২৭ ডিচেম্বৰৰ মিৰ্জা গালিবৰ ২২৬ সংখ্যক জন্ম বাৰ্ষিকীৰ সোঁৱৰণ
বাকি দিয়া মোৰ
দুখৰ পিয়লাত
সুৰাময় তোমাৰ
কবিতাৰ জোনাক
হিয়াৰ শলিতা জ্বলে
উমি উমি
ওৰে বিৰহ-ৰাতি
প্ৰত্যুষৰ আকুলতাত
ক্ৰমশঃ হেৰায় কায়া
ৰাতিৰ মৌন বিহংগ—
কলিজা খুলি খুলি
হেৰুৱাই পাওঁহি
পাই হেৰুৱাওঁ
যাৱজ্জীৱন কাৰাবন্দী
হুমুনিয়াহ হা-হুতাশবোৰ—
নিষ্পাপ এটি সপোন
দিঠক হোৱাৰ
যন্ত্ৰণাময় কাতৰ আবেদন
তথাপিও
বুকুৰ মাজত আস্ফালন
চিৰ বিদ্ৰোহী মনটোৰ,
চকুৰ লোতকে তিয়াই যায়
শুষ্ক মৰুভূৰ
মৰীচিকা মায়াময়
❧ | আৰু পঢ়ক:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...