আৰম্ভণিৰ কোনো শেষ নাথাকে
শেষৰ জানো আৰম্ভণি থাকে?
ধৰি লোৱা,
পাঠকসকলক বিভ্ৰান্ত কৰিবৰ বাবেই এয়া এক চক্ৰান্ত নাইবা ই এটা মেটাফিজিকেল ইলিজি।
কিন্তু কিমান বিশ্বাসযোগ্য?
বিশ্বাস কৰিব পৰাকৈ এই মুহূৰ্তত পৃথিৱীৰ কোনোজন মানুহেই বিশ্বাসী নহয়।
অথচ আমি বিশ্বাস কৰোঁ ইজনে সিজনক, সিজনে আনজনক।
বিশ্বাসে মিলয় হৰি…
বহুদিন ধৰি কাহিনী কথক মানসিক অস্থিৰতাত ভুগিছে। প্ৰতিদিনেই পুৱাৰ পৰা গধূলিলৈ কেৱল চহৰখন চলাথ কৰিছে।
— কাহিনী ক’ত?
— কাহিনী নাই।
— কাহিনী ক’ৰবালৈ গুচি গৈছে…
কাহিনী ক’ৰবালৈ গুচি যোৱাটোক লৈ বৰ্তমান সময়ত গোটেই চহৰখনৰ মানুহবোৰৰ মুখত একো একোটা মুখৰোচক কাহিনী, যেন এক গুজব! কাহিনীক লৈ এতিয়া সৰৱ একাংশ সংবাদ মাধ্যমো।
হয়! হয়! নিশ্চয়কৈ! বৰ্তমান সময়ত মই উপস্থিত আছোঁ কাহিনীৰ ঘৰৰ চৌহদত। এই বিষয় সন্দৰ্ভত মই ওচৰ-চুবুৰীয়া কিছু লোকৰ মতামত ল’বলৈ আগবাঢ়িছোঁ।
হয়! কওকচোন!
আপোনাক সুধিছোঁ।
কাহিনীৰ প্ৰতিৱেশী হিচাপে কাহিনীৰ বিষয়ে আপুনি কি জানে? অলপ জনাবচোন।
দাদা! আমিতো কাহিনীক জানি না।
বাৰু তেন্তে আপুনি কওকচোন।
ময়ো নাজানো। এনেয়ে কেমেৰা দেখিহে দৌৰি আহিলো।
হয়! হয়!
বৰ্তমানলৈকে কাহিনী নিৰুদ্দেশ হোৱা ঘটনাটোক লৈ কোনো ধৰণৰ স্থিতি স্পষ্ট হোৱা নাই।
ধেৎ! এই যে ফিউজ বাল্ব যেন লগা মানুহবোৰ!
চব বেং!
কি বেং?
পাত বেং!
মন্থৰ বতাহজাকত শুই থকা সৰাপাতবোৰৰ দৰেই কথাবোৰ! দ্যুতিময় আকাশত মেঘৰ কাচোনমতী খোজ! কিন্তু সেই খোজ ভাৱলেশহীন!
কাঞ্চন!
আস্ বৰ ধুনীয়া,
খোপাতে গুঁজি দিওঁ দিয়া!
তেওঁ ঘূৰি চালে
দূৰৈৰ পাহাৰ দেখিবলৈ বৰ শুৱনি!
নহয় নে?
বহুদিন! বহুৰাতি!
সেই খোজ… নিখোজ!
— হেৰাই যোৱা
— হেৰাই গ’লো!
লাহে লাহে বতাহজাকে খবৰটো কঢ়িয়াই আনিছিল। মই তেওঁক দেখিছোঁ! অকলশৰে নাদ এটাত শুই আছে। এয়া কি সময়! দিন-ৰাতি! দিন এটা গৈ গৈ ৰাতি হয় আৰু ৰাতিটো এটা প্ৰাচীন উঁইহাফলু। মই হাফলুৰ ভিতৰলৈ সোমাই গৈ আছোঁ অথচ পৰুৱাবোৰ!
মই মোৰ দৰে কথাবোৰ ভাবিছোঁ
মই মোৰ দৰে কথাবোৰ লিখিছোঁ
ৰাতিবোৰ ৰাতি হোৱাৰ দৰে
আৰু সময়?
Time is the healer
Time moves…
মৃতকক আগচোতালত শুৱাই থোৱা হৈছিল। তেতিয়ালৈকে বগা সাজযোৰ আহি পোৱা নাছিল। মই সেই প্ৰাচীন হাফলুটোৰ পৰা তেওঁক চাই আছোঁ। ইমান দিনেতো চায়ে থাকিলো, চুবহে নোৱাৰিলো।
কি এই উশাহৰ টান!
সেই খবৰটোত কি আছিল?
মই তেওঁৰ চকুৰে চাবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁৰ চকুত তেতিয়া শিলচেঁচা পানী।
২ মিনিট ২০ চেকেণ্ড
এটা সৰু কাহিনী কোৱাৰ বাবে যথেষ্ট সময়। সেই কাহিনীত কৌশল খটোৱাৰ কিটিপ অৱশ্যেই মোৰ হাতত নাই।
My words with myself always remain incomplete— হয়তো ডায়েৰীৰ কোনোবা এটা পৃষ্ঠাত লিখা আছিল।
পানীপৰুৱাৰ জাকটো পোহৰমুখী হৈছে আৰু মই লাহে লাহে আন্ধাৰলৈ খোজ দিছোঁ। সিহঁতে মোৰ খোজবোৰ চিনিব পাৰিছিল। মই দৌৰিছিলো কেৱল দৌৰিছিলো। গোটেই ৰাতিটো দুফাল কৰি কোনোবাই বাঁহী বজাইছিল।
এই যে এদিন-দুদিন কৰি ওচৰ চাপি অহা মৃত্যুমুখী সময়বোৰ। ভয় নাই! সদাপ্ৰস্তুত।
দূৰ-দূৰণিলৈকে বিস্তৃত সেউজীয়া। চকুৰ মণিত পাৰভগা উচুপনি এই যেন বৈ আহিব। ভাবি থকাৰ দৰে ভাবি নথকা কথাবোৰ ওঁঠত আহি ৰৈ যায়। ক’বলৈ দেখোন একোৱে নাথাকে। বৰ অসহায় এই সময়। কাক দোষ দিওঁ? নিজক নে সময়ক?
সাতে পাঁচে বাৰ নকৰি তেৰ বুলি কোৱা মানুহৰেই ভৰি আছে এই পৃথিৱী। এই মানুহবোৰে কেতিয়াবা জন্তুৰ দৰেও আচৰণ কৰে। আচৰণত তেওঁলোকৰ আচাৰ, বিচাৰ একো নাথাকে, থাকে কেৱল এটা হিংস্ৰ মন। দেখিলেই গুলী কৰি মাৰি দিয়া! বচ্ খেলাও খতম, পইচাও হজম।
দুই-এটা কথাৰ পাক ছিঙি সি গৈ গৈ সৰু পথৰুৱা বাট এটাৰে খোজ ল’লে। অলস আবেলিটোৱে এঙামুৰি দি গোটেই আকাশখন কজলা কৰি পেলাইছিল। ঘিটমিট আন্ধাৰৰ মাজে মাজে জোনাকী পৰুৱাবোৰে তাক বাট দেখুৱাইছিল।
সকলোবোৰ ঘটনা হঠাৎ যেন তাৰ চকুৰ সমুখতেই হৈ গৈছিল। সি কেৱল দৌৰিছিল। এতিয়াও দৌৰি আছে।
কোলাহলৰ পৰা আঁতৰি কিবা এটা বিচাৰি যে এই ঠাইখিনিলৈ আহিছিলো, সেই দিনটো আজিও মনত আছে। সহজ-সৰল মানুহখিনিয়ে খুব কম সময়ৰ ভিতৰতে মোক আপোন কৰি পেলাইছিল।
এতিয়া যে মই তেওঁলোকৰ পৰা বিচ্ছিন্ন। সৌ সিদিনালৈকে যিখন ঠাইত মই মুকলি মনেৰে চাইকেল লৈ চলা-ফিৰা কৰি আছিলো, এতিয়া সেই ঠাইখনেই যেন মোৰ বাবে (?)… আঃ বুকুলৈ পানীপৰুৱাৰ জাকটো বিষ হৈ উঠি আহে। সকলো যেন আন্ধাৰ! আন্ধাৰৰ বাট কেনি (?)
যিখন ঠাইৰ উন্নতিৰ বাবে দিন-ৰাতি এক কৰি কাম কৰিছিলো, এতিয়া সেই ঠাইখনেই মোক অহৰহ খেদি ফুৰিছে। ভুলটো কাৰ আছিল? কাৰোৱেতো নাছিল, তেন্তে এই সন্দেহবোৰ কিয়? এটা ৰাতিৰ ভিতৰতেই অতি কৌশলেৰে বতাহৰ লগত এটা ভুৱা বাতৰি উৰুৱাই দিয়া হৈছিল আৰু পুৱালৈ! কথাবোৰ যিমানেই ভাবিছোঁ, সিমানেই উশাহবোৰ ঘন হৈ আহিছে। দিনটো আছিল ৪ জুলাই, ১৯৯৭, বেলিটো তেতিয়া দিনান্তত। মই চাইকেলেৰে মথাউৰিৰ বাটটোৰে কৰ্মস্থানৰ পৰা উভতিছিলো। উভতি অহাৰ বাটত কেইজনমান মুখত ক’লা কাপোৰ পিন্ধা যুৱকে বাট আগুচি মোক উপৰ্যুপৰি প্ৰহাৰ কৰিছিল। মই কাকো চিনি পোৱা নাছিলো। কেৱল সিহঁতৰ এষাৰ কথাই মোৰ কাণ বিন্ধিছিল— “ঐ তই এই ঠাই এৰি গুচি যা, নহ’লে তোক ইয়াতে খতম কৰি দিম, য’ৰ পৰা আহিছিলি তালৈকে ঘূৰি যা।”
মই একো তৎ ধৰিব পৰা নাছিলো। মই কেৱল দৌৰিছিলো। এতিয়াও দৌৰি আছোঁ।
এই যে এটা উৰা বাতৰিৰ বলি হ’লো,— কিছুমান মানুহৰ বাবে তেনেই সাধাৰণ যেন লগা কথা। হয়তো এনেদৰেই চলি থাকে, চলি থাকিব। লাভ-লোকচান বুলিবলৈ একোৱে নাথাকে, যেন দুবেলা দুমুঠি খাই জীয়াই থকাটোৱে জীৱন।
সেইদিনা গোটেই ৰাতি মেঘফুল ফুলিছিল। মই সেই মেঘফুলবোৰ আজুৰি ছিঙিছিলো। হাতত তেজ, বুকুত তেজ। মই তেজবোৰ ধুবলৈ চেষ্টা কৰিছিলো। তেজবোৰ দেখি মোৰ ঘিণ লাগিছিল। কিন্তু সকলো মানুহৰেইতো তেজৰ ৰং ৰঙা! তেন্তে?
উদিত সূৰ্যৰ দৰে এটা সপোন। সেই সপোনে পোখা মেলিছিলহে মাথোন। মানুহৰ উন্নতিৰ হকে কাম কৰিবলৈ ওলাই অহা সাধাৰণ খাটিখোৱা শ্ৰেণীৰ মানুহবোৰক ভুল পথে পৰিচালিত কৰোৱা হ’ল। আৰু…
সেই ৰাতিটো হয়তো কাহানিও ঘূৰি অহা নাছিল।
সময় ৰৈ যায়, খোজৰ শৱদত। মানুহবোৰৰ মনত একোটা উৎকণ্ঠা। মিছিল ফালি দৌৰি আহিছে এজাক স্বপ্নাতুৰ কলৰৱ। এক, দুই, তিনি— প্ৰাচীনতম ঘড়ীৰ কাঁটাত ভেজা দিয়া জীৱন।
মাৰ্ক্সবাদ, কমিউনিজিম…
চহৰখনৰ চৌদিশে টহলদাৰী শেনচকুৱাহঁতৰ কুচকাৱাজ। ৰক্তিম সূৰুযৰ প্ৰাত্যহিকতাৰ পৰা আঁতৰি তেওঁলোক গুচি যাব বিচাৰিছে কোনো আন্ধাৰৰ বাটেৰে।
কিন্তু কলৈ যাব?
দেশ স্বাধীন হোৱা ৭৩ বছৰ হ’ল, তথাপি মানুহ মুক্ত মনেৰে চলা-ফিৰা কৰিব নোৱাৰে। অহৰহ যেন এক অজান শংকা। এই যেন গিলি পেলাব দৈত্যৰ দৰে জানোৱাৰবোৰে।
কিছু চৰম উদ্বেগজনক মুহূৰ্ত পাৰ কৰাৰ পাছত, সিহঁতে সিদ্ধান্ত ল’লে।
ওহোঁ, এনেদৰে আৰু নহ’ব।
বিকল্পৰ সন্ধানত…
বাট এটা বিচাৰি সিহঁতবোৰ দৌৰিছে মাথোঁ।
পিছে পিছে?
এয়া কি হ’ব ধৰিছে, আমিতো কোনো এক্সট্ৰিমিষ্ট নহয়। মুকলি মনেৰে আমি আকাশখন চাওঁ। কিবা এটা যেন নতুন কৰিব খোজোঁ।
গোটেই চিষ্টেমটোত এটা চেঞ্জৰ প্ৰয়োজন।
আমিতো সেয়াই কৰিব খুজিছিলো…
হঠাৎ চলন্ত ৰেলত
ড° নগেন শইকীয়া
কিন্তু আমি পালো কি…?
হহু! বুকুত তিনিটা বুলেট বহুৱাই দিয়া হৈছিল। চোঁচৰাই লৈ যোৱা হৈছিল কোনো এখন নদীৰ কাষলৈ। আৰু?
মনত নাই!!
কাৰণ মোৰ মৃত্যু হৈছিল৷
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
