সূচী
০. প্ৰস্তাৱনা
আ জিৰ পৰা কেইবছৰমানৰ পাছত অৰ্থাৎ ২০২৬ চনত ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ হ’ব। ১৮২৬ চনৰ পৰা ২০২৬ চনলৈকে এই দুশ বছৰ অসমীয়া মানুহৰ ইতিহাসত এক উল্লেখযোগ্য সময়। ইয়াণ্ডাবু সন্ধিক যদি কোৱা যায় যে অসম ইতিহাসৰ মাইলৰ খুঁটি, তেন্তে এই দুশ বছৰ কাল হ’ব অসমীয়া মানুহৰ সামগ্ৰিক জীৱন প্ৰণালীত ব্যাপক প্ৰভাৱ পেলোৱা এক কাল। কিমান পুৰণি এই সময় ইতিহাসৰ পৃষ্ঠা? নৰক-মহীৰংগ, বান-ভগদত্ত, ভাস্কৰ বৰ্মা, চুকাফা, নৰনাৰায়ণৰ সময়ৰ পৰা ধৰিম নে নগাজৰি খনিকৰ গাঁৱৰ শিলালিপিৰ কালৰ পৰা ধৰিম? তিনি হাজাৰ বছৰীয়া অসম? আঠ হাজাৰ বছৰীয়া অসম? সময়ৰেখাবোৰক লৈ বিতৰ্ক চলি আছে বাবেই কালানুক্ৰম থিৰাং কৰাটো জটিল। কিন্তু এটা কথা সত্য যে এই হাজাৰ বছৰীয়া অসম পৰিক্ৰমাত আলোচ্য দুশ বছৰ অতি গুৰুত্বপূৰ্ণ। ১২২৮-ৰ পৰা ১৮২৬-লৈকে ছশ বছৰীয়া আহোম স্বৰ্গদেউ আৰু নৰনাৰায়ণ-চিলাৰায়ৰ সময়ছোৱাৰ কথাবোৰ লৈ আমি গৌৰৱবোধ কৰোঁ যদিও এই কালছোৱাক লৈ আমি বৰকৈ নাভাবোঁ। অথচ এই কালছোৱাই আমাৰ সমাজ জীৱনৰ এক পৰ্বান্তৰ ঘটাইছে। এক সামন্তীয় গাঁথনিৰ মাজৰ পৰা এক অৰ্ধ পুঁজিবাদী গাঁথনিলৈ আমাৰ সমাজ জীৱনৰ পৰ্বান্তৰ ঘটাইছে। আধুনিক জাতি হিচাপে অসমীয়া জাতিক এক ৰূপ প্ৰদান কৰিছে। নগৰীকৰণ, উদ্যোগীকৰণৰে সমাজ জীৱনলৈ পৰিৱৰ্তন আনিছে। যাতায়াত, যোগাযোগ ব্যৱস্থাই ব্যক্তি পৰিচয়কো চমু কৰি আনিছে। ছপা যন্ত্ৰ, মুদ্ৰণ আৰু তথ্য-প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতিয়ে সকলো তথ্য সণ্ঢালনিকৈ প্ৰচাৰ কৰিছে। মানুহৰ মগজুৰ কোষবোৰৰ একপ্ৰকাৰ বিস্ফোৰণ ঘটাইছে। সেয়ে আমি ভাবোঁ যে জাতি হিচাপে আমাৰ হেজাৰ বছৰীয়া যাত্ৰা পৰিক্ৰমাত এই দুশ বছৰ অতি তাৎপৰ্যপূৰ্ণ। অৱশ্যে এই চমু লেখাত সকলোবোৰ দিশ সামৰি লোৱাটো সম্ভৱ নহয় বাবে নিদিষ্ট কেইটিমান দিশহে পৰ্যালোচনাৰ আওতালৈ আনিবলৈ প্ৰয়াস কৰা হ’ব। তাকো ভিন্ন স্তৰৰ পাঠকৰ উপযোগিতালৈ লক্ষ্য কৰি ‘দুশ বছৰীয়া অসম’ লেখাটি প্ৰস্তুত কৰা হৈছে, যাক পাঠকে এটি বিষয়ৰ আগলিপাত বুলি ধৰিলেহে ভাল হ’ব।
১৮২৬ চন। ইয়াণ্ডাবু সন্ধি। সকলোৱে জনা কথা এয়ে যে ইয়াণ্ডাবু নামৰ স্থানত এই চুক্তি স্বাক্ষৰ কৰিছিল ঔপনিবেশিক বৃটিছ শক্তি আৰু অসম আক্ৰমণকাৰী ব্ৰহ্মদেশে। অসমৰ জনগণ, অসমৰ স্বৰ্গদেউ বা সেইজনৰ কোনো প্ৰতিনিধিৰ উপস্থিতি, সন্মতি, স্বাক্ষৰ নথকাকৈয়ে এই চুক্তি স্বাক্ষৰিত হৈছিল। ফলস্বৰূপে অসম দেশ বৃটিছ ভাৰতৰ অংশীভুক্ত হৈছিল। অৱশ্যে সেই সময়ত বৃটিছে অসমৰ জনগণক কৈছিল— Although by our expulsion of the Burmese from the territory of Assam, the country would of right become ours by conquest, the governor general in council does not contemplate the permanent annexation of any part of it to the British dominion (The comprehensive history of Assam, Vol IV, edited by H K Barpujari, P. 6)। বৃটিছ অধ্যুষিত অঞ্চলত স্থায়ী অধিগ্ৰহণ নকৰোঁ বোলা বৃটিছে লগতে কৈছিল— and establish a government adopted to your wants and calculated the happiness of all classes, অৰ্থাৎ সকলো শ্ৰেণীকে সুখী কৰিবৰ জোখাৰে এখন চৰকাৰ প্ৰতিষ্ঠাৰ কথাও দোহাৰিছিল। কিন্তু মূৰকত সকলো কথাকে ফুচুলনিত পৰিণত কৰি অসম দেশক বৃটিছ ভাৰতৰ অংশীভুক্ত কৰে। বৃটিছ অসমৰ কালছোৱাত (১৮২৬-১৯৪৭) অসমৰ সমাজ জীৱনত যিবোৰ পৰিৱৰ্তন হ’ল, সেয়াও সকলোৱে জানে। বৃটিছে কৰা মূল পৰিৱৰ্তনটোৱেই হ’ল ভূমি অৰ্থনীতি। বৃটিছ-পূৰ্ব অসমৰ পাইক, খেল, জাইগীৰ, তালুক আদি ব্যৱস্থাৰ ভূমি অৰ্থনীতি বৃটিছে সলনি কৰি ভূমি আইন আনিলে। মাটিৰ ওপৰত নগদ খাজনাৰ বিনিময়ত ব্যক্তিগত পট্টাৰ অধিকাৰ প্ৰদান কৰিলে যদিও মাটিৰ তলত বা ভূগৰ্ভত থকা সম্পদৰ ওপৰত অধিকাৰ পট্টাদাৰক প্ৰদান কৰা নহ’ল, যাৰ বাবে আজিও ভূ-সম্পদ আৱিষ্কাৰ হ’লেই পট্টাদাৰে মাটি এৰিব লাগে। চাহ খেতি আৱিষ্কাৰৰ লগে লগে বানপানী নোহোৱা, ওখ, পাহাৰৰ এঢলীয়া মাটিবোৰৰ চাহ বাগানৰ বাবে বহু কোম্পানীক লীজত দিয়া হ’ল। সেই চাহ বাগিচাবোৰত কম মজুৰিত কাম কৰিবৰ নিমিত্তে ছোটনাগপুৰ উপত্যকাৰ পৰা বিদ্ৰোহী প্ৰজাক কৌশলৰে আনি বহুৱাই লোৱা হ’ল। নৈ কাষৰীয়া, পতিত মাটি, জলাহবোৰত মৰাপাট খেতি কৰিবৰ বাবে বংগ দেশৰ পৰা ইছলামধৰ্মী কৃষকসকলক আনিলে। আনহাতে ঔপনিবেশিক প্ৰশাসনৰ বাবে স্থাপন কৰা আদালত, কেছাৰীবোৰত সহায় কৰিবৰ বাবে বাংলাভাষী কেৰাণী-মহৰীক নিযুক্তি দিয়া হ’ল। সৰু সৰু চহৰবোৰ, চাহ বাগিচাৰ দাঁতিকাষৰীয়া বজাৰবোৰত মাৰোৱাৰ স্থানৰ মাৰোৱাৰী ব্যৱসায়ীসকলে আহি গোলা পাতিলে। অৱশ্যে অসমীয়া মানুহে বৃটিছৰ এনে নীতিসমূহ সহজে লোৱা নাছিল। বৃটিছ শাসনৰ বিৰুদ্ধে প্ৰথমেই গৰ্জি উঠিছিল গোমধৰ কোঁৱৰে। চাহ খেতি কেন্দ্ৰিক দ্বন্দ্বৰ বাবে বিদ্ৰোহ কৰিছিল মণিৰাম দেৱানে। অধিক কৰ-কাটলৰ বাবে বিদ্ৰোহ কৰিছিল লছিমা, ৰঙিয়া, দৰং, ফুলগুৰিৰ কৃষক ৰাইজে। অৱশ্যে বংগৰ কৃষকসকলে চৰ-চাপৰি ভাঙি খেতি কৰিব খোজাটো বহু অসমীয়া লোকে বেয়া পোৱা নাছিল বাবেই ধন-ধাৰে দি সহায়ো কৰিছিল।
বৃটিছ ঔপনিবেশিকতাৰ আটাইতকৈ ডাঙৰ ব্যৱস্থা আছিল উপনিবেশিক শিক্ষা আৰু প্ৰশাসন। এই ব্যৱস্থাৰ বাবেই ভাষাৰ প্ৰশ্নত বৃটিছসকলে বাংলা ভাষা জাপি দিলে। সিয়ে হেজাৰ বছৰীয়া অসমীয়া ভাষাৰ বাবেও প্ৰত্যাহ্বান হৈ পৰিল। অৱশ্যে এমেৰিকান মিশ্যনেৰী আৰু অসমীয়া শিক্ষিত সমাজৰ প্ৰচেষ্টাত এই ব্যৱস্থাৰ ওৰ পেলাই অসমীয়া ভাষা পুনঃপ্ৰতিষ্ঠা কৰিবলৈ বাধ্য হ’ল। সেইদৰে প্ৰশাসনীয় ব্যৱস্থাৰ বাবে যি আসাম প্ৰদেশ (১৮৭৪-১৯৪৭) গঠন কৰা হ’ল, তাৰ আওতাত শ্ৰীহট্ট ছিলেটকে ধৰি সুৰমা উপত্যকাকো সামৰি লোৱা হ’ল। প্ৰশাসনত সুৰমা উপত্যকাৰ শিক্ষিত মধ্য শ্ৰেণীয়ে আগভাগ পোৱা হেতু দুই উপত্যকা— ব্ৰহ্মপুত্ৰ আৰু সুৰমাৰ মাজতো এক আভ্যন্তৰীণ দ্বন্দ্বৰ বিকাশ ঘটিল।
১৮২৬-১৯৪৭ চনৰ ভিতৰত বৃটিছ ঔপনিবেশিক শাসনৰ বাবেই অসমৰ কেইবাটাও স্থায়ী প্ৰসংগই গা কৰি উঠিল। সেই প্ৰসংগসমূহে ১৯৪৭-২০২৬ কালছোৱাতো প্ৰভাৱ পেলাই আছে বাবেই আমি সেই কাৰকসমূহৰ চমু পৰ্যালোচনা কৰিবৰ বাবে যত্নবান হ’ম।
১. ভাষা
বৃটিছ অসমৰ সামাজিক-সাহিত্যিক-বৌদ্ধিক স্তৰত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা বিষয়টোৱেই আছিল অসমীয়া ভাষা। দৰাচলতে বৃটিছ প্ৰশাসনে অসমৰ বিদ্যালয় আৰু আদালতত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা জাপি দিয়া কাৰ্য অসমৰ শিক্ষিত সমাজে সহজে লোৱা নাছিল। বহু সময়ত অসমীয়া ভাষাক বাংলা ভাষাৰে উপভাষা বুলি প্ৰতিষ্ঠা কৰিব খোজা ধাৰণাৰ প্ৰতিমুখে অসমীয়া ভাষাক স্বতন্ত্ৰ ভাষা হিচাপে প্ৰতিষ্ঠাৰ এক শৰাইঘটীয়া যুঁজ চলোৱা হ’ল। একাংশ বাঙালী বুদ্ধিজীৱীৰ অসমীয়া ভাষাক গ্ৰাস কৰাৰ অভিপ্ৰায় বেজবৰুৱা গ্ৰন্থাৱলীৰ ১৮১৩ পৃষ্ঠাত দেখা যায়। লক্ষ্মীনাথ বেজবৰুৱাই ‘অসমীয়া গৌৰীপুৰত বঙলা সাহিত্য সভা’ লেখাত উত্তৰ বংগ সাহিত্য সন্মিলনৰ সভাপতি পদ্মনাথ বিদ্যাবিনোদৰ অভিভাষণৰ প্ৰসংগ তুলি ধৰিছে। অসমীয়া ভাষাক বাংলাভাষাৰ ভিতৰুৱা কৰাৰ অভিপ্ৰায় কেনেদৰে উন্মোচন হৈছে, তাক আমি বেজবৰুৱা গ্ৰন্থাৱলীত সন্নিবিষ্ট উক্ত লেখাৰ পৰাই পাব পাৰোঁ।
“আসামে বংগ ভাষা প্ৰচলিত না হওয়াতে আসামে আৰও একটি গুৰুতৰ ক্ষতিৰ কাৰণ ঘটিয়াছে। বংগ ভাষাৰ সহিত অসমীয়া ভাষা মিশ্ৰিত হইয়া গেলে আসামেৰ প্ৰাচীন সাহিত্যগুলি বঙ্গ ভাষাৰ সম্পত্তিৰূপে পৰিগণিত হইত এবং আসামেৰ যে সকল হস্তলিখিত বুৰঞ্জী কি অন্যান্য পুথি আছে, তাহাও নিজেৰ সম্পত্তি ভাবিয়া বঙ্গীয় সাহিত্যিক গণ কৰ্তৃক অন্বেষিত, আৱিষ্কৃত, আলোচিত ও প্ৰকাশিত হইত— যেমন বংগীয় সাহিত্য পৰিষদ কৰ্তৃক নানা গুণেৰ পুথিগুলিৰ উদ্ধাৰ হইতেছে।” (বেজবৰুৱাৰ গ্ৰন্থাৱলী, লক্ষ্মীনাথ বেজবৰুৱা, পৃ ১৮-১৩, সাহিত্য প্ৰকাশ, গুৱাহাটী)
পদ্মনাথ বিদ্যাবিনোদৰ দৰে অগ্ৰজ লোকসকলৰ মাজেৰে সমকালীন বংগীয় বিদ্বৎ সমাজৰ চিন্তাৰ ৰেশ পোৱা যায়। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত সুনীতি কুমাৰ চট্টোপধ্যায়, আচাৰ্য প্ৰফুল্ল ৰায় আদিয়ে অসমীয়া ভাষাৰ স্বকীয় ৰূপৰ কথা দোহাৰিছিল। ১৯১৮ চনত তেজপুৰত অসমীয়া গদ্যসাহিত্যৰ বিষয়ে তেখেতে কৈছিল— The Katha Gita shows clearly that the Assamese literature developed to a standard in the sixteenth century which the Bengalee literature had reached only in the time of Iswar Chandra and Bankim Chandra. In fact of some Assamese scholars now getup and say that it is the Bengalee who has borrowed his prose from Assamese literature and enriched his own, it will be very difficult to dislodge him. (দৈৱচন্দ্ৰ তালুকদাৰ, কাম্য কামৰূপ, সম্পাদনা- ড° ৰমেশ পাঠক, হীৰেন শইকীয়া, পৃ-১৫১)
অসমীয়া ভাষা-সাহিত্য আৰু বাংলা ভাষা-সাহিত্যৰ অতীত খুচৰি লেখক দৈৱচন্দ্ৰ তালুকদাৰে বহু কথা কৈ গৈছে। বিশিষ্ট ভাষাবিদ ড° ৰমেশ পাঠক আৰু সাংবাদিক হীৰেন শইকীয়াই সম্পাদনা কৰা তথা অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ‘কাম্য কামৰূপ’ নামৰ গ্ৰন্থত আইনাম, বিয়ানাম আদি লোকসাহিত্যৰ পৰাই অসমীয়া ভাষাৰ উৎস বিচাৰ কৰা হৈছে। বিপৰীতে বাংলাভাষা ১৯ শতিকাৰ পৰাহে বুলি উল্লেখ কৰিছে। তালুকদাৰৰ মতে, ‘বৰ্তমান বংগদেশ অংগ (ব্ৰহ্ম), উত্তৰ ৰাঢ় (সূক্ষ্ম), দক্ষিণ ৰাঢ় (বৰেন্দ্ৰ) গৌৰ সমওট নামেহে খ্যাত আছিল। কেৱল মুছলমানে এইবোৰ ঠাই অধিকাৰ কৰিহে বাংলা নাম দিছিল। এই বাংলা বৃটিছৰ তললৈ আহোঁতে বঙালী ভাষাই অংকুৰ মেলে। তেতিয়াহে বঙালী ভাষা বুলি আখ্যা পায়। আকৌ বৃটিছৰ তলতহে এই বংগদেশৰ লগত আন ঠাইবোৰ শাসনৰ সুবিধাৰ্থে লগ কৰে। তাৰ ফলত বহল বংগদেশ, বঙালী জাতি, বঙালী ভাষা-সাহিত্যই জীপ পাই দোপতদোপে উঠি সকলোকে তেওঁলোকৰ বস্তু বুলি সামৰি ল’ব খোজে। বঙালী ভাষাতকৈ সেই সময়ত গৌৰ ভাষাহে ভাৰতত প্ৰখ্যাত আছিল। বঙালী ভাষা বুলি ভাষা ১৯ শতিকাৰ আদিলৈকে পৰিচয় পাব পৰা হোৱা নাছিল বুলি আমি দৃঢ়কৈ কওঁ।’ (উক্ত গ্ৰন্থ, পৃ- ১০৬)
বাংলা ভাষাৰ এই আধুনিক ৰূপটোৰ কথা সমসাময়িক কালৰ এজন প্ৰসিদ্ধ সমাজবিজ্ঞানী বাণী প্ৰসন্ন মিশ্ৰৰ লেখাতো পৰিষ্কাৰ হৈ উঠিছে। ‘উত্তৰ-পূৰ্বীয় বাঙালীৰ আত্মানুসন্ধান’ নামৰ গ্ৰন্থখনত তেখেতে লিখিছে— “আমাৰ দেশত পঞ্চানন নামৰ বৃত্তিত কৰ্মকাৰ, এগৰাকী শিল্পীয়ে লো আৰু অন্যান্য ধাতুৰ মিশ্ৰণেৰে বাংলা ভাষাত ছপাৰ উপযোগী আখৰসমূহ পোনপ্ৰথমবাৰৰ বাবে তৈয়াৰ কৰিছিল। কিন্তু মুদ্ৰিত এই ভাষাটোৰ নাম কি হ’ব আৰু দেশৰ নামৰ বানান কেনেকৈ লিখা হ’ব— এইবোৰ সমস্যাৰ নিষ্পতিৰ বিষয়টোৱে দীৰ্ঘদিনলৈকে সকলোকে বিব্ৰত কৰিছিল।” (পৃ ৩০) তেখেতে আকৌ কৈছে— “১৭৪৩ চনত পৰ্টুগীজ পাত্ৰী মনেত্ৰিল দা আছাছুম্পাছাৰে ৰোমান আখৰত মুদ্ৰিত দ্বিভাষিক অভিধানৰ নাম দিছিল ‘বেংগালা’ (Bengalla), ১৮০২ চনত ফষ্টাৰৰ অভিধানত নাম দিছিল বংগালী (Bongalee), উইলিয়াম কেৰীৰখনত বেংগলি, এনেদৰে গৈ মাইকেল মধুসূদন দত্তৰ হাতত প্ৰথম ছনেট সৃষ্টি হৈ উঠে ‘বংগভাষা’ (১৮৬০)।” (পৃ ৩০) অৰ্থাৎ ঊনৈশ শতিকাৰ আধালৈকে আধুনিক বাংলা ভাষাৰ নাম নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছিল।
ভাষাকেন্দ্ৰিক এনে চিন্তা-চৰ্চাৰ মাজেৰেই অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ চিন্তাই বিকাশ লাভ কৰিছিল। কলিকতা বিশ্ববিদ্যালয়, শান্তি নিকেতন কেন্দ্ৰিক বাংলা ভাষাৰ চৰ্চাৰ সমান্তৰালভাৱে অসমীয়া আলোচনী, অসম সাহিত্য সভা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজেদি অসমীয়া ভাষা ঠন ধৰি উঠিছিল। অৱশ্যে এই ক্ষেত্ৰত কলিকতা বিশ্ববিদ্যালৰ যোগেদি অসমীয়া ভাষাই বিদ্যায়তনিক মৰ্যাদা লাভ কৰিছিল। বিশেষকৈ ড° বাণীকান্ত কাকতিৰ গৱেষণা আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া সাহিত্য চানেকি’ প্ৰকাশৰ মাজৰে অসমীয়া ভাষা স্বস্থানত প্ৰতিষ্ঠিত হ’ল। কিন্তু জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰাৰ দৰে ১৯৪৭ চনৰ পাছতো অসম প্ৰদেশত অসমীয়া ভাষা ৰাজ্যভাষা কৰাৰ কথাটো আহি পৰিল। ঘাইকৈ দেশ বিভাজনৰ পাছত শ্ৰীহট্ট ছিলেট পূৰ্ববংগত চামিল হোৱাৰ পাছত অসমীয়া ভাষাক ৰাজ্যভাষা কৰাৰ হাবিয়াস অসমীয়া মধ্যশ্ৰেণীৰ মাজত প্ৰৱল ৰূপত দেখা দিলে। ভাষা ভিত্তিক ৰাজ্য পুনৰ গঠন আয়োগৰ পাছত এনে তৎপৰতা বৃদ্ধি পালে। অসম সাহিত্য সভাই গ্ৰহণ কৰা প্ৰস্তাৱ ৰাজ্য চৰকাৰে আলোচনাৰ বাবে বিধান সভাত উপস্থাপন কৰাৰ পাছতেই এই বিতৰ্কই ৰাজহুৱা ৰূপ পালে। সিয়ে দুৰ্ভাগ্যজনকভাৱে অসমৰ বুকুত ১৯৬০ চনৰ ভাষা আন্দোলনৰ জন্ম দিলে। ঘাইকৈ এই ভাষা আন্দোলনৰ ফলত সাম্প্ৰদায়িক সংঘাট সৃষ্টি হ’ল। ৰঞ্জিত বৰপূজাৰীকে আদি কৰি বহুজন শ্বহীদ হ’বলগা হ’ল। আনকি কাছাৰ জিলাতো শ্বহীদৰ সংখ্যা সৃষ্টি পাবলৈ ধৰিলে। কাছাৰ জিলাৰ সেই ভাষা আন্দোলনৰ পৰিৱেশ লেখক ইছমাইল হুছেইনৰ কলমত প্ৰকাশ পাইছে। ১৯৬০ চনত অসম জুৰি ভাষা আন্দোলন গঢ় লৈ উঠাত বৰাক উপত্যকাত সেই আন্দোলনৰ বিৰোধিতা কৰি ১৯৬১ চনৰ ১৯ মে’ত এঘাৰগৰাকী বাংলাভাষীয়ে পুলিচৰ বন্দুকৰ গুলীত শিলচৰ ৰে’ল ষ্টেচনত প্ৰাণ দিয়ে। একে বছৰতে অসমীয়া ভাষাৰ সমৰ্থনত ১৯ জুনত হাইলাকান্দিত সমদল উলিয়াই মুঠ এঘাৰগৰাকীয়ে দুৰ্বৃত্তৰ হাতত মৃত্যুবৰণ কৰে। এই এঘাৰগৰাকী শ্বহীদৰ দহগৰাকী আছিল বৰাক উপত্যকাৰ থলুৱা মুছলমান আৰু এগৰাকী মণিপুৰী সম্প্ৰদায়ৰ। তেওঁলোক হ’ল— আলগাপুৰ থানা অঞ্চলৰ সৰু মিঞা লস্কৰ (৫৬), মফুৰ আলী লস্কৰ (৪০), মইনুল হক (২০), মফুৰ আলী বৰভূঞা (৪২), মতিউৰ ৰহমান লস্কৰ (৬৫), মাহমুদ আলী বৰভূঞা (৪২), বুধু মিঞা লস্কৰ (৪৩), হাইলাকান্দি থানা অঞ্চলৰ চিকন্দৰ আলী মজুমদাৰ (১৯), সমিৰুদ্দিন (৪০), ছফিক উদ্দিন (২৫) আৰু সুশীল সিংহা (২৫)। (ইছমাইল হোছেইন, বৰাক উপত্যকাৰ অসমীয়াৰ ইতিহাস, পৃ-৭১)।
এই ৰক্তক্ষয়ী ভাষা আন্দোলনৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰি আইন প্ৰণয়ন কৰা হ’ল। এনেদৰে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ কথাটোৱে এটা পৰ্যায় পালে যদিও ই কিছু সমস্যাৰো সৃষ্টি কৰিলে। আইন গৃহীত হোৱাৰ পাছত অসমীয়া ভাষাক জাপি দিয়াৰ অভিযোগ পাৰ্বত্য স্থানসমূহত উত্থাপন হ’ল। যাৰ বাবে আৰম্ভ হোৱা পৃথক পাৰ্বত্য ৰাজ্যৰ দাবীয়ে শেষত মেঘালয়ৰ জন্ম দিলে। তেনেদৰে আইন গৃহীত হ’ল যদিও বহু কাৰিকৰী কাৰণত সি প্ৰয়োগ কৰা হৈ নুঠিল। আনকি উচ্চ শিক্ষাৰ ক্ষেত্ৰখনতো অব্যৱহৃত হৈ ৰ’ল। সেয়ে ১৯৭২ চনত পুনৰ মাধ্যম আন্দোলনৰ জন্ম হ’ল। শিক্ষাৰ মাধ্যম সংক্ৰান্তীয় এক প্ৰস্তাৱ গুৱাহাটী বিশ্ববিদ্যালয় একাডেমিক কাউন্সিলে গ্ৰহণ কৰাৰ পাছতেই এই আন্দোলন হয়। যাৰ বাবে অনিল বৰা, মোজাম্মিল হক, ওমৰ আলী আদি সকলে শ্বহীদবৰণ কৰিব লগা হয়।
আশাৰ বতৰা এয়ে যে অসমীয়া ভাষা কেন্দ্ৰিক এনে তৎপৰতাই অসমীয়া জাতিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। নিজৰ ভাষা প্ৰতিষ্ঠাৰ এই দীঘলীয়া শৰাইঘটীয়া যুঁজখনৰ বাবেই সম্ভৱ অসমীয়া জাতিয়ে বিশ্বৰ বহু জাতিৰ ভিতৰতে নিজা ৰূপ পাইছে। অৱশ্যে বৰ্তমান প্ৰজন্মই জন্মৰে পৰা বহুভাষিক হোৱাৰ সূত্ৰে অদ্যপি এই যুঁজৰ প্ৰাবল্য হ্ৰাস পাইছে যদিও ক’ৰবাত কেতিয়াবা বেনাৰ হৰ্ডিঙত ক’লা ৰং সনাৰো মনোভাৱ এটা নথকা নহয়। তথ্য প্ৰযুক্তিৰ এই বিশ্বত অসমীয়া ভাষাক ইউনিকডৰ তালিকাত সন্নিবিষ্ট কৰাৰ বাবেও আন এখন যুঁজ তৰিব লগা হৈছে। তাৰ বাবে অসমীয়া লিপিৰ স্বকীয়তা আৰু অসমীয়া লিপিৰ ঐতিহ্যৰ বাবেও ন ন চিন্তাৰ উন্মোচন হৈছে। প্ৰশ্ন উঠিছে, শ্ৰীৰামপুৰৰ মিশ্যনেৰীসকলে ছপা যন্ত্ৰৰ বাবে কটা আখৰৰ আৰ্হি সন্দৰ্ভতো। এই ছপা আখৰকেইটাই ভাষা-সাহিত্যক ছপা যন্ত্ৰৰ জগতত প্ৰৱেশ কৰোৱাইছিল। সেয়ে কেনে লিপিৰ আৰ্হিত সেই আখৰ কটা হৈছিল, তাৰ বাবেও অনুসন্ধানৰ ন ন বাট মুকলি হৈছে। সম্ভৱ ১৮২৬ পাবলৈ কেইবছৰমান থকা অৱস্থাত এই বিষয়বোৰৰ এক ইতিবাচক সমাধান বিচাৰি পোৱা যাব।
২. প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ
আলোচ্য দুশবছৰীয়া অসম ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হোৱা বিষয়টোৱেই হ’ল জনপ্ৰব্ৰজন আৰু অনুপ্ৰৱেশৰ প্ৰসংগ। ইয়াণ্ডাবু-উত্তৰ অসমত হোৱা উন্মুক্ত জনপ্ৰব্ৰজনে সমগ্ৰ অসমৰে জনগাঁথনিত ব্যাপক প্ৰভাৱ পেলাইছে আৰু তাৰ বাবেই এক সামাজিক সংকটৰো সৃষ্টি হৈছে। এই সংকট তীব্ৰ সামাজিক দ্বন্দ্বলৈ পৰিণত হৈ সি ৰাজনৈতিক সংঘাতৰ পটভূমি তৈয়াৰ কৰিছে।
পূৰ্বতেই কোৱা হৈছে যে বৃটিছ অসমত চাহ বাগান আৰু পতিত ভূমিত সংস্থাপনৰ বাবেই জন প্ৰব্ৰজনক উৎসাহ দিয়া হৈছিল। লগতে পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত গো-পালক আৰু প্ৰাক্তন সৈনিকসকলকো সংস্থাপন দিয়াৰ দিহা কৰা হৈছিল। এই ত্ৰিমুখী জনপ্ৰব্ৰজনৰ ভিতৰত চৰ-চাপৰিৰ পতিত মাটিত বসবাস কৰা বংগমূলীয় ইছলামধৰ্মী লোকসকলৰ বিষয়েই সৰ্বাধিক চৰ্চা, সংশয় পোষণ কৰা দেখিবলৈ পোৱা যায়।
বৃটিছ পৃষ্ঠপোষকতাত লুইতেদি উজাই অহা লোকসকল লুইতৰ দাঁতিকাষৰীয়া পতিত মাটিত বসবাস কৰিবলৈ লয়। ইয়াৰে প্ৰথমটো জনস্ৰোতে ঊনৈশ শতিকাৰ শেষৰফালে প্ৰৱেশ কৰিছিল। সেইসকলৰ মাজেৰে ওচমান আলী সদাগৰ আৰু তেখেতৰ ভাতৃয়ে বিখ্যাত পথৰুঘাটৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ তথ্যও আছে। এই বিদ্ৰোহত আঘাতপ্ৰাপ্ত হৈ ওচমান ভাতৃদ্বয়ে লুইত পাৰ হৈ নগাঁও জিলাত বসবাস কৰে। তাতেই অসমীয়া ভাষাৰ বিদ্যালয় পাতি অসমীয়া ভাষা শিক্ষাৰ চৰ্চা কৰাৰো তথ্য পোৱা যায়। দৰাচলতে বংগদেশৰ জমিদাৰী শাসনত অতিষ্ঠ হোৱা সাধাৰণ কৃষক প্ৰজাই নিজা ভোগ দখলৰ হেতু মাটি বিচাৰি অসম আগমন কৰাক সেই সময়ৰ অসমীয়া মধ্যশ্ৰেণীয়ে স্বাগতম জনোৱাৰ লগতে সেইসকলৰ মাজত সুদৰ ব্যৱসায়ো কৰিছিল। কিন্তু ক্ৰমাৎ প্ৰব্ৰজিত লোকৰ সংখ্যা বৃদ্ধি হোৱা কথাটোৱে সৃষ্টি কৰা আহুকলীয়া পৰিস্থিতিৰ বাবেই বৃটিছ প্ৰশাসনে লাইন প্ৰথাৰ প্ৰৱৰ্তন কৰি প্ৰব্ৰজিতসকলৰ বাবে এক সীমাৰেখা তৈয়াৰ কৰি দিছিল। এইখিনিলৈকে পতিত মাটিৰ শস্য উৎপাদন কৰাৰ উপনিবেশিক নীতি সফল হৈছিল।
কিন্তু লাহে লাহে এই প্ৰব্ৰজনৰ সংখ্যা বাঢ়িবলৈ ধৰে। বিশেষকৈ নিজাকৈ খেতিমাটি এটুকুৰা লাভ কৰাৰ বাসনা আৰু বংগৰ পটভূমিত মুছলিম লীগৰ প্ৰভাৱ বৃদ্ধি হোৱা বাবে এই প্ৰব্ৰজনৰ প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিলে। পাছলৈ পূৰ্ব পাকিস্তানৰ এগৰাকী সফল ৰাজনীবিদ হিচাপে পৰিগণিত হোৱা, ‘লাল মৌলনা’ হিচাপে খ্যাত মৌলনা আব্দুল হামিদ খান ভাছানীৰ পৰাই ইয়াৰ উদাহৰণ দিব পৰা যায়। ভাছানীৰ নেতৃত্বত এই প্ৰব্ৰজন প্ৰক্ৰিয়া ইমানেই বৃদ্ধি পাইছিল যে ভাছানীৰ নামেৰে এক অঞ্চলৰে সৃষ্টি হৈছিল। চৰ-চাপৰিত মুছলিম লীগৰ প্ৰাধান্য বৃদ্ধি পোৱা আৰু সমকালীন ৰাজনীতিৰ প্ৰভাৱত ভাছানী অসম বিধান সভালৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। কৃষকৰ ভূমি বিচাৰি এক সংগ্ৰামৰো সূচনা কৰা হৈছিল। উল্লেখযোগ্য যে অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰি অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ এক ৰাজনৈতিক আঁচনিয়েও ক্ৰিয়া কৰিছিল। যাৰ বাবে মুছলীম লীগৰ নেতা ছৈয়দ ছাদুল্লাই ১৯৩৯-৪১ চনৰ ভিতৰত এক লাখ বিঘা মাটি পট্টন দিয়াৰ লগতে অধিক শস্য উৎপাদন নীতি গ্ৰহণ কৰিছিল। অসমৰ সংৰক্ষিত বনভূমি, জলাহ আদিও প্ৰব্ৰজনকাৰীসকলে দখল কৰিছিল। এনে কথা কথা-বতৰাৰ উমান ১৯৪৫ চনৰ ১৪ মাৰ্চ তাৰিখে গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীলৈ লেখা এখন চিঠিৰ পৰাই পাব পাৰি। বৰদলৈয়ে লিখিছিল— The revenue Minister Maulavi Munwar Ali and Finance minister Maulavi Abdul Matin Choudhury who is a member of the All India Muslim League Council run up to any place where govt. officials want to take action against these law breakers and demoralize them by threats. The immigrant MLA. Its including one Maulana Abdul Hamed Khan, President of the Assam Muslim League move in these areas with swarms of immigrants at their back from whom they are reported to take large sums of money and make them squat on these reserves and waste lands irrespective of titles of others persons. (বৰদলৈ দিনলেখা, সম্পাদক- ড° নিৰোদ কুমাৰ বৰুৱা, অসম প্ৰশাসন পৰিষদ, পৃষ্ঠা- ১২৪)
কেবিনেট মিশ্যনৰ ‘গ’ আঁচনিভুক্ত কৰি অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ মুছলীম লীগৰ আঁচনি ব্যৰ্থ হৈছিল। সমকালীন পৰিস্থিতিত সাম্প্ৰদায়িক সংঘাত আদিৰ বাবে প্ৰব্ৰজনৰ সমস্যাটোৱে নতুন ৰূপ লৈছিল। নতুনকৈ হোৱা পাকিস্তানলৈ বহু লোক গুচি যোৱাৰ বিপৰীতে আন বহু লোক অসমলৈ শৰণাৰ্থী হিচাপে আহিছিল। এই শৰণাৰ্থীসকলক সংস্থাপন দিয়াৰ প্ৰসংগও আহি পৰিছিল। সামগ্ৰিকভাৱে পূৰ্ব পাকিস্তানৰ পৰা অহা লোকসকলৰ ছবিখন ১৯৫১ চনৰ লোকপিয়লত অধিক স্পষ্ট হৈ পৰে। সেই লোকপিয়লৰ লোকমুক্ত ভাগাইৱলাই লিখিছিল— The stream has been continuous in the last two decades gathering momentum in the first half of the present decade dating the regime of the Muslim league Ministry in Assam up to January, 1946. It however continued thereafter and even the setting up of the two dominions of India and Pakistan did not prove deterrent of these settlers who continued to pour even after partition. I have personally seen hundreds of persons coming by trains during the few months. I held the charge of Goalpara district. I had the same experience as Deputy commissioner, Cachar during 1947-49 when hundreds of Muslim immigrants regularly traveled by the hill station railway from Badarpur to Lumding, in order to go to the Assam valley for settlement. (মনোৰঞ্জন দাস, অসমীয়া সংকট, জাতীয়তাবাদ, অসম চুক্তি আৰু লোকগণনা, পৃষ্ঠা ৫১)
১৯৪৭ চনৰ পৰৱৰ্তী পৰ্যায়তো প্ৰব্ৰজনৰ এই হাৰ কমি নগ’ল। অৱশ্যে দেশ দুখন হোৱাৰ বাবে ইয়াক অনুপ্ৰৱেশ বুলি কোৱা হ’ল। কিন্তু অভিধা যিয়েই নহওক কিয় বা আৰ্থসামাজিক, ৰাজনৈতিক পটভূমি যিয়েই নহওক কিয়, বাস্তৱ এয়াই যে অসমলৈ অহা জনস্ৰোতৰ হীন-ডেঢ়ি নহ’ল। এই বিষয় লৈ সেই সময়ৰ গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ দৰে লোকসকলে ১৯৫১ চনৰ নাগৰিকপঞ্জীত খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ আদি ব্যৱস্থাৱলী গ্ৰহণ কৰিছিল যদিও এই ক্ষেত্ৰত বৰ ফলপ্ৰসূ সমাধান দেখা নগ’ল। সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাও সন্তোষজনক নহয়। সেয়ে কেন্দ্ৰীয় চৰকাৰ তথা সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক উদ্দেশ্য কৰি লিখা এখন চিঠিত পীতাম্বৰ দেৱগোস্বামীয়ে কৈছিল— “ভাৰতৰ উত্তৰ-পূৰ্ব প্ৰান্তৰৰ প্ৰহৰীস্বৰূপ অসমক পাকিস্তানৰ অঞ্চল বিশেষত পৰিণত কৰাৰ চক্ৰান্তৰে অগণন পাকিস্তানী আহি ৰাজ্যখনৰ সৰ্বনাশ কৰিবলৈ ওলোৱা দেখি অসমৰ প্ৰজাবৰ্গই অসম চৰকাৰক এই ভয়ানক বিপদৰ কথা বাৰম্বাৰ জনাই থকা সত্ত্বেও আমালোক ৰাইজক চৰকাৰে আকৌ পাকিস্তানী অনুপ্ৰৱেশ তেনেদৰে হোৱা নাই বুলিহে জনাইছে আৰু আপোনাকো সম্ভৱতঃ সেইদৰে জনাই দিছে। তথাপি আপুনি যোৱা ডিচেম্বৰ মাহৰ শেষত গুৱাহাটীৰ ৰাজহুৱা সভাত সামান্যভাৱে অসমত ব্যাপক পাকিস্তানী অনুপ্ৰৱেশৰ কথা স্বীকাৰ কৰিছে। তাৰ কিছুদিনৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়েও পাকিস্তানীৰ ব্যাপক অনুপ্ৰৱেশৰ কথা প্ৰকাৰন্তৰে স্বীকাৰ কৰিছে। সকলোবিলাক কথা দেখি-শুনি এইটো নিঃসন্দেহে ক’ব পাৰি যে অসম চৰকাৰে অস্বীকাৰ কৰিলেও অসমত পাকিস্তানীৰ ব্যাপক অনুপ্ৰৱেশৰ কথা সম্পূৰ্ণ সত্য। এতিয়া আপুনি এই সমস্যাত বিশেষ গুৰুত্ব নিদিলেও যেতিয়া পাকিস্তানী লোকে অসমত সংখ্যাগৰিষ্ঠতা লাভ কৰি অসমত নানা উপায়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰিব তেতিয়া আপুনি অসমৰ অৱস্থা বুজি পালেও, তাৰ প্ৰতিকাৰ কৰিবলৈ আপোনাৰ শক্তি নাথাকিব বুলি আমি ঘোৰ সন্দেহ কৰোঁ।” (১৯৬২ চনত গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে জৱাহৰলাল নেহৰুলৈ দিয়া পত্ৰ, উৎস- হৰেকৃষ্ণ ডেকা, প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ, পৃষ্ঠা ৮৯)
এইখিনিতে মনলৈ অহা স্বাভাৱিক কথাটোৱেই হ’ল যে দ্বি-জাতি তত্ত্বৰ আধাৰত জন্ম হোৱা পাকিস্তানৰ পৰাই ইছলামধৰ্মী লোকসকল পুনৰাই অসমলৈ কিয় আহিব? নেহৰু-লিয়াকৎ চুক্তিৰ আধাৰত শৰণাৰ্থীসকলৰ আদান-প্ৰদান হোৱাটো অস্বাভাৱিক নহয় বাবে বহু লোকে এৰি যোৱা মাটি-বাৰী বিচাৰিও আহিছিল। কিন্তু তাৰ লগতে অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ গোপন অভিপ্ৰায় কাৰ্যকৰী কৰাৰ বাবেও জনস্ৰোত অহাৰ সম্ভাৱনা নোহোৱা নহয়। কিয়নো এই গোটেই পৰিকল্পনাৰ ঘাই লোক মৌলনা আব্দুল হামিদ খান ভাছানীয়ে ৰাজহুৱাভাৱেই কৈছিল। “আসাম আমাৰ, পশ্চিমবংগ আমাৰ, ত্ৰিপুৰাও আমাৰ। এগুলো ভাৰতেৰ কবল থেকে ফিৰে না পাওয়া পৰ্যন্ত বাংলাদেশেৰ স্বাধীনতা ও মানচিত্ৰ পূৰ্ণতা পাবে না।” (উৎস: La Bangla Times)
স্বাধীন বাংলাদেশৰ অন্যতম ৰূপকাৰ তথা দক্ষিণ-পূব এছিয়াৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হিচাপে ভাছানী চাহেবৰ এই মতামত উলাই কৰিব পৰা নহয়। অতি সাধাৰণ জীৱন যাপন কৰা ‘লাল মৌলানা’ হিচাপে পৰিচিত এইগৰাকী ব্যক্তিৰ নিজা স্বপ্নই সমসাময়িক প্ৰজন্মক কেনেদৰে উৎসাহ যোগাইছিল, তাৰ উদাহৰণ তেখেতৰ ভাষণ আৰু জনমুখী চৰিত্ৰৰ পৰাই ক’ব পাৰি। সেয়ে কাৰ্যতঃ দেশ বিভাজন হৈ সুকীয়া পূৰ্ব পাকিস্তান হ’লেও তাৰ আওতাত অসমক সুমুৱাই লোৱাৰ পৰিকল্পনা মুছলিম লীগৰ অসম প্ৰদেশৰ প্ৰাক্তন সভাপতিজনৰ যে নাথাকিব তাক কোনেও নুই কৰিব নোৱাৰে।
এই গোটেই পৰিৱেশটো সেইসময়ৰ কেন্দ্ৰীয় চৰকাৰৰ চোৰাংচোৱা বিভাগ ইণ্টিলিজেন্স ব্যুৰোৰ সঞ্চালক বি এল মল্লিকৰ এক টোকাত সন্নিবিষ্ট হৈছে। অসমৰ প্ৰাক্তন ডি জি পি হৰেকৃষ্ণ ডেকাৰ গ্ৰন্থ ‘প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ’ৰ পৰিশিষ্ট ৫-ত সন্নিবিষ্ট কৰা এই টোকাটোৰ মতে, The number of illegal immigrant into Assam from Pakistan over the course of the last 12 years has been very conservatively estimated at about 250 thousand. Local unofficial estimates, however put this figure even higher. The fact that such a large number of immigrants succeeded in illegally crossing the frontier and setting down unnoticed would prove that the measures so far taken have not been effective. Darrang, Goalpara, North Lakhimpur district are inhabited almost entirely by Muslims, a very large proportion of whom are new immigrants. It is always difficult to remove an immigrants after he has entered the territory and he has settled down for some time. (১৯৬৫ চনত PIP আঁচনি সম্প্ৰসাৰণৰ প্ৰস্তাৱ দি লেখা টোকাটো হৰেকৃষ্ণ ডেকাৰ উপৰিউক্ত গ্ৰন্থৰ ১১১ পৃষ্ঠাত দিয়া হৈছে)।
বি এন মল্লিকৰ প্ৰস্তাৱমৰ্মে পি আই পি বা পাকিস্তানী অনুপ্ৰৱেশ প্ৰতিৰোধ আঁচনি কাৰ্যকৰী কৰণ কৰা হ’ল। এই আঁচনিখন কাৰ্যকৰীকৰণ কৰোঁতে বহুত জটিলতাৰ সৃষ্টি হ’ল। এহাতে সমাজৰ বহু গণ্যমান্য ব্যক্তিলৈ ন’টিছ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হ’ল, আনহাতে আঁচনি কাৰ্যকৰীকৰণ কৰিবলৈ যোৱা আৰক্ষী বিষয়া নানা হেঁচাৰ সন্মুখীন হ’বলগা হ’ল। সেই সময়ৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ভাষাৰে— “গোৱালপাৰা জিলাত আঁচনিখন কাৰ্যকৰী কৰাৰ দায়িত্ব ল’বলগীয়া হ’ল। অতি ক্ষিপ্ৰতাৰে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিলোঁ, অতিৰিক্ত গাড়ী-ঘোঁৰা আৰু পুলিচ বাহিনী পালো। ধৰপাকৰ আৰম্ভ হ’ল। ২৮খন ইঞ্জিন বোট আৰু তিনিখন স্পীড বোটে ব্ৰহ্মপুত্ৰ খলক লগালে। হেজাৰ হেজাৰ বিদেশী অনুপ্ৰৱেশকাৰী বহিষ্কাৰ কৰা হ’ল। ন্যস্তস্বাৰ্থ জাঙুৰ খাই উঠিল।… মোক ধুবুৰীৰ পৰা বদলি কৰিবলৈ কৰা প্ৰচেষ্টাই বিভিন্ন ৰূপ ল’লে। মোক নগাঁৱলৈ বদলি কৰাৰ কথা উঠিল। নগাঁৱৰ প্ৰসিদ্ধ মুক্তিযোদ্ধা এগৰাকী তেতিয়া কেবিনেটৰ সদস্য আছিল। তেখেতে হেনো আপত্তি কৰিলে যে মোক নগাঁৱলৈ আনিলে ‘দলে’ সংখ্যালঘুৰ ভোট পোৱা কঠিন হ’ব। এয়া মাথোঁ এটাহে উদাহৰণ। কিন্তু মোক নিষ্ক্ৰিয় কৰিবলৈ ন্যস্তস্বাৰ্থ বদ্ধপৰিকৰ আছিল যে সেই কথা আজি পিছলৈ চাইহে বুজিব পাৰিছোঁ। এই সন্দৰ্ভত জিলাৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেইবাগৰাকীও তথাকথিত নেতাৰ লগত হোৱা সংঘৰ্ষই চৰম ৰূপ ল’লে, তেতিয়া কেবিনেটৰ মন্ত্ৰী মইনুল হ’ক চৌধুৰীও মোৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিল।” (হিৰণ্য কুমাৰ ভট্টাচাৰ্য, জীৱন বিচিত্ৰা, পৃ ৮০-৮১)
পি আই পি আঁচনি সফল নহ’ল। বাংলাদেশৰ মুক্তি যুদ্ধৰ পৰিৱেশ আৰু সেই যুদ্ধৰ বাবে পুনৰ শৰণাৰ্থীৰ প্ৰৱেশৰ দৰে ঘটনাবোৰ ঘটিল। বিশেষকৈ বাংলাদেশৰ মুক্তি যুদ্ধই গৃহহীন কৰা বহুলোকে আহি অসমৰ ভিন্ন প্ৰান্তত আশ্ৰয় ল’লে।
এনে সময়তে মঙলদৈ লোকসভাৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ভোটাৰ তালিকাৰ শুদ্ধ ৰূপক লৈ প্ৰশ্ন উত্থাপন হ’ল। তাৰ বাবেই ঐতিহাসিক অসম আন্দোলন গঢ় লৈ উঠিল। আদিতে বহিৰাগত বিতাড়নৰ দাবীত গঢ় লৈ উঠা আন্দোলনটো সময়ত বিদেশী বিতাড়ন আন্দোলনলৈ পৰিণত হ’ল। আন্দোলনৰ পৰিৱেশ পৰিস্থিতি সকলোৰে জ্ঞাত। ভয়াৱহ সংঘৰ্ষ, পুলিচী নিৰ্যাতন, শ্বহীদ বৰণৰ মাজেৰে আন্দোলন চলিল। সৰ্বশেষত ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হ’ল। এই চুক্তিয়ে ১৯৫১ চনৰ সলনি ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰিলে। অৱশ্যে চুক্তিৰ এই সময়সীমাক লৈ আপত্তিও নথকা নহয়। যাৰ বাবে বৰ্তমান ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত এই ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই এক গোচৰ ৰুজু হৈছে আৰু সেয়া বৰ্তমান সাংবিধানিক পীঠৰ বিচৰাধীন হৈ আছে।
এই গোচৰ চলি থকা অৱস্থাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া চলিল আৰু তাৰ লগে লগে নাগৰিকত্ব আইনৰ সংশোধনী প্ৰক্ৰিয়া চলিল। সমসাময়িক এই প্ৰসংগবোৰ সকলোৰে জ্ঞাত বাবেই বিতং আলোচনাৰ পৰা বিৰত থকা হ’ল।
প্ৰব্ৰজনৰ এই ভয়াৱহতাই অসমৰ জনগাঁথনিৰ যে ব্যাপক পৰিৱৰ্তন সাধন কৰিছে, সেই কথা সকলো পক্ষৰে জ্ঞাত। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা চোৰাংচোৱা মুৰব্বী, আৰক্ষী বিষয়া, ৰাজনৈতিক নেতা, ধৰ্মীয় অধিকাৰ, ছাত্ৰ নেতাৰ পৰা অসমৰ সৰ্বসাধাৰণ লোকৰেই জ্ঞাত। তৎসত্বেও এই সমস্যাৰ আজিও সমাধান সূত্ৰ ওলোৱা নাই। ১৮২৬ চনৰ পৰা আজি দুশ বছৰে ভিন্ন সময়ত প্ৰব্ৰজন কৰা লোকসকলৰ কেইবাপুৰুষো অসমৰ মাটিতে জাহ গৈছে। তথাপি আজিকোপতি সমাধানৰ ৰেশ নোলোৱা এই কথাটোৰ উঁহ বিচাৰিব লাগিব। এইক্ষেত্ৰত এগৰাকী তৰুণ সমাজ বিজ্ঞানী ড° মনোজ কুমাৰ নাথে নিজা মতামত তুলি ধৰিছে। আমি বহল আলোচনাৰ বাবে সেই মত তুলি ধৰিলোঁ। ‘অসমৰ ৰাজনীতিত মুছলমান, বিশ্বাস, বাস্তৱ আৰু সংঘাত’ শীৰ্ষক নিজৰ গৱেষণা গ্ৰন্থৰ ১৮নং পৃষ্ঠাত ড° নাথে লিখিছে— “কেন্দ্ৰীয় চৰকাৰে অনুভৱ কৰিছিল যে উত্তৰ-পূব ভৱিষ্যতে কাহানিও ভাৰত ৰাষ্ট্ৰৰ বাবে এক প্ৰত্যাহ্বান হৈ নুঠিবৰ বাবে অঞ্চলটোৰে জনগাঁথনিলৈ আমূল পৰিৱৰ্তন আনিব লাগিব আৰু মংগোলীয় বা জনজাতীয় একাধিপত্য শেষ কৰিব লাগিব। এই অনুভৱৰ ফল হিচাপেই চৰকাৰে এই অঞ্চলটোলৈ আন্তঃ আৰু বহিঃ— দুই ধৰণৰ প্ৰব্ৰজনক উৎসাহিত কৰিবলৈ ধৰিলে। আন্তঃপ্ৰব্ৰজনৰ ফলস্বৰূপে ভাৰতৰ হিন্দী বলয়ৰ পৰা প্ৰৱল হাৰত প্ৰব্ৰজন এই অঞ্চললৈ ঘটিল। অঞ্চলটোৰ মূল চহৰ আৰু অঞ্চলসমূহৰ বেপাৰ-বাণিজ্য এই প্ৰব্ৰজিত লোকসকলে অধিগ্ৰহণ কৰিবলৈ ল’লে। আকৌ, মুক্ত সীমান্তয়েদি নেপাল আৰু বাংলাদেশৰ পৰা অহৰহ প্ৰব্ৰজন এই অঞ্চললৈ ঘটি থাকিল। নীতিৰ অংশ হিচাপেই এই বহিঃপ্ৰব্ৰজন লৈ চৰকাৰ নীৰৱ হৈ থাকিল।… অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবৰ জনগাঁথনিৰ ইতিমধ্যে আমূল পৰিৱৰ্তন হৈছে। উত্তৰ-পূবৰ অৰ্থনীতি ইতিমধ্যে ভাৰতৰ আন ঠাইৰ পৰা প্ৰব্ৰজিত লোকসকলৰ হাতলৈ গৈছে। ট্ৰাইবেল বা ইনাৰ লাইন পাৰ্মিট থকা অঞ্চলো ইতিমধ্যে বাংলাদেশীয়ে ছানি ধৰিছে।”
জনগাঁথনিৰ এই পৰিৱৰ্তনে আগত সময়ত অসমৰ কেনে ৰূপ গ্ৰহণ কৰে, সেয়া এতিয়াই কোৱাটো সম্ভৱ নহয়। দুশ বছৰীয়া এই সময়ছোৱাৰ যি পৰিৱৰ্তন হ’ল, সেয়া নিঃসন্দেহে অসমৰ সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। প্ৰব্ৰজনৰ এই কথাক লৈ এসময়ত বাওঁপন্থী বুদ্ধিজীৱী ড° অমলেন্দু গুহই কৈছিল— “অসম নমৰে, আমিও নমৰোঁ”, কিন্তু বাস্তৱত হয়তো ক’ব লাগিব যে অসম মৰিব আমিও মৰিম!
৩. ঔপনিৱেশিক আগ্ৰাসন আৰু বাণিজ্য
লেখক-সাংবাদিক হোমেন বৰগোহাঞিয়ে ‘ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে অসমৰ শেষ সংগ্ৰাম’ বুলি এলানি লেখাৰে ‘অসমৰ চাহ উদ্যোগৰ অকথিত কাহিনী’ শিৰোনামৰ এখন গ্ৰন্থ লিখিছিল। গ্ৰন্থখনৰ পাতে পাতে অসমৰ চাহ উদ্যোগৰ পৰা যে ইয়াত জড়িত থকা শ্ৰমিক-কৰ্মচাৰী, থলুৱা জনগণ লাভান্বিত হোৱা নাই, সেই কথা পৰিষ্কাৰকৈ লিখিছিল। অসমৰ চাহ শিল্পৰ মাজেৰে যি ঔপনিবেশিক চৰিত্ৰ প্ৰকাশ পাইছে, তাৰ বহু উদাহৰণ তুলি ধৰি তেখেতে মত পোষণ কৰিছে যে চাহ শিল্প ৰাষ্ট্ৰীয়কৰণ কৰি অসমক ঔপনিৱেশিক শোষণৰ পৰা মুক্ত কৰিবলৈ হ’লে আৰু আৰ্থিকভাৱে স্বাৱলম্বী কৰিবলৈ হ’লে কেৱল বিদেশী কোম্পানীবোৰৰ বাগিচাবোৰ ৰাষ্ট্ৰীয়কৰণ কৰিলে নহ’ব, সেই ব্যৱস্থাই ওপৰত উল্লেখ কৰা জনস্বাৰ্থৰ ঘোৰ পৰিপন্থী অসমৰ বাহিৰৰ দেশীয় পুঁজিপতিসকলৰ মালিকাধীন চাহ কোম্পানীবোৰো সামৰি ল’ব লাগিব। কিয়নো দেশী, বিদেশী পুঁজিবাদ আৰু সামন্তবাদৰ স্বৰূপ, চৰিত্ৰ আৰু ধৰ্ম একেই। (উক্ত গ্ৰন্থ পৃ ৪৩)
বৰগোহাঞিৰ বক্তব্যত সজোৰে প্ৰতিষ্ঠাপিত হৈছে যে অসমৰ চাহ অৰ্থনীতিৰ মাজেদি বৃটিছ ঔপনিবেশিক ধাৰাটো বিদ্যমান হৈ আছে। অৱশ্যে এই কথাটো ১৯৬৪ চনত সাংসদ অজিত কুমাৰ শৰ্মাৰ ‘অসমৰ চাহ বাগিচাত বিদেশী মূলধন’ নামৰ আন এক পুস্তিকাতো প্ৰকাশ পাইছিল। চাহ উদ্যোগৰ দ্বাৰা অসম পোনপটীয়াকৈ লাভান্বিত হোৱা নাই। চাহ উদ্যেগৰ লগত জড়িত শ্ৰমিকসকলে প্ৰাপ্য মজুৰি লাভ কৰা নাই। আনকি এই বৃহৎ চাহ উদ্যোগকে সাৰথি কৰি যিসকল থলুৱা যুৱকে ক্ষুদ্ৰ চাহ খেতি আন্দোলনত জড়িত হৈছে, সেইসকলো উপকৃত হোৱা নাই।
চাহ উদ্যোগৰ দৰে অসমৰ বনজ সম্পদক ভিত্তি কৰি গঢ়ি উঠা উদ্যোগ, তেল, কয়লা আদি প্ৰাকৃতিক সম্পদকে আদি কৰি উদ্যোগসমূহৰ পৰাও স্থানীয় লোক লাভান্বিত নোহোৱাৰ অভিযোগ সৰ্বজন বিদিত। নিজৰ সম্পদৰ ওপৰত নিজৰ অধিকাৰ নথকাৰ বাবেই অসমবাসী আজি বিক্ষুদ্ধ, সংগ্ৰামৰত— সেই কথা সকলোৱে জানে।
যি এক গাঁথনিৰ বাবে অসমবাসী জনগণে নিজৰ সম্পদৰ ওপৰত নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিব পৰা নাই, সেই গাঁথনিৰ উঁহ বিচাৰি আমি আলোচ্য সময়খিনিতে এপাক ঘূৰি আহিব লাগিব।
বৃটিছ অসমত চাহ শিল্পৰ প্ৰতিষ্ঠা কৰাৰ সময়তে বৃটিছ প্ৰশাসনক সহায় কৰা মণিৰাম দেৱানে যেতিয়া নিজাকৈ বাগিচা খুলিবলৈ ধৰিলে, তেতিয়াই বৃটিছৰ লগত দ্বন্দ্বৰ সৃষ্টি হ’ল। সেই দ্বন্দ্বই মণিৰাম দেৱানক বিদ্ৰোহী কৰি তুলিছিল বাবেই দেৱান ফাঁচী কাঠত ওলমিব লগা হ’ল। অৰ্থাৎ বৃটিছ ঔপনিবেশিক শক্তিয়ে নিজৰ গাঁথনিৰ মাজত এজন থলুৱা লোকক প্ৰৱেশ কৰিবলৈ নিদিয়ে। যাৰ বাবে মণিৰাম দেৱানৰ পাছত বহুকাললৈ অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে এই গাঁথনিত প্ৰৱেশ কৰিবলৈ সাহস কৰা নাছিল। ভোলানাথ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আদিয়ে যি ব্যৱসায়-বাণিজ্য গঢ়ি তুলিছিল, সেয়া পোনপটীয়াভাৱে বৃটিছৰ লগত প্ৰতিযোগিতামূলক নাছিল। অৱশ্যে কুৰি শতিকাৰ মাজভাগৰ পৰাই দুই-একে বাগিচা খোলা আৰম্ভ কৰিছিল যদিও সেয়া ব্যাপক নাছিল। কাজেই একালত সাউদ সদাগৰ মুদৈৰ বেপাৰৰ সাধুকথাৰে ভৰি থকা অসমীয়া জাতিৰ বাণিজ্য স্পৃহা মৰহি গ’ল। অথচ চকুৰ সন্মুখতে বৃটিছ শক্তিৰ নুমলীয়া হিচাপে প্ৰৱেশ কৰা মাৰোৱাৰীসকলে অসমৰ বেহা-বেপাৰৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা কথাটোৱে অসমৰ মধ্যবিত্ত শ্ৰেণীক চিন্তিত কৰি তুলিছিল। কুৰি শতিকাৰ মাজভাগত জ্ঞাননাথ বৰাই ‘আসামত বিদেশী’ শীৰ্ষক গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া মানুহক সচেতন কৰি তুলিছিল। এনে চেতনাৰ অংশ হিচাপেই ১৯৩৭ চনত অসম ভ্ৰমণ কৰা জৱাহৰলাল নেহৰুক অসমীয়া ডেকা দলৰ হৈ মাধৱ চন্দ্ৰ বেজবৰুৱাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। ঘাইকৈ বৃটিছ ঔপনিবেশিক শাসনৰ কুফল উদঙাই দি স্মাৰকপত্ৰখনত কোৱা হৈছিল— “বৃটিছে অসম অধিকাৰ কৰাৰ ঠিক পাছতেই (ক) ইংৰাজ কোম্পানীবোৰক বিশেষ কৃষিৰ (পঢ়ক চাহখেতি) কাৰণে ৰাজহমুক্ত বৃহৎ ভূখণ্ড দিছিল। (খ) মাৰোৱাৰীসকলক ব্যৱসায়-বাণিজ্যৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হৈছিল আৰু (গ) আদালত আৰু শিক্ষানুষ্ঠানত বাংলা ভাষাক মুক্তভাৱে ব্যৱহাৰৰ সুবিধা দিয়া হৈছিল। সেয়েহে অসমৰ নিজৰ প্ৰাধান্য শক্তিশালী কৰিব বাবে অনা-অসমীয়াসকলৰ নৈতিক সমৰ্থন কিনাৰ বিষয়ত বৃটিছ চৰকাৰ সচেতন আছিল। তেওঁলোকক ভাল-বেয়া যিকোনো পৰকাষ্ঠা দেখুওৱা হৈছিল। চাহেই যিহেতু অসমৰ একমাত্ৰ ডাঙৰ আৰু উল্লেখযোগ্য উদ্যোগ, চৰকাৰে ইয়াৰ ওপৰত সম্পূৰ্ণ প্ৰাধান্য বিস্তাৰ কৰিছিল আৰু চাহ খেতিয়কৰ ৰাজত্ব (Planter’s Raj) এতিয়ালৈকে অসম চৰকাৰৰ আন এটা নাম হিচাপে থাকি গৈছে। দ্বিতীয়তে মাৰোৱাৰীসকলৰ বাস্তৱ অভিজ্ঞতা আৰু বুদ্ধিৰ হাতোৰাৰ পৰা কোনো অসমীয়া পৰিয়ালেই হাত সাৰি যাব পৰা নাই। মাৰোৱাৰীসকলৰ ওচৰত অসমীয়াসকলৰ মুঠ ধাৰ ৪৪ কোটি টকা।” (মহেশ যোশী, অসম-ভাৰতীয় সংঘাত, অনুবাদ: মুন বৰা, পৃষ্ঠা-৭৪-৭৫) অৱশ্যে যমুনালাল বাজাজৰ দৰে সৰ্বভাৰতীয় বণিকসকলৰ পৰা কংগ্ৰেছ দল চলাবৰ বাবে পুঁজি সংগ্ৰহ কৰা নেহৰুৱে স্মাৰক পত্ৰখনৰ সঠিক সমিধান দিব নোৱাৰিলে। সেয়ে মাধৱজীয়ে ৰাজহুৱাকৈ ঘোষণা কৰিবলৈ বাধ্য হ’ল, তেনেহ’লে অসম ভাৰতৰ পৰা পৃথক হৈ আহিব। পণ্ডিত জৱাহৰলাল নেহৰুৱে টপৰাই উত্তৰ দিছিল— “ধ্বংস হোৱা”। (পূৰ্ব উক্ত গ্ৰন্থ, একেই পৃষ্ঠা)।
স্বাভাৱিকতে সেইজন নেহৰু প্ৰধানমন্ত্ৰী হোৱাৰ পাছত অসমীয়াৰ হাতলৈ চাহ উদ্যোগ বা আনুষংগিক বাণিজ্য-ব্যৱসায় নাহিল। ক’ব পাৰি যে প্লেণ্টাৰ ৰাজ আৰু মাৰোৱাৰী খনিকৰ যি ব্যৱস্থা বৃটিছে গঢ়ি গৈছিল, সেই ব্যৱস্থা বা গাঁথনি পৰৱৰ্তী সময়তো অটুট থাকিল।
১৯৪৭ চনৰ পাছত অসমীয়া মধ্যশ্ৰেণীয়ে ঘাইকৈ অসম প্ৰদেশৰ প্ৰশাসনীয় ব্যৱস্থাত চাকৰি-বাকৰি লৈয়ে সন্তুষ্ট থাকিল। অৱশ্যে তাৰ বাবে ছিলেট প্ৰশাসনৰ পৰা দেশ বিভাজন সূত্ৰে বদলি হৈ অহা বাঙালী চাকৰিজীৱীৰ লগত দ্বন্দ্ব সমানে চলাই গ’ল। কেৱল চাকৰি-বাকৰিৰ ক্ষেত্ৰতে সীমিত থকা বাবে মুষ্টিমেয় একাংশইহে চাহ উদ্যোগ বা আন আন ব্যৱসায় ক্ষেত্ৰত প্ৰৱেশ কৰিছিল। তেনেদৰে প্ৰৱেশ কৰা সকলে প্ৰথমেই মাৰোৱাৰী বণিজ শ্ৰেণীটোক পাইছিল বাবে সেইসকলৰ লগত দ্বন্দ্বৰ সৃষ্টি হৈছিল। এনে দ্বন্দ্বৰ ৰাজহুৱা প্ৰকাশ সত্তৰৰ দশকত দেখা পোৱা যায়। হৰেকৃষ্ণ ডেকাই উল্লেখ কৰা মতে, অসমৰ হৃত গৌৰৱৰ সোঁৱৰণত ১৯৬৮ চন মানত ‘লাচিত সেনা’ নামৰ এটা গোপন উগ্ৰ জাতীয়তাবাদী সংগঠনো গঠিত হৈছিল আৰু এওঁলোকৰ পদ্ধতি হৈছিল হিংসাত্মক। এওঁলোকে অনুপ্ৰৱেশক অসমীয়াৰ অস্তিত্বৰ সংকটৰ কাৰণ বুলি নিৰ্ণয় নকৰি পুঁজি নিয়ন্ত্ৰণ কৰা ‘বহিৰাগত’ক বিশেষভাৱে মাৰোৱাৰী সম্প্ৰদায়ক দায়ী বুলি চিহ্নিত কৰিছিল আৰু ১৯৬৮ চনৰ ১৫ আগষ্টৰ দিনা ফাঁচিবজাৰত জুই দিয়াকে ধৰি গুৱাহাটীত নানা হিংসাত্মক কাৰ্য সংঘটিত কৰিছিল। (হৰেকৃষ্ণ ডেকা, প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ, পৃষ্ঠা ৩৬-৩৭)
উল্লেখযোগ্য যে কুৰি শতিকাৰ অষ্টম দশকৰ মাজৰ পৰাই বহিৰাগত বিৰোধী এক ধ্যান-ধাৰণা গঢ় লৈ উঠে বাবেই গুৱাহাটীৰ দেৱালবোৰত ‘Go back Indians’, ‘Boycott non Assamese socially and ergonomically’, ‘Arm yourself’, ‘We want Sovereignty’ জাতীয় শ্লোগান লেখা দেখা পোৱা গৈছিল বুলি হৰেকৃষ্ণ ডেকাই তেখেতৰ গ্ৰন্থৰ ৬৯ পৃষ্ঠাত উল্লেখ কৰিছে। সামগ্ৰিকভাৱে অৰ্থনৈতিক কাম-কাজত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হোৱা চামটোৰ মাজত এনে চিন্তাৰ উন্মেষ হোৱাটো স্বাভাৱিক।
অসমৰ বিভিন্ন গোট, সংগঠনসমূহৰ ভিতৰত পূৰ্বাঞ্চলীয় লোক পৰিষদে ১৯৭৮ চনৰ ৩ অক্টোবৰ তাৰিখে এক ডকুমেণ্ট প্ৰস্তুত কৰিছিল। এই ডকুমেণ্টত বিভিন্ন দিশৰ লগতে অৰ্থনৈতিক কথা-বতৰাৰো আলোচনা কৰা হয়। ডকুমেণ্টখনত প্ৰকাশ কৰা মতে— “বৃটিছে চাহপাত, তেল, কয়লা আৰু প্লাইউডৰ লগত জড়িত ডাঙৰ অৰ্থনৈতিক কাম-কাজসমূহ, যেনে- ভঁৰাল বিক্ৰী, মাৰ্কেটিং, বেংকিং, ফৰৱাৰ্ডিং আদি কামবোৰ দূৰৰ কলিকতাত ৰাখিছিল যদিও অসমত চাহপাত, তেল, কয়লা আৰু প্লাইউড সংগঠিত কৰিছিল। অসমক একমাত্ৰ উৎপাদনৰ ভিত্তিস্থান হিচাপেই ব্যৱহাৰ কৰিছিল। স্থানীয় ইচ্ছুক লোকসকলক কাম-কাজত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। যিকোনো দিশৰ পৰাই এয়ে আছিল সাম্ৰাজ্যবাদী অৰ্থনীতিৰ ধৰণ আৰু ৰূপ। অৰ্থনীতিৰ সাম্ৰাজ্যবাদী ধৰণটোৰ পৰা গোট খাই খাই জমা হোৱা ফলাফলবিলাক ৰাজ্যখনৰ সকলোবোৰ অৰ্থনৈতিক কাম-কাজতে প্ৰভাৱ পেলোৱা ফলাফলবিলাক, ইয়াৰ লগতে আধুনিক উৎপাদন পদ্ধতি, বিত্তৰ যোগান, বিত্ত আৰু ঋণ ব্যৱস্থা, মাৰ্কেটিঙৰ ধৰণ আৰু নিয়ম, বিতৰণ ব্যৱস্থা আদিৰ শিক্ষা আৰু জ্ঞান লাভ কৰাৰ সুবিধাৰ অভাৱৰ বাবে অসমৰ ডেকাসকল শতিকাৰ পাছত শতিকাজুৰি এইবোৰৰ পৰা আঁতৰত আছিল আৰু সেয়ে তেওঁলোকক চাকৰি আদিৰ পৰা বাহিৰত ৰাখিবৰ যত্ন কৰা হৈছিল। অৰ্থনীতিৰ সামাজ্যবাদী ধৰণটোৰ ভেটি বৃটিছসকল গুচি যোৱাৰ সময়লৈকে সহজভাৱে থাকি গৈছিল। কিন্তু ইয়াৰ প্ৰভাৱটো আজিও আছে আৰু ইয়াৰ প্ৰতিকূল প্ৰভাৱ পৰি অৰ্থনৈতিক জীৱনৰ হাত-ভৰি বান্ধ খাই গৈছে।” (মহেশ যোগী, সংঘাত, অনুবাদ: মুন বৰা, পৃষ্ঠা ১৮২)
মণিৰাম দেৱানৰ ফাঁচী, জ্ঞাননাথ বৰাৰ লেখা ‘আসামত বিদেশী’, লাচিত সেনা, পূৰ্বাঞ্চলীয় লোক পৰিষদৰ ডকুমেণ্ট, হোমেন বৰগোহাঞিৰ গ্ৰন্থ— এই কেইবাটাও বিষয় একে লগ কৰিলে আমি যি সাধাৰণ সূত্ৰত উপনীত হ’ব পাৰোঁ, সেয়া হ’ল, সম্পদৰ অধিকাৰৰ পৰা অসমবাসী বঞ্চিত হোৱাৰ প্ৰসংগ। চাহ, তেল, কয়লা আদি শিল্প উদ্যোগৰ পৰা শতিকাজুৰি বঞ্চিত হোৱা অসমবাসীৰ লগত এক ক্ষোভৰ জন্ম দিছে আৰু যিয়েই জাতীয়তাবাদী চিন্তা-চৰ্চাত প্ৰভাৱ পেলাইছে। অসম আন্দোলনৰ সময়ত এনে বিষয়বোৰ পোহৰলৈ আহিছিল, সমাজবিজ্ঞানী ড° তিলোত্তমা মিশ্ৰৰ ভাষাত, কলনিয়েল হিণ্টাৰলেণ্ড। তেওঁ লিখিছে— These day a great deal writing on Assam and Noeth-East is divided to the theme of colonial or quasi-colonial exploitation of Assam by foreign imperialist and by the Indian state and the Indian big capitalist. (Abu Nasar Saied Ahmed, Nationality Question In Assam, The ePW 1980-81 Debate, P 47)
কলনিয়েল হিণ্টাৰলেণ্ড বুলি অভিহিত কৰা এই পৰিঘটনাৰ ঘাই বিষয়বস্তুয়েই হ’ল সম্পদৰ বহিঃগমন। সেয়ে সম্পদৰ ওপৰত অধিকাৰ বিচৰা দাবী অসমৰ বহু দল-সংগঠনৰ বক্তব্যৰ মাজেৰে প্ৰকাশ পাবলৈ ধৰিলে। কেন্দ্ৰৰ মাহী আই চকু, আভ্যন্তৰীণ উপনিৱেশ আদি অভিধাবোৰো ৰাজহুৱাভাৱে প্ৰকাশ পোৱা পৰিলক্ষিত হ’ল। সেইদৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰসংগৰে জাতীয় পুঁজি গঠনৰ ধ্যান-ধাৰণাও প্ৰচলিত হ’ল। সমূহীয়া কৃষি-পাম গঠনৰ প্ৰক্ৰিয়া, থলুৱাৰ বজাৰ দখল আদি কথাবোৰেও আলোচনাত ঠাই পাবলৈ ধৰিলে। অৱশ্যে বিশ্ব পুঁজিবাদৰ আজিৰ পৰ্যায়ত জাতীয় পুঁজি গঠনৰ কথাবোৰ কিমান প্ৰাসংগিক সিও ভাবি চাবলগীয়া। কিন্তু সামগ্ৰিকভাৱে এই কথাবোৰে অসমৰ জাতীয়তাবাদী চিন্তা-চৰ্চাত ব্যাপক প্ৰভাৱ পেলাইছে আৰু সিয়ে অসমীয়া জাতীয়তাবাদক ন ৰূপ দিছে।
৪. সামৰণি
১৮২৬-২০২৬— এই দুশ বছৰীয়া অসম পৰ্যালোচনাৰ বাবে আমাৰ দৃষ্টিত অসমীয়াৰ সমাজখন বা সামূহিক মনস্তত্বত প্ৰভাৱ পেলোৱা যি তিনিটা বিষয় আলোচনাৰ আওতালৈ অনা হ’ল, সেয়াই শেষ বুলি নিশ্চয় দাবী কৰা নাযায়। তথাপি মান ভাগনত বিধস্ত হোৱা অসমীয়া সমাজখনে বিগত দুশ বছৰে ঘাইকৈ ভাষা প্ৰতিষ্ঠাৰ বাবে যুঁজ, প্ৰব্ৰজনৰ বিৰুদ্ধে যুঁজ আৰু সম্পদৰ ওপৰত অধিকাৰপ্ৰাপ্তিৰ বাবে যুঁজ দি আহিবলগা হৈছে। সময়ে সময়ে ঘূৰি-পকি অহা এই তিনিটা বিষয়েই অসমীয়া মানুহৰ মন আৰু মগজুত ব্যাপক প্ৰভাৱ পেলাইছে। তাকেই সমগ্ৰিকভাৱে অসমীয়া জাতীয়তাবাদ বুলি ক’ব পৰা যায়। নিজৰ ভূখণ্ডত নিজৰ মুখৰ ভাষা, সম্পদ সুৰক্ষাৰ বাবে অসমীয়া জাতীয়তাবাদে যুঁজ চলাইছে। আনকি তাৰ বাবে সময়ে সময়ে কোনো কোনোৱে এয়া ক্ষুদ্ৰ জাতীয়তাবাদ বা উগ্ৰ জাতীয়তাবাদী বা জেন’ফ’বিক বুলি প্ৰচাৰৰে প্ৰত্যাক্ৰমণ চলালেও অসমীয়া জাতীয়তাবাদ থমকি ৰ’ব লগা হোৱা নাই। অৱশ্যে এই জাতীয়তাবাদ গঠন কৰিবলৈ যাওঁতে গোমধৰ কোঁৱৰৰ পৰাই লক্ষাধিকজনে শ্বহীদবৰণ কৰিব লগা হৈছে।
আলোচ্য এই সময়ছোৱাত জাতীয় ভাষা হিচাপে অসমীয়া ভাষাই বিদ্যায়তনিক, বৌদ্ধিক, সাহিত্যৰ স্তৰত মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ভাষাই জ্ঞানপীঠৰ মৰ্যাদা লাভ কৰাৰ লগতে ভাষা সাহিত্যৰ বাবেই বাৰ্ষিক লক্ষাধিক লোক সমবেত হৈ ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ বিৰল দৃষ্টান্ত প্ৰদৰ্শন কৰিবলৈকো সক্ষম হৈছে। সাহিত্যৰ বাবে লক্ষাধিক লোক একে ঠাইতে সমবেত হোৱাটো সম্ভৱ বিশ্বতে বিৰল। সেইদৰে অৰ্থনৈতিক দিশতো সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলেও খেতিপথাৰ, বেহা-বেপাৰ আদিত অসমীয়া লোকসকল জড়িত হৈছে। বহু স্থানত এক আত্মনিৰ্ভৰশীল উপাৰ্জন ব্যৱস্থা গঢ়ি তুলিবলৈকো সক্ষম হৈছে। অৱশ্যে জাতীয় পুঁজিৰ যি ধাৰণা, তাৰ ওচৰ পাবলৈ এতিয়াও বহু যোজন পথ বাকী আছে।
সেইদৰে প্ৰব্ৰজন সমস্যাৰো এক স্থায়ী মীমাংসা সূত্ৰ অদ্যাপি ওলোৱা নাই। ১৯৮৫ চনৰ অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো তাৰ সু ৰূপায়ণ নোহোৱাৰ অভিযোগ আছে। আনকি ৬ নং দফাৰ যোগেদি অসমীয়া মানুহৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো অদ্যপি অমীমাংসিত। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। এনে সময়ত প্ৰব্ৰজনজনিত কথাই অসমীয়া মানুহৰ মন জোকাৰি আছে। অসম ফিজি বা ত্ৰিপুৰা হ’বগৈ নেকি, সেই প্ৰশ্নও মাজে-সময়ে নথকা নহয়। এনেবোৰ বিষয়ত বহু বছৰৰ আগতে অসম সাহিত্য সভাৰ সভাপতিৰ আসনৰ পৰা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে উনুকিয়াই দিছিল। তেখেতে কৈছিল— “বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই অসমলৈ বেছিসংখ্যক হিন্দুক বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দুকেইটাক ভয় দেখুৱাই আৰু বাহিৰৰ পৰা অসমলৈ বেছিসংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমানকেইটাৰ ওপৰত অসমীয়া হিন্দুৱে উপদ্ৰৱ কৰিব বুলি ফুচুলাই অসমীয়াৰ ভিতৰতে বিভেদ অশান্তি সৃষ্টি কৰি বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী ষড়যন্ত্ৰই অসমীয়াৰ ওপৰত আধিপত্য কৰাৰ পথ মুকলি কৰিব; আৰ্থিক, সামাজিক, ভাষিক, সাংস্কৃতিক জীৱন লুণ্ঠন কৰি অসমীয়াক দাসত্বৰ বান্ধোনেৰে বান্ধি ল’ব। তেনে অৱস্থা অসমীয়াই এজন জী থকালৈকে অসমত কেতিয়াও ঘটিব নিদিব।” (অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী, পৃষ্ঠা ৭৩৯)
উল্লেখযোগ্য যে ৰায়চৌধুৰীদেৱে সঁকীয়াই থৈ যোৱাৰ পাছতো অসমত তেনে অৱস্থা সৃষ্টি হৈছে। এনে প্ৰেক্ষাপটত অসমীয়া জাতিৰ বাবেই ন ন প্ৰত্যাহবান সৃষ্টি হৈছে।
কথা হ’ল, এই ভূ-খণ্ডত হেজাৰ বছৰীয় ঐতিহ্য, আহোম, কোঁচ, ডিমাছা ৰাজ্য ব্যৱস্থাৰ বুৰঞ্জীত পৰশ থকা অসমীয়াৰ এই সাবেক ভূমিত অসমীয়াই নিজকে কেনেদৰে বিকাশ কৰিব, সেয়াই অনাগত সময়ৰ বাবে নতুন দৃষ্টান্ত হৈ ৰ’ব। এই ক্ষেত্ৰত বিশ্বৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা ৰাষ্ট্ৰ সংঘৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ চনদ ২০০৭ আলোচনালৈ আহিব পাৰে। এই চনদে এক ভূখণ্ডত খিলঞ্জীয়া মানুহৰ অধিকাৰ কি কি পৰ্যায়ত থাকিব পাৰে, তাৰ খতিয়ান দিছে। সেইদৰে অসমৰ খিলঞ্জীয়া সংজ্ঞাৰ ব্যাখ্যা হেমকোষকে ধৰি অভিধান আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে ব্যক্তিত্বই আগবঢ়াই থৈছে। থলগিৰি বা থানগিৰিৰ কথাও অসম বুৰঞ্জীত পোৱা যায়। ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু সমকালীন ‘আসাম গেজেট’খনতো অসম চৰকাৰে খিলঞ্জীয়াৰ সংজ্ঞা বান্ধি ৰাখিছে। সেয়ে অসমৰ প্ৰেক্ষাপটত এই ভূখণ্ডত দীৰ্ঘদিন ধৰি বসবাস কৰা, ভাই-ককাইৰ দৰে ভূখণ্ডৰ ভূমি উমৈহতীয়াকৈ ভোগ দখল কৰা আৰু এক সমূহীয়া বুৰঞ্জী, উমৈহতীয়া সংস্কৃতিৰে লালিত-পালিত হৈ অহা অসমীয়াকে ধৰি আন আন খিলঞ্জীয়া লোকসকলে মাৰ বান্ধি কথাবোৰ চিন্তা কৰাৰ সময় সমাগত। তাহানিৰ স্বৰ্গদেউঘৰীয়া বৰমেলৰ দৰে বৰমেল পাতি এক উমৈহতীয়া সিদ্ধান্তত উপনীত হোৱাৰো চিন্তা কৰিব পাৰে। মুঠৰ ওপৰত নিজৰ সাবেক ভূমিত অসমীয়াই নিজৰ হক প্ৰতিষ্ঠা কৰাৰ মাজেৰেই অসমীয়া জাতিৰ আগত সময়ৰ কথাবোৰ নিৰ্ভৰ কৰিব।
অৱশ্যে খিলঞ্জীয়া অধিকাৰ প্ৰতিষ্ঠাৰ সমান্তৰালভাৱে প্ৰব্ৰজিত আন আন জনসম্প্ৰদায়ৰ মৌলিক মানৱ অধিকাৰ সুৰক্ষিত হোৱাটো কাম্য, অন্যথা যি ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া চনদ বাস্তৱায়িত কৰিব খোজা হ’ব, সেই ৰাষ্ট্ৰসংঘৰে মানৱ অধিকাৰ চনদ আৰু ক’ভনেণ্টসমূহ উলংঘা কৰাটো সমীচীন নহ’ব। কাজেই অসমীয়া মানুহৰ সামূহিক বৌদ্ধিক নেতৃত্বৰ ৰাজনৈতিক বিচক্ষনতা বা ষ্টেচ্মেনছিপৰ যোগেদিয়ে অসমীয়া মানুহৰ অহা দুশ বছৰৰ ইতিহাসৰ পথ নিৰ্মাণ হ’ব।
গ্ৰন্থপঞ্জী (‘দুশ বছৰীয়া অসম’ লেখাৰ ক্ৰম অনুসাৰে):
১. H K Barpujari (ed) Comprehensive History Of Assam, Vol IV, Guwahati, 2004
২. লক্ষ্মীনাথ বেজবৰুৱা, বেজবৰুৱা গ্ৰন্থাৱলী, সাহিত্য প্ৰকাশ, গুৱাহাটী, ১৯৮৮
৩. ড° ৰমেশ পাঠক, হীৰেন শইকীয়া (সম্পা), দৈৱচন্দ্ৰ তালুকদাৰ, কাম্য কামৰূপ, গুৱাহাটী, ২০১৪
৪. বাণী প্ৰসন্ন মিশ্ৰ, উত্তৰ-পূৰ্বীয় বাঙালিৰ আত্মানুসন্ধান, গুৱাহাটী ২০১১
৫. ইছমাইল হুছেইন, বৰাক উপত্যকাৰ অসমীয়াৰ ইতিহাস, ২০০৮
৬. ড° নিৰোদ কুমাৰ বৰুৱা (সম্পা), বৰদলৈৰ দিন লেখা, গুৱাহাটী, ২০০০
৭. মনোৰঞ্জন দাস, অসমীয়াৰ সংকট, জাতীয়তাবাদ, অসম চুক্তি আৰু লোকগণনা, গুৱাহাটী, ২০১৭
৮. হৰেকৃষ্ণ ডেকা, প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ, গুৱাহাটী, ২০১০
৯. হিৰণ্য কুমাৰ ভট্টাচাৰ্য, জীৱন বিচিত্ৰা, গুৱাহাটী, ২০০৩
১০. ড° মনোজ কুমাৰ নাথ, অসমৰ ৰাজনীতিত মুছলমান, নগাঁও, ২০১১
১১. হোমেন বৰগোহাঞি, ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে অসমৰ শেষ সংগ্ৰাম, অসমৰ চাহ উদ্যোগৰ অকথিত কাহিনী, দ্বিতীয় সংস্কৰণ, গুৱাহাটী, ২০১২
১২. মহেশ যোশী, অসম ভাৰতীয় সংঘাট, অনুবাদ: মুন বৰা, গুৱাহাটী, ১৯৯৮
১৩. Abu Nasar Saied Ahmed, Nationality Question In Assam, The ePW 1980-81 Debate Guwahati, 2006
১৪. ড° সত্যেন্দ্ৰ নাথ শৰ্মা (সম্পা), অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী, গুৱাহাটী, ২০০৩
❧ | আৰু পঢ়ক: