চৈয়দ আব্দুল মালিকৰ বহুল পঠিত জনপ্ৰিয় উপন্যাস ‘সূৰুযমুখীৰ স্বপ্ন’
- 09 Aug, 2022
আ ধুনিক অসমীয়া সাহিত্যৰ অন্যতম অপ্ৰতিদ্বন্দ্বী নায়ক চৈয়দ আব্দুল মালিকে গল্প, কবিতা, নাটক, প্ৰবন্ধ, উপন্যাস আদিকে ধৰি সাহিত্যৰ আটাইবোৰ দিশলৈ বলিষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে। অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ চৈয়দ আব্দুল মালিকৰ সাহিত্য সৃষ্টিৰ পৰিধি বহুব্যাপ্ত। তেওঁ ৬৮খন উপন্যাস, ২৩খন গল্প সংকলন, ৬খন নাটক, ১০খন ৰেডিঅ’ নাটক, ৫খন সংগীতালেখ্য, ৫খন কবিতাপুথি, ৩খন ভ্ৰমণ কাহিনী, ১৪খন অনুবাদ গ্ৰন্থ, ৮খন প্ৰবন্ধ সংকলন, এখন অভিধান— সৰ্বমুঠ ১৪২খন গ্ৰন্থৰ প্ৰণেতা।
চৈয়দ আব্দুল মালিক
সাহিত্য সৃষ্টিৰ বিশালতা আৰু বিভিন্নতাই তেওঁৰ প্ৰতিভাৰ অম্লান স্বাক্ষৰ বহন কৰে। কেৱল সংখ্যাৰ ফালৰ পৰাই মালিকৰ সাহিত্য বৃহৎ পৰিমাণৰ নহয়, গুণগত মানৰ ফালৰ পৰাও তেওঁৰ সাহিত্যৰাজি অনন্য অনুপম। ইয়াৰে সৰহসংখ্যক গ্ৰন্থৰে বহুকেইটা সংস্কৰণো প্ৰকাশ হৈ ওলাইছে। ইয়ে তেওঁৰ সাহিত্যকৰ্মৰ জনপ্ৰিয়তাৰ কথা প্ৰমাণ কৰে। সৃষ্টিশীল লেখক হিচাপে মালিকৰ চুটিগল্প আৰু উপন্যাসৰ সংখ্যাৰ লগত ফেৰ মাৰিব পৰা সাহিত্যিক অসমীয়া সাহিত্যত নাই। দৰাচলতে চৈয়দ আব্দুল মালিক আক্ষৰিক অৰ্থতে অসমীয়া উপন্যাসৰো ‘মালিক’ স্বৰূপ।
যুদ্ধোত্তৰ যুগত বিৰিঞ্চি কুমাৰ বৰুৱাৰ পাছত চৈয়দ আব্দুল মালিকেই অসমীয়া উপন্যাস সাহিত্যক ত্বৰান্বিত আৰু জনপ্ৰিয় কৰি তোলে। বিচিত্ৰ চৰিত্ৰ, বিষয়বস্তু তথা ঘটনা-পৰিঘটনাক লৈ তেওঁ উপন্যাসসমূহ ৰচনা কৰিছে। গ্ৰাম্য জীৱন, নগৰীয়া জীৱন, প্ৰাকৃতিক পৰিৱেশ, মনঃস্তত্ত্বমূলক দৃষ্টিভঙ্গী, বিশিষ্ট কথন ভঙ্গী, আৱেগ-অনুভূতিৰ তীব্ৰতা— এই সকলোবোৰ উপাদানে তেওঁৰ সৃষ্টিক বৈচিত্ৰ্যময় কৰি তুলিছে। বৰেণ্য কবি নৱকান্ত বৰুৱাৰ এটি মন্তব্য প্ৰণিধানযোগ্য— “মালিকৰ সাহিত্যকৃতিৰ কথা ভাবিলেই তেওঁক এজন শ্বাহেনশ্বাহ বা ৰজা-মহাৰজা যেন লাগে। তাৰ কাৰণ হ’ল তেওঁৰ হাৰেমবিহীন হৃদয়ৰ পৰা জন্ম লাভ কৰিছে অনেক সাহিত্য-সন্তানে। সংখ্যাত অধিক হ’লেও তেওঁৰ সাহিত্য-সন্তান সকলোবোৰ বিচিত্ৰ আৰু বিভিন্ন ধৰণৰ; কিন্তু কোনোটিয়েই বিকলাঙ্গ নহয়।” এই মন্তব্যতে মালিকৰ সাহিত্যসৃষ্টি সম্পৰ্কত এটি সামগ্ৰিক অথচ স্পষ্ট আভাস ফুটি উঠিছে। চাৰিৰ দশকত ‘লঃ সাঃ গুঃ’ উপন্যাসৰ যোগেদি ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰা চৈয়দ আব্দুল মালিকে ছয়ৰ দশকত ‘সূৰুযমুখীৰ স্বপ্ন’ আৰু ‘অঘৰী আত্মাৰ কাহিনী’ৰ যোগেদি পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে।
চৈয়দ আব্দুল মালিকৰ বহুল পঠিত আৰু জনপ্ৰিয়তাৰ শীৰ্ষত থকা উপন্যাসখন হৈছে ১৯৬০ চনত প্ৰকাশিত ‘সূৰুযমুখীৰ স্বপ্ন’। অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত এই উপন্যাসখনি মালিকৰ উপন্যাসসমূহৰ ভিতৰতেই নহয়, অসমীয়া উপন্যাস সাহিত্যৰ ভিতৰতো শ্ৰেষ্ঠত্বৰ আসনত ৰাখিব পাৰি। কোনো এখন উপন্যাসৰ সফলতাৰ ক্ষেত্ৰত কাহিনী, চৰিত্ৰ, পৰিৱেশ, জীৱনদৰ্শন আদি আটাইবোৰ উপাদানৰ প্ৰয়োজন; সেই সকলোখিনি উপাদানকে চৈয়দ আব্দুল মালিকে ‘সূৰুযমুখীৰ স্বপ্ন’ত কলাসূলভ গুণ তথা কৌশলৰে প্ৰয়োগ কৰিছে। বিচিত্ৰ চৰিত্ৰ আৰু পৰিস্থিতিৰে সমৃদ্ধ এটি ৰসাল কাহিনী উপন্যাসখনিৰ মাজত নিহিত হৈ আছে। ক’ব পাৰি, ‘সূৰুযমুখীৰ স্বপ্ন’ৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ইয়াৰ নিটোল, ধাৰাবাহিক তথা ৰসোত্তীৰ্ণ কাহিনী।
কাহিনীটোৰ পটভূমি হৈছে ধনশিৰি নদী আৰু সেই নদীৰ পাৰত অৱস্থিত ডালিম নামৰ এখনি গাঁও। সেইবাবে ঔপন্যাসিক মালিকে কাহিনীৰ আৰম্ভণিতে ধনশিৰি নদী আৰু ডালিম গাঁৱৰ এটি সামগ্ৰিক চিত্ৰ অংকন কৰাৰ লগতে তাৰ এটি নাতিদীৰ্ঘ ইতিহাসো দাঙি ধৰিছে। ধনশিৰি বৈ গৈছে দক্ষিণৰ পৰা উত্তৰলৈ নগা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ। ধনশিৰিৰ পশ্চিমপাৰে ডালিম গাঁও। তিনি কুৰি দহঘৰ মানুহৰ সৰু পুৰণি গাঁওখন। হিন্দু, মুছলমান, নেপালী, মিকিৰৰ মিহলি গাঁও। তাৰ লগতে কছাৰি, সূতকলীয়া আৰু বামুণ মানুহো আছে। গাঁওখনত গৰু-ম’হৰ খুটি, গৰুৰ গোহালি, মানুহ থকা ঘৰৰ উপৰিও এটা নামঘৰ আৰু দুটা মছজিদ আছে। মুঠতে তাত ঈশ্বৰ, আল্লা, গছ, শিল— সকলোৱে পূজা পায়।
ডালিম গাঁওখন দুটা চুবুৰিত বিভক্ত— ন-ডালিম আৰু পুৰণি ডালিম। আনহাতে ডালিম গাঁৱৰ পশ্চিম আৰু দক্ষিণ দিশত দুখন অটব্য হাবি আছে। বাঘ, হাতী, গঁড় আদিৰে এই হাবি পৰিৱেষ্টিত। বনৰজাই মাজে-সময়ে আহি পথাৰৰ পৰা ম’হ, গোহালিৰ পৰা গৰু লৈ যায়। হাতীয়ে ধাননি মহতিয়ায়, ঘৰ ভাঙে। ডালিম গাঁৱত বাছ-মটৰ, ৰেল একো নাই— নচলে। গৰুগাড়ী দুখন নে তিনিখনহে আছে। গাঁওখনৰ পৰা গোলাঘাট নগৰলৈ একুৰি বাৰ মাইল দূৰ।
ধনশিৰিৰ পাৰৰ এই ডালিম গাঁৱৰ পটভূমিতেই ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনিৰ কাহিনী গঢ় লৈ উঠিছে। ডালিম গাঁৱৰে গুলচ এগৰাকী পৰিশ্ৰমী যুৱক। পামত থাকি বাওধান, শালিধান আদিৰ খেতি কৰে। অন্যৰ লগ লাগি সিও নিজাকৈ সিপাৰত কেইকঠামান ন-ভাঙতি মাটি উলিয়াইছে। মাজে মাজে চেনিমাইৰ কথা তাৰ মনত পৰে। ইটো-সিটো কাৰণত পুৰণি ডালিমলৈ মাজে-সময়ে যাওঁতে এদিন চেনিমাইৰ সৈতে গুলচৰ প্ৰথম চিনাকি হৈছিল। কথা-বতৰা পাতি ছোৱালীজনীক তাৰ বৰ ভাল লাগি গৈছিল। চেনিমাইৰো তালৈ মৰম সোমাইছিল। ক্ৰমে সেই মৰম গাঢ় হৈ আহিছিল। কিন্তু গুলচৰ দেখাচাৰকৈ চেনিমাইক বিয়া পতাৰ সামৰ্থ্য নাছিল। আনহাতে তালৈ চেনিমাইক বিয়া দিয়াৰো আশা নাছিল। সেয়েহে এদিন সি চেনিমাইক সুযোগ বুজি পলুৱাই লৈ গ’ল। পাছদিনা ইন্দ্ৰ নেপালীৰ গোহালি ঘৰত দুয়োটাকে বিচাৰি পালে আৰু গাঁৱত বিচাৰ হ’ল। গাঁৱৰ ৰাইজে দুয়োৰে বিয়া পাতি দিব লাগে বুলি সিদ্ধান্ত কৰিলে যদিও দুয়োটাৰে বাপেক দুজন কোনো পধ্যেই মান্তি নহ’ল। ফলত চেনিমাইক বাপেকে ঘৰলৈ লৈ গ’ল। ইফালে পাছদিনাই বাপেকে ছোৱালী পলুৱাই আনি নাক-কাণ কটাৰ অপৰাধত তাজ্যপুত্ৰ কৰি গুলচক ঘৰৰ পৰা খেদি দিলে আৰু গুলচৰ হৈ ওকালতি কৰাৰ বাবে পুতেকৰ লগতে মাককো খেদি দিলে।
গুলচে মাকক লৈ ঘৰৰ পৰা ওলাই আহি মাটি অকমান লৈ সৰু ঘৰ এটা সাজি থাকিবলৈ ল’লে। ধনশিৰি নদীৰ পাৰত ন-ভাঙনি মাটিত গুলচে পাম পাতিলেগৈ। নতুন উদ্যম, নতুন আশা লৈ সি মাটি ভঙাত লাগিল। এনদৰেই পামৰ পৰা ঘৰলৈ অহা-যোৱা কৰোঁতে গুলচ কপাহীৰ সতীয়া জীয়েক তৰাৰ প্ৰেমত পৰিল। লাহে লাহে তৰাহঁতৰ ঘৰলৈ আহ-যাহ বাঢ়িবলৈ ধৰিলে। কিন্তু তৰাৰ লগত সি মনৰ কথা পাতিব নোৱাৰে। আকাৰে-ইঙ্গিতে সি বুজাব বিচাৰে যে সি তৰাকে বিয়া কৰাব। তৰাহঁতৰ ঘৰলৈ গ’লে সি বিভিন্ন অজুহাতত তৰাক বিচাৰে, কিন্তু হেঙাৰ হয় কপাহী। এদিন তৰা মোমায়েকৰ ঘৰলৈ যাওঁতে কপাহীয়ে গুলচক ৰাতি থাকিবলৈ মাতিলে। সি ভাবিছিল, সেই সুযোগতে কি তৰাক বিয়া কৰোৱাৰ কথা কপাহীক ক’ব। কিন্তু সি কপাহীৰ লগতহে একেখন বিছনাতে শুবলগীয়া হ’ল। সেই মুহূৰ্তত গুলচ কপাহীৰ প্ৰতিহে আকৰ্ষিত হয়। কপাহীৰ প্ৰেমে গুলচক কিছু খেলি-মেলি লগায়।
এদিন ডালিমৰ বৰ হাবিত কাটি থোৱা সোণাৰুৰ খুঁটা চাঁচিবলৈ গৈ গুলচ তৰাৰ ঘৰত সোমাল আৰু কপাহী নথকাৰ সুযোগত সি তৰাক মনৰ সকলো কথা কৈ ঘৰটো সম্পূৰ্ণ হ’লেই তৰাক লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিলে। ইপালে কপাহীয়ে তৰাক চফিয়ত বুঢ়াৰ অকৰা পুতেকলৈ বিয়া দিয়াৰ ষড়যন্ত্ৰৰ কথা গম পাই খঙত জাঙুৰ খাই উঠে আৰু তৰাক সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস দি সোনকালেই বিয়া কৰোৱাৰ আশ্বাস দি গুচি আহিল। ইফালে গুলচৰ পূৰ্বৰ প্ৰেমিকা চেনিমাইৰো বেমাৰী কলাইৰ লগত বিয়া হয় আৰু সেই কথা জানি সি প্ৰকাশ কৰিব নোৱৰা অন্তৰ্বেদনাত ভোগে। ইতিমধ্যে পামতে গুলচে তিনি কুঠলীয়া এটি ঘৰ, ডাঙৰকৈ চোতাল আদি সাজি তৰাক বিয়া পতাৰ প্ৰস্তুতি আৰম্ভ কৰে আৰু বৰভোজৰ দিনা চন্দ্ৰ, তিখৰ আৰু ভীমৰ সহযোগত কইনা আনি বাহিৰে বাহিৰে নিকাহ কৰাই ল’লে। কিন্তু ঘৰৰ ভিতৰলৈ আহি কইনাৰ বেশত তৰাৰ ঠাইত কপাহীক দেখি গুলচ হতভম্ব হ’ল। ইফালে বৰভোজৰ দিনাই তৰা পলাই আহি ৰাতিটো কোনোমতে পাৰ কৰি ভীমৰ সহযোগত গুলচৰ ঘৰ পালেহি। একেটা ঘৰতে তৰা আৰু কপাহীক লৈ গুলচে অস্বস্তি অনুভৱ কৰে। সকলো কথাতে সি তৰাক বিচাৰিলেও কপাহীক বিয়া কৰোৱাৰ পাছত তৰাৰ লগত সি সহজ হ’ব পৰা নাছিল। ইপালে কপাহী আৰু তৰা অহাৰ পাছত গুলচৰ আৰ্থিক অৱস্থাৰ উন্নতি হয়। সি স্কুল স্থাপনৰ বাবে পাঁচ টকা বৰঙণি দিব পৰা হ’ল। সিপৰীয়া পামত গুলচ ধনে-ধানে ভৰা লেখৰ মানুহ হিচাপে পৰিচিত হয়। সি তাৰ পূৰ্বৰ প্ৰেমিকা চেনিমাইৰ ৰুগীয়া গিৰিয়েক কলাইক চিকিৎসাৰ বাবে গোলাঘাটৰ চিকিৎসালয়লৈ লৈ যায়। লগত চেনিমায়ো গ’ল। এই ছেগতে চেনিমাইৰ লগত নিবিড়ভাৱে এৰাতি যাপন কৰিলে।
ঘটনাক্ৰমত পুনৰ চেনি তাৰ কাষ চাপি আহিলেও আজি তাৰ চেনিক নিজৰ কৰি লোৱাৰ পথ ৰুদ্ধ হৈ পৰিছে। কাৰণ তাৰ জীৱনলৈ অতি আকস্মিকভাৱে আহি পৰিল কপাহী। কপাহীৰ লগত সামাজিক স্বীকৃতিৰে তাৰ স্বামী-স্ত্ৰীৰ সম্পৰ্ক ৰচিত হৈ গৈছে। সি মনৰ গভীৰতালৈ গৈ অনুভৱ কৰে যে চেনি আৰু কপাহী— ইহঁত দুজনীৰ এজনীকো সি নিবিচাৰে, সিহঁত তাৰ জীৱনত নেথাকিলেও তাৰ কেনিও অপূৰ্ণতা ৰৈ নাযায়। সিহঁতৰ লগত তাৰ সামাজিক বা অন্য যি সম্পৰ্কই নাথাকক। আচলতে তাৰ মনে, তাৰ প্ৰাণে বিচাৰে তৰাক। সেইবাবে তৰাক যেতিয়া তিখৰলৈ বিয়া দিয়াৰ কথা ক’লে, তেতিয়া গুলচ জাঙুৰ খাই উঠিল। এনেয়েও কপাহীক অনাৰ তিনি বছৰৰ পাছতো কোনো সন্তানৰ মুখ দেখা নোপোৱাত সি ভিতৰি ভিতৰি অসন্তুষ্ট হৈ আছিল। এদিন তিখৰৰ লগত কপাহীক কথা পাতি থকা দেখা পাই গুলচৰ টিঙিচকৈ খং উঠিল আৰু তিখৰ আৰু কপাহী দুয়োকে তিৰস্কাৰ কৰিলে। ফলত কপাহীৰ সৈতে চেনিমাইক লৈ তৰ্কা-তৰ্কি হয়। গুলচে খঙত ৰ’ব নোৱৰা হৈ হালোৱা এছাৰিৰে কোবাই কপাহীক ঘৰৰ পৰা বাজ কৰি দিলে। কপাহী যোৱাৰ পাছত গুলচে অৱশেষত তৰাকে আকোৱাঁলি ল’লে।
এইদৰে চৈয়দ আব্দুল মালিকে তেওঁৰ ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনিত গুলচ, চেনিমাই, কপাহী আৰু তৰাৰ প্ৰেমৰ মনোৰম চিত্ৰ অংকন কৰি কাহিনীভাগ নিৰ্মাণ কৰিছে। গুলচৰ জীৱনলৈ অহা তিনিগৰাকী নাৰীৰ সম্পৰ্ক আৰু সান্নিধ্যই কাহিনীভাগৰ মূল উপজীৱ্য। এক নিটোল, ধাৰাবাহিক আৰু ৰসোত্তীৰ্ণ কাহিনীৰে আদি মধ্য আৰু অন্ত— এই তিনিটা স্তৰত উপন্যাসখন বিভক্ত কৰা হৈছে বুলিব পাৰি। প্ৰথম স্তৰত গুলচ আৰু চেনিমাই, দ্বিতীয় স্তৰত কপাহী আৰু গুলচ আৰু তৃতীয় স্তৰত তৰাৰ সৈতে গুলচৰ প্ৰেমৰ কাহিনী বৰ্ণনা কৰা হৈছে। তিনিওটা স্তৰৰ কাহিনী সমানেই আকৰ্ষণীয় আৰু হৃদয়স্পৰ্শী।
সূৰুযমুখীৰ স্বপ্ন
কাহিনীকাৰ হিচাপে মালিকৰ দক্ষতা প্ৰকাশ পাইছে বিভিন্ন প্ৰকাৰৰ বৈচিত্ৰ্যময় চৰিত্ৰ সৃষ্টিত। ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনত নাৰী-পুৰুষ মিলি ভালেমান চৰিত্ৰৰ সমাৱেশ ঘটিছে। প্ৰতিটো চৰিত্ৰই উপন্যাসখনিৰ সফলতাত অৱদান আগবঢ়াইছে। উপন্যাস হিচাপে ‘সূৰুযমুখীৰ স্বপ্ন’ৰ মূল্য বৃদ্ধি কৰিছে চৰিত্ৰৰ ৰূপায়ণৰ কৌশলে। উপন্যাসখনিত গুলচ, চেনিমাই, তৰা, কপাহী, চন্দ্ৰ, তিখৰ, কলাই আদি অনেক চৰিত্ৰৰ সমাৱেশ ঘটিছে যদিও কাহিনীটো মুখ্যতঃ গুলচ, চেনিমাই, কপাহী আৰু তৰাৰ মাজতে সীমাৱদ্ধ।
‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনিৰ মূল বা নায়ক চৰিত্ৰটি হ’ল গুলচ। আত্মবিশ্বাসী, কৰ্মঠ, আপোনভোলা, কল্পনাপ্ৰৱণ, জেদি তথা প্ৰকৃতিপ্ৰিয় চৰিত্ৰ হিচাপে গুলচ চৰিত্ৰটো অংকন কৰা হৈছে। ইফালে প্ৰেমৰ ক্ষেত্ৰত গুলচৰ মানসিক দৃঢ়তা বা একনিষ্ঠতা দেখিবলৈ পোৱা নাযায়। সোঁতে য’লৈকে উটুৱাই নিছে, তলৈকে গৈ আছে। সোঁতৰ বিপৰীতে যাবলৈ অকণো প্ৰয়াস কৰা নাই। পৰিস্থিতিক সহজভাৱে স্বীকাৰ কৰি লোৱাটোৱেই গুলচ চৰিত্ৰটোৰ বৈশিষ্ট্য। পৰিশ্ৰমী তথা আত্মনিৰ্ভৰশীল যুৱক হিচাপেও গুলচ চৰিত্ৰটোৱে পাঠকক আকৰ্ষণ কৰে। জেদী, আকোঁৰগোজ কিন্তু সহজ-সৰল গুলচে সমাজৰ ৰীতি-নীতিৰ পৰা আঁতৰি স্বাধীনভাৱে থাকিব বিচাৰে। গুলচ হিন্দু-মুছলমানৰ সংকীৰ্ণ ধৰ্মীয় গণ্ডীৰ ঊৰ্ধ্বত। মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিলেও তাৰ লগ তথা বিপদ-আপদৰ বন্ধু চন্দ্ৰ আৰু ভীম। চৰিত্ৰটো হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ সাঁকোস্বৰূপ।
গুলচৰ পাছতে উপন্যাসখনৰ উজ্জ্বল চৰিত্ৰটি হ’ল কপাহী। কিন্তু গুলচ যিদৰে সৰল আৰু আপোনভোলা, কপাহী সেইদৰে কুটিল আৰু চতুৰা। সেইবুলি কপাহী চৰিত্ৰটিত যে একেবাৰে বেয়া গুণবোৰৰহে সমাৱেশ ঘটিছে, এনে নহয়। ঔপন্যাসিকে ভাল-বেয়া দুয়োটা দিশলৈ দৃষ্টি নিক্ষেপ কৰিয়েই চৰিত্ৰটো নিৰ্মাণ কৰি উলিয়াইছে। কপাহী চৰিত্ৰটোৰ এক অন্যতম দিশ হ’ল পুৰুষৰ দৈহিক সান্নিধ্যৰ প্ৰতি থকা দুৰ্বলতা। চৈধ্য বছৰ বয়সতে নাহৰলৈ বিয়া হোৱাৰ পাছতো তাই বেপাৰী বচিৰতৰ প্ৰেমত পৰি গোপনে বচিৰতৰ লগত সম্পৰ্ক ৰাখিবলৈ লয়। সেই কথা জানি গিৰিয়েক মনৰ বেজাৰতে ঘৰৰ পৰা নিৰুদ্দেশ হ’ল। তাৰ পাছত তাই তৰাৰ আকৰ্ষণত সিহঁতৰ ঘৰলৈ যোৱা গুলচৰ প্ৰতি আকৰ্ষিত হয়। তৰাৰ প্ৰতি গুলচৰ আকৰ্ষণৰ কথা জানিয়েই কপাহীয়ে তৰাক গুলচৰ সৈতে মিলা-মিছা কৰিবলৈ নিদি নিজে গুলচৰ লগত অকলশৰীয়াকৈ কথা পতাৰ সুযোগ বিচাৰে। কপাহী আছিল স্বাৰ্থপৰ আৰু ছলনাময়ী। তৰা নথকাৰ সময়ত গুলচক ৰাতি থাকিবলৈ মাতি শাৰীৰিক সম্পৰ্ক স্থাপনেৰে গুলচক হাত কৰাৰ প্ৰয়াস কৰে। ইফালে মাঘৰ বৰভোজৰ দিনা তৰাক চলনা কৰি চফিয়তৰ ঘৰলৈ পঠিয়াই নিজে কইনা সাজি গুলচৰ ঘৰত প্ৰৱেশ কৰিলে। পৰৱৰ্তী সময়ত তৰাৰ প্ৰতি গুলচৰ আকৰ্ষণ থকাৰ কথা গম পাই তৰাক গুলচৰ জীৱনৰ পৰা আঁতৰাই পঠাবলৈ তিখৰলৈ তৰাক বিয়া দিয়াৰ ষড়যন্ত্ৰ কৰে। মুঠতে কপাহী চৰিত্ৰটো বিভিন্ন বেয়া গুণৰ প্ৰভাৱেৰে গঢ় লৈ উঠিছে যদিও কিছুমান ভাল গুণো আৰোপ কৰা হৈছে। চৰিত্ৰটো পৰিশ্ৰমী আৰু কৰ্মপটু নাৰী হিচাপে অংকন কৰাত ঔপন্যাসিক সফল হৈছে। কিন্তু তাইৰ যৌনস্পৃহা আৰু স্বাৰ্থপৰতাৰ বাবে ভাল গুণসমূহ ম্লান পৰি গৈছে।
‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনৰ আন এটি আকৰ্ষণীয় চৰিত্ৰ হৈছে তৰা। ধীৰ-স্থিৰ, সংযমী তথা নম্ৰ প্ৰকৃতিৰ ছোৱালী হিচাপে চৰিত্ৰটি অংকিত হৈছে। উপন্যাসখনত তাই এগৰাকী বঞ্চিতা প্ৰেমিকা। তৰা সূৰুযমুখী। তাই গুলচক লৈ ভৱিষ্যতৰ ৰঙীন সপোন দেখে— প্ৰেমিকা হোৱাৰ, পত্নী হোৱাৰ, মাতৃ হোৱাৰ, গৃহিণী হোৱাৰ। তাইৰ প্ৰাণে গুলচৰ বুকুৰ উম বিচাৰে। তৰা যেন তথাকথিত ভাৰতীয় নাৰীৰ প্ৰতিভু। তাই পৰিস্থিতিৰ সোঁতত উটি ভাঁহি যাব জানে, কিন্তু পৰিস্থিতিৰ মুখামুখি হৈ জীৱন গঢ়াৰ কথা ভাবিব নোৱাৰে। পৰিস্থিতিয়ে আগৱঢ়োৱা সমস্যাক তাই নিৰ্বিবাদে গ্ৰহণ কৰিবহে জানে, প্ৰতিবাদ কৰিব নাজানে। প্ৰেমৰ ক্ষেত্ৰত তাইৰ ত্যাগৰ তুলনা নাই। গুলচৰ পত্নী হোৱাৰ বাবে তাইৰ প্ৰাপ্য আসন মাহীয়েক কপাহীক এৰি দিছে। কোনো আক্ষেপ বা বিক্ষোভ কৰা নাই। তৰাই নিজৰ মনৰ ভিতৰত সংগোপনে পুহি ৰখা এই মৰ্মান্তিক বেদনাই প্ৰতিগৰাকী পাঠকক চুই যায়। তাইৰ ত্যাগশীলা আদৰ্শই চৰিত্ৰটোক মহীয়ান কৰি তুলিছে। পত্নীৰ মৰ্যাদা নাপালেও তৰাই গুলচৰ সুখ-দুখৰ সমভাগী হয়। তাৰ চোলা-চুৰিয়া ধুই দিয়ে, সি ভাল পোৱা ধৰণৰে ৰান্ধি খুৱায়, মন মাৰি থাকিলে কাষত থিয় দিয়ে। এই নিমাত অন্তৰ্মুখী প্ৰেমৰ বাবে মালিকৰ ৰচনাৰ সকলোবোৰ নাৰী চৰিত্ৰৰ ভিতৰত তৰা চৰিত্ৰটি এক উজ্জ্বল চৰিত্ৰ হিচাপে জিলিকি আছে।
আনহাতে চেনিমাই চৰিত্ৰটিও উপন্যাসখনৰ এক প্ৰধান নাৰী চৰিত্ৰ। চৰিত্ৰটিক ঔপন্যাসিক মালিকে এগৰাকী দুখী, মৰম আকলুৱা নাৰী হিচাপে অংকন কৰিছে। বাপেকৰ অবিবেচনাৰ বলি হৈ চেনিমায়ে কিদৰে গোটেই জীৱনটো অভাৱ-অনাটন, দুখ-যন্ত্ৰণাৰ লগত সংগ্ৰাম কৰিবলগীয়া হৈছে, তাৰ মৰ্মস্পৰ্শী বৰ্ণনা উপন্যাসখনিত আছে। গুলচৰ লগত প্ৰেম কৰি পলাই অহাৰ পাছত চেনিমাইৰ বাপেকে বিয়াত সন্মতি নিদিয়াত চেনিমাইৰ লগত গুলচৰ বিচ্ছেদ হয়। পলৰীয়া বুলি বদনাম ওলোৱাৰ ভয়ত বাপেকে ঘুমৰুগীয়া ক’লাইলৈ তাইক বিয়া দি গাভৰু ছোৱালীজনীক দেখ-দেখকৈ দুৰ্ভাগ্যৰ মাজলৈ ঠেলি পঠিয়ায়। তাইৰ যৌৱনে কেতিয়াবা বিদ্ৰোহ কৰি উঠে। এটা বেমাৰীৰ কাৰণে খাটি থাকিবলৈ তাইৰ বিৰাগ ওপজে। বিয়াৰ পাছত পুনৰ গুলচৰ সৈতে চেনিমাইৰ সাক্ষাৎ হয়। ওচৰ-চুবুৰীয়া হিচাপে মাজে-সময়ে গুলচৰ ঘৰলৈও আহে। লাহে লাহে পুনৰ গুলচৰ সৈতে আত্মীয়তা গঢ়ি উঠে। চেনিমায়ে ক’লাইক গোলাঘাটৰ চিকিৎসালয়লৈ নি চিকিৎসা কৰাৰ কথা ভাবে। গুলচৰ সহযোগত ক’লাইক গোলাঘাটলৈ চিকিৎসাৰ বাবে লৈ যোৱা হ’ল। ক’লাইক হস্পিটালত থৈ গুলচ আৰু চেনিমাইয়ে এৰাতি নিবিড়ভাৱে যাপন কৰিলে। অপৰিতৃপ্ত নাৰী হিচাপে চেনিমাইৰ চৰিত্ৰটো এটি সফল চৰিত্ৰ।
মালিকৰ উপন্যাসমূহত বিচিত্ৰ তথা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে প্ৰকৃতিয়ে। প্ৰকৃতিৰ সৃষ্টি আৰু ধ্বংস— দুয়োটাৰে চিত্ৰ অংকনত মালিকে দক্ষতা প্ৰকাশ কৰিছে। ‘সূৰুযমুখীৰ স্বপ্ন’তো প্ৰকৃতি এক এৰাব নোৱৰা অংগ। উপন্যাসখনত প্ৰকৃতি আৰু কাহিনীৰ মাজত যেন তেজ-মঙহৰ সম্পৰ্কহে স্থাপিত হৈছে। উপন্যাসখনত কপাহী, চেনিমাই, তৰা আৰু গুলচৰ জীৱনৰ মাজেদি যেন বৈ গৈছে ধনশিৰি নদী। উপন্যাসখন আৰম্ভও হৈছে ধনশিৰি নৈৰ বৰ্ণনাৰেই। ধনশিৰিৰ লগত ডালিম গাঁৱৰ মানুহৰ সম্পৰ্ক কিমান গভীৰ, তাৰো স্পষ্ট আভাস পোৱা যায় উপন্যাসখনত। ধনশিৰিৰ বিচিত্ৰ ৰঙৰ চিত্ৰ মালিকে ‘সূৰুযমুখীৰ স্বপ্ন’ত সাৱলীলভাৱে চিত্ৰিত কৰিছে। খৰালিৰ শীৰ্ণ ধনশিৰিৰ পৰা বাৰিষাৰ বাউলী ৰূপ, বানপানীয়ে ডালিম গাঁৱত চলোৱা তাণ্ডৱৰ বৰ্ণনা আছে। ধনশিৰিক ডালিম গাঁৱৰ মানুহে আইমাতৃ বুলি ভাবে। ডালিম গাঁৱৰ মানুহৰ বাবে ধনশিৰি সুখ-দুখ, প্ৰেম-বিৰহ, আশা-আকাংক্ষাৰ লগৰী। ইফালে কৃষিজীৱী মানুহৰ সৈতে নদীৰ এৰাব নোৱৰা সম্পৰ্কৰ কথাও গুলচৰ যোগেদি প্ৰকাশ কৰিছে। গুলচৰ মনৰ ভিতৰত ধনশিৰি নৈৰ প্ৰতি থকা ভালপোৱা আৰু বিশ্বাসৰ প্ৰতিচ্ছবিও সফলভাৱে অংকন কৰিছে মালিকে। ইফালে নামবৰ হাবিৰ মনোৰম বৰ্ণনাইও উপন্যাসখনক আকৰ্ষণীয় কৰি তুলিছে। জোনাক ৰাতিৰ অতুলনীয় সৌন্দৰ্যৰ বৰ্ণনাইও অনিৰ্বচনীয় পৰিৱেশৰ সূচনা কৰিছে। সমসাময়িক গ্ৰাম্য সমাজ, সেই সমাজৰ পৰিৱেশ, ৰীতি-নীতি আদিৰো সাৰ্থক প্ৰতিফলন ঘটিছে ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনত। গাঁৱলীয়া জীৱনৰ ঘৰ দুৱাৰ, পিন্ধন-উৰণ, খোৱা-বোৱা, দুখ-দুৰ্দশা, উৎসৱ-পাৰ্বণ, গালি-শপনি, ৰীতি-নীতি, বিশ্বাস-অন্ধবিশ্বাস আদিৰ এনে এটা দিশ নাই যিটো মালিকৰ উপন্যাসখনত প্ৰতিফলিত হোৱা নাই।
অতীজৰে পৰা অসমীয়া সমাজত থকা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন মালিকে উপন্যাসখনত প্ৰতিফলিত কৰাত সফল হৈছে। নামঘৰ-মছজিদ, বৰগীত-আজানৰ বৰ্ণনাৰে সম্প্ৰীতিপূৰ্ণ অসমীয়া সমাজ জীৱনৰ ছবি অংকন কৰিছে। সমসাময়িক নিৰক্ষৰ অসমীয়া সমাজখনত শিক্ষা-দীক্ষাৰ অভাৱ, স্ত্ৰী-শিক্ষাৰ প্ৰচলন নোহোৱা আদি দিশবোৰ পৰা কৃষিজীৱী সমাজখনৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথাও বিভিন্ন মাধ্যমৰে প্ৰকাশ কৰা হৈছে। ইফালে অসমীয়া নাৰীসকলো যে পুৰুষৰ সমানেই শ্ৰমমুখী আছিল, তাৰো সুন্দৰ আভাস পোৱা যায়। অসমীয়া নাৰীৰ শিপিনী আৰু ৰোৱনী ৰূপৰ কথাও উপন্যাসখনিৰ ঠায়ে ঠায়ে বৰ্ণনা কৰা হৈছে। সেই সময়ত নাৰীয়ে প্ৰতিবাদ কৰাৰ নিয়ম নাছিল। ছোৱালী সদায় মাক-বাপেকৰ অধীন আছিল। ছোৱালীৰ বিয়া-বাৰুৰ ক্ষেত্ৰত স্বাধীনতা নাছিল। সেইবাবে মনেৰে কাৰোবাক ভাল পালেও নিজৰ ইচ্ছমতে বিয়া হ’ব নোৱাৰিছিল। গুলচৰ লগত পলাই অহাৰ পাছতো চেনিমাইক বাপেকে তালৈ বিয়া নিদিলে। বদনামী ছোৱালীক সমাজে হেয়জ্ঞান কৰিছিল। পলৰীয়া ছোৱালী বুলি বদনাম থকাৰ বাবেই চেনিমাইক কোনেও বিয়া কৰিব নিবিচৰাত ক’লাইৰ দৰে বেমাৰী এটাৰ লগত বিয়া হ’বলগীয়া হৈছিল।
দেখা যায় যে ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনত সমসাময়িক সমাজৰ বিভিন্ন দিশৰ সাৰ্থক চিত্ৰৰ প্ৰতিফলন ঘটিছে। বিশেষকৈ পৰিস্থিতিৰ বৰ্ণনাৰ ক্ষেত্ৰত গ্ৰাম্য সমাজৰ খুটি-নাটি আৰু লোক-সংস্কৃতিৰ উপাদানবোৰক ইমান সজীৱ ৰূপত বৰ্ণনা কৰিছে যে উপন্যাসখনৰ জৰিয়তে চৈয়দ আব্দুল মালিকৰ সূক্ষ্ম পৰ্যৱেক্ষণৰ ক্ষমতাক স্বীকাৰ কবিই লাগিব। এই সকলো দিশৰ সমাহাৰে ‘সূৰুযমুখীৰ স্বপ্ন’ক মালিকৰ অন্যতম শ্ৰেষ্ঠ সাহিত্য কীৰ্তিত পৰিণত কৰিছে।
🔗 | আৰু পঢ়ক:
- চৈয়দ আব্দুল মালিকৰ গল্প: এজনী নতুন ছোৱালী
- চৈয়দ আব্দুল মালিকৰ ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত প্ৰকৃতি চিত্ৰণ
- জীৱনে মৰণে মই চিৰদিন অসমীয়া
- ভেদ-ভাব মাত্ৰ দুৰ্বলতা
- অসমীয়া ভাষা-সংস্কৃতি বনাম শিক্ষাৰ মাধ্যম: কিছু প্ৰাসংগিক চিন্তা
Follow Nilacharai on Facebook