অ সমীয়া কবিতাই আধুনিকতাৰ যথাৰ্থ ৰূপ পৰিগ্ৰহ কৰাৰ ক্ষেত্ৰত যিসকল কবিৰ অৱদান অনস্বীকাৰ্য, সেইসকলৰ ভিতৰত কেশৱ মহন্তৰ নাম অন্যতম। অসমীয়া কাব্য-সাহিত্যৰ লগতে গীতি-সাহিত্যৰ এইগৰাকী বৰেণ্য পুৰোধা কেশৱ মহন্তৰ জন্ম হৈছিল ১৯২৬ চনৰ ২০ জানুৱাৰী তাৰিখে শোণিতপুৰ জিলাৰ মিজিকাজান চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম থানেশ্বৰ মহন্ত আৰু মাতৃ বিনোদিনী দেৱী। তেওঁৰ দেউতাকে মিজিকাজান চাহ বাগিচাত চাকৰি কৰিছিল। তেওঁৰ বাৰ বছৰ বয়সতে দেউতাকৰ আকস্মিক বিয়োগ হোৱাত তেওঁলোকৰ পৰিয়ালটো আৰ্থিক দৈন্যৰ সন্মুখীন হ’বলগীয়া হয়।
কেশৱ মহন্তই ১৯৩১ চনৰ পৰা ১৯৩৫ চনলৈ তেওঁ বিশ্বনাথ চাৰিআলিৰ নগাঁও প্ৰাথমিক বিদ্যালয় আৰু চতিয়াৰ মাগুৰমৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। ১৯৩৫ চনৰ পৰা ১৯৩৭ চনলৈ তেওঁ চতিয়া চৰকাৰী মজলীয়া বিদ্যালয়ত মাধ্যমিক শিক্ষা লাভ কৰিছিল। ১৯৩৭ চনৰ পৰা ১৯৪২ চনলৈ তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবৰণ কৰিছিল। ফলত তেওঁ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে। পাছত ১৯৪৪ চনত প্ৰৱেশিকা পৰীক্ষাত অবতীৰ্ণ হৈ উত্তীৰ্ণ হৈছিল। ১৯৪৪ চনৰ পৰা ১৯৪৮ চনলৈ তেওঁ কটন কলেজত উচ্চ শিক্ষা লাভ কৰিছিল। ১৯৬৪ চনত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে কেশৱ মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল।
ভিন্নমুখী প্ৰতিভাৰ অধিকাৰী কেশৱ মহন্তৰ কৰ্মজীৱনো আছিল বিচিত্ৰ। ১৯৫২ চনত তেওঁ জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে। তাৰ পাছত ১৯৫৬ চনত তেওঁ গুৱাহাটীৰ ডনবস্ক স্কুলত শিক্ষকতা আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগত অনুবাদক হিচাপে যোগদান কৰে। ১৯৬০-৬৩ চনলৈ তেওঁ কলকাতাৰ (তেতিয়াৰ কলিকতা) ছোভিয়েট দেশ কাৰ্যালয়ত যোগদান কৰি ‘ছোভিয়েট দেশ’ (অসমীয়া) আলোচনীৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ অসমলৈ ঘূৰি আহি ১৯৭০ চনত বি বৰুৱা কলেজৰ অসমীয়া বিভাগত অংশকালীন প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৭৭ চনলৈ তেওঁ বি বৰুৱা কলেজৰ প্ৰবক্তা হিচাপে থাকি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগলৈ ঘূৰি যায় আৰু ১৯৮৪ চনত ইয়াৰ পৰাই প্ৰকাশন বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।
সাহিত্যসেৱাৰ উপৰি কেশৱ মহন্তই সমাজ সংস্কাৰক তথা সাংস্কৃতিক কৰ্মী হিচাপেও অসমীয়া জাতীয় জীৱনলৈ বৰঙনি আগবঢ়াই গৈছে। কেশৱ মহন্তই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি ১৯৪২ চনত কাৰাবৰণ কৰে। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত তেওঁ ১৯৪৪ চনলৈকে কংগ্ৰেছৰ দলীয় কৰ্মী হিচাপে ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰিছিল। তেওঁ তেতিয়াৰ অসমৰ কংগ্ৰেছৰ নেতৃস্থানীয় ব্যক্তি, বিজয় চন্দ্ৰ ভাগৱতী, অমিয় কুমাৰ দাস, গঙ্গানাথ বৰকটকী, তুলসী চন্দ্ৰ হাতীবৰুৱা, লক্ষ্মীনাথ বৰুৱা আদিৰ সান্নিধ্যলৈ আহিছিল। সেই সময়ছোৱাৰ ভিতৰতে তেওঁ অসমৰ সামাজিক, ৰাজনৈতিক সমস্যাক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজহুৱা আন্দোলনৰ সংগঠন ‘ৰায়ত সভা’ৰ কাম-কাজত অংশগ্ৰহণ কৰে।
কটন কলেজত পঢ়ি থকা দিনতে কেশৱ মহন্তই নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ সদস্য হিচাপে ছাত্ৰ আন্দোলনত যোগদান কৰিছিল। সেই সময়ছোৱাতে তেওঁ বিশিষ্ট মাস্কৰ্বাদী চিন্তাবিদ ভবানন্দ দত্তৰ সান্নিধ্য লাভ কৰে। ১৯৪৭ চনত তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য পদ লাভ কৰিছিল। স্বাধীন ভাৰতৰ চৰকাৰে কমিউনিষ্ট পাৰ্টিক বে-আইনী ঘোষণা কৰাত ১৯৪৯ চনত চৰকাৰে তেওঁক বন্দী কৰে। ১৯৫১ চনত তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।
কেশৱ মহন্তৰ সাংস্কৃতিক চিন্তাৰ লগত ভাৰতীয় গণনাট্য সংঘৰ ওতপ্ৰোত সম্পৰ্ক আছে। ১৯৫২ চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ কাম-কাজৰ লগত জড়িত হৈ পৰিছিল। গণনাট্য সংঘৰ লগত জড়িত কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ লগত তেওঁৰ যোগাযোগ ঘটিছিল। সেই ব্যক্তিসকলৰ ভিতৰত হেমাংগ বিশ্বাস, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, দিলীপ শৰ্মা, মঘাই ওজা, নৰহৰি বুঢ়া ভকত, হেম শৰ্মা, নগেন কাকতি আদি অন্যতম।
কেশৱ মহন্ত ‘অসম প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘ’ৰ প্ৰতিষ্ঠাপক সম্পাদক। এই সংঘটিয়ে ১৯৬৬ চনত গোলাঘাটত জন্ম লাভ কৰে। ১৯৯৬ চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ তেজপুৰত অনুষ্ঠিত হোৱা সন্মিলনৰ সভাপতি নিৰ্বাচিত হয়। তেওঁ ৰচনা কৰা ‘জয় জোৱান জয় কিষাণ’ গীতটো ১৯৬৫ চনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ঘোষণা মতে ভাৰতৰ সংবিধান স্বীকৃত ১৪টা ভাষাত প্ৰচাৰৰ ব্যৱস্থা হয়। তেওঁ ৰচনা কৰা সংগীতালেখ্য ‘অ’ মোৰ আপোনাৰ দেশ’ ১৯৮৩-৮৪ চনৰ ভিতৰত ইংৰাজীলৈ অনূদিত হয়। O’ My Country Men সংগীতালেখ্যখনি প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ সাংস্কৃতিক বিনিময়ৰ আঁচনিৰ অধীনত আকাশবাণীৰ দিল্লী কেন্দ্ৰই বেইজিঙত পৰিৱেশন কৰিবলৈ নিৰ্বাচন কৰিছিল। ‘তোমাৰ তেজ’ কবিতা পুথিৰ বাবে কেশৱ মহন্তই ১৯৮৭ চনত অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰে।
কেশৱ মহন্ত কবি হোৱাৰ লগতে এগৰাকী গীতিকাৰো। ‘মোৰ যে কিমান হেঁপাহ’ গীতৰ পুথিৰ বাবে তেওঁ ১৯৯৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০০০ চনত তেওঁ অসম চৰকাৰৰ পৰা বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল। ২০০১ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল। ২০০৩ চনত তেওঁ সাহিত্য অকাডেমিৰ কাৰ্যপালিকাৰ সদস্য আৰু অসমত ইয়াৰ আহ্বায়ক পদলৈ নিৰ্বাচিত হৈছিল।
কেশৱ মহন্ত একাধাৰে কবি, গীতিকাৰ, শিশু-সাহিত্য ৰচনাকাৰ, অনুবাদক আৰু নিবন্ধকাৰ। উল্লেখ্য যে কেশৱ মহন্তই জয়ন্তী যুগতে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল। জয়ন্তী যুগৰ কবি-সাহিত্যিকসকল সমকালীন সমাজক প্ৰভাৱিত কৰা কিছুমান ঘটনাৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। পাৰ হৈ যোৱা দুখন বিশ্বযুদ্ধই সমসাময়িক সমাজ জীৱনৰ ভেটি প্ৰবলভাৱে জোকাৰি গৈছিল। ফলস্বৰূপে সমসাময়িক কবিকূলে ৰোমাণ্টিক ভাব বিলাসৰ আবৰ্তৰ পৰা নিজকে মুক্ত কৰি বাস্তৱ দৃষ্টিৰে সমাজখন প্ৰত্যক্ষ কৰিবলৈ আৰম্ভ কৰিলে। অসমীয়া কাব্য-সাহিত্যলৈ এই সলনি হ’ব ধৰা সুৰটো কঢ়িয়াই অনাৰ দায়িত্ব পালন কৰে জয়ন্তী আলোচনীয়ে।
কবি কেশৱ মহন্ত উল্লেখ কৰা প্ৰগতিশীল ধাৰাটোৰ এগৰাকী প্ৰতিষ্ঠিত কবি। এই সম্পৰ্কে হীৰেন্দ্ৰনাথ দত্তই আগবঢ়োৱা মন্তব্যটি উল্লেখযোগ্য— “ক’বি কেশৱ মহন্তৰ দীৰ্ঘকাল জোৰা কাব্যচৰ্চাৰ অন্তৰালত এটা প্ৰত্যয়ে নিৰন্তৰ ক্ৰিয়া কৰি আছে। সেইটো হৈছে সমাজবাদৰ ওপৰত তেখেতৰ অটল বিশ্বাস। এই বিশ্বাসৰ ভেটিত খোপনি ৰাখি তেখেতে বাস্তৱৰ জটিল আৰু বহুমুখী ৰূপ অনুধাৱন কৰে আৰু সংকটকালত তৰি থাকিবৰ বাবে মানুহৰ অপৰাজেয় শক্তি আৰু সম্ভাৱনাৰ কথা সুবিধা পালেই সোঁৱৰায়। ৰোমাণ্টিক ভাৱধাৰাৰ কবিতাৰ বিপক্ষে তাহানি চল্লিশৰ দশকতে স্থিতি লৈ তেখেতে সমাজমুখী বাস্তৱানুগ কবিতা ৰচিবলৈ আৰম্ভ কৰিছিল। … যোৱা ষাঠি বছৰৰ অন্তৰ্গত কালছোৱাত কেশৱ মহন্তৰ সমাজবাদী ভাবধাৰাৰ কবিতাও বেলেগ বেলেগ ধাৰাৰে আগবাঢ়িছে, কাৰণ বিশ্ব বিয়াপি সমাজবাদী কবিতাই লক্ষণীয় বিস্তৃতি লাভ কৰিছে আৰু আঙ্গিকৰ ক্ষেত্ৰতো নতুনত্ব আহি পৰিছে। মহন্তৰ কবি সত্তা নতুন গতিপথৰ সন্ধানী।”
সমাজবাদী চিন্তাৰে উদ্বুদ্ধ কবিগৰাকীৰ মন সমাজৰ অবহেলিত, নিপীড়িত, শোষিত-বঞ্চিতজনৰ প্ৰতি সহানুভূতিশীল। ব্যক্তি মনৰ নিষ্কলুষ ভাবনাৰ লগতে সমাজৰ তথাকথিত ‘বৰ মানুহ’ৰ কপটতা আৰু স্বাৰ্থপৰতাৰ নিৰ্মোহ চিত্ৰ তেওঁৰ ভালেকেইটা লেখত ল’বলগীয়া কবিতাৰ মাজেদি প্ৰকাশ পাইছে। তাৰ বিপৰীতে তেওঁৰ কবিতাত চিত্ৰিত হোৱা গ্ৰাম্য জীৱনৰ সহজ-সৰল ৰূপৰ মাজেদি অসমৰ গ্ৰাম্য সমাজৰ এখন সাৰ্থক প্ৰতিচ্ছবি প্ৰতিভাত হৈছে, য’ত অসমৰ লোকজীৱন, লোকমন, লোকচিন্তা আৰু বিশ্বাস-পৰম্পৰা কোঁহে-কোঁহে বিদ্যমান। গঞা জীৱনৰ চিত্ৰ ইমান নিৰহ-নিপানীকৈ ফুটাই তুলিব পৰা কবিৰ সংখ্যা অসমীয়া সাহিত্যত তাকৰ।
কেশৱ মহন্তৰ প্ৰকাশিত কাব্য সংকলনৰ ভিতৰত উল্লেখযোগ্য হৈছে— আমাৰ পৃথিৱী (১৯৪৬), আগন্তুক (১৯৬৩), তোমাৰ তেজ (১৯৮৫) আৰু মোৰ শুকান কলিজাত কুঁহিপাত (২০০০)।
২০০৬ চনৰ ৩১ মাৰ্চ তাৰিখে কবি-গীতিকাৰ আৰু সাংস্কৃতিক জগতৰ অক্লান্ত কৰ্মী কেশৱ মহন্তই শেষ নিশ্বাস ত্যাগ কৰে।
❧ | আৰু পঢ়ক: