দেশ

দেশ
  • 06 Apr, 2022

কি ছদ্মনাম এই ৰাতিটোৰ
আকাশত ধোঁৱাৰ গোন্ধ, ছাইৰ দাগ
মৌনৰ গভীৰ আৰ্তনাদ নুশুনা
সমাজে শগুণৰ হত্যা নেদেখে
মহাভাৰতৰ চৰ্চা কমি নাযায়

ভোকৰ অনুৰূপ অনুভূতি কেনেকুৱা
আমি নুবুজা নুশুনা কথা
নাখায় মানুহ নমৰে
মানুহ খাবলৈ নাপায় মৰে
বাঢ়ি অহা ৰোগৰ তালিকাত
’ভোক’ নামৰ ৰোগ নাই
ভোক বহল নে ঠেক, গোল নে চেপেটা
কওক দাদা, আপোনাৰ ভোক লাগে
নে আপুনি ভোকত থাকে

পৰিতাপৰ ওজন কিয় বাঢ়িছে
কপালে-মুখে হাত দিয়া কাৰবাৰটো,
জাপান অথবা চীনতকৈ ডেকা দেশখনৰ
মানসিক বিকাৰ অস্বাভাৱিকভাৱেই স্বাভাৱিক
আমি কি কৰিম আৰু কি নকৰিম
হাজাৰ প্ৰশ্ন তাৰেই সাগৰৰ তলিত ফচিল হোৱা লাখ লাখ উত্তৰ
কিন্তু উদ্ধাৰ নাই

বন্দীশালৰ লোহাবোৰ মজবুত কৰা হৈছে
চুকে-কোণে বৃহৎ বৃহৎ লাইটৰ পষ্ট
পেপাৰৰ ঘটনাবোৰ বলিউডৰ কনটেণ্ট
বজাৰত হেনো গুলিৰ দাম পুলিচৰ দৰমহাৰ দৰে কম
সুৰা আৰু ঔষধৰ দাম বেছি
উদ্বিগ্ন ভিৰ এটাক গৈ সোধক
পৰ্যায়ক্ৰমে নিৰাপত্তাৰ সংজ্ঞা ক্ষীণ হোৱাৰ কাৰণ কি?

❧ | আৰু পঢ়ক:

দেশ | ৰিছাদ ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক