লোহা উপন্যাসৰ প্ৰসঙ্গত

লোহা উপন্যাসৰ প্ৰসঙ্গত
  • 13 Feb, 2012

মো ৰ এজন উপন্যাস ভালপোৱা বন্ধুৱে কৈছিল যে ‘লোহা’ৰ কাহিনী হ’ল অসমৰ ৰাইজৰ কলিজাৰ কাহিনী। তেওঁ এই অৰ্থত কথাটো কৈছিল যে যিকোনো এখন জনসমাজৰ বিকাশ আৰু শক্তিৰ ক্ষেত্ৰত লোহাৰ এক কেন্দ্ৰীয় ভূমিকা আছে আৰু মধ্যযুগত অসমত বিকাশ লাভ কৰা লৌহ ধাতুবিদ্যাৰ পাৰম্পৰিক জ্ঞান আৰু কলাকৌশলে এনে এটা পৰ্যায় পাইছিলগৈ যে সি অসমৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। সেই অৰ্থত লোহাৰ ধাতুবিদ্যা নিশ্চয় তেতিয়াৰ সমাজ এখনৰ এটা কেন্দ্ৰীয় (Core) বিষয়।

কিন্তু সাহিত্যিকৰ বাবে নিৰস ধাতুবিদ্যাৰ দিশটো কেন্দ্ৰীয় বিষয় নহয়, ই হ’ল তেওঁলোকৰ সৃষ্টিৰ প্ৰেক্ষাপট। কেন্দ্ৰীয় বিষয় হ’ল এই শিল্পৰ লগত জড়িত মানুহ— যি নিজৰ শ্ৰম, তেজ আৰু ঘামেৰে এই প্ৰয়াসক জীৱন দিছিল। সেই মানুহৰ কাহিনী, তেওঁলোকৰ দুখ বেদনা, আশা-আকাংক্ষা আৰু মানৱীয় অনুভূতিয়েই হ’ল সাহিত্যৰ কেন্দ্ৰীয় বিষয়বস্তু। লগতে এটা যুগ আৰু ইতিহাসৰ প্ৰেক্ষাপটত তেনে মানুহক স্থাপন কৰি তেওঁলোকৰ সামাজিক দিশবোৰ সাহিত্যই পৰীক্ষা কৰি চায়।

অসমৰ মধ্যযুগৰ লৌহ শিল্পৰ মাজত জড়িত হৈ থকা জনজাতীয় আৰু প্ৰাক সামন্তীয় দিশবোৰে বহুদূৰ নিৰ্ণয় কৰিছিল এই শিল্পৰ লগত জড়িত মানুহ আৰু আনকি সামগ্ৰিকভাৱে শিল্পটোৰো ভাগ্য।

লোহা উপন্যাসৰ প্ৰসঙ্গত | ডা° ধ্ৰুৱজ্যোতি বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক