হ ঠাতে চিনেমাখন বিখ্যাত হৈ গ’ল! ইমান বেছি বিখ্যাত হ’ল যে ‘পাঠান’ চিনেমাখনৰ প্ৰসংগত অতি বিশিষ্ট নেতাৰ পৰা অতি চতুৰ সাহিত্যিকলৈকে সকলো ব্যস্ত হৈ পৰিল আৰু শেষ নিশা কোনোবা চিত্ৰ তাৰকাই মুম্বাইৰ পৰা কোনোবা বিশেষ ব্যক্তিলৈ ফোন কৰি চিনেমাখন সম্পৰ্কে পতা কথা-বতৰাই বাতৰিৰ শিৰোনাম দখল কৰিলে। উদ্দেশ্য প্ৰণোদিতভাৱে আৰু পূৰ্বপৰিকল্পিত প্ৰচেষ্টাৰে এনে ব্যাপক বিতৰ্কৰ সৃষ্টি কৰা হ’ল যে তাৰ প্ৰভাৱত কোনোবাই যদি পোষ্টাৰ ফালিছে , আন কোনোবাই এগালমান অগ্ৰিম টিকট কাটি তাৰে মালা পিন্ধি উন্মাদৰ দৰে ঘূৰি ফুৰিছে। অগ্ৰিম টিকটেৰেই হেনো চিনেমাখনে কোটি কোটি টকা উপাৰ্জন কৰিলেই!
এনে কি আছে সেইখন চিনেমাত, যাক লৈ ব্যস্ত হৈ পৰিছে এচাম সাধাৰণ মানুহৰ লগতে এচাম অতি বিশিষ্ট মানুহ? শুনিছোঁ, চিনেমাখনত হেনো অশ্লীলতা আছে; আৰু আছে গেৰুৱা বিকিনি পিন্ধা নায়িকাই বিধৰ্মীৰ লগত কৰা উদ্দাম নৃত্য! লগতে কোৱা হৈছে, চিনেমাখনৰ এটা গানৰ ‘বেচৰম ৰং’ (shameless colour) শব্দ দুটাৰে হেনো গেৰুৱা ৰঙক অপমান কৰা হৈছে! কিন্তু তেনেকুৱা অশ্লীলতা বা গেৰুৱা বিকিনি দৰ্শকে আগতে দেখাই নাই নেকি? প্ৰতি ছেকেণ্ডত কাপোৰৰ ৰং সলনি কৰি থাকিব পৰা চিনেমাবোৰত গেৰুৱা ৰঙৰ পোছাকেৰে অশ্লীল নৃত্য কৰা এয়ে প্ৰথমনে? মুক্তভাৱে ‘বুলু ফিল্ম’ চলিব আৰু চাব পৰা দেশখনত এইখন চিনেমাৰ অশ্লীলতাক লৈ ইমান হৈ-হাল্লা কৰাটো অস্বাভাৱিক নহয়নে?
আনহাতে আকৌ মুছলিম উলেমা বৰ্ডেও তীব্ৰ আপত্তি দৰ্শাই কৈছে যে চিনেমাখনত তেওঁলোকে প্ৰতিনিধিত্ব কৰা এটা সম্প্ৰদায়ক হেয় কৰা হৈছে। এইবোৰ স্বাভাৱিক প্ৰতিক্ৰিয়া হয় জানো? নে ইয়াৰ মাজত সস্তীয়া মছলাধৰ্মী সাধাৰণ চিনেমা এখনক প্ৰখ্যাত কৰাৰ কুট কৌশল এটা লুকাই আছে?
আচলতে বলিউডৰ প্ৰযোজক-পৰিচালকসকল ইমানেই ধনী, ক্ষমতাশালী আৰু কুট-কৌশলী যে তেওঁলোকে একোখন চিনেমাৰ প্ৰতি দৰ্শকক আকৰ্ষণ কৰাবলৈ বহুত ওপৰৰ পৰ্যায়ত জাল পেলাব পাৰে, ছদ্মবেশী এজেণ্টৰ দ্বাৰা প্ৰলোভিত কৰি বহুত ওপৰৰ পৰ্যায়ৰ ব্যক্তিক সেই জালত সুমুৱাই ল’ব পাৰে, বহু সংগঠনৰ নেতৃত্বক কিনি পেলাব পাৰে, তেনে সংগঠনৰ দ্বাৰা চিনেমাখনৰ বিৰুদ্ধে হিংসাত্মক আন্দোলন কৰাই সকলো মানুহৰে দৃষ্টি চিনেমাখনৰ ফালে সহজে লৈ যাব পাৰে, সেই সংগঠনৰ বিৰোধীসকলক চিনেমাখন চাবলৈ প্ৰৰোচিত কৰি হিলদল ভাঙি উলিয়াই আনিব পাৰে, সাংবাদিকৰ হতুৱাই প্ৰশ্ন সোধাই অতি ব্যস্ত মানুহ এজনকো চিনেমাখন সম্পৰ্কত বিবৃতি দিবলৈ বাধ্য কৰি তুলিব পাৰে, প্ৰচাৰ মাধ্যমত তীব্ৰ বাদ-প্ৰতিবাদৰ সৃষ্টি কৰাব পাৰে, নাচাওঁ বুলি ভাবি থকা দৰ্শককো মনে মনে চিনেমা হললৈ নি বহুৱাই থ’ব পাৰে; আৰু অৱশেষত যিমান টকা চিনেমাখনৰ প্ৰচাৰ-অপপ্ৰচাৰৰ নামত খৰচ কৰিছিল, তাতকৈ বহুগুণে বেছি টকা সূতে-মূলে উপাৰ্জন কৰিব পাৰে।

বেচৰম ৰং: পাঠান
এই কথাবিলাক আমি যথা সময়ত বুজিও নুবুজা হওঁ; কাৰণ আমাৰ বেছি ভাগ মানুহৰে এনে এটা প্ৰবৃত্তি আছে যে আমি বিতৰ্ক খুব ভাল পাওঁ আৰু বিতৰ্কিত বিষয়ৰ প্ৰতি তীব্রভাৱে আকৰ্ষিত হওঁ। সেইবাবেই হাতে হাতে থকা স্মাৰ্ট ফোনত অতি অশ্লীল দৃশ্য মন গ’লেই চাব পৰা অৱস্থাতো এখন চিনেমাৰ এটা নৃত্যৰ অশ্লীলতা চাবলৈ অগ্ৰিম টিকট কাটি উত্তাৱল হৈ থাকোঁ। বিধৰ্মীৰ লগত গেৰুৱা কাপোৰ পিন্ধি উদ্দাম নৃত্য কিয় কৰিব বুলি তৰ্ক-কুতৰ্কত লিপ্ত হৈ পৰোঁ। নিজকে নিজে মুৰ্খ সজোৱাৰ ইয়াতকৈ ডাঙৰ সামূহিক উদাহৰণ হয়তো আন একো নাই!…
ইমানখিনিলৈকে লিখি এতিয়া মোৰ নিজৰ ওপৰতে হাঁহি উঠিছে আৰু ধিক্কাৰ ভাব আহিছে নিজৰ প্ৰতিয়েই; কাৰণ ময়ো অৱশেষত এখন সস্তীয়া চিনেমাৰ বিষয়তেই এই কথাবোৰ লিখি সময় খৰচ কৰিলো! ময়ো বাৰু গেৰুৱা বিকিনিৰে সজা জালখনত সোমাই পৰিলো নেকি!
❧ | আৰু পঢ়ক:
- বুলু ফিল্ম: চিনেমা চলিল, পইচা আহিল— খেলা খতম?
- বণ্ড, জেমচ বণ্ড
- অৰিবাম শ্যাম শর্মাৰ চিনেমা
- সামাজিক ব্যংগ ‘ট্ৰায়েংগল অৱ চেডনেছ’লৈ কাঁ চলচ্চিত্ৰ উৎসৱৰ সর্বোচ্চ সন্মান
- অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ
ফিচাৰড্ ইমেজ: পাঠান চিনেমাৰ বেচৰম ৰং গানৰ এটি দৃশ্যত অভিনেতা শ্বাহ ৰুখ খান আৰু দীপিকা পাডুকন (সৌজন্য: Youtube/YRF)
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক