নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

এই যেন আহিবা শৰৎ চুবলৈ

এই যেন আহিবা শৰৎ চুবলৈ

প্ৰথম কুঁৱলিৰ আৱৰণ ফালি শৰৎ নামিছে
মোৰ পদূলিত আজি শৰতৰ শেৱালি সৰিছে
পলকতে মনত স্নিগ্ধ সুবাসে পুলক ঢালিছে
সখি, তোমালৈ ঘনাই মনত পৰিছে।

মনত পৰেনে সখি— শৈশৱৰ চোতালত
কোঁচ ভৰাই শেৱালি বোটলা
কত ৰং কত হেঁপাহ আৰু ল’ৰালিৰ ধেমালি
হাতত সময়, দুচকুত সপোন
শৰতৰ পুৱাত শেৱালিৰ শুভ্ৰ সাজত মগন হোৱা?

দূবৰিৰ দলিচাত নিয়ৰৰ টোপাল দুভৰিত লাগি
হয় হৃদয় উমাল
এই যেন দৌৰি আহিবা আকৌ কাষলৈ
একেলগে খোজ দিম শৰৎ চুবলৈ।

তলসৰা শেৱালিবোৰ দুহাতেৰে তুলি ভাবিছোঁ
পুনঃ সেই পল নাহে আৰু ঘূৰি!

মোৰ পদূলিত আজি শৰতৰ শেৱালি সৰিছে সখি!
আজি তোমালৈ ঘনাই মনত পৰিছে।

এই লেখকৰ সকলো লেখা চাওক →
এই যেন আহিবা শৰৎ চুবলৈ | জোনালী বড়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...