দেউতাৰ হাতত আছিল নাঙল
মোৰ হাতত উঠিল কলম
দেউতাই পিন্ধিছিল ধুতি বনিয়ন
মই পিন্ধিছো লংপেণ্ট টিচাৰ্ট— লী, অন *
দেউতাৰ গাৰ বৰণ আছিল পকা ঔবৰণীয়া
মোৰ বগীজামুৰ দৰে কাঢ়া
দেউতাৰ মাতটো আছিল সুগৰী পহুৰ দৰে হুতা
মোৰটো কুন্দত-কটা— মসৃণ
দেউতাৰ আছিল আঠোটা ল’ৰা
এগোহালি গৰু
দুকোঠালীয়া ভঁৰাল
তাৰ মাজতো কৰিছিল নাট-ভাওনা
বাইছিল ঢোল-খোল
মোৰ এটা ল’ৰা
এখন চৰকাৰী চকী
লগত এখন সৰু টেবুল
দেউতা নিজৰ বৃহৎ সংসাৰখনৰ বাবে আছিল নিজে
সৌৰজগতৰ সূৰ্য
সকলোকে সমানে চাইছিল
দিছিল শক্তি
প্ৰয়োজনীয় পোহৰ
পানী
মই চন্দ্ৰ
আনকি দেউতাই আছিল মোৰ
শৈশৱ কৈশোৰ যুৱা
কিন্তু মই হ’লোহি
গছৰ মুঢ়া
দেউতাই চাইছিল বেলি
মূৰ তুলি
মই চাওঁ ঘড়ী
তলমূৰ কৰি
দেউতা আৰু মই
তেজ বতাহেৰে নিকটতম সম্বন্ধৰ
অথচ পাৰ্থক্য আমাৰ তেল-পানীৰ
মূলতে
আমাৰ মাজত এখন সময় সাগৰ ৷
* লী, অন— Lee, Onn (ব্ৰেণ্ড নাম)
❧ | অধিক কবিতা:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক