সামাজিক ব্যংগ ‘ট্ৰায়েংগল অৱ চেডনেছ’লৈ কাঁ চলচ্চিত্ৰ উৎসৱৰ সর্বোচ্চ সন্মান

সামাজিক ব্যংগ ‘ট্ৰায়েংগল অৱ চেডনেছ’লৈ কাঁ চলচ্চিত্ৰ উৎসৱৰ সর্বোচ্চ সন্মান
  • 31 May, 2022

চু ইডেনৰ পৰিচালক ৰুবেন অচটলাণ্ড (Ruben Östlund)ৰ ‘ট্ৰায়েংগল অৱ চেডনেছ’ (Triangle of Sadness) ছবিখনে ৭৫ সংখ্যক কাঁ চলচ্চিত্ৰ উৎসৱ (Cannes Film Festival 2022)ৰ সর্বোচ্চ সন্মান Palme d’or লাভ কৰে। ধনবান ব্যক্তি আৰু মডেলৰ জীৱনত ঘটা কেতবোৰ অপ্ৰত্যাশিত ঘটনাৰ বিৱৰণেৰে ‘ট্ৰায়েংগল অব চেডনেছ’ এখন সামাজিক ব্যংগাত্মক ছবি।

কাঁত সন্মানিত ৰুবেনৰ এইখন দ্বিতীয় ছবি, পূর্বে ২০১৭ চনত একেজন তেওঁৰ ‘দ্য স্কোৱেৰ’ ছবিখনে কাঁৰ Palme d’or লাভ কৰিছিল।

কাঁ চলচ্চিত্ৰ উৎসৱ ২০২২

ট্ৰায়েংগল অৱ চেডনেছ

‘মই সঁচাকৈয়ে এনেকুৱা ছবিহে কৰিব খুজিছিলো যিখন ছবিয়ে দর্শকক উত্তেজিত কৰি তুলিব, তাত থাকিব মানুহক ভবাই তুলিব পৰা উপাদান, ছবিখন হৈ পৰিব মানুহৰ আলোচনাৰ বিষয়বস্তু।’— এইদৰে কয় King of Cringe ৰূপে অভিহিত হোৱা চুইডেনৰ পৰিচালক ৰুবেন অচটলাণ্ডে। তেওঁ লগতে কয় যে চিনেমাখন চাই উঠাৰ পাছতো যাতে মানুহে চিনেমাখনৰ কথাকে পাতিব পাৰে, সেই বাবে দর্শকৰ বিনোদন আছিল তেওঁৰ অন্যতম লক্ষ্য। সংবাদ প্ৰতিষ্ঠান এএফপিৰ বাতৰিত কোৱা হৈছে, ছবিখনৰ প্ৰিমিয়াৰৰ দিনাই এটা দৃশ্যই দর্শকক হো-হোৱাই হঁহুৱাইছিল।

ছবিখনৰ আৰম্ভণিতে দেখুওৱা হয় দুগৰাকী মডেলক, যি এক বিলাস নৌকা বিহাৰ কৰিবলৈ গৈ নিখোজ হৈ পৰে আৰু কোনোবা অজান মুলূকত জীৱন সংগ্ৰামত নামি পৰিবলগীয়া হয়। মডেল দুগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছে ব্ৰিটেইনৰ হেৰিচ ডিকিনচন আৰু দক্ষিণ আফ্ৰিকাৰ চার্লবি ডিনে। ছবিখন পর্যালোচনা কৰি ভেৰাইটি আলোচনীয়ে কয় যে চিনেমাখন চাই দর্শকে হাঁহিবও, ভাবিবও, পৃথিৱীখন চাবলৈ লাভ কৰিব নতুন এক দৃষ্টিকোণ।

কাঁ চলচ্চিত্ৰ উৎসৱ ২০২২

ডিচিছন টু লিভ

২৮ মে’ত সামৰণি পৰা কাঁ চলচ্চিত্ৰ উৎসৱৰ শ্ৰেষ্ঠ পৰিচালক ৰূপে বিবেচিত হয় দক্ষিণ কোৰিয়াৰ পার্ক চান-উক (Park Chan-Wook)। Heojil Kyolshim (Decision to Leave) নামৰ অপৰাধ আৰু শৃংগাৰ ৰসপ্ৰধান ছবিখনৰ বাবে পুৰস্কৃত হোৱা পার্ক চান-উক প্ৰসিদ্ধ তেওঁৰ ২০০৩ চনৰ ‘অল্ড বয়’ নামৰ থ্ৰিলাৰ ছবিখনৰ বাবে।

কাঁ চলচ্চিত্ৰ উৎসৱ ২০২২

বক্সাৰ

দক্ষিণ কোৰিয়াৰ চং কাং-হো (Song Kang-ho) নির্বাচিত হয় শ্ৰেষ্ঠ অভিনেতা ৰূপে ‘বক্সাৰ’ (Boxer) নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে। অস্কাৰ বিজয়ী ‘পেৰাচাইট’ নামৰ ছবিত অভিনয় কৰি ২০১৯ চনত চং কাং-হো বিশ্বত জনাজাত হৈছিল।

সৌনক সেনৰ তথ্যচিত্ৰ ‘অল দেট ব্ৰিডচ’লৈ কাঁ চলচ্চিত্ৰ উৎসৱৰ L’Oeil d’or

কাঁ চলচ্চিত্ৰ উৎসৱ ২০২২

অল ডেট ব্ৰিডচ

৭৫ সংখ্যক কাঁ চলচ্চিত্ৰ উৎসৱলৈ নির্বাচিত একমাত্ৰ ভাৰতীয় ছবি, সৌনক সেনৰ ‘অল দেট ব্ৰিডচ’ (All That Breathes) তথ্যচিত্ৰ এই মহোৎসৱৰ সর্বোচ্চ সন্মান L’Oeil d’or-ৰ বাবে নির্বাচিত হয়। তথ্যচিত্ৰৰ বিষয়বস্তু হৈছে ব্লেক কাইটকে ধৰি আহত পক্ষীৰ উদ্ধাৰ অভিযানত ব্ৰতী মহম্মদ চাউদ আৰু নাদিম ছেহজাদ নামৰ দুজন ককাই-ভাইৰ জীৱন।
মহোৎসৱৰ বিচাৰকমণ্ডলীয়ে এই তথ্যচিত্ৰৰ বিষয়ে কয় যে চাৰিওপিনে আজিৰ এই ধ্বংসলীলা চলি থকাৰ সময়ত এইখন তথ্যচিত্ৰই আমাক সোঁৱৰাই দিয়ে যে অকল মানুহৰে নহয়, প্ৰতিটো জীৱৰে জীৱন অমূল্য আৰু মহান।

বঁটাৰ বাবদ পৰিচালকে লাভ কৰে ৪.১৬ লাখ টকাৰ ওচৰা উচৰি ৫,০০০ ইউৰো।
কোৱা হৈছে যে সৌনক সেনৰ এই তথ্যচিত্ৰ চলিত বছৰত বিশ্বৰ বজাৰলৈ আমাৰ দেশৰ অন্যতম সফল ৰপ্তানি। ইতিপূর্বে এইখন তথ্যচিত্ৰই চানদেঞ্চ মহোৎসৱত ৱর্ল্ড ডকুমেণ্টেৰি গ্ৰেণ্ড জুৰি বঁটা লাভ কৰে আৰু টিভি প্ৰতিষ্ঠান এইচবিঅ’ই ইয়াৰ স্বত্ব ক্ৰয় কৰে।

কাঁ চলচ্চিত্ৰ উৎসৱত সৌনক সেনৰ তথ্যচিত্ৰখনলৈ পুৰস্কাৰ আগবঢ়োৱা বিচাৰক মণ্ডলীত আছিল পোলেণ্ডৰ বোলছবি নির্মাতা এগনিজকা হলেণ্ড, সাংবাদিক এলেক্স ভিচেণ্টে আৰু মৰক্কোৰ লেখক-চিত্ৰ নির্মাতা হিচাম ফালা।

❧ | আৰু পঢ়ক:

ছবি সৌজন্য: Festival De Cannes
সামাজিক ব্যংগ ‘ট্ৰায়েংগল অৱ চেডনেছ’লৈ কাঁ চলচ্চিত্ৰ উৎসৱৰ সর্বোচ্চ সন্মান | ধ্ৰুৱ শইকীয়া
Follow Nilacharai on Instagsram