স মৰ্থন কৰা আৰু বীৰ পূজাৰ নামত অন্ধ উপাসনা কৰা একে নহয়। মই কাৰোবাক সমৰ্থন জনাব পাৰোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে বিবেক-চিন্তাশক্তিক ধোঁৱাচাঙত থৈ মই চকু মুদি তেওঁৰ প্ৰতিটো কথাকে মানি ল’ম! আৰু যদি লওঁ, সেয়া সমৰ্থন নহয় প্ৰকৃততে। যোৱা কেইটামান দিনৰে পৰা মন কৰিছোঁ, শাসকীয় দলৰ প্ৰতিটো কাম এচাম মানুহে চকুমুদা কুলিৰ ভাও ধৰি সমৰ্থন কৰি আহিছে, সেয়া যি কাম বা সিদ্ধান্তই হওক লাগে। আনহে নালাগে, কিছুদিন আগলৈকে তেওঁলোকৰ প্ৰতিটো কামৰ বিৰোধ কৰা মানুহ এচামেও আজিকালি তেওঁলোকৰ প্ৰতিটো কথাই-কামে প্ৰশংসাৰ সোঁত বোৱাইছে। এয়া সুবিধাবাদ।
যি সময়ত ভাৰতীয় আয়ুৰ্বিজ্ঞান গৱেষণা পৰিষদে (ICMR-Indian Council of Medical Research) অনাগত সময়ত কভিড-১৯-এ ৰাজ্যখনত ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি চৰকাৰক সাৱধান-বাণী শুনাইছিল, সেই সময়ত শাসনত থকা দলটোৱেও কভিড-১৯ নিয়ন্ত্ৰণলৈ আহিল বুলি দম্ভালি মাৰি কুম্ভমেলাৰ আয়োজন কৰিছিল। ব্যাপক জনসমাগমৰ আয়োজন কৰি ৰাজনৈতিক সভা সমিতি আৰু ৰেলি অনুষ্ঠিত কৰিছিল। ICMR-এ চৰকাৰক সাৱধান কৰাটো বোধকৰোঁ ফেব্ৰুৱাৰী মাহৰ কথা। অকল শাসকীয় দলেই নহয়, বিৰোধী দলসমূহৰো সেই সময়ত একেই ভূমিকা আছিল। জনসাধাৰণৰ প্ৰতি প্ৰকৃততে আন্তৰিকতা থাকিলে আৰু জনসাধাৰণক দলীয় স্বাৰ্থতকৈ ঊৰ্ধ্বত ৰাখিলে আনৰ অন্ধ অনুকৰণ কৰা বা বিশৃংখল সিদ্ধান্ত লোৱা সম্ভৱ নহয় কেতিয়াও। যিটো বেমাৰৰ ভয়াবহতাৰ কাৰণে ৭/৮ মাহ লকডাউনৰ মাজত মানুহবোৰ আবদ্ধ হৈ থাকিবলগীয়া হ’ল, বহুতৰ জীৱন-জীৱিকাৰ ভিকাচন ভাগিল, ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ বিস্তৰ ক্ষতিসাধন হ’ল, সেইটো বেমাৰক অবজ্ঞা কৰি কেৱল দল আৰু ক্ষমতাৰ লোভত দেশ, সমাজ আৰু নাগৰিকক নিশ্চিত বিপদৰ মাজলে ঠেলি দিয়াটো জাতীয় নেতা আৰু দলৰ (যি নেতা বা দলেই নহওক) দায়িত্ববোধহীনতাৰ প্ৰমাণ। আৰু তাৰ ফলশ্ৰুতি আজিৰ এই মিনি লকডাউন, গৃহবন্দীত্ব, অসময়ৰ গ্ৰীষ্মকালীন বন্ধ, হস্পিটেলৰ ভয়ংকৰ পৰিস্থিতি আৰু আমাৰ বিপন্ন জীৱন!
ইয়াৰ পাছতো এফালে সাধাৰণ প্ৰজাৰ কাৰণে এছ অ’ পি (SOP-Standard Operating Procedure) নিৰ্ধাৰণ কৰি কঠোৰ নীতি প্ৰৱৰ্তন কৰি সমাজ আৰু সমজুৱাৰ জীৱনৰ সুৰক্ষাৰ কথা আওৰাই থাকিলেও আৰু আনফালে নেতা-আমোলাই প্ৰতিপদে তাক উপৰ্যুপৰি ভংগ কৰি থাকিলেও কওঁতা নাই। কাৰণ সমৰ্থন দিয়া নাগৰিকৰ পৰা তোষামোদকাৰী স্তাৱকলৈ পৰ্যৱসিত হোৱা প্ৰজায়ো নিজৰ সা-সুবিধাৰ পক্ষত থিয় দিবলৈ আৰম্ভ কৰিলে। গতিকে নেতাই (যি দলৰে হওক) যি কৰে, তাৰ সমৰ্থনত যুক্তি স্তাৱক প্ৰজাই দিব, নেতা-আমোলাৰ এই লৈ মূৰ ঘমাবলগীয়া একো নাই। মাত্ৰ নিজ স্বাৰ্থ সিদ্ধি হ’ব লাগে। ভাল কামৰ আমিও প্ৰশংসা কৰিম।
এটা কথা তোষামোদকাৰী স্তাৱকৰ তোষামোদত গা-মন পিছলাই আনন্দত মগন নেতায়ো মনত ৰখা ভাল হ’ব যে এনে স্তাৱকৰ দলে তেওঁলোকৰ কোনো উপকাৰ নাসাধে। প্ৰকৃততেই যদি তেওঁলোকে দীৰ্ঘম্যাদী সময় ক্ষমতাত থাকি ৰাজ্য আৰু নাগৰিকৰ উন্নতিৰ সপোন আচলতেই বাস্তৱায়িত কৰাৰ হেঁপাহ মনত লালন-পালন কৰি আহিছে, তেনে তেওঁলোকেও এনে স্তাৱকৰ ভালৰি বোলোৱা মিঠা মাত, বিবেকহীন সমৰ্থন আৰু প্ৰশংসাৰ ধলৰ পৰা দূৰত অৱস্থান কৰিব লাগিব, প্ৰজাহিতকৰ নীতি আৰু আঁচনি গ্ৰহণ কৰিব লাগিব। বিবেক বন্ধকত ৰাখি দেখুওৱা বল-জোৰ-ভাবুকিৰে উন্নতি নহয়।
মিডিয়াৰ ভূমিকাও গণতন্ত্ৰত উল্লেখযোগ্য। য়ুৰৌপীয় সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাত বহু শতিকাৰ পূৰ্বেই সংবাদ মাধ্যমক শাসন ব্যৱস্থাৰ চতুৰ্থ স্তম্ভৰ সন্মান দিয়া হৈছিল। গতিকে শাসন ব্যৱস্থাৰ একোটা মূল স্তম্ভৰ ভূমিকা লোৱা ব্যৱস্থাটোৱে শাসকীয় দলৰ/ শাসন ব্যৱস্থাৰ ভুল-ত্ৰুটিবোৰ আঙুলিয়াই শাসনযন্ত্ৰৰ সুচল অগ্ৰগতিত সহায়ক হোৱাৰ সলনি পক্ষপাতদুষ্ট আচৰণ কৰি আত্মস্বাৰ্থ পূৰণত গুৰুত্ব প্ৰদান কৰিলে প্ৰজাক কোনে সজাগ কৰিব? মিডিয়া পাৰ্ছন বা জাৰ্নেলিস্ত মানেই কলমৰ দিশাহীন চোক বা লাইট-কেমেৰা-একশ্যন্ আৰু সিৰা উদঙাই কৰা চিঞৰ-বাখৰ নহয়। আপোনালোকৰ ক্ষমতা সমাজ আৰু সমজুৱা, ৰাজ্য আৰু জনসাধাৰণৰ হিতৰ কাৰণে। মিডিয়া হাউছ এনে অৰ্থত ক্ষমতাৰ ভঁৰাল নহয় আৰু ক্ষমতা প্ৰদৰ্শনৰ আহিলাও নহয়। খবৰবোৰ চৰজমিন তদন্ত কৰি দিব। স্তুডিঅ’ত বহি একপক্ষীয় স্বতন্ত্ৰ ৰায় নিদিব,— ৰায় জনসাধাৰণে দিব। আপোনালোকে সঠিক দিশত জনমত গঢ়ি আনক মাত্ৰ।
❧ | আৰু পঢ়ক: সমান্তৰাল সংবাদসেৱা
যিসকল মোৰ সমগ্ৰ কথাখিনিৰ বিষয়বস্তুৰ আওতালৈ নাহে, তেওঁলোকক অফুৰন্ত শুভকামনা।
Follow Nilacharai on Facebook