ফাগুনৰে পাতে পাতে
লিখা আছে ইতিহাস,
সৰি যাব উৰি যাব
নিয়তিৰ পৰিহাস।
সময়ৰে ফাকে ফাকে
পোখা মেলে কুঁহিপাতে,
সেউজী ৰূপৰ ন-বেশ।
অনাগত বসন্তৰ
যি দিয়ে আভাস,
পিন্ধি সাজ নিভাঁজ।
ফাগুনৰ আকাশৰ
আবিৰ ৰঙীন ৰঙে,
কুলি-কেতেকীৰ বিষাদ সুৰে
আবেগৰ পাৰ ভাঙে,
বিহুৰ এফাকি যোজনাই
কাৰনো টোপনি ভাঙে—
অপেক্ষা শেষৰ বাতৰি আনে!
❧ | অধিক কবিতা: