ঐতিহ্যময় অসমীয়া কাকত-আলোচনী আৰু সংৰক্ষণৰ দায়ৱদ্ধতা

ঐতিহ্যময় অসমীয়া কাকত-আলোচনী আৰু সংৰক্ষণৰ দায়ৱদ্ধতা
  • 17 May, 2022

সমীয়া ভাষা-সাহিত্যৰ বিকাশ সাধন, জাতীয়তাবাদী চিন্তাধাৰাৰ উত্থান আদিৰ ক্ষেত্ৰত অসমীয়া কাকত-আলোচনীৰ অৱদান অতিকে গুৰুত্বপূৰ্ণ। ঊনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰাই অসমৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন জনে বিভিন্ন সময়ত বিভিন্ন কাকত-আলোচনী আদি প্ৰকাশ কৰি আহিছে। দেখাত বহু কাকত-আলোচনী অতি কম দিনতে বন্ধ হৈ পৰিছে যদিও ইখনৰ পাছত সিখনকৈ নতুন কাকত-আলোচনী প্ৰকাশৰ ধাৰাবাহিকতা তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে। উল্লেখনীয়ভাৱে বিভিন্ন উপলক্ষ্যত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, গোষ্ঠীৰ মুখপত্ৰ, স্মৰণিকা, স্মৃতিগ্ৰন্থ আদিও প্ৰকাশ পাইছে। এনে কাকত-আলোচনীৰ সাহিত্যিক আৰু ঐতিহাসিক মূল্যৰ গুৰুত্ব অপৰিসীম। যথাৰ্থতে এনে প্ৰতিখন মূল্যৱান কাকত-আলোচনীৰ সম্পৰ্কত ব্যাপক অনুসন্ধান আৰু পৰ্যালোচনাৰ আৱশ্যকতা নুই কৰিব নোৱাৰি। ইতিমধ্যে সঘনে উচ্চাৰিত অভিযোগ মতে স্বাধীনতাৰ পূৰ্বে প্ৰকাশ পোৱা বহুসংখ্যক কাকত-আলোচনী সংৰক্ষণৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম হৈছে অথবা কাললৈ হেৰাই গৈছে। অৱশ্যে অসম প্ৰকাশন পৰিষদে ইতিপূৰ্বে ‘অৰুণোদই’, ‘জোনাকী’, ‘মৌ’, ‘আসাম বন্ধু’ আলোচনীসমূহ একত্ৰিত কৰি গ্ৰন্থ আকাৰে পুনৰ প্ৰকাশৰ এক মহান দায়িত্ব পালন কৰিছে। ইয়াৰ বিপৰীতে ঊনবিংশ শতিকাত প্ৰকাশিত আন বহুসংখ্যক কাকত-আলোচনী আছে, যিসমূহ বৰ্তমান পাহৰণিৰ গৰ্ভত লীন হোৱাৰ উপক্ৰম হৈছে। বিষয়টো কম পৰিতাপৰ কথা নহয়! সেয়েহে এই দিশত কিছু আলোচনা কৰি চোৱাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।

বিগত ১৯৯৪ চনৰ ২৯ জানুৱাৰীত অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ শিৱসাগৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰেছ কাউন্সিলৰ সভাপতি, ন্যায়াধীশ আৰ এছ ছাৰকাৰিয়াই প্ৰদান কৰা ভাষণত এই বুলি মন্তব্য কৰিছিল— “অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদই এতিয়া নাই যদিও ইয়াৰ আদৰ্শই অসমৰ বাতৰি কাকতসমূহক দেশখনৰ শান্তি, ঐক্য আৰু প্ৰগতিৰ হকে আত্মনিয়োগ কৰিবলৈ প্ৰেৰণা দি আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত দেশখনৰ অন্যান্য প্ৰান্তৰ সৈতে খোজ মিলাই অসমৰ পৰা প্ৰকাশ পোৱা ‘অসমীয়া’, ‘আসাম বিলাসিনী’, ‘আসাম সেৱক’, ‘দেশব্ৰত’, ‘জনশকতি’ আদি কাকতে জাতীয়তাবোধেৰে দেশবাসীক উদ্বুদ্ধ কৰিছিল।” (তথ্যসংগ্ৰহ: ‘জয়ন্তী বাৰ্তা’, জুন ১৯৯৪ , অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদ্‌যাপন সমিতিৰ দ্বাৰা প্ৰকাশিত)

দৰাচলতে কাকত-আলোচনী তথা গ্ৰন্থ হ’ল সভ্যতাৰ মাপকাঠি— মানৱ সভ্যতাৰ উৎকৰ্ষৰ ফচল। কাকত-আলোচনী আৰু গ্ৰন্থৰ ভিতৰতে সোমাই থাকে একোটা জাতিৰ শিল্প-সাহিত্য, কলা-সংস্কৃতি, ধৰ্ম, সমাজ, ইতিহাস আদি সকলো উপাদান। দেখা গৈছে, সামাজিক দৃষ্টিভংগী আৰু মূল্যবোধ সলনি হোৱাৰ লগে লগে কাকত-আলোচনীৰো প্ৰকৃতি সলনি হৈছে। নতুন নতুন কৌশলে আত্মপ্ৰকাশ কৰিছে আৰু ভিন্ন দিশত প্ৰবাহিত হৈছে। ১৭৮০ চনৰ ২৯ জানুৱাৰীত জেমছ্ আগাষ্টাছ হিক্কিয়ে কলিকতাৰ পৰা প্ৰকাশ কৰা দুখিলা পাতৰ সাপ্তাহিক ‘বেঙ্গল গেজেট’-এ ভাৰতীয় সংবাদ পত্ৰৰ পাতনি তৰাৰ দিনৰ পৰা আজি পৰ্যন্ত আমাৰ দেশত অসংখ্য কাকত-আলোচনী প্ৰকাশ হৈছে। সম্প্ৰতি এই কাকত-আলোচনীৰ জগতখন ইমানেই বিশাল হৈ পৰিছে যে ইয়াত বিচৰণ কৰাটো সহজ নহয়। আমাৰ এই লেখাত অসমীয়া জাতিটোৰ দুৰ্দশাগ্ৰস্থ অৱস্থাত অশেষ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত প্ৰকাশৰ মুখ দেখা কাকত-আলোচনীসমূহৰ সংৰক্ষণৰ দিশটোৰ গুৰুত্ব উপলব্ধি কৰি বিভিন্ন উৎসৰ পৰা লেছেৰি বুটলি, নিজা চিন্তা-চৰ্চাৰে কিঞ্চিৎ আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ।

অসমীয়া কাকত-আলোচনী

অৰুণোদই

অসমত অসমীয়া কাকত-আলোচনীৰ ইতিহাস আৰম্ভ হৈছিল ১৮৪৬ চনত ব্যাপ্তিষ্ট মিছনেৰী অলিভাৰ টি কট্টৰৰ পৰিচালনাত প্ৰকাশ পোৱা ‘অৰুণোদই’ কাকতৰ জৰিয়তে। অৰুণোদই প্ৰকাশৰ প্ৰায় একুৰি পাঁচ বছৰৰ পাছত ১৮৭১ চনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীদত্তদেৱ গোস্বামীৰ সম্পাদনাত মাজুলীৰ ধৰ্ম প্ৰকাশ ছপাশালৰ পৰা প্ৰকাশ পাইছিল দ্বিতীয়খন অসমীয়া কাকত ‘আসাম বিলাসিনী’।

অসমীয়া ভাষাৰ প্ৰথম মাহেকীয়া সাহিত্য আলোচনী হিচাপে স্বীকৃত ‘আসাম বন্ধু’ প্ৰকাশ পাইছিল অৰুণোদই প্ৰকাশৰ দুকুৰি বছৰৰ পাছত, ১৮৮৫ চনৰ জানুৱাৰী মাহত। গুণাভিৰাম বৰুৱাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ পোৱা আসাম বন্ধুৱে সেই সময়ত প্ৰাক ৰোমাণ্টিক যুগৰ অসমীয়া লেখক আৰু চিন্তাবিদসকলৰ ৰচনা আৰু ভাৱনাৰ বাহক হিচাপে আগৱঢ়োৱা বৰঙণি আছিল উল্লেখযোগ্য। আনহাতে যিখন কাকতত আধুনিক অসমীয়া সাহিত্যই পূৰ্ণ ৰূপত আত্মপ্ৰকাশ কৰিছিল সেই কাকতখনেই হ’ল ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পোৱা মাহেকীয়া আলোচনী ‘জোনাকী’। সৃষ্টিশীল ৰচনাৰ পৰিৱেশ গঢ়ি তুলি প্ৰতিভা সৃষ্টি আৰু প্ৰকাশ কৰাত অধিক গুৰুত্ব আৰোপ কৰা জোনাকীৰ লগত ফেৰ মাৰি প্ৰকাশ হৈছিল ‘বিজুলী’।

‘জোনাকী’ প্ৰকাশৰ ঠিক একুৰি বছৰৰ পাছত কলিকতাৰ লাল বজাৰ ষ্ট্ৰিটৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অশেষ চেষ্টাত প্ৰকাশ পায় ‘বাঁহী’। ইয়াৰ পূৰ্বে ১৮৭২ চনত অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকত ‘আসাম মিহিৰ’ প্ৰকাশ পাইছিল চিদানন্দ দাসৰ সম্পাদনাত। ১৮৭৩ চনত লক্ষ্মীকান্ত বৰকাকতিৰ দ্বাৰা সম্পাদিত ‘আসাম দৰ্পণ’, ১৮৭৬ চনত সাদিনীয়া বাতৰি কাকত ‘গোৱালপাড়া হিতসাধনী’, একে বছৰতে বিনন্দ চন্দ্ৰ গোস্বামী (দিহিঙীয়া গোঁসাই)ৰ পৰিচালনাত ‘চন্দ্ৰোদয়’, গুৱাহাটীৰ চিদানন্দ প্ৰেছৰ পৰা মাহেকীয়া কাকত ‘আসাম দীপক’, ১৮৮০ চনত চিলেটৰ পৰা বিপিন চন্দ্ৰ পালৰ সম্পাদনাত ‘পৰিদৰ্শক’, ১৮৮২ চনত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত গুৱাহাটীৰ পৰা মাহেকীয়া কাকত ‘আসাম নিউজ’, ১৮৮৫ চনত ৰাধানাথ চাংকাকতিৰ সম্পাদনাত ডিব্ৰুগড়ৰ পৰা সাদিনীয়া বাতৰি কাকত ‘টাইমছ্‌ অৱ আসাম’, একে বছৰতে গংগাধৰ চৌধুৰীৰ সম্পাদনাত ‘আসাম বান্ধৱ’, ১৮৮৩ চনত কৰুণাভিৰাম বৰুৱাৰ সম্পাদনাত শিশু আলোচনী ‘ল’ৰাবন্ধু’, ১৯৮৬ চনত হৰিনাৰায়ণ বৰুৱাৰ সম্পাদনাত কলিকতাৰ পৰা ‘মৌ’, ১৮৯২ চনত বিধুভূষণ সেনৰ সম্পাদনাত শ্ৰীহট্টৰ পৰা ‘ক্ৰনিকল’, ১৯০০ চনত ‘আসাম বন্তি’ আদি কাকত আলোচনীৰ আত্মপ্ৰকাশে ঊনবিংশ শতিকাতেই অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধিশালী কৰি তুলিছিল।

উল্লেখযোগ্য যে ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতিৰ অভিভাষণত সাহিত্য-কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাই সেই সময়লৈকে প্ৰকাশ পোৱা ওঠৰখন ইংৰাজী আৰু অসমীয়া কাকত-আলোচনীৰ নাম উল্লেখ কৰিছিল। গোহাঞিবৰুৱাই উল্লেখ কৰা কাকত-আলোচনীসমূহৰ নাম হ’ল—- ১) অৰুণোদই (১৮৪৬-১৮৮২)

  • ২) আসাম বিলাসিনী, ১ম খণ্ড (মাহেকীয়া, ১৮৭১-১৮৮৩)
  • ৩) আসাম দৰ্পণ (মাহেকীয়া, ১৮৭১)
  • ৪) আসাম নিউজ (সাদিনীয়া, ১৮৮২-৮৫)
  • ৫) আসাম বন্ধু (মাহেকীয়া, ১৮৮৫-৮৭)
  • ৬) মৌ (মাহেকীয়া)
  • ৭) আসাম তৰা (মাহেকীয়া, ১৮৮৮-৯০)
  • ৮) জোনাকী (মাহেকীয়া, প্ৰথম খণ্ড, ১৮৮৯-৯২)
  • ৯) বিজুলী (মাহেকীয়া, প্ৰথম খণ্ড, ১৮৯০-৯৩)
  • ১০) আসাম (সাপ্তাহিক, ১৮৯৪-১৯০১)
  • ১১) আসাম বন্তি (প্ৰথম ১৪ বছৰ সাদিনীয়া, তাৰ পাছৰ পৰা পষেকীয়া, ১৯১০ চনৰ পৰা)
  • ১২) দীপ্তি (মাহেকীয়া, ১৯০৫-০৭)
  • ১৩) ঊষা (মাহেকীয়া, ১৯০৭-১২)
  • ১৪) বাঁহী (মাহেকীয়া, ১৯০৯ চনৰ পৰা)
  • ১৫) আসাম ৰায়ত (১৯০৯-১১)
  • ১৬) আলোচনী (১৯০৯ চনৰ পৰা)
  • ১৭) আসাম বান্ধৱ (মাহেকীয়া, ১৯১০ চনৰ পৰা)
  • ১৮) অকণ (মাহেকীয়া, ১৯১৬ চনৰ পৰা) (তথ্য সংগ্ৰহ: গোহাঞিবৰুৱা ৰচনাৱলী, পৃষ্ঠা- ৮৮৭)

আনহাতে আধুনিক অসমীয়া সাহিত্যৰ লব্ধপ্ৰতিষ্ঠ সমালোচক, প্ৰথিতযশা পণ্ডিত ডিম্বেশ্বৰ নেওগে তেখেতৰ ‘নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থত ‘অৰুণোদই’ প্ৰকাশৰ কালৰ পৰা গোহাঞিবৰুৱাই উল্লেখ কৰা ১৯১৬ চনত প্ৰকাশিত ‘অকণ’ আলোচনী সময়লৈকে প্ৰকাশ পোৱা ৩২খন কাকত-আলোচনীৰ নাম লিপিবদ্ধ কৰিছে। গোহাঞিবৰুৱাদেৱে নাম উল্লেখ কৰা কাকত-আলোচনীসমূহৰ উপৰিও ডিম্বেশ্বৰ নেওগদেৱে অতিৰিক্তভাৱে উল্লেখ কৰা ইংৰাজী আৰু অসমীয়া কাকত-আলোচনীকেইখন হৈছে—- ১) আসাম মিহিৰ (সাদিনীয়া বাতৰি কাকত, ১৮৭২)

  • ২) গোৱালপাড়া হিতসাধিনী (সাদিনীয়া বাতৰি কাকত, ১৮৭৬-১৮৭৮)
  • ৩) চন্দ্ৰোদয় (মাহেকীয়া, ১৮৭৬)
  • ৪) আসাম দীপক (মাহেকীয়া, ১৮৭৬)
  • ৫) ল’ৰাবন্ধু (শিশু আলোচনী, ১৮৮৩)
  • ৬) আসাম তৰা (সাদিনীয়া, ১৮৯৪)
  • ৭) টাইমছ অৱ আসাম (সাদিনীয়া ইংৰাজী বাতৰি কাকত, ৬০ বছৰৰো অধিক কাল চলে)
  • ৮) ইষ্টাৰ্ণ হেৰাল্ড (১৯০২)
  • ৯) চিটিজেন (ইংৰাজী কাকত, ১৯০৪)
  • ১০) এডভোকেট্‌ অৱ আসাম’ (ইংৰাজী, ১৯০২ চনত লুপ্ত)
  • ১১) আসাম ক্ৰনিকল (১৯০৫)
  • ১২) কবিতা লতা (১৯১১)
  • ১৩) বিশ্ব-বাৰ্তা (ঢাকাৰ পৰা প্ৰকাশিত)
  • ১৪) আসাম হেৰাল্ড (১৯১২)
  • ১৫) ৰণৰ বাতৰি (১৯১৪) (তথ্য সংগ্ৰহ: ‘নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী’, ডিম্বেশ্বৰ নেওগ, পৃষ্ঠা- ৩৫৫-৩৫৬)

১৮৯০ চনত প্ৰকাশিত ‘বিজুলী’ মাহেকীয়া আলোচনীৰ প্ৰথম খণ্ডৰ ষষ্ঠ সংখ্যাত (আষাঢ় ১৮১৩ শক, ১৮৯১ চন) প্ৰকাশিত ‘অসমীয়া ভাষাৰ অৱস্থা’ (১৩৯ পৃষ্ঠা) শীৰ্ষক লেখাটিত সেই সময়লৈকে প্ৰকাশিত মুঠ ১২খন আলোচনীৰ নাম উল্লেখ কৰা হৈছে। কাকত-আলোচনীৰ নাম থকা অংশটি হুবহু তুলি দিয়া হ’ল— “আমাৰ দেশত আজিলৈকে ‘অৰুণোদই’, ‘আসাম বিলাসিনী’, ‘আসাম-দৰ্পণ’, ‘জ্ঞানোদয়’, ‘দীপক’, ‘চন্দ্ৰোদয়’, ‘আসাম-বন্ধু’, ‘মৌ’, ‘আসাম-তৰা’ মাহিলী কাকত আৰু ‘আসাম-মিহিৰ’ সাপ্তাহিক থাকিবলৈ ঠাই নাপাই অন্তৰ্ধান হ’ল। ক্ষণস্থায়িনী ‘জোনাকী’ আৰু চপলা ‘বিজুলী’ৰ কিমান দিন আয়ু তাক আমি ক’ব নোৱাৰোঁ।”

অসমীয়া নৱন্যাসৰ ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া সাহিত্যৰ বৰ্ণনামূলক তালিকা’ত ১৮৭৫-৭৬ চনত নগাঁৱৰ পৰা ধৰ্ম-সাহিত্য, ভাষা-বিজ্ঞানৰ বিষয়ে আলোচনা কৰা দুখন মাহেকীয়া কাকত প্ৰকাশৰ কথা উল্লেখ হৈছে যদিও কাকত দুখনৰ নাম আৰু সম্পাদকৰ নাম উল্লেখ কৰা নাই। একেদৰে আধুনিক অসমীয়া সাহিত্যৰ লব্ধপ্ৰতিষ্ঠ সমালোচক ডিম্বেশ্বৰ নেওগে তেখেতৰ ‘নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী’ শীৰ্ষক পুথিৰ ‘আলোচনী, অনুষ্ঠান আৰু লেখিকাসকল’ শিতানত ১৮৭৫-৭৬ চনত বিজ্ঞান, সাহিত্য আৰু ধৰ্ম সম্পৰ্কীয় দুখন কাকত কলিকতাত ছপা হৈ নগাঁৱৰ পৰা ওলাই অলপ দিনহে চলে বুলি উল্লেখ কৰিছে। ডিম্বেশ্বৰ নেওগদেৱেও কাকত দুখনৰ নাম আৰু সম্পাদকৰ নাম উল্লেখ কৰাৰ পৰা বিৰত আছে। ইয়াৰ বিপৰীতে বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীৰ সম্পাদনাত প্ৰকাশিত সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সপ্তম দ্বি-বাৰ্ষিক নাজিৰা অধিৱেশনৰ মুখপত্ৰ ‘সংবাদ-সুৰভি’ৰ ৯৯ পৃষ্ঠাত প্ৰকাশিত মাধূৰ্যমণ্ডিত বৰুৱাৰ ‘নগাঁৱৰ সাংবাদিকতাৰ আদি কালছোৱা’ (১৮৪৬-১৯৯৯) আৰু কুৰি শতিকাৰ শেষ দশকটো’ শীৰ্ষক প্ৰৱন্ধটোত হেমচন্দ্ৰ গোস্বামী আৰু ডিম্বেশ্বৰ নেওগদেৱে উল্লেখ নকৰা কাকত দুখন সম্পৰ্কত প্ৰকাশ কৰা মত এনে ধৰণৰ— “যতদূৰ সম্ভৱ ১৮৭৪-৭৫, ১৮৭৫-৭৬ চনৰ কালছোৱাৰ অসমৰ প্ৰশাসনীয় প্ৰতিবেদনত ‘The Papers, one treating of science and literature, and the other of religion, published likewise at Calcutta, are edited by two natives of Nowgong’ বুলি উল্লেখ থকা কাকত এই দুখনেই। এই প্ৰতিবেদনৰ মতে পদ্মহাস গোস্বামী জড়িত থকা কাকত দুখনৰ এখন ‘জ্ঞানোদয়’। এই জ্ঞানোদয়ে বৌদ্ধ ধৰ্মৰ সপক্ষে প্ৰচাৰকৰ ভূমিকা লোৱা বুলি বিতৰ্কৰো সৃষ্টি কৰিছিল।” একেখন আলোচনীৰে এশ বিশ পৃষ্ঠাত প্ৰকাশিত ‘বৰাক উপত্যকাৰ সংবাদ-পত্ৰ আৰু সাংবাদিকতাৰ ৰেঙণি’ শীৰ্ষক লেখাত প্ৰৱন্ধকাৰ দীপক পালে (অনুবাদ: চন্দন চক্ৰৱৰ্তী) ১৮৮০ চনত চিলেটৰ পৰা ‘ক্ৰনিকল’ আৰু ১৯১০ চনত মৌলবী বজাৰৰ পৰা প্ৰকাশিত ‘প্ৰজ্ঞাশক্তি’ কাকতৰ বিষয়ে উল্লেখ কৰিছে।

এনে তালিকাসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে সেই সময়ত অসমৰ বিভিন্ন অঞ্চলৰ পৰা বহু অসমীয়া কাকত-আলোচনী প্ৰকাশ পাইছিল আৰু বিভিন্ন প্ৰকাৰে যুঁজ-বাগৰ দি নিজা ভূমিকাৰে জাতিটোৰ প্ৰতি সেৱা আগবঢ়াবলৈ যত্নবান হৈছিল।

প্ৰশ্ন হৈছে— অসমীয়া ভাষা-সাহিত্যৰ উত্থানৰ বাবে প্ৰকাশৰ মুখ দেখা তথা জাতি-সমাজ-দেশ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অসমীয়া কাকত-আলোচনীসমূহ সঠিক ৰূপত সংৰক্ষিত হৈ আছেনে? এই দিশত পুথিভঁৰালসমূহে কেনে ভূমিকা গ্ৰহণ কৰিছে সেয়াও নিশ্চয় চিন্তনীয় বিষয়। প্ৰকৃতাৰ্থত অসমৰ পুথিভঁৰালৰ পদ্ধতিগতভাৱে জাগৰণ আৰম্ভ হৈছিল ১৮৩৬ চনত প্ৰয়াত কুমুদেশ্বৰ বৰঠাকুৰৰ নেতৃত্বত। সেই সময়ত অসমৰ চুকে-কোণে প্ৰায় তিনি হেজাৰমান গ্ৰাম্য পুথিভঁৰাল গঢ় লৈ উঠিছিল। সম্প্ৰতি চৰকাৰৰ অমনোযোগিতাৰ ফলস্বৰূপে পুথিভঁৰালসমূহৰ সিংহভাগেই মৃত্যুৰ মুখত পৰিল। ১৯৮৫-৮৬ চন মানত দুশ চাৰিটা পুথিভঁৰালক অসম চৰকাৰে চৰকাৰী স্বীকৃতি প্ৰদান কৰিছিল যদিও উন্নয়নৰ সকলো কাম-কাজ কাগজ-পত্ৰতে সীমাবদ্ধ থকাত সম্প্ৰতি ৰাজ্যখনৰ প্ৰায় সকলো পুথিভঁৰাল সৰ্বদিশতে বঞ্চিত হৈ অলৰ অৱস্থাত পতিত হৈছে বুলি সঘনে অভিযোগ উত্থাপিত হোৱা দেখা গৈছে। সাধাৰণতে পুথি সংৰক্ষণৰ মহৎতম ব্যৱস্থাটোৱেই যিহেতু পুথিভঁৰাল, সেয়ে অলৰ অৱস্থাত পৰা পুথিভঁৰালসমূহে আমি আলোচনালৈ অনা কাকত-আলোচনীসমূহ প্ৰকৃতভাৱে সংৰক্ষিত কৰি ৰাখিব পাৰিছেনে নাই, সন্দেহৰ অৱকাশ নথকা নহয়। আমি ব্যক্তিগতভাৱে জামুগুৰিহাট-চতিয়া অঞ্চলৰ প্ৰায় ডেৰকুৰিৰো অধিক পুথিভঁৰালৰ লগত যোগাযোগ কৰিও ঊনবিংশ শতিকাত প্ৰকাশ হোৱা কাকত-আলোচনীসমূহৰ সম্ভেদ নাপাইহে এনে সন্দেহ ব্যক্ত কৰিব লগা হৈছে আৰু এই বিষয়ত আলোচনাৰ আঁত ধৰিবলৈ চেষ্টা চলোৱা হৈছে।

পৰিশেষত ক’ব বিচাৰোঁ যে আমি আজিক জানিবৰ বাবে অতীতলৈ উভতি চাবই লাগিব। তেনে অৰ্থতেই আমাৰ জাতীয় ভাষা-সাহিত্যৰ বিকাশৰ ফেহুজালিত প্ৰকাশিত অসমীয়া কাকত-আলোচনীসমূহৰ সংৰক্ষণৰ দায়ৱদ্ধতাৰ পৰা আমি কেতিয়াও আঁতৰি থাকিব নোৱাৰোঁ।

❧ | আৰু পঢ়ক:

ঐতিহ্যময় অসমীয়া কাকত-আলোচনী আৰু সংৰক্ষণৰ দায়ৱদ্ধতা | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Instagsram