‘দুৰ্গা’ নামৰ উৎপত্তি

‘দুৰ্গা’ নামৰ উৎপত্তি
  • 17 Oct, 2012

ক্তিকেন্দ্ৰিক দেশ ভাৰতবৰ্ষ। এই শক্তি শক্তিমানৰ লগত অভেদ। পৰমব্ৰহ্ম আৰু পৰাশক্তি অভিন্ন আৰু অব্যয়। কেৱল হিন্দু ধৰ্মতে নহয়, বৌদ্ধ আৰু জৈন ধৰ্মতো শক্তিক বিবিধ ৰূপত পূজা কৰা হয়। শিখগুৰু গোবিন্দসিংহও চণ্ডীৰ উপাসক আছিল। ভাৰতৰ পৰ্বতবাসী আৰু অৰণ্যবাসীসকলেও প্ৰকৃতিক উপলক্ষ্য কৰি মাতৃদেৱীৰ উপাসনা কৰিছিল। ভাৰতৰ বাহিৰেও মেক্সিকোত মাতৃদেৱীৰ উপাসনা হয়। প্ৰাচীন জাৰ্মানসকলেও ‘নেৰ্থাস’ নামৰ মাতৃক পৃথিৱীৰ বন্দনা কৰিছিল। প্ৰাচীন গ্ৰীচত ‘ৰহী’ নামৰ দেৱী ধৰিত্ৰীক পূজা কৰিছিল। ৰোমৰ ‘সিবিলী’ দেৱীও মূলতঃ পৃথিৱী।

ভাৰত তথা অসমত শৰৎকালত দুৰ্গা নামৰে আৰু চ’ত-বহাগত বাসন্তী নামেৰে দেৱীৰ পূজা কৰা হয়।

শৰৎ কালে মহাপূজা ক্ৰিয়তে যা চ বাৰ্ষিকী।
তস্যা মমৈতনমাত্ম্যং শ্ৰত্বা ভক্তি সমন্বিতঃ।।
সৰ্ব্ববাধা বিনিৰ্মুক্তো ধন ধান্য সুতান্বিতাঃ।
মনুষো মৎপ্ৰসাদেন ভৱিষ্যতি ন সংশয়।।

দেৱী দুৰ্গাৰ প্ৰকৃত স্বৰূপ কি? তেওঁ কেতিয়াৰ পৰা দুৰ্গাৰূপে পৃথিৱীত অধিষ্ঠিতা হ’ল? এই প্ৰশ্নৰ উত্তৰ বহু পূৰ্বে দেৱী মাহাত্ম্যত স্পষ্ট ভাষাত প্ৰকাশিত হৈছে— তত্ৰৈৱ চ বধিষ্যামি দুৰ্গমাখ্য মহাসুৰম্। দুৰ্গা দেৱীতি বিখ্যাতংতন্মে নাম ভৱিষ্যতি।। অৰ্থাৎ সেই সময়ত দুৰ্গম নামৰ এক মহাসুৰক বিনাশ কৰিম, সেইকাৰণে মানুহে মোক দুৰ্গাদেৱী নামেৰে উচ্চাৰণ কৰিব। এই দুৰ্গম অসুৰ কোন? ‘দেৱী ভাগৱত’ মহাপুৰাণত এই অসুৰ সম্পৰ্কে এক কাহিনী আছে। পুৰণিকালত হিৰণ্যক্ষৰ বংশত ‘ৰুৰু’ নামৰ এক অতি শক্তিশালী অসুৰে জন্ম গ্ৰহণ কৰিছিল, সেই ৰুৰু দানৱৰ পুত্ৰ দুৰ্গম মহাপ্ৰতাপী আৰু বুদ্ধিমান আছিল। ৰুৰুৱে মনে মনে চিন্তা কৰি এই সিদ্ধান্তত উপনীত হ’ল যে ঋষি আৰু ব্ৰাহ্মণসকলে বেদমন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞ কৰে, যজ্ঞৰ আহুতিস্বৰূপ ঘৃত ভক্ষণ কৰি শক্তিশালী হৈ বাৰে বাৰে অসুৰসকলক পৰাস্ত কৰে। এনে চিন্তা কৰি বেদসমূহ নিজৰ হাতলৈ আনিবৰ বাবে হিমালয় পৰ্বতলৈ গৈ ব্ৰহ্মাক তপস্যা কৰাৰ ফলত স্বৰ্গ-মৰ্ত্য-পাতাল কঁপিবলৈ ধৰিলে। ব্ৰহ্মাৰ আসন টল-বল কৰিবলৈ ধৰিলে। ব্ৰহ্মাই শেষত অসুৰক দেখা দি বৰ প্ৰাৰ্থনা কৰিবলৈ ক’লে। অসুৰে ব্ৰহ্মাৰ পৰা বৰ বিচাৰিলে যে তেওঁক বেদ কেইখন লাগে আৰু সমস্ত দেৱতা, ব্ৰাহ্মণ, কবিসকলে যেন বেদমন্ত্ৰ পাহৰি যাওঁক আৰু ব্ৰহ্মাইও যেন আৰু বেদ ৰচনা নকৰে। ব্ৰহ্মাই ‘তথাস্তু’ বুলি বৰ দি বেদ কেইখন অসুৰক দিলে। ব্ৰহ্মাৰ বৰ অনুসৰি ঋষি, ব্ৰাহ্মণসকলে বেদৰ মন্ত্ৰ পাহৰিলে যাগ-যজ্ঞ নোহোৱা হ’ল, দেৱতাসকলৰ খাদ্যাভাৱ হ’লত তেওঁলোক দুৰ্বল হ’ল, যজ্ঞ বন্ধ হোৱাত যজ্ঞ ধূম্ৰই মেঘৰ সৃষ্টিত বাধা দিয়াত বৰষুণ নোহোৱা হ’ল— ফলত দেশত শষ্য নগজা হ’ল। অনাবৃষ্টিৰ ফলত সমুদ্ৰ, নদ-নদী শুকাই গ’ল, পানীৰ অভাৱত পশু-পক্ষীসহ মানুহ মৃত্যু মুখত পৰিল। যিকেইজন জীয়াই আছিল তেওঁলোকে হিমালয়ৰ পাদ দেশলৈ গৈ মহামায়াৰ স্তৱ পাঠ কৰিবলৈ ধৰিলে। আনহাতে দুৰ্বলেন্দ্ৰীয় হোৱা দেৱতাসকলে দুৰ্গম অসুৰৰ ওচৰত পৰাজিত হৈ স্বৰ্গৰাজ্য হেৰুৱালে। দেৱতাসকলেও সামান্য মনুষ্যৰূপে হিমালয়ৰ সুমেৰু পৰ্বতৰ গুহাত আত্মগোপন কৰি আদ্যাশক্তি মহামায়াক আকুল কণ্ঠেৰে মাতিবলৈ ধৰিলে। তেতিয়া দেৱী ভুৱনেশ্বৰীয়ে অনন্ত নেত্ৰযুক্ত, অদ্ভুত ৰূপেৰে দেৱতা মনুষ্যগণক দৰ্শন দিলে— দেৱী নীলবৰ্ণা, চতুৰ্ভূজা, কৌটি সূৰ্যসমপ্ৰভা, দক্ষিণ অধোভূজত শৰমুষ্টি, দক্ষিণ ঊৰ্ধ্বভূজত পদুম ফুল বাওঁ ঊৰ্ধ্বভূজত ক্ষুধা, তৃষ্ণা, ক্লেশ আৰু শান্তিপ্ৰদ অনন্ত ৰসময় পুষ্প, পল্লৱ, ফল-মূল আৰু শাকাদি, বাওঁ অধোভূজত মহাশৰাসন ধাৰণ কৰিছে।

দেৱীক তেনে ৰূপত দেখি দেৱতা-মানুহ সকলোৱে দেৱীস্তৱ পাঠ কৰাত অনন্ত নেত্ৰৰ পৰা ন-দিন ব্যাপী প্ৰচণ্ড আৰু অনৰ্গল জল বৰ্ষণ কৰি সমস্ত নদ-নদী, সাগৰ-পুখুৰী জলমগ্ন কৰিলে। বাওঁফালৰ ঊৰ্ধ্ব হাতত থকা ফল-মূল, শাকাদি দান কৰি শাকাদিৰ সৃষ্টি কৰিলে আৰু তাৰ দ্বাৰা জীৱকুল ৰক্ষা পৰিল। তেতিয়াই সমস্ত দেৱগণে দেৱী ‘শতাক্ষি’ আৰু ‘শাকম্ভৰী’ৰূপে স্তুতি কৰি দুটি নাম দিলে। শাকম্ভৰী শতাক্ষি সা সৈৱ দুৰ্গা প্ৰকীৰ্ত্তিতা। উমা গৌৰী সতী চণ্ডী কালিকা সাপি পাৰ্ব্বতী।। (শ্ৰীশ্ৰীচণ্ডী)

দুৰ্গম অসুৰে এই সংবাদ পাই অত্যন্ত খঙত এক সহস্ৰ অক্ষৌহিণী সৈন্য পঠাই হিমালয় অৱৰোধ কৰি যুদ্ধাস্ত্ৰ বৰ্ষণ কৰিবলৈ ধৰিলে। মহামায়াই নিজ শক্তিৰ প্ৰভাৱত এক জ্যোতিবলয়ৰ দ্বাৰা দেৱ, ঋষি আৰু মানৱগণক ৰক্ষা কৰিলে আৰু নিজে সেই বলয়ৰ পৰা বাহিৰ হৈ দুৰ্গম অসুৰৰ লগত যুদ্ধত প্ৰবৃত্ত হ’ল। এই ভয়ঙ্কৰ যুদ্ধৰ দশম দিনা অসুৰৰ সকলো সেনা শেষ হ’ল। একাদশ দিনা দুৰ্গমৰ লগত মহামায়াৰ যুদ্ধ দ্বিপ্ৰহৰ পৰ্যন্ত চলিল। তেতিয়া দেৱীয়ে একেলগে পঞ্চাশপাত বাণ নিক্ষেপ কৰি অসুৰক বধ কৰি বেদ কেইখন উদ্ধাৰ কৰিলে। দেৱীৰ কৃপাত সকলোৰে পুনৰ বেদমন্ত্ৰ মনত পৰিল। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ দেৱতাসকলে দেৱীৰ স্তৱ আৰু স্তোত্ৰ পাঠ কৰি দেৱীক ‘দুৰ্গা’ নামেৰে অভিহিত কৰিলে। এয়ে দুৰ্গা নামৰ উৎপত্তিৰ আখ্যান।

ফিচাৰড্ ইমেজ: pallab seth

‘দুৰ্গা’ নামৰ উৎপত্তি | বিপুলচন্দ্ৰ ভট্টাচাৰ্য

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক