দশম শ্ৰেণীৰ ছাত্ৰ পঞ্চমে ৰচনা আৰু পৰিচালনা কৰিলে গীত: অসমীয়া আৰু বাংলা সংস্কৰণত কণ্ঠ নিগৰালে হাইস্কুলীয়া ছাত্ৰীয়ে
ধৰ্মীয় অনুষ্ঠানসমূহে লাহে লাহে সামাজিক পৰম্পৰা হেৰুওৱাৰ সময়তে এক ব্যেতিক্ৰমী পদক্ষেপ চকুত পৰিল কলিয়াবৰত। দুৰ্গা পূজাৰ ধৰ্মীয় অনুভূতিৰে এটি গীত ৰচনা আৰু পৰিচালনা কৰি দুৰ্গা পূজাৰ প্ৰাক-ক্ষণত ৰাইজলৈ আগবঢ়াইছে কেইগৰাকীমান কম বয়সীয়া ছাত্ৰ-ছাত্ৰীয়ে। জখলাবন্ধা চেইণ্ট ৰবাৰ্ট স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পঞ্চম ভৌমিকে ৰচনা আৰু পৰিচালনা কৰি উলিয়ালে দুৰ্গা পূজা বিষয়ক ‘মা তোমাৰ অহাৰ পৰিল দিন’ গীতটি। অসমীয়া আৰু বাংলা উভয় ভাষাতে ৰচনা কৰা গীত দুটিত কণ্ঠদান কৰিছে অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰী ক্ৰমে হিতাশ্ৰী দাস, দিশা ৰয় আৰু স্নেহা মুখাৰ্জীয়ে।
গুৱাহাটীত ইতিমধ্যে বাণীবন্ধন জগতত থিতাপি লোৱা উদীয়মান যুৱক কঙ্কণজ্যোতি হাজৰিকাই কলিয়াবৰৰ ঘৰতেই সীমিত সা-সুবিধাৰে গীত দুটি বাণীবন্ধন কৰিছিল। পি বি মিউজিকৰ ব্য ৱস্থাপনাত বাণীবন্ধনৰ লগতে দৃশ্যাংশ সংযোজন কৰি ইতিমধ্যে ইউটিউবত গীতটি মুক্তি দিয়া হৈছে। অসমীয়া গীতটিৰ শীৰ্ষক ‘মা তোমাৰ অহাৰ পৰিল দিন’ আৰু বাংলা গীতটিৰ শীৰ্ষক ‘মা তোমাৰ আসাৰ হলো দিন’। মূল গীতটিৰ অসমীয়া অনুবাদ কৰিছে ৰূপজ্যোতি গোস্বামীয়ে। অসমীয়া গীতটিত কণ্ঠ নিগৰাইছে স্নেহা মুখাৰ্জী আৰু দিশা ৰয়ে। আনহাতে বাংলা গীতটি গাইছে হিতাশ্ৰী দাসে আৰু সহযোগী হিচাপে আছে স্নেহা মুখাৰ্জী, দিশা ৰয় আৰু মল্লিকা মুখাৰ্জী।
জখলাবন্ধাৰ প্ৰসিদ্ধ স্বৰ্ণশিল্পী ৰমদাকান্ত ভৌমিকৰ নাতি পঞ্চমৰ পিতৃ-মাতৃ সংস্কৃতিবান ব্যক্তি প্ৰশান্ত ভৌমিক আৰু যমুনা নেৱাৰ ভৌমিক দুয়ো এসময়ৰ সঙ্গীত শিল্পী। পঞ্চমেও ইতিমধ্যেয় তবলাত স্নাতক সন্মান লাভ কৰিছে।
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।