অ সমীয়া বাৰটা মাহৰ ভিতৰত ভাদ মাহৰ এক সুকীয়া বৈশিষ্ট্য আৰু গুৰুত্ব আছে। অসমীয়া সমাজ জীৱনৰ এটি অতি পুণ্য-পৱিত্র আৰু আধ্যাত্মিক ৰসৰে জীপাল মাহ হৈছে ভাদ মাহ। ইছলাম ধৰ্মাৱলম্বী লোক এজনৰ বাবে ৰমজান মাহ যিমান পৱিত্ৰ, অসমীয়া বৈষ্ণৱভাবাপন্ন মানুহৰ বাবেও সিমানেই পৱিত্র এই ভাদ মাহ। অসমীয়াৰ প্ৰাণত আধ্যাত্মিকতাৰ সোঁত বোৱাই ৰখা এই ভাদ মাহৰ এক গাম্ভীর্যপূর্ণ আবেদন আৰু ৰুচিশীল চেতনা আছে। এবুকু সপোন বুকুত বান্ধি আমাৰ কৃষিজীৱী চহা সমাজ আহাৰ মাহৰ প্ৰথমৰ পৰা শাওণৰ শেষলৈকে ব্যস্ত হৈ পৰে খেতিপথাৰত। শাওণৰ শেষত পথাৰৰ কামৰ পৰা আজৰি হয়। ভাদ মাহত শইচ চপাবৰ সময় নহয়। সেউজীয়া ধাননি পথাৰখনো নতুন নিয়ৰৰ চামনিৰে শীতল হৈ পৰে। এইখিনি সময় অৰ্থাৎ ভাদ মাহত অসমীয়া চহা সমাজ আধ্যাত্মিক চিন্তা-চৰ্চাৰে অনুপ্রাণিত হ’বলৈ নিজৰ নিজৰ গাঁৱৰ নামঘৰত সমবেত হয়।
বাৰিষাৰ বৰষুণৰ পাছত চৌদিশে নির্মল আৰু পৰিষ্কাৰ হৈ পৰা সুন্দৰ পৰিৱেশত বৈষ্ণৱপ্রাণ অসমীয়াই শংকৰী সংস্কৃতি, গীত-মাত, হৰিনামৰ অমিয়া ৰস পান কৰি জীৱন ধন্য কৰে। অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা প্ৰতিটো নামঘৰ, সত্রানুষ্ঠান ভাদ মাহত মুখৰ হৈ পৰে নাম-কীর্তেনৰে। বর্তমান যান্ত্রিকতাৰ মাজত অতি ব্যস্ত জীৱন যাপন কৰা জনেও এই মাহত এদিনৰ বাবে হ’লেও নামঘৰলৈ যায়; এভাগ শৰাই আগবঢ়াই পৰিয়ালৰ মংগল কামনা কৰে। অসমীয়া মানুহ য’তেই নাথাকক লাগে, তাৰ পৰাই ভাদ মাহৰ আধ্যাত্মিক শক্তিৰ ওচৰত মূৰ দোঁৱাই মনৰ শান্তি বিচাৰে।
ভাদ মাহত জন্মগ্রহণ কৰা সন্তানক অতি ভাগ্যৱান বুলি অসমীয়া সমাজত গণ্য কৰা হয়। একেটা পৰিয়ালৰ যদি তিনিটা পুৰুষ (পিতৃ, পুত্ৰ আৰু নাতি)ৰ ভাদ মাহত জন্ম হয়, তেন্তে নাতিৰ দিনত সেই পৰিয়াল সৌভাগ্যশালী হৈ ধন-দৌলত আৰু প্ৰতিপত্তিৰে পৰিপূৰ্ণ এটা পৰিয়ালত পৰিণত হয় বুলি অসমীয়া লোকসমাজত এক বিশ্বাস আছে। সেইবাবে কোৱা হয়— ‘তিনি ভদীয়াই হাতী বান্ধে’। ইয়াৰ পৰাই বুজা যায় ভাদ মাহটো অতি পৱিত্ৰ আৰু সৌভাগ্যমণ্ডিত মাহ।
ভাদ মাহ বুলিলেই আমাৰ মনলৈ আহে অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ তিথিলৈ। গুৰু দুজনাৰ অনবদ্য অৱদানৰ মহাশক্তিৰে আমি অসমীয়া জাতি চহকী হৈ আছোঁ। গুৰু দুজনাৰ লগতে তেৰাসৱৰ পৰৱৰ্তী কেইবাগৰাকী বৈষ্ণৱ গুৰুৰ তিথিও এই ভাদ মাহতে পৰে। এই ভাদ মাহতে সেয়েহে গুৰুসকলক স্মৰণ কৰা হয়। তদুপৰি এই ভাদ মাহতে ভগৱান শ্রীকৃষ্ণৰো আৱিৰ্ভাৱ ঘটিছিল হেতু সেই পুণ্য তিথি জন্মাষ্টমীভাগ অতি ভক্তি সহকাৰে ভক্তসকলে পালন কৰে।
ভাদ মাহৰ আন এক তাৎপর্য বিচাৰ কৰিলে দেখা যায় যে ভৌগোলিক অৱস্থান অনুসৰি ভাৰতবর্ষ উত্তৰ গোলার্ধত অৱস্থিত, ভাদ মাহত সূর্য উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰে; ফলত ভাদ মাহৰ পৰাই ভাৰতত এন্ধাৰৰ মাত্রা বৃদ্ধি পাবলৈ ধৰে। জ্যোতিৰ্বিজ্ঞানৰ এইখিনি কথা কৃষ্ণজন্মত প্রতীকী অৰ্থত ব্যৱহাৰ কৰা হৈছে। এন্ধাৰ নাশ কৰাৰ বাবে পোহৰৰ প্রয়োজন, গতিকে দুষ্কৃতি আৰু অসততাৰ প্রতীক এন্ধাৰ নাশি সততা আৰু সংস্কৃতিৰ পোহৰে সমাজক আলোকিত কৰাৰ বাবে ভাদ মাহত পূর্ণব্রহ্ম কৃষ্ণৰ জন্ম হৈছে।
পৱিত্র ভাদ মাহত গুৰু দুজনাৰ তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নামঘৰে নামঘৰে যি গীত-মাত, বাদ্য, নাম-প্রসংগ, নাট-ভাওনা আদি পৰিৱেশন কৰা হয়, সেই সকলোখিনিৰ মূল আধাৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সর্বগুণাকৰ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই ষোড়শ শতিকাৰ দোকমোকালিতে নৱবৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ শলিতা জ্বলাই ধর্মীয় অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ অৱসান ঘটোৱাৰ লগতে অসমৰ জাতীয় জীৱনলৈ যি যুগান্তকাৰী পৰিৱৰ্তন আনিলে, তাৰ তুলনা পাবলৈ নাই।
আজি প্ৰতিগৰাকী অসমীয়াৰ বাবে এয়া পৰম সৌভাগ্য যে গুৰুজনাই পাঁচশ বছৰৰ আগতেই ধর্ম, শিক্ষা, ভাষা-সাহিত্য, শিল্পকলা-সংস্কৃতি আদি সকলো ক্ষেত্ৰতে অসম আৰু অসমীয়া জাতিক সঞ্জীৱীত কৰি যোৱাৰ লগতে শক্তিশালী ৰূপত গঢ় দি থৈ গৈছে। গুৰুজনাই আধ্যাত্মিক চিন্তাৰ অঙ্কুৰণ ঘটাই অজ্ঞ-অনাখৰী মানুহক কৃষ্ণভক্তিৰ মালা পিন্ধাই বিভিন্ন ধর্ম তথা জাতি-উপজাতিৰে বহুধা বিভক্ত অসমীয়া সমাজখনক একত্রিত কৰি নামঘৰ, সত্ৰকেন্দ্ৰিক এখনি বৰ অসমীয়া সমাজ গঢ়ি থৈ গৈছে।
অফুৰন্ত সৃজনী শক্তিৰ অধিকাৰী শঙ্কৰদেৱে কেৱল শ্ৰৱণ-কীর্তনৰ দ্বাৰা ঈশ্বৰক তুষ্ট কৰাৰ সর্বোত্তম প্রণালী উদ্ভাৱন কৰি সমাজখনক একতাৰ ডোলেৰে বান্ধি অন্ধবিশ্বাস, কুসংস্কাৰ আদি মনৰ পৰা আঁতৰাই মুক্তিৰ সুগম পথৰ নির্দেশনা দিছিল। ধর্ম সংস্থাপন কৰিবলৈ যাওঁতে গুৰুজনাই যিবোৰ অনবদ্য অৱদানেৰে সমাজখনক সংগঠিত কৰি গ’ল, সেই সমূহ অসম আৰু অসমীয়া জাতি জীয়াই থকালৈকে লয় নাপায়। অসমীয়া জাতিটোৰ ৰক্ষণ, বর্ধন আৰু ভৱিষ্যত দিগ-দৰ্শনৰ বাবে তেৰাই অনুপম শিল্প-সাহিত্য, কলা-সংস্কৃতি, গীত-মাত দান কৰি গৈছে।
আনহাতে নামঘৰ গুৰুজনাৰ দিগন্তপ্ৰসাৰী সৃষ্টি প্রতিভাৰ উজ্জ্বল স্বাক্ষৰ। গুৰুজনাই এই নামঘৰক কেৱল ভক্তিধর্ম প্রচাৰৰ মাধ্যম হিচাপেই নহয়, তেৰাৰ প্রৱর্তিত গীত-মাত, নৃত্য, নাট-ভাওনা আদি কলা-সংস্কৃতিৰ চৰ্চা আৰু অনুশীলনৰ মূল কেন্দ্র তথা সমাজৰ অনেক মাংগলিক উৎসৱ-পাৰ্বন পালনৰ কেন্দ্র হিচাপে গঢ়ি তুলিছিল। এই নামঘৰতে অসমীয়া সমাজে ভাদ মাহত গুৰু দুজনাৰ কৃতি, তেৰাসৱৰ অনুপম সৃষ্টিৰাজী, হৰি-নাম কীর্তন, ভাওনা-সবাহ আদিৰে ভগৱানৰ গুণানুকীৰ্তন কৰাৰ লগতে কায়মনোবাক্যে ভগৱন্তৰ চৰণছত্ৰত নিজকে সমর্পণ কৰি আহিছে।
নামঘৰত ভাওনা | ছবি: পল্লৱপ্ৰাণ গোস্বামী
ভাদ মাহৰ সাংস্কৃতিক গুৰুত্ব অপৰিসীম। ভাদ মাহৰ সংক্রান্তিৰ দিনাৰ পৰা অসমৰ প্ৰতিটো নামঘৰত পুৱাৰ পৰা ৰাতিলৈকে হৰিনামৰ অমিয়া ৰসে সৰগীয় পৰিৱেশৰ সৃষ্টি কৰে। তদুপৰি গুৰু দুজনাৰ তিথি উপলক্ষে নামঘৰে নামঘৰে ভাওনা পতাৰ যি পৰম্পৰা, সেয়াই শংকৰী সংস্কৃতিৰ চর্চা আৰু বিকাশত এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। আজিও অসমৰ বহুসংখ্যক গাঁৱত বার্ষিক সবাহ হিচাপে ভাদ মাহত ভাওনা কৰাৰ পৰম্পৰা চলি আহিছে। চামে চামে এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ মহাপুৰুষীয়া সংস্কৃতি, গীত-মাতৰ চৰ্চাই এক অবিচ্ছিন্ন প্রবাহ হিচাপে গতি লাভ কৰিছে। বিশেষকৈ ভাদ মাহৰ প্রতিটো আবেলি অসমৰ প্ৰতিখন গাঁও মুখৰ হৈ পৰে গোপিনীসকলৰ হৰিনামেৰে। ভাদ মাহত গোপিনীসকলৰ গাত তৎ নাইকীয়া হয়, ঘৰুৱা কাম-কাজৰ ব্যস্ততাৰ মাজতে প্ৰতিগৰাকী মহিলা সমবেত হয় গাঁৱৰ নামঘৰত। আইসকলৰ হৰিনাম-দিহানামৰ সুললিত সুৰে গোটেই গাঁওখনকে পৱিত্র কৰি ৰাখে।
❧ | আৰু পঢ়ক: অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য
এক কথাত, এই ভাদ মাহটোত বিভেদ, অসূয়া-অপ্রীতি পাহৰি ভগৱন্তৰ চৰণত নিজকে সমর্পণ কৰি প্ৰতিগৰাকী অসমীয়াই গুৰুজনাই ৰোপণ কৰি যোৱা একতা-সমন্বয়ৰ বটবৃক্ষজোপাৰ তলত সমবেত হৈ সমাজখনক সকলো দিশত আগবঢ়াই নি এক সুবৃহৎ অসমীয়া জাতি গঠনৰ বাবে প্রতিজ্ঞাবদ্ধ হয়।
Follow Nilacharai on Facebook