বিং শ শতিকাৰ অসমৰ এটি দিকদৰ্শী ব্যক্তিত্ব চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৃতিয়ে শতিকাটোক মহিমামণ্ডিত কৰিছিল। জীৱনত পোৱা সকলো সামাজিক ঘাত-প্ৰতিঘাত অসীম সাহস আৰু দৃঢ়তাৰে নেওচি যিদৰে তেওঁ দেশ আৰু জাতিৰ বাবে নিজৰ জীৱনটোক সঁপি দিছিল, সেই কথা মনলৈ আহিলেই আশ্চৰ্যন্বিত হৈ পৰোঁ; মুহূৰ্ততে সেই জীৱন পৰিক্ৰমাই আমাৰো মন-প্ৰাণ জোকাৰি যায়। যুগে যুগে চলি অহা বুলিয়েই পৰম্পৰাক মানিবলৈ তেওঁ আছিল নাৰাজ। নাৰী সম্পৰ্কে সমাজৰ সকলো ৰক্ষণশীল ধাৰণাক তেওঁ ভাঙিব খুজিছিল আৰু নাৰী সমাজক মুক্ত চেতনাৰ আলোকৰ সন্ধান দিবলৈ জীৱনজুৰি যুঁজ দিছিল। জাত-পাত তথা সমাজত শিপাই থকা উচ্চ-নীচৰ ধাৰণাক ওফৰাই এখন সহনশীল সমাধিকাৰে পূৰ্ণ সমাজ গঢ়া আছিল তেওঁৰ কাংক্ষিত লক্ষ্য। পৰাধীনতাৰ পৰা দেশক মুক্ত কৰাই হৈ পৰিছিল তেওঁৰ পণ।
এনে এখন সমাজ পাবলৈ দিহিঙে-দিপাঙে চন্দ্ৰপ্ৰভা ঘূৰি ফুৰিছিল, বক্তৃতা দিছিল আৰু কলম হাতত লৈ সাহিত্য সৃষ্টি কৰিছিল, য’ত পয়ালগা সমাজখন তুলি ধৰি এখন ৰূপান্তৰৰ সমাজৰ ছবি আঁকিছিল। তেওঁ ৰাজহুৱাভাৱে ওলাই অহাৰ সময়ৰ পৰাই কলম হাতত লৈছিল। ১৯১৯ চনত প্ৰকাশ পোৱা ‘চেতনা’ৰ পাততে সম্ভৱতঃ তেওঁৰ প্ৰথম লেখা ওলাইছিল। কেতিয়াবা চন্দ্ৰপ্ৰভা দাস, কেতিয়াবা চন্দ্ৰপ্ৰভা দাস্যা আৰু পাছলৈ চন্দ্ৰপ্ৰভা শইকীয়ানী নামতেই তেওঁৰ লেখা ওলাইছিল। তাত কোনোটোতে ৰোমাণ্টিক ভাবোচ্ছাস নাছিল, আছিল নানা সামাজিক প্ৰশ্ন, সমাজ বাস্তৱতাক তুলি ধৰাৰ আন্তৰিক প্ৰয়াস। অৰ্থাৎ সাহিত্যৰ লক্ষ্য সমাজক উজ্জীৱীত কৰা, সমাজক নতুন পথৰ সন্ধান দিয়া— এই উপলব্ধি তেওঁৰ যৌৱনকালতে হৈছিল।
ইয়াত যিখন ৰচনাৰ কথা ক’বলৈ ওলাইছোঁ, সেইখন হ’ল ‘আকুল পথিক’, যিখনক এটি দীঘল গল্প অথবা এখন ক্ষুদ্ৰ উপন্যাসিকা বুলি ক’ব পাৰি। ওলাইছিল ‘চেতনা’ প্ৰকাশৰ দহ বছৰ পাছত প্ৰকাশিত অসমৰ এখন ঐতিহ্যমণ্ডিত আলোচনী ‘আৱাহন’ৰ পাতত। গল্পৰ কাহিনীভাগ চৰিত্ৰৰ নিজ মুখেৰে ব্যক্ত কৰা হৈছে। অৰ্থাৎ স্বগোক্তিৰে। তাৰ মাজেৰেই চৰিত্ৰৰ মনঃস্বত্ত্ব আৰু পৰস্পৰৰ প্ৰতি ভাবনা পৰিস্ফুট হৈছে, কাহিনীৰ সংলগ্ন উপকাহিনী আৰু চৰিত্ৰৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ মাজতে লেখিকাই সমাজখনক চাইছে, যুক্তি-অযুক্তিৰ বিচাৰ কৰিছে। গল্পটোৰ তিনিটা মুখ্য চৰিত্ৰ— প্ৰভাত, কিৰণ আৰু কৰুণা। লগত পাৰ্শ্ব চৰিত্ৰ শৰত। প্ৰভাত প্ৰতিপত্তি থকা পৰিয়ালৰ সন্তান। মাটিয়ে-বাৰীয়ে তেওঁৰ পিতাকক ক্ষুদ্ৰ জমিদাৰ বুলিব পাৰি। মৌজাৰ মৌজাদাৰ। কম বয়সতে প্ৰভাতৰ মাক ঢুকাল। পিতাকে পৰম্পৰা মানি আকৌ বিয়া কৰালে। প্ৰভাতৰ কথা— পৃথিৱীত একোৱেই স্থায়ী নহয়, প্ৰিয়তমা পত্নীৰ শোকো স্থায়ী নহয়। স্বামীৰ শোকো স্থায়ী নহয়। কিছুমান বিধৱাইহে শোক স্থায়ীকৈ ৰাখে, সিয়ো সমাজৰ শাসনৰ বান্ধত পৰিহে।
মাহীমাক ঘৰ সোমালহি যদিও কোনো অথন্তৰ নহ’ল পৰিয়ালটিত। মাহীমাকৰ লগত মিলাপ্ৰীতিৰে সময় গৈ থাকিল প্ৰভাতহঁতৰ। প্ৰভাতৰ বিয়াৰ বয়স হোৱাত পিতাকে উলহ-মালহেৰে বিয়া পতাৰ ব্যৱস্থা কৰিলে। ঘৰৰ ডাঙৰ ল’ৰা তেওঁ। এঘৰ ধনী পৰিয়ালত প্ৰভাতৰ বাবে ছোৱালী ঠিক কৰা হ’ল। প্ৰভাতৰ ক’বলগীয়া একো নাথাকিল। কিন্তু বিয়াৰ কইনা ঘৰ সোমোৱাৰ দিনাই হাহাকাৰ লাগিল। সৰু আয়েকে গৈ চোৱা সুন্দৰী ছোৱালী এই কইনাজনী নহয়। কইনা সলনি হৈ ৰূপহীনা কইনা এজনী (কিৰণ)হে ঘৰ সোমালহি। ঘৰখনত অসন্তোষে দেখা দিলে। কথাষাৰ ৰাষ্ট্ৰ হ’ল। এনেদৰে কইনা ঘৰে যে ঠগাব প্ৰভাতে ভাবিব পৰা নাছিল। কিন্তু কৰিব কি এতিয়া? প্ৰতিপত্তি থকা ঘৰ। কথাটো এতিয়া অস্বীকাৰ কৰে কেনেকৈ? প্ৰভাতে সেয়ে সমাজৰ চকুত তেওঁৰ লগতে জীৱন কটাবলৈ ঠিক কৰিলে। কিৰণকে শিকাই-বুজাই উপযুক্ত কৰিবলৈ ঠিক কৰিলে যদিও নিজে উদাসীন জীৱনহে কটাবলৈ ধৰিলে।
প্ৰভাতৰ ঘৰৰ প্ৰতি মনোযোগ কমি আহিবলৈ ধৰিলে। চহৰলৈ কৈ সময় কটাব ধৰিলে। ঘৰলৈ অহাতো বিলম্ব কৰিব ধৰিলে। কিৰণে কৰিব কি, তাই জানে পিতাকে তাইৰ ৰূপ নাই কাৰণে ওচৰৰে ৰূপৱতী এজনীক দেখুৱাই তাইক বিয়া দিয়াৰ বন্দোৱস্তী কৰিছিল। পিতাকৰ চক্ৰান্তৰে তুলি দিয়া তাই এটা ব’ব নোৱৰা বোজা বুলি ভাবিলে। প্ৰভাতৰ দৰে তাইও পিতাকক একো ক’ব নোৱাৰিছিল। এতিয়া এটাই তাইৰ আশা, এটা সন্তান হ’লে তাৰ সৈতে জীৱনটো কটাই দিব, প্ৰভাতৰ মৰম নেপালেও। বহু দিনৰ মূৰত কিৰণৰ সেই আশা পূৰণ হ’ল যদিও কিছুদিন পাছত সন্তানটিৰ মৃত্যু হ’ল।
ইফালে প্ৰভাতৰ স্বভাৱৰ পৰিৱৰ্তন নহ’ল। প্ৰভাতে গুৱাহাটীত থাকিবলৈ ল’লে। তাতে লগ পালে কৰুণাক,— এগৰাকী লাৱণ্যময়ী বুদ্ধিমতী তিৰোতা। এগৰাকী নামজ্বলা লেখিকা, ওজস্বীনী বক্তা। প্ৰভাতে শুনিছিল তাইৰ সদনাম আৰু বদনাম। তাই বিবাহিতা, কিন্তু স্বামীৰ দ্বাৰা উপেক্ষিতা। স্বামীৰ পৰিয়ালে তাইক গ্ৰহণ কৰা নাই, কাৰণ তাই স্বামীৰ স্ব জাতিৰ নহয়, তথাকথিত হীন জাতিৰ। স্বামী বদলি সূত্ৰে অন্য ঠাইলৈ গৈ উভতি নাহিল। সেয়ে তেওঁ স্বামীৰ ঔৰষত জন্ম লোৱা সন্তানটিক অকলে ডাঙৰ কৰাৰ প্ৰতিজ্ঞা কৰি মাকৰ ঘৰলৈ আহি জীৱন সংগ্ৰামত খোজ দিয়াকে ঠিক কৰিলে। ইফালে অসহযোগ আন্দোলনতো জপিয়াই পৰিছে। তেওঁৰ ৰৈ বৈ যোৱা নাম যশ। কিন্তু তেওঁৰ মুকলিমুৰীয়া স্বভাৱটোক বহুতে অপবাদো দিছে। এদিন ট্ৰেইন যাত্ৰাত তেওঁৰ সৈতে প্ৰভাতৰ দেখাদেখি হ’ল। ইতিমধ্য প্ৰভাতৰ পিতাক ঢুকাইছে, পিতাকৰ মৌজাৰ দায়িত্ব তেওঁ চমজি লৈছে। কৰুণা আহিছে বামুণ বাল বিধৱা এগৰাকীক লৈ, কাৰণ তাই অৱহেলিতা, আনকি পিতাকৰ ঢেঁকীশালতো তাইৰ ঠাই নাই। তেওঁক তেওঁ গুৱাহাটীৰ কালীপুৰ আশ্ৰমত নি থ’ব।
প্ৰভাত কৰুণাৰ প্ৰতি আকৰ্ষিত হ’ল। যেন তেওঁৰ উদাসীনতাৰ যৱনিকা পৰাৰ সময় উপস্থিত হ’ল। প্ৰেমৰ পৰা বঞ্চিত তেওঁ। কৰুণাৰ সভা চাবলৈ যাব ধৰিলে। কৰুণাক নিজৰ কৰি ল’বলৈ মন আকুল হৈ পৰিল। কিন্তু কৰণা যে হীন জাতৰ আৰু আনহাতে প্ৰভাতৰ বংশ উচ্চ মৰ্যাদাৰ। এই সকলো নেওচি প্ৰভাতৰ মনলৈ কৰুণাৰ ভাবমূৰ্তিহে আহি থাকিল। ওচৰতে এখন ৰায়ত সন্মিলনীলৈ কৰুণা আহিছিল। সভা ভঙাত সন্ধিয়া হ’ল। প্ৰভাতে তেওঁক ঘৰলৈ নিমন্ত্ৰণ জনালে। কৰুণাই বিনাদ্বিধাই ৰাতিটো তাতে কটালে। প্ৰভাতে সেই দিনাই কৰুণাক মনৰ ভাব কৈ পেলালে। কৰুণা দৃঢ়মনা, প্ৰভাতক তেনেদৰে চাব নিবিচাৰে।
কিন্তু কৰুণা তাৰ পাছতো তালৈ আহি থাকিল। কিৰণে প্ৰভাতৰ মনৰ কথা বুজি পাই একো আপত্তি নকৰিলে। তাই সহজভাৱে ল’লে। এবাৰ ৰাতি কৰুণাই তাতে কটোৱাৰ দিনা প্ৰভাত ৰাতি মূৰ্ছা গ’ল। প্ৰভাতে কৰুণাক ওচৰত বিচাৰি কিৰণক ক’লে। কিৰণে কাবৌ-কাকুতি কৰি কৰুণাক শোৱাৰ পৰা জগাই কথাটো ক’লে। দ্বিধাগ্ৰস্ত কৰুণাই অগত্যা গৈ প্ৰভাতক শুশ্ৰূষা কৰিলেগৈ। প্ৰভাতৰ ভ্ৰাতৃ শৰতে কথাটো সহজে ল’ব নোৱাৰিলে। পাছদিনা বৌৱেকৰ লগতো নিভৃতে কথা কোৱা দেখিলে। লেখা-পঢ়া ছোৱালীবোৰ এনেকুৱাই হয় ইত্যাদি। কৰুণাই ভাবিলে, নাৰীৰ যৌৱন ইমানেই লোভনীয়নে? তেন্তে তেওঁক স্বামীয়ে এৰি গ’ল কিয়? প্ৰভাতে কয় তেওঁ হে স্বামী স্বামী বুলি মনত পেলায়, কিন্তু তেওঁৰ স্বামীয়ে মনত জানো ৰাখিছে!
প্ৰভাতে দেখুৱাব খোজে নিজৰ নিৰ্ভীকতা,উদাৰতা। কিৰণ, শৰতক ভ্ৰূক্ষেপ নকৰে, কাৰণ তেওঁ ধনী। তেওঁ কাৰো ওচৰত নাই, কিন্তু সকলো তেওঁৰ ওচৰত। কৰুণা তেওঁৰ প্ৰণয় প্ৰাৰ্থী হ’ব নোৱাৰে। শৰতে ইফালে কৰণাৰ প্ৰতি অশালীন হ’বলৈও কুণ্ঠাবোধ কৰা নাই। শৰতৰ কৰুণাৰ প্ৰতি অভিযোগ, ককায়েক মূৰ্ছা যোৱাৰ বাবে কৰুণাই দায়ী। লেখা-পঢ়া ছোৱালীবোৰ এনেকুৱাই হয় বুলিও কৰুণাক তিৰস্কাৰ কৰিলে। আনকি তেওঁ যে হীন জাতিৰ, তেওঁলোকৰ লগত মিলিব নোৱাৰে তাকো সোঁৱৰাই দিলে। দূৰৈৰ পৰা শৰতৰ কথা শুনি প্ৰভাতৰ খং চৰিল, আলহীক এনে ব্যৱহাৰ কৰাত শৰতক গালি-শপনি দিলে। প্ৰভাত এক প্ৰকাৰৰ উন্মাদ আৰু শৰত আন এক প্ৰকাৰৰ উন্মাদ। প্ৰভাতৰ তৰ্জন-গৰ্জন শুনি শৰত ঘৰ এৰি যাবলৈ ওলাল। শেষত সকলো অপমান সহ্য কৰি কৰুণাই দেখিলে এনে সময়ত ঘৰ এৰি যোৱাতকৈ বুজনি দিয়া ভাল। তেওঁ শৰতক ক’লে, তেওঁক অনাহকত ককৰ্থনা কৰিছে শৰতে। তেওঁ বিবাহিতা, তেওঁলোকৰ ঘৰলৈ কেনেকৈ আহিব? তেওঁ হীন হব পাৰে, তেওঁলোকে পতা জগততে, প্ৰকৃতি কিন্তু হীন নহয়। শৰতহঁত ওখ কুলৰ হ’ব পাৰে, কিন্তু অকল জাত্যাভিমানেই আজিকালি মানুহক মানী আৰু ডাঙৰ নকৰে। শৰতক শান্ত কৰি কিৰণে সজাই দিয়া লেতেৰা টিনৰ কাঁহীতে ভাত খাই কৰুণাই সিদিনা প্ৰভাতৰ ওচৰৰ পৰা আহিল।
তাৰ পাছত বহু বছৰ পাৰ হৈ গ’ল। কৰুণা তালৈ নহা হ’ল। শৰতৰ ব্যৱহাৰৰ বাবেই বুলি প্ৰভাতে ভাবিলে। প্ৰভাত ক্ৰমে শুকাই-ক্ষীণাই নৰীয়াত পৰিল। কিৰণে দুখত ভাত-পানী এৰিলে। এই অৱস্থা দেখি শৰত কুমলিল আৰু প্ৰায়শ্চিত্ত কৰিবৰ মন গ’ল। এখন গৰুগাড়ীত লৈ আহিল কৰুণাক প্ৰভাতৰ ওচৰলৈ। চাৰিটা দিন কটাই যোৱা কৰুণাই প্ৰভাতক মৰমেৰে কৈ গ’ল— “ইচ্ছা কৰিলে মানুহ সবল হ’ব পাৰে। মোক যদি সঁচাকৈয়ে ভাল পায়, তেন্তে দেশৰ কামত আত্মসমৰ্পণ কৰক।” সেইদিনাৰ পৰা প্ৰভাতে দেশৰ কামত নিজকে আত্মনিয়োগ কৰিলে। ৰায়তৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলৈ ধৰিলে। বুজি পালে, সুখ-দুখৰ লগত সুখ-দুখ মিলাই যোৱাই প্ৰকৃত পথ। পূজা, নাম-প্ৰসংগ মিছা, মাত্ৰ নিজক ভুৱা দি ৰখাইহে উপায়। ঈশ্বৰ পূজাৰ বেদীত নাই, আছে দীন-দুখীয়াৰ সেৱাত। পূজা কৰি থকা সময়ত ঈশ্বৰ ক’ত পোৱা যায় সোধোঁতে কৰুণাই কৈছিল— “দেশৰ মাজত।” তাৰ পাছৰ পৰাই দেশৰ, দহৰ বাবে সা-সম্পত্তি খৰচ কৰিবলৈ ল’লে প্ৰভাতে। পোনতে উইল কৰি কৰুণাক দিব বুলি ভাবিছিল, কৰুণাৰ ধমক খালে। কিৰণৰ সৈতে দিন নিয়াৰ পণ ললে তেওঁ। ইফালে কৰুণাৰ ল’ৰাটিও পঢ়া-শুনা কৰি এজন চিত্ৰকৰ হৈছে, দেশত নাম ৰৈ বৈ গৈছে। প্ৰভাতৰ মন গ’ল তাৰ বাপেকক চাবলৈ। ঠিকনাটি আছিল, গৈ ওলাল। তেওঁ এজন প্ৰতাপী ডেপুটি মেজিষ্ট্ৰেট। শুনিলে তেওঁৰো হেনো দীন-দুখীয়াৰ সেৱাই প্ৰধান ব্ৰত। তেওঁৰ মনৰ প্ৰশ্ন: সেই অভাগিনী নাৰীৰ প্ৰতি এয়ে নেকি ভালপোৱা? এই অভিনয়ৰ কি আৱশ্যক?
‘আকুল পথিক’ৰ সমাজখন এখন চিনাকি সমাজ। সমাজৰ হা-হুতাহ, দ্বন্দ্ব সকলো ইয়াৰ চৰিত্ৰকেইটাৰ মাজত পৰিস্ফুট হৈছে। পৰম্পৰা আৰু আধুনিকতাৰ দ্বন্দ্বও প্ৰস্ফুটিত হৈছে বিশ্বাসযোগ্যভাৱে। কৰুণা নিজৰ জীৱনত দেখুৱাই অহা ত্যাগৰ কেৱল প্ৰতীকেই নহয়, দেশ আৰু দহৰ বাবে উৎসৰ্গিত প্ৰাণো। জাত-পাতৰ ঊৰ্ধ্বত সমাজক প্ৰতিষ্ঠা কৰিব খোজা এগৰাকী নাৰী। কৰুণাৰ এই দৃষ্টিভংগীয়ে প্ৰভাতৰ মনৰ পৰিৱৰ্তন সাধন কৰিছে। কৰুণাৰ প্ৰতি তেওঁৰ ভালপোৱা দেশক ভালপোৱালৈ সলনি হৈছে। শৰতৰ মনৰ উচ্চ-নীচৰ ভাৱনা নাইকিয়া হৈছে। তেওঁৰ মনত কৰুণা এগৰাকী উচ্চ স্তৰৰ নাৰী ৰূপে প্ৰতিপন্ন হৈছে।
‘আকুল পথিক’ৰ ভাষা আৰু কাহিনীৰ উপস্থাপনত কোনো জড়তা নাই। মন চুই যোৱা বৰ্ণনা। সৰ্বোপৰি ক’ব পাৰি, ‘আকুল পথিক’ত চন্দ্ৰপ্ৰভাৰ নিজৰেই জীৱনৰ কাহিনীৰ প্ৰতিফলন ঘটিছে।
❧ | আৰু পঢ়ক:
- সত্ৰীয়া সংস্কৃতিৰ ওজা জীৱেশ্বৰ গোস্বামী
- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰাসংগিক কথা
- সদালাপী চন্দ্ৰ ফুকন
- বিষ্ণুপ্ৰসাদ ৰাভাৰ নাটক আৰু সাংস্কৃতিক আন্দোলন
- পানীন্দ্ৰনাথ গগৈ: এজন ভাষাপ্ৰেমী সাহিত্যিক