হা তত আহি পৰিছে ৰিঞ্জুমণি নেওগ বৰাৰ শেহতীয়া উপন্যাস ‘অভিশপ্ত ৰাজনন্দিনী’। কিতাপখনৰ ভাষাশৈলী অগতানুগতিক, কিন্তু কোনো শ্ৰেণীৰ পঢ়ুৱৈৰ বাবেই জটিল, অচিনাকি বা দুর্বোধ্য নহয়। বিষয়বস্তু হিচাপে ‘অভিশপ্ত ৰাজনন্দিনী’য়ে কোনো অপৰিচিত বাতাবৰণ বা ধাৰাৰ সৃষ্টি কৰিব খোজা নাই, কাৰণ এক ৰাজকাৰেং বা ৰাজপৰিয়ালৰ পৰিৱেশ আমাৰ বাবে কোনো আচহুৱা, অচিনাকি বা কল্পনাতীত বিষয় নহয়। ‘অভিশপ্ত ৰাজনন্দিনী’ৰ ভাষাশৈলীৰে পঢ়ুৱৈক আকর্ষণ কৰাৰ যি প্ৰয়াস লেখিকাই কৰিছে, সি তেওঁৰ সামর্থ্যৰ চানেকি দিব পাৰিছে।
পৰিৱেশ অংকন, পাঠকৰ মনোযোগ আকর্ষণ আৰু উপন্যাসৰ চৰিত্ৰাৱলীৰ সৈতে পাঠকৰ সংযোগ স্থাপনত লেখিকাই তেওঁৰ অভিনৱত্ব আৰু মৌলিকতা— দু্যোটাৰে পৰিচয় দিছে। হয়তো লেখিকা নিজে এগৰাকী সু গায়িকা আৰু সুৰকাৰ হোৱা বাবেই তেওঁৰ গদ্য-কাব্যতো সুৰৰ সমাহাৰ আৱশ্যম্ভাৱী হৈ পৰে। দুখন গল্প সংকলন, পাঁচখন উপন্যাস, ছখন শিশুগ্ৰন্থ, এখন প্ৰবন্ধ সংকলন আৰু দুখন কাব্য সংকলনকে ধৰি সহস্ৰাধিক কবিতাৰ ৰচয়িতা ৰিঞ্জুমণি নেওগ বৰাৰ শেহতীয়া ‘অভিশপ্ত ৰাজনন্দিনী’ উপন্যাসখনো সুৰৰ ছন্দেৰে সমৃদ্ধ।
সংবাদ, সাহিত্য আৰু গীত-মাত-নাটক-চিনেমা দর্শক-পাঠকৰ ওচৰলৈ নিয়াৰ মাধ্যম সম্প্ৰতি দুটা— এটা পৰম্পৰাগত ছপাশাল আৰু প্ৰেক্ষাগৃহ; আনটো ডিজিটেল পদ্ধতি, অর্থাৎ ইণ্টাৰনেট ব্যৱহাৰ হোৱা মবাইল ফোন বা বিভিন্ন ডিজিটেল গেজেট। সাহিত্য আৰু শিল্পৰ সৃষ্টি, প্ৰকাশ-পৰিৱেশন আৰু পঠন-দর্শনত সম্প্ৰতি ডিজিটেল মাধ্যমৰ প্ৰসাৰে পৰম্পৰাগত চিনেমা হল, ছপা গ্ৰন্থক নিশ্ছিন্ন কৰিব নোৱাৰিলেও প্ৰতিযোগিতাৰ দৌৰত পিছ পেলাইছে। টিভিত চিনেমা বা ক্ৰিকেট খেল দেখিলেও চিনেমা হল বা ষ্টেডিয়াম নিঃশেষ হৈ যোৱাৰ আশংকা অমূলক, সেইদৰে ছপা গ্ৰন্থ আৰু কাকত-অলোচনীয়েও নিজ মহিমাৰ বাবেই মানৱ সমাজত নিজৰ স্থানো অটুট ৰাখিব, সেয়া নিশ্চিত।
আমাৰ অনেকে পৰম্পৰাগত মাধ্যমত প্ৰকাশিত সাহিত্য কর্মতকৈ ডিজিটেল মাধ্যমৰ গল্প-কবিতা নিম্নমানৰ, সাহিত্যৰ বাবে অনুপযুক্ত বুলি ঘোষণা কৰি থকাটো এক দুর্ভাগ্যজনক প্ৰৱণতা। ৰিঞ্জুমণি নেওগ বৰা ডিজিটেল মাধ্যম, মূলতঃ ফেচবুকৰ কবি-সাহিত্যিক; ছপা মাধ্যমত তেওঁৰ উপস্থিতি প্ৰৱল নহয়, যথোচিতভাৱে স্বীকৃতও হোৱা নাই বা এনে স্বীকৃতিৰ বাবে হয়তো তেওঁ নিজেও বৰ উৎসাহী নহয়। কিন্তু সেইবুলি প্ৰকাশৰ মাধ্যমেই সাহিত্য বা শিল্প কর্ম বিচাৰৰ একমাত্ৰ মাপকাঠি নহয়। ‘অভিশপ্ত ৰাজনন্দিনী’ গ্ৰন্থখন পোনপ্ৰথমে পঢ়ুৱৈৰ ওচৰ চাপিছিল এটা ফেচবুক গোটৰ জৰিয়তে আৰু সেই ফেচবুক গোটৰ পৰিচালকৰ বক্তব্য গ্ৰন্থখনৰ পাতনি হিচাপে সংযোজিত হৈছে। সেয়ে ক’ব পাৰি, ডিজিটেল আৰু পৰম্পৰাগত মাধ্যম কিদৰে পৰস্পৰৰ পৰিপূৰক হ’ব পাৰে, এই গ্ৰন্থ তাৰেই এক প্ৰামাণ্য উদাহৰণ।
ছপা হৈ ওলোৱাৰ আগতে ‘অভিশপ্ত ৰাজনন্দিনী’ ফেচবুকৰ এখন সমাদৃত উপন্যাস আছিল। দৰাচলতে ফেচবুকৰ পাঠকৰ সঁহাৰিয়েই ইয়াক গ্ৰন্থৰ আকাৰে প্ৰকাশ কৰাৰ বাট মুকলি কৰিছিল বুলি ধাৰণা কৰিব পাৰি। এখন সুখপাঠ্য উপন্যাসক অধিক পাঠকৰ হাতত তুলি দিয়াৰ লগতে গ্ৰন্থখনৰ সংৰক্ষণৰ বাবেও এইদৰে ছপা কৰা সুফলদায়ক হৈছে।
গ্ৰন্থখনৰ বক্তব্য, বার্তা বা কাহিনীভাগৰ জৰিয়তে লেখিকাই পাঠকক কি ক’ব খুজিছে, সেয়া ক’ব পাৰিছে নে নাই বা কোৱা কথাখিনি গ্ৰহণযোগ্য হয় নে নহয়, তাক বিচাৰ কৰিবলৈ যাওঁতে মোৰ মনত পৰিছে বোধহয় সাতৰ দশকতে প্ৰথিতযশা সাহিত্যিক যোগেশ দাসে এক সাক্ষাৎকাৰত কোৱা এষাৰ কথালৈ। কোনোবা আলোচনীত প্ৰকাশৰ বাবে লোৱা সেই সাক্ষাৎকাৰত যোগেশ দাস চাৰক সোধা হৈছিল অসমীয়া গল্প-উপন্যাসত নাৰী চৰিত্ৰৰ উপস্থাপনৰ বিষয়ে।
চাৰক সেই প্ৰশ্নটো সোধাৰ সময়ত অসমীয়া সাহিত্য জগতত মহিলা সাহিত্যিকৰ সংখ্যা আজিৰ তুলনাত নগণ্য আছিল। সেয়ে যোগেশ দাস চাৰে সাক্ষাৎ গ্ৰহণকাৰীক কৈছিল যে অসমীয়া সাহিত্যত নাৰী চৰিত্ৰ আছে, নথকা নহয়, কিন্তু তাৰ সৰহভাগেই হৈছে পুৰুষ লেখকে লিখা নাৰী মনৰ কথা। সেয়ে তাক সঁচা নাৰী মনৰ প্ৰতিফলন বুলি দাবী কৰিব নোৱাৰি। অসমীয়া সাহিত্যত নাৰী চৰিত্ৰৰ যথার্থ উপস্থাপন কৰিব পাৰিব নাৰী সাহিত্যিকেহে, পুৰুষে নহয়। এয়াই আছিল যোগেশ দাস চাৰৰ স্পষ্ট, নিঃসংকোচ আৰু যুক্তিসংগত ব্যাখ্যা। চাৰে সেইদিনাই আশা প্ৰকাশ কৰিছিল, অসমত দিনক দিনে অধিক সংখ্যক নাৰীয়ে হাতত কলম তুলি লওক, তেহে পৃথিৱীয়ে অসমীয়া নাৰীৰ যথার্থ ৰূপ সাহিত্যৰ চৰিত্ৰত বিচাৰি পাব। আমাৰ বাবে আনন্দৰ কথা যে অসমীয়া সাহিত্যত আজিৰ নাৰীৰ স্থান গজগজীয়া। ইয়াৰ অনেক উদাহৰণৰ মাজত ৰিঞ্জুমণি নেওগ বৰাও অন্যতম।
কিতাপখনৰ ছপা, অলংকৰণ আৰু বেটুপাত প্ৰশংসনীয়। কিতাপখনৰ নামেই ইংগিত দিয়াৰ দৰে ই এখন ৰোমাণ্টিক উপন্যাস। এখন কাল্পনিক ৰাজ্য আৰু তাৰ ৰাজকুঁৱৰীৰ মানসিক অন্তৰ্দ্বন্দ্বৰ ই এক বিৱৰণ। ইতিহাস, মনোবিজ্ঞান বা সাহিত্যতত্ত্বৰ আধাৰত কাহিনীভাগৰ আবেদন ভিন ভিন চিন্তাধাৰাৰ লোকৰ বাবে বিভিন্ন হ’ব পাৰে, কিন্তু এটা কথা ক’বই লাগিব যে পঢ়ি গৈ থাকিলে ‘অভিশপ্ত ৰাজনন্দিনী’ক অসমীয়া ভাষা, শব্দ, বাক্য আৰু ইয়াৰ কালিকাৰ নিদর্শন হিচাপে অভিশাপ নহয়, এক আশীর্বাদ বুলিব লাগিব। উঠি অহা লেখক-লেখিকা আৰু অসমীয়া ভাষা-সাহিত্যৰ পৰম্পৰাগত সম্পদ সংৰক্ষণত আগ্ৰহী ব্যক্তিৰ পুথিভঁৰালত এক সাঁচি থ’বলগীয়া সম্পদ ‘অভিশপ্ত ৰাজনন্দিনী’।
সামৰণিত কওঁ যে ডিজিটেল মাধ্যমে শিল্পী-সাহিত্যিকৰ সৈতে দর্শক বা পাঠকৰ সম্পর্ক স্থাপন প্ৰক্ৰিয়ালৈ এক পৰিৱর্তন আনিছে আৰু এই পৰিৱর্তনে শিল্প-সাহিত্যিৰ চিৰাচৰিত অভিভাৱকসকলক চিন্তিত কৰিছে! নবীন সাহিত্যিকৰ অভিষেক আৰু প্ৰৱীণ সাহিত্যিকৰ স্বীকৃতি আৰু মূল্যায়নৰ বাবে সম্পাদক, প্ৰকাশক আনকি সমালোচকো আজি অপৰিহার্য হৈ ৰোৱা নাই। পাঠকৰ সমাদৰ হয় যদি সাহিত্যৰ স্বীকৃতি হয়, ফেচবুকৰ লাইকো সেই সমাদৰৰ সাক্ষী।
অভিশপ্ত ৰাজনন্দিনী উপন্যাসৰ বেটুপাত
অভিশপ্ত ৰাজনন্দিনী (উপন্যাস)
লেখক: ৰিঞ্জুমণি নেওগ বৰা
প্ৰকাশক: ভাষা পাব্লিকেচন, গুৱাহাটী
প্ৰথম প্ৰকাশ: ২০২০
মূল্য: ২৩০ টকা
ISBN: 978-93-5419-018-6
❧ | আৰু পঢ়ক:
- কথাকলিৰ দেশত: কিছু স্মৃতি কিছু অনুভৱ
- বন্ধ কোঠাত ধুমুহা: এখন গল্প সংকলনৰ পঞ্চাছ বছৰ
- আহোমৰ সংকটকালত ভোটাই ডেকা
- য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’
- ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্প সংকলন ‘জীৱনৰ ৰংʼ
Follow Nilacharai on Facebook