শ্রীহৰি শৰণম্
জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম।
তোহাৰি চৰণকু ৰেণু শত কোটি
বাৰেক কৰোহোঁ প্ৰণাম।।
স মাগত ভদ্র মহোদয়সকল, আইসকল আৰু অভ্যর্থনা সমিতিৰ সভ্যসকল, আপোনালোক সকলোৰে প্ৰতি মোৰ বিনীত নিবেদন এই যে আজি এই সভা মহাপুৰুষ শ্ৰীশংকৰদেৱৰ পঞ্চশততম জন্মোৎসৱ উপলক্ষে পাতিছে। এই সভাৰ উদ্দেশ্য হৈছে কালৰ প্ৰভাৱত মহাপুৰুষীয়া ধৰ্মৰ নানা বিশৃংখলা হোৱাত সেই বিশৃংখলা দূৰ কৰি পূৰ্বৰ যথাৰ্থ পথত পুনৰাই ধৰ্ম স্থাপন কৰিবলৈ ধীৰে-সুস্থে যত্নবান হোৱা। এনেহেন মহৎ সভাত মোৰ নিচিনা অযোগ্যজনক সভাপতি পতাত মই আচৰিত হৈছোঁ আৰু অপ্রস্তুত হৈছোঁ। এই কামৰ নিমিত্তে মই সম্পূৰ্ণৰূপে অযোগ্য। তথাপি অত্যন্ত ভয়ে ভয়ে জননী জন্মভূমি অসম তথা চিৰ সম্বন্ধীয়া হিন্দু সমাজৰ কল্যাণৰ অৰ্থে এই দুৰূহ কাৰ্যলৈ আগবাঢ়িছোঁ।
পীতাম্বৰ দেৱগোস্বামী
মহাপুৰুষীয়া ধৰ্ম
গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীয়ে ১৯৪৮ চনত বৰপেটাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱৰ পঞ্চশততম্ আৱিৰ্ভাৱ মহোৎসৱৰ ধৰ্মালোচনী সভাত দিয়া সভাপতিৰ অভিভাষণৰ পূৰ্ণপাঠ ‘মহাপুৰুষীয়া ধৰ্ম’ শীৰ্ষকেৰে পুনৰ প্ৰকাশ কৰা হৈছে।
বন্ধুসকল, পূর্বেও আমাৰ পূৰ্বপুৰুষ মহাত্মা বংশীগোপালদেৱলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰে আদেশ কৰি গৈছিল। মহাপুৰুষে তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱক কৈ গৈছিল— ‘গোপাল নামৰ ব্ৰাহ্মণ ল’ৰা এটা মোক বিচাৰি আহিব, কিন্তু তেওঁ মোক লগ নাপাই কিংকর্তব্যবিমূঢ় হ’ব। তেওঁক মোৰ আজ্ঞা শুনাই ক’বা— উজনি অসমৰ প্ৰজাসকলে আজিও হৰিভজনৰ উপায় নাপাই সকলোটি অজ্ঞান অন্ধকাৰতে বুৰ গৈ আছে। আহোম ৰাজ্যৰ অত্যাচাৰত মই ধৰ্ম প্ৰচাৰ কৰিবলৈ আগবাঢ়িব নোৱাৰিলো। গোপালক ক’বা, তেওঁ উজনি অসমলৈ যাব লাগিব আৰু জীৱ উদ্ধাৰৰ পথ দেখুৱাব লাগিব। এই ভাগৱত পুথিখন গোপাললৈ থ’লো, গোপাল আহিলে তুমি এই পুথিখন গোপালক দিবা আৰু আমাৰ আজ্ঞা শুনাবা।’ ভালেদিনৰ পাছত যেতিয়া বংশীগোপালদেৱ ভটিয়াই আহি মহাপুৰুষক লগ নাপালে, তেতিয়া বংশীগোপালদেৱ অত্যন্ত ব্যাকুল হ’ল। তাৰ পাছে মহাপুৰুষ মাধৱৰ মুখে এই বার্তা আৰু ভাগৱত পুথি পাইছিল। বংশীগোপালদেৱে মাধৱদেৱৰ মুখে আদেশ শুনি তাৰ কথা তেখেতৰ গুৰু দামোদৰদেৱৰ আগত প্ৰকাশ কৰিলে৷ তেতিয়া দামোদৰদেৱেও ক’লে— ‘এজন মানুহে এজন মানুহক হৰিভজনৰ উপদেশ দি এই সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰিলে যি মহাপুণ্য ফল পায়, তিনিওলোক (স্বর্গ, মর্ত্য, পাতাল) দান দিলেও তাৰ সমান ফল নাপায়। তেনেস্থলত তুমি গৈ অজ্ঞানত পৰি থকা লক্ষ লক্ষ জীৱ উদ্ধাৰৰ উপায় কৰিব পাৰিলে তাতকৈ মহৎ কৰ্ম কি আছে? মহাপুৰুষ শংকৰদেৱে যিটো কাম ভাল বুলি আজ্ঞা কৰি গৈছে, সেই কাম অতি উত্তম বুলি মইও সমৰ্থন কৰিছোঁ।’ বংশীগোপালদেৱে তেখেতৰ গুৰু দামোদৰদেৱেও মাধৱদেৱৰ কথাকে সমৰ্থন কৰা দেখি পুনঃ মাধৱদেৱৰ ওচৰলৈ গৈ সকলো কথা জনালে আৰু মাধৱদেৱে সকলো কথা শুনি আনন্দ প্রকাশ কৰি সোনকালে উজনি অসমত ধৰ্ম প্ৰচাৰ কৰিবলৈ যাবলৈ ক’লে। কিন্তু বংশীগোপালদেৱে এবাৰ তীৰ্থ ভ্রমণ কৰি আহিবলৈ বৰ আগ্ৰহ কৰাত তীৰ্থলৈ পঠালে আৰু তাৰ পৰা আহি উজনি অসমলৈ গ’লহি। বংশীগোপালদেৱৰ লগত সহায় স্বৰূপে যদুমণিদেৱক পঠাইছিল আৰু কেৱল যদুমণিদেৱকে লগত লৈ বংশীগোপালে বিধর্মী দেশবাসী আৰু বিধর্মী অত্যাচাৰী ৰজাৰ অত্যাচাৰৰ মাজেদি সৰকি অশেষ বাধা-বিঘিনিৰ মাজত ধৰ্ম প্ৰচাৰ কৰিছিল। ৰাজশক্তি এনে অন্যায় আৰু অত্যাচাৰী হৈছিল যে বংশীগোপালদেৱৰ ওপৰত প্ৰাণদণ্ডৰ আদেশ কৰিছিল। এবাৰ এবাৰকৈ আঠজন ব্ৰাহ্মণ ভকতক ‘এৱেঁই বংশীগোপাল’ বুলি আঠদফে বধ কৰিছিল। এসময়ত বংশীগোপালদেৱে কোনোমতে পলাই সাৰিব নোৱৰা যেন অৱস্থাত পৰাত ৰাজমন্ত্ৰী সুন্দৰ গোঁহাইৰ ঘৰত বোৱাৰী ছোৱালীৰ সাজ পিন্ধি এবছৰ লুকাই আছিল। এই প্ৰকাৰৰ নিদাৰুণ কষ্টৰ মাজেদি সৰকি উজনি অসমত বংশীগোপালদেৱে মহাপুৰুষৰ প্ৰৱৰ্তিত ভাগৱতী শুদ্ধ বৈষ্ণৱ ধৰ্ম বাহুল্যৰূপে প্ৰৱৰ্তাই দেশৰ পাপী-তাপীক উদ্ধাৰ কৰিছিল। বংশীগোপালদেৱে একাধিকবাৰ উজনি অসমৰ পৰা বৰ নাও ভৰা দি নানা দ্রব্য-সম্ভাৰেৰে বৰপেটা থানত আৰু পাটবাউসীত বৈষ্ণৱসকলক তুষ্ট কৰিছিল। এবাৰ মহাপুৰুষৰ নাতি বোৱাৰীয়েকৰ ঘৰ ভাগি যোৱাত ঘৰ কৰাই দিছিলহি। সেই বংশীগোপালদেৱেই উজনি অসমত মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম যথাৰ্থৰূপে বিলাই সেই ধৰ্মৰ জয় পতাকা উৰুৱাইছিল।
সেই বংশীগোপালৰে যথাৰ্থ উত্তৰাধিকাৰী কুৰুৱাবাহী আৰু গড়মূৰ সত্ৰৰ গুৰু পদবীধাৰী মহন্তসকলে কেবা পুৰুষলৈকে ভাগৱতী ধৰ্মৰ যথাৰ্থ বাহকৰূপে দেশত কৰ্তব্য কাম কৰি আহিছিল। কিন্তু কেইপুৰুষমানৰ পাছত আমালোকৰ পূৰ্বপুৰুষসকলো মহাপুৰুষৰ আদৰ্শৰ পৰা ভ্ৰষ্ট হ’লোহঁক। আমালোক গুৰু নামধাৰী লোকসকলেই মহাপুৰুষৰ পথেৰে অনুৱৰ্তী বুলি স্বীকাৰ কৰিও কাৰ্যস্থলত মহাপুৰুষৰ নামত কলংক সানিছোঁহঁক। ক্রমান্বয়ে আমালোক চাৰি সত্ৰীয়া নামধাৰীসকলে মহাপুৰুষৰ নামকে নুশুনা হ’লো আৰু মহাপুৰুষৰ লগত আমাৰ কোনো সম্পর্ক নাই বুলি আমালোকে নিজে নিজেই পাবতে গজালি মেলিলোহঁক। মইও সেই সকলৰে এজন প্ৰধান আছিলো আৰু মহাপুৰুষ শংকৰদেৱৰ নাম শুনিলে তিনি জাপ মাৰিছিলো। ভাগ্যে বা পূৰ্বজন্মৰ পুণ্যৰ ফলত মোৰ ভুল বুজিব পাৰি ক্ৰমে চিন্তা কৰি সুপথলৈ আহিলো। সেইবাবেহে আজি আপোনাসকলে এই অভাজনক মহাপুৰুষ শংকৰৰ ধৰ্ম আলোচনা কৰা হেন মহৎ কামলৈ আহ্বান কৰিব পাৰিছে। মহাপুৰুষসকলৰ পাৱৰ ধূলিৰো উপাসকসকলৰ পাৱৰ ধূলি বুলি এই অভাজনক উপলব্ধি কৰক। আপোনাসকলৰ আশীৰ্বাদ আৰু মহাপুৰুষসকলৰ পদৰেণুৰ প্ৰসাদত এই দুৰূহ কার্য সম্পাদন কৰিবলৈ আগবাঢ়িছোঁ। সকলো গুৰু আৰু সুধীসকলে আশীর্বাদ দিয়ক যাতে সমগ্ৰ অসমীয়া হিন্দুৰ কল্যাণৰ অর্থেই উপযোগী সার্বজনীন নিয়ম প্রণয়নত সাহায্য কৰিব পাৰোঁ। মোৰ দৃঢ় বিশ্বাস আৰু আশা আছে যে আপোনালোকৰ সহযোগত আমালোকে দেশত বিকৃত হোৱা ধৰ্ম পুনঃ সংস্কাৰ কৰিবলৈ সমৰ্থবান হ’মহঁক। সেই আশিস-বাণী শিৰত লৈ কাৰ্য ক্ষেত্ৰত নামিছোঁ।
ভদ্র মহোদয়সকল, আজি যে আপোনাসকলে মহাপুৰুষীয়া ভাগৱতী ধৰ্মৰ কিছু বিশৃংখলা ঘটা বাবে পুনঃ নতুনকৈ ধৰ্ম-সংস্কাৰ কৰিব লগা হৈছে বুলি বুজিছে, সেই ভাবটে৷ সম্পূর্ণ স্বাভাৱিক হৈছে আৰু তেনে কাম কৰা অত্যন্ত আৱশ্যকো হৈছে। পুৰণি হ’লে মুখে মুখে লৰচৰ হৈ ধৰ্ম আৰু জ্ঞান বিকৃত হয় বুলি প্রভু শ্রীকৃষ্ণই অৰ্জুনৰ আগত কোৱা কথা গীতাত লিপিবদ্ধ হৈ আছে। বুদ্ধদেৱে তপস্যাত সিদ্ধ হৈ ধৰ্ম প্ৰচাৰ কৰি থাকোঁতেই মুখান্তৰত পৰি জ্ঞান আৰু ধৰ্ম বিকৃত হৈছিল। বুদ্ধদেৱৰ তিৰোভাৱৰ পাছত অনেক জ্ঞানী ভিক্ষু একত্ৰ হৈ সংঘ স্থাপন কৰি অনেকবাৰ ধৰ্ম-সংস্কাৰ কৰিব লগা হৈছিল। কালৰ প্ৰভাৱত সকলো বস্তুৱেই বিকৃত হয়। গতিকে মুখে মুখে পৰিবৰ্তন হৈ ধৰ্ম আৰু জ্ঞানো বিকৃত হৈ পৰিল। গতিকে যেয়ে অসমীয়া সমাজ আৰু জাতিৰ মংগল কামনা কৰে, সেইসকলে মহাপুৰুষীয়া ধৰ্ম সংস্কাৰ নকৰাকৈ নোৱাৰে। বন্ধুসকল, মই বিশ্বাস কৰোঁ যে অসমত শ্ৰীশ্ৰীশংকৰদেৱ মহাপুৰুষৰ বাহিৰে আন কোনো জ্ঞানী পুৰুষেই শৰণ, ভজন, মালা, মন্ত্ৰৰূপ ভাগৱতী ভক্তিপথ প্ৰৱৰ্তোৱা নাছিল। তাৰ আগতে অসমত দুই-চাৰি লোক বিষ্ণু-উপাসক আছিল বুলি স্বীকাৰ কৰোঁ, কিন্তু সাৰ্বজনীনৰূপে বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক একমাত্ৰ মহাপুৰুষ শংকৰদেৱেহে প্ৰৱৰ্তালে। এনে হোৱা স্থলতো অসমীয়া সমাজৰ ভিতৰৰে কিছুমান মানুহে শংকৰদেৱৰ এই সম্পৰ্কীয় আলৌকিক প্রতিভা সহ্য কৰিব নোৱাৰি এনে অদ্ভুত মতবাদ প্রকাশ কৰিবলৈ লাগিল যে, ‘মহাপুৰুষ শংকৰে হেনো সেই জন্মত মুক্তি নাপালে। তাৰ পাছত তেখেতৰ শিষ্য-প্ৰশিষ্যৰ শিষ্য হৈহে হেনো মুক্তি পালে।’ আমাৰ অসমীয়া হিন্দু সমাজে এনেবোৰ অদ্ভুত কল্পনা কৰা দেখি মই আচৰিত নহৈ নোৱাৰোঁ। এনে হোৱাৰ প্ৰধান কাৰণ হৈছে যে অসমীয়া জাতিৰ এটা জাতীয় কলুষিত স্বভাৱ আছে। সেই স্বভাৱৰ লক্ষণ এইটো যে পৰৰ উৎকৰ্ষ সহ্য কৰিব নোৱাৰে। সেই দোষৰ বাবতে মহাপুৰুষ শংকৰদেৱ অলৌকিক প্রতিভাবান পুৰুষ হোৱা দেখি তেখেতক হীন বা নিকৃষ্ট প্রমাণিত কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। এই ভাবেৰে অনুপ্ৰাণিত হৈ এটা মত স্থিৰ কৰি পেলালে যে মহাপুৰুষ শংকৰে মুক্তি নাপালে। পাছত পুনৰাই জন্ম ধৰি এজন আতাৰ শিষ্য হৈহে মুক্তি পালে। বন্ধুসকল! এনেহেন উদ্ভুত কল্পনা আন দেশৰ লোকৰ মস্তিষ্কৰ পৰা নোলায়। অসমীয়া জাতি কানীয়া, সেই কানীয়াৰ মস্তিষ্কৰ পৰাহে এনে কল্পনা ওলাব পাৰিছে। যথার্থ বিচাৰত এইবোৰ মিছা গল্প। আপোনালোকৰ ওচৰত মোৰ বিনীত গোহাৰি যে মিছা গল্পত বিশ্বাস নকৰি সকলোৱে সেই যথার্থ কথালৈ আহে যেন। যিসকলে মহাপুৰুষ শংকৰৰ মতবাদ বিশ্বাস কৰে, সকলে যেন মিছা কল্পনা ৰাজ্যত নুফুৰে। মহাপুৰুষৰ ধৰ্ম সম্পূর্ণ গীতা-ভাগৱতৰ ধৰ্ম। যিসকল লোকে মহাপুৰুষে প্ৰৱৰ্তোৱা আৰু গীতা-ভাগৱতে নির্দেশ দিয়া ধৰ্ম আচৰণ নকৰে, সেইসকলক বা তেওঁলোকে মহাপুৰুষীয়া বুলি কোৱা যুগুত নহ’ব। বহুতে এই কথা মিছা বুলিব পাৰে, কিন্তু ঋষিসকলে কৈ গৈছে যে ‘যুক্তিহীন বিচাৰেণ ধৰ্ম হানিঃ প্রজায়তে।’ অর্থাৎ যুক্তিমতেহে সকলো চলিব লাগে, যুক্তি নামানি যুক্তিবিৰুদ্ধ পথেদি গ’লে ধর্ম হানিহে হ’ব। গতিকে সকলোৱেই যেন যুক্তিসংগত কথা মানে।
মোৰ এটা যুক্তি এইটো যে অসমত সার্বজনীনভাৱে বৈষ্ণৱ ধৰ্ম প্রবর্তক একমাত্র মহাপুৰুষ শংকৰদেৱেইহে। তেখেতেইহে আন দেৱ-দেৱী উপাসনাৰহিত কৰিবলৈ নিৰ্দেশ দি অসমত শুদ্ধ ভাগৱতী ধর্ম প্রবৰ্তাইছিল৷ যি গীতাত প্রভু শ্ৰীকৃষ্ণই সকলো মানুহলৈকে ‘সর্বধর্মান পৰিতাজ্য মামেকং শৰণং ব্ৰজ’ বুলি দৃঢ় স্বৰেৰে ঘোষণা কৰি গৈছিল, সেই মহাবাণী সাৰোগত কৰি সেই শৰণ প্ৰথাকে প্রথম আৰু প্ৰধান স্থান দি ‘শৰণ-ভজন-মালা-মন্ত্ৰ’ নামে চাৰিটা খাপেৰে উপাসনা প্ৰণালী প্ৰৱৰ্তাই গ’ল। তেখেতৰে প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱেও গুৰুৰ পদাংক অনুসৰণ কৰি সেই শৰণ-ভজনকে প্রধান স্থান দি গ’ল।
অসমত মহাপুৰুষীয়া আৰু দামোদৰীয়া দুটা মতবাদ থকা কথাটো যিসকলে কৈছে, সেই কথা একেবাৰে মিছা। দামোদৰদেৱৰ মতবাদ যদি পৃথক হয়, দামোদৰদেৱে যদি চৈতন্যদেৱৰ পৰাহে উপদেশ পাইছিল, তেনেহ’লে দামোদৰী পথত শৰণ প্ৰথা থাকিব নোৱাৰে। কিন্তু আজি কার্যক্ষেত্ৰত কি দেখা গৈছে? কাৰ্যক্ষেত্ৰত দেখা গৈছে যে দামোদৰীয়াসকলৰ ভিতৰতো শৰণ-প্ৰথা আছে। তেনেহ’লে স্বাভাৱিকতে প্রশ্ন উঠে যে তেখেতসকলে ‘শৰণ’ ক’ত পালে? চৈতন্যদেৱৰ উপাসনা প্ৰথাৰ মাজত শৰণ নাই। এই যুক্তিসংগত বিচাৰৰ একমাত্ৰ সদুত্তৰ হ’ব যে দামোদৰদেৱে চৈতন্যদেৱৰ ওচৰত উপদেশ লোৱা কথাটো মিছা। এইবিলাক যুক্তি মানি সকলো অসমীয়াই দামোদৰীয়া, মহাপুৰুষীয়াৰ মিছা কাল্পনিক ভেদ পৰিহাৰ কৰি সকলোটি এক হৈ যাব লাগে।
যিসকলে যুক্তি নামানে-নোবোলে, সেইসকলক আমি সম্প্রতি একো ক’ব নোখোজোঁ। বংগদেশৰ কোনো কোনো আধুনিক পুথিত সংহতি ভেদৰ কথা আছে; অর্থাৎ দেশৰ কোনো লোকে মহাপুৰুষসকলৰ তিৰোভাৱৰ পাছত এইবোৰ অস্বাভাৱিক আৰু অলাগতিয়াল কথা আনি আমাৰ ধৰ্ম পথত সুমাই লৈ আমাৰ পৱিত্ৰ ধৰ্ম আৰু সুগঠিত সমাজ একেবাৰে বিশৃংখল কৰি পেলালে। সেইবাবে আজি মহাপুৰুষৰ ধৰ্ম সিদ্ধান্ত সভাৰ পক্ষৰ পৰা মই সুদৃঢ়ভাৱে ঘোষণা কৰিছোঁ যে মহাপুৰুষীয়া ধৰ্মৰ মাজত মিছাকৈ টানি অনা সংহতি-ভেদ উঠাই দিয়া হওক।
মহাপুৰুষ শংকৰে হিন্দু সমাজৰ সকলো সম্প্ৰদায়ৰ পৰা ভক্তিভাব থকা লোক বাছি ভকত পাতি সেইসকলক লগত লৈ সদায় নাম-কীৰ্তনত প্ৰৱৰ্তিছিল। (*) মিৰিৰ শ্ৰীৰাম আতা আৰু নগা জাতিৰ ভিতৰৰ শ্রীনৰোত্তম আতা— এই দুজনেও মহাপুৰুষৰ লগত ঠাই পাইছিল। আনকি এজন মুছলমানকো ধর্ম উপদেশ দি ভকত পাতি ভক্ত সকলৰ সংগত ঠাই দিছিল। কিন্তু মহাপুৰুষসকলৰ তিৰোভাৱৰ পাছত অসমীয়া হিন্দু সমাজ যে আগবাঢ়ি নগ’লেই, বৰঞ্চ মহাপুৰুষৰ ধৰ্মধাৰী অসমৰ গুৰুসকলে গীতা-ভাগৱতৰ পৰা মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তোৱা বিশুদ্ধ মত অমান্য কৰি নিজৰ মনেৰে পতা অলীক ধৰ্মকে সত্য ধৰ্ম বুলি প্রবৰ্তাই গোটেই অসমীয়া জাতিৰ মহা অনিষ্ট সাধিলে। এই অৱস্থাত যিসকলে দেশ তথা জাতিৰ হিত চিন্তা কৰে, সেইসকলে অসমীয়া সমাজৰ প্ৰধান ধৰ্মৰ মাজত প্ৰচলিত হোৱা ঠগ-প্ৰৱঞ্চনা দূৰ কৰিবলৈ বদ্ধপৰিকৰ হ’বই লাগিব।
অতীত ৫/৬ শ বছৰৰ আগৰ সময়ছোৱাত ভাৰতবৰ্ষ গোটেইখনতে ধৰ্মৰ গ্লানি হৈছিল। সেই সময়ত অসম প্রদেশতো নানাবিধ অনাচাৰ-ব্যভিচাৰৰ সোঁত বৈছিল। তেনে দুৰ্যোগৰ ভিতৰতে ১৩৭১ শকৰ আহিনৰ শুক্লা দশমী তিথিত মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। শংকৰদেৱ ভাৰতৰ আন অৱতাৰী পুৰুষসকলৰ দৰে কেৱল ধৰ্ম প্ৰৱৰ্তক বা ধর্মসংস্কাৰকেই নাছিল, তেখেত অসমীয়াৰ ভাষা, সাহিত্য, সমাজৰ নীতি-নিয়ম, শিক্ষা, শিল্প, সুকুমাৰ কলা, নৃত্য, নাট্য-বাদ্য-যন্ত্ৰ আদি বিদ্যাৰ প্ৰৱৰ্তক আছিল। আজি অসমীয়া হিন্দুৰ প্ৰধানতম সংস্কৃতিমূলক বস্তু নামঘৰ-মণিকূট, যাৰ মাজত পঞ্চায়তী প্ৰথাৰে সমাজ-শাসনৰ নিয়ম চলাইছিল, সেই নামঘৰ-মণিকূটৰ প্ৰৱৰ্তক আছিল সেই মহাপুৰুষ শংকৰদেৱেই। সমগ্র দেশবাসীক এক ধর্মী, এক মতাৱলম্বী কৰিবলৈ এক শৰণ ভাগৱতী মত প্ৰৱৰ্তাই কলিযুগৰ পৰম ধৰ্ম নাম-কীৰ্তনত সকলোকে নিযুক্ত কৰি গৈছিল। মহাপুৰুষৰ অলৌকিক অন্তৰ্দৃষ্টিৰে অসমীয়া জাতিক এক অবিভাজ্য আৰু সৰ্বাংগসুন্দৰ জাতিৰূপে গঢ়িবলৈ সুপথ লগাই থৈ গৈছিল। জাতিৰ ভেদভাৱ দূৰ কৰিবলৈ ব্রাহ্মণ আৰু শূদ্র উভয়কে মিলাই সংগী সুহৃদ পাতি সমশ্ৰেণীৰ মহন্ত পাতি থৈ গৈছিল ৷ কিন্তু যিসকল ধর্মাচার্যই মহাপুৰুষ শংকৰক ঈশ্বৰৰ অৱতাৰ বুলি মন্তব্য আৰু সেৱা নমস্কাৰ কৰে, সেইসকল ধর্মাচাৰ্য আৰু তেখেতসকলৰ উত্তৰাধিকাৰীসকলে শংকৰদেৱৰ মতবাদ অৱজ্ঞা কৰি সমাজখন শতধা প্ৰকাৰে ছিন্ন-বিচ্ছিন্ন কৰিলে। সেই নিমিত্তেই সমাজত নানা বিশৃংখলা উদ্ভৱ হ’ল। সেইবাবেই বিদেশী ধৰ্ম প্ৰচাৰকসকলে সনাতন ধৰ্মৰ নানা কুৎসা ৰটনা কৰিবলৈ আৰু ধৰ্মৰ অপব্যাখ্যা কৰিবলৈ ছল পালে। যি ভাগৱতী এক শৰণ ধর্মমতৰ মাজত অস্পৃশ্যতাৰ কোনো স্থল নাছিল, সেই অস্পৃশ্যতাবাদেই আজি আমাৰ ধৰ্মৰ মাজত প্ৰধান নীতি বুলি পৰিগণিত হ’ল। সেই অস্পৃশ্যতা দোষ মহাত্মা গান্ধীয়েও হিন্দু জাতিৰ মহাশত্ৰু বুলি অভিহিত কৰি তাক নির্মূল কৰিবলৈ তেখেতৰ সর্বশক্তি প্রয়োগ কৰি বহু পৰিমাণে অগ্ৰসৰ হয় আৰু তেখেতৰ অনুৱৰ্তী কংগ্রেছ মহাসভাকো এই কামত আত্মনিয়োগ কৰাই থৈ গৈছে।
জগতৰ অন্যান্য স্বাধীন দেশৰ মনীষীসকলেও অস্পৃশ্যতা প্ৰণালীটো এটা পাপ বুলি মানে। এনেহেন সর্বজন বিগর্হিত যি অস্পৃশ্যতাবাদ মহাপুৰুষ শংকৰে গীতা-ভাগৱতৰ ধর্মনীতিৰে দূৰ কৰিছিল, অসমৰ ধৰ্মগুৰসকলে সেই দুর্নীতিকে সুনীতি বুলি আঁকোৱালি ধৰি মহাপুৰুষ শংকৰদেৱৰ বিৰোধিতা কৰি গোটেই দেশতে অস্পৃশ্যতা পাপ পুনঃ প্রতিষ্ঠিত কৰিলে। মদৰ মহল লোৱা বা মদ্য পান কৰা ব্ৰাহ্মণ হ’লে অস্পৃশ্য নহয়, কিন্তু শূদ্ৰসকলৰ লগৰে কিছুমানক হীন শূদ্র পাতি অস্পৃশ্য কৰিলে। সেইসকল শূদ্ৰ আচাৰ-নীতি, জ্ঞান, ভক্তি, উপাসনাত ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ হ’লেও অস্পৃশ্য হৈ থাকিব বুলি নিয়ম কৰিলে। এই প্ৰকাৰে আমালোক তথাকথিত ধৰ্মাচাৰ্যসকলৰ দোষতে মহাপুৰুষ শংকৰদেৱৰ প্ৰৱৰ্তিত ভাগৱতী ধৰ্ম বিকৃত হৈ পৰিল। আজিৰ এই ধৰ্ম সভাত দেশৰ পৰা অস্পৃশ্যতা পাপ সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ সকলোটি কৃতসংকল্প হ’ব লাগিব।
মহাপুৰুষ শংকৰদেৱে তেখেতৰ প্ৰৱৰ্তিত ভাগৱতী ধর্ম সম্পূৰ্ণৰূপে সাম্যনীতিৰ ওপৰত প্ৰতিষ্ঠা কৰিছিল। সেইবাবে মহাপুৰুষে ধৰ্মাচাৰ্য পদত নিজৰ পুত্ৰ বা ভতিজা, ভাই, ভাগিন আদিকে প্রতিষ্ঠা নকৰি ধৰ্ম জ্ঞান আৰু সাধনাত আৰু ঈশ্বৰ ভক্তিত যেয়ে শ্ৰেষ্ঠ হৈছিল, সেইসকলকে ধর্মাচার্য পাতিছিল। মহাপুৰুষৰ আদৰ্শ মানি দামোদৰদেৱ, মাধৱদেৱ, বংশীগোপালদেৱ— এই সকলেও নিৰপেক্ষভাৱে যোগ্যবান লোকক ধৰ্মৰ উত্তৰাধিকাৰী পাতি দি গ’ল। কিন্তু তাৰ পাছৰ সকলো গুৰুয়েই নিজৰ বংশৰ আৰু নিজ পো, ভাই, ভতিজা আদিক ধৰ্মৰ উত্তৰাধিকাৰী পাতি পূৰ্বৰ যোগ্যবান লোকক ধর্মাধিকাৰ পতাৰ সলনি অযোগ্য আত্মীয়-স্বজনক ধর্মাধিকাৰ পতাৰ নিয়ম লগাই ল’লে। সেইবাবে অযোগ্যজনৰ ওপৰত ধৰ্মৰ ভাৰ পৰি ধৰ্ম পথ আৰু ধৰ্ম স্থানসমূহ কলুষিত হৈ পৰিল। ধর্মাচাৰ্যসকল আদর্শভ্রষ্ট হোৱা দেখি দেশৰ শিক্ষিত আৰু শিক্ষাভিমানী লোকসকল প্রায় অধিকাংশই ধর্মাধিকাৰ আৰু ধৰ্মস্থানৰ সংশ্ৰৱৰ পৰা ক্ৰমে আঁতৰ হৈ যাবলৈ ধৰিলে। গুৰুসকলে মহাপুৰুষীয়া ধৰ্মৰ বিকৃত অৰ্থ কৰিবলৈ শিকিলে। ব্ৰাহ্মণ আৰু গুৰু সকলোৱেই নিজৰ ক্ষুদ্র ক্ষুদ্ৰ স্বাৰ্থৰ খাতিৰত ধৰ্মৰ নিয়ম বহুত পৰিৱৰ্তন কৰিলে।
অসমত মহাপুৰুষসকলৰ তিৰোভাৱৰ পাছত পৰৱৰ্তী গুৰুসকলে ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিবৰ নিমিত্তে নিজৰ কৰ্তব্য কাম অলপো নকৰিলে। যি যি ঠাইত কোনো সম্প্ৰদায়ৰ মাজত অলপ চেষ্টা কৰা দেখা গৈছিল, সেই চেষ্টাও দেশত ধর্মভাব বৃদ্ধি হওক বুলি কৰা নাছিল, নতুন শিষ্য কৰি লৈ সিহঁতৰ পৰা সৰহীয়াকৈ কৰ-বৰঙণি পোৱাৰ আশাতেহে তেনে যত্ন কৰা হৈছিল। অসমৰ গুৰুসকলে পৰৱৰ্তী কালত নিজৰ কৰ্তব্য সুচাৰৰূপে পালন কৰা হ’লে অসমৰ লক্ষ লক্ষ পাহাৰী ভাইসকল খৃষ্টান হ’বলৈ নেপালেহেঁতেন আৰু তেওঁলোকে আজি ‘আমালোক অসমীয়া নহওঁ’ আৰু ‘আমালোক হিন্দুৰ লগত মিল নহওঁহঁক’ বুলি মন্তব্য প্রকাশ নকৰিলেহেঁতেন। গুৰুসকলে নিজ কর্তব্য কৰা হ’লে আজি পাঁচশ বছৰে অসমৰ পৰ্বত-ভৈয়াম সকলো ঠাইতে থকা তাৱৎ জনসাধাৰণ অসমীয়া হিন্দু বুলি পৰিগণিত হ’লহেঁতেন।
অতীত কালত যিসকল ধৰ্ম গুৰুক ধাৰ্মিক ৰজাসকলে হাজাৰ হাজাৰ পুৰা জমি নিষ্কৰকৈ দান কৰিছিল, জমিৰ উপাৰ্জনেৰে গুৰুসকলে মূৰ্তিৰ সেৱা-পূজা, নাম-কীর্তন আদি কৰি জীৱন যাত্রা নির্বাহ কৰিব বুলি আশা কৰিছিল, সেইসকল গুৰুৱে নিজৰ একোকে কর্তব্য নকৰি কেৱল জমিদাৰীহে পাতি লৈছে। এই অভাজনে আজি দুবছৰ মিকিৰ পাহাৰত নানা দুখ-দুৰ্গতি ভোগ কৰি ফুৰিছোঁ। তাত মিকিৰৰ মুখৰ পৰা সমিধান পাইছোঁ যে ‘আমি যদি মিকিৰৰ ৰীতি-নীতি এৰি অসমীয়া হিন্দুৰ নীতি মানি লওঁ, তেনেহ’লে জানো হিন্দুসকলে আমাক চুব, আমাক জানো অসমীয়া হিন্দুৰ ঘৰলৈ সোমাবলৈ দিব?’ আৰু কয় যে ‘আমাৰ লগত হিন্দুসকলে ভাল ব্যৱহাৰ কৰাৰ আশা নাই, গতিকে আমালোকে পূৰ্বৰ দৰেই অসমীয়া হিন্দুৰ পৰা আঁতৰি থকাই ভাল।’ বন্ধুসকল, মিকিৰ ভাইসকলৰ এনে বিধৰ যুক্তিসংগত কথাৰ আমি কি উত্তৰ দিম? এইদৰে আমালোকে পাহাৰী ভাইসকলৰ পৰা আঁহফলা উত্তৰ পোৱাৰ ঘাই কাৰণ হৈছে অতীতৰ শত শত বছৰতো অসমৰ গুৰুসকলে নিজৰ কৰ্তব্য কাম নকৰাটোৱেই। দ্বিতীয় কাৰণ হৈছে খৃষ্টানৰ ফুচুলনি, খৃষ্টানসকলে অলপমান সঁচা, অধিকাংশ মিছা কথা কৈ পাহাৰী ভাইহঁতক ফুচুলোৱাটো। এই দুটা কাৰণে পাহাৰী ভাইসকল আমালোক অসমীয়া হিন্দুৰ পৰা আঁতৰি যাব লাগিছে। তথাপি অসমৰ গুৰুসকলৰ অন্তঃকৰণত নিজৰ কৰ্তব্য বুদ্ধি উন্মেষিত নহ’ল।
বন্ধুসকল, আৰু এটা অতি জটিল সমস্যা আমালোকৰ আগত উপস্থিত হৈছে। সেইটো হৈছে এই যে বৃটিছৰ ধৰ্ম ভাব সম্পৰ্ক নথকা, ইহকাল-সর্বস্ব শিক্ষা গ্ৰহণ কৰি ভাৰতীয় হিন্দুসকল একেবাৰে বৰ্হিমুখী আৰু নাস্তিকবাদী হৈ পৰিল। ব্ৰাহ্মণৰ ল’ৰাই সন্ধ্যা, গায়ত্রী, জপ, বেদ পাঠ একেবাৰে পৰিত্যাগ কৰিলে। ব্ৰাহ্মণৰ আদৰ্শকে লৈ দেশৰ ইতৰ প্ৰায় শিক্ষিত লোকেই ধৰ্ম বুলিলেই নাসিকা কুঞ্চিত কৰা হ’ল। অতি পৰিতাপৰ কথা এইটোৱেই যে একেখন স্কুল-কলেজতে হিন্দু, মুছলমান, খৃষ্টান, বৌদ্ধ, শিখ সকলোৱেই একে নিয়মে একে বিষয়কে পঢ়ে; কিন্তু আন সকলোৱেই নিজ নিজ ধৰ্মত অবিচলিত হৈ থাকে আৰু আছে, মাত্ৰ দুৰ্ভগীয়া হিন্দু কেইটাহে— বিশেষকৈ অসমীয়া হিন্দুৱে ধর্ম বিষয়ৰ নীতি-নিয়মখিনি বলিয়াৰ বলিয়ালি বুলিহে মন্তব্য কৰিবলৈ শিকিছে। যি মহাপুৰুষ শংকৰে গীতা শাস্ত্ৰৰ বাণী অনুসাৰে দেশবাসীৰ মাজত শৰণ-প্রথা প্রৱৰ্তাইছিল, যি প্ৰথাক বৈজ্ঞানিক বিচাৰসম্পন্ন লোকে বিচাৰ কৰিও সমর্থন কৰিবলগীয়া হ’ব, তেনেহেন শৰণ প্ৰথাক বিসর্জন দিছে। এই প্ৰকাৰে ধৰ্মহীন হৈ আজি গোটেই অসম প্ৰদেশৰ জনসাধাৰণ দুৰ্নীতিপৰায়ণতাৰ চৰম সীমালৈ নামি গৈছে। সমাজত সার্বজনীনভাৱে ধৰ্ম-শিক্ষা দিব নোৱাৰিলে কোনো স্বাধীন ৰাষ্ট্ৰৰ গভর্ণমেণ্টে সকলো বিধৰ কঠোৰ আইন প্রবর্তালেও এই দুৰ্নীতি দূৰ কৰিব নোৱাৰিব আৰু আমালোকে বহু কালৰ মূৰত পোৱা স্বাধীনতাও ৰক্ষা নহ’ব। প্ৰজাবৰ্গক ধৰ্মশিক্ষা দিবলৈ আমালোকৰ গুৰুসকল বহির্মুখী। তেনেস্থলত কোনে প্রজাবৰ্গক শিক্ষা দিব? হিন্দু জনসাধাৰণৰ যিসকল নেতা, তেখেতসকলে হিন্দু বুলিবলৈকো শৰণ-ভজন আদিৰ পৰা বাহিৰ, মাত্ৰ মাজতে লোধোম। এনে লোধোমৰ নেতৃত্বত দেশৰ যি অৱস্থা হ’ব পাৰে, সেয়ে হৈছে আৰু হ’বও। আমালোকে লক্ষ্য কৰিছোঁ যে এনে অনেক শিক্ষিত লোকে বিদেশীৰ চমৎকাৰ বক্তৃতাত ভোল গৈ বাহিৰৰ অপৰিচিত লোকৰ কিম্ভুত-কিমাকাৰ ধৰ্ম মতকে মহাপুৰুষ শংকৰদেৱৰ প্ৰৱৰ্তিত ভাগৱতী ধর্মতকৈও শ্রেষ্ঠ মত বুলি আঁকোৱালি ধৰিছে। অনেকে মহাপুৰুষ শংকৰদেৱৰ মততকৈ বংগদেশৰ অনুকূল চক্ৰৱৰ্তীৰ মত শ্ৰেষ্ঠ বুলি মানি সেই মত গ্ৰহণ কৰিছে আৰু অসমত আশ্রম পাতিবলৈ সুবিধা দিছে। বৰ্তমানৰ যিসকল শিক্ষিত লোকে মহাপুৰুষ শংকৰৰ শৰণ-ভজন আদি উপাসনা পদ্ধতি উৎকৃষ্ট বা নিকৃষ্ট বুলি মন্তব্য প্রকাশ কৰিবলৈ যায়, সেইসকলে চীনাজোকে ব্ৰহ্মপুত্ৰ নদীৰ পানী কিমান দ তাক জুখিবলৈ যোৱাৰ নিচিনা হৈছে। সিসকলৰ মহাপুৰুষৰ ধৰ্ম জুখিবৰ যোগ্যতা নাই। দুখৰ বিষয়, আমাৰ শিক্ষিত সমাজে বোধকৰোঁ এইবিলাক কথা দকৈ ভাবি চোৱা নাই। বর্তমান শিক্ষিত সমাজে ভাবে যে আজি-কালি ধর্ম শিক্ষা ল’বলৈ যোগ্যবান গুৰু নাই। সেইবাবে তেখেতসকলে শৰণ আদি ল’ব নোখোজে। কিন্তু তেখেসকলে নাভাবে যে ভাগৱতী ধৰ্মত গুৰুৰ যোগ্যতাৰ বিচাৰ বিশেষ লাগতিয়াল নহয়। তান্ত্রিক পথত বা যোগ পথত সৎগুৰু বা সিদ্ধগুৰুৰ আৱশ্যকতা আছে। কিন্তু ভাগৱতী বৈষ্ণৱ ধৰ্মত সম্পূৰ্ণ আজ্ঞাপৰ নীতি চলি আহিছে। পৰমেশ্বৰ নাৰায়ণে ব্ৰহ্মাক কৈছিল, ব্ৰহ্মাই নাৰদক কৈছিল, নাৰদে ব্যাসক কৈছিল, ব্যাসে শুকদেৱক সেই শাস্ত্ৰ পঢ়ালে, পৰীক্ষিতক শুকে ক’লে, তাতে অনেক ঋষি-মুনিয়ে শুনিলে আৰু ক্ৰমে সুতেও শুনিলে। সুতৰ মুখৰ পৰা শৌনক আদি মুনিসকলে শুনিলে আৰু ক্ৰমে জগতত প্ৰচাৰ হ’ল। সেই ভাগৱতী ধৰ্ম যিসকলে স্বীকাৰ কৰে, তেখেতসকলে ভাগৱতৰ মতকো স্বীকাৰ কৰিব লাগে। যিসকলে উপদেশ দিয়ে, তেখেতসকলেও শুদ্ধ ভাগৱতী ধর্মকে উপদেশ দিয়ে। ভাগৱত শাস্ত্ৰ আজিলৈকো পৰিৱৰ্তন হোৱা নাই। এই ভাগৱতৰ ধৰ্মকে আজ্ঞাপৰ ভক্তি বোলে। গতিকে তাত সৎ গুৰু বা অসৎ গুৰুৰ বিচাৰৰ স্থল নাই। মাত্র বিচার্য বিষয় এইফেৰাই আছে যে মহাপুৰুষ শংকৰে যি প্ৰকাৰে চাৰিখন শাস্ত্ৰৰ পৰা, গীতাৰ মতে শৰণ, ভাগৱতৰ মতে ভজন আৰু বিষ্ণুৰ সহস্ৰ নামৰ পৰা মন্ত্ৰ অৰ্থাৎ চাৰি নাম, এইকেইটা শাস্ত্র অনুসাৰে ঠিক হৈ আছেনে নাই তালৈহে লক্ষ্য কৰিব লাগে। মহাপুৰুষ মাধৱদেৱে তেখেতৰ ঘোষা শাস্ত্ৰত এই কথাকে সমর্থন কৰি লিখি গৈছিল যে— ‘শাস্ত্ৰ গুৰু সৱে, শিষ্যক কৃপায়ে, শুদ্ধ উপদেশ দিব। শিষ্যসৱে শুদ্ধভাবে নাচৰিলে, তাৰাসৱে কি কৰিব।’ গতিকে এই ধর্ম মতে সাধকে শুদ্ধভাৱে আচৰণ কৰিলেই সিদ্ধি হ’ব পাৰিব। অসমৰ ধৰ্মগুৰুসকলৰ যি যিসকল মহাপুৰুষৰ আদৰ্শৰ পৰা ভ্ৰষ্ট হোৱা নাই, সেইসকল গুৰুৰ পৰা শৰণ আদি উপদেশ ল’লেই অসৎ গুৰুৰ পৰা অসৎ শিক্ষা পোৱাৰ ভয় নাথাকে। তেনেস্থলত আমাৰ শিক্ষিতসকলে বিদেশীৰ বিজতৰীয়া ভক্তি ল’বলৈ কিয় যাব খোজে মই তাৰ কাৰণ বিচাৰি নাপাওঁ। অৱশ্যে সেই লগতে আমালোক গুৰুসকলৰ গাতো দোষ নথকা নহয়। অনেক গুৰুৱে মহাপুৰুষ মত বিসর্জন দি নিজৰ মনে পতা ধর্ম মত উলিয়াই মহাপুৰুষীয়া ধৰ্ম বিকৃত কৰি পেলালে। সেইবাবেই বোধহয় শিক্ষিত সমাজৰ অন্তৰত ধৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস কমি গৈছে। এতিয়া গুৰুসকলে শুদ্ধ ভাগৱতী ধৰ্মৰ অৰ্থ বুজাব পাৰিলে শিক্ষিত সমাজৰ ধৰ্মৰ প্ৰতি আগ্ৰহ জন্মিব।
এতিয়া আমাৰ সমাজৰ কল্যাণ সাধিবলৈ হ’লে প্ৰথমে মহাপুৰুষৰ প্ৰৱৰ্তিত ধৰ্মৰ মাজত যিবিলাক বিশৃংখলা উদ্ভৱ হৈছে, সেই বিশৃংখলা দূৰ কৰিব লাগে। এই কথা মই বহুত দিনৰ পৰা চিন্তা কৰি আহিছোঁ আৰু শ্ৰীযুত ৰমাকান্ত মোক্তাৰ আতৈৰ লগত আলোচনাও কৰিছোঁ। ধৰ্মৰ মাজত সোমোৱা বিশৃংখলা দূৰ কৰিবৰ আশা কৰিহে শংকৰদেৱৰ পৱিত্ৰ নামেৰে সংঘ প্রতিষ্ঠা কৰিছোঁহঁক। আপোনাসকলে মহাপুৰুষীয়া ধৰ্মৰ মাজৰ বিশৃংখলা দূৰ কৰিবৰ উদ্দেশ্যে সময়োপযোগী শাস্ত্রানুমোদিত আৰু যুক্তিসংগত সিদ্ধান্তত উপনীত হ’ব পাৰিব বুলি ভাবি আনন্দ পাইছোঁ। কোনো লোকৰ বা সম্প্ৰদায়ৰ ওপৰত আক্রোশ ভাব লৈ এই ধৰ্ম সংস্কাৰ কৰিব খোজা নাই। ধর্ম বিকৃত হোৱা বাবে অসমীয়া সমাজৰ অনেক হানি আৰু অনেক অৱনতি ঘটাত সমাজৰ সেই অৱনতি দূৰ কৰিবলৈহে মহাপুৰুষৰ প্ৰৱৰ্তিত ভাগৱতী ধৰ্ম সংস্কাৰ কৰিবৰ আৱশ্যকতা উপস্থিত হৈছে। মোৰ জ্ঞান-বুদ্ধি আৰু ধৰ্ম বিশ্বাসেৰে যি যুক্তিসংগত বুলি ভাবিছোঁ, তাকে অসমীয়া হিন্দু সমাজ আৰু জন্মভূমিৰ কল্যাণৰ অৰ্থে তলত লেখামতে সিদ্ধান্ত ঘোষণা কৰা হ’ল।
(১) সমগ্ৰ অসমত শংকৰদেৱৰ প্ৰৱৰ্তিত একশৰণ মহাপুৰুষ ভাগৱতী ধৰ্ম গ্ৰহণকাৰী গুৰুসকলে একে প্রণালীৰে শৰণৰ প্ৰথা প্ৰৱৰ্তাব লাগে। এই মহৎ কাম সাধন কৰিবলৈ যদি গুৰুসকল সন্মত নহয়, তেনেহ’লে গুৰুসকললৈ অপেক্ষা নকৰি ৰাইজেই সন্মিলিত হৈ এই কাম সম্পাদন কৰিব লাগিব।
(২) মহাপুৰুষ শংকৰে প্ৰৱৰ্তোৱা শুদ্ধ ভাগৱতী ধৰ্মৰ মাজত কোনো সংহতি ভেদ নাছিল, যেনে— পুৰুষ সংহতি, ব্রহ্ম সংহতি, কাল সংহতি, নিকা সংহতি আদি। এই চাৰি সংহতি কল্পনা কৰি লৈছে, সেই কল্পনা যুক্তিহীন, গতিকে মিছা। মহাপুৰুষে চাৰিপ্ৰকাৰে ভক্তি বিভাগ কৰা নাছিল, গীতাৰ শৰণ, ভাগৱতৰ ভজন, তাৰ মাজত আকৌ ভেদ হ’ব কেনেকৈ? সুতৰাং এই কল্পনা পৰিত্যাগ কৰিব লাগে।
(৩) মহাপুৰুষসকলে প্ৰথমতে ধর্ম প্রৱর্তাওঁতে যিসকল লোকক নিজ স্থানৰ উত্তৰাধিকাৰী পাতিছিল, সেই উত্তৰাধিকাৰী নিজৰ ভাতৃ, পুত্র, ভতিজা আদি আত্মীয়-স্বজনক পতা নাছিল। ধর্ম জ্ঞান সাধনা আদিত যাকে শ্রেষ্ঠ বা উপযুক্ত দেখিছিল, সেইসকলকহে উত্তৰাধিকাৰী পাতিছিল। কিন্তু তাৰ পৰৱৰ্তী কালত গুৰুসকলে নিজৰ পো, ভাই আদিক উত্তৰাধিকাৰী পাতিবলৈ নিয়ম লগাই ল’লে। এইপ্ৰকাৰে ধৰ্ম প্ৰৱৰ্তকসকলৰ সাধনালব্ধ যোগ্যতা লুপ্ত হ’ল আৰু সকলো ধৰ্মস্থানতে অযোগ্য লোকৰ ওপৰত ধৰ্ম প্ৰৱৰ্তনৰ ভাৰ পৰাত সমাজৰ সু ৰীতি-নীতি ধ্বংস হ’ল। এতিয়া সকলো গুৰুৱে নিজৰ ভাই-ভতিজা আদিক ধর্মাধিকাৰৰ পদ দিয়াৰ নিয়ম পৰিত্যাগ কৰি ধৰ্মজ্ঞান আদিত যেয়ে উপযুক্ত, তাকে উত্তৰাধিকাৰী পতা নিয়ম সকলোৱেই মানি ল’ব লাগে।
(৪) সমগ্র হিন্দু জাতিৰ কল্যাণৰ অৰ্থে হিন্দু সমাজত জন্মগত জাতিভেদ প্রথা ৰহিত কৰি কৰ্মগত জাতিভেদৰ নিয়ম প্ৰৱর্তাব লাগে। এই সম্পৰ্কে ভাগৱতৰ সপ্তম স্কন্ধৰ এঘাৰ অধ্যায়ৰ পঁয়ত্রিশ শ্লোকত থকা দেৱৰ্ষি নাৰদৰ বাণীয়েই যথেষ্ট প্রমাণ বুলি গণ্য কৰা হওক। তাত বাজেও শ্রীমদ্ভাগৱদ্ গীতাত প্ৰভু শ্ৰীকৃষ্ণই কোৱা বাণীও সাৰোগত কৰি লোৱা হওক। এই দুই প্ৰমাণৰ ওপৰতে নিৰ্ভৰ কৰি জন্মগত জাতিভেদ পৰিহাৰ কৰি কর্মগত জাতি ভেদ মানি ল’বলৈ সকলো গুৰু আৰু ৰায়ত সন্মত হওক।
(৫) সমাজৰ ভিতৰত থকা আহোম, কছাৰী, চুতীয়া, কোচ, কলিতা আদি সকলক ক্ষত্রিয় বুলি গণ্য কৰা হওক। সমাজত পাছ পৰি থকা মিৰি-দেউৰী, লালুং আৰু পাহাৰত বাস কৰা সকলো জাতিকে ক্ষত্রিয় কুলত প্রতিষ্ঠা কৰিবলৈ সন্মত হৈ সকলো পাহাৰী ভাইসকলৰ মাজত সৎ শিক্ষা আৰু সদাচাৰ নীতি শিক্ষা দি ক্ষত্ৰিয়ৰূপে গঢ়ি তোলা হওক। যিসকলে বেপাৰ-বাণিজ্য, পশু-পালন আদি উপজীব্যৰে জীৱন নিৰ্বাহ কৰিছে, সেই সকলক বৈশ্য জাতি বুলি ধৰা হওক। যিসকলে আলস্যৰ বশৱৰ্তী হৈ অলপ খাটি অলপ উপাৰ্জনেৰে দুখে-কষ্টে কাল নিয়ায়, সেই সকলকে শূদ্ৰ বুলি ধৰা হওক। যিসকল চোৰ, বঞ্চনাকাৰী, পৰহিংসুক, নিষ্ঠুৰ তাকে হীন জাতি বোলা হওক।
(৬) ব্ৰাহ্মণৰ সন্তানে মাছ, মাংস, কানি, ভাং, মদ বিক্ৰী কৰিব নোৱাৰিব। তেনে কাম কৰিলে সেইসকল ব্রাহ্মণ ব্রাহ্মণত্বৰ পৰা পতিত হ’ব। কোনো ব্রাহ্মণ পতিত হ’লেও তেওঁৰ পুত্র-কন্যাসকল সৎ স্বভাৱী হলে তেওঁলোক ব্ৰাহ্মণ বুলি গণ্য হ’ব। সকলো ব্রাহ্মণে হাল বাব পাৰিব, কিন্তু প্রতিদিনে সন্ধ্যা নাম-কীৰ্তন কৰিব লাগিব। চাৰিও বৰ্ণৰ ভিতৰত পুত্র-কন্যাৰ বিবাহ হ’ব পাৰিব।
(৭) মহাপুৰুষীয়া আৰু দামোদৰীয়াৰ ভেদাভেদ ভাবটো মিছা, সেইবাবে মিছা ভেদ তুলি দি উভয় দল এক হ’ব লাগিব। কিয়নো, শ্ৰীশংকৰদেৱৰ যি এক শৰণ, দামোদৰদেৱৰো সেই শৰণ প্ৰথা আছে। চৈতন্যদেৱৰ পৰা ভক্তি পোৱাটো অলীক কল্পনা মাত্ৰ। উজনিৰ চাৰি সত্ৰ দামোদৰদেৱৰ প্ৰধান শিষ্য বংশীগোপালদেৱৰ পৰাই বাঢ়িল আৰু তাত শৰণ প্ৰথা আছে। মই গড়মূৰ সত্ৰৰ অধিকাৰ গোস্বামীৰূপে কওঁ যে আমাৰ শৰণ প্রণালী মহাপুৰুষে অনন্ত কন্দলীক যিদৰে শৰণ বাক্য বোলাইছিল আমাৰ সত্ৰৰ শৰণ প্ৰণালী সেয়ে। চৈতন্যদেৱৰ উপাসনা প্ৰণালীৰ মাজত শৰণ প্ৰথা আগেয়েও নাছিল, আজিও নাই। তেনেস্থলত শৰণ প্ৰণালী ক’ৰ পৰা আহিল? শ্রদ্ধাস্পদ ৰাইজ! মই আজি চাৰিশ বছৰৰ পাছত দুজনা গুৰুৰ কথা উলিয়াই বিতণ্ডা বঢ়াবলৈ যোৱা নাই, মোৰ তেনে ইচ্ছাও নাই। মোৰ কথা হৈছে বহুদিনৰ পৰা দুজনা গুৰুৰ কথা লৈ যি বিতণ্ডা চলিছে, তাৰ পৰা দেশৰ মহা অনিষ্ট ঘটিছে। অথচ সেই বিতণ্ডাৰ মূলত কোনো সত্য নাই বা মূল নাই। গতিকে দেশৰ কল্যাণৰ অৰ্থে এই বিবাদ পৰিহাৰ কৰক। বিবাদৰ গুৰি ধৰোঁতা ময়ো এজন আছিলো। কিন্তু যুক্তিসংগত বিচাৰত মোৰ বিবেক পৰাস্ত হ’ল আৰু নম্ৰভাৱে যুক্তি মানি ল’লো। সেইবাবে মই প্ৰাৰ্থনা কৰোঁ যে সকলোৱে দেশৰ কল্যাণৰ অৰ্থে এই বিতণ্ডাৰ সামৰণি মাৰিব।
(৮) গোটেই দেশত হিন্দুৰ মাজত প্ৰতি ঘৰে এটা উপাসনা প্রণালী দিয়া হওক যাতে সকলো হিন্দুৱে একে নিয়মেৰে আৰু সকলোটিয়ে উপাসনা কৰিব পাৰে।
(৯) মহাপুৰুষ শংকৰদেৱৰ কথা আজি চাৰি-পাঁচশ বছৰেও অসমীয়া হিন্দুৱে জগতত যে প্ৰচাৰ কৰিব নোৱাৰিলে বৰঞ্চ আমাৰ সীমা-মূৰলিতে থকা বঙ্গালী ভাই সকলকো ‘শংকৰদেৱ নো কোন’, ‘তেখেতৰ কাৰ্যকলাপ নো কি আছিল’ তাৰ খবৰ জনাবলৈ সক্ষম নহ’ল। সিদিনা মাত্র বংগদেশত ৰামকৃষ্ণ পৰমহংসদেৱ উপজিছিল আৰু বঙ্গালীসকলৰ ঐকান্তিক চেষ্টাত আজি গোটেই জগতত ৰামকৃষ্ণদেৱৰ নাম জনাজাত হ’ল। কিন্তু তাৰ তুলনাত আমি অসমীয়াই শংকৰদেৱৰ কাম কি কৰিলো তাক ভাবি চাওক। মোৰ মনেৰে আৰু অপেক্ষাৰ সময় নাই। এই বছৰতে তলত লেখা কামখিনি কৰিব লাগিব:
- (ক) এই বছৰৰ ভিতৰতে মহাপুৰুষ শংকৰৰ এখন জীৱন চৰিত লেখোৱা হওক। বর্তমানলৈকে হাতত পোৱা (প্রকাশিত আৰু অপ্রকাশিত) পাঁচখন চৰিত্ৰৰ সাৰ কথা লৈ ইতিহাসগত বিৰোধ নথকাকৈ ইংৰাজী ভাষাত এখন চৰিত্ৰ লেখোৱা হওক। এই চৰিত্ৰ লেখাবৰ বাবে পাঁচ হেজাৰ টকা আগবঢ়োৱা হওক। ডক্টৰ বাণীকান্ত কাকতি, ডক্টৰ সূর্যকুমাৰ ভূঞা, শ্ৰীযুত বিৰিঞ্চি কুমাৰ বৰুৱা, শ্ৰীযুত ডিম্বেশ্বৰ নেওগ প্রভৃতি পাঁচজন বা তিনিজন লোকক চৰিত্ৰ লিখিবলৈ নিযুক্ত কৰা হওক।
- (খ) সেই চৰিত্ৰ লেখা হ’লে কোনো নামজ্বলা ছপাখানাত ছপা কৰাই জগদ্বিখ্যাত জ্ঞানীসকললৈ আৰু স্বাধীন দেশসমূহৰ ৰাজকীয় পুথিভঁৰাললৈ পঠোৱা হওক।
- (গ) উক্ত চৰিত্ৰৰ এটা হিন্দুস্থানী অনুবাদ কৰোৱাই ছপা কৰি গোটেই ভাৰতৰ নগৰে নগৰে থকা পুথিভঁৰাললৈ আৰু ভাৰতৰ নামজ্বলা মনীষীসকললৈ পঠাবলৈ দিহা কৰা হওক।
- (ঘ) তাৰে এটা সংক্ষিপ্ত সংস্কৰণ অসমীয়া ভাষাত ছপা কৰাই পাহাৰী ভাইসকলৰ মাজত কম মূল্যত দিব পৰাকৈ যুগুত কৰা হওক।
- (ঙ) গোটেই অসমৰ পৰ্বত-ভৈয়ামত মহাপুৰুষৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ এটা প্ৰচাৰক দল আৰু খৰচৰ নিমিত্তে এটা একলক্ষ টকাৰ পুঁজি গোটোৱা হওক।
এইখিনি কাম কৰিব পাৰিলেই আমাৰ কৰ্তব্য কৰা হ’ব৷ ইয়াকে কৈ মোৰ কথাৰ সামৰণি মৰিলো।
(শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীৰ ‘মহাপুৰুষীয়া ধৰ্ম’ শীৰ্ষক এই লেখাৰ ভাষা, আখৰ-জোঁটনি আদি সম্পাদনা কৰা হোৱা নাই। মাথোঁ ছপাৰ ভুল বুলি অনুভৱ হোৱা ত্ৰুটিহে সংশোধন কৰা হৈছে। তৰা চিনযুক্ত (*) ঠাইৰ পাঁচটামান শব্দ বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত বিতৰ্কিত বুলি অনুভৱ কৰি মোহাৰি দিয়া হৈছে। —সম্পাদক, নীলা চৰাই)
❧ | আৰু পঢ়ক:
- জগতৰে গুৰু শ্ৰীশংকৰ ঘৰতেই…
- প্রসংগঃ শঙ্কৰদেৱ
- সত্ৰ, সংহতি আৰু ব্ৰহ্ম সংহতি প্ৰসংগৰ এটি ৰূপৰেখা
- সত্ৰীয়া নৃত্য আৰু আধ্যাত্মিকতা
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতত ৰাগ-তাল-মান: এটি আভাস