নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ব'ল বোম: নব্য হিপ্পীবাদৰ উত্থান?

ব'ল বোম: নব্য হিপ্পীবাদৰ উত্থান?

কু ৰি শতিকাৰ সপ্তম দশকত ভিয়েটনাম যুদ্ধৰ সময়তে আমেৰিকাত গা কৰি উঠিছিল সামাজিক আৰু ধাৰ্মিক স্থিতাৱস্থাৰ বিৰূদ্ধে এক সমান্তৰাল জীৱনধাৰা৷ হিপ্পী বুলি কোৱা সেইসকলে আমেৰিকান সমাজৰ প্ৰচলিত জীৱনধাৰা আৰু গীৰ্জাকেন্দ্ৰিক ধৰ্মীয়-সামাজিক মতবাদবোৰৰ বিৰূদ্ধে জেহাদ ঘোষণা কৰি এক সুকীয়া জীৱন পদ্ধতি গঢ় দিছিল৷ হিপ্পীসকলে অনুসৰণ কৰিছিল বৌদ্ধবাদকে ধৰি শৈৱ-বামাচাৰ আদি প্ৰাচীন সনাতন পন্থাৰ কেতবোৰ বিষয়৷ ফুলাম কাপোৰ, চুলিত জঁট, ভাং-ঘোটা সেৱন, সমূহীয়া মুক্ত যৌনাচাৰ, নিৰামিষ আহাৰ-সমূহীয়া ভোজন, ফক আৰু ৰক সংগীতৰ সমাহাৰ আদি আছিল হিপ্পীৰ সংস্কৃতি৷ হিপ্পীবাদক বহুতে উচ্ছৃংখল জীৱন পদ্ধতি বুলি সমালোচনা কৰিছিল যদিও ই ইউৰোপত এক প্ৰগতিশীল চিন্তাৰো জন্ম দিছিল৷ বব ডীলান, বব মাৰ্লি আদিৰ দৰে শিল্পী এই হিপ্পীবাদৰেই সৃষ্টি৷ হিপ্পীবাদৰ জন্ম ৭ৰ দশকত ইউৰোপৰ এক বিশেষ সামাজিক-অৰ্থনৈতিক পটভূমিত হৈছিল আৰু ই আছিল মূলতঃ সাম্ৰাজ্যবাদ আৰু পুঁজিবাদ বিৰোধী৷ ৰণোন্মাদ আমেৰিকাৰ বিৰূদ্ধে ‘যুদ্ধবিৰোধী আৰু শান্তিকামী’ মতাদৰ্শ আছিল হিপ্পীবাদ৷

মুক্ত অৰ্থনীতিয়ে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশবোৰতো ব্যক্তিকেন্দ্ৰিকতা আৰু ভোগবাদ বিয়পাই দিছে৷ মানুহৰ পৰস্পৰৰ মাজত বিচ্ছিন্নতা বাঢ়িছে৷ সামাজিকভাবে মানুহ হতাশা আৰু বিৰাগবাদত নিমজ্জিত হৈছে৷ এই হতাশা আৰু বিৰাগবাদে সকলোতকৈ বেছি ক্ৰিয়া কৰিছে যুৱচামক৷ পথ দেখুৱাবলৈ সক্ষম নোহোৱা বৌদ্ধিক সমাজৰ তথাকথিত বাখ্যাবোৰক সহজতে মানিব নোৱৰা হৈছে যুৱচাম৷ প্ৰগতিশীল আন্দোলনে চুব নোৱৰা, বিপ্লৱবাদী আদৰ্শই চুব নোৱৰা বা চুবলৈ বিফল হোৱা সেইসকল যুৱক বা যুৱতীয়ে অৱচেতন মনত আঁকোৱালি লৈছে ‘ব’ল বোম’ৰ দৰে এক নব্য হিপ্পীবাদ৷ এই নব্য হিপ্পীসকল কিন্তু উচ্চবিত্ত বা মধ্যবিত্তৰ সন্তান নহয়৷ এইসকল মুক্ত অৰ্থনীতিৰ দ্বাৰা সকলোতকৈ বেছি শোষিত নিম্ন মধ্যবিত্ত আৰু শ্ৰমজীৱী৷

❧ | আৰু পঢ়ক: পূৰ্ববংগীয় মূলৰ মুছলমান বনাম অখিল গগৈ

ভাৰত এনেইও হিপ্পীবাদৰ উৰ্বৰ ভূমি৷ দেখাত ধৰ্ম যেন লাগিলেও এই নব্য হিপ্পীবাদ মাথোন স্থিতাৱস্থাই সৃষ্টি কৰা হতাশাৰ বহিঃপ্ৰকাশ৷ এফালে ভোগবাদৰ ৰঙীণ পৃথিৱী, আনহাতে আৰ্থিক আৰু সামাজিক কাৰণত সেই আকাংক্ষিত ভোগ প্ৰাপ্ত কৰিবলৈ সক্ষম নোহোৱাৰ হতাশা৷ ক্ষণিক আনন্দ-সুখ, নিজৰ মাজত ব্যক্তিসংকীৰ্ণতা, ভেদাভেদ পাহৰি চাহিদা বুজি একে মনৰ মানুহে ভাং-গাঞ্জা-ঘোটা-মদ আদিৰে নিচাসক্ত হৈ, খন্তেক মচগুল হৈ পৰমপিতা মহাদেৱৰ নামত নিজকে উৎসৰ্গা কৰা আচলতে পৰিস্থিতিয়ে সৃষ্টি কৰা এক তাড়নাৰ অন্য নাম৷ ইয়াৰ সৈতে আকৌ খিচিৰি হৈছে সমকালীন সাম্প্ৰদায়িক উত্থান আদিও। এই নব্য হিপ্পীবাদ এতিয়া ভিন্ন ৰূপত সমাজত বিৰাজমান, কাৰণ হতাশা এতিয়া সৰ্বস্তৰত৷

Featured Image Courtesy: Odishanewsinsight.com

এই লেখকৰ সকলো লেখা চাওক →
ব'ল বোম: নব্য হিপ্পীবাদৰ উত্থান? | ৰক্তিম শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...