইৰ পৰা মদৰ বটলটো তড়িৎ গতিত হাতত তুলি লৈছে আৰু কোঁ-কোঁৱাই গৈ বাথৰূমত সোমাইছেগৈ৷ গিৰিয়েকৰ কাণ্ড-কাৰখানা দেখি তাই চকুৰ পচাৰ পেলাবলৈও পাহৰি গৈছে। গিৰিয়েক বাৰু বাথৰূমলৈ কিয় সোমাই গৈছে। বাথৰূমৰ ভিতৰত ক’ৰবাত ডাঙৰ মদৰ বটল লুকুৱাই থোৱা আছে নেকি? সেইটোৰ পৰা হাতত লৈ যোৱা খালী বটলটোত বাকি ল’ব? কিন্তু বাথৰূমৰ ভিতৰততো মদৰ বটল লুকুৱাই থ’ব পৰা তেনেকুৱা ঠাই নাই!
কবিতাৰ চিন্তাত আউল লগাই দুই মিনিটমানৰ পাছতে গিৰিয়েক বাথৰূমৰ পৰা ওলাই আহিল৷ চালিখনৰ কাষতে ৰৈ গিৰিয়েকে পুনৰ ইফালে-সিফালে ভালদৰে এবাৰ চাই ল’লে আৰু তাৰ পাছত ডেকা-গাভৰুৱে ক’ল্ড ড্ৰিংক খোৱাদি হাতৰ বটলটোৰ মদখিনি ডিঙিত ঢালি দিলে৷ এইটোৱেই গ’ল্ডেন চান্স! কবিতাই চকোৱাখনৰ আঁৰৰ পৰা চিকাৰী বাঘিনীৰ দৰে জাঁপ মাৰি গৈ গিৰিয়েকে মুখত লৈ থকা বটলটোত থাপ মাৰি ধৰিলেগৈ৷
—‘হেৰি, আপোনাৰ লাজ লগা নাইনে? ল’ৰা-ছোৱালী কাইলৈ-পৰহিলৈ কলেজ পাবগৈ আৰু আপুনি এতিয়া লুকুৱাই লুকুৱাই মদ খাবলৈ শিকিছে?’
কবিতাই এনেকৈ হঠাতে হাতে-লোটে ধৰা পেলাব পাৰে বুলি গিৰিয়েকে কল্পনাও কৰিব পৰা নাছিল। ঘটনাৰ আকস্মিকতাত গিৰিয়েক বেঙে মূতা গৰুৰ দৰে কঁপিবলৈ ধৰিলে৷ কবিতাক কি উত্তৰ দিব তৎমুহূর্ততে ভাবি উলিয়াব নোৱাৰি গিৰিয়েকে তাইলৈ মাথোঁ ভেবা লাগি চাই থাকিল৷ গিৰিয়েকৰ এনে মৌন আচৰণত কবিতাই খঙত একো নাই হৈ মদৰ বটলটো বাথৰূমৰ পকীৰ ৱালখনলৈ দলি মাৰি দিলে। লগে লগে বটলটোৱে জন্জন্কৈ মৃত্যুকাতৰ চিঞৰ এটা মাৰি ইহলীলা সম্বৰণ কৰিলে। ইতিমধ্যে মাকৰ চিঞৰ-বাখৰত সাৰ পাই ৰাজা-ৰাণীও বিছনাৰ পৰা চকুৰ ফেঁচকুৰি গুচাই গুচাই উঠি আহিছিল৷ ৰাণীয়ে হামি এটা মাৰি বিৰক্তিৰে ক’লে— ‘মা, তুমি এই পুৱাই পুৱাই দেউতাৰ লগত কিহৰ কাজিয়াখন লগাই লৈছা? ওচৰ-চুবুৰীয়াই শুনিলে কি ভাবিব?’
ৰাণীয়ে যেন জ্বলা জুইত ঘিউহে ঢালিলে! কবিতাই আগতকৈও তীব্র স্বৰেৰে ক’লে— ‘দেউতাৰৰ লগত আজি মই কাজিয়াই নহয়, মহাভাৰতৰ যুদ্ধ কৰিম!’
মাকৰ ৰণচণ্ডী মূৰ্তি দেখি ৰাণী সেইফালেই তাপ মাৰিলে। ৰাজা মাক-দেউতাকৰ কাজিয়াৰ মাজত কেতিয়াও নোসোমায়। মাক-দেউতাকৰ এই লাগে, এই ভাগে। আজিও হয়তো অলপ সময়ৰ পাছতে দেখা যাব মাক-দেউতাকে হাঁহি-মাতি একেলগেই ডাইনিং টেবুলত পুৱাৰ চাহ খাইছে! গতিকে সি পিছফালৰ বাৰাণ্ডাখনৰ ষ্টেপ এটাতে বহি দাঁত ব্ৰাছ কৰি কৰি নীৰৱে মাক-দেউতাকৰ ৰেহ-ৰূপ চাই থাকিল৷
—‘কওক। এই বুঢ়া বয়সত আপুনি এই গেলাসোপা খাবলৈ কিয় লৈছে? কিহৰ দুখত?’ কবিতাই বাওঁ হাতখনেৰে মেখেলাখনৰ এটা ফাল সামান্য দাঙি কঁকালত খুঁচি ল’লে আৰু সোঁ হাতখন কঁকালত থৈ গিৰিয়েকৰ সন্মুখত এনেকুৱা এটা ‘মুদ’ত থিয় হৈ ৰ’ল, যেন পাৰিলে গিৰিয়েকক তাই এই মুহূৰ্তত কেঁচাই কেঁচাই চোবাই পেলাব!
—‘কথাবোৰ অলপ লাহে লাহে কোৱাচোন…।’ গিৰিয়েকে এইবাৰ ভয়ে ভয়ে মুখ খুলিলে। কিন্তু কবিতাই পুনৰ গিৰিয়েকৰ মুখতে ধৰিলে— ‘অ’, এতিয়া হ’ব পায় লাজে নাকত ধৰিছে? শুনক, চবেই শুনক। আপুনি যে মদ খায়, মই আৰু চিঞৰি চিঞৰি ক’ম। দৰকাৰ হ’লে মাইক লৈ গোটেইখনতে এলাউন্স (এনাউন্স) কৰি ফুৰিম…।’
—‘উস্! তুমি শুনাচোন, মই মদ খোৱা নাই নহয়!’
—‘মদ খোৱা নাই, কি খাইছে? গাখীৰ? মদৰ বটলত গাখীৰ থাকে?’
—‘নহয়, মানে… মানে…।’
—‘কি মানে মানেকৈ আছে? মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে কিয়?’
—‘মানে… সিদিনা কিতাপ এখনত পাইছিলো…।’
—‘কিতাপ এখনত পাইছিল! কোন মহাপুৰুষে লিখা কিতাপ সেইখন? আনক, এতিয়াই সেইখন পুৰি পেলাওঁ মই।’
—‘আস্! তুমি মিছা-মিছিকৈ হুলস্থূলখন নকৰিবাচোন। আগতে আচল কথাটো শুনি লোৱা।’
—‘আকৌ কি আচল কথাটো শুনিবলৈ আছে?’
—‘মানে কিতাপখনত বৰ উপকাৰী বস্তু বুলি লিখা আছে। আমাৰ অফিচৰ শৰ্মা আৰু বৰঠাকুৰেও খাবলৈ লৈছে। ডায়েবেটিছ, ব্লাড প্ৰেছাৰ আদি সকলোবোৰ বেমাৰৰ কাৰণেই হেনো মহৌষধ!’
—‘হে ভগৱান! এইবোৰ মোক কি শুনাইছা? মদনো ক’ৰবাত মহৌষধ হ’ব পাৰেনে?’
—‘সেয়া, আকৌ মদ মদ কৰিছা। মদ নহয় বুলি তোমাক কোৱা নাই জানো?’
—‘তেনেহ’লে কি নকয় কিয়?’
—‘ক’বলৈনো তুমি মোক ক’ত চান্স দিছা?’
—‘দিছোঁ বাৰু চান্স, কওক।’ কবিতাৰ পৰা পোনপটীয়া অনুমতি পাই গিৰিয়েকে এইবাৰ লাজকুৰীয়া হাঁহি এটা মাৰি ক’লে— ‘মহৌষধ— স্ব-মূত্ৰ।’
—‘মহৌষধ?’ কবিতাৰ চকু দুটা ইমানেই টেলেকা-টেলেক হৈ পৰিল যেন এই মুহূৰ্ততে চকু দুটা কোটৰৰ পৰা ওলায়েই পৰিব! এইবাৰ তাইৰহে মাত হাৰিল।
—‘বুইছা, মোৰাৰজী দেশাইৰ নিচিনা মানুহেও খাইছিল। কাইলৈৰ পৰা তুমিও খাবা৷ আৰু ৰাজা-ৰাণী, তহঁত দুটায়ো খাবি দেই! মহৌষধ ঔ।’ দেউতাকৰ কথাত ৰাণীয়ে কলটোৰ পাৰলৈ দৌৰ মাৰি গৈ ৱাক ৱাককৈ ওকলিয়াবলৈ ধৰিলে। ৰাজাৰ পিছে নাড়ী ছিগি যোৱাকৈ হাঁহিহে উঠিল। হাঁহিৰ কোবত তাৰ মুখৰ ফেনীল পেষ্টবোৰ চৌপাশে ছিটিকি পৰিল।
আৰু কবিতা? তাই কি কৰিব এতিয়া? এই ‘কাউৰী মৰ্নিঙ’তে বিনা জগৰত গালি বৰ্ষণ কৰা কাৰণে গিৰিয়েকক ক্ষমা খুজিব? নে দাঁতত ভাত এটা লাগিলেও কোৱা গিৰিয়েকে ইমান ডাঙৰ কথা এটা ইমান দিনে লুকুৱাই ৰখা কাৰণে গিৰিয়েকক ইতিকিঙৰ তীক্ষ্ণ বাণেৰে থকা-সৰকা কৰিব?
❧ | পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড