চ’
তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈ থাকোঁ মানে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা।
ফাগুনৰ পছোৱাই লঠঙা কৰি যোৱা প্ৰকৃতিৰ বুকুলৈ নামি আহিল বসন্ত। ধূলিৰে ধূসৰিত অশান্তিকৰ নিৰস ক্ষণৰ অৱসান ঘটাই ধৰাৰ বুকুলৈ নামি অহা ফাগুন-চ’তৰ প্ৰথমজাক বৰষুণে প্ৰকৃতিৰ বুকুলৈ নমাই আনে সজীৱতা। ন-উদ্যমেৰে, ন-সাজেৰে সজ্জিত হৈ উঠে গছ, বন, লতা…। বসন্তৰ আলিংগনত প্ৰাণৱন্ত প্ৰকৃতিৰ বুকুত কুঁহিপাতৰ আঁৰত লুকাই উছাহেৰে কুলি-কেতেকীয়ে বিনাই মুখৰিত কৰি তোলে আকাশ-বতাহ। কুঁহিপাতৰ সেউজ সজ্জাৰে সঞ্জীৱিত ধৰাৰ বক্ষ ওপচাই বসন্তৰ সুবাস বিলাই ফুলি উঠা নানা ৰঙী ফুলবোৰৰ সুগন্ধই চৌদিশ আমোলমোলায়। চৰাই-চিৰিকটিৰ সুমধুৰ গুঞ্জনে মুখৰিত কৰে বন-উপবন। এনে সন্ধিক্ষণত বসন্তৰ পৰশত চৌদিশে নতুনৰ সমাহাৰ আৰু সৃষ্টিৰ পয়োভৰে নমাই আনে উলাহৰ মধুৰ বন্যা।
বহাগ— অসমীয়া বছৰটোৰ এক অনন্য মাহ। অসমীয়া জনসমাজত বহাগৰ স্থান সুকীয়া। অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকে নিজস্ব নীতি-নিয়মেৰে বিহু পালন কৰে। অসম বিশেষকৈ কৃষি প্ৰধান ৰাজ্য। সেয়ে অসমৰ কৃষিৰ লগত বিহুৰ এক নিবিড় আৰু মনোৰম সৰ্ম্পক আছে, যাৰ বাবে কৃষিজীৱী চহা অসমীয়াৰ বাবে বিহু বাপতিসাহোন, বিহু চিৰআদৰৰ, চিৰচেনেহৰ। এই বিহু প্ৰতিজন অসমীয়াৰ দেহৰ-মনৰ, প্ৰাণৰো প্ৰাণৰ। সেয়েহে স্বনামধন্য শিল্পী, অসমৰত্ন ড০ ভূপেন হাজৰিকাই গীতৰ ভাষাৰে কৈছিল—
বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ।
বহাগ মানেই ভালপোৱাৰ অলেখ সপোন, অলেখ ৰং, অলেখ প্ৰতিশ্ৰুতিৰ অপূৰ্ব সমাহাৰ। মনৰ মাজত এপাহি-দুপাহিকৈ পাহি মেলে আশাৰ ফুলপাহে। বুকুত জাগে নতুন জীৱন গঢ়াৰ দুৰ্বাৰ সপোন। বসন্তৰ আগমনে প্ৰকৃতিৰ বুকুলৈ সজীৱতা অনাৰ দৰে মানুহৰ মনবোৰো হৈ উঠে প্ৰাণৱন্ত। উখল-মাখল হৈ উঠে হিয়াৰ পদূলি।
বিহু বুলিলেই ফাগুন-চ’তৰ পৰাই আৰম্ভ হয় অসমীয়া গ্ৰাম্য জীৱনত অন্তহীন ব্যস্ততা। গাঁৱৰ প্ৰতিঘৰ গৃহস্থই চোতাল-ঘৰ-পদূলি চিকুণাই বিহুটিক আদৰিবলৈ তৎপৰ হৈ উঠে। হাত সাবটি বহি নাথাকে জীয়ৰী-বোৱাৰীহঁত। চেনেহৰ বিহুৱানখন বৈ উলিওৱাৰ যুদ্ধংদেহী তৎপৰতাৰে সকলো ব্যস্ত হৈ পৰে। পিঠা-পনা ভজা-পোৰাৰ সুগন্ধিয়ে বিহুৰ দিনকেইটাত আমোলমোলাই তোলে প্ৰতিঘৰ অসমীয়াৰ ৰান্ধনীশাল। এইদৰেই আৰম্ভ হয় বহাগ বিহু তথা ৰঙালী বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি।
বহাগ বিহুৰ উখল-মাখল পৰিৱেশ, উলহ-মালহে অসমীয়া জাতীয় জীৱন আনন্দমুখৰ কৰি তোলে। ঢোল, পেঁপা, গগনাৰ হিয়া উতলা কৰা ঐকতানে হৃদয়ত জগাই তোলে বিপুল উৎসাহ। বহাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা পুৱাৰ পৰা প্ৰতিঘৰ অসমীয়াৰ ঘৰত ব্যস্ততাৰ শেষ নাই। গৰুক মাহ-হালধিৰে গা ধুওৱাৰ পৰা গধূলি ন-পঘাৰে বন্ধা, বিহুৰ পিঠা আদি খুওৱা, দীঘলতি-মাখিয়তী পাতেৰে কোবাই বছৰটোৰ বাবে মহ-মাখি খেদোৱাৰ লগতে কুশল-মংগল কামনা কৰা হয়।
গধূলি পৰত গোহালিৰ সন্মুখত আৰু পদূলিত তুঁহৰ লগতে বিভিন্ন শাকৰ জাগ দিয়া হয়। এনে কৰিলে পশুধন বেমাৰ-আজাৰৰ পৰা বছৰটোলৈ ৰক্ষা পৰে বুলি বিশ্বাস। উল্লেখ্য যে গৰুক গা-ধুৱাওঁতে হালধি, লাও, বেঙেনা, থেকেৰা আদি চিলাই ল’বলৈ সজা চাটকেইডাল গোহালিৰ চালত গুজি থোৱাৰ লগতে সেই চাটৰ হালধি, লাও, বেঙেনা, থেকেৰা, দীঘলতী, মাখিয়তী আদি ঘৰৰ দুৱাৰমুখত আঁৰি থ’লে বেমাৰ-আজাৰ আৰু মাখিৰ উপদ্ৰৱ কমে বুলি বিশ্বাস। আন এক বিশ্বাস অনুসৰি নতুন বছৰটো যাতে সকলোৰে বাবে মংগলময় হয়, প্ৰাকৃতিক দুৰ্যোগ আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰ মাজত দিন কটাব পাৰে, তাৰ কাৰণে তলৰ মন্ত্রফাকি নাহৰৰ পাতত লিখি দুৱাৰ মুখত আঁৰি থোৱা নিয়ম—
দেৱ দেৱ মহাদেৱ
নীল গ্ৰীৱ জঁটাধৰ
বাত বৃষ্টি হৰং দেৱ
মহাদেৱ নমস্তুতে।
অৱশ্যে সময়ৰ সোঁতত সম্প্ৰতি এনে বিশ্বাসবোৰ মানুহৰ মাজত কমি অহা যেন অনুভৱ হয়।
গৰু বিহুৰ পিছদিনা অৰ্থাৎ মানুহ বিহুৰ দিনা ঘৰৰ জ্যেষ্ঠ জনক বা সমাজৰ জ্যেষ্ঠসকলক মান অনুসৰি শ্ৰদ্ধা আৰু সেৱা জনাই বিহুৱান যঁচা অসমীয়া সংস্কৃতিৰ এক বিশেষ বৈশিষ্ট্য। বিহু বুলিয়েই ঘৰে ঘৰে প্ৰস্তুত কৰা বিভিন্ন পিঠা-পনা, জা-জলপান, দৈ-চিৰা, গুৰ, লাড়ু ,কোমল চাউল আদি যিয়ে যেনেকৈ পাৰে অতিথিক আপ্যায়ন কৰি আশিস লাভ কৰে। সেইদিনা সৰু -ডাঙৰ সকলো গাঁৱৰ নামঘৰত একত্রিত হৈ বছৰটোৰ কুশল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।
বিভিন্ন ঔষধি গুণসম্পন্ন বনশাকেৰে আমাৰ ৰাজ্যখন চহকী, সেয়ে অতীজৰে পৰা গোঁসাই বিহুৰ পিছদিনা চেৰা বিহুৰ দিনা এশ এবিধ শাক ভাজি খোৱাৰ নিয়ম। ই বিজ্ঞানসন্মও আৰু স্বাস্থ্যৰ বাবেও উপকাৰী। অসমীয়া গ্ৰাম্য সমাজত ইয়াক ‘সাত শাকী’ বুলিও জনা যায়। শাক খোৱাৰ দৰে বহাগ বিহুত ‘সাত তিতা’ খোৱাৰ পৰম্পৰাও বিদ্যমান। ‘সাত তিতা’ৰ ভিতৰত নিম, ভেঁকুৰী তিতা, কেৰেলা, শোকোতা, তিতা বাহক, বেত গাজ আৰু শেৱালি ফুল— এই সাত বিধ তিতা খালে পেটৰ অসুখ, পেলু আদি নহয় বুলি বিশ্বাস আছে। সেইদৰে বিহুৰ দিনা আমৰ কলি, কঁঠালৰ মুচি খোৱাৰ নিয়ম আছে। ই গ্ৰহণী ৰোগ নিৰাময় কৰাত সহায় কৰে।
বিভিন্ন লোক-কৃষ্টিৰ সমলেৰে সমৃদ্ধ বিহুৰ আন এক অন্যতম বৈশিষ্ট্য হ’ল হুঁচৰি। হুঁচৰি বহাগ বিহুৰ এক মনোৰম অনুষ্ঠান। গাৱঁৰ ৰাইজ একত্রিত হৈ গৃহস্থৰ চোতালত হুঁচৰি গাই গৃহস্থৰ কুশল কামনাৰে আশীৰ্বাদ প্ৰদান কৰে। সাধ্যানুসাৰে গৃহস্থই আগবঢ়োৱা অৰিহণাৰ ধন ৰাজহুৱা কামত ব্যয় কৰা হয়। বিহুৰ এনে অনুষ্ঠানবোৰে মানুহৰ মাজত সমন্বয়, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰে।
সম্প্ৰতি পৰিৱৰ্তিত সময়ৰ লগে লগে সভ্যতা-সংস্কৃতিলৈও নামি আহিছে অভাৱনীয় পৰিৱৰ্তন। আধুনিক সমাজ ব্যৱস্থাই স্পৰ্শ কৰি গৈছে বহাগৰ ৰং-ৰহইচ, আনন্দ-উল্লাসক। আধুনিকতাৰ ধামখুমীয়াত অথবা অহেতুক ব্যস্ততাৰ দোহাই দি পূৰ্বৰ দৰে বিহুৰ পৰম্পৰা-ঐতিহ্য পালনৰ দায়ৱদ্ধতাৰ পৰা যেন মানুহে কিছু দূৰৈত অৱস্থান কৰিছে। জ্যেষ্ঠসকলক সন্মান কৰাৰ পৰম্পৰা, থলুৱা জা-জলপান, পিঠা-পনা প্ৰস্তুত কৰাৰ হাবিয়াস, অতিথিপৰায়ণতা, মৰম-চেনেহৰ বিনিময় তথা শান্তি-সম্প্ৰীতি, ভ্ৰাতৃত্ববোধৰ মূল্যবোধ যেন ক’ৰবাত হেৰাই যাবলৈ ধৰিছে। এনে সন্ধিক্ষণত বিহুৰ প্ৰকৃত মাদকতা আৰু স্বকীয় বৈশিষ্ট্যত যেন কৃত্রিমতা আহি পৰিছে। বিহুত অতিকৈ আৱশ্যকীয় দীঘলতী, মাখিয়তী, তৰাগছ, থেকেৰা, বৰবেঙেনাকে আদি কৰি সামগ্ৰীসমূহ কিছু বছৰ আগলৈকে গাঁৱে গাঁৱে সহজে উপলব্ধ আছিল যদিও আজিকালি বিভিন্ন কাৰণত সেইসমূহ বজাৰতহে সহজলভ্য হৈ পৰিল। এককথাত বজাৰমুখী হ’ল।
বহু ক্ষেত্রত দেখা যায়, বিহু এতিয়া বাণিজ্যিকীকৰণৰ দিশে ধাৱমাণ। বিহুৰ পৰম্পৰাগত খাদ্যসম্ভাৰ, সাজ-পোছাক, বিশেষকৈ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বিহুৱানখনো সম্প্ৰতি বাহিৰৰ বণিক গোষ্ঠীৰ হাতোৰাত বন্দী। কম মূল্যত মেচিনত তৈয়াৰী গামোচা বজাৰত সহজলভ্য হৈ পৰাত থলুৱা শিপিনীৰ তাঁতশালখনৰ ব্যৱহাৰ তথা আদৰ কমি আহিবলৈ ধৰা পৰিলক্ষিত হৈছে। এটা কথা ঠিক যে অসমীয়া সমাজ ব্যৱস্থাত তাঁতশালখনক বাদ দি অসমীয়া নাৰীৰ জীৱন আধৰুৱা। গৃহস্থালি জঞ্জালৰ মাজতো তাঁতশালত বৈ উলিওৱা চেনেহৰ বিহুৱানখন, অন্যান্য কাপোৰবোৰৰ চালে চাই ৰোৱা সৌন্দৰ্যৰ মাজত অসমীয়া নাৰীৰ মৰম-চেনেহ, শ্ৰদ্ধা-ভক্তি, কলাসুলভ সৌন্দৰ্যবোধৰ চেতনা, কমৰ্দক্ষতা সুন্দৰ নিদৰ্শন প্ৰতিফলিত হৈ আহিছে। সেয়ে হয়তো বিভিন্ন কাৰণত গাঁৱৰ মহিলাসকলৰ মাজত তাঁতশালৰ ব্যৱহাৰ কমি আহিলেও এলাগী হোৱা নাই অথবা আদৰ কোনোগুণে কমি অহা নাই।
ঠিক সেইদৰে অসমীয়া জনজীৱনৰ আন এক গুৰুত্বপূৰ্ণ সম্পদ ঢেঁকীৰ ব্যৱহাৰো দিনে দিনে কমি আহিছে। যি ঢেঁকীৰ শব্দই বিহু আহিল বুলিলেই ৰজনজনাই উঠিছিল গাঁৱৰ প্ৰতিঘৰ গৃহস্থৰ পিছচোতালৰ ঢেঁকীশাল, সেই ঢেঁকী এতিয়া ক্ৰমাৎ এলাগী হৈ আহিল। বিহুৰ উখল-মাখলৰ বতৰতো বহুতৰে ঘৰত নিমাওমাও হৈ থাকে ঢেঁকীশাল।
সময়ৰ লগে লগে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি, কৃষিৰ উৎপাদন হ্ৰাস, প্ৰাকৃতিক দুৰ্যোগ, কৰ্মসংস্থাপনৰ অভাৱত ঘৰুৱা আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰা এনে এশ এবুৰি সমস্যাই জনজীৱন দুৰ্বিসহ কৰি তুলিছে। সম্প্ৰতি সাধাৰণভাৱে জীয়াই থকাৰ তাড়নাত মানুহ আঁতৰি আহিব লগা হৈছে বিহুৰ প্ৰকৃত ৰং-ৰহইচ, আনন্দ-উৎসৱৰ পৰা। তথাপিও আমাৰ আশা— উভতি আহক অসমীয়াৰ মাজলৈ পুনৰ পূৰ্বৰ অকৃত্ৰিম আনন্দ-উলাস। অসমত বসবাস কৰা সমগ্ৰ জাতি-জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি উঠা বৰ অসমীয়া জাতিক গৌৰৱান্বিত কৰা আমাৰ লোকজীৱনৰ সান্নিধ্য বিজড়িত, মাটিৰ গোন্ধ মিশ্ৰিত সাংস্কৃতিক উপাদানসমূহ আৰু বিশেষকৈ বিহুৰ পৰম্পৰাসমূহ সংৰক্ষণ কৰি ৰখাটো আমাৰ সকলোৰে পৰম দায়িত্ব আৰু কৰ্তব্য।
❧ | আৰু পঢ়ক: