বি শ্ব-ব্ৰহ্মাণ্ডত বিৰাজমান এক প্ৰৱল সৎ-শক্তি বা সত্য-শক্তিয়েই (Eternal Energy) দেৱী-শক্তি; যাক আমি নাৰী-শক্তি হিচাপে কল্পনা কৰি পূজা-অৰ্চনা কৰি আহিছোঁ। মাতৃৰ যিদৰে সৃষ্টি কৰিব পৰা শক্তি আছে, সেইদৰে এই সৰ্বশক্তিমান দেৱীৰ সৃষ্টি কৰিব পৰা শক্তি থকা বাবেই তেওঁৰ নাম সৃষ্টিৰূপা। তেৱেঁই জগত জননী, পতিত পাৱনী, ঈশ্বৰী, আদ্যাশক্তি, কল্যাণী, সনাতনী, ব্ৰহ্মৰূপিণী; তেৱেঁই বিষ্ণু, তেৱেঁই শিৱ, তেৱেঁই ব্ৰহ্মা; জগৎ সৃষ্টিকাৰিণী, জগৎ পালনকাৰিণী আৰু জগৎ ধ্বংসকাৰিণী। যোগিনী তন্ত্ৰত শিৱই পাৰ্ৱতীক কৈছে—
যা কালী পৰমা বিদ্যা ব্ৰহ্মৰূপা সনাতনী।
কামাখ্যা সৈব দেবেশি সৰ্ব্বসিদ্ধি বিনোদিনী।।
জগতৰ ত্ৰিশক্তি— ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ কাৰ্যকাৰণৰ ফালৰ পৰা সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা ৰূপে পৰিচিত হ’লেও শক্তি অবিহনে এই ত্ৰিশক্তিও মূল্যহীন। সেয়ে শক্তি আৰু শক্তিমানৰ মাজত অভেদত্ব স্বীকাৰ কৰা হয়। পৰমপুৰুষ আৰু শিৱ অৰ্থাৎ মহাদেৱ অভিন্ন হোৱাৰ দৰে প্ৰকৃতি আৰু শক্তিও এক আৰু অভিন্ন। শ্বেতাশ্বতৰোপনিষদৰ ৪/১০ শ্লোকত কৈছে—
মায়াং তু প্ৰকৃতিং ৱিদ্যাৎ মায়িনং তু মহেশ্বৰম্।
তস্যাৱয়ৱভূতৈস্তু ব্যাপ্তং সৰ্বমিদং জগতৎ।।
মাতৃ আৰু ধৰণী অৰ্থাৎ পৃথিৱী সৃষ্টিৰ দুবিধ উৎস। মাতৃৰ সন্তান জন্ম দিব পৰা ক্ষমতা আছে আৰু ধৰণীৰো শস্য উৎপাদন কৰিব পৰা ক্ষমতা আছে। সেয়ে নাৰীক অসীম শক্তিধাৰিণী বুলি ধৰা হয়। তেনে অভিব্যক্তিৰ পৰিণতিতে জগতত যোনি পূজাৰ জন্ম হ’ল। পুৰুষ অবিহনে মাতৃয়ে কেতিয়াও সন্তান জন্ম দিব নোৱাৰে, সেইদৰে শস্যৰ বীজ পৃথিৱীত নপৰালৈকে সি অংকুৰিত হ’ব নোৱাৰে। তাতেই সৃষ্টি হ’ল লিঙ্গ-যোনিৰ একত্ৰ সংযোগ। “যোনি শস্যসম্ভৱা ধৰিত্ৰীৰ প্ৰতীক আৰু লিঙ্গ ভূমিকৰ্ষণ কৰ্মৰ প্ৰতীক।… লিঙ্গৰ অধিকাৰী প্ৰত্যেকজন পুৰুষেই শিৱ স্বৰূপ আৰু যোনিবিশিষ্টা প্ৰত্যেকজনী স্ত্ৰীয়েই পাৰ্ৱতী।” এই যোনি পূজাৰ নামান্তৰেই শক্তিপূজা। আনকি সৃষ্টি-স্থিতি-প্ৰলয়কাৰী শক্তিৰ কৰ্তা ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰো এই আদ্যাশক্তিৰ পৰাই সৃষ্টি হৈছে। এই বিষয়ে তন্ত্ৰত কৈছে—
হৰিহৰাদ্যা যে দেৱাঃ সৃষ্টি-স্থিত্যন্তকাৰকাঃ।
সৰ্বে ৱৈ যোনি সম্ভূতাঃ শৃনুস্ব নগনন্দিনী।।
তদুপৰি শক্তি আদিযুগত প্ৰজনন আৰু কৃষিৰ দেৱী ৰূপে আছিল। যিহেতু তেওঁ শাকম্ভৰী বা শতাক্ষী স্বৰূপে অৱতীৰ্ণ হৈ সন্তানসকলৰ ক্ষুধা নিবাৰণ কৰে, সেয়ে দুৰ্গা পূজাত তেওঁক নবিধ শাকেৰে নৱপত্ৰিকাৰ ৰূপত পূজা কৰা হয়।
বৈদিক যুগৰ পৰাই সমগ্ৰ বিশ্বত এক মহাশক্তিৰ অৱস্থিতি লক্ষণীয় বিষয়। অতি প্ৰাচীনতম বেদ ঋকবেদতেই মহৰ্ষি অম্ভৃনিৰ কন্যা পৰম ব্ৰহ্মৰূপী বাক্দেবী বাক্ নামেৰে ঋষিৰ আদ্যা শক্তিৰূপে আৱিৰ্ভূত হয়। দেৱীসূক্তত তেওঁৰ স্ব-অনুভূতিৰ বৰ্ণনা প্ৰসঙ্গত ‘ভূৰিস্থাতাং ভূৰ্য্যাবেশীয়ন্তীম’ ৰূপে অৰ্থাৎ ‘প্ৰাণস্বৰূপে মই বহুভাৱে অৱস্থিতা’ আৰু ‘সৰ্বভূতত জীৱৰূপে প্ৰৱিষ্ঠা’ বুলি উল্লেখ কৰিছে।
‘শক’— এই শব্দৰ অৰ্থ ‘ঐশ্চৰ্যবাচক’ আৰু ‘তি’— এই শব্দৰ অৰ্থ ‘পৰাক্ৰমবাচক’ অৰ্থাৎ যি ঐশ্চৰ্য আৰু পৰাক্ৰমস্বৰূপ হৈ সকলোকে মঙ্গল প্ৰদান কৰে, তেওঁৰেই নাম শক্তি। শ্ৰীশ্ৰীচণ্ডীত ‘যা দেৱী সৰ্ব্বভূতেষু শক্তিৰূপেন সংস্থিতা’ বুলি উল্লেখ কৰিছে। মায়া শক্তিৰ সহায়ত ব্ৰহ্মই এই জগত সৃষ্টি কৰিছে। প্ৰকৃতি নামেৰেও অভিহিত শক্তিৰ প্ৰকৃত অৰ্থ এনেধৰণৰ— ‘প্ৰ’ অৰ্থাৎ প্ৰকৃষ্ট, ‘কৃতি’ অৰ্থাৎ সৃষ্টি; যি দেৱী সৃষ্টি বিষয়ত প্ৰকৃষ্ট অৰ্থাৎ সৰ্বপ্ৰধান, তেৱেঁই প্ৰকৃতি নামেৰে অভিহিত। বেদত ‘প্ৰ’ শব্দই আদি গুণ অৰ্থাৎ উৎকৃষ্ট সত্ত্বগুণ, ‘কৃ’ শব্দই মধ্যগুণ— ৰজোগুণ, ‘তি’ শব্দই অন্ত গুণ অৰ্থাৎ তমোগুণৰ দ্বাৰা নিৰ্দিষ্ট; সেইবাবেই যি শক্তি ত্ৰিগুণস্বৰূপিনী তেৱেঁই মূল প্ৰকৃতি। আনহাতে ‘প্ৰ’ শব্দই আদি আৰু ‘কৃতি’ শব্দই সৃষ্টি বুজায়; অৰ্থাৎ যি সৃষ্টিৰ আদি, তাৰ নামেই প্ৰকৃতি।
দেৱীৰ আন এক নাম ভগৱতী। ‘ভগ’ শব্দৰ দ্বাৰা সমৃদ্ধি, বুদ্ধি, সম্পত্তি আৰু যশ বুজায়। শক্তিতে এই সমস্ত গুণ বিলীন হৈ আছে বুলিয়ে শক্তিৰ আন এক নাম ভগৱতী। অৰ্থাৎ শক্তি সদায় ভগৰূপা। এই পৰম ব্ৰহ্মস্বৰূপ আদ্যাশক্তিয়েই মহাশক্তিৰ আধাৰস্বৰূপা। মহাশক্তিৰ আধাৰ দুৰ্গা দেৱী শক্তিৰ অধিষ্ঠাত্ৰী, দুৰ্গতিনাশিনী আৰু সৃষ্টিৰ প্ৰতীক। প্ৰকৃততে দুৰ্গা শব্দৰ অৰ্থ অনেক। যেনে— ‘দু’ মানে দৈত্য, মহাবিঘ্ন, সংসাৰ বন্ধন, কুকৰ্ম, শোক, দুখ, নৰক, যমদণ্ড, জন্ম, মহাভয় আৰু অতিৰোগ, ‘আ’ কাৰৰ অৰ্থ নাশক, অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰে তেৱেঁই দুৰ্গা। এনেদৰে দেৱীৰ নামৰ বিভিন্ন অৰ্থ আছে।
এই দেৱী বা শক্তি পূজাৰ প্ৰাচীনত্ব ক’ত আৰু কেতিয়াৰ পৰা আৰম্ভ হ’ল? এই দেৱীয়েই বিশ্ব চৰাচৰৰ একমাত্ৰ অধিষ্ঠাত্ৰী। ঋকবেদতেই অনেক দেৱী মূৰ্তিৰ নাম পোৱা যায়— বিশ্বদুৰ্গা, সিন্ধুদুৰ্গা, অগ্নিদুৰ্গা আৰু অনেক দেৱীৰ নাম উল্লেখ আছে। সামবেদীয় কেনোপনিষদৰ আখ্যানত ব্ৰহ্ম আৰু ব্ৰহ্মশক্তি অভিন্ন— এই শক্তি সিদ্ধান্তটো পোৱা যায়। সেইদৰে সাংখ্যায়ন গৃহ্যসূত্ৰত ‘ভদ্ৰকালী’ নামটো পোৱা যায়। হিৰণ্যকেশী গৃহ্যসূত্ৰত দেৱী ভৱানী যজ্ঞাহুতিৰ অধিকাৰী। শুক্লযজুৰ্বেদৰ বাজপেয়ী সংহিতাত অম্বিকা দেৱীক ৰুদ্ৰৰ ভগ্নীৰূপে আৰু কৃষ্ণ যজুৰ্বেদৰ তৈতেৰীয় আৰণ্যকত অম্বিকাক ৰূদ্ৰৰ পত্নীৰূপে আখ্যা দিছে। তৈতেৰীয় আৰণ্যকৰ অন্তৰ্গত যাজ্ঞিকা উপনিষদত দুৰ্গাৰ গায়ত্ৰীমন্ত্ৰ উল্লেখ আছে— “কাত্যায়নীয় বিদহে কন্যা কুমাৰীং ধীমহি, তন্নোদুৰ্গী প্ৰচোদয়াৎ” (১০/১/৭)। দেৱী উপনিষদৰ গায়ত্ৰী মন্ত্ৰত আছে— “মহালক্ষ্মীশ্চ বিদ্মহে সৰ্ব্বসিদ্ধিশ্চ ধীমহি তন্নোদেৱী প্ৰচোদয়াৎ।” ইয়াৰ দ্বাৰা দেৱীক মহালক্ষ্মী ৰূপে ব্ৰহ্মময়ী বুলি উল্লেখ কৰা হৈছে।
এই দেৱীয়েই বিশ্ব চৰাচৰৰ একমাত্ৰ অধিষ্ঠাত্ৰী। ঋক্বেদৰ দশম মণ্ডলৰ ১২৫তম সুক্ত ‘দেৱীসুক্ত’ আৰু ‘ৰাত্ৰিসুক্ত’ নামৰে প্ৰসিদ্ধ। দেৱীসুক্তত ঋষি মহৰ্ষি অম্ভৃনিৰ কন্যা বিদুষী বাক্দেৱীয়ে ব্ৰহ্মশক্তিক নিজৰ আত্মাস্বৰূপে উপলব্ধি কৰি নিজকে বিশ্বেশ্বৰী আৰু পৰমব্ৰহ্ম স্বৰূপ বুলি উল্লেখ কৰিছে। এই বাক্দেৱীয়েই পাছলৈ সৰস্বতীলৈ পৰিণত হৈছে। ‘সৰ’ শব্দৰ অৰ্থ হৈছে জল, প্ৰথমে সৰস্বতী নদী আছিল। এই নদীয়েই পাছৰ যুগত দেৱীলৈ পৰিৱৰ্তন হৈ পূজা পাইছিল। এই সম্পৰ্কত সায়নৰ টীকাভাষ্যত লেখিছে— “ভাৰতী স্বৰ্গস্থ বাক, ইলা পৃথিৱীস্থ বাক্ আৰু সৰস্বতী হ’ল অন্তৰীক্ষস্থ বাক।” একেদৰে ৰাত্ৰিসূক্ত (১০/১০/১২৭)-ত কুশিক ঋষিয়ে গায়ত্ৰী মন্ত্ৰত সৰ্বব্যাপক মহাশক্তিক উদ্দেশ্য কৰি ৮টা ঋকত ৰাত্ৰিদেৱীৰ কৰ্মৰ কথা কৈছে। অথৰ্ব বেদত ‘পৃথিৱীসূক্ত’ নামৰ সূক্তত পৃথিৱীকে মাতৃৰূপত দেখুৱাইছে। শুক্লযৰ্জুৰবেদৰ ৰাত্ৰিসূক্ত ঋকবেদৰ সৈতে একেই। ঋকবেদত সীতাক শস্যভূমিৰ দেৱীৰূপে প্ৰাৰ্থনা কৰিছে।
ড° সুকুমাৰ সেনে এইগৰাকী সীতাই মাতৃ-পৃথিৱীক প্ৰতিনিধিত্ব কৰিছে বুলি তেখেতৰ The Goddesses in Indic Tradition প্ৰবন্ধত উল্লেখ কৰিছে। মুঠতে ঋক, অৰ্থব আৰু ৰাত্ৰিসূক্তত উল্লেখিত দেৱী ঊষা, অদিতি, বাক্ আৰু সৰস্বতীৰ সন্মিলিত ৰূপকল্পনাৰ মাজতো দেৱীশক্তি অনুভূত হয়। উপনিষদসমূহতো দেৱীৰ প্ৰাধান্য উল্লেখযোগ্য। কেন উপনিষদৰ ৰূপকটিত উল্লেখিত ব্ৰহ্মবাদিনী উমাই পৰমব্ৰহ্ম স্বৰূপ। অগ্নি আৰু বায়ু দেৱতাই যক্ষনো কোন জানিব খোজাত তেওঁলোকৰ শক্তিৰ প্ৰমাণ দিব নোৱৰাত ইন্দ্ৰই সেই পৰমব্ৰহ্মৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰি তেওঁৰ পৰিচয় বিচৰাত উমাই ক’লে— এৱেঁই ব্ৰহ্ম। এই ব্ৰহ্মশক্তিৰ দ্বাৰাই তেওঁলোক শক্তিমান হৈছে। ব্ৰহ্মজ্ঞান বা ব্ৰহ্মশক্তিৰেই মূল হ’ল দেৱীশক্তি। কৃষ্ণযৰ্জুৰ্বেদত দেৱীক ‘বৈৰোচনী’ বুলি আৰাধনা কৰিছে। মুণ্ডক উপনিষদত দেৱীৰ সাতটা নাম উল্লেখ কৰিছে— কালী, কৰালী, মনোজবা, সুলোহিতা, সুধূম্ৰবৰ্ণা, স্ফুলিঙ্গিনী, দীপ্তিশালিনী আৰু বিশ্বৰুচী। তৈতেৰীয় আৰণ্যকত (১০/১) কাত্যায়নী দেৱীক স্তুতি কৰা দেখুৱাইছে।
পুৰাণৰ যুগেও দেৱীপূজাৰ ইঙ্গিত বহন কৰিছে। মাৰ্কণ্ডেয় পুৰাণত দেৱীৰ পূৰ্ণ বিকশিত ৰূপ প্ৰকাশ পাইছে ‘দুৰ্গাসপ্তশতী’ খণ্ডত। ইয়াকেই ‘দেৱী মাহাত্ম্য’ বা ‘শ্ৰীশ্ৰীচণ্ডী’ নামেৰে অভিহিত কৰা হৈছে। ইয়াত দেৱী এক শক্তিবিশেষ। সত্ব-ৰজ-তমোগুণী ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰো এই শক্তিৰ পৰাই উৎপত্তি হৈছে। শ্ৰীশ্ৰীচণ্ডীত দেৱীৰ নাম বিভিন্ন— অম্বিকা, চণ্ডিকা, ভদ্ৰকালী, ত্ৰিনয়না, কাত্যায়নী, শিৱদূতী, শাকম্ভৰী, ভীমা, ভ্ৰামৰী। সেইদৰে দেৱী পুৰাণ, কালিকা পুৰাণ, ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ আৰু দেৱী ভাগৱতত শক্তিক বিভিন্ন ৰূপত কল্পনা কৰা হৈছে। আনকি ভাগৱত পুৰাণ যদিও বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদক গ্ৰন্থ, তথাপি তাতো বিষ্ণুৱে দেৱীৰ গুণ বৰ্ণনাৰ প্ৰসঙ্গত কৈছে—
দুৰ্গেতি ভদ্ৰকালীতি বিজয়া বৈষ্ণৱীতি চ।
কুমুদা চণ্ডিকা কৃষ্ণা মাধৱী কনাকেতি চ।।
মায়া নাৰায়ণীশানী শাৰদেত্যম্বিকেতিচ। (১০/২/১২)
কালিকা পুৰাণত ৰামৰ প্ৰতি অনুগ্ৰহ কৰি ৰাৱণ বধৰ কাৰণে ব্ৰহ্মাই ৰাত্ৰি কালত মহাদেৱীৰ বোধন মন্ত্ৰৰে আৱাহন কৰিছিল এইদৰে—
ৰামস্যানুগ্ৰহাৰ্থায় ৰাৱণস্য বধায় চ।
ৰাত্ৰাৱেব মহাদেৱী ব্ৰহ্মণা বোধিতা পুৰা।। (৬০/২৬)
কালিকা পুৰাণত দেৱীয়ে নিজকে ‘পৃথিৱ্যহং জগদ্ধাত্ৰী’ অৰ্থাৎ ‘মই জগদ্ধাত্ৰীয়েই পৃথিৱী’ বুলি কৈছে। শিৱ পুৰাণত মহামতি দক্ষই বহু তপস্যাৰ ফলত দুৰ্গাক নিজৰ কন্যাৰূপে লাভ কৰে। মনুস্মৃতিত শ্ৰীদেৱী, লক্ষ্মী আৰু ভদ্ৰকালী দুৰ্গাৰ উল্লেখ আছে। সাধনমালা বৌদ্ধতন্ত্ৰত সৰস্বতী, মহাসৰস্বতী, বজ্ৰবীণা, আৰ্য সৰস্বতী আদি নামৰ উল্লেখ পোৱা যায়। কল্পদ্ৰুম মহাগ্ৰন্থৰ মুণ্ডমালা তন্ত্ৰত দুৰ্গাক আদ্যাশক্তি ৰূপে পূজা কৰা হয়। তাত দেৱীৰ নাম চাৰিটা— আদ্যা, ভুৱনেশ্বৰী, তাৰিণী আদ্যা আৰু কালী। হৰিবংশত দুৰ্গাদেৱীৰ যিটো স্তৱ আছে, তাত তেওঁক শৱৰ, পুলিন্দ আদিৰ দ্বাৰা পূজিত হৈছে বুলি উল্লেখ কৰিছে।
সৃষ্টিৰ আদিতে পৰমাত্মা শ্ৰীকৃষ্ণই বৃন্দাবনৰ ৰাসমণ্ডপত শক্তিপূজা কৰিছিল। তাৰ পৰাই পৃথিৱীত শক্তি পূজাৰ আৰম্ভ হয়। তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাই মধু-কৈতভ অসুৰৰ পৰা ভীত হৈ দুৰ্গা পূজা কৰে। মৃত্যুৰ অধিপতি, তমোগুণীদেৱ মহাদেৱে ত্ৰিপুৰাসুৰক বধ কৰিবলৈ শক্তিপূজা কৰিছিল। অমৰাৱতীতো দেৱেন্দ্ৰই দুৰ্বাশা ঋষিৰ শাপত পৰি স্বৰ্গৰাজ্য হেৰুৱাই ভক্তিভাৱেৰে শক্তি পূজা কৰিছিল। তাৰপাছত দেৱ-মনুষ্য আদিয়ে দুৰ্গাক পূজিবলৈ আৰম্ভ কৰে। মৃন্ময়ী দুৰ্গা প্ৰতিমা সজাই পোন প্ৰথমে মেধস মুনিৰ শিষ্য সুৰথে সমাধি বৈশ্যৰ সৈতে নৈৰ পাৰত বিধিপূৰ্বক মহাস্নান কৰি বলি আৰু হোমৰে পূজা কৰিছিল। এই পূজা বসন্ত কালত কৰা বাবে বাসন্তী পূজা নামেৰে জনাজাত হয়।
মহাকাব্য মহাভাৰতত ভীষ্মপৰ্বৰ ২৩ সংখ্যক অধ্যায়ত কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক্ক্ষণত শ্ৰীকৃষ্ণই প্ৰিয়সখা অৰ্জুনক দুৰ্গাক প্ৰাৰ্থনা কৰিবলৈ উপদেশ দিয়াত অৰ্জুনে দুৰ্গাক উপাসনা কৰিছিল। তদুপৰি বিৰাট-পৰ্বত অজ্ঞাতবাসৰ আগমুহূৰ্ত্তত নিৰাপত্তাৰ বাবে ঋষিসকলৰ উপদেশ অনুসৰি পঞ্চপাণ্ডৱে যি দুৰ্গাস্তৱ পাঠ কৰিছিল, তাত কালী, কপালী, মহাকালী, চণ্ডী আৰু কান্তাৰবাসিনী দেৱীৰ নাম সন্নিৱিষ্ট হৈছে। সেইদৰে বনবাসৰ দুখ, ৰাজ্যলাভৰ চিন্তা আদিৰ পৰা নিষ্কৃতি লাভ কৰিবলৈ মাৰ্কণ্ডেয় মুনিয়ে যুধিষ্ঠিৰক সংকটা দেৱীৰ উপাসনা কৰিবলৈ উপদেশ দিছিল। সেই উপদেশ অনুসৰি তেওঁ সংকটা দেৱীৰ উপাসনা কৰাত যুদ্ধত জয়লাভ কৰি ৰাজ্য-ধন আদি লাভ কৰিছিল।
কৃতিবাসী ৰামায়ণত দুৰ্গাপূজাৰ উল্লেখ পোৱা যায়। বাল্মিকী ৰামায়ণত এই কথা অনুল্লেখ। কিন্তু পৰ্বতীয়া গোসাঁই শ্ৰীশ্ৰীকৃষ্ণৰাম ন্যায়বাগীশকৃত শ্ৰীশ্ৰীদুৰ্গাৰ্চ্চণ মঞ্জৰীত “ৰাৱণস্য বধাথ্যায় ৰামস্যানু গ্ৰহায় চ অকালে বোধিতা দেৱী” বাক্যষাৰৰ উল্লেখে দেৱীপূজাৰ প্ৰভাৱৰ কথা প্ৰকাশ কৰে। শ্ৰীশ্ৰীচণ্ডীত শৰৎকালত ৰজা সুৰথ আৰু সমাধি বৈশ্যই দেৱীক পূজা কৰাৰ কথা ওপৰত উল্লেখ কৰা হৈছে। দেৱী ভাগৱতত শৰৎকালতেই দেৱী পূজাৰ উৎপত্তি বুলি উল্লেখ কৰিছে। ভাগৱতত ব্ৰহ্মাই বিষ্ণুৰ নাভিকমলৰ পৰা উৎপত্তি হোৱাৰ সময়ত বিষ্ণুৰ কাণৰ মলৰ পৰা সৃষ্ট মধু-কৈতভে তেওঁক খাবলৈ উদ্যত হোৱাত ব্ৰহ্মাই বিষ্ণুক জাগ্ৰত কৰাবলৈ দুৰ্গাক স্তুতি কৰিছিল। সত্যযুগত ৰজা সত্যব্ৰতে দেৱীক নাৰায়ণী ৰূপে পূজা কৰিছিল। দ্বাপৰৰ শেষত শ্ৰীকৃষ্ণক স্বামী ৰূপে পাবলৈ ব্ৰজৰ গোপ নাৰীসকলে কাত্যায়নী ৰূপত দেৱী পূজা কৰিছিল।
কেৱল হিন্দুধৰ্মৰে নহয়, বৌদ্ধধৰ্মৰো কেইবাখনো গ্ৰন্থত শক্তিৰ নাম পোৱা যায়। এই ধৰ্মৰ পঞ্চধ্যানীত বুদ্ধৰ একোটা শক্তিৰ নাম আছে— তাৰা, লোচনা, যামকী, পাণ্ডাৰা, আৰ্যতাৰা আৰু বজ্ৰধাত্ৰীশ্বৰী। সেইদৰে বৌদ্ধধৰ্মৰ মাৰীচিদেৱী দশভূজা। জৈন ধৰ্মতো শক্তিবাদৰ প্ৰভাৱ লক্ষ্য কৰা হয়। জৈনধৰ্মত সৰস্বতীক শাসনদেৱী ৰূপে পূজা কৰে। আনকি আমাৰ সৰস্বতী দেৱীৰ ধ্যানমন্ত্ৰৰ লগত জৈনসকলৰ ধ্যানৰ প্ৰায় মিল থকা দেখা যায়—
কুন্দেন্দু-গোক্ষীৰ-তুষাৰবৰ্ণা
সৰোজহস্তা কমলে নিষন্না।
বাগীশ্বৰী পুস্তকবৰ্গ হস্তা
সুখায় সানঃ সদা প্ৰশস্তা।। (ৰত্নসাগৰ)
শিখগুৰু গোবিন্দ সিংহও চণ্ডীৰ উপাসক আছিল। সেইফালৰ পৰা শিখ ধৰ্মতো শক্তিৰ প্ৰভাৱ লক্ষ্য কৰিবলগীয়া বিষয়।
পৃথিৱীৰ বিভিন্ন মহাদেশত নাৰীশক্তিক পূজা-অৰ্চনা কৰাৰ কথা পোৱা যায়। মেক্সিকোত মাতৃদেৱীৰ উপাসনা কৰা হয়। প্ৰাচীন জাৰ্মানসকলে নেৰ্থাস নামৰ মাতৃক পৃথিৱীৰ ৰূপত বন্দনা কৰিছিল। প্ৰাচীন গ্ৰীচত ৰহী নামৰ দেৱী আৰু নাৰীমূৰ্তি পৰ্বতৰ শিখৰত অৱস্থিত, কাষত সিংহ। মিচৰৰ ইষ্টাৰ (ইচ্থাৰ) ক্ৰীটৰ সিংহবাহিনী দেৱী আৰু ডিওন ৰূপত ধৰিত্ৰীক আৰু ৰোমৰ সিবিলী দেৱীক মূলতঃ পৃথিৱীৰ ৰূপত পূজা কৰিছিল। উৰুক নগৰীৰ নগৰপালিকা দেৱী নন-অ, লগসৰ নগৰপালিকা মহান দেৱী বউ, নিপ্পুৰৰ নিনলিল, গিগল্লাৰৰ নিন্নি, ৰোমৰ ডিনাচ, মিছৰৰ অশিৰিজ, হোৰাচ আৰু আইশিশ আদি দেৱীৰ নিদৰ্শন পোৱা যায়। পাশ্চাত্যৰ যি মিৰ্নাভা (জ্ঞান আৰু চিন্তা-ভাৱনাৰ দেৱী)— সংস্কৃত, গ্ৰীক, লেটিন ভাষাৰ ‘মন’ শব্দৰ পৰা সৃষ্টি হৈছে। মেক্সিকোত জেণ্টালসকলৰ দেৱী অলঘোম নওম, যাৰ অৰ্থ যিয়ে মন সৃষ্টি কৰে। তদুপৰি এই দেৱীৰ এক নাম— ইজটল ই, অৰ্থাৎ জ্ঞানমাতা। (তথ্য: দৈৱীকলা, স্মৃতিগ্ৰন্থ, শ্ৰীশ্ৰীবাসন্তী পূজাৰ ৰজত জয়ন্তী, হাতীচোং, নগাঁও, সম্পাদক: শৈলেনজিৎ শৰ্মা)
ভাৰতবৰ্ষৰ ধৰ্মীয় ধাৰাত মাতৃ পূজাৰ প্ৰভাৱ অতি গভীৰ। কোনো সমালোচকে ভাৰতৰ মাতৃ সাধনাৰ ধাৰাটো প্ৰাগ্বৈদিক যুগৰ পৰা আৰম্ভ হৈছে বুলি উল্লেখ কৰে। কিন্তু ই সম্পূৰ্ণ সত্য বুলি প্ৰমাণিত নহয়। ঋক বৈদিক কালতো মাতৃদেৱতা আছিল আৰু নাৰীশক্তিয়ে যথেষ্ট গুৰুত্ব লাভ কৰিছিল। ঋকবেদৰ প্ৰথম মণ্ডলৰ ১৬৪ নং সূক্তৰ ৩৩ ঋকত দৌ দেৱতাক পিতৃ আৰু পৃথিৱীক মাতৃ ৰূপত কল্পনা কৰা দেখা যায়— “দৌৰ্মে পিতা জনিতা নাভিৰত্ৰ বন্ধুৰ্মে মাতা পৃথিৱী মহীয়ম্”, অৰ্থাৎ স্বৰ্গ আমাৰ পিতা, যজ্ঞস্থান আমাৰ বন্ধু, বিস্তীৰ্ণ পৃথিৱী আমাৰ মাতা।
মেকেঞ্জীৰ মতে ব্ৰাহ্মণিক যুগত ভাৰতৰ অধিবাসীসকলে ভাৰতী নামৰ এগৰাকী দেৱীক পূজা কৰিছিল। সেই ভাৰতীয়েই সৰস্বতী নাম লৈ ব্ৰহ্মাৰ পত্নী হ’ল। তেওঁৰ মতে, শক্তিপূজাৰ উৎপত্তিস্থল এচিয়া। সিন্ধু উপত্যকাৰ সভ্যতাত পোৱা নাৰীমূৰ্তিৰ চিত্ৰ, কলহত অঙ্কিত নাৰী চিত্ৰসমূহে দেৱী পূজাৰ প্ৰমাণ কৰে। হৰপ্পাত পোৱা যোনি প্ৰতীকৰ ব্যৱহাৰেও প্ৰমাণ কৰে, মাতৃ দেৱীৰ পূজা-অৰ্চনা সিন্ধু সভ্যতাৰ পৰা প্ৰচলিত হৈ আছে। জন মাৰ্শ্চালে মহেঞ্জদাৰো আৰু হৰপ্পাত পোৱা টেৰাকোটা নাৰীমূৰ্তিৰ পৰা এই কথা প্ৰতীয়মান কৰা হয় যে মাতৃপূজাই সিন্ধু সভ্যতাৰ পৰাই বিকাশ লাভ কৰিছে। ভাৰতৰ পৰ্বতবাসী আৰু অৰণ্যবাসীসকলেও প্ৰকৃতিক উপলক্ষ্য কৰি মাতৃদেৱীৰ উপাসনা কৰিছিল। হৰপ্পাত পোৱা এটি ছাব-মোহৰত খোদিত বটগছৰ দুটা ডালৰ মাজত ঠিয় হৈ থকা নাৰীমূৰ্তি পোৱা গৈছে, যিটোক পুসলকাৰে মাতৃদেৱী বুলি অনুমান কৰে।
Image: Abhijit Kar Gupta via Flickr [CC by 2.0]
শক্তিপূজাৰ কেন্দ্ৰস্থল ৰূপে অসম অতি প্ৰাচীন কালৰে পৰা বিখ্যাত। তন্ত্ৰসাৰ অনুসৰি সমগ্ৰ কামৰূপখন দেৱীক্ষেত্ৰ নামে জনাজাত। দক্ষযজ্ঞত সতীৰ প্ৰাণ ত্যাগৰ পাছত শিৱই দেৱীৰ মৰাশ কান্ধত লৈ বলিয়াৰ দৰে ঘূৰি ফুৰিছিল। শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰেৰে সতীৰ দেহ একাৱন্নটা খণ্ডত ভাগ কৰি বিভিন্ন স্থানত পেলাই দিয়াত একোখনকৈ মহাপীঠৰ সৃষ্টি হ’ল। সতীৰ কাম অংশ অৰ্থাৎ যোনিদ্বাৰ কামৰূপ কামাখ্যাৰ নীলাচল পৰ্বতত পৰা বাবে কামৰূপ মহাপীঠৰূপে জনাজাত হ’ল। এই কামৰূপেই মহাপীঠ-মহাক্ষেত্ৰ। কামৰূপ দেৱীক্ষেত্ৰ যে সকলোতকৈ সৰ্বশ্ৰেষ্ঠ, এই কথা যোগিনী-তন্ত্ৰতেই উল্লেখ আছে—
দেৱতানাং যথা বিষ্ণুঃ শ্ৰেষ্ঠা লক্ষ্মী মহেশ্বৰী।
কামৰূপে তথা দেৱি পূজা সৰ্ব্বোত্তমা স্মৃতা।।
কামৰূপ দেৱীক্ষেত্ৰং কুত্ৰাপী সমং ন চ।
অন্যত্ৰ বিৰলা দেৱি কামৰূপে গৃহে গৃহে।। (২/৬/১৫১-১৫২)
গতিকে সত্যযুগৰ দক্ষ প্ৰজাপতিৰ দিনৰে পৰা অসমত শক্তিপূজাৰ প্ৰচলন আছিল বুলি ক’ব পাৰি। তদুপৰি কুণ্ডিল অধিপতি ভীষ্মক ৰজাৰ দুহিতা ৰুক্মিণী দেৱীয়ে ভগৱান শ্ৰীকৃষ্ণক পতিৰূপে পাবলৈ অন্তঃপুৰত দেৱী পূজা কৰিছিল।
আনহাতে শোণিতপুৰৰ বিখ্যাত হৰি-হৰৰ যুদ্ধত বাণ ৰজাক সহায় কৰিবলৈ সকলো শক্তিকে শিৱই আদেশ দিছিল। ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণৰ ১১৮/২২-২৩ শ্লোকত কৈছে—
উৰ্দ্ধেদুৰ্গা ভদ্ৰকালী চোগ্ৰদণ্ডাচ কোস্তৰী।
বাণং ৰক্ষ মহাভাগে দুৰ্গে দুৰ্গতিনাশিনী।।
কৃষ্ণস্য ভবতী শক্তি স্তেন নাৰায়ণীতিচ।
সেই বিখ্যাত হৰি-হৰৰ যুদ্ধ অসম দেশতেই হৈছিল আৰু বৰ্তমানেও তেজপুৰৰ ভৈৰৱী আৰু মহাভৈৰৱী মন্দিৰত শক্তিৰ পূজা-অৰ্চনা চলি আছে। বাণ আৰু ভীষ্মকৰ সময় দ্বাপৰ যুগ, গতিকে দ্বাপৰতো শক্তি পূজাৰ প্ৰচলন অসমত আছিল। অন্যহাতে অসমৰ বিভিন্ন অঞ্চলত আৱিষ্কৃত দশভূজা, অষ্টভূজা দুৰ্গা, কালী, মনসা আদিৰ প্ৰস্তৰ মূৰ্তিসমূহেই স্পষ্ট প্ৰমাণ দাঙি ধৰিছে যে অতি প্ৰাচীন কালৰে পৰাই অসমত শক্তি পূজা চলি আহিছিল। পুৰাতত্ত্ববিদসকলৰ মতে এই মূৰ্তিসমূহ ৭ম-৮ম শতিকাৰ। অবিভক্ত নগাঁৱৰ হোজাই, ডবকা, যোগীজান; কাৰ্বি আংলঙৰ বৰগঙ্গা আশ্ৰম; শিৱসাগৰৰ শিৱস্থান আদিতো যিবোৰ শিৱ, দুৰ্গা, পাৰ্বতীৰ মূৰ্তি আছে, সেই সকলোবোৰ সপ্তম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰৰ বুলি অনুমান কৰিব পাৰি।
অসম বিভিন্ন জনজাতিৰ বসতিপ্ৰধান অঞ্চল। ডিমাচাসকল প্ৰাচীন কালৰে পৰা শাক্তপন্থী আছিল বুলি ইতিহাসে প্ৰমাণ কৰে। তেওঁলোকে ৰণচণ্ডী মূৰ্তিক যুদ্ধৰ সময়ত পূজা কৰে। নৰবলি প্ৰথাও তেওঁলোকৰ মাজত আছিল। শিৱক শিব্ৰাই আৰু দুৰ্গাক মাটংমা নামেৰে পূজা কৰিছিল আৰু প্ৰয়াগ, নৱদ্বীপ আদিৰ পৰা ব্ৰাহ্মণ আমন্ত্ৰণ কৰি আনি পূজা কৰিছিল। কাৰ্বি আৰু বড়োসকলেও শক্তি পূজা কৰে। বড়োসকলে ছিব্ৰাই অৰ্থাৎ শিৱৰ লগতে তেওঁৰ পত্নীক ছিবুৰী হিচাপে প্ৰকৃততে প্ৰকৃতিক পূজা কৰে। তেওঁলোকৰ মতে ছিব্ৰাইৰ সৃষ্টি ধ্বংস হৈছিল। পাছত ছিব্ৰাইৰ লিংগৰূপী পুৰুষ আৰু মাতৃৰূপী ছিবুৰীৰ বিকাশ আৰু দুয়োৰে সহযোগত সৃষ্টি পুনৰ জীৱিত হৈছে।
বড়ো-কছাৰীৰ মাজত আগতে মাৰাই (মাৰৈ) দেৱীৰ পূজাৰ প্ৰচলনো আছিল। ডিমাচাসকলে হেৰমডী আৰু ৰাজিনী গাকিবা দেৱী, ৰাভাসকলে বায়খো আৰু তামায় দেৱী, সোণোৱাল-কছাৰীসকলে লখিমী আৰু ভৰলী হাকুবীদেৱী, মেছসকলে বাথু বুঢ়ী, পাহাৰত বাস কৰা কাৰবি জনগোষ্ঠীয়ে হাঈমু আৰু ৰাছিন জা নামৰ দেৱীক পূজা কৰে। সেইদৰে তিৱাসকলে বাউলী দেৱীক, আহোমসকলে সুবচনী দেৱী, খাচীসকলে কা-মেই-খা দেৱী আৰু গাৰোসকলে ফজৌ নামৰ দেৱীক পূজা কৰি আহিছে।
অসমৰ উত্তৰ-পূৰ্বাঞ্চলত ত্ৰয়োদশ শতিকাতে চুতীয়া ৰাজ্য আছিল। তাৰ আগতে (প্ৰাক্ আহোম যুগত) শাক্ত ভূঞাসকলৰ মাজত শক্তিপূজাৰ প্ৰচলন আছিল বুলি প্ৰমাণ পোৱা যায়। চুতীয়া ৰজাসকলৰ ৰাজপুৰোহিতসকল শাক্তধৰ্মী হোৱা বাবে শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত কেঁচাইখাতী গোসাঁনীৰ পূজা হৈছিল আৰু দেৱীৰ সন্মুখত নৰবলি পৰ্যন্ত দিয়া হৈছিল। তাৰপাছত আহোমসকলে চুতীয়াক পৰাস্ত কৰি অসমত ৰাজ্য বিস্তাৰ কৰাত চুতীয়াসকলৰ নিয়ম মতেই নৰবলি প্ৰথা গ্ৰহণ কৰে।
পুৰণি কামৰূপৰ ৰজাসকলৰ তাম্ৰলিপি, শাসনলিপিৰ ৰজা-মহাৰজাৰ প্ৰশস্তিসূচক শব্দৰ পৰাও ৮ম-৯ম শতিকাত কামৰূপত শক্তিধৰ্মৰ কথা প্ৰকাশ পাইছিল। বনমালদেৱৰ তেজপুৰত পোৱা তাম্ৰশাসনত কামেশ্বৰ-মহাগৌৰীৰ প্ৰতি ভক্তিভাৱ প্ৰকাশ (৮ম-৯ম শতিকা), মহাৰাজ ইন্দ্ৰপালৰ তাম্ৰফলিত ‘হৰ-গৌৰীৰ সেৱক’ ইত্যাদি বাক্যাংশৰ উল্লেখে সেই সময়ৰ শাক্তধৰ্মৰ প্ৰভাৱৰ কথাকে প্ৰকাশ কৰে। ড° প্ৰতাপ চন্দ্ৰ চৌধুৰীদেৱে তেখেতৰ The History of Civilization of the people of Assam গ্ৰন্থত এই বিষয়ে লিখিছে— “The worship of Devi is also proved by epigraphy. The king Indrapala is mentioned as versed in the Tantrik Lore. The Tezpur grant and the Gauhati grant point to the prevalence of the cult of Maha Gauri. The former grant states that the mount Kamakuta was inhabited by Kamesvara and Maha Gauri. There other reference to Parvati (Gauhati grant. v. 14), Gauri (Ibid, v. 1 Doobi grant, v. 40), Ganga (Gauhati grant, v. 1), Girija (Khanamukhi grant, V. 11) and the like.”
কালিকা-পুৰাণ আৰু যেগিনীতন্ত্ৰৰ প্ৰমাণ-উদ্ধৃতিসহ ড° বাণীকান্ত কাকতিদেৱে বিদেহৰাজ জনকৰ পালিত পুত্ৰ নৰক প্ৰাগজ্যোতিষপুৰলৈ আহোঁতে শক্তি পূজা আৰু শাক্তধৰ্মৰ প্ৰৱৰ্তনৰ ভাব লৈ আহিছিল আৰু তেওঁকেই কামৰূপত শাক্তধৰ্মৰ প্ৰথম প্ৰৱৰ্তকৰূপে দেখুৱাইছে। নৰকাসুৰৰ কাহিনীৰ লগত সংযুক্ত কামাখ্যা পীঠস্থানৰ কোচ মহাৰাজ বিশ্বসিংহই প্ৰথম আৱিষ্কাৰক আৰু তেৱেঁই কামাখ্যাত নতুনকৈ শক্তি পূজাৰ আৰম্ভ কৰোঁতা। সেই সময়টো আছিল ১৫২৪ খ্ৰীষ্টাব্দ। সেইফালৰপৰা অসমত শৰাদীয় দুৰ্গাপূজা আৰম্ভকাল ১৫২৪ খ্ৰীষ্টাব্দ। দেৱী পুৰাণ শাক্তধৰ্মৰ এখন প্ৰামাণ্য গ্ৰন্থ। এই গ্ৰন্থতেই ভৌমপুত্ৰ (ভগদত্ত)ৰ দ্বাৰা কামাখ্যাগিৰিৰ গুহাত দেৱী পূজিত হৈছিল বুলি কোৱা হৈছে—
সৰ্ব্ব কামাৰ্থ সিদ্ধাৰ্থং খড়্গ খেটকধাৰিণী।
কামাখ্যা জামদগ্ন্যেন কিষ্কিন্ধেৎ পৰ্বতেনুতা।।
দেৱী মহেশ্বৰী শত্ৰু পূজ্যতে কাশিকাশ্ৰমে।
সৰ্ব্বকাম সুগিদ্ধ্যৰ্থং মজতে বেদ পৰ্ব্বতে।।
যজেদ ভৌমাত্মজো দেৱীং কামাখ্যেগিৰিকন্দৰে। (৩৯/৫৬)
কালিকা-পুৰাণ মতে নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল আৰু কামাখ্যা মন্দিৰ তথা মন্দিৰলৈ উঠা খটখটী পৰ্যন্ত একেৰাতিৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছিল। তাৰ পাছত বহু শ বছৰ ধৰি শক্তিপীঠ কামাখ্যা মানুহৰ অলক্ষিতে ৰৈ গ’ল। কোঁচবংশীয় প্ৰথম ৰজা বিশ্বসিংহ কামৰূপৰ ৰজা আছিল। তেওঁ বৰ শিৱভক্ত আছিল যদিও দেৱী মন্দিৰত দুৰ্গা প্ৰতিমা স্থাপন কৰি পূজা-উপাসনা কৰিছিল। দৰং ৰাজবংশাৱলী মতে— “অনন্তৰে বিশুবীৰ (বিশ্বসিংহ) চলি যায় ধীৰে ধীৰে দুৰ্গাৰ চৰণ মনে ধৰি…।”
বিশ্বসিংহৰ দিনত দুৰ্গা পূজা পূৰ্ণ উদ্যমেৰে চলিছিল। তেওঁৰ পাছতে মল্লদেৱে নৰনাৰায়ণ নাম লৈ ৰাজত্ব কৰি নৰকাসুৰে নিৰ্মাণ কৰি যোৱা কামাখ্যা মন্দিৰ ধ্বংসপ্ৰাপ্ত হোৱাত নতুনকৈ নিৰ্মাণ কৰি শক্তিপূজাৰ প্ৰচলন কৰে। মৃন্ময় প্ৰতিমা সাজি পূজা কৰাৰ পৰম্পৰা কোঁচ ৰাজত্বতে আৰম্ভ হৈছিল। সেই সময়ত আহোম ৰজা চুখামফাই ৰাজত্ব কৰিছিল। গৌড়ৰ ৰজাৰ লগত মিত্ৰতা কৰিবলৈ কোঁচৰাজ্যত বন্দী হৈ থকা আহোম সৈন্যক মুক্তি দিয়া হৈছিল। সেই বন্দীসকলৰ মাজত থকা সোন্দৰ গোহাঁইৰ মুখত কোঁচ দেশত মৃন্ময় দুৰ্গা মূৰ্তিৰ পূজাৰ কথা শুনি ধনশিৰী নৈৰ পাৰৰ মৰঙিয়াল খনিকৰক দুৰ্গা পূজাৰ মূৰ্তি সজা কৌশল শিকি আহিবলৈ পঠালে। তেওঁলোকে শিকি আহি নামডাঙৰ পাৰৰ ভটীয়াপাৰত ১৫২৭ শকত মহাসমাৰোহেৰে ইন্দ্ৰবংশীয় মহাৰাজাই মহামায়া দশভুজা দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰিলে।
আহোম ৰাজত্ব অসমৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত এক উল্লেখযোগ্য সময়। যদিও মূলতঃ আহোমসকল টাইধৰ্মী আছিল, তথাপি চুডাংফা বামুণী কোঁৱৰৰ দিনত হিন্দু ধৰ্মৰ শালগ্ৰাম শিলা ৰাজগৃহত স্থাপন কৰি আওপকীয়াভাৱে গ্ৰহণ কৰিলে হিন্দুধৰ্ম। অসমৰ বিভিন্ন স্থানত মঠ-মন্দিৰ, দৌল-দেৱালয় নিৰ্মাণ কৰিলে, নদীয়া শান্তিপুৰ, কনৌজ আৰু নৱদ্বীপৰ পৰা উপযুক্ত ব্ৰাহ্মণ, পণ্ডিত আনি দেৱোত্তৰ, ব্ৰহ্মোতৰ দি সংস্থাপন কৰিলে। ৰুদ্ৰসিংহ যদিও শৈৱধৰ্মী আছিল, তথাপি তেওঁৰ দিনত শক্তি পূজাৰ বাবে ৰাজকোষৰ পৰা ধন-সম্পত্তি দিয়ো অনুপ্ৰেৰণা যোগাইছিল। ৰুদ্ৰসিংহৰ আমন্ত্ৰণক্ৰমে অহা নদীয়া শান্তিপুৰৰ কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্য্যৰ ওচৰত দীক্ষা গ্ৰহণ কৰিবলৈ নৌপাওঁতেই ৰুদ্ৰসিংহৰ মৃত্যু হোৱাত শিৱসিংহই শাক্তধৰ্ম গ্ৰহণ কৰি জয়সাগৰৰ পাৰত জয়দৌল, দেৱী দৌল, বিষ্ণু দৌল আদি সকলো দেৱ-দেৱতাৰ মন্দিৰ সাজি অসমৰ ধৰ্মীয় ইতিহাসত এক নতুন যুগৰ সূচনা কৰিলে। কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্য্যৰ দ্বাৰা অতীতৰ পৰা চলি অহা পূজা পদ্ধতিৰ সংস্কাৰ কৰি তান্ত্ৰিক পদ্ধতিৰে শক্তি পূজা কৰা প্ৰথা প্ৰচলন কৰে আৰু সেই পূজা পদ্ধতিয়েই আজিও সকলো পূজাত প্ৰচলিত হৈ আছে।
অৱশ্যে অসমত তান্ত্ৰিকতাবাদৰ প্ৰথম বীজ ৰোপণ কৰা ব্যক্তিগৰাকী হৈছে তান্ত্ৰিকাচাৰ্য্য পদ্মনাভ মুকলিমূৰীয়া ভট্টাচাৰ্য্য। তান্ত্ৰিক সাধন প্ৰক্ৰিয়া এক অদ্বৈতবাদী প্ৰক্ৰিয়া। সকলো মন্ত্ৰৰ মূল হৈছে ওঙ্কাৰ। প্ৰকৃতি-পুৰুষৰ অভেদত্ত্বত ঐক্য সাধন হয়। গতি বা স্পন্দনেই সগুণ ব্ৰহ্মৰ লক্ষণ। এই ব্ৰহ্মশব্দ ব্ৰহ্মস্বৰূপা কুলকুণ্ডলিনীৰূপে জীৱ আৰু জগতৰ মূলাধাৰ চক্ৰত অৱস্থান কৰি চৈতন্যময়ী শব্দব্ৰহ্মই কুণ্ডলিনী শক্তি। ইড়া, পিঙ্গলাৰ নামেৰে সাধকে কুণ্ডলিনী শক্তিক জাগ্ৰত কৰিলেই সিদ্ধি লাভ হয়। এই শক্তিয়েই আমাৰ জীৱনী শক্তি। দেহৰ ষটচক্ৰ, মূলাধাৰ, স্বাধিস্থান, মণিপুৰ, অনাহুত, যিশুদ্ধাখ্য আৰু আজ্ঞা— এই আটাইবোৰ অতিক্ৰম কৰি কুণ্ডলিনী শক্তি গৈ সপ্তম চক্ৰ সহস্ৰাধাৰ পদ্ম পালেই সাধকৰ প্ৰকৃত ইষ্টদেৱতাৰ লগত প্ৰত্যক্ষ দৰ্শন হয়। ষটচক্ৰৰ ঊৰ্ধ্বত থকা পৰম শিৱৰ লগত সাধকৰ মিলন হ’লে প্ৰকৃত পৰমব্ৰহ্মত্ব লাভ কৰে। এই পৰমব্ৰহ্মই প্ৰকৃত সত্য। এই পৰমসত্য লাভ কৰিবলৈ সাধকৰ অতি কৃচ্ছ্ৰ সাধনাৰ প্ৰয়োজন।
অসমত তান্ত্ৰিক ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত পদ্মনাভ ভট্টাচাৰ্য্য মুকলিমূৰীয়া গোস্বামীয়ে প্ৰচুৰ অৱদান যোগায়। তান্ত্ৰিকাচাৰ্য্য পদ্মনাভে প্ৰথম অৱস্থাত লক্ষ্মীকান্ত ন্যায়বাগীশ নামৰ পণ্ডিত এজনৰ ওচৰত ব্যাকৰণ, ভট্টি কাব্য আদি আয়ত্ত কৰি উচ্চ শিক্ষা লাভৰ বাবে নৱদ্বীপলৈ যায়। তাত তেওঁ নৱদ্বীপ সৰস্বতী চতুষ্পাঠী টোলত সকলো শাস্ত্ৰত পাৰ্গত হৈ তাৰ পৰা কাশীলৈ গৈ শ্ৰীশ্ৰীপূৰ্ণানন্দ পৰমহংস নামৰ এজন সাধকৰ পৰা ব্ৰহ্মদৰ্শন কৰোৱাৰ প্ৰাৰ্থনা কৰে। সেইজন সাধকৰ ওচৰতে তন্ত্ৰৰ আৱশ্যকীয় শিক্ষা লাভ কৰি পদ্মনাভে গুৰুৰ আদেশ অনুসৰি কামাখ্যাৰ ভুৱনেশ্বৰীত পুৰশ্চৰণ কৰিবলৈ আহিল। ইয়াতেই পদ্মনাভ ভট্টাচাৰ্য্যই পুৰশ্চৰণৰ শেষত উপাস্য দেৱতাৰ দৰ্শন লাভ কৰি এজন মহান তন্ত্ৰসাধক ৰূপে খ্যাত হ’ল। এইজনা মহান আত্মাই আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিজৰ জ্ঞান আৰু প্ৰতিভাৰ বলত অলৌকিকতা প্ৰদৰ্শন কৰি ৰজাক শিৱমন্ত্ৰৰে দীক্ষা গ্ৰহণ কৰোৱায়। পদ্মনাভে ৰজাক দেখা কৰিবৰ সময়ত মুকলি মূৰেৰে সাক্ষাৎ কৰিছিল বাবে তেওঁক ৰজাই ‘মুকলিমূৰীয়া গোস্বামী’ উপাধিৰে বিভূষিত কৰে। সেইজনেই অসমত তান্ত্ৰিককতাবাদৰ প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট অৱদান আগবঢ়াইছিল।
কোনো কোনো সমালোচকে অসমত শক্তিপূজাৰ ধাৰাটো বঙ্গদেশৰ পৰা অহা বুলি ক’ব বিচাৰে যদিও শক্তিপূজা অসমত অতি প্ৰাচীন কালৰে পৰা প্ৰবহমান এক প্ৰক্ৰিয়া বুলি পতিয়ন যাবলৈ তথ্য-প্ৰমাণ অনেক আছে।
❧ | আৰু পঢ়ক:
- ‘দুৰ্গা’ নামৰ উৎপত্তি
- বিবেকানন্দৰ দেৱী দৰ্শন
- লখিমপুৰৰ মাঘনোৱা দ’ল আৰু বৰকালিকা থান
- যোগিনীতন্ত্ৰ: এক চমু অৱলোকন
- পূজাৰ গীত: মা তোমাৰ অহাৰ পৰিল দিন