সৃ জিত মুখাৰ্জী পৰিচালিত, পৰমব্ৰত চট্টোপাধ্যায় অভিনীত ‘দ্বিতীয় পুৰুষ’ নামৰ চিনেমাখনত ৰূপম ইছলামৰ কণ্ঠত ‘আমি আছি আমি আছি’ (মই আছোঁ মই আছোঁ) বোলা এটি গীত আছে৷ গীতটি বা চিনেমাখনৰ প্ৰেক্ষাপট বা প্ৰতিপাদ্য সুকীয়া হʼলেও নবীন লেখিকা ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ সদ্য প্ৰকাশিত ‘জীৱনৰ ৰংʼ নামৰ গল্প সংকলনখনৰ পাত লুটিয়াই গৈ থাকোঁতে প্ৰায়ে সেই গীতটোলৈ মনত পৰিছে৷ উল্লিখিত গীতটিৰ এঠাইত গাইছে—
‘মই আছোঁ মই আছোঁ
হঠাৎ কিয় পাহৰি যোৱা?
তোমাৰ নিশা সাৰে থকা কবিতাৰ
অন্ত্যমিলতে মোক পোৱা…৷’
ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্পবোৰতো যেন সেই একে ধৰণৰ বাৰ্তা আৰু আশ্বাসেই বেলেগ বেলেগ ৰং-ৰূপেৰে প্ৰতিধ্বনিত হৈছে বাৰে বাৰে— মই আছোঁ মই আছোঁ! সংকলনখনৰ প্ৰায়কেইটা গল্পতে সমাজ আৰু ব্যৱস্থা (system)ৰ পীড়নত পীড়িত মানুহৰ দুখ-দুৰ্দশা-চিৎকাৰ আৰু সেইবোৰক অতিক্ৰম কৰাৰ নিৰলস প্ৰচেষ্টাৰ ছবি আঁকিছে গল্পকাৰে আৰু পৰম মমতাৰে সেই মানুহবোৰৰ কাণত যেন কৈছে— ভয় নকৰিবা ভয় নকৰিবা, মই আছোঁ মই আছোঁ৷ সেয়ে গল্পবোৰৰ চৰিত্ৰবিলাকৰ আঁৰে আঁৰে প্ৰায়ে গল্পকাৰৰ মুখ দেখা পোৱা যায়৷
চৌপাশৰ সমাজৰ বিভিন্ন চৰিত্ৰ, ঘটনা-উপ ঘটনা লৈ ৰূপাঞ্জলিৰ গল্পবোৰ ৰচিত হৈছে৷ একে সময়তে সমাজৰ অতি সহজ-সৰল মানুহ আৰু আধুনিক জটিল মানুহ— দুয়োবিধেই তেওঁৰ গল্পত ভূমিকা লৈ আছে৷
‘জোৰকৈ বজোৱা হাতচাপৰিৰ শব্দই ময়ূৰীৰ দেহ-মন পুলকিত কৰি তুলিলে৷ আজি তাইৰ পুত্ৰৰ বিজয়ৰ যাত্ৰাত সোঁৱে-বাৱেঁ কেৱল মানুহ আৰু মানুহʼ (‘প্ৰাপ্তিʼ)— প্ৰবল ইতিবাচকতা আৰু আশাবাদে প্ৰায়ে ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্পক হাত ধৰি নিছে৷ মানৱীয় প্ৰমূল্যবোধৰ প্ৰতি দায়ৱদ্ধতাও প্ৰায়বোৰ গল্পতে প্ৰোজ্জ্বল৷ ইয়াৰ বিপৰীতে ‘সিদ্ধান্তʼৰ দৰে গল্পত সমাজে সহজে মানি লʼব নোখোজা ধৰণৰ বিষয়ো তেওঁ সাহসিকতাৰে উপস্থাপন কৰিছে৷ সেইদৰে আধুনিক মানুহৰ নিঃসংগতা আৰু সেই নিঃসংগতা অতিক্ৰমৰ বাবে ছচিয়েল মিডিয়াৰ বহুল ব্যৱহাৰৰ প্ৰয়োগ আছে ‘নিষিদ্ধ নিশাৰ জোনাকʼ গল্পত৷ অৱশ্যে গল্পটো অধিক পৰিপূৰ্ণ কৰাৰ সুযোগ থাকিল৷ এটা কথা ক’ব লাগিব, পুনৰাবৃত্তি নকৰাকৈ গল্পকাৰে বেলেগ বেলেগ পটভূমিৰ গল্পৰে সংকলনখন সজোৱাৰ চেষ্টা কৰিছে।
ৰূপাঞ্জলি বৰুৱা বৰদলৈ নতুন লেখিকা৷ কʼব পাৰি, এই সংকলনখন তেওঁৰ অনুশীলনৰ প্ৰাথমিক ইস্তাহাৰ৷ সেয়ে হʼলেও কʼব বিচৰা কথা এটাক শিল্পসন্মতভাৱে কোৱাৰ বুনিয়াদী দক্ষতা তেওঁ আয়ত্ত কৰিছে৷ অৱশ্যেই তেওঁৰ শিল্পক উন্নতৰ কৰাৰ প্ৰচুৰ অৱকাশ ৰৈ গৈছে৷ কেইবাটাও গল্প প্ৰাথমিক ৰূপ-ৰেখা পৰ্যায়তে ৰৈ যোৱা যেন অনুভৱ হৈছে৷ সেই গল্পকেইটা বিস্তাৰ কৰাৰ অনেক সুযোগ-সুবিধা আৰু ততোধিক প্ৰয়োজনীয়তাও আছিল৷ উদাহৰণ স্বৰূপে, সংকলনৰ প্ৰথমটো গল্প ‘আকাংক্ষাʼত মাক-পুতেকৰ সম্পৰ্ক-সংঘাত ভলকৈ উন্মোচিত নোহোৱাকৈয়ে খৰখেদাকৈ এটি পৰিণতি আহি পৰিল৷ পাঠকে হয়তো গল্পটোৱে কʼব বিচৰাখিনি ঠিকেই বুজি পাব, কিন্তু ক্লাইমেক্সলৈ ধীৰে ধীৰে আগবঢ়াৰ উত্তেজনা আৰু সাহিত্য পাঠৰ আনন্দৰ পৰা বঞ্চিত হৈ থাকিব৷
দুটামান গল্পত বিস্তৃত সময়ক ততাভুকুতাকৈ কৰা উপস্থাপন আৰু প্ৰস্তুতিৰ সুযোগ নিদিয়াকৈ আনি দিয়া ফ্লেশ্ববেকে পাঠকৰ ৰসভংগ ঘটাব৷ গল্প নিৰ্মাণৰ কিছুমান কাৰিকৰী বিসংগতিও দুই-এটা গল্পৰ বাবে সীমাৱদ্ধতা হৈ ৰʼল৷
উল্লেখ কৰা দোষ-ত্ৰুটিবোৰ গুচোৱাৰ প্ৰয়াস অব্যাহত ৰাখিলে ৰূপাঞ্জলি ভাল কথক হʼব পাৰিব বুলি আশা ৰাখিছোঁ৷ এই ক্ষেত্ৰত ভাল গল্প পাঠ আৰু সাহিত্য সমালোচনাৰ অধ্যয়নে তেওঁক নিশ্চিতভাৱে সহায় কৰিব৷
‘জীৱনৰ ৰং’ গল্প সংকলনৰ বেটুপাত
উন্নত মানৰ কাগজত নগাঁৱৰ ‘বিৰিখʼত দৃষ্টিনন্দনভাৱে ছপা কৰা কিতাপখন প্ৰকাশ কৰিছে কলিয়াবৰ শাখা সাহিত্য সভাই৷ মনোজ ৰাজকুমাৰৰ বেটুপাতেৰ সমৃদ্ধ পোন্ধৰটা গল্পৰ সংকলন ‘জীৱনৰ ৰংʼ-অৰ বিক্ৰী মূল্য ১০০ টকা৷
জীৱনৰ ৰং (গল্প সংকলন)
লেখক: ৰূপাঞ্জলি বৰুৱা বৰদলৈ
বেটুপাত: মনোজ ৰাজকুমাৰ
প্ৰকাশক: কলিয়াবৰ শাখা সাহিত্য সভা
প্ৰথম প্ৰকাশ: ২০২২
ISBN: উপলব্ধ নহয়
মূল্য: ১০০ টকা
❧ | আৰু পঢ়ক: