জামুগুৰিহাটত সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজৰ ‘নিমতলিৰ এজোলা সপোন’

জামুগুৰিহাটত সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজৰ ‘নিমতলিৰ এজোলা সপোন’
  • 06 May, 2022

যো ৱা ২ মে’ (২০২২)ৰ সন্ধিয়া শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ‘সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজ’-এ নিবেদন কৰে সাম্প্ৰতিক সময়ৰ অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ-পৰিচালক বিপ্লৱ বৰাৰ ৰচনা তথা পৰিচালনাত এখনি মঞ্চ-সফল সামাজিক নাটক— ‘নিমতলিৰ এজোলা সপোন’৷

অসমৰ নাট্য আন্দোলনৰ উত্তৰণত জামুগুৰিহাটৰ ঐতিহাসিক মাধৱ গাঁৱৰ সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজৰ এক স্বকীয় আসন আছে৷ সাংস্কৃতিক ঐতিহ্য আৰু নৱ্য চিন্তা-চেতনাৰে সমৃদ্ধ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ষাঠিৰ দশকতে অঞ্চলটোৰ এচাম নাট্যানুৰাগী যুৱক-যুৱতীৰ আশাশুধীয়া ত্যাগ আৰু শ্ৰমত গঢ় লৈ উঠা এই সাংস্কৃতিক অনুষ্ঠানটিৰ জীৱন কালটোত চকু ফুৰালে অসমৰ অপেছাদাৰী নাট্যক্ষেত্ৰখনত  সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজৰ  অৰিহণা যে নিচেই কম নহয়, সেইটো স্পষ্ট হৈ পৰে৷ এই নাট্যানুষ্ঠানটিৰ মজিয়াতে বহুজন নাট্যসাধকে নিৰলসভাৱে নাটক তথা কলা-সংস্কৃতিৰ সাধনা কৰি অসমৰ সাংস্কৃতিক জগতখন চহকী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে৷

জন্মলগ্নৰে পৰা নিয়মিত নাট্যচৰ্চাৰে প্ৰায় প্ৰতি বৰ্ষতে একোখনকৈ নাট  মঞ্চস্থ কৰাৰ লগতে কেইবাটিও নাট-কৰ্মশালা অনুষ্ঠিত কৰি এই নাট্যানুষ্ঠানটিয়ে অসমৰ নাট্য আন্দোলনত এক সবল ভূমিকা আগবঢ়াইছে৷ বিগত সময়ছোৱাত ‘উপপথ’, ‘হাতী আৰু ফান্দী’,  ‘ঘীনাই সাতোলা’, ‘বৰুৱাৰ সংসাৰ’, ‘মণিৰাম দেৱান’, ‘পিয়লি ফুকন’, ‘হীৰা, তেজ আৰু বুলেট’, ‘যুগৰ শিখা’, ‘বাঞ্চাৰামৰ বাগান’, ‘চোৰ’, ‘ শপত নাহাঁহিবা’, ‘দুৰ্বল দলঙৰ কাহিনী’, ‘অমৃতস্য পুত্ৰ’, ‘কিয়’, ‘ভোগজৰা’, ‘জয়মতী’, ‘প্ৰত্যয়’, ‘নৈশভোজ’, ‘সময়’, ‘জন্ম’, ‘সূৰ্যকলংক’, ‘ভূমিকম্পৰ পাছত’ আদি নাটকৰে সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজে অসমৰ নাট্য প্ৰৱাহত উল্লেখনীয় বৰঙণি আগবঢ়াইছে৷

ইয়াৰ উপৰি নাট্যকাৰ গোলাপ হাজৰিকাৰ দ্বাৰা ৰচিত ‘সিংহাসন’, ‘আমি পূজাৰী’, ‘সংজ্ঞাহীন মানৱ’, প্ৰয়াত নাট্যকাৰ গুণ ভূঞাৰ ‘প্ৰেম আৰু পৃথিৱী’, ‘পট পৰিৱৰ্তন’, ‘প্ৰত্যয়’ আদি একাংক নাটৰ জৰিয়তেও সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজে সত্তৰ-আশী দশকতেই  অসমৰ বিভিন্ন একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছিল৷  বিশেষকৈ ‘সিংহাসন’ নাটখনৰ জৰিয়তে সূৰ্য বৰা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতা আৰু জ্যোতিৰূপা নাট প্ৰতিযোগিতাত প্ৰথম স্থানৰ লগতে কেইবাটাও শিতানত শ্ৰেষ্ঠত্ব দখল কৰিছিল৷

জামুগুৰিহাটৰ নাটক

নাট্যযাত্ৰাৰ এই স্বৰ্ণিল গৌৰৱৰে গৌৰৱান্বিত সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজে কিছু বছৰৰ বিৰতিৰ মূৰত এই বৰ্ষত ন-উদ্যমৰে যোৱা ২ মে’ৰ সন্ধ্যা সৌভাগ্য মাধৱ বহাগী সমাৰোহৰ সৈতে সঙ্গতি ৰাখি বহাগী সমাৰোহৰ অস্থায়ী মঞ্চত মঞ্চায়ন কৰে  নাট্যকাৰ-পৰিচালক বিপ্লৱ বৰাৰ ‘নিমতলিৰ এজোলা সপোন’৷

সম্পূৰ্ণ এক গ্ৰাম্য পৰিৱেশত সীমিত সা-সুবিধাৰ মাজেৰে মাধৱ গাঁৱৰ লগতে অঞ্চলটোৰ এচাম নবীন-প্ৰৱীণ নাট্যশিল্পীৰ অপূৰ্ব অভিনয় তথা আৱহ সংগীত, ৰূপসজ্জা আৰু দৃশ্যসজ্জাৰ সুন্দৰ ব্যৱহাৰৰে যুৱ নাট্যকাৰ-পৰিচালক বিপ্লৱ বৰাই উপহাৰ দিলে এখন সৰ্বাংগসুন্দৰ সফল নাটক৷ এটি সাধাৰণ অথচ অতি স্পৰ্শকাতৰ সাম্প্ৰতিক বিষয়ৰ আধাৰত নিৰ্মিত এই নাটখনে দৰ্শকক এক ইতিবাচক চিন্তাৰ খোৰাক যোগালে বুলি একাষাৰে ক’ব পাৰি৷

সাম্প্ৰতিক ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ এখন ছবি ৰূপকাত্মকভাৱে নাটখনৰ মাজেৰে অতি নিখুঁতভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিছে নাট্যকাৰ-পৰিচালকে৷ কিদৰে এচাম ক্ষমতালিপ্সু নেতা-পালিনেতাৰ নিজৰ ন্যস্তস্বাৰ্থ পূৰণৰ নগ্ন প্ৰচেষ্টা আৰু কুটিল ৰাজনৈতিক চক্ৰান্তত সৰ্বসাধাৰণ জুৰুলা হৈছে, কিদৰে সমাজৰ নিঃকিন দৰিদ্ৰ জনতাই এইবোৰৰ পাকচক্ৰত পণবন্দী হৈ এক কৰুণ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে, সেই নিৰ্মম সত্যই নাটখনৰ কাহিনীৰ মাজেৰে পৰিস্ফূট হৈ পৰিছে৷

এখন গাঁৱৰ এডাল পুৰাতনীয়া ঐতিহাসিক নিমগছ আৰু সেই নিমগছডালৰ সৈতে গাঁৱৰ কণমানিহঁতৰ পৰা বৃদ্ধজনলৈ যি আবেগ জড়িত হৈ আছে সেই লৈয়ে ‘নিমতলিৰ এজোলা সপোন’ নাটকখনৰ কাহিনী আগবাঢ়িছে৷ গাঁওখনৰ অতি দৰিদ্ৰ, সততে মদ্যপানত নিমজ্জিত এগৰাকী শিল্পী জগতে এই নিমডালৰ তলতে বহি নিজৰ শিল্প সাধনা কৰে৷ ইফালে নিমডালৰ কাষতে গাঁওখনৰ এগৰাকী কেও-কিছু নথকা বয়সস্থ মহিলা বিমলা পেহীৰ ঘৰ৷ বিমলা পেহীয়ে ছাগলী পোহপাল কৰি, নিমডালৰ পৰা গাঁৱলীয়া বিভিন্ন ঔষধ তৈয়াৰ কৰি বিভিন্ন ৰোগত আক্ৰান্ত বেমাৰীক ঔষধ দি নিজৰ খৰচ উলিয়ায়৷

ইফালে গাওঁখনৰে যুৱ ঠিকাদাৰ প্ৰতাপে গাঁৱৰ এটা ৰাস্তা উদ্বোধন কৰিবলৈ শাসকীয় দলৰ এগৰাকী মন্ত্ৰীক আনে৷ নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ লগতে গাঁৱলৈ অহা এটা নতুন লাইব্ৰেৰীৰ ঠিকা লাভ কৰাৰ বাবে লগত প্ৰতাপৰ সোঁহাতস্ব ৰূপ অমল আৰু গাঁৱৰ গাঁওবুঢ়াক নিশা আই বিলৈ নি গাওঁবুঢ়াৰ পুতেক ৰিদিপক চাকৰি দিয়াৰ প্ৰলোভন দি মন্ত্ৰীৰ ঘনিষ্ঠ চেলিমৰ ব্যক্তিগত ঘৰ সাজিবৰ বাবে প্ৰয়োজনীয় কাঠ যোগানৰ বাবে গাঁওখনৰ ধৰণীস্বৰূপ নিমডাল কটাৰ ষড়যন্ত্ৰ লিপ্ত হয়৷

নিমগছডাল কটাৰ এই পৰিকল্পনা ৰাইজৰ আগত পাছদিনা ব্যক্ত কৰাত গাঁওখনত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় আৰু দুটা ফৈদৰ সৃষ্টি হৈ এক দ্বন্দ্বৰ সূচনা হয়৷ পঞ্চায়তৰ সভাপতিৰ নেতৃত্বত এটা দলে কোনো পধ্যেই নিমডাল কাটিবলৈ নিদিয়াৰ পণ কৰে আৰু যিকোনো উপায়েৰে নিমডালক ৰক্ষা কৰাৰ চেষ্টাত ব্ৰতী হয়৷ নিমগছডাল কটাৰ কথা বিয়পি পৰাত তাৰ তলতে খেলি-ধূলি, নাচি-বাগি দিন পাৰ কৰা গাঁওখনৰ উঠি অহা চামৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু সিহঁতেও নিমজোপা বচাবৰ বাবে গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তি ককাক আবদাৰ কৰে৷

ইফালে গাওঁবুঢ়াৰ সংস্কৃতিবান পুতেক ৰিদিপ আৰু সভাপতিৰ ভনীয়েক মামনৰ প্ৰেমতো এই ঘটনাৰ বাবে জটিলতা আহি পৰে আৰু দুয়ো গাঁৱৰ বিহুমেলাৰ দিনাই গাঁৱৰ পৰা পলাই যোৱাৰ পৰিকল্পনা কৰে৷ পৰিকল্পনা অনুযায়ী ৰিদিপে মামনক নিমৰ তলৰ পৰা পলুৱাই নিবলৈ আহোঁতেই মামনৰ ককায়েক সভাপতিয়ে ৰাজনৈতিক কুচক্ৰান্তকাৰীৰ হাতৰ পৰা বিভিন্ন প্ৰতিবাদেৰে নিমগছজোপা  ৰক্ষা কৰিব নোৱাৰিব বুলি বুজি পাই এটি শিৱলিংগ প্ৰতিষ্ঠা কৰি নিমজোপা ৰক্ষাৰ এক কৌশল ৰচনা কৰে৷

ইয়াৰ বিপৰীতে চক্ৰান্তকাৰীৰ পক্ষৰ হৈ মুনাফা লাভৰ আশাত গাঁওখনৰে দৰিদ্ৰ শিল্পী জগতক মাকৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ডেৰ লাখ টকাৰ যোগান ধৰাৰ বিনিময়ত তেওঁক নিমগছজোপাত ফাঁচি লাগি আত্মঘাটি হোৱাৰ চুক্তি কৰি দালাল যোগেনৰ সহায়ত সেই নিশাই নিমগছজোপাৰ তললৈ লৈ আহে আৰু জগতক ফাঁচি লাগি আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰে৷ নিমগছজোপাত জগতক ফাঁচি লগোৱাৰ মুল উদ্দেশ্য হ’ল নিমজোপাক সিহঁতে অভিশপ্ত গছলৈ পৰিণত কৰিব আৰু অভিশপ্ত গছে গাঁওখনলৈ বিপদ মাতিব বুলি সৰ্বসাধাৰণ ৰাইজক পতিয়ন নিয়াই গছজোপা কাটিবলৈ উজু হ’ব৷

মাকৰ চিকিৎসাৰ বাবে বহু চেষ্টা কৰিও টকা যোগাৰ কৰিব নোৱৰা জগতে সহজতে পোৱা এই ডেৰ লাখ টকাৰে  মাক সুস্থ হৈ উঠিব বুলি দালাল যোগেনৰ প্ৰৰোচনাত প্ৰৰোচিত হৈ ফাঁচি লগাবলৈ উদ্যত হওঁতেই ইতিমধ্যে পলাই যাবলৈ বুলি আহি নিমডালত আঁৰত লুকাই থকা প্ৰেমিক যুগল ৰিদিপ আৰু মামনৰ দৃষ্টিত গোটেই ষড়যন্ত্ৰখিনি ধৰা পৰে আৰু নিশ্চিত মৃত্যুৰ পৰা জগতক সিহঁতে উদ্ধাৰ কৰি ততাতৈয়াকৈ পেহীয়েক বিমলাক খবৰ দিয়ে৷

সকলো গোট খোৱাৰ পাছত এই নিকৃষ্ট ষড়যন্ত্ৰ পোহৰলৈ আহে আৰু  ইতিমধ্যেই যে বিমলা পেহীয়ে ছাগলী বিক্ৰী কৰি জগতৰ মাকৰ চিকিৎসাৰ খৰচ বহন কৰিলে আৰু মাকো সুস্থ হৈ উঠিল, নিচাসক্ত জগতে সেই খবৰ তেতিয়াহে লাভ কৰি বিমলা পেহীৰ ত্যাগক শ্ৰদ্ধাৰে সেৱা জনাই সেইদিনাৰ পৰা তেওঁ মদ্যপানৰ পৰা আঁতৰি থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ এইদৰেই নাটখনৰ অন্তিম মুহূৰ্তত ৰাজনৈতিক হাতোৰাৰ পৰা সাতাম পুৰুষীয়া নিমগছডালৰ ৰক্ষা পৰাৰ ইতিবাচক বাৰ্তাৰে নাটখনৰ সামৰণি মৰা হৈছে৷

জামুগুৰিহাটৰ নাটক

নাটখনৰ অভিনয় সম্পন্ন হৈছে দহটা মূল চৰিত্ৰ, তিনিটা পাৰ্শ্ব চৰিত্ৰ  আৰু  কেইটিমান শিশু চৰিত্ৰৰ অভিনয়ৰ মাধ্যমৰে৷ নাটকখনত আটাইকেইগৰাকী অভিনেতাই নিজ-নিজ দায়িত্ব সম্পৰ্কে সচেতন আৰু সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিছে বুলিব পাৰি৷ নাটকখনৰ মুখ্য চৰিত্ৰ জগতৰ চৰিত্ৰত প্ৰতিষ্ঠিত অভিনেতা ৰণজিৎ ভূঞা (মনুভাই)ই সাৱলীল অভিনয় কৰিছে৷ গাঁওবুঢ়াৰ চৰিত্ৰত বলিষ্ঠ অভিনেতা প্ৰাণবল্লভ বৰা আৰু প্ৰতাপৰ চৰিত্ৰত ৰঞ্জিত বৰঠাকুৰৰ অভিনয় সফল হৈছে বুলিব পাৰি৷

চেলিমৰ চৰিত্ৰত ভ্ৰাম্যমাণৰ প্ৰৱীণ অভিনেতা অৰুণ বৰদলৈ সফল হোৱাৰ বিপৰীতে ককাৰ  চৰিত্ৰ ৰূপায়ণ কৰা প্ৰতীম বৰা (বুবু)ই অভিনয়ৰ ভাৰসাম্য ৰক্ষা কৰিছে৷ বিমলা পেহীৰ চৰিত্ৰত অল্পনা ভূঞাই যঠেষ্ট সুন্দৰ অভিনয়েৰে ভৱিষ্যতে এগৰাকী  প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী হোৱাৰ ইংগিত বহন কৰিছে৷ মামনৰ চৰিত্ৰটি সুন্দৰ ৰূপত ফুটাই তোলাত নৱাগতা অভিনেত্ৰী শুভাষিনী ভূঞাই সফলতা দাবী কৰিব পাৰে৷ তেনেদৰে ৰিদিপৰ চৰিত্ৰত দ্বিজেন ভাগৱতী, অমলৰ চৰিত্ৰত বিজয় বৰঠাকুৰ , সভাপতিৰ চৰিত্ৰত ৰুবিতাভ ভূঞা (পিণ্টু), যুৱকৰ চৰিত্ৰত প্ৰদীপ ভূঞা  আৰু যোগেনৰ চৰিত্ৰত হেঙুল ফুকনে সুন্দৰ অভিনয় কৰিছে৷ মদ বেপাৰী কটীয়াৰ চৰিত্ৰত জান তামুলী আৰু শিৱলিংগ প্ৰতিষ্ঠাৰ বাবে যোৱা যুৱকৰ চৰিত্ৰত সমীৰ ভূঞাৰ অভিনয়ে দৰ্শকক বিমল হাস্যৰস প্ৰদান কৰিলে৷

শিশু চৰিত্ৰসমূহত অনুৰঞ্জন শৰ্মা, তনভিৰ কিশোৰ বৰা, সঞ্জু বৰা, ভাস্কৰজ্যোতি বৰুৱা, নীলাভ কাশ্যপ ভূঞা, নৱজ্যোতি ভূঞা, ভাস্যকল্প ভূঞা, ৰুহিতাক্ষ ভৰদ্বাজ, কাব্যশ্ৰী ফুকন, দৰ্শিতা ফুকন, জুবলি ভূঞা, আকাংক্ষা দৃষ্টি ভূঞা, বিদিশা বৰা আৰু পূজা বৰাই পৰিচালকৰ নিৰ্দেশ মানি সুন্দৰ অভিনয়েৰে নিজৰ প্ৰতিভা প্ৰকাশ কৰাত সফল হৈছে বুলি ক’ব পাৰি৷

নাটকখনৰ মুখ্য সহকাৰী পৰিচালক হিমাংশু ৰণ্‌জন ভূঞা আৰু পৰিচালনা সহযোগী আছিল হেঙুল ফুকন৷ ৰূপসজ্জাত জ্যোতিপ্ৰসাদ শইকীয়া, নয়ন কাকতি,  কলা-নিৰ্দেশনা তথা মঞ্চসজ্জাত ঋতিক মাধৱ ভৰদ্বাজ, আৱহ সংগীতত হিমাংশু ৰণ্‌জন ভূঞা,  পোহৰসজ্জাত পিঙ্কু আৰু শব্দত হিমাংশু নেওগে পৰিচালকৰ নিৰ্দেশ পালন কৰি নাটখন সামগ্ৰিকভাৱে সফল হোৱাত অৰিহণা যোগালে৷ অৱশ্যে এটা বিষয় উল্লেখ কৰিব লাগিব যে শব্দ আৰু পোহৰৰ কিছু বিজুতিয়ে  মাজে মাজে নাটকখনৰ গতিত কিছু হেঙাৰ সৃষ্টি কৰিলে৷ পৰৱৰ্তী সময়ত এই সৰু-সুৰা খুটি-নাতি আঁতৰ কৰিব বুলি আমাৰ বিশ্বাস৷

এক কথাত, সুদক্ষ নাট্যকাৰ-পৰিচালক বিপ্লৱ বৰাই নিজস্ব নাটকীয় চিন্তা আৰু পৰিচালকীয় দৃষ্টিকোণেৰে মঞ্চত নিটোল ৰূপত নাটকখন উপস্থাপন কৰিবলৈ যে সাধ্যানুযায়ী চেষ্টাৰ ত্ৰুটি কৰা নাই, সেইটো স্পষ্ট হৈ পৰিছে৷ পৰিশেষত আশা কৰিছোঁ, নাট্যশিল্পী বিপ্লৱ বৰাই  আৰু নাট্যচৰ্চাৰ স্বকীয় গৌৰৱৰে মহীয়ান জামুগুৰিহাটৰ সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজে ভৱিষ্যতলৈ আৰু সফল তথা শক্তিশালী নাটক প্ৰযোজনাৰে অসমীয়া নাট্য আন্দোলনক গতি দিবলৈ সক্ষম হ’ব৷

❧ | আৰু পঢ়ক:

ছবি: লেখকৰ সৌজন্যত

জামুগুৰিহাটত সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজৰ ‘নিমতলিৰ এজোলা সপোন’ | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Instagsram