অনেকে কয়, লটাৰি আৰু বঁটা বিজয় একেই কথা, পিছে ৰজনী বসুমতাৰীয়ে খেলিবলৈকে নাপালে
মার্চ মাহৰ শেষৰফালে ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰাৰ পাছতে দেশৰ সংবাদ মাধ্যমে এই বঁটা প্ৰদানক লৈ হোৱা বিতৰ্কৰ আভাস দিয়াৰ লগতে আমাৰ অসমীয়া আৰু বড়ো ভাষাৰ চলচ্চিত্ৰ পৰিচালিকা ৰজনী বসুমতাৰীয়ে বঁটা প্ৰদান কৰ্তৃপক্ষৰ মুৰব্বীলৈ লিখা এখন মুকলি চিঠি আমাৰ ৰাজ্যৰ বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় স্তৰৰ এখন ইংৰাজী বাতৰি কাকতে এই বঁটা প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত মূৰ দাঙি উঠা বিতৰ্কক ‘প্ৰত্যাশিত’ বুলি কোৱাৰ লগতে অৰুণাচল প্ৰদেশত নিৰ্মিত মনপা ভাষাৰ ছবি আৰু মেঘালয়ৰ খাচি ছবি বঁটাৰ বাবে নিৰ্বাচিত হোৱা কাৰ্যৰ শলাগ লয়। বড়ো চুক্তিৰ বৰ্ষপূৰ্তি উপলক্ষে যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী কোকৰাঝাৰলৈ আহি এক গণ সমাৱেশত বড়ো ভাষা-সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পাছতো এখনো বড়ো ছবি বঁটাৰ বাবে বাছনিত নুঠাত ৰজনী বসুমতাৰীয়ে আশ্চৰ্য আৰু ক্ষোভ প্ৰকাশ কৰিছে।
দক্ষিণ ভাৰতৰ পৰা প্ৰকাশিত ইংৰাজী কাকতখনৰ সম্পাদকীয়ত কোৱা হৈছে, চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটাক লৈ হোৱা বিতৰ্কৰ মূলতে যদিও চিত্ৰ নিৰ্মাতা-শিল্পীৰ ব্যক্তিগত ৰাজনৈতিক আনুগত্যৰ লগতে চিনেমাখনত উত্থাপিত বিষয়বস্তুয়ে ক্ৰিয়া কৰে, তথাপি এইবাৰৰ বঁটাই যে দেশৰ বিভিন্ন অঞ্চলৰ অল্পখ্যাত আৰু সুপ্ৰতিষ্ঠিত— উভয় শ্ৰেণীৰ শিল্পী-কলা-কুশলীক সাঙুৰি লৈছে, সি অনস্বীকাৰ্য। সম্পাদকীয় স্তম্ভৰ এই মন্তব্যৰ সমৰ্থনত এইদৰে যুক্তি প্ৰদৰ্শন কৰা হৈছে যে যদিও ৰাষ্ট্ৰীয় বঁটাৰ সিংহভাগ মালায়ালম, তামিল, তেলুগু, মাৰাঠী আৰু বাংলা ভাষাৰ ছবিয়ে আঁজুৰি লোৱাটো এক পৰম্পৰাত পৰিণত হৈ উঠিছিল। তামিল-তেলুগু ভাষাৰ একোখন ছবিয়ে চাবটাইটেলসহ দেশজুৰি প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হোৱাটো সুচল হৈ উঠাৰ লগতে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এক বিশাল দৰ্শকৰ সন্মুখলৈ আহিব পাৰে। সেয়েহে ধনুষ, ৱেট্ৰী মাৰাণ বা বিজয় সেতুপতিৰ খ্যাতি তামিল চিনেমাৰ পৰিসৰতে আবদ্ধ হৈ থাকিব লগা হোৱা নাই। অধিক সংখ্যক দৰ্শকৰ কাষ চাপিব পৰাটো সম্ভৱপৰ হৈছে বাবেই আজি মূল সুঁতিৰ চিনেমা আৰু আৰ্ট ফিল্মৰ ব্যৱধান ওৱলি গৈছে। শেহতীয়া ৰাষ্ট্ৰীয় বঁটাৰ ঘোষণাত ‘অসুৰণ’ নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে ধনুষ শ্ৰেষ্ঠ অভিনেতা, ‘অসুৰণ’শ্ৰেষ্ঠ তামিল ছবি আৰু সেতুপতিয়ে ‘চুপাৰ ডিলাক্স’ নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠসহ অভিনেতাৰ বঁটা অৰ্জন কৰে। দুয়োজন অভিনেতাৰ লগতে ‘অসুৰণ’নামৰ চিনেমাখনে চলচ্চিত্ৰ-ৰসিকৰ বিপুল সমাদৰ লাভ কৰিছে বুলি কাকতখনে মন্তব্য কৰে। ‘ভোচলে’ নামৰ চিনেমাত কৰা অভিনয়ৰ বাবে মনোজ বাজপেয়ী ধনুষৰ সৈতে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতা নিৰ্বাচিত হয়। শ্ৰেষ্ঠ কাহিনী চিত্ৰ হিচাপে পৰিগণিত হয় মালায়ালম ছবি ‘মাৰাক্কাৰ: লায়ন অব দা আৰবিয়ান চি’ আৰু শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ শিতানত পুৰস্কৃত হয় কানাড়া ছবি ‘আৱানে শ্ৰীমাননাৰায়ণা’।

ইয়াৰ পিছতে কাকতখনৰ সম্পাদকীয়ই আঙুলিয়াই দিয়ে কংগনা ৰানাউত শ্ৰেষ্ঠ অভিনেত্ৰী বিবেচিত হোৱাত সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতি। কংগনা অভিনীত ছবিৰ নাম ‘পাংগা’ আৰু ‘মণিকৰ্ণিকা: দা কুইন অব ঝান্সী’। ৰাজনৈতিক বিবেচনাৰে কংগনাক এই বঁটা প্ৰদান কৰা হৈছে নে নাই, সেয়া খাটাংকৈ ক’ব নোৱাৰি বুলি কোৱাৰ লগতে বিজেপি বিৰোধী শিবিৰৰ পৃষ্ঠপোষক বুলি পৰিচিত এই কাকতখনে কংগনাৰ প্ৰতিভা অনস্বীকাৰ্য বুলি স্বীকাৰ কৰে। ইয়াৰ লগে লগে যোগ দিয়ে যে বিচাৰকমণ্ডলীয়ে শ্ৰেষ্ঠ অডিঅ’গ্ৰাফীৰ বাবে খাচি ছবি ‘লিউডু’ আৰু পৰিৱেশ সংৰক্ষণ শিতানৰ শ্ৰেষ্ঠ ছবি হিচাপে অৰুণাচল প্ৰদেশৰ মনপা জনজাতীয় ভাষাৰ ছবি ‘ৱাটাৰ বাৰিয়েল’ক নিৰ্বাচন কৰি কংগনা বিতৰ্ককো ম্লান কৰিছে। এখন আঞ্চলিক বা অপেক্ষাকৃত ভিতৰুৱা ঠাইৰ ছবিয়ে যাতে অধিক দৰ্শক লাভ কৰিবলৈ সক্ষম হয়, তালৈ দৃষ্টি ৰাখি ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব লাগে বুলি কাকতখনে মত প্ৰকাশ কৰে। ডিজিটেল প্লেটফৰ্মৰ সঠিক প্ৰয়োগেৰে যাতে ভিতৰুৱা ঠাইৰ চিনেমা-শিল্প জগত-সভালৈ অগ্ৰসৰ হ’ব পাৰে, দেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তাৰ বাবে এক উদ্দীপনা হোৱা অৱশ্যে কৰ্তব্য।
এতিয়া আহোঁ অসমীয়া আৰু বড়ো ভাষাৰ চিনেমা পৰিচালক ৰজনী বসুমতাৰীয়ে ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰি বোৰ্ডৰ চেয়াৰমেন এন চন্দ্ৰলৈ প্ৰেৰণ কৰা এখন মুকলি চিঠিৰ প্ৰসংগলৈ, যিখন চিঠি অসমৰ বাতৰি কাকতত যোৱা ২৬ মাৰ্চত প্ৰকাশিত হয়।

বাতৰি কাকতত প্ৰকাশিত চিঠিখনৰ পূৰ্ণ পাঠৰ অনুবাদ এনে ধৰণৰ:
প্ৰিয় শ্ৰী চন্দ্ৰ, বড়ো জনগোষ্ঠীৰ দশকজোৰা সশস্ত্ৰ সংগ্ৰামৰ যৱনিকা পেলাই অঞ্চলটোৰ বাবে শান্তি আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি কৰাৰ মানসেৰে এবছৰ আগেয়ে বিটিআৰ চুক্তি সম্পাদিত হৈছিল। এই কথা নিশ্চয় আপোনাৰ অৱগত যে বিভিন্ন উৎসৰ পৰা অহা ভাবুকি ওফৰাই এই সম্প্ৰদায়ৰ ভাষিক আৰু সাংস্কৃতিক সুৰক্ষা সুনিশ্চিত কৰিবলৈকে সেই সশস্ত্ৰ আন্দোলনৰ সূচনা হৈছিল। কিন্তু হাতত অস্ত্ৰ তুলি লোৱাটো ৰাজ্যখনৰ লগতে বড়ো সম্প্ৰদায়ৰ জনগণৰ বাবেও ক্ষতিকাৰক বুলি উপলব্ধি হোৱাত এতিয়াৰ শাসকগোষ্ঠীৰ উদ্যোগত বিটিআৰ চুক্তি সম্পাদিত হয়।
বড়ো চুক্তি সম্পাদিত হোৱাৰ প্ৰথম বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যোৱা জানুৱাৰী মাহত কোকৰাঝাৰলৈ আহি এক জনসভাত ভাষণ দিওঁতে অসমৰ ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ চৰকাৰে সম্ভৱপৰ সকলোখিনি কৰিব বুলি আশ্বাস দিয়ে।
যোৱা দেওবাৰে (২০ মাৰ্চ ২০২১) একে ঠাইতে একেখিনি মানুহৰ সন্মুখত সেই প্ৰতিশ্ৰুতি দোহাৰে। ঘটনাক্ৰমে ঠিক তাৰ পাছদিনাই ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষিত হয় যদিও আমি বিষণ্ণ মনেৰে লক্ষ্য কৰোঁ যে এখনো বড়ো ভাষাৰ ছবি, অইন শিতানতো বাদেই, আনকি শ্ৰেষ্ঠ বড়ো ছবিৰ শিতানতো পুৰস্কাৰৰ বাবে উপযুক্ত বুলি বিবেচিত নহ’ল।
চৰকাৰী ৱেবচাইটত কোৱা হৈছে— “National Awards aim at encouraging the production of films of aesthetic and technical excellence and social relevance contributing to the understanding and appreciation of cultures of different regions of the country in cinematic form and thereby also promoting integration and unity of the nation.” আমি জনাত, কোনো এটা বিশেষ ভাষাৰ ছবিক ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ সৈতে সেই নিৰ্দিষ্ট ভাষা তথা সংস্কৃতিৰ উন্নয়ন সাধন তথা সংৰক্ষণৰ উদ্দেশ্য জড়িত হৈ থাকে।
সন্মানীয় চেয়াৰমেন মহোদয়, যিহেতু এজন চেয়াৰমেন হৈ আপোনাৰ পক্ষে প্ৰতিখন চিনেমা চোৱাটো সম্ভৱপৰ নহ’ব পাৰে, সেয়ে হয়তো ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে দাখিল কৰা মোৰ বড়ো ভাষাৰ ‘Jwlwi: The Seed’ নামৰ চিনেমাখনৰ বিষয়ে আপুনি নাজানিবও পাৰে। ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত আৰু পুৰস্কৃত হোৱা এইখন চিনেমাই গুৱাহাটী আৰু বেংগালুৰুত স্বীকৃতি লাভৰ বাবে নিৰ্বাচিত হৈছিল। অসমত বিচ্ছিন্নতাবাদী ভাৱধাৰাৰে সশস্ত্ৰ বিদ্ৰোহ চলি থকাৰ সময়ত বন্দুক সংস্কৃতিয়ে কিদৰে হাজাৰ হাজাৰ পৰিয়াললৈ দুৰ্যোগ কঢ়িয়াই আনিছিল, তাৰেই আধাৰত নিৰ্মিত এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৰ্শক আৰু সমালোচকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। সেয়ে ইয়াক নিশ্চয় এখন আদৰণীয় ছবি বুলি গণ্য কৰিব পাৰি। তদুপৰি, বড়ো ভাষাৰ ছবি এখনে কাচিৎহে নিজ এলেকাৰ সীমা পাৰ হৈ বিশ্বৰ সন্মুখত মুখ উলিয়াব পাৰে, হয়তো এটা দশকত মাথোঁ এখন এনেকুৱা চিনেমাৰ সম্ভেদ পোৱা যায়, তেনেস্থলত ৰাষ্ট্ৰীয় বঁটাৰ বাবে প্ৰতিযোগিতাত চামিল হোৱাৰ দৃষ্টান্ত নগণ্য।
সেয়ে মোৰ ছবিখনৰ এনে পৰিণতি কেৱল মোৰ বাবে বা আমাৰ দলৰ শিল্পী আৰু কলা-কুশলীসৱৰ বাবেই নহয়, সহস্ৰাধিক বড়ো নাগৰিকৰ বাবেও হৃদয়বিদাৰক। কিয়নো আমি আটায়ে সন্মানীয় চেয়াৰমেন আৰু জুৰি সদস্যসকলৰ পৰা প্ৰাপ্য স্বীকৃতি লাভ কৰিম বুলি আকুলতাৰে অপেক্ষা কৰিছিলো।
এই কথা ক’লে নিশ্চয় বঢ়াই কোৱা নহ’ব যে চৰকাৰে প্ৰতিটো ক্ষুদ্ৰ জাতিসত্তাৰ ভাষা আৰু সংস্কৃতি সুৰক্ষিত থাকিব বুলি দিয়া আশ্বাসৰ পাছতো এখন গুৰুত্বপূৰ্ণ বড়ো বোলছবি বড়ো ভাষাৰ শিতানৰ বাবেও উপযুক্ত বুলি বিবেচিত নোহোৱাটো আপোনাৰ দ্বাৰা নিৰ্বাচিত জুৰি সদস্যবৃন্দৰ শোচনীয় ব্যৰ্থতা। ই কেৱল অঞ্চলটোৰ বিষয়ে, ইয়াৰ সমাজ আৰু ইতিহাসৰ বিষয়ে সচেতনতাৰ অভাৱ আৰু অজ্ঞতাকে সূচাইছে। যদি বাস্তৱিকতে এনে নহ’লহেঁতেন, তেন্তে আমাৰ ভাষা আৰু সংস্কৃতিৰ স্বাৰ্থত চৰকাৰে আগবঢ়োৱা প্ৰতিশ্ৰুতি ৰূপায়ণৰ হকে অধিল দায়িত্বশীলতাৰ চানেকি দেখিলোহেঁতেন, কিন্তু এতিয়া ই যেন কেৱল মৌখিক আশ্বাসতহে পৰিণত হৈছে।
সেয়ে সন্মানীয় চেয়াৰমেন মহোদয়, আপোনালৈ মোৰ কাতৰ নিবেদন এয়ে যে আপুনি যেন এই চিঠিখনক এজন পৰাজিত সৈনিকৰ বিলাপ বুলি অৱজ্ঞা, অৱহেলা নকৰে। এক গভীৰ দায়িত্ববোধেৰে পীড়িত হৈ আপোনালৈ এই চিঠিখন লিখিবলৈ মই থিৰাং কৰাই নহয়, চিঠিখনত সন্নিৱিষ্ট মোৰ বক্তব্য সম্বন্ধে মই যথাৰ্থভাৱে সচেতন। ৰাষ্ট্ৰীয় বঁটা লাভত ব্যৰ্থ হোৱা এইখনেই মোৰ প্ৰথম বোলছবি নহয়, ২০১৪ চনত মই অসমীয়া ভাষাত নিৰ্মাণ কৰা এখন ছবি এই বঁটাৰ বাবে দাখিল কৰিছিলো। সেইবাৰ মই জুৰিমণ্ডলীৰ সিদ্ধান্ত নতশিৰে স্বীকাৰ কৰিছিলো, কাৰণ মই জানিছিলো যে সেইবাৰ মোৰ চিনেমাতকৈ উন্নত মানৰ চিনেমা আন কেইবাখনো আছিল। কিন্তু এইবাৰ ‘Jwlwi: The Seed’ অযোগ্য বিবেচিত হোৱাটো মোৰ বাবে যুক্তিসংগত হৈ উঠা নাই।
সেয়ে আপোনালৈ প্ৰেৰণ কৰা এই মুকলি চিঠিৰ জৰিয়তে মই ভৱিষ্যতৰ জুৰি সদস্যসকলৰ প্ৰতি আহ্বান জনাওঁ যে তেওঁলোক চিনেমাৰ ব্যাকৰণৰ প্ৰতি দায়বদ্ধ হোৱাতে আবদ্ধ নাথাকি সামাজিকভাৱে দায়বদ্ধ হ’বলৈও যেন সচেষ্ট হয়। ভাৰতবৰ্ষৰ ভাষাসমূহত নিৰ্মিত শ্ৰেষ্ঠ বোলছবি নিৰ্বাচনৰ দায়িত্ব যি জুৰি মণ্ডলীৰ ওপৰত ন্যস্ত থাকে, সেইসকলৰ মাজত যাতে এনে কোনো অযোগ্য আৰু দায়িত্বজ্ঞানহীন লোকে স্থান নাপায়, যি জাতিগতভাৱে সংখ্যালঘু অথচ নিজৰ ভাষা আৰু সংস্কৃতি অক্ষুণ্ণ ৰাখিবলৈ উদগ্ৰীৱ একো একোটা জনগোষ্ঠীৰ মৰ্মবেদনা অনুধাৱন কৰিবলৈ অক্ষম। সেয়াও জুৰি বোৰ্ডৰ সদস্য নিৰ্বাচন কৰোঁতাৰ অন্যতম দায়িত্ব।
এটা বাতৰিৰ আঁত ধৰি: ৰত্নাকৰ, কাঞ্চনজঙ্ঘা, বুলবুল কেন চিং আদিৰ কথাৰে
ৰূপজ্যোতি গোস্বামী
পৰিশেষত, আপোনালৈ মোৰ এয়াই অনুৰোধ, আপুনি যদিহে মে চিনেমাখন কিবা কাৰণত চাব পৰা নাই, অনুগ্ৰহ কৰি এবাৰলৈ হ’লেও চাই যেন, ই আপোনাক মোৰ বক্তব্য বুজি পোৱাত সহায় কৰিব। হয়তো আপুনি তেতিয়া কিছু জুৰি বোৰ্ডৰ অজ্ঞ সদস্যক তিৰস্কাৰো কৰিব, যি মোৰ চিনেমাখনক আপোনাৰ টেবুল গৈ পোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল। অনেকে কয় পুৰস্কাৰ আৰু লটাৰি একেই কথা, পিচে মই যে লটাৰি খেলখন খেলিবলৈকে নাপালো! শুভ কামনাসহ— ৰজনী বসুমতাৰী
ফিচাৰড ইমেজ: ইউটিউব/ৰজনী বসুমতাৰী
Follow Nilacharai on Facebook
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
