আ ধুনিক অসমীয়া উপন্যাস সাহিত্যৰ প্ৰতিষ্ঠা আৰু বিকাশত যিকেইগৰাকী সাহিত্যিকৰ অৱদান বিশেষভাৱে স্মৰণীয়, তেওঁলোকৰ ভিতৰত ৰজনীকান্ত বৰদলৈ অন্যতম। সৰ্বমুঠ নখন উপন্যাস ৰচনাৰে ৰজনীকান্ত বৰদলৈয়ে প্ৰকৃতাৰ্থত অসমীয়া উপন্যাস সাহিত্যক সুপ্ৰতিষ্ঠিত কৰি থৈ গৈছে। সাহিত্যৰথী বেজবৰুৱাই ‘পদুম কুঁৱৰী’ আৰু পদ্মনাথ গোহাঞিবৰুৱাই ‘ভানুমতী’, ‘লাহৰী’ আদি উপন্যাস ৰচনাৰে প্ৰথমছোৱা সময়ত অসমীয়া উপন্যাস সাহিত্যক গতি দিবলৈ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত উপন্যাস ৰচনাৰ এই গতি প্ৰৱলভাৱে অব্যাহত ৰাখি আগবঢ়াই নিছিল ৰজনীকান্ত বৰদলৈয়ে। প্ৰখ্যাত ঔপন্যাসিক চাৰ ৱল্টাৰ স্কটৰ লগতে বংগীয় ঔপন্যাসিক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাসৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত ৰজনীকান্ত বৰদলৈয়ে অসমীয়া সাহিত্যত এক নতুন চানেকিৰ জন্ম দিয়ে, যাৰ বাবে সাহিত্য সমালোচকসকলে যথাৰ্থভাৱেই ৰজনীকান্ত বৰদলৈক ‘অসমীয়া সাহিত্যৰ স্কট’ অভিধাৰে ভূষিত কৰিছে।
অসমীয়া উপন্যাস সাহিত্যত বৰদলৈৰ স্থান নিৰূপণ বিষয়ক আলোচনাত বৰদলৈয়ে কি কি উদ্দেশ্য আগত লৈ উপন্যাস ৰচনাত প্ৰবৃত্ত হৈছিল, সেই কথা মন কৰিব লাগিব। কলিকতাত অধ্যয়নৰত দিনৰ পৰাই ৰজনীকান্তৰ মন সাহিত্য সাধনাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। কলিকতা নিৱাসী অসমীয়া ছাত্ৰসকলৰ সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী (অ ভা উ সা) সভাৰ অন্যতম সদস্য ৰজনীকান্ত বৰদলৈয়ে তেতিয়াই বিভিন্ন দেশী-বিদেশী প্ৰখ্যাত সাহিত্যিকৰ সাহিত্যৰাজি অধ্যয়ন কৰি অনুপ্ৰাণিত হৈছিল।
ৰজনীকান্ত বৰদলৈ
সেই সময়ৰ পৰাই বিভিন্ন বিষয়ক প্ৰবন্ধ, আলোচনা, চুটিগল্প, কবিতা আদি লিখি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছিল যদিও অসমীয়া সাহিত্যৰ ইতিহাসত তেওঁৰ ঘাই চিনাকি এগৰাকী ঔপন্যাসিক হিচাপেহে।
কলিকতাত পঢ়ি থকা কালত ৰজনীকান্ত বৰদলৈয়ে ইংৰাজী আৰু বঙলা ভাষাৰ গল্প-উপন্যাস আদি মনোযোগেৰে পঢ়ি সেই গল্প-উপন্যাসসমূহৰ কাহিনী, তাত বৰ্ণিত বিভিন্ন নদ-নদী, চৰাই-চিৰিকটি, প্ৰাকৃতিক পৰিৱেশ আদিৰ লগত নিজ মাতৃভূমিৰ বহুতো মিল বিচাৰি পাইছিল। সেয়েহে যেতিয়া তেওঁ বিভিন্ন অসুবিধা হেতুকে উচ্চ শিক্ষাৰ আশা ত্যাগ কৰি কলিকতা এৰি গুচি আহিছিল, তেতিয়া বন্ধু সাহিত্যিক ৰত্নকান্ত বৰকাকতিৰ আগত প্ৰতিশ্ৰুতি দি আহিছিল যে তেওঁ অসমলৈ আহি চাৰ ৱল্টাৰ স্কট্ আৰু বঙালী ঔপন্যাসিক বংকিমচন্দ্ৰৰ দৰে অসমীয়া ভাষাত এলানি উপন্যাস লিখিব আৰু আশ্বাস দিছিল যে তেওঁৰ উপন্যাসে অসমীয়া পাঠকৰ চৰিত্ৰ গঠনত সহায় কৰি ধৰ্মৰ পথলৈ তেওঁলোকক আকৰ্ষণ কৰিব। বৰদলৈৰ এই প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ স্বাক্ষৰেই হৈছে তেওঁৰ নখন কালজয়ী উপন্যাস।
পুৰুষ চৰিত্ৰক প্ৰাধান্য দি ৰচনা কৰা বৰদলৈৰ এখন উল্লেখযোগ্য উপন্যাস হৈছে ‘নিৰ্মল ভকত’। ১৯২৬ চনত প্ৰকাশিত এই উপন্যাসখনত মানৰ দ্বিতীয় আৰু তৃতীয় অসম আক্ৰমণৰ পটভূমি সাঙোৰ খাই আছে। নিৰ্মল, ৰূপহী, অনিৰাম আদি চৰিত্ৰৰ মাজেৰে প্ৰণয় কাহিনী দেখুৱাব খোজা হৈছে যদিও বহু সময়ত উপন্যাসখনিয়ে ধৰ্মতত্ত্ব গ্ৰন্থৰ ৰূপ ল’ব খোজা যেন ধাৰণা হয়। উপন্যাসখনিৰ ৰচনাৰীতিত কিছু নতুনত্বৰ প্ৰয়োগ কৰা পৰিলক্ষিত হয়। শৈশৱৰ দুই বন্ধু নিৰ্মল আৰু অনিৰাম উভয়ে ৰূপহীৰ প্ৰণয়-প্ৰাৰ্থী। মানৰ হাতত বন্দী হৈ মানদেশত চৈধ্য বছৰ কটাই মুকলি হৈ স্বদেশলৈ আহি নিৰ্মলে দেখিলে যে ৰূপহীয়ে বিয়া কৰাই সন্তানৰ মাক হৈ সুখৰ সংসাৰ ৰচনা কৰিছে। মনৰ দুখত নিৰ্মলে দক্ষিণপাট সত্ৰৰ সেৱক হৈ ভকতীয়া জীৱন যাপন কৰিবলৈ ল’লে। ৰূপহীয়ে বাৰ বছৰ বাট চাই নিৰ্মল উভতি নহা দেখি বিয়া-বাৰু নকৰোৱাকৈ তাইৰ আশাতে ৰৈ থকা পূৰ্বৰ প্ৰেমিক অনিৰামক বিয়া কৰালে। এই ধৰণৰ কাহিনীৰ সংযোজনৰে বৰদলৈয়ে নতুন সমাজ গঠনৰ এটা আদৰ্শ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা দেখা যায়, য’ত স্বদেশপ্ৰীতি, স্বজাতিৰ হিত চিন্তা, পুৰণিকলীয়া ৰীতি-নীতিৰ ধনাত্মক দিশৰ মহিমা সুন্দৰভাৱে উপস্থাপিত হৈছে।
‘নিৰ্মল ভকত’ৰ মূল কাহিনীটো কবি টেনিছৰ ‘এনক আৰ্ডেন’ (Enoch Arden) নামৰ দীঘলীয়া গীতি-কবিতাটোৰ পৰা লৈ অসমীয়া সাঁচত লিখি উলিয়াইছে। ‘নিৰ্মল ভকত’ৰ কাহিনী এনেধৰণৰ: লাহন গাঁৱৰ জনাৰ্দন বৰমেধিৰ ডাঙৰ ল’ৰা নিৰ্মল। একে গাঁৱৰে ৰূপহী, তাতকৈ পাঁচ বছৰে সৰু তাৰ খেলৰ লগৰী। অনিৰাম নামৰ তাৰে যুৰীয়া আন এটা ল’ৰাও সিহঁতৰ লগ। সকলোৱে একেলগে খেলে। যৌৱন পাবৰে পৰা নিৰ্মল আৰু ৰূপহীৰ প্ৰণয়জনিত সম্পৰ্ক গঢ়ি উঠে। অনিৰামৰো ৰূপহীৰ প্ৰতি আকৰ্ষণ আছিল, কিন্তু সি আছিল লাজকুৰীয়া। ঘৰত নিৰ্মলৰ বিয়াৰ কথা ওলাল। আন এখন গাঁৱৰ ছোৱালী চালে। নিৰ্মলে ৰূপহীৰ কথা উলিয়াইছিল, কিন্তু বৰমেধিৰ সামজিক মৰ্যাদা আৰু ঘৰৰ নদন-বদন অৱস্থাৰে ৰূপহীহঁতৰ দৰে সাধাৰণ পৰিয়ালৰ ছোৱালী আনিবলৈ নিৰ্মলৰ বাপেক অমান্তি হ’ল। তেওঁ নিজে চোৱা ছোৱালীজনীৰ ঘৰত জোৰোণ পেলালে। নিৰ্মলে মনে মনে ৰূপহীক লগ ধৰি তাইক ভাল পোৱা আৰু বিয়া কৰোৱাৰ হেঁপাহৰ কথা ব্যক্ত কৰাত ৰূপহীয়েও একে মনৰ ভাব প্ৰকাশ কৰাত দুয়ো গাঁৱৰ ভাওনাৰ ৰাতি পলাই গৈ নিৰ্মলৰ মাহীয়েকৰ ঘৰ ওলালগৈ। মাহীয়েকৰ আশ্ৰয়ত তিনি মাহ থাকি মাহীয়েকৰ মধ্যস্থতাত নিৰ্মল-ৰূপহীক ঘৰলৈ নি বিয়াখন পাতি দিলে। নিৰ্মল আৰু ৰূপহীৰ সংসাৰ আৰম্ভ হ’ল।
কিছুদিনৰ পাছতে নিৰ্মলৰ পিতাক আৰু মাক ঢুকাল। মাহীয়েকক লগত ৰাখি তেওঁৰ দিহা-পৰামৰ্শৰে কাম চলাই থাকোঁতেই মানে অসম আক্ৰমণ কৰিলে। মানৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্মল গ’ল যদিও ভালে-কুশলে ঘূৰি আহিবলৈ সক্ষম হ’ল। অসমৰ ৰাজশক্তিৰ থৰক-বৰক অৱস্থা আৰু বিষয়াসকলৰ ঈৰ্ষা আৰু ক্ষমতাৰ অঁৰিয়াঅৰিৰ মাজতে মানে পুনৰ আক্ৰমণ কৰিলেহি। বুঢ়াগোহাঞিৰ ফৈদৰ হৈ নিৰ্মলো ৰণলৈ গ’ল। এইবাৰ নিৰ্মলকে ধৰি প্ৰায় চাৰিশ অসমীয়া সৈন্যক মানে বন্দী কৰি মানদেশলৈ ধৰি নিলে। অসমখন চাৰখাৰ কৰিলে। ক’ৰ মানুহ ক’ত কেনেকৈ মৰিল, কলৈ পলাই গ’ল, কি হ’ল— কোনো হিচাপ নোহোৱা হ’ল। ঘৰ-বাৰী পুৰি ছাই কৰিলে। মানৰ দেশত নিৰ্মলে বাৰ বছৰ কটালে। তালৈ নিয়া মানুহবোৰো ইৰাৱতীৰ পাৰৰ উত্তৰ ব্ৰহ্মদেশত গাঁও পাতি বহিছিল। খেতি-বাতি কৰি আৰু ৰজাৰ ঘৰত পাল পাতি বছৰি গা-খাতি দিবলগীয়া হোৱা মানুহবোৰে ইচ্ছা কৰিলে মান দেশীয় ছোৱালী ৰাখি সংসাৰ কৰিব পাৰিছিল।
নিৰ্মলে যাৱতীয় কাম কৰি তাত আন বহুতো কাম শিকিলে, কিন্তু ৰূপহীৰ কথাকে ধ্যান কৰি ঘৰ-সংসাৰ নাপাতিলে। ইংৰাজে অসম দেশ অধিকাৰ কৰাত মানদেশৰ ৰজাৰে সন্ধি হয় আৰু মানে ধৰি নিয়া অসমীয়া মানুহবোৰ ঘূৰি অহাৰ সিদ্ধান্ত হ’ল। নিৰ্মল দেশলৈ ঘূৰি আহি অনেক কষ্টৰে তাৰ জন্ম স্থান লাহন গাঁও ওলালহি। কিন্তু তাৰ লাহন গাঁওখনৰ মানুহৰ সঁচেই নাই, জুয়ে পোৰা ঘৰ দুই-এটাৰ অৱশিষ্টও হাবিয়ে ঢাকি ধৰিছে। ওচৰতে বহা গাঁওখনৰ এজন বুঢ়া মানুহে কথাই কথাই ক’লে যে ৰূপহীহঁত বোকাজানৰ পিনে বহিছেগৈ। নিৰ্মলে মগনীয়া বেশেৰে ঘূৰি ঘূৰি ৰূপহীৰ সন্ধান পালে। তায়ো হেনো অনিৰামৰ সহায়ত মানৰ হাত সাৰি গাঁৱৰ মানুহবোৰৰ লগতে তাতে থাকি ৰোৱা-তোলা কৰি কোনোমতে আছিল। অনিৰামে তাইক বৰ সহায় কৰিছিল। শেষত গাঁৱৰ মানুহৰ পৰামৰ্শতে অনিৰাম আৰু ৰূপহীৰ বিয়া হ’ল। তাৰপৰা সিহঁতৰ শৰণীয়া সত্ৰ দক্ষিণপাট পালেগৈ। দক্ষিণপাটত নিৰ্মলে শৰণ-ভজন লৈ নিষ্ঠাবান উদাসীন ভকতৰূপে জীৱনৰ বাকীছোৱা অবিবাহিত কৰি শতাধিক বছৰ আয়ুস পাই চলিল।
বিদেশী কাহিনী এটাৰ আলম লৈ লিখা হ’লেও ‘নিৰ্মল ভকত’ৰ কাহিনীটো অসমীয়া সাঁচত মাৰি লোৱা হৈছে। সাগৰীয় দুৰ্যোগ অসমৰ পটভূমিত খাপ নাখাই বাবে মানৰ আক্ৰমণৰ ধামখুমিয়াত পেলাই নিৰ্মলক ৰূপহীৰ পৰা বিচ্ছেদ কৰা হৈছে।
নায়ক নিৰ্মলে নিজৰ জীৱনৰ ইতিবৃত্ত নিজে প্ৰকাশ কৰা বাবে কাহিনীত তেওঁৰেই প্ৰাধান্য আছে, গতিকে বৰদলৈৰ আনকেইখন উপন্যাসৰ বিপৰীতে এইখন নায়কপ্ৰধান উপন্যাস। ইয়াৰ ফলত আন দুটা চৰিত্ৰ ৰূপহী আৰু অনিৰাম আৰম্ভণিৰ পৰা সামৰণিলৈ থাকিলেও তেওঁলোক অস্পষ্ট হৈ ৰ’ল। ঘটনাৰ বিপাকত নিৰ্মল উদাসীন নিৰ্মল ভকত হ’ল। আগবয়সত তেওঁ আছিল সাহসী, কৰ্মপটু, দেশপ্ৰেমিক বীৰ। দেশৰ কাৰণে যুঁজি বন্দী হৈ বিদেশত এযুগ কাল কটাব লগা হোৱাতো জন্মভূমি আৰু ৰূপহীৰ আকৰ্ষণে তেওঁক সততে স্বদেশলৈ টানি আছিল। যৌৱনৰ কালছোৱাত তেওঁ মানদেশত থাকিলেও সুখ-সন্তোষৰ দিশটো সংযম আৰু ধৈৰ্যৰে নিয়ন্ত্ৰণ কৰিছিল।
নিৰ্মলৰ প্ৰেম গভীৰ আছিল কাৰণেই ৰূপহীৰ জীৱনলৈ দুনাই বিপৰ্যয় ননমাই তাইক সুখে-সন্তোষে অনিৰামৰ লগত ঘৰ-সংসাৰ কৰিবলৈ এৰি দিলে। স্বৰ্গগতা মাহীয়েকৰ পৱিত্ৰ প্ৰভাৱে নিৰ্মলৰ পত্নী বা নাৰীপ্ৰেমতকৈ উচ্চ আৰু বিশাল ভগৱৎ প্ৰেমৰ অমৃত-প্ৰৱাহত অৱগাহন কৰিবলৈ পথ নিৰ্দেশ কৰিছিল। কিন্তু সকলো সময়তে, আনকি সত্ৰত থাকোঁতেও নিৰ্মলে দেশৰ মংগল আৰু সমাজৰ হিত নিচিন্তাকৈ থকা নাছিল। সেইকাৰণেই এঠাইত তেওঁ নিজমুখে কৈছে— “এই বৈষ্ণৱবৃন্দ, এই মোৰ ঈশ্বৰ পুৰুষ, এই মোৰ যাদৱ ৰায়, এই মোৰ ব্ৰহ্মপুত্ৰ, এই মোৰ অসমত থকা সকলো মানুহ, আনকি পৃথিৱীৰ মানুহ মাত্ৰেই, আৰু মোৰ দেশৰ গছ-গছনি, তৰু-তৃণ, পশু-পক্ষী, কীট-পতংগ— এই সকলো মোৰ নিজা নহয়নে? অসম মোৰ নিজৰ দেশ নহয়নে? মইনো কোন ঠাইত এই নদী, এই হাবি, এই ব্ৰহ্মপুত্ৰ, এই সক্ষ্য, এই বৈষ্ণৱবৃন্দ পাম?” নিৰ্মল ভকতৰ ওপৰৰ কথাখিনিত নিৰ্মলৰ স্বদেশপ্ৰীতি প্ৰকাশ হৈছে। এইখিনি কথাত লেখকৰ মনৰ প্ৰতিধ্বনিও শুনা যায়।
ৰূপহীৰ চৰিত্ৰটিও বাস্তৱসন্মত ভাৱে অংকন কৰা হৈছে। ৰূপহীৰ প্ৰেম গভীৰ আৰু নিৰ্মলৰ প্ৰতি তাইৰ আকৰ্ষণ স্বাভাৱিক। নিৰ্মলৰ আশাতে তাই মানৰ আক্ৰমণে সৰ্বস্বান্ত কৰা সংসাৰত আৰ তাৰ ঘৰত ৰোৱা-তোলা কৰি পোৱা সহায়েৰে কঠোৰ সংগ্ৰাম কৰি জীয়াই আছিল। তাইৰ যৌৱনৰ বাৰ বছৰ কাল আছিল কঠোৰ সংযমত নিষ্পেষিত হৈ। নিৰ্মলৰ বাবেই তাই অনিৰামৰ সহায় লৈয়ো তাক আসৈ দিয়া নাছিল। শেষত ৰূপহীয়ে অনিৰামক বিয়া কৰাবলৈ অৱস্থাৰ তাড়নাতে বাধ্য হ’ল।
অনিৰাম আছিল নীৰৱ প্ৰেমিক। সি ৰূপহীক সৰুৰে পৰা ভাল পাইছিল, কিন্তু নিৰ্মলৰ প্ৰতিদ্বন্দ্বী হ’ব খোজা নাছিল। ৰূপহীৰ কাৰণেই সি যৌৱনৰ সৰহখিনি সময় ডঙুৱা হৈ কটাইছিল।
‘নিৰ্মল ভকত’ দেশপ্ৰেম আৰু দেহজ প্ৰেমৰ কাহিনীৰ উপন্যাস। নিৰ্মলে সাহসেৰে মানৰ বিৰুদ্ধে যুঁজিছে দুবাৰ। দ্বিতীয়বাৰ বন্দী হৈ প্ৰবাসী হ’বলগীয়া হৈছে। তাতো তেওঁ স্বদেশক সুদীৰ্ঘ কাল ভাল পাই থাকি, তাতে নিগাজী হ’বলৈ পোৱা সুবিধা প্ৰত্যাখ্যান কৰি দেশৰ পোৰা ভেটিলৈ ঘূৰি আহিছে।
নিৰ্মল আৰু ৰূপহী কাহিনীৰ মূল চৰিত্ৰ। দুয়োটা চৰিত্ৰয়েই নিষ্কলুষ আৰু নিষ্ঠাবান। ৰূপহীয়ে অৱশেষত অনিৰামক বিয়া কৰোৱাটো তেওঁৰ অপৰাধ নহয়, বৰং যুক্তিনিষ্ঠ। কাৰণ আদৰ্শ প্ৰেমতকৈ জীৱনৰ দাবী অধিক শক্তিশালী। উভতি অহাৰ কোনো সম্ভাৱনা নথকা নিৰ্মলৰ প্ৰতি বাট চাই জীৱনটো মৰহি যাবলৈ নিদি ৰূপহীয়ে নিৰ্মলৰ সমানেই তাইক ভালপোৱা অনিৰামক বাৰ বছৰৰ মূৰত স্বামীৰূপে গ্ৰহণ কৰিছে। অনিৰামৰ প্ৰেমৰ গভীৰতাও তাৰ বাৰ বছৰ নীৰৱে ৰূপহীক অনুসৰণ কৰোঁতেই প্ৰকাশ পাইছে।
মানৰ আক্ৰমণৰ যোগেদি আমাৰ উত্তৰ পুৰুষক স্বদেশ প্ৰেমিক আৰু সাহসী হ’বলৈ লেখকে উদ্বুদ্ধ কৰিছে। তেনেকৈ সত্ৰসমূহে আমাৰ অধ্যাত্মিক জীৱনত কি প্ৰভাৱ পেলাইে আৰু পেলাব পাৰে তাৰ বৰ্ণনা নিৰ্মল ভকতে আন্তৰিকতাৰে দিছে।
‘নিৰ্মল ভকত’ সুখপাঠ্য উপন্যাস, অৱশ্যে তাত সত্ৰৰ কাৰ্যাৱলী, শৰণ-ভজন আৰু বিশেষকৈ পৰাচিত কৰ্মৰ যি বিস্তৃত বৰ্ণনা দিয়া হৈছে, সেই বৰ্ণনাই পাঠকক আমনি লগায়। কাহিনী বিস্তাৰত অপ্ৰয়োজনীয় বৰ্ণনাসমূহ বোধহয় নিজে সাত্বিক বৈষ্ণৱ আছিল আৰু ভাটী বয়সত লিখা বাবে লেখকৰ মনৰ কথাবোৰ আপোনা আপুনি ইয়াত সোমায়।
অসমীয়া উপন্যাস সাহিত্যক এহতীয়াকৈ নিৰলস সাধনাৰে প্ৰতিষ্ঠা কৰা ৰজনীকান্ত বৰদলৈৰ ‘নিৰ্মল ভকত’ সৰু-সুৰা দোষ-ত্ৰুটিৰ মাজেৰেও এখন উল্লেখযোগ্য সফল উপন্যাস বুলি ক’ব পাৰি।
❧ | আৰু পঢ়ক:
- নৱকান্ত বৰুৱাৰ ৰাৱণ কবিতাত ৰাৱণৰ চৰিত্ৰ চিত্ৰণ
- ‘আকুল পথিক’ চন্দ্ৰপ্ৰভা
- শঙ্কৰদেৱৰ অংকীয়া নাটত সমাজমুখী চেতনা
- বন্ধ কোঠাত ধুমুহা: এখন গল্প সংকলনৰ পঞ্চাছ বছৰ
- বিৰহিনী উৰ্মিলা
Follow Nilacharai on Facebook