শব্দৰ সুহুৰিত জানো
সাৰ পায় মনৰ আকাশ
শুই থকা মনটোৱে
দেখে জানো সপোন!
বাস্তৱৰ পৰিধি ভাঙি
চুই চাব খোজে জীৱনে
নীলা আকাশ
ৰূপোৱালী জোনাক,
সেউজীয়াৰ স’তে কৰে
অন্তৰংগ আলাপ।
চকুপানীবোৰে ভেটা ভাঙে
জোৱাৰ উঠে সাগৰৰ দৰে
আৰু এদিন এনেকৈয়ে
বাট বুলে জীৱনে
যন্ত্ৰণাৰ কুঠৰীত আৱদ্ধ হ’বলে’।
❧ | আৰু পঢ়ক:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক