‘ক থাকলিৰ দেশত: কিছু স্মৃতি কিছু অনুভৱ’ কৰুণাকান্ত ৰায় ৰচিত, সদ্য প্ৰকাশিত এখন গ্ৰন্থ। কথাকলি দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এক লোকনাট্য। সাধাৰণতে কেৰালাক ‘ভগৱানৰ নিজা দেশ’ (God’s own Country) বুলি কোৱা হয় যদিও লেখক ৰায়ে নতুনকৈ কথাকলিৰ দেশ বুলি ক’ব বিচাৰিছে। সেয়ে লেখকৰ স্মৃতি আৰু অনুভৱো কেৰালাৰ মাটি আৰু মানুহৰ সৈতে সংপৃক্ত হৈ আছে।
ভাৰতৰ দক্ষিণ-পশ্চিম সীমান্তত আৰৱ সাগৰ বিঢৌত ৰাজ্য কেৰালা। কেৰালাৰ ৰাজ্যভাষা মালায়ালম। কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ ভাৰতীয় ভাষা সংস্থা (Central Institute of Indian Languages)ৰ অন্তৰ্গত ভাষা প্ৰশিক্ষণ কেন্দ্ৰৰ এটি শাখা দাক্ষিণাত্য আঞ্চলিক ভাষা কেন্দ্ৰ (Southern Regional Language Centre) কৰ্ণাটক ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ মহীশূৰত অৱস্থিত। তাত দক্ষিণ ভাৰতৰ চাৰিটা ভাষা— কৰ্ণাটকৰ কানাড়া, অন্ধ্ৰপ্ৰদেশৰ তেলুগু, তামিলনাডুৰ তামিল আৰু কেৰালাৰ মালায়ালমৰ প্ৰশিক্ষণ দিয়া হয়। সাংস্কৃতিক বিনিময় কাৰ্যসূচী হিচাপে অসম চৰকাৰেও দহমহীয়া প্ৰশিক্ষণৰ বাবে আগ্ৰহী শিক্ষকসকলক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা প্ৰশিক্ষণ কেন্দ্ৰসমূহলৈ ডেপুটেচনত পঠিয়ায়। তেনে এক আঁচনিৰ অধীনত শিক্ষক তথা এই গ্ৰন্থৰ লেখক কৰুণাকান্ত ৰায়ে ১৯৯৯ চনৰ জুলাই মাহত মালায়ালম ভাষা শিকাৰ আগ্ৰহেৰে দাক্ষিণাত্য অভিমুখী ৰে’লত উঠিছিল আৰু এবছৰৰ পাছত অযুত স্মৃতি, নিযুত অনুভৱ লৈ ঘৰলৈ উভতি আহিছিল। সেই অনুভৱৰে গ্ৰন্থৰূপ আজিৰ এই আলোচ্য গ্ৰন্থ— ‘কথাকলিৰ দেশত: কিছু স্মৃতি কিছু অনুভৱ’।
গ্ৰন্থখনিত সন্নিবিষ্ট লেখাবোৰ হ’ল এনেধৰণৰ— থলুৱা মাটিৰ গোন্ধ বিচাৰি কেৰালাত এভুমুকি, অসমীয়া উচ্চাৰণ আৰু ভোগালীৰ এক আৱেগিক অনুভৱ, স্মৃতিয়ে আমনি কৰা কেইটামান মুহূৰ্ত, পুনৰ কথাকলিৰ দেশ কেৰালালৈ, বানপ্ৰস্থমৰ আঁত ধৰি কিছু অনুভৱ, মালায়ালম ভাষা-সাহিত্যৰ চমু আভাস, থোৰতে কেৰালা, কেৰালাৰ লোক নৃত্য-নাট্য কথাকলি, কেৰালাৰ কৃষিভিত্তিক জাতীয় উৎসৱ ওনাম ইত্যাদি। ইয়াৰ উপৰি গ্ৰন্থখনিত সন্নিবিষ্ট হৈছে মালায়ালম নাটক ‘নিংঙল এন্নে কমিউনিষ্ট আক্কি’ (তুমিয়েই মোক কমিউনিষ্ট কৰিলা)ৰ আলোচনা, কেৰালাৰ জাতীয় উৎসৱ ওনামৰ পটভূমিত শ্ৰীৰায়ে লেখা এটা চুটিগল্প ‘এটা ৰাতিৰ এলিজী’ দুটা মালায়ালম গল্প আৰু এখন নাটকৰ অসমীয়া মুকলি অনুবাদ। উল্লেখ কৰিব পাৰি যে ইয়াৰে কেইটামান প্ৰবন্ধ ‘দক্ষিণ ভাৰতৰ চিঠি’ হিচাপে সেই সময়তে দৈনিক অসমত প্ৰকাশ পাইছিল। আনকেইটা লেখা পৰৱৰ্তী সময়ত প্ৰকাশ পাইছিল প্ৰান্তিক, গৰীয়সী, নিউজ- ৩০ আদি কাকত-আলোচনীত।
সাহিত্যত সমসাময়িক সমাজৰ প্ৰতিফলন হয় বোলা কথাষাৰ সাৰ্থক হৈছে কৰুণাকান্ত ৰায়ৰ এই গ্ৰন্থখনত। কিতাপখনৰ পৃষ্ঠাবোৰত পোৱা যায় কেৰালাৰ ভাষা-সাহিত্য-সংস্কৃতি, বুৰঞ্জী, ভূগোল, কিংবদন্তী আনকি তেওঁলোকৰ ঘৰ-বাৰী, নঙলামুখৰ পৰা উদ্যান শস্যৰ বিবৰণীলৈ। গ্ৰন্থখন পঢ়ি জানিলো— মালায়ালম ভাষাত বিশ্ববিদ্যালয়ক কোৱা হয় সৰ্বকলাশালা বুলি, বিধান সভাক কোৱা হয় নিয়মা সভা বুলি। দক্ষিণ ভাৰতৰ মহিলাসকলে চুলিৰ খোপাত ওলোমাই লোৱা ফুলবিধৰ নাম মুল্লাপু, শিমলু আলুক কোৱা হয় কাপ্পা বা মাৰাচ্ছিনী বুলি। মালায়ালমৰ মালা শব্দৰ অৰ্থ পৰ্বত আৰু আলম মানে আলয় বা ঘৰ। একেদৰে ন-শিকাৰুৰ মনত খেলিমেলিৰ সৃষ্টি কৰিব পৰা কেইটামান শব্দৰ লেখকে উদাহৰণ দিছে এনেধৰণেৰে— মালায়ালাম ভাষাত উপন্যাস মানে প্ৰবন্ধ, চৰিত্ৰ মানে ইতিহাস, ব্যৱসায় মানে উদ্যোগ, শিক্ষা মানে শাস্তি, ক্ষেত্ৰ মানে মন্দিৰ, পশু মানে গৰু আৰু মৃগ মানে জন্তু ইত্যাদি।
মালায়ালীসকল ভোজনবিলাসী। তেওঁলোকৰ প্ৰধান খাদ্য ভাত যদিও সাধাৰণ চাউলতকৈ আমাৰ বাওধানৰ দৰে ৰঙা উখোৱা চাউলৰ ভাত তেওঁলোকৰ প্ৰিয়। অন্যান্য খাদ্যসমূহ হ’ল— টুৰণ, খিচিৰি, আৱিয়াল, পাচড়ী, উলান, কালান, ইৰিচ্চেৰী, ঘিউৰে ৰন্ধা পাৰিপ্পু, চাম্বাৰ, পায়সম, উলিচ্চেৰী, ৰচম, দোছা, ইডলী, বড়া ইত্যাদি। বিয়া-সবাহকে ধৰি ৰাজহুৱা ভোজ-ভাতত কলপাত ব্যৱহাৰ কৰাটো মালায়ালীসকলৰ পৰম্পৰাগত নিয়ম। কেৰালাত প্ৰচলিত ঘৰুৱা সুৰাবিধৰ নাম ক’ল্লা। ই চাউল বা গুড়েৰে নহয়, নাৰিকলেৰে তৈয়াৰী। কেৰালাত নাৰিকল গছ সৰ্বত্ৰ পোৱা যায়। ৰন্ধনতো নাৰিকল তেলেই ব্যৱহাৰ কৰা হয়।
কেৰালাৰ কৃষিভিত্তিক জাতীয় উৎসৱবোৰৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় হ’ল ওনাম। এই উৎসৱত আমাৰ বিহুৰ দৰে ৰং-ৰহইচ, পিঠা-পনা, শুভেচ্ছা বিনিময়, আত্মীয়-কুটুম্বৰ সৈতে ভোজ-ভাত, বিভিন্ন খেল-ধেমালি— প্ৰধানতঃ বল্লামকালি অৰ্থাৎ নাওখেল আদিৰ আয়োজন কৰা হয়। ওনাম পালিত হয় মালায়ালম বৰ্ষৰ প্ৰথম মাহ চিংঙম মাহত। আমাৰ ইয়াৰ ভাদ মাহ বা আগষ্ট-ছেপ্টেম্বৰত। তেওঁলোকৰ আন এঘাৰটা মাহ হ’ল ক্ৰমে— কান্নি, তুলাম, বৃশিকম, ধনু, মকৰম, কুম্ভম, মীনম, মেদম, ইডাৱম, মিঠুনম আৰু কাৰিক্কডম। মালায়ালম ভাষাৰ এটা বৈশিষ্ট্য হ’ল— এই ভাষাত সংস্কৃত শব্দৰ প্ৰভাৱ বিদ্যমান। উল্লিখিত বহু শব্দই তাৰ চানেকি দিয়ে।
কেৰালাৰ সৈতে অসমৰ বহু বৈসাদৃশ্য আছে যদিও আনকেইখন দক্ষিণ ভাৰতীয় ৰাজ্যৰ তুলনাত কিছু সাদৃশ্যও চকুত পৰে, বিশেষকৈ ঘৰৰ চৌহদৰ ক্ষেত্ৰত। ঘৰৰ পিছফালে অসমৰ দৰে তামোল, নাৰিকল, আম, কঁঠাল, কফি আদি ৰোৱা হয়। অসমৰ দৰেই ই এখন সৰু ৰাজ্য। জনসংখ্যাও প্ৰায় অসমৰ সমানেই। অৱশ্যে কেৰালাৰ মুঠ জনসংখ্যাৰ ৯৬ শতাংশই মালায়ালম ভাষা ব্যৱহাৰ কৰাটো মন কৰিবলগীয়া। বাকী চাৰি শতাংশ ভিতৰত তামিল, তেলুগু, কানাড়া, তুলু আৰু কোংকনী ভাষাৰ লোক। সেই ৰাজ্যখনত হিন্দু, মুছলমান আৰু খ্ৰীষ্টানৰ ভাষা-সংস্কৃতি একেই। অসম আৰু উত্তৰবঙ্গ পাৰ হৈ যোৱাৰ পাছত ক্ৰমশ অদৃশ্য হৈ পৰা তামোল গছক পুনৰ ওভোটাই পাওঁ কেৰালাত। কেৰালাৰ নাৰীয়ে অসমৰ মহিলাৰ দৰে দুখনীয়া কাপোৰ ব্যৱহাৰ কৰে। অৱশ্যে এই দুটা কথা লেখকে ক’তো উল্লেখ কৰা নাই। কেৰালাতো অসমৰ দৰে যথেষ্ট সংখ্যক নদী, পাহাৰ আৰু সেউজীয়া তৰু-তৃণ দেখিবলৈ পোৱা যায়।
এইবাৰ আহোঁ কেৰালা ৰাজ্যৰ লোকনাট্যানুষ্ঠান কথাকলিৰ প্ৰসংগলৈ। ৰামায়ণৰ কাহিনী আধাৰিত ‘ৰামনাট্টম’ নামৰ নাট্যকলাই কালক্ৰমত কথাকলি নামেৰে প্ৰসিদ্ধি লাভ কৰে। এই অনুষ্ঠানত ভাওৰীয়াই মুখা পিন্ধে আৰু চৰিত্ৰ বিশেষে এই মুখাত বেলেগ বেলেগ ৰঙৰ প্ৰলেপ সনা হয়। প্ৰতিটো ৰঙে বেলেগ বেলেগ অৰ্থ বহন কৰে, যেনে— শ্ৰীকৃষ্ণ, শ্ৰীৰাম আদি উত্তম পুৰুষৰ মুখত সেউজীয়া ৰং, অসুৰ, ৰাক্ষস-ৰাক্ষসী আদিৰ মুখত ক’লা ৰং আদি। কথাকলিত ভাওৰীয়াৰ চকুৰ ইংগিতে সংলাপৰ বিকল্প হিচাপে কাম কৰে। তেনেদৰে অংগ-ভংগীয়েও ব্যাপক অৰ্থ বহন কৰে। কথাকলি নৃত্যত সৰ্বমুঠ ২৪ বিধ মুদ্ৰা বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰা হয়। মূল নাট আৰম্ভ হোৱাৰ আগতে তিনিটা বন্দনা অনুষ্ঠান পৰিৱেশিত হয়। সাহিত্য আৰু সংগীতৰ প্ৰতি আন্তৰিকতা থকা দৰ্শকসকলে কথাকলিৰ বক্তব্য সহজে বুজি পায়। কিন্তু সাধাৰণ দৰ্শকে কথাকলিৰ ভাওৰীয়াৰ অংগ-ভংগী, হাতৰ মুদ্ৰা, চকুৰ ইংগিতৰ ভাষা বুজিবলৈ নিজে নিজে বৌদ্ধিক কচৰৎ কৰিবলগীয়া হয়।
কেৰালাৰ ৰাজধানী চহৰ হ’ল ত্ৰিবান্দ্ৰম, যাক স্থানীয় ভাষাত তিৰুৱানন্তপুৰম (উচ্চাৰণ: থিৰুৱানন্দপুৰম) বুলি কোৱা হয়। কিন্তু সাংস্কৃতিক ৰাজধানী হিচাপে সন্মান লাভ কৰি আহিছে কেৰালাৰ ত্ৰিশূৰ চহৰেহে। এই ত্ৰিশূৰ চহৰৰ পৰা ত্ৰিশ কিলোমিটাৰ নিলগত অৱস্থিত প্ৰখ্যাত মালায়ালম কবি বোল্লাত্তল নাৰায়ণন মেননৰ স্মৃতি বিজড়িত বোল্লাত্তল নগৰ। ইয়াতেই অৱস্থিত কলামণ্ডলম, য’ত কথাকলি, মোহিনীয়াট্টম আদিকে ধৰি কেৰালাৰ লোক-সংস্কৃতিৰ প্ৰশিক্ষণ-প্ৰদৰ্শন আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। কুৰি শতিকাৰ মাজভাগত যেতিয়া কথাকলিৰ প্ৰচাৰ-প্ৰসাৰ কমিবলৈ লৈছিল, তেতিয়া এইগৰাকী কবিয়েই কলামণ্ডলম স্থাপন কৰি এই গৰাখহনীয়া প্ৰতিৰোধ কৰিছিল। এতিয়া বিদেশৰ পৰাও কেৰালালৈ শিক্ষাৰ্থী আহে আৰু এনেদৰেই কথাকলিয়ে বিশ্বজয় কৰিবলৈ সক্ষম হৈছে।
স্মৃতিলেখা এনেয়েই সুখপাঠ্য, তাতে আকৌ শ্ৰীৰায়ৰ প্ৰাঞ্জল আৰু নিৰ্মেদ ভাষা, পুৰঠ লেখনশৈলীয়ে গ্ৰন্থখনক আৰু অধিক সুখপাঠ্য কৰি তুলিছে। গ্ৰন্থখনৰ অনন্য আৱেগ জড়িত লেখা হ’ল স্মৃতিয়ে আমনি কৰা কেইটামান মুহূৰ্ত আৰু গ্ৰন্থখনৰ স্থানান্তৰত উল্লেখ কৰা লেখকৰ বন্ধু-পুত্ৰ চাৰিবছৰীয়া উন্নিকুট্টান, গুজৰাটী আৰু মাৰাঠী ভাষাৰ অধ্যাপিকাদ্বয় ডক্টৰ চম্পল আৰু সুমনৰ প্ৰসংগ। থুনুক-থানাক মাতেৰে মালায়ালম ভাষা ক’বলৈ আৰম্ভ কৰাৰ বাদে পৃথিৱীৰ কোনো ভাষা নুশুনা চাৰি বছৰীয়া উন্নিকুট্টান আৰু মালায়ালম ভাষা শিকিবলৈ গৈ ধোঁৱা-কোৱা দেখিবলৈ লোৱা কৰুণাকান্তৰ মাজত সাৰ্বজনীন আবেদনেৰে গঢ়ি উঠা বন্ধুত্ব, বিদায় বেলাৰ বিৰহ আৰু এই বিৰহে লেখকক ৰবীন্দ্ৰনাথৰ কাবুলীৱালা গল্পৰ মিনিজনীক মনত পেলাই দিয়া মুহূৰ্তটি হৃদয়স্পৰ্শী। তেনেদৰে লগত লৈ যোৱা অসমীয়া গীতৰ কেছেটৰ বাদে দীৰ্ঘ দিনধৰি সুৰীয়া নিজৰ মাতৃভাষা শ্ৰৱণৰ পৰা বঞ্চিত হৈ থকা বিৰহী মনটোক ‘আপোনাৰ ভালনে’ বুলি কৈ মাৰাঠী অধ্যাপিকা সুমনে শাত পেলোৱা, একেগৰাকী অধ্যাপিকাই পাছলৈ ‘বুকু হম হম কৰে, ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ আদি গীত পৰিৱেশন কৰি লেখকক আৱেগিক কৰি তোলা বৰ্ণনাও মৰ্মস্পৰ্শী।
প্ৰায়ে দেখা যায়, এনে ধৰণৰ চৰকাৰী প্ৰশিক্ষণ কাৰ্যসূচীবোৰ চলি থাকে যান্ত্ৰিকভাৱে। মানুহ তালৈ যায়, বছৰটো কিবাকৈ পাৰ কৰে, শ্ৰেণীকোঠাত লেখা-পঢ়া কৰে আৰু উভতি আহে। সেয়ে চৰকাৰৰ সাংস্কৃতিক বিনিময় আঁচনি কাৰ্যতঃ বিফল হয়। কিন্তু এই কিতাপখন পঢ়িলে গম পোৱা যায়, লেখক কৰুণাকান্ত আছিল ইয়াৰ ব্যতিক্ৰম। তেওঁ যেন কিবা এমুঠি লৈ আহিম বুলিয়েই তালৈ গৈছিল। কৰ্ণাটক ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ মহীশূৰত আছিল তেওঁৰ শ্ৰেণীকোঠা আৰু সীমামূৰীয়া ৰাজ্য কেৰালাৰ ভাষা-সংস্কৃতি আৰু সমাজখন আছিল তেওঁৰ প্ৰয়োগশালা। সেয়ে তেওঁ কেৰালাৰ বিভিন্ন বিদ্যালয়লৈ গৈ ছাত্ৰ-শিক্ষকৰ লগত মত বিনিময় কৰিছে, মাট্টাক্কাৰাৰ প্ৰতিভা লাইব্ৰেৰীৰ ৪৫ বছৰীয়া জয়ন্তীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মালায়ালম ভাষাত বক্তৃতা দিছে, নাট প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদিত অংশগ্ৰহণ কৰিছে, মালায়ালীসকলৰ বিয়াত গৈ অসমীয়া বিয়াৰ সৈতে লোকাচাৰৰ তুলনা কৰিছে, মালায়ালম চলচ্চিত্ৰ উপভোগ কৰিছে, মালায়ালী বুদ্ধিজীৱীসকলৰ পৰা আৰম্ভ কৰি সাধাৰণ গাঁৱলীয়া খেতিয়কলৈ— আটাইৰে সৈতে ঘনিষ্ঠ আত্মিক সম্পৰ্ক স্থাপন কৰি নিজকে সমৃদ্ধ কৰিছে। অসমৰ ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, কেশৱ মহন্তৰ ‘মা আমি শদিয়ালৈ যামেই’ আদি গীতক তাৰ ল’ৰা-ছোৱালীৰ সৈতে চিনাকি কৰাই দিছে। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘বুঢ়ী আইৰ সাধু’ৰ দুই-এটা সাধু তাৰ ল’ৰা-ছোৱালীক কৈ শুনাইছে। ঘৰলৈ উভতি আহিও তেওঁ বহি নাথাকি মালায়ালম সাহিত্য অসমীয়ালৈ অনুবাদ কৰিছে আৰু মালায়ালম ভাষাত গল্প ৰচনা কৰি কেৰালাৰ মালায়ালম আলোচনীত প্ৰকাশ কৰিছে। সেয়ে হয়তো অসম সাহিত্য সভাৰ বিশ্বকোষ প্ৰকল্পৰ ভাৰতীয় সাহিত্য খণ্ডৰ সম্পাদক ড° যোগেন্দ্ৰ নাৰায়ণ ভূঞাদেৱে কৰুণাকান্ত ৰায়ৰ দ্বাৰা কেৰালাৰ সাহিত্য-সংস্কৃতি সম্পৰ্কীয় অনুষ্ঠান আৰু ব্যক্তিৰ প্ৰৱিষ্টি যুগুতাই বিশ্বকোষত প্ৰকাশ কৰিছে।
কবি তথা এগৰাকী চিত্ৰশিল্পী হিচাপে খ্যাতি অৰ্জন কৰা বিজয় বেজবৰুৱাই প্ৰস্তুত কৰা আটকধুনীয়া বেটুপাতেৰে গুৱাহাটীৰ পাঞ্চজন্য বুকছে প্ৰকাশ কৰা গ্ৰন্থখনিৰ ছপা-বন্ধা উন্নত মানৰ বুলি একে আষাৰে ক’ব পাৰি। দুই-এটা পুনৰাবৃত্তিক বাদ দিলে সামগ্ৰিকভাৱে গ্ৰন্থখন সুখপঠ্য। নজনাক জানিবলৈ, নুশুনাক শুনিবলৈ উন্মুখ হৈ থকা পাঠকে গ্ৰন্থখন এবাৰ হাতত তুলি ল’লে শেষ নোহোৱালৈকে এৰিবলৈ টান পাব। আশা কৰোঁ অনাগত দিনত আমি কৰুণাকান্ত ৰায়ৰ পৰা আৰু কিছু উপহাৰ পাম।
মানুহৰ সংগ ভালপোৱা কৰুণাকান্ত ৰায়ৰ সৈতে আপুনিও ৯৪৩৫৩১২৮৯৯ বা ৮৬৩৮১৪২৮৭২ নম্বৰত কথা পাতিব পাৰে।
❧ | আৰু পঢ়ক:
- বন্ধ কোঠাত ধুমুহা: এখন গল্প সংকলনৰ পঞ্চাছ বছৰ
- আহোমৰ সংকটকালত ভোটাই ডেকা
- বুৰঞ্জীবিদ সদানন্দ চলিহাৰ গ্ৰন্থ ‘প্ৰাচীন ভাৰতৰ গণৰাজ্য’: এক চমু আলোচনা
- গদাধৰ কৃত গুৰু চৰিতত উপলব্ধ ইটো-সিটো
- পতনৰ আখ্যান: ৰীতা চৌধুৰীৰ ‘পপীয়া তৰাৰ সাধু’