পানীচকৰি: সৰু পৰিয়ালৰ আশা-প্ৰত্যাশাৰ সাৰ্থক উপস্থাপন

পানীচকৰি: সৰু পৰিয়ালৰ আশা-প্ৰত্যাশাৰ সাৰ্থক উপস্থাপন
  • 24 Jan, 2023

দে শ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ প্ৰতিযোগিতাত চুটি ছবিৰ বাবে দুকুৰিৰো অধিক সন্মান লাভেৰে উজলি উঠিছে অসমৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱক। নাম তেওঁৰ অৰিন্দম বৰুৱা। এই উৎসাহী যুৱ ছবি নিৰ্মাতাজনে নিজা চিন্তা, প্ৰচেষ্টা, একাগ্ৰতা আৰু সাধনাৰে কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি সফলতাৰ জখলাত আগবাঢ়ি গৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁ এই পৰ্যন্ত নিৰ্মাণ কৰা মুঠ ষোল্লখন চুটি ছবিৰ প্ৰায় প্ৰতিখনেই বিভিন্ন দেশৰ বহুসংখ্যক চুটি ছবি প্ৰতিযোগিতাত সন্মানজনক স্থান দখল কৰিছে। প্ৰচাৰবিমুখ এই ছবি নিৰ্মাতা-পৰিচালকজনৰ সফলতাই স্বাভাৱিকতেই অসমীয়া ছবি জগতলৈ কঢ়িয়াই আনিছে আশাৰ বতৰাৰ লগতে সবল প্ৰতিশ্ৰুতি।

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত মাধৱ গাঁৱৰ এটি সংস্কৃতিবান পৰিয়ালৰ সন্তান অৰিন্দম বৰুৱাৰ পিতৃ ৰুণ বৰুৱা কৰ্মসূত্ৰে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অভিযন্তা (বৰ্তমান গুৱাহাটী নিৱাসী) আৰু মাতৃ ৰীতা ভূঞা বৰুৱা সাম্প্ৰতিক অসমৰ প্ৰতিষ্ঠিত কবি-সাহিত্যিক। পিতৃ-মাতৃৰ লগতে দুলীয়াজানত থাকি দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰাৰ পাছত গুৱাহাটী (জালুকবাৰী)ৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰি সোঁতৰ বিপৰীতে গৈ চুটি ছবি নিৰ্মাণত ব্যস্ত হৈ পৰে।

চুটি ছবিৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু স্বীকৃতি লাভেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এই যুৱকগৰাকীক সাক্ষাৎ কৰি জানিব বিচৰাত তেখেতে কয়— সৰুতে তেখেতে ছবি চাবলৈ ভাল পাইছিল যদিও ছবি নিৰ্মাণৰ প্ৰতি কোনো স্পৃহা নাছিল। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে তেওঁৰ কিদৰে ছবি নিৰ্মাণ কৰে— এই সম্পৰ্কে আগ্ৰহ জন্মে আৰু ২০১৪ চনত নিজকে এগৰাকী ছবি নিৰ্মাতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। আন এক প্ৰশ্নৰ উত্তৰত তেখেতে কয়— তেখেতৰ ছবি নিৰ্মাণৰ প্ৰথম যাত্ৰা আৰম্ভ হয় ‘এটি নতুন প্ৰভাত’ নামৰ এখন চুটি ছবিৰ মাজেৰে। তেওঁ ২০১৪ চনত ‘নৰ্থ বেংক’ নামৰ পূৰ্ণদৈঘ্যৰ অসমীয়া ছবিখনৰো সহকাৰী পৰিচালক হিচাপে সফলতাৰে কাম কৰাৰ উপৰিও প্ৰচাৰ আৰু প্ৰযোজনা বিভাগৰ দায়িত্বও বহন কৰে। এই পৰ্যন্ত নিৰ্মাণ কৰা প্ৰায়সংখ্যক ছবিয়েই দেশে-বিদেশে সমাদৰ লাভ কৰাত যথেষ্ট উৎসাহী আৰু আনন্দিত বুলি প্ৰকাশ কৰি দেশ-বিদেশৰ পৰা বুটলিবলৈ সক্ষম হোৱা পুৰস্কাৰৰ তালিকা আৰু মানপত্ৰ আমাৰ আগত প্ৰদৰ্শন কৰে।

শেহতীয়াকৈ অৰিন্দম বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ‘পানীচকৰি’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনে কেবাটাও চলচ্চিত্ৰ মহোৎসৱত সন্মানজনক স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উজনি অসমৰ এখন গাঁৱৰ এটা সৰু পৰিয়ালৰ জীৱন ধাৰণৰ প্ৰণালী, তেওঁলোকৰ সুখ-দুখ, হাঁহি-কান্দোন তথা কথনশৈলী ইত্যাদিক উপজীব্য কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে ‘পানীচকৰি’ ছবিখন। অতি কম বাজেটেৰে নিৰ্মাণ কৰা ছবিখনত অৱশ্যে দৰ্শকে ছবি চোৱাৰ এক বিশেষ খোৰাক লাভ কৰিব। ইয়াৰ মূলতে হ’ল ছবিখনৰ পৰিচালকৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলাকুশলীৰ চিনেমা সম্পৰ্কীয় প্ৰাথমিক আৰু যথাযথ জ্ঞান, তেওঁলোকৰ নিষ্ঠা আৰু কামৰ প্ৰতি থকা দুৰন্ত হেঁপাহ তথা ব্যৱহাৰিক কষ্ট।

দেখা গৈছে, সাম্প্ৰতিক কালত ছবি নিৰ্মাণৰ ক্ষেত্ৰত বহু নতুন নতুন পৰিচালকে নিত্য-নতুন চিন্তা-চেতনা, কৌশল, প্লট, অভিনয় আদিৰ প্ৰয়োগৰে অসমীয়া ছবি নিৰ্মাণৰ ক্ষেত্ৰত বহু নতুনত্ব কঢ়িয়াই আনিছে। বহু বিগ বাজেটৰ ছবি নিৰ্মাণৰ বিপৰীতে অতি কম খৰচত ৰুচিসম্পন্ন মননশীল ছবি নিৰ্মাণ কৰি এই সকল প্ৰতিভাৱান ছবি পৰিচালক-নিৰ্মাতাই বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। ই নিশ্চিতভাৱে অসমীয়া ছবিজগতলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে। ইয়াৰ উপৰি ভাষাৰ ক্ষেত্ৰত চলিত মূল সুঁতিৰ ভাষাৰ উপৰিও ভিন ভিন অঞ্চলৰ কথিত ভাষাৰ ব্যৱহাৰেৰেও এচাম পৰিচালকে অসমীয়া চিনেমা নিৰ্মাণ কৰি সফলতা অৰ্জন কৰা পৰিলক্ষিত হৈছে। ‘পানীচকৰি’ ছবিখনতো দৰ্শকে তেনে ভাষাশৈলীৰে সোৱাদ পাব।

বয়সৰ লেখেৰে কম হ’লেও অভিজ্ঞতাৰ লেখেৰে অৰিন্দম বৰুৱাই ছবি নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যেই পৰিপক্কতা আহৰণ কৰিছে। বৰুৱাই তেখেতৰ নিজস্ব দৃষ্টিকোণ আৰু শৈলীৰে ‘পানীচকৰি’ৰ প্ৰতিটো শ্বট সজাই তুলিছে এক অনন্য ৰূপত। এখন ভিতৰুৱা গাঁৱৰ সামগ্ৰিক উপস্থাপনৰ দিশটোত পৰিচালকে সফলতা লাভ কৰিছে। কেইটামান দৃশ্য অতি মননশীল ৰূপত দাঙি ধৰিছে। কেইবাটাও দীৰ্ঘস্থায়ী শ্বট্‌ ব্যৱহাৰ কৰা ছবিখনত উজনি অসমৰ মটক জনগোষ্ঠীৰ ভাষাশৈলীৰ প্ৰয়োগ মন কৰিবলগীয়া।

‘পানীচকৰি’ ছবিখন ইতিমধ্যে কেৰেলাৰ ত্ৰিচুৰত অনুষ্ঠিত ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, হায়দৰাবাদত অনুষ্ঠিত ইণ্ডিক ফিল্ম উৎসৱ, ডিব্ৰুগড়ত অনুষ্ঠিত নৰ্থ-ইষ্ট ইণ্টাৰনেচনেল ডকুমেন্টৰী এণ্ড ফিল্ম ফেষ্টভেল আৰু ভাৰতৰ তথ্য-প্ৰযুক্তি বিভাগৰ আন্তৰাষ্ট্ৰীয় চিনেমা বিভাগে গোৱাত অনুষ্ঠিত কৰা ফিল্ম বাজাৰ ২০২২-ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হয়। ছবিখন গল্পকাৰ ক্ষীপ্ৰকল্প গগৈৰ ‘ভগৱানৰ সমাধি’ শীৰ্ষক এটি গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে।

পানীচকৰিৰ পোষ্টাৰ

পানীচকৰিৰ পোষ্টাৰ

‘পানীচকৰি’ৰ চিত্ৰনাট্য ৰীতা বৰুৱা, ইন্দ্ৰনীল গায়ন আৰু অৰিন্দম বৰুৱাৰ; সংলাপ ৰীতা বৰুৱাৰ; চিনেমাটোগ্ৰাফী আন্তৰিক বৰবৰাৰ; সহযোগী ৰিষিকা বৰুৱা, ভাস্কৰজ্যোতি দত্ত আৰু শান্তনু তামুলী; মুখ্য সহকাৰী পৰিচালক গৌৰৱ হালৈ। ছবিখনত অভিনয় কৰিছে বিমল চেতিয়া, দীপামণি চেতিয়া, মীণাক্ষী চেতিয়া, দিম্পল বৰুৱা আদিয়ে। ছবিখনৰ শব্দ, দৃশ্যগ্ৰহণ, সংগীত সজ্জা, সম্পাদনা তথা অভিনয় অতি চিত্তাকৰ্ষক আৰু পাৰদৰ্শী হৈছে। ছবিখনৰ শেষলৈ সমাজৰ ৰাজনৈতিক-সামাজিক কঠোৰ বাস্তৱ এটিৰ মননশীল উপস্থাপনে অন্য এক মাত্ৰা প্ৰদান কৰিলে। এক কথাত, সামগ্ৰিক কুশলতাৰে নিৰ্মিত ‘পানীচকৰি’ ছবিখনে সংবেদনশীল, ৰুচিবান অসমীয়া দৰ্শকৰ হৃদয় জয় কৰিব বুলি আমাৰ বিশ্বাস।

❧ | আৰু পঢ়ক:

পানীচকৰি: সৰু পৰিয়ালৰ আশা-প্ৰত্যাশাৰ সাৰ্থক উপস্থাপন | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Facebook