ভিতৰৰ মানুহজন
ধৰা পৰি যায় বুলি
নিজকে আবৰণেৰে ঢাকি থওঁ
আপোনাৰ ওচৰত আপুনি
কেতিয়াবা উলংগ হৈ চাইছেনে?
উলংগ হ’বলৈ সকলোৱে ভয় কৰে—
উলংগ হ’লেই জানোচা
প্ৰকাশ পায় প্ৰকৃত সত্য
আমি প্ৰত্যেকেই একো একোজন
নিখুঁত অভিনেতা
অতৃপ্ত কামনা অতৃপ্ত বাসনাৰ
মেটমৰা বোজা কঢ়িয়াই ফুৰিও
সুখী, পৰিতৃপ্তৰ অভিনয় কৰোঁ
অৱদমিত আশা আকাংক্ষা
প্ৰেম প্ৰতাৰণাৰ দুখৰ ভৰত
দোৰোলখাই পৰে হৃদয়
তথাপি কেলেণ্ডাৰৰ ছোৱালীজনীৰ দৰে
মুখত লৈ ফুৰো একাঁজলি
কৃত্ৰিম ৰ’দ
মন নাযায়নে কেতিয়াবা
আদিমৰ পৰা আদিম হ’বলৈ
মন নাযায়নে কেতিয়াবা
খুলি থ’বলৈ কৃত্ৰিম মুখবোৰ
মন নাযায়নে কেতিয়াবা
আঁতৰাই পেলাবলৈ
সন্মুখত আঁৰি থোৱা আঁৰ কাপোৰ?
হ’ব যদি পাৰিলোহেঁতেন অৰণ্য—
অৰণ্যৰ একো লুকধাক নাই,
অৰণ্যৰ দৰে উন্মুক্ত!
❧ | আৰু পঢ়ক:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক