এক অন্ধ নদীৰ নাম প্ৰেম
প্ৰত্যয় আৰু সমৰ্পণ ইয়াৰ দুটা পাৰ
উলাহৰ পলস পৰি য’ত
পোখা মেলে বাৰেৰহণীয়া সপোনে
এক অন্ধ নদীৰ নাম প্ৰেম
এই নদীয়েদি বৈ যায়
স্বপ্নাবিষ্ট আশাৰ ফৰিংফুটা জোনাক
তোমাৰ
মোৰ
সকলোৰে
এক অন্ধ নদীৰ নাম প্ৰেম
নাই কোনো দেশ ইয়াৰ
হৃদয়ৰ নিভৃত চুক এটাৰ পৰা ওলাই
ই বৈ যায়
মাৰ দুগালেদি
থুপ খাইহি
প্ৰেয়সীৰ ওঁঠযোৰত
ৰৈ গৈ ঠেঁহ পাতে
সন্তানৰ মুখত
এক অন্ধ নদীৰ নাম প্ৰেম
সাঁতুৰিব জনা জনেই ডুবে
আৰু ডুবাজনেই পাৰ পায় য’ত
❧ | আৰু পঢ়ক:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...