নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

তোমাৰ ভৰি দুখন

তোমাৰ ভৰি দুখন

মূল: পাবলো নেৰুডা (১৯০৪ ১৯৭৩)
অনুবাদ: হৰিপ্ৰসাদ

✽

ম‍ই যেতিয়া তোমাৰ চকুৰ ফালে চাব নোৱাৰোঁ ম‍ই তোমাৰ ভৰি দুখনৰ ফালে চাওঁ। ধনুভিৰীয়া হাড়েৰে দুখন ভৰি কঠিন অকণমানি তোমাৰ ভৰি।

ম‍ই জানো অকণমানি দুখন ভৰিয়ে তোমাক কেনেদৰে সমৰ্থন কৰে আৰু যে তোমাৰ সঠিক ওজনো সিহঁতেই বহন কৰে।

তোমাৰ নাচি থকা ভ্ৰু আৰু মৰমৰ ভাষা দীঘল চুলিটাৰি আৰু উজ্জ্বল দুচকু লাৱনী হাতৰ পৰশ পুৱাৰ কিৰণে লুকাভাকু খেলা বুকুৰ উঠা-নমাবোৰ অঙ্গে অঙ্গে সঙ্গে ৰঙ্গে চিত বিনন্দীয়া।

কিন্তু ম‍ই ভালপাওঁ তোমাৰ ভৰি দুখন এই কাৰণেই যে সিহঁতে খোজ কাঢ়ি ফুৰে মাটিৰ ওপৰেৰে, বতাহৰ ওপৰেৰে আৰু পানীৰ ওপৰেৰে যেতিয়ালৈকে সিহঁতে মোক জব্দ নকৰে।

পাবলো নেৰুডা (Pablo Neruda)-ৰ বিষয়ে জানক।

এই লেখকৰ সকলো লেখা চাওক →
তোমাৰ ভৰি দুখন | হৰিপ্ৰসাদ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...