ফা কুৱা উৎসৱৰ বতৰাই বসন্তৰ আগমনৰ বতৰা দিয়ে। অসমৰ বাপতিসাহোন বিহুটি দুৱাৰডলিত। এইখিনি সময়তে উৎসৱৰ জোৱাৰ উঠে। উৎসৱ প্ৰিয় অসমীয়াৰ গাত তৎ নথকাৰে কথা। ইতিমধ্যে গুৰুজনাই ১৪৬৯ চনতে বৰদোৱাত শুভাৰম্ভণি কৰা দৌল উৎসৱ বা ফাকুৱা উৎসৱৰ প্ৰায় সমাপ্তি ঘটিছে। ২২০ বছৰ অতিক্ৰম কৰা জামুগুৰিহাটৰ ঐতিহাসিক বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ ২১খন ৰভাত ভাওনা প্ৰদৰ্শনৰ আয়োজনত বতৰে বিধি-পথালি দিলে। এতিয় সমুখত অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু। এই ধৰ্মীয় বা ৰঙৰ উৎসৱ-অনুষ্ঠানসমূহে অসমৰ কৃষ্টি-সংস্কৃতি, জাতীয় ঐক্যৰ লগতে অসমীয়া সমাজৰ সামগ্ৰিক দিশৰ প্ৰতিফলন ঘটায়। বিভিন্ন বৃত্তিমূলক কাম-কাজত জড়িত থকা সকলৰ বহুতেই এনে উৎসৱৰ ব্যস্ততাৰ দিনকেইটাত জাতীয় সাজ-পাৰ পৰিধান কৰি সহযোগিতা আগবঢ়ায়। খন্তেকৰ বাবে হ’লেও জাতীয় ভাৱত বুৰ যায়। মহিলা-যুৱতীসকলৰ কথাই সুকীয়া। উৎসৱে-পাৰ্ৱনে, সভাই-সমিতিয়ে তেওঁলোক জাতীয় সাজ-পাৰ পৰিধানত সদায় আগবঢ়া। একেবাৰে কণমানিজনীও চাদৰ-মেখেলাৰ প্ৰতি আগ্ৰহী। সৰস্বতী পূজা ইয়াৰ অন্যতম প্ৰমাণ। তাৰ ক্ষণিক ব্যতিক্ৰম হ’লেই সকলো পুৰুষ উফৰি পৰেহি। যেন অসমীয়া জাতীয়তা ৰক্ষাৰ দায়িত্ব কেৱল মহিলাসকলৰহে। যোৱাটো ৰঙালী বিহুত বিহুৰ সঙ্গীত সন্ধিয়াত অসমীয়া সাজ-পাৰ নিপিন্ধাকৈ এগৰাকী গায়িকা ভাগ ল’বলৈ গৈ গীত পৰিৱেশন নকৰাকৈ উভতিব লগীয়া হৈছিল। অথচ জুবিন-পাপন বা আন পুৰুষ গায়কৰ বাবে খোলা মঞ্চ। ইয়াৰ জৰিয়তে ওপৰত উল্লেখ কৰা কথটো স্পষ্টকৈ প্ৰমান হয়। অসম সাহিত্য সভাৰ ৭৩ সংখ্যক কলিয়াবৰ অধিৱেশনত অভ্যৰ্থনা সমিতিৰ সিদ্ধান্ত মৰ্মে সভাৰ বাহিৰ-ভিতৰে সকলো বিষয়-ববীয়া, কৰ্ম-কৰ্তাৰ বাবে অসমীয়া সাজ-পাৰ, বিশেষকৈ পুৰুষসকলে পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছিল। সকলোৱে আন্তৰিকতাৰে ইয়াক পালনো কৰিছিল। ব্যতিক্ৰম আছিল মাত্ৰ সেই সময়ৰ সভাৰ প্ৰধান সম্পাদকগৰাকী। তলত চুঙা পেন, ডিঙিত জনজাতীয় গামোচা আৰু ভিন্ন ৰঙী পাঞ্জাৱীৰে তেখেতৰ অবাধ কৰ্তৃত্ব। একে ৰূপতে দেখা গ’ল এইবেলিৰ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা স্থলীত, য’ত ভাৰতৰ গৃহ মন্ত্ৰীৰ পৰা অসম চৰকাৰৰ মুখ্য মন্ত্ৰী প্ৰমুখ্যে মন্ত্ৰীগণকে ধৰি প্ৰায় বিশিষ্ট ব্যক্তিয়ে অসমীয়া জাতীয় সাজ-পাৰ পৰিধান কৰা দেখা গ’ল। সাহিত্য সভাৰ তদানীন্তন সম্পাদকগৰাকীয়ে সভাপতিলৈ পদোন্নতি ল’লে যদিও অসমৰ বৃহৎ জাতীয় অনুষ্ঠান বুলি জহাই ফুৰা অনুষ্ঠানৰ হৰ্তা-কৰ্তা-বিধাতাসকলে ধৰ্মীয় অনুষ্ঠান এটাতো জাতীয় সাজ-পাৰ পৰিধান কৰিব নোৱাৰে। লগত শাৰী পুৰাই সভা শুৱনি কৰিবলৈ যোৱাসকলৰো একেই অৱস্থা। সেই বিশ্বপ্ৰসিদ্ধ ভাওনা মহোৎসৱৰ পদ্ম মণ্ডপৰ তৃণ গম্বুজত স্বৰ্ণ কলচী সংস্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট গণ্য-মান্য ব্যক্তিৰ ভালেসংখ্যকে চুঙা পেন, চুট-টাইৰে অংশ লোৱাৰ ছবি সামাজিক মাধ্যমৰ যোগেদি বহুল প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গ’ল। এই ক্ষেত্ৰত সদায় দেখাৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়-ববীয়া, কৰ্ম-কৰ্তাসকলক অসমৰ জাতীয় সাজ-পাৰত দেখা গ’ল। তেনেদৰে তেওঁলোকে আয়োজন কৰা বিহুত সকলোকে অসমীয়া জাতীয় সাজ-পাৰত দেখাৰ সৌভাগ্য হয়।
অসমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ বিশেষকৈ নামঘৰসমূহলৈ অহা-যোৱা কৰা যাত্ৰীসকলৰ সৰহ সংখ্যক পুৰুষে চুৰিয়া বা ধুতি পিন্ধি নাযায়। আধুনিক পোচাকেৰেই নামঘৰত প্ৰৱেশ কৰে, বন্তি পৰ্যন্ত জ্বলায়। তাতো কিন্তু মহিলা-যুৱতীসকলে নামঘৰত প্ৰৱেশ কৰিব পৰাকৈ সাজ-পাৰ পৰাধান কৰে। আজি-কালি যুৱতীসকলক আন সাজতো দেখা গৈছে। পিতৃতুল্য বা জ্যেষ্ঠ ব্যক্তি বা যুৱকসকলে যদি এনে অনিয়ম কৰিব পাৰে, তেনেহ’ল যুৱতীসকলে কৰিব নোৱৰাৰ কাৰণ নিশ্চয় থাকিব নালাগে। সেয়েহে লজ্জাজনকভাৱে কোনো-কোনো ধৰ্মীয় অনুষ্ঠানত ‘অসমীয়া সাজ-পাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব’ বুলি সকীয়নী ফলক ওলমাব লগীয়া হৈছে। এই ক্ষেত্ৰত লক্ষ্য পুৰুষসকল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।
❧ | আৰু পঢ়ক: প্রাসংগিক চিন্তা: হেঁপাহৰ বিহুটি আজি কোন দিশে
ইতিমধ্যে বাপতিসাহোন ৰঙালী বিহুটি অহাৰ জাননী প্ৰকৃতিয়ে দিছেহি। অসমৰ বিভিন্ন স্থানত মহা-পয়োভৰৰে বিহু আয়োজনৰ যো-জা আৰম্ভ হৈছেই। এইবাৰো হিন্দী গীত পৰিৱেশনক লৈ বিহুৰ বতাহ গৰম হৈয়ে থাকিব। পিছে বিহুৰ পুৰুষ উদ্যোক্তাসকলে বিহুৰ পৰম্পৰা বৰ্তাই ৰখাত নিশ্চয় যত্নপৰ হ’ব। তাকে কৰিবলৈ প্ৰথমে পুৰুষ কৰ্ম-কৰ্তাসকলে জাতীয় সাজ-পাৰযোৰ পৰিধান কৰাত গুৰুত্ব দিয়ক। এনে ভালেমান সৰু-সুৰা কাম আছে, যাৰ যোগেদি অসমৰ ঐতিহ্য-স্বকীয়ত ৰক্ষা কৰিব পৰা যায়। তাৰ বাবে কোনোবা বিখ্যাত গায়কৰ নামত লাখ টকা খৰচ নকৰিলেও হয়। আমি আশা কৰিছোঁ, এই বিহুতেই ইয়াৰ শুভাৰম্ভ হওক। চুঙা পেনৰ ওপৰত পাঞ্জাৱী আৰু ডিঙিত গামোচা মেৰিয়াই ভমকা-ফুলীয়া বেজ মাৰি বিহুৰ উদ্যোক্তা নহৈ, বিশিষ্ট ব্যক্তিসকললৈ আশা পালি নাথাকি প্ৰথমেই অসমীয়া জাতীয় সাজ-পাৰযোৰক অসমীয়া ৰূপে প্ৰকৃত মৰ্যাদা দিওঁ আহক।
ফিচাৰড্ ইমেজ: দিগন্ত তালুকদাৰ | Wikimedia Commons (CC4.0)