অসমৰ নাট্য আন্দোলনৰ উত্তৰণত মৰিগাঁও জিলাৰ ‘লালিলাং দ্য থিয়েটাৰ ৰিড্ম’ৰ এক স্বকীয় আসন আছে৷ সাংস্কৃতিক ঐতিহ্য আৰু নব্য চিন্তা-চেতনাৰে সমৃদ্ধ মৰিগাঁৱৰ এচাম সংস্কৃতিপ্ৰাণ লোকৰ আশাশুধীয়া ত্যাগ আৰু শ্ৰমত গঢ় লৈ উঠা এই নাট্য অনুষ্ঠানটিৰ এঘাৰ বছৰীয়া জীৱন কালত চকু ফুৰালে অসমৰ অপেছাদাৰী নাট্যক্ষেত্ৰখনত মৰিগাঁৱৰ অৰিহণা যে নিচেই কম নহয়, সেইটো স্পষ্ট হৈ পৰে৷ ২০১১ চনত স্বনামধন্য নাট্যকাৰ মনোজ মিত্ৰৰ জনপ্ৰিয় নাট ‘মহাবিদ্যা’ৰ অসমীয়া ৰূপান্তৰ ‘তন্দুৰী চিকেন’ নাটখনৰ সফল মঞ্চায়নৰে নাট্যযাত্ৰা আৰম্ভ কৰা এই অনুষ্ঠানটিয়ে চলিত বৰ্ষত দশম বছৰত ভৰি দিলে৷ জন্মলগ্নৰে পৰা নিয়মিত নাট্যচৰ্চাৰে প্ৰতি বৰ্ষতে অসমৰ নাট্যজগতৰ এগৰাকী অক্লান্ত সৈনিক, বিশিষ্ট নাট পৰিচালক, কবি ৰফিকুল হোছেইনৰ দক্ষ পৰিচালনাত একোখনকৈ নাট মঞ্চস্থ কৰাৰ লগতে কেইবাটিও নাট-কৰ্মশালা অনুষ্ঠিত কৰি এই নাট্যানুষ্ঠানটিয়ে অসমৰ নাট্য আন্দোলনত এক সবল ভূমিকা গ্ৰহণ কৰিছে৷
এই বছৰত লালিলাং-এ যোৱা ৮ মাৰ্চৰ সন্ধ্যা মৰিগাওঁ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰফিকুল হোছেইনৰ সুদক্ষ পৰিচালনাত মঞ্চায়ন কৰে ইটালিয়ান চলচ্চিত্ৰ ‘ইল প’চটিন’ৰ আধাৰত অসমীয়া লোক জীৱনৰ সৈতে ৰজিতা খোৱাকৈ নাট্যকাৰ-পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাই দিয়া নাট্যৰূপ ‘ডাকোৱাল দ্য প’ষ্টমেন’৷ মৰিগাঁৱৰ এচাম নবীন নাট্যশিল্পীৰ অপূৰ্ব অভিনয় তথা পোহৰ, শব্দ, ৰূপসজ্জা আৰু দৃশ্যসজ্জাৰ সুন্দৰ ব্যৱহাৰৰে পৰিচালক ৰফিকুল হোছেইনে উপহাৰ দিলে এখন সৰ্বাংগসুন্দৰ নাটক৷ আচলতে ৰফিকুল হোছেইনৰ নাট পৰিচালনাৰ এক সুকীয়া দিশ আছে৷ সাধাৰণ ঘটনাক অসাধাৰণ ব্যঞ্জনাৰে সমৃদ্ধ কৰাৰ যি শক্তি ৰফিকুল হোছেইনৰ আছে, সেয়া অতীব প্ৰশংসনীয়৷ ‘ডাকোৱাল দ্য প’ষ্টমেন’ নাটকেও আমাক তেনে আমেজ দিবলৈ সক্ষম হৈছে বুলি একে আষাৰে ক’ব পাৰি৷
‘ডাকোৱাল দ্য প’ষ্টমেন’ নাটকখনৰ কাহিনী অংশ নিৰ্মিত হৈছে পাহাৰৰ দাঁতিকাষৰীয়া এখন পিছপৰা ঠাইৰ এজন সহজ-সৰল ডাকোৱালৰ জীৱনৰ ভিত্তিত৷ সেই পিছপৰা অঞ্চলটোত অৱস্থিত ডাকঘৰটোৰ ডাকোৱাল হিচাপে নিযুক্ত হোৱাৰ পাছত ডাকোৱালজনৰ সমস্যা হ’ল— সেই ডাকঘৰটোলৈ চিঠি-পত্ৰ তেনেকৈ নাহেই৷ কেৱল অঞ্চলটোৰ নাতিদূৰৈত থকা পাহাৰটোত বসবাস কৰিবলৈ লোৱা এগৰাকী লোকলৈহে বহুসংখ্যক চিঠি আহে দেশ-বিদেশৰ পৰা৷ প্ৰকৃততে নিৰ্জন সেই পাহাৰটোত বাস কৰিবলৈ লোৱা লোকজন হৈছে এগৰাকী প্ৰখ্যাত বিদেশী কবি-লেখক৷ ৰাজনৈতিক কাৰণত তেওঁক নিজ দেশৰ পৰা দেশান্তৰিত কৰাত তেওঁ এই ঠাইলৈ আহি পাহাৰৰ ওপৰত নিৰলে বাস কৰিবলৈ লয়৷ এই বিদেশী লেখক-কবিগৰাকীৰ ওচৰলৈ দৈনিক চিঠি-পত্ৰ নিবলৈ ধৰাত স্বাভাৱিকভাৱেই ডাকোৱাল জনৰ সৈতে তেখেতৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হয় আৰু ক্ৰমান্বয়ে ডাকোৱালজন তেওঁৰ কবিতা, চিন্তা-দৰ্শন তথা ৰাজনৈতিক আদৰ্শৰ প্ৰতি আকৃষ্ট হয়৷ সহজ-সৰল ডাকোৱালগৰাকীৰ মন-মগজুত প্ৰকৃতিৰ প্ৰতি, মানুহৰ প্ৰতি প্ৰেমৰ বীজ ৰোপণ হয়৷ তেনে সময়তে সি মাহীয়েকৰ হোটেলত কাম কৰা ৰূপালীম নামৰ এগৰাকী সুন্দৰী ছোৱালীৰ প্ৰেমত পৰে, কিন্তু প্ৰেমৰ কথা ছোৱালীজনীৰ আগত প্ৰথমে প্ৰকাশ কৰিবলৈ ইতঃস্তত বোধ কৰে যদিও বিদেশী কবিজনৰ উৎসাহ তথা সহযোগিতাতে লাহে লাহে সিহঁতৰ ভালপোৱাই পূৰ্ণতা লাভ কৰে ৷ এটা সময়ত ডাকোৱালজনে ৰূপালীমক পত্নী হিচাপে গ্ৰহণ কৰে৷ সিহঁতৰ প্ৰেমৰ স্বাক্ষৰ হিচাপে ৰূপালীমে জন্ম দিয়ে এটি পুত্ৰ সন্তান৷ তেনে সময়তে দেশান্তৰিত বিদেশী কবি-লেখকগৰাকী নিজৰ দেশলৈ উভতি যায়৷ বিদেশী কবি-লেখকগৰাকীৰ ৰাজনৈতিক মতাদৰ্শ আৰু কমিউনিজিমৰ প্ৰতি আকৃষ্ট হোৱা ডাকোৱালজনে জনগণৰ মুক্তিৰ স্বাৰ্থত শ্ৰমিক আন্দোলনত যোগ দি সিহঁতৰ কাষতে থকা পাহাৰটোক অবৈধ দখলকাৰীৰ হাতোৰাৰ পৰা বচাবলৈ গৈ চৰকাৰী গুণ্ডাবাহিনীৰ গুলিত প্ৰাণ হেৰুৱাবলগীয়া হয়৷ পাঁচ বছৰৰ পাছত বিদেশী কবি-লেখকগৰাকী খা-খবৰ ল’বলৈ আহি ডাকোৱালজনৰ পুত্ৰ আৰু বিধৱা পত্নী ৰূপালীমক লগ পায় আৰু ৰূপালীমৰ মুখেৰে ডাকোৱালৰ মৃত্যুৰ খবৰ লাভ কৰি দুখ আৰু শোকত ম্ৰিয়মান হৈ পৰে৷ এক বিষাদৰ মাজেদি ইমানতে নাটকখনৰ সামৰণি পৰিছে৷
‘ডাকোৱাল দ্য প’ষ্টমেন’ নাটকখনৰ সামগ্ৰিক সত্তাটোত আছে মানুহ আৰু জীৱন বিশ্লেষণৰ এক অতি সূক্ষ্ম আন্তৰ্জাতিক আবেদন৷ মানুহ এজনে তেওঁৰ জীৱন আৰু সামাজিক পটভূমিত কেনেদৰে মানৱীয় চিন্তনৰে উজ্জীৱীত হ’ব পাৰে আৰু সকলো অমানৱিকতাৰ বিৰুদ্ধে এক সুদৃঢ় বেহু সাজি জীৱনক কেনেকৈ ধুনীয়া কৰাৰ এক আটিল সেউজীয়া সপোন ৰচিব পাৰে, তাৰে এক সমৃদ্ধ ভাৱনা বৈ আছে ‘ডাকোৱাল দ্য প’ষ্টমেন’ নাটকখনত৷ নাটকখনৰ অভিনয় সম্পন্ন হৈছে ছটা মূল চৰিত্ৰ আৰু দুজন শ্ৰমিক ইউনিয়নৰ নেতা আৰু কেইটিমান বিশেষ চৰিত্ৰৰ মাধ্যমৰে৷
নাটকখনৰ মুখ্য চৰিত্ৰ ডাকোৱালৰ চৰিত্ৰত হৃষীকেশ কৌশিকে সাৱলীল অভিনয় কৰিছে৷ আনহাতে ৰূপালীমৰ চৰিত্ৰত অংকিতা বৰা (পাখি)ই যথেষ্ট সুন্দৰ অভিনয়েৰে ভৱিষ্যতে এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী হোৱাৰ ইংগিত বহন কৰিছে৷ আনহাতে হোটেল মালিকনী মাহীৰ চৰিত্ৰটি সুন্দৰ ৰূপত ফুটাই তোলাত জ্যোৎস্না বসুমতাৰীয়ে সফলতা দাবী কৰিব পাৰে৷ প’ষ্ট মাষ্টৰৰ চৰিত্ৰত ৰোহিনী কুমাৰ ডেকা আৰু বিদেশী কবি-লেখকগৰাকীৰ চৰিত্ৰত হেমেন কাকতিৰ অভিনয় সফল হৈছে বুলিব পাৰি৷ অফিচ কৰ্মচাৰীৰ চৰিত্ৰত শিৱৰাজ দেৱনাথ সফল হৈছে আৰু শ্ৰমিক ইউনিয়নৰ নেতাদ্বয়ৰ চৰিত্ৰ ৰূপায়ণ কৰা ৰিণ্টুমণি দাস আৰু ভাস্কৰ নাথে অভিনয়ৰ ভাৰসাম্য ৰক্ষা কৰিছে৷ অতি কম সময়ৰ বাবে ডাকোৱালৰ পুত্ৰৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰিলে শিশুশিল্পী দিউক কাশ্যপে৷ একেদৰে খেতিয়ক-শ্ৰমিকৰ অভিনয় কৰা মানস হাজৰিকা, দিৱস প্ৰতীম দাস, দেবু নাথ; পাহাৰীয়া মহিলাৰ চৰিত্ৰত অজন্তা তালুকদাৰ, চয়নিকা শইকীয়া, জ্যোতিস্মিতা শৰ্মা, নৱনীতা শইকীয়া আৰু ফাৰিহা ৰাব্বানি আৰু শিশু শ্ৰমিকৰ চৰিত্ৰত ৰিচামনি কাকতি, অলকানন্দা কাকতি আৰু প্ৰতীক্ষা ডেকাই পৰিচালকৰ নিৰ্দেশ মানি সুন্দৰ অভিনয়ৰে নিজৰ প্ৰতিভা প্ৰকাশ কৰাত সফল হৈছে বুলি ক’ব পাৰি৷ নাটকখনৰ ৰূপসজ্জাত নৱনীতা শইকীয়া, কলা-নিৰ্দেশনা তথা মঞ্চসজ্জাত ৰাজু দাস, আৱহ সংগীতত শংকৰ মহন্ত, শব্দত মণি মহন্ত আৰু পোহৰসজ্জাত মিতুল বৰকাকতিয়ে পৰিচালকৰ নিৰ্দেশ নিখুঁতভাৱে পালন কৰি নাটখন সামগ্ৰিকভাৱে সফল হোৱাত অৰিহণা যোগালে৷ নাটকখনৰ মুখ্য প্ৰযোজনা উপদেষ্টা হেমেন কাকতি, বিপিন চন্দ্ৰ মহন্ত আৰু খগেন মহন্ত৷ প্ৰযোজনা সহযোগী আছিল পুতুল নাথ আৰু কুলিন বৰা৷
সুদক্ষ পৰিচালক ৰফিকুল হোছেইনে নিজস্ব পৰিচালকীয় দৃষ্টিকোণেৰে নিটোল ৰূপত নাটকখন উপস্থাপন কৰিবলৈ যে চেষ্টাৰ ত্ৰুটি কৰা নাই, সেয়া স্পষ্ট হৈ পৰিছে৷ আমাৰ বিশ্বাস, নাট্যশিল্পী ৰফিকুল হোছেইনৰ প্ৰচেষ্টাত অসমীয়া নাট্য আন্দোলনে এক স্বকীয় ৰূপ লৈ উজলি উঠিবলৈ সক্ষম হ’ব আৰু মৰিগাঁৱৰ ‘লালিলাং দ্য থিয়েটাৰ ৰিড্ম’-এও ভৱিষ্যতলৈ অধিক সফল আৰু শক্তিশালী নাটক প্ৰযোজনাৰে এই দিশত সবল খোজ দিবলৈ সক্ষম হ’ব৷
ছবি: নৃপেন শইকীয়া, নগাঁও
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক




