পূজা আহিছে

পূজা আহিছে
  • 27 Sep, 2022

পূজা আহিছে…
দূৰৈৰ ক’ৰবাত ঢাক বাজিছে

ল’ৰাটোৰ আনন্দত মন নাচিছে
ৰঙা বেলুন দুটা তাৰ চকুত উৰিছে
ছোৱালীৰ হেঁপাহবোৰ বগা
তাই দুটা বগা বেলুন বিচাৰিছে
মানুহজনীৰ ওঁঠত লাজ বিৰিঙিছে
লুকাই লুকাই হাতত ধৰা দিনবোৰ
আকৌ ঘূৰি আহিছে
পূজা আহিছে।

পূজা আহিছে…
আগতীয়াকৈয়ে এইবাৰ কঁহুৱাবোৰ ফুলিছে
এইবাৰ ল’ৰাক পিষ্টল এটা লাগে
ছোৱালীয়ে বগা ফ্ৰক এটা বিচাৰিছে
মানুহজনীৰ খং—
দেউতাৰে কিবা ধনৰ গছ ৰুইছে?
মোৰ হাতৰ আঙুলিবোৰ কঁপিছে
ভৰিৰ তলুৱাত ফোঁহা উঠিছে
তথাপি খৰ গতিত বাজিছে জীৱনৰ ঢাক
ল’ৰা ছোৱালী মানুহজনী
সকলোৰে ওঁঠত হাঁহি বিৰিঙিছে
পূজা আহিছে।

পূজা আহিছে…
মোৰ বুকুৰ হাড়বোৰ কঁপিছে
এইবাৰ আগতীয়াকৈ জাৰো নামিছে
ল’ৰাৰ চুৱেটাৰটো টান হৈছে
ছোৱালীৰ গা ঢকাৰ সময় আহিছে
ঢাক বাজিছে
সমানে সমানে মোৰ হাত-ভৰি চলিছে
মানুহজনীৰ সেমেকা চকুত
মৰম নে সান্ত্বনাবোৰ থুপ খাইছে
কোনোমতে সৰি নপৰাকৈ বিষাদৰ ঢল
পেৰাৰ পৰা ওলাইছে সাঁচতীয়া ধন
আকৌ ঢাক বাজিছে
মুখবোৰ আকৌ উজলি উঠিছে
পূজা আহিছে।

পূজা আহিছে…
দিনবোৰ সলনি হৈছে
জেলেপীৰ গোন্ধৰ লগত সানমিহলি হৈছে
আচহুৱা আতৰৰ গোন্ধ
মানুহজনীৰ মুখখন গোমোঠা
ছোৱালীজনীয়ে নোকোৱা হৈছে
কোনে দিয়া ৰঙা শাৰী পিন্ধি তাই ওলাই গৈছে
ল’ৰাৰ ৰাতিবোৰ দিন হৈছে
কোনেও ক’ব নোৱৰাকৈ সি ঘৰ সোমাইছে
মোৰ জঠৰ দুভৰি টনটনাইছে
হাতৰ আঙুলিত সিৰামুৰি ধৰিছে
তথাপি ঢাক বাজিছে
নাবাজিলে যে জুই নজ্বলে জুহালত
পূজা আহিছে।

পূজা আহিছে…
তেজোবেলিৰ পূজাই বৰকৈ আমনি কৰিছে
ৰঙা বেলুন এটাই নিশব্দে বায়ু এৰি দিছে
ল’ৰাৰ দুচকুত বোমা ফুটিছে
মামৰে ধৰা পিষ্টলটো বুকুত সাবটি সি উচুপিছে
ছোৱালীৰ প্ৰিয় কঁহুৱা ফুলৰ ৰংটো
মাকৰ চাদৰ হৈ বুকুত খুন্দিয়াইছে
মোৰ নিথৰ দেহত মাহ হালধি ঘিউ পৰিছে
শেৱালিৰ ফুল দুপাহ ফুলি উঠিছে
চিতাৰ জুই জ্বলিছে

দূৰৈৰ ক’ৰবাত ঢাক বাজিছে
পূজা আহিছে…

❧ | আৰু পঢ়ক:

Follow Nilacharai on Twitter
পূজা আহিছে | তপন শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক