📖 নতুন কিতাপৰ খবৰ: ‘কল্যাণ খৰমান’

📖 নতুন কিতাপৰ খবৰ: ‘কল্যাণ খৰমান’
  • 04 Apr, 2022

খ্ৰী ষ্টীয় পঞ্চদশ শতিকাৰ শেষৰ ফালে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা যি ধৰ্মীয় জাগৰণ আৰম্ভ হৈছিল, তাৰেই ফলশ্ৰুতিত এক অভিনৱ আৰু অদ্বিতীয় অনুষ্ঠানৰ আৰম্ভ হৈছিল, যাৰ নাম— সত্ৰ।

অসমৰ সমাজ জীৱনত সত্ৰসমূহৰ প্ৰভাৱ অপৰিসীম৷ শ্ৰীমন্ত শঙ্কৰদেৱে এই জাগৰণৰ যোগেদি সেই সময়ৰ অতি বিশৃংখল সমাজখনক একশৰণ বৈষ্ণৱ ধৰ্মৰে একেডালি এনাজৰীৰে বান্ধি এখন বৰ অসমৰ ৰূপ দিছিল৷ সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰখাত সত্ৰসমূহে মুখ্য ভূমিকা লৈছিল৷ ধৰ্মীয় উদ্দেশ্যত গুৰুজনৰ পদধূলা য’তেই পৰিছিল, ত’তেই শিষ্যসকলৰ দ্বাৰা সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল৷ এই ক্ষেত্ৰত গুৰুজনাৰ প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱ আগৰণুৱা আছিল৷ দুয়োজনা মহান গুৰুৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছতো এই ধাৰা চলি আছিল৷ যাৰ ফলশ্ৰুতিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অৰ্ধ সহস্ৰাধিক সত্ৰ প্ৰতিষ্ঠিত হয়৷

অসমৰ সত্ৰসমূহ দুই প্ৰকাৰৰ— গৃহষ্ঠী সত্ৰ আৰু উদাসীন সত্ৰ৷ গৃহষ্ঠী সত্ৰসমূহ পুৰুষানুক্ৰমে পৰিচালিত হৈ আহিছে, অৰ্থাৎ প্ৰতিষ্ঠা কালৰ পৰা প্ৰজন্মৰ পৰা প্ৰজন্মই এই অনুষ্ঠানৰ দায়িত্ব লৈ বৰ্তমান সময়লৈকে অস্তিত্ব বজাই ৰাখিছে৷

উদাসীন সত্ৰসমূহ মাধৱ গুৰুজনাৰ কৈৱল্য পন্থাৰ প্ৰভাৱত প্ৰতিষ্ঠিত৷ এই সত্ৰ ব্যৱস্থা পৰিয়ালকেন্দ্ৰিক নহয়৷ অৰ্থাৎ এই সত্ৰসমূহৰ বৈষ্ণৱসকলে সংসাৰৰ মায়াজালত নোসোমোৱাকৈ আজীৱন ব্ৰহ্মচৰ্য পালন কৰে৷

উদাসীন সত্ৰসমূহত আধ্যত্মিক দিশত প্ৰজ্ঞাৱান জনকহে সত্ৰাধিকাৰ ৰূপে বৰণ কৰা হয় আৰু ভকতসকলক সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা লোৱা হয়৷ এই ক্ষেত্ৰত প্ৰচলিত পৰম্পৰা অনুসৰি নিচেই কম বয়সতে সৰু সৰু ল’ৰাক সত্ৰলৈ আনি উপযুক্ত শিক্ষা-দীক্ষা দি এজন ভকত ৰূপে গঢ় দিয়া হয়৷ এই উদাসীন ভকতসকলৰ জীৱন চৰ্যা আন মানুহৰ দৰে নহয়৷ জন্ম দিয়া পিতৃ-মাতৃৰ বুকুৰ পৰা তুলি অনা এই সৰু সৰু ল’ৰাবোৰে সৰুৰে পৰা এক নিৰ্দিষ্ট জীৱন শৈলীত ডাঙৰ হয়৷ সত্ৰৰ বয়োজ্যেষ্ঠ ভকতসকলেই (বুঢ়াভকত) তেওঁলোকৰ পিতৃ-মাতৃ সকলো৷ এনেদৰে পোষ্য পুত্ৰসকলে আন আন ল’ৰাৰ দৰে মুক্ত জীৱন যাপনৰ সুবিধা নাপায়৷ সৰুৰে পৰা এই সকলে বহুতো নিয়ম-নীতি আৰু সংস্কাৰৰ মাজত ডাঙৰ-দীঘল হৈ এজন পূৰ্ণাঙ্গ ভকত হয়৷

ভকত হিচাপে জীৱনৰ কামনা-বাসনা পৰিত্যাগ কৰি কৈৱল্যক আঁকোৱালি ল’ব লাগে যদিও এই ক্ষেত্ৰত সকলো সফল হ’ব নোৱাৰে, অৰ্থাৎ মানৱীয় প্ৰবৃত্তিসমূহৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব নোৱাৰে৷ এই সকলৰো আনৰ দৰেই কামনা-বাসনা, ইচ্ছা-আকাংক্ষা থাকে৷ বহুতে মাত্ৰ জোৰ কৰি এই প্ৰবৃত্তিসমূহক নিয়ন্ত্ৰণ কৰি ৰাখে৷ অৱশ্যে সময়ৰ লগে লগে অৰ্থাৎ বয়স বঢ়াৰ লগে লগে আধ্যাত্মিক উত্তৰণ ঘটাই এটা সময়ত এই সকল প্ৰকৃত ভকতৰ শাৰীলৈ উঠিবলৈ সক্ষম হয়৷

‘কল্যাণ খৰমান’ উপন্যাসখনিৰ বিষয় আৰু পটভূমি সত্ৰ আৰু সত্ৰীয়া জীৱন৷ উদাসীন ভকতসকলৰ জীৱনচৰ্যা, সত্ৰৰ সন্মুখত বৰ্তমান আহি পৰা বিভিন্ন প্ৰত্যাহ্বান আদি সামৰি উপন্যাসৰ ৰূপ দিয়া হৈছে৷ এই ক্ষেত্ৰত এই অভাজন সফল হৈছোঁ বুলি কোৱাৰ ধৃষ্টতা নাই৷ পাঠকে কেনে ধৰণে লয়, তাৰ ওপৰতে সফলতা অথবা বিফলতা নিৰ্ভৰ কৰিব৷ আমাৰ সীমিত জ্ঞান-বুদ্ধিৰ বাবে যদি ক’ৰবাত ভুল-ত্ৰুটি ৰৈ গৈছে, তাৰ বাবে কৰযোৰে নতজানু হৈ ক্ষমা প্ৰাৰ্থী হৈ ৰ’লো৷

ছবি

কল্যাণ খৰমান (উপন্যাস)
লেখক: যাদৱ হাজৰিকা
বিষয়বস্তু: সত্ৰ আৰু সত্ৰীয়া পৰম্পৰাৰ আধাৰত ৰচিত উপন্যাস
বেটুপাতৰ শিল্পী: ৰবীন বৰুৱা, গুৱাহাটী
প্ৰকাশক: অবিনাশ শৰ্মা, প্ৰতিশ্ৰুতি প্ৰকাশন, চেনিকুঠি, গুৱাহাটী
মূল্য: ২৫০ টকা
ISBN: 978-93-9067-548-7

❧ | আৰু পঢ়ক:

📖 নতুন কিতাপৰ খবৰ: ‘কল্যাণ খৰমান’ | যাদৱ হাজৰিকা

Follow Nilacharai on Facebook