স নাতন হিন্দুধৰ্মৰ সকলো মাৰ্গৰে শেষ আশ্ৰয়স্থল হৈছে “একমেৱদ্বিতীয়ম্”। চিৰশাশ্বত সনাতন হিন্দুধৰ্মৰ বৈদিক, তান্ত্ৰিক, পৌৰাণিক আদি একোটা সাধন মাৰ্গহে। এই মাৰ্গসমূহৰ সাধন প্ৰক্ৰিয়াত কিছু পাৰ্থক্য থাকিলেও এটাক আনটোৰ পৰা পৃথক কৰা অসম্ভৱ। আজিৰ আমাৰ এই যোগিনীতন্ত্ৰৰ আলোচনাৰ প্ৰসংগত, তন্ত্ৰ কি— এই প্ৰশ্নৰ প্ৰথমতে উদয় হয়। তন্ত্ৰবাদ হ’ল প্ৰকৃততে জীৱনবাদ। সংস্কৃত ‘তন’ ধাতুৰ অৰ্থ হ’ল— বিস্তাৰ কৰা। এই বিস্তাৰ হ’ল জ্ঞানৰ। অৰ্থাৎ তন্ত্ৰ হৈছে জ্ঞানৰ প্ৰকাশ বা প্ৰসাৰণ কৰা এক শ্ৰেণীৰ শাস্ত্ৰ। ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে তেখেতৰ ‘দেৱী’ শীৰ্ষক বিখ্যাত গৱেষণা গ্ৰন্থখনিত পঞ্চম বেদ ৰূপে প্ৰখ্যাত তন্ত্ৰ সম্পৰ্কে কৈছে— “তন্ত্ৰৰ অৰ্থ প্ৰকৃততে এক ধৰ্মও নহয়, তন্ত্ৰৰ অৰ্থ মন্ত্ৰও নহয়, তন্ত্ৰ এক বিশিষ্ট চিন্তা নহয়, তন্ত্ৰ এক Cult। তন্ত্ৰ প্ৰাকবৈদিক যুগৰে পৰা চলি অহা আৰু বেদৰ সময়তো সমান্তৰালভাৱে চলা এক প্ৰাচুৰ্যপূৰ্ণ ধাৰা।” হৰপ্ৰসাদ শাস্ত্ৰীয়ে কয়— “The Word Tantra means shortening abbreviation, i.e. reducing into something like algebraic forms mantras or formula that would otherwise run to scores of syllable।” সাহিত্যাচাৰ্য ড° হৰিনাথ শৰ্মাদলৈৰ মতে— “বহল অৰ্থত তন্ত্ৰই বুজাই— ই পৰমাৰ্থিক জ্ঞানদায়ক এক শ্ৰেণীৰ শাস্ত্ৰ, ই সুব্যৱস্থিত বৈজ্ঞানিক পদ্ধতিৰ যোগেদি ভক্তক পৰম সত্য উপলব্ধি বা তাক লাভ কৰাত সহায়তা কৰে।”
‘তন্ত্ৰ’ৰ সংজ্ঞাত এটি অতি চমু দৃষ্টিপাত কৰাৰ পাছত এতিয়া আমাৰ মূল আলোচ্য ‘যোগিনীতন্ত্ৰ’ৰ প্ৰসংগলৈ আহোঁ। প্ৰাচ্যবিদ্যাৰ্ণৱ নগেন্দ্ৰ নাথ বসু, এডৱাৰ্ড গেইট, উইলচন, এচ চি ৰয় আদি পণ্ডিতে কামৰূপকে হিন্দুধৰ্মৰ তান্ত্ৰিক ধাৰাৰ জন্মস্থান বুলি ক’ব খোজে। চৌষষ্ঠিখন প্ৰধান তন্ত্ৰৰ ভিতৰত অন্যতম এই যোগিনীতন্ত্ৰখনি নিশ্চিতভাৱে কামৰূপতে যে ৰচিত হৈছিল, সেই কথা তন্ত্ৰশাস্ত্ৰখনিত উল্লেখিত নানান ভৌগোলিক বিৱৰণে প্ৰমাণ কৰে। এই তন্ত্ৰশাস্ত্ৰখনিৰ ৰচনাকাল খুব সম্ভৱ খৃষ্টীয় ১৪শ শতিকাৰ কোনো সময় বুলি ড° হৰিনাথ শৰ্মাদলৈদেৱে কেইবাটাও যুক্তি সহকাৰে তেখেতৰ ‘অসমত শক্তিসাধনা আৰু শাক্ত সাহিত্য’ শীৰ্ষক গৱেষণা গ্ৰন্থখনিত লিপিবদ্ধ কৰিছে।
শ্ৰীযুত বিপুল চন্দ্ৰ ভট্টাচাৰ্যৰ মতে, “তন্ত্ৰশাস্ত্ৰসমূহক আগম আৰু নিগম হিচাপে দুই ভাগত ভাগ কৰা হৈছে যদিও ইয়াক দুবিধ পৃথক তন্ত্ৰ বুলিব নোৱাৰি। সাধাৰণতে যি তন্ত্ৰ শিৱোক্ত, সেই তন্ত্ৰ আগম আৰু যি তন্ত্ৰ দেৱী কথিত, তাক নিগম বোলে।” এতিয়া প্ৰশ্ন হ’ল, ‘যোগিনীতন্ত্ৰ’ আগম নে নিগম? যোগিনীতন্ত্ৰ নিঃসন্দেহে আগম, কিয়নো মহাযোগিনী মহাকালীৰ আদেশত (অনুৰোধত) আশুতোষ শিৱৰ প্ৰকাশয়েই এই যোগিনীতন্ত্ৰ। শ্ৰীউগ্ৰতাৰা দেৱালয়ৰ ভূতপূৰ্ব মহাপীঠাধ্যক্ষ প্ৰয়াত চক্ৰেশ্বৰ ভট্টাচাৰ্য দলৈয়ে এই তন্ত্ৰশাস্ত্ৰখনিক ‘অমূল্য ৰত্ন’ আখ্যা দিছে।
তন্ত্ৰশাস্ত্ৰ এখনত থাকিবলগা প্ৰায় সকলোবোৰ লক্ষণেই যোগিনীতন্ত্ৰত কম-বেছি পৰিমাণে দেখা যায়। সেই কাৰণেই নিজৰ গুণৰ বলতেই এই তন্ত্ৰশাস্ত্ৰখনি শ্ৰেষ্ঠ তন্ত্ৰৰূপে পৰিগণিত হৈছে। মন কৰিবলগা কথাটো হ’ল যে এই তন্ত্ৰশাস্ত্ৰখনিক মহাদেৱ শিৱই স্বয়ং তন্ত্ৰখনিৰ পূৰ্বখণ্ডৰ প্ৰথম পটলৰ ২২ নং শ্লোকত তন্ত্ৰৰাজ অৰ্থাৎ শ্ৰেষ্ঠ তন্ত্ৰ বুলি কোৱাটোও যথেষ্ট তাৎপৰ্যপূৰ্ণ।
যোগিনীতন্ত্ৰ দুটা প্ৰধান ভাগত বিভক্ত— পূৰ্বখণ্ড আৰু উত্তৰখণ্ড। পূৰ্বখণ্ডত ১৯ আৰু উত্তৰখণ্ডত ৯, মুঠতে ২৮টা পটল বা অধ্যায় আছে। এতিয়া আহোঁ তন্ত্ৰশাস্ত্ৰখনিৰ বিষয়বস্তুৰ ক্ষেত্ৰলৈ। কুলাৰ্ণৱ তন্ত্ৰৰ মতে, তন্ত্ৰশাস্ত্ৰ গুৰুমূলক, গুৰুবিহিনে তন্ত্ৰত কাৰো অধিকাৰ নাই। সেইহেতুকে যোগিনীতন্ত্ৰৰ পূৰ্বখণ্ডৰ প্ৰথম পটলত শিৱই পাৰ্ৱতীৰ আগত গুৰুমহাত্ম্য আৰু ধৰ্মাচৰণত গুৰুৰ আৱশ্যকতা ব্যাখ্যা কৰি তন্ত্ৰ আৰম্ভ কৰিছে। দ্বিতীয় পটলত কালীৰহস্য আৰু মালা জপৰ পদ্ধতি আৰু তৃতীয় পটলত আন কেইবিধমান জপ ও কৱচৰ বৰ্ণনা কৰা হৈছে। চতুৰ্থ আৰু পঞ্চম পটলত ষটকৰ্ম, পুৰশ্চৰণ, মন্ত্ৰসাধন আদি কিছুমান বিশেষ সাধনৰ কথা কোৱা হৈছে। ষষ্ঠ পটলত দিব্য আৰু বীৰ যোগ, পঞ্চ ম-কাৰৰ সাধন আৰু বন্ধন মুক্তিৰ ব্যাখ্যা কৰা হৈছে। সপ্তম পটলে স্বপ্নাৱতী, মৃত-সঞ্জীৱনী আৰু মধুমতী— এই তিনিবিধ বিদ্যাৰ বিৱৰণ দাঙি ধৰিছে। অষ্টম, নৱম আৰু দশম পটলত যোগিনী উৎপত্তি, কালী (শক্তি)ক চিৎ স্বৰূপা আৰু ব্ৰহ্মবিগ্ৰহাৰূপে ব্ৰহ্মত্ব প্ৰদান, বিশ্বসৃষ্টিৰ বৰ্ণনা আদি বিবিধ বিষয় বৰ্ণিত হৈছে। একাদশ অধ্যায়ে কামৰূপৰ চাৰিসীমা আৰু মহাত্ম্যৰ বৰ্ণনা দিয়াৰ লগতে নৰক আৰু বশিষ্টৰ আখ্যানো দাঙি ধৰিছে। ব্ৰাহ্মণৰ মাহাত্ম্যৰ লগতে জপ আৰু দুবিধ কৰ্মৰ (বাহ্য আৰু মানস বা আন্তৰিক) ফলদায়ক ক্ষমতাৰ কথা দ্বাদশ আৰু ত্ৰয়োদশ পটলত কোৱা হৈছে। চতুৰ্দশ পটলে সৌমাৰপীঠত ৰাজত্ব কৰা ইন্দ্ৰবংশীসকলৰ উৎপত্তি আৰু পঞ্চদশ পটলে কেশী দৈত্যৰ আখ্যান আৰু যোনী-মাহাত্ম্য বৰ্ণনা কৰিছে। ষোড়শ পটলে মহাদেৱক ত্ৰিমূৰ্তিৰ শ্ৰেষ্ঠ আৰু কালীদেৱীক পৰম সত্যৰূপে প্ৰতিষ্ঠা কৰাৰ লগতে কাশীধামৰ মহিমাও বৰ্ণনা কৰিছে। সপ্তদশ, অষ্টদশ আৰু ঊনবিংশ পটলত কুমাৰী চৰিত্ৰ, কুমাৰী-পূজাৰ বিধি আৰু ফল, কলোহ চৰিত্ৰ, গংগা মাহাত্ম্য আৰু কালীদেৱীৰ মাহাত্ম্যৰ বৰ্ণনা কৰিছে।
এতিয়া আহোঁ যোগিনীতন্ত্ৰৰ উত্তৰ খণ্ডৰ বিষয়বস্তুলৈ। উত্তৰ খণ্ডৰ প্ৰথম পটলত কামৰূপৰ নানা স্থান আৰু পীঠৰ বৰ্ণন আৰু দ্বিতীয় পটলত নিৰ্দিষ্ট তিথি, নক্ষত্ৰ আৰু বাৰত কৰণীয় আৰু বৰ্জনীয় কাৰ্যৰ কথা কোৱা হৈছে। তৃতীয় পটলে কামৰূপৰ পীঠবোৰৰ বিশদ বিৱৰণ দাঙি ধৰিছে। চতুৰ্থ পটলত অষ্টোত্তৰ শত সংখ্যক পীঠৰ উল্লেখ আৰু অশ্বক্লান্তাদি তীৰ্থৰ বৰ্ণনা দিয়া হৈছে। প্ৰধান তীৰ্থস্থানবোৰৰ বৰ্ণনাৰ ওপৰিও তীৰ্থ গমনৰ ফল, নিৰ্দিষ্ট তিথি আৰু নক্ষত্ৰত কৰিবলগীয়া ধৰ্মানুষ্ঠানবোৰ, দীক্ষা কি ইত্যাদিবোৰ কোৱা হৈছে পঞ্চম আৰু ষষ্ঠ পটলত। ধৰ্মগ্ৰন্থ ৰচনাৰ পদ্ধতি আৰু দেৱীৰ পূজা সম্বন্ধীয় কিছুমান বিশেষ কথা সপ্তম পটলত আলোচিত হৈছে। অষ্টম পটলে বিভিন্ন দেৱ-দেৱীৰ পূজা পদ্ধতি আৰু বহু নদীৰ বিৱৰণ দাঙি ধৰিছে। নৱম পটলত বিবিধ কথাৰ সমাবেশ হোৱাৰ লগত এই পটলৰ শেষৰফাললৈ হয়গ্ৰীৱ মাধৱৰ উৎপত্তি আৰু হয়গ্ৰীৱ সাধনৰ বহল বিৱৰণ পোৱা যায়।
যোগিনীতন্ত্ৰ মতে, মহাশক্তি জগতৰ পৰমসত্তা। যোগিনীতন্ত্ৰৰ পূৰ্বখণ্ডৰ দশম পটলত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক অভয় প্ৰদান কৰি মহাকালীয়ে নিজ মুখেৰে তেওঁ যে নিত্যা, অব্যয়া, সচ্ছিদানন্দ আৰু পৰমব্ৰহ্ম স্বৰূপা, সেই কথা ব্যক্ত কৰিছে (১/১০/৯)। তন্ত্ৰশাস্ত্ৰখনিৰ আন এঠাইত (১/১১/৯) কামাখ্যাদেৱীৰ মাহাত্ম্যৰ বৰ্ণনা কৰিবলৈ গৈ ভগৱান বিষ্ণুৱে কৈছে যে কামাখ্যাৰ কৃপাতে ব্ৰহ্মাৰ ব্ৰহ্মত্ব, বিষ্ণুৰ বিষ্ণুত্ব আৰু শিৱৰ শিৱত্ব প্ৰাপ্ত হৈছে। গতিকে নিঃসন্দেহে ক’ব পৰা যায় যে যোগিনীতন্ত্ৰ এখন শাক্ত শাস্ত্ৰ।
মূলতঃ এখন শাক্তশাস্ত্ৰ যদিও এই তন্ত্ৰশাস্ত্ৰখনিত শিৱ আৰু বিষ্ণুৰ মাহাত্ম্যও বৰ্ণন নোহোৱাকৈ থকা নাই। বিষ্ণু-মহাত্ম্যৰ ক্ষেত্ৰত অশ্বক্লান্তাদি বিভিন্ন বিষ্ণুপীঠৰ তন্ত্ৰশাস্ত্ৰখনিয়ে বৰ্ণনা কৰাৰ ওপৰিও তন্ত্ৰশাস্ত্ৰখনিৰ উত্তৰখণ্ডৰ শেষৰফালে হয়গ্ৰীৱ-সাধনৰ বহল বিধি পোৱা যায়। একেদৰে শৈৱ-মহাত্ম্যও যোগিনীতন্ত্ৰত বিশেষভাৱে প্ৰতিফলিত হৈছে। যিহেতু শিৱ-শক্তি অভিন্ন, সেয়েহে শক্তিবাদ প্ৰকাশক যোগিনীতন্ত্ৰখনিয়ে স্বক্ৰীয় বিষয়ৰ প্ৰকাশ গতিত শিৱ মহিমা এৰাই যাব পৰা নাই। এই তন্ত্ৰশাস্ত্ৰখনিৰ পূৰ্বখণ্ডটি “ওঁ নমো মহাভৈৰৱায়” বুলি আৰম্ভ হোৱাটোও এইক্ষেত্ৰত যথেষ্ট তাৎপৰ্যপূৰ্ণ।
কালিকা-পুৰাণৰ নিচিনা যোগিনীতন্ত্ৰৰ মাজতো পুৰণি কামৰূপৰ নানান ভৌগোলিক সমল পোৱা যায়। এই তন্ত্ৰৰ পূৰ্বখণ্ডৰ একাদশ পটলে “কৰতোয়াং সমাশ্ৰিত্য যাবদ্দিক্কৰবাসিনীং” বুলি কৰতোয়া নদীৰ পৰা দিক্কৰবাসিনী নদীলৈ ব্যাপী থকা কামৰূপৰ উত্তৰে কাঞ্চনজঙ্ঘা গিৰি, পশ্চিমে কৰতোয়া নদী, পূবে তীৰ্থশ্ৰেষ্ঠা দিক্ষুনদী আৰু দক্ষিণে ব্ৰহ্মপুত্ৰৰ লাক্ষা নদীৰ সংগমস্থান পৰ্যন্ত কামৰূপৰ চাৰিসীমাৰ এক লক্ষ্যণীয় ভৌগোলিক বিৱৰণ দিছে। ইয়াৰ ওপৰিও যোগিনীতন্ত্ৰৰ উত্তৰখণ্ডৰ প্ৰথম, তৃতীয়, চতুৰ্থ, ষষ্ঠ আৰু অষ্টম পটলতো পুৰণি কামৰূপৰ নানা ভৌগোলিক সমল বিদ্যমান।
❧ | আৰু পঢ়ক: শক্তিতত্ত্ব আৰু অসমত ইয়াৰ ক্ৰমবিকাশ
ধৰ্মীয় আৰু ভৌগোলিক বিৱৰণৰ ওপৰিও প্ৰাচীন অসমৰ সামাজিক আৰু সাংস্কৃতিক ৰূপাঙ্কনৰ ক্ষেত্ৰতো ভালেমান সমল এই যোগিনীতন্ত্ৰই যোগাইছে। প্ৰকৃততে যোগিনীতন্ত্ৰ পুৰণি অসমৰ ইতিহাসৰ এক অন্যতম লাইখুঁটা স্বৰূপ। ধৰ্মীয় দিশটো একাশৰীয়া কৰি চালেও তন্ত্ৰশাস্ত্ৰখন যথেষ্ট গুৰুত্বপূৰ্ণ। ইমান কম পৰিসৰৰ আলোচনাত এই তন্ত্ৰশাস্ত্ৰখনিৰ পূৰ্ণাঙ্গ বিশ্লেষণ মুঠেও সম্ভৱ নহয়, আমি আমাৰ সীমিত জ্ঞানেৰে এই তন্ত্ৰশাস্ত্ৰখনিত সামান্য দৃষ্টিপাত কৰাৰ প্ৰয়াস কৰিছোঁ। পণ্ডিতগণে অবাঞ্ছিত ভুল-ত্ৰুটিবোৰ মাৰ্জনা কৰি আমাৰ এই সদিচ্ছাৰ প্ৰতি সঁহাৰি জনাব বুলি আশা কৰিছোঁ।
সহায়ক গ্ৰন্থপঞ্জী:
১. যোগিনীতন্ত্ৰম: দত্তবৰুৱা পাবলিছিং কোম্পানী প্ৰাঃ লিঃ, তৃতীয় প্ৰকাশ, ২০১০
২. অসমত শক্তি-সাধনা আৰু শাক্ত সাহিত্য: ড° হৰিনাথ শৰ্মাদলৈ, পঞ্চম প্ৰকাশ, ২০১৫
৩. দেৱী: ড° নিৰ্মলপ্ৰভা বৰদলৈ, সাহিত্য প্ৰকাশ, পঞ্চম প্ৰকাশ, জুলাই, ২০০৭
৪. কামধেনু (প্ৰথম খণ্ড): ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য (সম্পা), কামধেনু প্ৰকাশন, প্ৰথম প্ৰকাশ, মাৰ্চ, ২০০২
৫. কামধেনু (দ্বিতীয় খণ্ড): বিপুল চন্দ্ৰ ভট্টাচাৰ্য (সম্পা), কামধেনু প্ৰকাশন, প্ৰথম প্ৰকাশ, আগষ্ট, ২০০৫
৬. ব্ৰহ্মজ্যোতি: ড° ঘনকান্ত ভাগৱতী (সম্পা), দ্বিতীয় প্ৰকাশ, জুলাই, ১৯৯৭
ছবি প্ৰতিনিধিত্বমূলক।