মূল: (পঞ্জাৱী) অমৃতা প্ৰীতম
অনুবাদ: বৃষ্টিবন্যা
[চাৰ্লছ ব্ৰাখ (Charles Brasch)-এ কৰা ইংৰাজী অনুবাদৰ পৰা]
✽
ৰেখাডালৰ একাষে আছে মোৰ পাপ
আৰু আনকাষে আছে মোৰ যাতনা।
মই ভাবিছিলো আইৰ বুকুৰ অমৃতৰ এই সুগন্ধি
পৱিত্ৰতাই আছিল
কিন্তু সেই অমৃত পান কৰা মাত্ৰেই বিষাক্ত হৈছিল মোৰ ওঁঠ।
ফুটোঁনে নুফুটোঁকৈ মোৰ ওঁঠযুৰিয়ে
যিয়েই উচ্চাৰণ কৰিছিল
সেয়া আজি হৈ পৰিছে মিথ্যা।
গভীৰ নিশা
জৰায়ুটো কেৱল মোৰ আছিল
এতিয়া আন্ধাৰবোৰ পমি গ’ল।
দিনৰ পোহৰৰ ক’লা সাপডালে
মোক দংশন কৰিছিল
আৰু বিষবোৰ বিয়পি পৰিছিল মোৰ অংগে অংগে।
মোৰ দুচকুৰ অপৰিচিতখিনিত
মোৰ পৰিচিত ৰূপটি বিচাৰি ফুৰোঁ।
যিটো ৰূপে নিজক দেখি লজ্জাবোধ কৰে
সেই ৰূপ যিয়ে সপোন দেখিবলৈ ভয় কৰে
আৰু সপোন দেখা নোপোৱাৰ শংকাতো আতুৰ হয়
মুখ তুলি চাব নোৱাৰে মোৰ মুখলৈ।
সম্ভৱতঃ মোৰ সমগ্ৰ জীৱন জুৰি
এই আচৰিত দেহটোতে গুজি থ’ব লাগিব মোৰ দুহাত,
বিচাৰি ফুৰিব লাগিব প্ৰথমেই বুজি উঠা সেই প্ৰেম।
বৈধ আৰু নিষিদ্ধ দেহত
মই বিচাৰিব লাগিব সেই প্ৰেমৰ মিষ্টতা
আৰু সেই প্ৰেমৰ মহানুভৱতা।
কিয় বাৰু বৰষিলে এই অভিশাপ মোৰ ওপৰত?
ৰেখাডালৰ একাষে আছে মোৰ পাপ
আৰু আনকাষে আছে মোৰ যাতনা।
❧ | আৰু পঢ়ক: গুলজাৰৰ কবিতা
✽
অমৃতা প্ৰীতম

জ্ঞানপীঠ বঁটা প্ৰাপক অমৃতা প্ৰীতম এগৰাকী কবি, ঔপন্যাসিক। তেখেতে মূলতঃ পঞ্জাৱী আৰু হিন্দীত লেখা-মেলা কৰিছিল। অমৃতা প্ৰীতমৰ জন্ম হৈছিল ৩১ আগষ্ট ১৯১৯ত তদানীন্তন ভাৰত (বৰ্তমানৰ পাকিস্তান)ৰ গুজৰানৱালাত আৰু মৃত্যু হৈছিল ৩১ অক্টোবৰ ২০০৫ তাৰিখে দিল্লীত। এই বছৰ (২০১৯)ত অমৃতা প্ৰীতমৰ জন্মৰ শতবৰ্ষ পূৰ্ণ হৈছে।
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।