বৃ টিছে অসমত শাসন কৰাৰ সময়ৰ পৰা অসমীয়া ছাত্র সমাজক সংগঠিত ৰূপত গঢ় দিয়াৰ এক প্ৰত্যাহ্বান আহি পৰিল। ইয়াণ্ডাবু সন্ধিৰ পাছত বৃটিছে অসমত শাসন কৰিবলৈ আহি প্রশাসনত সহায় কৰিবলৈ অসমীয়া কৰ্মচাৰীৰ অভাৱ অনুভৱ কৰি এচাম বঙালী লোকক অসমলৈ আমদানি কৰিলে। পাছত এই চামেই গোজেই গজালি হৈ অসমীয়া ভাষাটো নোহোৱা কৰিবলৈ উঠি-পৰি লাগিল। ফলস্বৰূপে অসমত বৃটিছে অসমীয়া ভাষাৰ ঠাইত ১৯৩৬ চনৰ পৰা অসমত চৰকাৰীভাৱে বঙলা ভাষা প্রচলন কৰিলে। ফলত স্কুল, অফিচ-কাছাৰী সকলোতে বাংলা ভাষা বাধ্যতামূলক হ’ল। কিন্তু অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ স্বদেশপ্রীতি আৰু জাতীয়তাবাদী ভাবধাৰাৰে অনুপ্রাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত থাকিল।
আনন্দৰাম ঢেকীয়াল ফুকনৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ লগতে মিছনেৰী ব্ৰন্ছন আৰু বৃটিছ গৱৰ্ণৰ মোফাট মিল্চৰ সহযোগত ১৮৭২ চনত পুনৰ অসমত অসমীয়া ভাষা প্রচলন হ’ল। সেই সময়ত অসমত উচ্চ শিক্ষাৰ অনুষ্ঠান নথকাত বাধ্য হৈ কিছু আঢ্যৱন্ত অসমীয়া পৰিয়ালৰ ছাত্ৰই কলিকতাত মেচ পাতি উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। সেই ছাত্ৰসকলে কলিকতাত একত্ৰিত হৈ অসমীয়া ছাত্র সমাজ হিচাপে চিনাকি দিবলৈ সক্ষম হৈছিল। কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকলে ১৮৭২ চনত ‘অসম লিটাৰেৰী ছ’চাইটি’ৰ জন্ম দিয়ে। অসমীয়া সাহিত্য চর্চাক মূল বিষয় হিচাপে লোৱা এই অনুষ্ঠানটোক আৰম্ভণিতে নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ বৰুৱা ফুকনে। সমান্তৰালকৈ অনুষ্ঠানটোত ৰাজনৈতিক চিন্তাৰ প্ৰৱেশ ঘটিছিল। তাৰ প্ৰমাণ পোৱা যায় সেই বছৰতে সংগঠনটোৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই সংগঠনটোৰ হৈ সেই সময়ৰ ভাইচৰয় ল’ৰ্ড নর্থব্রুকক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল, য’ত অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন আৰু অসম-বংগৰ মাজত ৰে’ল সংযোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল। ১৮৮৫ চনলৈকে এই অনুষ্ঠানটো সক্ৰিয় হৈ আছিল।
তাৰ কেইবছৰমানৰ পাছতেই ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম দিয়ে সেই সময়ত কলিকতাত পঢ়িবলৈ যোৱা কেইজনমান অসমীয়া ছাত্ৰই। ঊনবিংশ শকিতাৰ অষ্টম দশকত কলিকতাত অধ্যয়ন কৰি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাটোক অসমীয়া জাতীয়তাবাদ গঠনৰ মূল চালিকা শক্তি বুলি চিহ্নিত কৰিছিল। এই ছাত্ৰসকলে কলিকতাৰ বিভিন্ন ষ্ট্ৰীটত থকা মেচসমূহত বাস কৰি সময়ত মেচবোৰৰ মাজত কিছুমান সামূহিক কাৰ্যসূচী ৰূপায়ণ কৰিছিল। প্রতি বুধবাৰ আৰু শনিবাৰে হোৱা চাহমেলতে ৬৭ মীর্জাপুৰ ষ্ট্রিট মেচত ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল। মূলতঃ অসমীয়া ভাষাৰ উন্নতিৰ বাবে সাহিত্য সৃষ্টি, পুৰণি সাহিত্যৰ সংৰক্ষণ, অসমীয়া ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ শুদ্ধতা, অসমীয়া পাঠ্যপুথিৰ অভাৱ দূৰীকৰণে সভাৰ মূল উদ্দেশ্য আছিল।
অ.ভা.উ.সা. সভাত জড়িত বিশেষ ব্যক্তিসকল আছিল— বেণুধৰ ৰাজখোৱা, হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আদি। সেই সভাই লোৱা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত বিশেষ উল্লেখনীয় হ’ল— অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী ‘জোনাকী’ প্রকাশ। এই আলোচনীখনক অসমীয়া আলোচনী সাহিত্যৰ পথপ্ৰদৰ্শক বুলি ক’ব পাৰি। ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা জোনাকী প্রকাশ হয়। জোনাকীৰ মাধ্যমেৰে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হয়। পাছলৈ গুৱাহাটীৰ পৰা সত্যনাথ বৰা আৰু কনকলাল বৰুৱাৰ সম্পাদনাত জোনাকী প্রকাশ হয়। এই আলোচনীখনত প্ৰকাশিত কবিতা, প্রবন্ধসমূহত অসমীয়া জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্য্যই বৃটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত পৰা নেতিবাচক প্রভাৱ আৰু অসমৰ অর্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় এলানি প্রবন্ধ প্রকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, ‘অসম সংগীত’, ‘বীণ বৰাগী’ আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশ প্ৰেমৰ ঢল বোৱাইছিল। অ.ভা.উ.সা. সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আৰু ভাষা সম্পর্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল। পৰৱৰ্তী সময়ত সেই ছাত্ৰসকলে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি ক’হিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা আৰু গুৱাহাটীত অ.ভা.উ.সা. সভাৰ শাখা গঠনত অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল।
১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে অসমত ইয়াৰ প্ৰতিবাদ হৈছিল। পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী আদি এচাম নেতৃস্থানীয় ব্যক্তিয়ে বংগ ভঙ্গৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। স্বদেশী আন্দোলনৰ প্ৰতিক্রিয়া সমগ্র ব্রহ্মপুত্র উপত্যকাত বিস্তাৰিত হৈছিল। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। গুৱাহাটীৰ এদল ছাত্রই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল। ১৯০৬ চনৰ ৩১ জুলাই তাৰিখে কটন কলেজিয়েট হাইস্কুলত অম্বিকাগিৰীৰ ‘বন্দিনী ভাৰত’ নামৰ বিদ্রোহাত্মক নাটকখন মঞ্চায়ন হৈ থকাৰ সময়তে পুলিছে মঞ্চৰ পৰাই নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল।
আন্দোলনৰ পৰা অসমীয়াক আঁতৰাবলৈ বৃটিছ চৰকাৰে কেইটামান জনহিতকৰ কাম কৰিছিল। তাৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ সমাজৰ বাবে দুটা গুৰুত্বপূৰ্ণ কাম আছিল— অসমীয়া ভাষা-সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা আৰু কটন কলেজক উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা।
কলিকতাত পঢ়িবলৈ যোৱা ছাত্র সমাজে অসমীয়া ছাত্ৰসকলক এক নতুন মাত্ৰা প্ৰদান কৰিছিল, কিয়নো অসমীয়া ছাত্ৰসকলে অসম আৰু অসমীয়াৰ বাবে ইয়াৰ পূৰ্বে একত্ৰিত হৈ কিবা এটা কৰাৰ প্ৰচেষ্টা চকুত পৰা নাছিল। এই প্রচেষ্টাৰ ফলস্বৰূপেই হওক বা আন কোনো কাৰণতেই হওক, অসমত ১৯১৬ চনত অসম ছাত্র সন্মিলন গঠন হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত বহা ইয়াৰ প্ৰথমখন অধিৱেশনত কেইবাটাও উদ্দেশ্যৰ বিষয়ত আলোচনা কৰা হৈছিল। অসমীয়া ভাষাৰ উন্নতি সাধন কৰা, অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্রদান কৰি এক সম্পর্ক স্থাপন কৰা, ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, চিন্তাবিদ, ৰাজনীতিবিদক আমন্ত্ৰণ কৰি জ্ঞানসমৃদ্ধ আৰু জাতীয়তাবাদেৰে পুষ্ট বক্তৃতাৰে জনসাধাৰণক আকৰ্ষিত কৰা আৰু ‘মিলন’ নামৰ এখন মুখপত্ৰ প্ৰকাশ কৰি অসমীয়া শিক্ষা, সাহিত্য-সংস্কৃতি, সাম্প্রদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনাক গঢ় দিয়াৰ দৰে কেইবাটাও মহৎ প্রচেষ্টা হাতত লৈছিল। এই সন্মিলনীৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে ছাত্ৰ সমাজৰ প্রয়োজনীতাৰ প্ৰতি লক্ষ্য ৰাখি ভালেমান কর্মসূচী হাতত লোৱা পৰিলক্ষিত হৈছিল।
অসহযোগ আন্দোলনৰ সময়তো অসমীয়া ছাত্ৰই মহাত্মা গান্ধীৰ বিদেশী সামগ্ৰী বৰ্জনৰ আহ্বান পালনত পিছপৰি ৰোৱা নাছিল। ১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্ৰিয় কৰি তুলিছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ ছাত্ৰসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বালগংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল’ প্ৰতিষ্ঠা কৰিছিল৷ প্ৰথমে ৰোহিনী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনৰ চৌহদত আৰম্ভ কৰা শিক্ষানুষ্ঠানটো পাছত উজান বজাৰৰ অসম ক্লাবত স্থাপন কৰা হয়। অসমীয়া ছাত্ৰসকলৰ এই কার্য অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকীলসকলে ওকালতি এৰি আন্দোলনত অংশগ্রহণ কৰিছিল। বহু চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল।
আন্দোলনৰ বৰ্দ্ধিত প্রভাৱৰ ফলতেই গুৱাহাটীৰ লগতে নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰা হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত আইন অমান্য আন্দোলনক এক বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত স্কুল-কলেজত শিক্ষা গ্রহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট অৰিহণা যোগাইছিল৷ প্ৰথম অৱস্থাত অমিয় কুমাৰ দাসৰ দৰে যুৱনেতাই আইন অমান্য আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল যদিও ছাত্ৰসকলে সঁহাৰি দিয়া নাছিল। ১৯৩০ চনৰ ১৪ এপ্রিল তাৰিখে নেহৰুক আৰু ৫ মে’ তাৰিখে গান্ধীক গ্রেপ্তাৰ কৰাৰ প্ৰতিবাদত বৃহৎ সংখ্যক ছাত্রই হৰতালত অংশ লৈছিল। ১৯৩০ চনৰ ৬ আৰু ১৪ মে’ তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদস্বৰূপে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বর্জন কৰিছিল। সেই ইংৰাজ চৰকাৰে ছাত্ৰসকলক আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। তেনে এক ব্যৱস্থাৰ অংশ হিচাপে বৃটিছ বিষয়া জে আৰ কানিংহামে এক নিদের্শনা জাৰি কৰিছিল। ১৯৩০ চনত জাৰি কৰা কুখ্যাত কানিংহাম চাৰ্কুলাৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত কৰা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত কৰা হ’ব বুলি ঘোষণা কৰিছিল। চৰকাৰৰ এই ভীতি প্রদর্শনে ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহহে যোগাইছিল।
১৯২১ চনৰ পৰাই সংগঠিত ৰূপত গঢ় লোৱা ভাৰতৰ স্বাধীনতা সংগ্রাম ক্রমান্বয়ে তীব্রতৰ হৈ আহি ১৯৪২ চনত চুড়ান্ত পর্যায়ত উপনীত হৈছিল। স্বাধীনতা আন্দোলনক চুড়ান্ত পর্যায়ত উপনীত কৰা ৪২ৰ গণ আন্দোলনে অসমতো আলোড়নৰ সৃষ্টি কৰিছিল। অসমৰ সহস্ৰজনৰ ত্যাগ, বীৰত্ব আৰু আত্মবলিদানে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এক সুকীয়া গৌৰৱপূৰ্ণ স্থান লাভ কৰিছিল। ৪২ৰ আন্দোলনত অসমৰ নেতৃস্থানীয় স্বনামধন্য লোকসকল তথা অসমৰ বীৰ-বীৰাঙ্গনাৰ দৰেই আন বহুতো অসমীয়া ডেকা-গাভৰু, ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা-জীৱিকা ত্যাগ কৰি এই চৰম মুক্তি আন্দোলনৰ অংশীদাৰ হয়। এই আন্দোলনত অসমৰ ছাত্ৰ আৰু যুৱ সমাজৰ অৰিহণা আছিল অতিশয় প্রশংসনীয়। বৃটিছৰ বিৰুদ্ধে অসমৰ জনসাধাৰণৰ স্তুপীকৃত ক্ষোভ আৰু প্রতিবাদে বিষ্ফোৰক ৰূপ ধাৰণ কৰিছিল। ব্যক্তিগত হাবিয়াস পৰিহাৰ কৰি ছাত্র সমাজওে ভৱিষ্যত প্রজন্মৰ কল্যাণৰ বেদীত সৰ্বস্ব উছৰ্গা কৰিছিল। অসমত সংগ্রামী ছাত্র সমাজক সংগঠিত কৰাত নেতৃত্ব দিছিল চন্দ্ৰনাথ শৰ্মাই।
স্বাধীন ভাৰতৰ লগত ১৯৪৭ চনৰ ১৫ আগষ্টত অসমো ভাৰতৰ অংগ ৰাজ্য হিচাপে স্বাধীন হ’ল। অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনত আমুল পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে লোকপ্রিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ’ল। আন আন পৰিৱৰ্তনৰ লগতে অসমৰ ছাত্ৰ সমাজৰ বাবেও নতুন সম্ভাৱনাৰ দুৱাৰ খোল খালে। ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় প্রতিষ্ঠা হ’ল। ১৯১৭ চনৰ পৰা অসমীয়া শিক্ষা ব্যৱস্থাৰ উন্নতি কল্পে অসমীয়া বুদ্ধিজীৱী আৰু ছাত্র সমাজে কৰি অহা দাবীয়ে বাস্তৱত ৰূপ পালে। একে সময়তে নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। পাছলৈ ১৯৬৯ চনত দুয়োখন মহাবিদ্যালয় সামৰি গুৱাহাটীৰ খানাপাৰাত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়। ১৯০০ চনত ডাঃ জন বেৰী হোৱাইটৰ একক প্রচেষ্টাৰে প্ৰতিষ্ঠা হোৱা বেৰী হোৱাইট মেডিকেল স্কুলখনক স্বাধীনতাৰ পাছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে অসম চিকিৎসা মহাবিদ্যালয়লৈ ৰূপান্তৰিত কৰা হয়। দেশে স্বাধীনতা লাভ কৰা দশকতে অসমৰ ছাত্ৰ সমাজৰ প্ৰভুত উন্নতি সাধন হোৱাৰ বাট প্রশস্ত হ’ল। পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয় হৈ পৰিল অসম আৰু অসমীয়া ছাত্ৰ সমাজৰ নেতৃত্ব লোৱা এক অনুষ্ঠান। সেই সময় ধৰি আজিও বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজৰ নেতৃত্বত অসমে এক নতুন অসম গঢ়াৰ সপোন দেখে। এই সপোন দিঠক কৰাত অসমীয়া ছাত্র সমাজৰ কৰণীয় ক’ৰবাত যেন এতিয়াও অসম্পূৰ্ণ হৈ আছে। প্রতিজন অসমীয়াই সেই সপোন দিঠক হোৱাৰ কামনা লৈয়ে জীয়াই আছে।
❧ | আৰু পঢ়ক: