আ ঘোণৰ লখিমীক ভঁৰালত ভৰাই ভোগ আৰু প্রাচুর্যৰে অসমীয়া জাতীয় জীৱনে পালন কৰে মাঘৰ বিহু– ভোগালীৰ উছৱ। অসমীয়া জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা, হৃদয়ৰ স্পন্দন এই ভোগালী বিহু, কৃষিজীৱী চহা সমাজৰ প্রাপ্তিৰ আনন্দ য’ত সংপৃক্ত হৈ আছে। গাঁৱে গাঁৱে জীয়াৰী-বোৱাৰীৰ ব্যস্ততাৰ সীমা নাই। ঢেঁকীৰ মাতত ধৰণী কঁপে। ৰাতি দুপৰলৈ আখলত বিধে বিধে পিঠা-পনা, জা-জলপানৰ যোগাৰত ব্যস্ত হৈ পৰে অসমীয়া জীয়ৰী-বোৱাৰী। ইফালে ল’ৰাহঁতে পথাৰত নৰা কাটি ভেলাঘৰ বা মেজিঘৰ সঁজাত ব্যস্ত হৈ পৰে। উৰুকাৰ নিশা সকলোৱে মিলি ৰং-ধেমালিৰে উদৰ পূৰাই এসাঁজ খোৱাৰ আনন্দই যে সুকীয়া! গাঁৱৰ প্ৰতিজনৰে মাজত থকা একতা-সম্প্রীতিৰ এনাজৰীডাল কটকটীয়া হৈ পৰে মাঘবিহুৰ উৰুকাৰ মেজিঘৰত। নিশাটো ৰং-ধেমালিৰে মেজিঘৰত কটোৱাৰ পাছত পুৱা পৰম্পৰাগত ৰীতি-নীতিৰে অগ্নিদেৱতাক পূজা কৰি মেজিঘৰ জ্বলোৱা হয়, গাঁৱৰ ডেকা-বুঢ়াই একেলগে বিহুৰ জলপান খায়। ইজনে সিজনক বিলাই হিয়াভৰা মৰম আৰু আশীর্বাদ। তাৰ পাছত ঠাই বিশেষে ম’হযুঁজ, কণীযুঁজ, কড়িখেল, বুলবুলি চৰাইৰ যুঁজ আদি পৰম্পৰাগত খেল-ধেমালিৰে বিহুৰ ৰং-আনন্দত মতলীয়া হৈ পৰে অসমীয়া জাতি।
অতি চমুকৈ এয়াই আমাৰ ভোগালী বিহুৰ পৰম্পৰা, এয়াই আমাৰ কৃষ্টি। এয়াই আমাৰ সংস্কৃতি।
কিন্তু আজি পৰিৱর্তনৰ ধুমুহাই বাৰুকৈয়ে কোবাইছে জাতিটোক। চিন্তা হৈছে– পৰিৱর্তনৰ নামত চলিব ধৰা অপসংস্কৃতিৰ বা-মাৰলিত বিধ্বস্ত হৈ পৰিছে নেকি আমাৰ আয়ুসৰেখা বিহুটি?
যোৱা কিছু বছৰৰ পৰা কিছুমান কর্ম-কাণ্ডই ভোগালী বিহুটিক বাৰুকৈয়ে জোঁকাৰি গৈছে। সচেতনসকলে ভাবি চাওক– আমি কিদৰে আজি বিহু পালন কৰিছোঁ? উৰুকাৰ ৰাতি উদযাপনৰ নামত ভেলাঘৰ এটা সাজি মাইক বা ডি জে চাউণ্ড চিষ্টেমত কাণ তাল মৰাকৈ হিন্দী বা বিহুৰ নামত ওলোৱা কিছুমান সস্তীয়া গীত-মাত বজাই, টেঁটুৰ গুৰিলৈকে সেইবিধ ঢালি অশ্রাব্য মাত-কথাৰে উদ্দাম নাচ-বাগ কৰাই ভোগালীৰ আনন্দ নেকি? এয়াই আমাৰ সংস্কৃতি নেকি?
আমাৰ উত্তৰপুৰুষ বা আজি আপোনাৰ-মোৰ উঠি অহা সন্তানসকলে ইয়াৰ পৰা কি ধাৰণা ল’ব? এবাৰ ভাবি চাওকচোন– বিহু সম্পৰ্কত উঠি অহা প্ৰজন্মক আমি কিমান শুদ্ধভাৱে আৰু দায়বদ্ধতাৰে জ্ঞান দান কৰিব পাৰিছোঁ? আজি আমাৰ অসমীয়া জাতি-মাটি গভীৰ সংকটত। আমাৰ কৃষ্টি-সংস্কৃতিলৈ প্ৰত্যাহ্বান আহিছে। এনে প্রেক্ষাপটত আমাৰ ইংৰাজী মাধ্যমত পঢ়া, জাতীয় কলা-সংস্কৃতি, নৃত্য-গীত, পৰম্পৰা আদি সম্পর্কত অলপো ধাৰণা নথকা আজিৰ অধিকাংশ উঠি অহা ল’ৰা-ছোৱালীয়ে যদি আজিৰ তাৰিখত আমাৰ জাতীয় সংস্কৃতি বিহু সম্পর্কে এনেবোৰ ভ্রান্ত ধাৰণা গ্রহণ কৰে, অনাগত সময়ত আমাৰ জাতিটোৰ ভৱিষ্যত বা আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ ভৱিষ্যত কি সেয়া সহজে অনুমেয়।
পৰিতাপৰ কথা, গুৱাহাটী মহানগৰীত যোৱা দুবছৰমানৰ পৰা ৰেডিমেড ভেলাঘৰ কিনিবলৈ পোৱা গৈছে। কথাটো ভাবি চাবলগীয়া। মহানগৰীৰ ওখ ওখ ফ্লেট, এপার্টমেণ্টৰ আৱাসীসকলে এইদৰে ৰেডিমেড ভেলাঘৰৰে ভোগালী বিহু পালনৰ নামত নিজকে কলৈ লৈ গৈ আছে, সেয়া ভাবি চোৱাৰ অৱকাশ নথকা নহয়।
অন্যহাতেদি বর্তমান ভেলাঘৰ নিৰ্মাণৰ কাৰুকার্য মন কৰিবলগীয়া হৈছে। মাঘ বিহু অহাৰ লগে লগে সম্প্রতি ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্রতিযোগিতাই গা কৰি উঠা পৰিলক্ষিত হৈছে। কোনোৱে যদি টাইটানিক জাহাজৰ আৰ্হিত, কোনোৱে আকৌ পাৰ্লিয়ামেণ্ট হাউচৰ আৰ্হিত ভেলাঘৰ সাজিছে। কোনো-কোনোৱে আকৌ ৰংঘৰ-কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে। এটা কথা ঠিক যে অসমীয়া ডেকাসকলৰ শিল্পনৈপুণ্য নিখুঁত ৰূপত প্ৰকাশ পাইছে ভেলাঘৰৰ শিল্পীসুলভ কাৰুকাৰ্যৰ এই অঘোষিত প্রতিযোগিতাখনত। কিন্তু ভোগালীৰ মেজিঘৰত তেনে কাৰুকার্য কৰিও প্ৰকৃতাৰ্থত মাঘবিহুৰ স্বকীয়তা বা জাতীয় সংস্কৃতি কিমান দূৰ ৰক্ষা কৰিব পাৰিছে সেয়াও বিচার্য বিষয়। ইফালে আমাৰ অসমীয়া নিউজ চেনেলকেইটাৰ কথা নকলোৱেই বা! টি আৰ পি লাভৰ নিগনি দৌৰত জাতীয় সংস্কৃতি ৰক্ষাৰ নামত কি কাণ্ড কৰি আছে, সেই কথা নতুনকৈ দোহৰাৰ প্রয়োজন নাই।
তথাপিও ভোগালী আকৌ আহিল। হেঁপাহৰ ভোগালী বিহুটিৰ এই শুভ লগনত কামনা কৰিছোঁ– জাতিৰ এই দুর্যোগৰ সময়ত, আজি অসমীয়া জাতিটোৰ ভৱিষ্যত ৰক্ষাৰ স্বাৰ্থত, বিহু সংস্কৃতিৰ স্বকীয়তা আৰু অসমীয়াৰ স্বাভিমান বৰ্তাই ৰখাৰ স্বাৰ্থত আহক– জাতিটোৰ প্রাণস্পন্দন বিহুক ক্রমশঃ গ্রাস কৰি অহা অপসংস্কৃতিবোৰ আঁতৰাই সুস্থ চিন্তা, সচেতনতা আৰু স্বকীয়তা অটুট ৰাখি ভোগালীৰ ৰং-আনন্দত নিজকে বিলাই দিওঁ, উঠি অহা চামক প্রকৃত ভোগালীৰ ৰূপ-ৰস পাণ কৰিবলৈ শিকাওঁ,– নহ’লে কিন্তু ভৱিষ্যতে আপোনাৰ-মোৰ সন্তানে আমাক দূষিব।
❧ | আৰু পঢ়ক: প্ৰসংগ: অসমীয়া উৎসৱত অসমৰ জাতীয় সাজ-পাৰ পৰিধান
এই গোটাচেৰেক চিন্তাৰেই সকলোলৈকে হেঁপাহৰ ভোগালী বিহুটিৰ অফুৰন্ত শুভ কামনা, মৰম আৰু সেৱা জনাইছোঁ।