উ ৎকণ্ঠা বাঢ়িছিল, হুমুনিয়াহ নিগৰিছিল, মাজে মাজে গাৰ নোম শিয়ৰি উঠিছিল আৰু কোনোবা মুহূৰ্তত এচাম পুৰুষৰ প্ৰতি খং-ক্ষোভত গাৰ তেজ উতলি উঠিছিল! যিমানেই আগবাঢ়ি গৈ আছিলো, সিমানেই মানুহৰ প্ৰতি বিশ্বাস-অবিশ্বাসৰ সূতাডালত আউল লাগিছিল।…
হয়, এয়া আছিল এখন উপন্যাস পঢ়ি থকা সময়ৰ অনুভৱ!
বিশিষ্ট ঔপন্যাসিক ৰীতা চৌধুৰী বাইদেউৰ প্ৰত্যেকখন উপন্যাসেই পাঠকৰ হৃদয়ত এক গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে। নিজকে দৃঢ় আৰু সমাজৰ এচাম মুখাধাৰীৰ সৈতে খোজত খোজ মিলাই চলিবলৈ মনটোক সচেতন আৰু শক্তিশালী কৰি তুলিবলৈ প্ৰত্যেকজনী নাৰীয়ে প্ৰেৰণা পাব পৰা ৰীতা চৌধুৰীৰ এখন নাৰীকেন্দ্ৰিক উপন্যাস হ’ল— ‘পপীয়া তৰাৰ সাধু’। ১৯৯৮ চনত প্ৰথম প্ৰকাশ পোৱা এই উপন্যাসখনৰ পাতনিত লেখিকাই স্পষ্টৰূপে প্ৰকাশ কৰিছে যে উপন্যাসৰ কাহিনী আৰু চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক, বাস্তৱ জীৱনৰ অনেক খণ্ডচিত্ৰ আৰু অভিজ্ঞতাৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে উপন্যাসখনৰ কাহিনীৰ ভেটি।
উপন্যাসৰ মূল চৰিত্ৰটো হ’ল নিজকে সমাজত প্ৰতিষ্ঠা কৰাৰ হেঁপাহ কৰা এজনী সৰলমনা ছোৱালী,— জেউতি। তাই সপোন দেখিছিল, এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক তথা সাহিত্যক হোৱাৰ। এই সকলোবোৰৰ বাবে তাই আদৰ্শ হিচাপে লৈছিল সু-লেখিকা অপৰ্ণা আৰু এজন সংবাদ জগতৰ প্ৰতিষ্ঠিত ব্যক্তি সুবিমল ফুকনক। কলেজৰ এটা অনুষ্ঠানত সুবিমল ফুকনে জেউতিৰ মনত এক মায়া জগতৰ মায়া সানি দিয়াত কলেজ আধাতে সামৰি ঘৰৰ মানুহৰ বাধা নেওচি সাংবাদিকতাত স্নাতকোত্তৰ কৰিবলৈ তাই ঘৰ এৰি গুৱাহাটীলৈ গুচি গ’ল। গুৱাহাটীত সুবিমল ফুকনৰ উৎসাহজনক কথা আৰু মিছা ভালপোৱাৰ জালত সৰলমনা জেউতি দিনে দিনে মেৰ খাই গৈ আছিল।
“জেউতি, তুমি দিনে দিনে সুন্দৰ হৈ গৈছা।… সম্পাদকৰ কঠিন খোলাত আবদ্ধ হৈ আছোঁ যদিও মোৰ ভিতৰতো এজন সৌন্দৰ্য-পিপাসু মানুহ জীয়াই আছে।”, “তুমি এজনী মেচিয়’ৰ্ড ছোৱালী। এটা বেলেগ প্ৰফেশ্বন লৈছা। ইমান দিন কাম কৰাৰ পাছতো ভয়াতুৰ হৈয়েই থাকিবানে? কমন ছোৱালীৰ দৰে ৰাতিপুৱা-গধূলি সীমাৰ ভিতৰত থাকিব খুজিলে তুমি চলি থাকিব পাৰিবা; কিন্তু তুমি যিটো পৰ্যায়লৈ উন্নীত হ’ব খুজিছা, সেইটো পৰ্যায় পাবলৈ হ’লে কেতিয়াবা তুমি নিয়ম ভাঙিবও লাগিব।”— এনে ধৰণৰ কথাৰ মায়াত জেউতি মেৰ পাক খাই নিজকে বিলীন কৰি দিলে। ৰঙীন পৃথিৱীখনত জেউতিয়ে নিজকে হেৰুৱাই পেলায় বুলি লগতে থকা ৰূপালীয়ে বহু কথা কৈ সাৱধান কৰিছিল। “তোৰতো দিনে দিনে খৰচ বাঢ়িয়েই গৈ আছে। বিউটি পাৰ্লাৰ, কাপোৰ-কানি, চখৰ শেষেই নাই। চুলি কাটিলি, ভুৰুসোপাও উঘালিলি। আৰু যে কি নকৰিবি!”— এয়া আছিল ৰূপালীয়ে জেউতিক কৰা শাসন। কিন্তু সেই সময়ত জেউতিয়ে হেঁপাহ কৰিছিল আকাশ চুবৰ। সেয়েহে কাৰো কথাক তাই গুৰুত্ব নিদি সুবিমল ফুকনৰ জালত বন্দী হৈ গৈ আছিল। যাৰ ফলত সময়ত তাই নিজকে সুবিমল ফুকনক অৰ্পণ কৰিবলৈকো ৰাজি হ’ল। তাৰপাছতেই যে সুবিমল ফুকনে তাইক প্ৰতাৰণা কৰিব, সেয়া তাই সপোনতো ভবা নাছিল।
প্ৰতাৰণাৰ এইখিনি সময়তে সংবাদ জগতৰ বহুকেইজন ব্যক্তিৰ সৈতে জেউতি চিনাকি হৈছিল তথা একেলগে কাম কৰিব লগা হৈছিল। তাৰে এজন হ’ল নবীন দুৱৰা, যিয়ে গল্প-কবিতাৰ নামত জেউতিৰ শৰীৰ উপভোগ কৰিছিল। আন এজন আছিল প্ৰীতম দুৱৰা, যিয়ে দুখৰ সমভাগী হ’বলৈ আহি জেউতিৰ দেহৰ মৌ চুহিছিল। জীৱনসংগী কৰিম বুলি প্ৰতাৰণা কৰা প্ৰীতম দুৱৰাক জেউতিয়ে সেইদিনা চিনি পাইছিল, যিদিনা জেউতিক লগ কৰিবলৈ আহি ধৰ্ষণ কৰা প্ৰীতমৰ সহকৰ্মী উৎপল বৰবৰাৰ কথা কোৱাত প্ৰীতমে ঠাট্টা কৰি দুটামান নিকৃষ্ট বাক্য কৈছিল! “কি ক’লা? উৎপলদাই তোমাক ধৰ্ষণ কৰিছে? হাঃ হাঃ হাঃ মানে ৰেপ? মই উৎপলদাক নাজানো নেকি? মূৰ্খ নেকি উৎপলদা? খুজিলেই পোৱা বস্তু এটাক… ।” ইফালে উৎপল বৰবৰাই জেউতিৰ সৈতে মাতলামি কৰোঁতে যেতিয়া জেউতিয়ে এজনী সাধাৰণ জাৰ্নালিষ্টৰ ঘৰলৈ আহি মাতলামি কৰিবলৈ লাজ লগা নাই বুলি কৈছিল, তেতিয়া বৰবৰাই নিজৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দিছিল এই বুলি— “চিঞৰি মানুহ মাতিবা? তুমি? তুমি কি ইয়াত আৰু কাৰোবাৰ জানিবলৈ বাকী আছে নেকি? নাটক বাদ দিয়া বুজিছা, তোমালোকৰ দৰে, ডাঙৰ মানুহৰ নেজত ধৰি ডাঙৰ হ’ব খোজা বহুত ছোৱালীয়ে মোক নিজে আহি… আৰু তুমি, তুমি সুবিমল ফুকনৰ বিছনাত শুব পাৰা, প্ৰীতমৰ বিছনাত, নবীন দুৱৰাৰ বিছনাত শুব পাৰা, মোৰ লগত কিয় শুব নোৱাৰা? ময়ো তোমাক পাব্লিচিটি দিম, স্বীকৃতি দিম, তোমাক পইচা দিম, ময়ো তোমাক ওপৰলৈ তুলিম…, মোক মাত্ৰ অলপ ফূৰ্তি কৰিবলৈ দিয়া।” কি আচৰিত মানসিকতাৰ পৰিচয় এয়া, কি পৈশাচিক চিন্তা! মান-সন্মান সকলো হেৰুৱাই জেউতিয়ে মানসিক কষ্টত নিজৰ সৈতে যুঁজিছিল। শুভাকাঙ্ক্ষীসকলে দিয়া উৎসাহত তাই নিজৰ লক্ষ্যৰ ফালে দৃঢ়তাৰে আগবাঢ়িছিল যদিও শেষত ৰাজনীতিৰ মেৰপাকত আউল লাগি প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। নীলিম আকাশখনৰ ধ্ৰুৱতৰা হ’ব বিচৰা জেউতি অৱশেষত পপীয়া তৰাৰ দৰে আকাশৰ পৰা খহি পৰিল।
যোগ্যতা, প্ৰতিষ্ঠা, যশস্যা আদিৰ সপোনৰ আসনত বহুৱাই তথাকথিত এচাম প্ৰতিষ্ঠিত স্বাৰ্থপৰ মানুহে কি দৰে জেউতিৰ জীৱনটোক তিলতিলকৈ অন্ধকাৰৰ ফালে গঁতিয়াই দিলে, তাৰ এক জীৱন্ত ছবিয়েই হ’ল ‘পপীয়া তৰাৰ সাধু’। এগৰাকী নিষ্পাপ ছোৱালীৰ সৰলতাক দুৰ্বলতা বুলি লৈ তাইৰ দেহত প্ৰেমহীন স্পৰ্শেৰে এজন মুখাপিন্ধাই বিছা বগুৱাৰ দৰে বগাই তাইৰ জীৱনটোক ডাঁকি পেলালে। এইখন এখন সমাজৰ জীয়া ছবি। বহু সৰলমনা নাৰীয়ে নিজৰ ভৰিত থিয় দিবলৈ যাওঁতে এনেদৰে নিজৰ সৰ্বস্ব হেৰুৱাব লগা হৈছে। এই বাস্তৱতাকে লেখিকাই উপন্যাসত ঠাই দিছে অতি বিশ্বাসযোগ্যভাৱে।
‘নাৰীয়েই নাৰীৰ শত্ৰু’— বাক্যশাৰীৰ প্ৰমাণ দিয়ে অলকা, মনোৰমা আদি নাৰী চৰিত্ৰই, যিয়ে সহজ-সৰল ছোৱালীবোৰক ৰঙীন সপোন দেখুৱাই সিহঁতৰ দেহৰ নিলাম কৰে। অৱশ্যে অপৰ্ণা, নবাৰুণ, অপূৰ্ব আদি চৰিত্ৰৰ দ্বাৰা লেখিকাই সেইচাম মানুহৰ প্ৰতি সজাগ-সচেতন হ’বলৈ উপন্যাসৰ ঠায়ে ঠায়ে বাৰ্তা প্ৰেৰণ কৰিছে।
কিছুমান যন্ত্ৰণাই মানুহক ভিতৰি ভিতৰি শামুকৰ খোলা স্বৰূপ কৰি পেলায়, সেই যন্ত্ৰণাতে মৰি মৰি জীয়াই আছিল জেউতি; মাত্ৰ সৰুৰে পৰা টান থকা সাহিত্য আৰু এগৰাকী সাংবাদিক হোৱাৰ দূৰ্বাৰ হেঁপাহৰ বাবে। দেহৰ সৰ্বস্ব হেৰুৱাইছিল, কিন্তু জেউতিয়ে মনৰ উদ্যম হেৰুওৱা নাছিল। এগৰাকী নাৰীয়ে মনৰ শক্তি ইমান সোনকালে কেতিয়াও নেহৰুৱায় বা হেৰুওৱা অনুচিত, তাকেই লেখিকাই জেউতি চৰিত্ৰৰ মাজেৰে ক’ব খুজিছে।
❧। আৰু পঢ়ক: বৰ্ণিল সময়ৰ দস্তাবেজ: নবীন বৰুৱাৰ ‘কটন কলেজ’
কেইবাবছৰৰ আগতেই উপন্যাসখন লিখা হৈছিল যদিও সৰ্বকালৰ কিছুমান নিকৃষ্ট সত্য উপন্যাখনত প্ৰকাশ পাইছে। এই বাস্তৱ চিত্ৰ লেখিকাই অতি সাহসিকতাৰে নিখুঁতভাৱে উপন্যাসখনত সজাই তুলিছে।
পপীয়া তৰাৰ সাধু (উপন্যাস)
লেখক: ৰীতা চৌধুৰী
প্ৰকাশক: জ্যোতি প্ৰকাশন, গুৱাহাটী
প্ৰথম প্ৰকাশ: ১৯৯৮
পঞ্চম সংস্কৰণ: জুন, ২০১৫
পৃষ্ঠা সংখ্য: ৩১৪ (হাৰ্ড কভাৰ)
ISBN: 978-81-920061-1-6
মূল্য: ২৪০ টকা