মোৰ শৰীৰৰ ঠায়ে ঠায়ে
এইবাৰ এসোপা গছ ৰুই পেলালো
কলাফুলত এজোপা বকুল
মজ্জা খান্দি ৰুইছোঁ এজোপা নিম
হাড়ৰ গাঁঠিবোৰত জোপোহা বাঁহ
আৰু চকুৰ পতাত ৰুই থৈছোঁ বগৰী এজোপা

আঙুলিৰ ফাঁকত গজা ঢেঁকীয়াৰ তলিত
গ্ৰহ এটাই জিৰণি লয়
যিটো গ্ৰহৰ মজিয়াত সেমেকি থকা দাগ
যিটো গ্ৰহৰ শিৰত অসহায় হৈ পৰা গধূলি

মোৰ শৰীৰৰ অংগবোৰ কাটি
তেওঁলোকে সভ্যতা এটা গঢ়িবলৈ আহিব
সভ্যসকলৰ যিটো সভ্যতাত এটাও জীয়া মানুহ নাই
শেলাই বাগৰা এটাও কলিজা নাই

মোৰ আলতীয়া মাটিৰ বুকুত
এখন হাবি আছিল
আজি সেই পাহাৰবোৰৰ নামত
সেই ডাৱৰে ঢকা স্মৃতিবোৰৰ নামত
সমগ্ৰ শৰীৰত ৰুই পেলালো
এসোপা বিষাদৰ গছ।

❧ | আৰু পঢ়ক:

Featured Image by Conni [CC by NC 2.0]

এই লেখকৰ সকলো লেখা চাওক →
গছ | ৰিছাদ ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: