ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: সংগী

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: সংগী
  • 14 Aug, 2022

পু তুল শৰ্মাই সদায় পুৱা শোৱাৰ পৰা উঠি আগফালৰ ৰাস্তাটোত এটা চকৰ দিয়ে। ইয়াক পিছে মর্নিং ৱাক বুলিব নোৱাৰি। চুবুৰিৰ কাৰোবাৰ ঘৰত কিবা ঘটিছে নেকি তাৰ উৱাদিহ ল’বলৈহে তেওঁ পাকটো মাৰে। আনৰ কথাত নাক গুঁজি ফুৰাটো শৰ্মাৰ পুৰণি স্বভাব, এটা ‘বেমাৰ’।

আজিও ইয়াৰ ব্যতিক্ৰম নহ’ল। শৰ্মা ঘৰৰ পৰা ওলাই দুখোজমান গৈছিলহে, তেনেতে তেওঁলোকৰ দুঘৰ সিফালে থকা গোস্বামীৰ ঘৰত ফুলৰ টাবত সুন্দৰী যুৱতী এজনীয়ে পানী দি থকা দেখি তেওঁৰ চকু থৰ হৈ গ’ল। এইজনী আকৌ মাটি ফুটি ওলোৱাদি হঠাৎ ক’ৰ পৰা ওলালহি! গোস্বামী অকলশৰীয়া মানুহ। সেনাবাহিনীৰ কৰ্নেল পদৰ পৰা অৱসৰ লৈ ঘৰলৈ অহাৰ এবছৰৰ পাছতে তেওঁৰ পত্নীৰ আকস্মিক বিয়োগ ঘটিছিল। তেতিয়াৰ পৰা তেওঁ ঘৰখনত অকলশৰে থাকে। বনকৰা তিৰোতা এজনীয়ে পুৱাই আহি ঘৰুৱা কামবোৰ সামৰি আবেলি যায়গৈ। যোৱা বছৰকেইটাত শর্মাহঁতে গোস্বামীৰ ঘৰলৈ কোনো মিতিৰ-কুটুম অহা দেখা নাই। তেনেকৈ তেৱোঁ ওচৰ-চুবুৰীয়া কাৰো ঘৰলৈ নাহে। গোস্বামী অকলশৰে নিজক লৈ ব্যস্ত থকা মানুহ। এনেকৈ থাকিয়েই ভাল পায়।

শৰ্মাৰ মনটো খু-দুৱাবলৈ ধৰিলে। তেওঁ আৰু আগবাঢ়ি নগ’ল। ঘৰলৈ উভতি আহিল। শৰ্মাৰ পৰিবাৰ যশোদাই ইতিমধ্যে শোৱাৰ পৰা উঠি চাহৰ যোগাৰ কৰিবলৈ পাকৰত সোমাইছিল। শৰ্মাই চিধা থৈ পাকঘৰতে ঘৈণীয়েকক ক’লে— ‘হেৰা, আজি বৰ দুষ্প্রাপ্য দৃশ্য এটা দেখিলোহে।’

‘কি দেখিলেনো?’— যশোদাই চাহৰ পানীখিনিত তুলসী পাত দুটামান মোহাৰি পেলাই দিলে। তেওঁলোকে পুৱাৰ চাহকাপ সদায় এনেকৈ যায়। তুলসী কফ্ আৰু পিত্তৰ মহৌষধ। শৰ্মাই উত্তেজিত কণ্ঠেৰে কথাটো কোৱাৰ পাছত যশোদাই ক’লে— ‘কিনো ডাঙৰ কথা হ’ল? গোস্বামীৰ ঘৰলৈ চাগৈ কোনোবা মিতিৰ-কুটুম আহিছে।’

—‘থোৱাহে। অতদিনে কাকো অহা দেখা নাই, আজিনো ফটকৈ কোনোবা মিতিৰ-কুটুম আহিবনে?’
—‘আহিবও পাৰে। ইমানদিনে নাহিল বুলি তেওঁৰ ঘৰলৈ চিৰদিন যে কোনো মানুহ নাহিব, তাৰ কি মানে আছে?’— পৰিবাৰে শৰ্মালৈ বিনা চেনিৰ ফিকা চাহ একাপৰ সৈতে কেইখনমান মেৰি গ’ল্ড বিস্কুট আগবঢ়াই দিলে। শৰ্মাই চাহৰ কাপত শোহা মাৰি ক’লে— ‘হেৰা গোস্বামীয়ে কোনোবা ছোৱালী-টোৱালী পলুৱাই অনা নাইতো?’
—‘আপুনিও যে কথা কিছুমান কয় আৰু দেই। এই বয়সত গোস্বামীয়ে এনেকুৱা কাম কৰিবনে? আৰু তেওঁৰ নিচিনা আদহীয়া মানুহ এটালৈ কোন ছোৱালীনো পলাই আহিব?’ ——‘আহিবও পাৰে। গোস্বামীৰ ঢেৰ টকা। টকাই আজিকালি সকলো কামেই সম্ভৱ কৰি দিয়ে।’
— ‘তেনেহ’লে গোস্বামীক ভীমৰতিয়ে পালে।’
—‘তেনে বুলিয়েই ধৰা।’

চাহ খাই খাই শৰ্মাহঁতে গোস্বামীৰ ওপৰত অস্ত্রোপচাৰ চলাই থাকিল। চাহপর্ব শেষ হোৱাৰ পাছতে শৰ্মা ঘৰৰ পৰা ওলাই আহিল। কথাটো পৰিষ্কাৰ নহ’লে তেওঁৰ আজি পেটলৈ ভাত নাযায়। চুবুৰিত শৰ্মাৰ দৰেই আৰু দুজন মানুহ আছে— বৰা আৰু ফুকন। শৰ্মাই এইবাৰ তেওঁলোক দুজনক লগ ধৰি কথাটো ক’লেগৈ। কথাটো শুনি তেওঁলোকো আচৰিত হ’ল। বৰাই ক’লে— ‘হয় দিয়ক। গোস্বামীয়ে এইটো বয়সত এনেকুৱা কাম এটা কৰিব নালাগিছিল। তেওঁ আমাৰ নাক-কাণ কটালে। নে কি কয় ফুকন?’

ফুকনে উত্তৰ দিলে— ‘আপোনাৰ কথা একেবারে মিছা নহয়। কিন্তু ইয়াতো এটা কথা আছে।’
—‘কি কথা?’ মাজতে শৰ্মাই মাত লগালে।
—‘এইটো গোস্বামীৰ সম্পূর্ণ ব্যক্তিগত কথা। আমি ইয়াত নাক নোগোঁজাই ভাল নেকি!‘
—‘ ব্যক্তিগত হ’লেও এইটো সমাজৰ লগত জড়িত থকা কথা। গতিকে আমি কথাটো পৰিষ্কাৰ হৈ ল’ব লাগিব। নহ’লে গোস্বামীৰ দৰে কাইলৈ আনেও এনেকুৱা কাম কৰিবলৈ লাই পাব।’
—‘কিন্তু আমি কথাটো জানিম কেনেকৈ? আমিতো গোস্বামীক গৈ পোনপটীয়াকৈ সুধিবগৈ নোৱাৰোঁ— ছোৱালীজনী আপুনি ক’ৰ পৰা আনিছে? পলুৱাই আনিছে নে বিয়া পাতি আনিছে? নে ক’ৰ্ট মেৰেজ কৰিছে?’
—‘এনেকৈ নোৱাৰি। কিন্তু কিবা এটা বুদ্ধি উলিয়াব লাগিব।’
—‘কি বুদ্ধি উলিয়াব?’
—‘ময়ো ভাবোঁ, আপোনালোকেও ভাবকচোন।’

শৰ্মাৰ কথাত এইবাৰ তিনিওজনে মনে মনে থাকি ভাবিবলৈ ধৰিলে। এসময়ত শৰ্মায়েই ক’লে— ‘এটা কাম কৰোঁ বুইছে?’
—‘কি কাম?’ ফুকনে সুধিলে।
—‘গোস্বামীক এইবাৰ আমি বিহু কমিটীৰ সভাপতি পাতিম। সেইটো প্ৰস্তাৱ লৈয়ে তেওঁৰ ওচৰলৈ যাওঁ ব’লক। তাৰ পাছত কথা প্ৰসংগত আচল কথাটো কিবা কৰি উলিয়াব লাগিব।’
—‘হ’ব দিয়ক। এইটো বুদ্ধিয়েই ভাল হ’ব।’ বৰা আৰু ফুকনে কথাটোত সমর্থন দিয়াত তিনিও সদলবলে গোস্বামীৰ ঘৰ পালেগৈ।

আগেয়ে নহা মানুহকেইজন এনেকৈ হঠাতে ওলোৱাহিত গোস্বামী পহিলাতে আচৰিত হ’ল। অৱশ্যে তেওঁ শর্মাহঁতক আাথে-বেথেই বহিবলৈ দিলে।

—‘এই ৰাতিপুৱাই আপোনালোক মোৰ ঘৰলৈ কি সকামতনো আহিল?’ গোস্বামীয়ে আন কথাৰ অৱতাৰণা নকৰাকৈ চিধা শৰ্মাহতক সুধিলে।
—‘আপোনাক এইবাৰ আমি গুৰুদায়িত্ব এটা দিম বুলি ভাবিছোঁ। তাকে জনাবলৈহে আহিলো।’ শৰ্মাই তিনিওজনৰে হৈ বিনয়েৰে ক’লে।
—‘কওকচোন।’
—‘আমি আপোনাক এইবাৰ বিহু কমিটীৰ সভাপতি পাতিম বুলি ভাবিছোঁ।’
—‘কথাটো শুনি বৰ সন্তোষ পালো। পিছে মইহে আপোনালোকৰ প্রস্তাৱটো মানি ল’ব নোৱাৰিম।’
—‘কিয়, কিবা অসুবিধা আছে নেকি?’
—‘এইবোৰ সমজুৱা দায়িত্ব পালন কৰিবলৈ গৈ পাছত মানুহৰ কথা শুনিব লাগে। মই এনেকুৱা কথা সহ্য কৰিবলৈ টান পাওঁ। এনেয়ে আপোনালোকক যি সহায় কৰিব লাগে ক’ব, মই কৰিম। দান-বৰঙণি লাগিলেও দিম।’

শর্মাহঁত মনে মনে থাকিল। তেওঁলোকে গোস্বামীৰ লগত কথা পাতি আছিল যদিও ছোৱালীজনীক কেনেবাকৈ দেখে বুলি ভিতৰলৈ জুমাজুমি কৰি আছিল। তেনেতে ছোৱালীজনীয়ে ট্ৰে এখনত চাহ লৈ সোমাই অহাত শৰ্মাহঁত ‘চাবধান’ হৈ বহিল।

—‘চাহ খাব দেই।’ শর্মাহঁতৰ সমুখৰ চেণ্টাৰ টেবুলখনত চাহৰ ট্ৰেখন থৈ, তেওঁলোকলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি ছোৱালীজনী পুনৰ ভিতৰলৈ সোমাই গ’ল। ছোৱালীজনী সঁচাকৈয়ে অপূর্ব সুন্দৰী। যেন সৰগৰ অপেচৰীহে। শৰ্মাহঁতৰ চকু থৰ হৈ গ’ল— শিল পৰা কপৌৰ দৰে। সেই সময়তে গোস্বামীয়েও ‘আপোনালোকে চাহ খাওকচোন। মই অকণমান কাম এটা কৰি আহোঁ’ বুলি ভিতৰলৈ সোমাই যোৱাত শৰ্মাহঁতে সকাহ পালে। ছোৱালীজনীক লৈ তেওঁলোক সৰস আলোচনাত মগ্ন হ’ল৷ চাহৰ কাপ হাতত লৈ প্ৰথমে শৰ্মায়ে ক’লে— ‘ইয়াকে কয় বৃদ্ধস্য তৰুণী ভাৰ্যাঃ। পাছত গৈ কিবা অঘটন নঘটিলেই ৰক্ষা।’
—‘হয় দিয়ক। গোস্বামীৰ ভাগ্যই ভাল। এই বুঢ়া বয়সতো ইমান কম বয়সীয়া, সুন্দৰী যুৱতীক পত্নী হিচাপে পাইছে। তেওঁলৈ হিংসাই লাগিছে।’ বৰাই ক’লে। লগে লগে ফুকনে ক’লে— ‘পিছে এটা কথা মন কৰিব দেই— দক্ষিণে গাজে খৰলে, বুঢ়াই বিয়া পাতে পৰলে।’
—‘সেই পৰ আমিয়েই নহয়তো? হাঃ হাঃ হাঃ।’ শৰ্মাই নিজৰ ৰসিকতাত নিজেই হাঁহিলে। তেওঁৰ হাঁহিত বৰা আৰু ফুকন দুয়োৱে যোগ দিলে। শৰ্মাই পুনৰ ক’লে— ‘আপোনালোকে পিছে এটা কথা মন কৰিলেনে?’
—‘কোনটো কথা?’ বৰাই সুধিলে।
—‘ছোৱালীজনীয়ে ফোট-সেন্দূৰ একো লোৱা নাই কিন্তু।’
—‘এ… কথাটো আমি লক্ষ্যই নকৰিলো।’ ফুকনে খেদ প্ৰকাশ কৰিলে।
—‘ক’ত কৰিব? আপোনালোকৰ চকু বেলগতহে। পাপীৰ পিঠাত মন। হেঃ হেঃ হেঃ…।’ শৰ্মাই পুনৰ হাঁহিলে। বৰাই লগে লগে ক’লে— ‘তেনেহ’লে ছোৱালীজনী গোস্বামীৰ পত্নী নহ’বও পাৰে। কোনোবা আত্মীয়ও হ’ব পাৰে। কাৰণ পত্নী হোৱাহেঁতেন তাই ফোট-সেন্দূৰ লৈ থাকিলহেঁতেন।’
—‘থওক হেৰি। আজিকালি কেইজনী বোৱাৰীয়ে ফোট-সেন্দূৰ লোৱা দেখিছে? কোনোবাই শিৰত সেন্দূৰ অকণ ল’লেও যিকণহে লয়, ধৰিবই নোৱাৰি।’ শৰ্মা বৰাৰ কথাত ভঙ্গজয় নগ’ল। এইবাৰ ফুকনে ক’লে— ‘এতিয়া এইবোৰ কথা পতা বন্ধ কৰক। গোস্বামীয়ে কেনেবাকৈ শুনিলে কথাটো বেয়া হ’ব। তেওঁ আহিলে কথাটো সুধি ল’লেই হ’ল।’

সেই সময়তে গোস্বামী সোমাই অহাত শর্মাহঁত মনে মনে থাকিল। বৰা আৰু ফুকনে শৰ্মাক চকুৰেই ইংগিত দিয়াত শৰ্মাই এনেয়ে গলহেঁকাৰি এটা মাৰি গোস্বামীক সুধিলে— ‘এই ছোৱালীটিক আগেয়ে আপোনাৰ ইয়াত দেখা মনত নপৰে। এওঁ কি হয় আপোনাৰ?’
—‘একো নহয়।’ গোস্বামীয়ে খাৰাংখাচকৈ কোৱা কথাষাৰত শর্মাহঁতে ইজনে সিজনৰ মুখলৈ চোৱাচুই কৰিলে। শৰ্মাই পুনৰ গোস্বামীক সুধিলে— ‘তেনেহ’লে এওঁক আপুনি বাটত পাই আনিছে নেকি?’
—‘নাই অনা।’
—‘তেনেহ’লে আপুনি এওঁক পলুৱাই আনিছে বা ক’ৰ্ট মেৰেজ কৰি আনিছে?’
—‘নাই অনা। কিনি আনিছোঁ।’
—‘কিনি আনিছে?’
—‘অ, কিনি আনিছোঁ।’
—‘হেৰি, আপুনি কি কথা কৈছেহে? মানুহ কিনা-বেচাৰ দাস প্রথাৰতো কেতিয়াবাই অন্ত পৰিল। তেনেস্থলত আপুনি ইমান ধুনীয়া যুৱতী এজনী ক’ত কিনিবলৈ পালে?’
—‘এওঁ মানুহ নহয়।’
—‘তেনেহলে ভূত নেকি?’
—‘নহয়।’
—‘হেৰি গোস্বামী, আপোনাৰ লগত আমি ধেমালি কৰিবলৈ আহিছোঁ বুলি ভাবিছে নেকি?’
—‘নাই ভবা। ময়ো আপোনালোকৰ লগত ধেমালি কৰা নাই। আপোনালোকৰ দৰে লোকৰ অদৰকাৰী কথাত ধেমালি কৰিবলৈ মোৰ সময়ো নাই, মনো নাই।’ গোস্বামীৰ কথাত শর্মাহঁতে বৰ লাজ পালে। তেওঁলোক তিনিওজন তলমূৰ কৰি মৌন হৈ ৰ’ল। গোস্বামীয়ে পুনৰ ক’লে— ‘আপোনালোকেতো জানেই মই অলশৰীয়া মানুহ। পত্নী ঢুকাল, ল’ৰা-ছোৱালী দুটা বিদেশত থাকে। ল’ৰাটো কেলিফৰ্নিয়াত, ছোৱালীজনী পেৰিছত। ইপিনে মোৰ বয়স হৈ আহিছে। হঠাতে অসুখ-বিসুখ হ’লে মোক কোনে চাব? ল’ৰা-ছোৱালী দুটাতো আহোঁ বুলিয়েই আহিব নোৱাৰে। আজিকালি কাম কৰা মানুহকো বিশ্বাসত ল’ব নোৱাৰি। টিভিত দেখিয়েই থাকে— কেনেকৈ পইচাৰ লোভত কিছুমান বনকৰা মানুহে অকলশৰীয়া মালিকক হত্যা কৰি টকা-পইচা লৈ উধাও হৈ যায়। সেয়ে মোৰ ল’ৰাটোৱে কেলিফৰ্নিয়াৰ পৰা এই ছোৱালীজনীক মোৰ কেয়াৰ টেকাৰ হিচাপে কিনি দি পঠাইছে। আজিকালি আমেৰিকা, অষ্ট্ৰেলিয়া, ফ্রান্স, চীন, জাপান আদি উন্নত দেশবোৰত এনেকুৱা কেয়াৰ টেকাৰ সহজলভ্য হৈ পৰিছে। মাত্ৰ পইচা অলপ সৰহকৈ লাগে। অৱশ্যে এই ছোৱালীজনী প্রকৃত মানৱ নহয়, যন্ত্র মানৱহে। মানে ৰবট।’

—‘‘কি?’ শর্মাহঁতে স্প্রীং দিয়া পুতলাৰ দৰে বহি থকাতে জাপ মাৰি উঠিল। তেওঁলোকৰ চকুত বিস্ময় দেখি গোস্বামীয়ে ক’লে— ‘আপোনালোকৰ কথাটো বিশ্বাস হোৱা নাই নহয়?’

শৰ্মাইতে মুখেৰে একো নকৈ মাথোঁ নেতিবাচক ভংগীৰে মূৰটো ইফালৰ পৰা সিফাললৈ লৰালে।

—‘তেনেহ’লে ৰ’ব, কথাটো মই এতিয়াই প্রমাণ কৰি দিওঁ।’ এই বুলি গোস্বামীয়ে ভিতৰলৈ চাই মাত লগালে— ‘জেনিফাৰ, অকণমান এইফালে আহাঁচোন।’

লগে লগে ছোৱালীজনী অর্থাৎ জেনিফাৰ ড্রয়িং ৰুমলৈ সোমাই আহি গোস্বামীক ক’লে— ‘কিয় মাতিছিল আংকল? কিবা লাগে নেকি?’
—‘নহয় হে। তোমাক বেলেগ এটা কথাৰ কাৰণেহে মাতিছিলো।’
—‘‘কওকচোন।’
—‘এখেতসকলে তোমাক ৰবট বুলি বিশ্বাস কৰা নাই। তুমি কথাটো প্ৰমাণ কৰি দিয়াচোন।’
—‘হয় নেকি?” এই বুলি জেনিফাৰে মিচিকিয়া হাঁহি এটা মাৰি শৰ্মাহঁতৰ সন্মুখৰ ছোফাখনত বহিলগৈ। তাৰ পাছত তাই কান্ধৰ পিছফালে থকা বুটাম এটা টিপি নিজৰ মূৰটো নিজেই খুলি যেতিয়া সমুখৰ চেণ্টাৰ টেবুলখনত থ’লে, শর্মাহঁতে ভয়তে বেঙে মূতা গৰুৰ দৰে কঁপিবলৈ ধৰিলে। তেওঁলোক আৰু তাত এখন্তেকো নৰ’ল। চকী-টেবুলত খুন্দা-খুন্দলি খাই খাই প্রায় দৌৰি অহাদি গোস্বামীৰ ঘৰৰ পৰা ওলাই আহিল। শর্মাহঁতৰ অৱস্থাটো দেখি গোস্বামী আৰু জেনিফাৰে ঢেক্‌ঢেকাই হাঁহিবলৈ ধৰিলে।

😀 | পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড: সংগী | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook