জাপানৰ প্রাথমিক শিক্ষা ব্যৱস্থা

জাপানৰ প্রাথমিক শিক্ষা ব্যৱস্থা
  • 13 Mar, 2022

জা পান সামাজিকভাৱে আৰু অর্থনৈতিকভাৱে অতি আগবঢ়া আৰু অতি উন্নত এখন দেশ। গতিকে শিক্ষাৰ ক্ষেত্ৰতো যে দেশখন সমানে আগবঢ়া আৰু উন্নত হ’ব, সেইটো সহজেই অনুমান কৰিব পাৰি। জাপানৰ শিক্ষিতৰ হাৰ শতকৰা এশ ভাগ (চৰকাৰীভাৱে ৯৯.৯ ভাগ বুলি কাৱা হয়) আৰু পুৰুষ আৰু মহিলাৰ শিক্ষিতৰ হাৰৰ মাজত কোনো পার্থক্য নাই। [তুলনামূলকভাৱে, আমাৰ দেশৰ (২০১১ চনৰ পিয়ল অনুসৰি) শিক্ষিতৰ হাৰ ৭৪.০৪ শতাংশ, পুৰুষৰ ক্ষেত্ৰত ৮২.১৪ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ৬৫.৪৬ শতাংশ]

পৃথিৱীৰ অন্যান্য বহু দেশৰ দৰে জাপানতো বহুদিনলৈকে শিক্ষা সমাজৰ ক্ষমতাশালী আৰু সুবিধাভোগী শ্ৰেণীৰ মাজত সীমাবদ্ধ আছিল। এটা সময়ত শ্বিণ্টো (Shinto) আৰু বৌদ্ধ ধর্মৰ মঠ-মন্দিৰবোৰেই আছিল শিক্ষাৰ মূল কেন্দ্র। কালক্ৰমত খেতিয়ককে ধৰি সাধাৰণ শ্ৰেণীৰ মানুহৰ ল’ৰা-ছোৱালীৰ বাবেও শিক্ষাৰ সুবিধা হৈছিল, কিন্তু প্রত্যেক শ্ৰেণীৰ মানুহৰ বাবে সুকীয়া সুকীয়া বিদ্যালয়ৰ ব্যৱস্থা কৰা হৈছিল।

জাপানৰ শিক্ষা ব্যৱস্থা

মাউণ্ট ফুজি আৰু চুৰেইটো পেগোডা, জাপান (CC0)

জাপানৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটে ১৮৭২ খ্ৰীষ্টাব্দত। সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ বাবে থকা সুকীয়া সুকীয়া বিদ্যালয় ব্যৱস্থাৰ বিলোপ সাধন কৰা হয় আৰু সকলোৰে বাবে একে ধৰণৰ আধুনিক শিক্ষা ব্যৱস্থাৰ প্রচলন কৰা হয়। দ্বিতীয় মহাযুদ্ধৰ পাছত ১৯৪৭ খ্ৰীষ্টাব্দত জাপানে শিক্ষা বিষয়ক নতুন নীতি-নির্দেশনা গ্রহণ কৰে। এই নীতি-নির্দেশনাৰ আধাৰতে বর্তমান জাপানৰ শিক্ষা ব্যৱস্থা গঢ় লৈ উঠিছে। বর্তমান জাপানৰ সাধাৰণ শিক্ষা ৬+৩+৩+৪ পদ্ধতিৰ: ছবছৰৰ প্রাথমিক শিক্ষা, তিনি বছৰৰ নিম্ন মাধ্যমিক শিক্ষা, তিনি বছৰৰ উচ্চ মাধ্যমিক শিক্ষা আৰু চাৰি বছৰৰ কলেজীয়া স্তৰৰ শিক্ষা। ছবছৰ বয়সত ল’ৰা-ছোৱালীক প্রাথমিক বিদ্যালয়ত ভর্তি কৰোৱা হয়। তাৰ পাছত ষোল্ল বছৰ পঢ়িলে একপ্ৰকাৰে আনুষ্ঠানিক শিক্ষা শেষ হয়। অৱশ্যে ইয়াৰ পাছতো স্নাতকোত্তৰ মহলা অর্থাৎ এম এ, এম এছ-ছি আদি শিক্ষা আছে। অতি মেধা সম্পন্ন ছাত্র-ছাত্রীয়েহে স্নাতকোত্তৰ শিক্ষা গ্রহণ কৰে। আনকি কলেজীয়া স্তৰৰ শিক্ষাতো খুব কম সংখ্যক ছাত্র-ছাত্রী ভর্তি হয়।

প্রাথমিক বিদ্যালয়ত ভর্তি হোৱাৰ আগতে প্রাক প্রাথমিক শিক্ষাৰ ব্যৱস্থাও আছে। প্রাক প্রাথমিক বিদ্যালয়ত এবছৰ, দুবছৰ বা তিনি বছৰ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকা, কাপোৰ-কানি পিন্ধা, খোৱা-বোৱা কৰা আদি কথা শিকোৱা হয়। ল’ৰা-ছোৱালীবোৰে যাতে নিজৰ ওপৰত নিজে নিৰ্ভৰ কৰিব পৰা হয়, তাকে খেলা-ধূলা আদিৰ যোগেদি অভ্যাস কৰোৱা হয়। ছবি অঁকা বা নেওতা আদিও শিকোৱা হয় যদিও এই বিদ্যালয়বোৰত নিয়মীয়াকৈ কোনো লিখা-পঢ়া শিকোৱা নহয়। হ’মৱৰ্কৰ কথা কল্পনাও কৰিব নোৱাৰি।

জাপানৰ শিক্ষা ব্যৱস্থা

জাপানৰ শিক্ষা ব্যৱস্থা

ওপৰৰ চিত্রত জাপানৰ শিক্ষা ব্যৱস্থাৰ এটা আভাস দিবলৈ যত্ন কৰা হৈছে। ৩ বছৰৰ পৰা ৬ বছৰলৈ প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়। ৩ বা ৪ বছৰীয়া শিশুৰ তুলনাত ৫ বছৰীয়া শিশুৰ সংখ্যাই এনে বিদ্যালয়ত বেছি। ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈ প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়। ১২ বছৰৰ পৰা ১৫ বছৰলৈ নিম্ন মাধ্যমিক শিক্ষা। কিছু সংখ্যক ছাত্র-ছাত্রীয়ে ইমানলৈকে শিক্ষা গ্ৰহণ কৰি কাৰিকৰী নাইবা বিশেষীকৃত তথা বৃত্তিমূলক নাইবা অন্যান্য শিক্ষা ল’বলৈ যায়গৈ। এই সমূহত ৪ ৰ পৰা ৮/৯ বছৰলৈকে সময় লাগে। আনহাতে কিছুসংখ্যক ছাত্র-ছাত্রীয়ে নিম্ন মাধ্যমিক পর্যায়তে শিক্ষা সমাপ্ত কৰি চাকৰি-বাকৰিৰ সন্ধান কৰে। সাধাৰণ শিক্ষা গ্রহণ কৰিবলৈ ইচ্ছা কৰা সকলে ইয়াৰ পাছত উচ্চ মাধ্যমিক বিদ্যালয়ত ভর্তি হয়। উচ্চ মাধ্যমিক শিক্ষা সমাপ্ত কৰা এক বুজন সংখ্যক ছাত্র-ছাত্ৰীয়ে আনুষ্ঠানিক শিক্ষাত সিমানতে ইতি টানি চাকৰি-বাকৰিত সোমায়, এটা অংশ এই পৰ্যায়তো বৃত্তিমূলক শিক্ষালৈ যায়, এটা অংশ কনিষ্ঠ মহাবিদ্যালয়ত ভর্তি হয়, এটা অংশ বিশ্ববিদ্যালয়লৈ যায়। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি পোৱাৰ পাছতে গৰিষ্ঠ সংখ্যক ছাত্র-ছাত্ৰীয়ে জীৱিকাৰ সন্ধান কৰে। এক সামান্য সংখ্যক অতি মেধাৱী ছাত্র-ছাত্রীয়েহে স্নাতকোত্তৰ বা তাতোকৈ উচ্চতৰ শিক্ষাৰ বাবে পঢ়া-শুনা কৰে।

জাপানত প্রাক প্রাথমিক শিক্ষা বাধ্যতামূলক নহয়, কিন্তু প্ৰাথমিক আৰু নিম্ন মাধ্যমিক শিক্ষা বাধ্যতামূলক। অৰ্থাৎ প্রাথমিক পর্যায়ৰ ছবছৰ আৰু নিম্ন মাধ্যমিক পৰ্যায়ৰ তিনি বছৰ, মুঠ ন বছৰৰ শিক্ষা সকলো জাপানী ল’ৰা-ছোৱালীৰ বাবে বাধ্যতামূলক। এখন দেশৰ শিক্ষা ব্যৱস্থা কিমান উন্নত, তাৰ এটা মাপ হ’ল বাধ্যতামূলক শিক্ষাৰ বছৰৰ সংখ্যা আৰু সেই বাধ্যতামূলক শিক্ষাত ছাত্র-ছাত্রীৰ ভৰ্তিৰ পৰিসংখ্যা। বাধ্যতামূলক শিক্ষাৰ বছৰৰ ক্ষেত্ৰত জাপান পৃথিৱীৰ আগশাৰীৰ দেশসমূহৰ অন্যতম (গ্রেট বৃটেইনত ১০ বছৰ, জাপান, আমেৰিকা যুক্তৰাষ্ট্র, ইজৰাইল আদিত ৯ বছৰ, ইউৰোপৰ বেছিভাগ দেশতে ৮ বছৰ, ভাৰতকে ধৰি এছিয়া আৰু আফ্রিকাৰ দেশসমূহত ৪ ৰ পৰা ৬ বছৰ)। বাধ্যতামূলক শিক্ষাত ছাত্র-ছাত্ৰীৰ ভৰ্তিৰ পৰিসংখ্যাৰ ফালৰ পৰা জাপান সকলোৰে ওপৰত— ৯৯.৯ শতাংশ (ইংলেণ্ডত ৯৯.৭, আমেৰিকা যুক্তৰাষ্ট্ৰত ৯৯.৪, ফ্ৰান্সত ৯৯, ভাৰতত বোধকৰোঁ ৫০-ৰ সামান্য বেছি)।

জাপানৰ শিক্ষা ব্যৱস্থাৰ এই চমু পৰিচয়ৰ পিছত আমি এতিয়া এই প্রবন্ধৰ মূল বিষয়টোলৈ আহোঁ। বিষয়টো হ’ল জাপানৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা। অধ্যয়নৰ সূত্রে দুবছৰ জাপানৰ এখন বিশ্ববিদ্যালয়ত থাকি জাপানৰ উচ্চতৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে এই লেখকৰ যথেষ্ট অভিজ্ঞতা হৈছে। এই সময়ছোৱাত দেশখনৰ প্রাথমিক বা মাধ্যমিক শিক্ষা ব্যৱস্থাৰ সৈতে যদিও প্রত্যক্ষভাৱে কোনো সম্পর্ক ঘটা নাছিল, তথাপি নিচেই কাষৰ পৰা এখন প্রাক্ প্রাথমিক বিদ্যালয়, দুখন নিম্ন মাধ্যমিক বিদ্যালয় আৰু এখন উচ্চ মাধ্যমিক বিদ্যালয় নিৰীক্ষণ কৰাৰ সুবিধা পাইছিলো। লগতে, শিক্ষাসদী জীৱনৰ সৈতে জড়িত ব্যক্তি হিচাপে জাপানৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে সহকর্মীসকলৰ পৰা তথা কিতাপ-পত্ৰৰ পৰা যি কথা জানিব পাৰিছিলো, তাকে এই প্রবন্ধত লিখিবলৈ যত্ন কৰিছোঁ।

এষাৰ কথা আছে যে সেইজন মানুহৰ জীৱনেই আটাইতকৈ সুখী, যিজনৰ শৈশৱ আৰু কৈশোৰ পাৰ হয় জাপানত, যৌৱন পাৰ হয় আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু বৃদ্ধাৱস্থা পাৰ হয় ভাৰতবৰ্ষত। কোৱা বাহুল্য মাথোন যে জাপানৰ বিষয়ে কোৱা কথাখিনি শতকৰা এশভাগেই সঁচা কথা। জাপানক শিশু আৰু কিশোৰৰ স্বৰ্গভূমি বুলি ক’ব পাৰি। জাপানৰ কল্যাণকামী সামাজিক ব্যৱস্থাই শিশু আৰু কিশোৰক আতোলতোলকৈ ডাঙৰ-দীঘল কৰে। জাপানৰ প্ৰাক্ প্রাথমিক আৰু প্রাথমিক শিক্ষা ব্যৱস্থাও এনেদৰে পৰিকল্পনা কৰা হৈছে যে ই এজন শিশুক পূর্ণাঙ্গ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰাৰ লগতে শৈশৱ আৰু কৈশোৰক উপভোগ্য আৰু বর্ণাঢ্য কৰি তোলে।

জাপানৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা

ইকেডা এলিমেণ্টেৰি স্কুল, ওচাকা, জাপান | ছবি: উইকিমেডিয়া (CC by SA 4.0)

প্রাথমিক বিদ্যালয়ৰ পাঠ্যক্রম

প্রথমে জাপানৰ প্রাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বিষয়ে আলোচনা কৰোঁ। জাপানৰ সকলো প্রাথমিক বিদ্যালয়তে একে পাঠ্যক্ৰমৰ শিক্ষা প্রদান কৰা হয় (অৱশ্যে শাৰীৰিকভাৱে আৰু মানসিকভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে)। এই পাঠ্যক্রম প্রস্তুত কৰে জাপান চৰকাৰৰ শিক্ষা বিভাগে। পাঠ্যক্ৰমৰ অন্তর্ভুক্ত বিষয়সমূহ হ’ল এনে ধৰণৰ:- জাপানী ভাষা

  • গণিত
  • বিজ্ঞান
  • জীৱন-জগতৰ শিক্ষা
  • সঙ্গীত, কলা, হস্তশিল্প, গৃহশিল্প ইত্যাদি
  • শাৰীৰিক শিক্ষা
  • নৈতিক শিক্ষা
  • অন্যান্য বিশেষ শিক্ষা।

ওপৰত উল্লেখ কৰা আটাইবোৰ পাঠ বাধ্যতামূলক। অৰ্থাৎ জাপানী প্রাথমিক বিদ্যালয় এখনত কেৱল ভাষা, গণিত আৰু জ্ঞান-বিজ্ঞানেই শিকোৱা নহয়, তাৰ লগতে এজন সুস্থ, সবল, চৰিত্ৰবান আৰু ৰুচিশীল মানুহ হিচাপে নিজকে গঢ় দিবলৈ প্রয়োজন হোৱা অন্যান্য বিষয়বোৰৰ শিক্ষাও প্ৰদান কৰা হয়। এই কথাটোৰ কাৰণে জাপানত প্রায় প্রত্যেকজন মানুহেই কিবা নহয় কিবা এটা সাঙ্গীতিক বাদ্য বজাব জানে বা গান গাব জানে; ছবি আঁকিব জানে; টেবুল টেনিচেই হওক বা বেছবলেই হওক, অন্ততঃ কিবা এটা খেল খেলিব জানে; সকলোৱে সাঁতুৰিব জানে। সৰুৰে পৰা বাধ্যতামূলক খেল-ধেমালিৰ মাজেৰে ডাঙৰ-দীঘল হোৱাৰ বাবে জাপানীসকল অতি স্বাস্থ্যবান আৰু শক্তিশালী হয়, পৰিশ্রমে লোকক কেতিয়াও সহজে ক্লান্ত কৰিব নোৱাৰে। (এই কথা প্রায় সকলোৱে জানে যে জাপানীসকলে অতিপাত পৰিশ্ৰম কৰিব পাৰে আৰু অনবৰতে কামত নিমগ্ন হৈ থাকিবলৈ ভাল পায়, যাৰ কাৰণে তেওঁলোকক কামনিচাখোৰ বুলি কোৱা হয়।)

প্রাথমিক বিদ্যালয়ৰ প্ৰথম বছৰত বিজ্ঞান পঢ়োৱা নহয়, তাৰ পৰিৱর্তে জীৱন-জগতৰ শিক্ষা (Life activities) নামৰ পাঠ্যক্রমটি প্রচলন কৰা হৈছে। এই পাঠ্যক্ৰমত শিক্ষকে একো নিশিকায়, ছাত্ৰ-ছাত্ৰীসকলক নিজে নিজে চৌপাশৰ জীৱন আৰু জগতৰ পৰা শিক্ষা আহৰণ কৰিবৰ বাবে সুবিধা কৰি দিয়া হয়। দ্ৰুত নাগৰিকীকৰণৰ কাৰণে আজিকালিৰ বহুতো শিশুৱে প্ৰকৃতিৰ সৈতে সম্পর্ক হেৰুৱাই পেলাইছে। বহুতো শিশুৱে ফুল নিছিঙাকৈয়ে, ভেকুলী বা গুবৰুৱা এটা নধৰাকৈয়ে, পপীয়া তৰা এটা খহি পৰা নেদেখাকৈয়ে ডাঙৰ হ’বলগীয়া হৈছে। শিশুসকলে যেন শৈশৱৰ এই আনন্দ হেৰুৱাবলগীয়া নহয়, বিদ্যালয় কর্তৃপক্ষই তাৰ সুবিধা কৰি দিয়ে। ছাত্ৰ-ছাত্ৰীসকলক হাবিলৈ, নৈ বা সাগৰৰ পাৰলৈ, চিৰিয়খানালৈ বা পার্ক আদিলৈ লৈ যোৱা হয় আৰু ফুল-গছ-চৰাই-চিৰিকতি আদি চিনি পাবলৈ, ভেকুলী বা কেঁচু আদি ধৰিবলৈ আৰু সিহঁতৰ আচাৰ-আচৰণ নিৰীক্ষণ কৰিবলৈ উৎসাহিত কৰা হয়। বহুতো বিদ্যালয়ত জীৱ-জন্তু আদি পুহি সিহঁতৰ আপডাল কৰিবলৈ শিশুসকলক দায়িত্ব দিয়া হয়। ই একে সময়তে শিশুসকলক আনন্দ আৰু শিক্ষা প্রদান কৰে।

ওপৰত ‘অন্যান্য বিশেষ শিক্ষা’ নামৰ এটা পাঠ্যক্ৰমৰ কথা উল্লেখ কৰা হৈছে। এই পাঠ্যক্ৰমৰ অধীনত কিছুমান সংঘ (Club) গঠন কৰি ছাত্ৰ-ছাত্ৰীসকলক তাৰ সদস্য হ’বলৈ উৎসাহিত কৰা হয়। একোজন শিক্ষকৰ তত্ত্বাৱধানত গঠিত এই সংঘবোৰৰ বিষয় খেল-ধেমালি, নৃত্য-গীত, বিজ্ঞান বা যিকোনো কিবা এটা হ’ব পাৰে (যেনে— টেবিল টেনিচ সংঘ, ভলীবল সংঘ, পিয়ানো সংঘ, গণিত সংঘ ইত্যাদি)। এজন ছাত্র বা ছাত্রী কিমানটা সংঘৰ সদস্য হ’ব, সেইটো তেওঁৰ ক্ষমতা, সময় আদিৰ ওপৰত নিৰ্ভৰ কৰে; কিন্তু প্রত্যেকেই কোনোবা নহয় কোনোবা এটা সংঘৰ সদস্য হোৱাটো বাধ্যতামূলক।

পাঠ্যপুথি

জাপানৰ শিক্ষা বিভাগে পাঠ্যক্রমহে ঠিক কৰি দিয়ে, পাঠ্যপুথি প্রকাশ নকৰে। ব্যক্তিগত প্রকাশকসকলে পাঠ্যপুথি প্রকাশ কৰে। অৱশ্যে এইবোৰত শিক্ষা বিভাগে অনুমোদন জনাব লাগিব। শিক্ষা বিভাগৰ অনুমোদিত যি কোনো এখন পাঠ্যপুথি বিদ্যালয়বোৰে নির্বাচন কৰি ল’ব পাৰে। পাঠ্যপুথিত সন্নিবিষ্ট আটাইবোৰ পাঠ যে পঢ়াব লাগিব, তেনে কোনো কথা নাই। তদুপৰি, পাঠ্যপুথিখন আখৰে আখৰে পঢ়াব লাগিব বুলিও কোনো কথা নাই; সেইখনক আধাৰ হিচাপেহে ব্যৱহাৰ কৰিব লাগে। আন কথাত ক’বলৈ গ’লে পাঠাপুথিখন পঢ়াব নালাগে, পাঠ্যপুথিখনৰ সহায়তহে পঢ়াব লাগে। সকলো পাঠ্যপুথি বিদ্যালয়ৰ তৰফৰ পৰা ছাত্র-ছাত্রীসকলক বিনামূলীয়াকৈ প্রদান কৰা হয়। (এইখিনিতে উল্লেখ কৰিব পাৰি যে জাপানৰ প্ৰাথমিক শিক্ষা সম্পূর্ণ বিনামূলীয়া, বিদ্যালয়বোৰত দুপৰীয়াৰ আহাৰো দিয়া হয়।)

পাঠ্যপুথিৰ প্ৰকাশকসকলে শিক্ষকৰ বাবে সংশ্লিষ্ট পাঠাপুথিখনৰ হাত-পুথিও প্রকাশ কৰে। ইয়াৰ ব্যৱহাৰ বাধ্যতামূলক নহয় যদিও বহুতো শিক্ষকে (বিশেষকৈ নতুন শিক্ষকসকলে) এইবোৰ ব্যৱহাৰ কৰে। এইবোৰত ব্যাখ্যা আৰু টীকাসহ পাঠৰ বিশদ বিৱৰণ থাকে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও পাঠ্যপুথিৰ উপৰিও অন্যান্য সহায়ক পুথি থাকে (অনুশীলন পুথি)।

পাঠদান

জাপানৰ প্ৰাথমিক বিদ্যালয়বোৰৰ দিনটোৰ কাৰ্যক্রমণিকা আৰম্ভ হয় ৰাতিপুৱা ৮-৩৫ বজাত। বিদ্যালয়ৰ সকলো সময় পাঠদানতে ব্যয় কৰা নহয়। খেলা-ধূলা আৰু অন্যান্য কামৰ কাৰণে যথেষ্ট আচুতীয়া সময় ৰখা হয়। প্রত্যেকখন বিদ্যালয়ৰে একোখন প্রকাণ্ড মুকলি খেলপথাৰ থাকে আৰু দিনটোৰ যি কোনো সময়তে তাত এটা নহয় এটা ছাত্ৰৰ দলে খেল-ধেমালি কৰি থাকে। প্রতি শ্ৰেণীৰ মাজত দহ মিনিট বা তাতোকৈয়ো বেছি মুক্ত সময় থাকে।

এখন আদর্শ জাপানী প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দিনটো এনে ধৰণৰ:- ৮.৩০ - ৮.৫০ — বৈঠক বা পৰিষদ (assembly/ meeting) বা খেল-ধেমালি (প্রতিদিনৰ পৰিষদ বেলেগ বেলেগ। ধৰক, সোমবাৰে গোটেই বিদ্যালয়ৰ সকলো ছাত্র-ছাত্রী পৰিষদত গোট খায়, মঙ্গলবাৰে নিজৰ শ্ৰেণীৰ মাজতে বৈঠক হয়, বুধবাৰে খেল-ধেমালি, বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰীৰ পৰিষদ ইত্যাদি)।

  • ৮.৫০ - ৯.৩৫ — প্রথম পিৰিয়দ।
  • ৯.৩৫ – ৯.৪৫ — মুক্ত সময়।
  • ৯.৪৫ – ১০.৩০ — দ্বিতীয় পিৰিয়দ।
  • ১০.৩০ – ১০.৪৫ — মুক্ত সময়।
  • ১০.৪৫ – ১১.৩০ — তৃতীয় পিৰিয়দ।
  • ১১.৩০ – ১১.৪০ — মুক্ত সময়।
  • ১১.৪০ – ১২.২৫ — চতুৰ্থ পিৰিয়দ।
  • ১২.২৫ – ১.১০ — দুপৰীয়াৰ আহাৰ বিৰতি।
  • ১.১০ – ১.৩০ — গোটেই বিদ্যালয়ৰ পৰিষ্কাৰকৰণ।
  • ১.৩০ – ১.৪৫ — মুক্ত সময়। প্রথম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠ-সামৰণি বৈঠক (Going Home meeting)। ইয়াৰ পাছতে তেওঁলোকৰ ছুটী হয়।
  • ১.৪৫ – ২.৩০ — পঞ্চম পিৰিয়দ।
  • ২.৩০ – ২.৪০ — মুক্ত সময়।
  • ২.৪০ – ৩.২৫ — ষষ্ঠ পিৰিয়দ।
  • ৩.২৫ – ৩.৩৫ — পাঠ-সামৰণি বৈঠক।
  • ৩.৩৫ – ৭.০০ — খেল-ধেমালি, সাংস্কৃতিক কাৰ্যসূচী অথবা ছুটী।

ছাত্র-ছাত্রীৰ দিনটোৰ এই কাৰ্যসূচীৰ পৰা তেওঁলোকৰ কৰ্মব্যস্ততা আৰু সক্রিয়তাৰ কথা সহজেই অনুমান কৰিব পাৰি। পঢ়া-শুনাত দিনটোৰ যিমান সময় ব্যয় কৰা হয়, জীৱনৰ অন্যান্য অতীব প্রয়োজনীয় বিষয়বোৰতো প্রায় সিমানেই সময় ব্যয় কৰা হয়। পৰিষদ বা বৈঠকৰ জৰিয়তে ছাত্র-ছাত্রীসকলৰ মাজত হৃদ্যতা গঢ়ি তুলিবলৈ যত্ন কৰা হয়। বিভিন্ন শ্রেণীৰ ছাত্র-ছাত্রীৰ মাজৰ বৈঠকৰ জৰিয়তে ভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীক অন্তৰঙ্গ হ’বলৈ সুবিধা দিয়া হয়। ৪৫ মিনিটৰ দুপৰীয়াৰ আহাৰৰ ছুটীত ছাত্র-ছাত্ৰীসকলে কেৱল আহাৰেই গ্রহণ নকৰে, সেই আহাৰ তেওঁলোকে নিজে আংশিকভাৱে প্ৰস্তুতো কৰে। আহাৰ গ্ৰহণ কৰি পাকঘৰ আদি পৰিষ্কাৰ কৰাৰ লগতে তাৰ পাছতে গোটেই বিদ্যালয় চৌহদ তেওঁলোকে পৰিষ্কাৰ কৰে। জাপানৰ সকলো বিদ্যালয়ৰ সকলো ছাত্র-ছাত্ৰীয়ে প্রতিদিনে দুপৰীয়া বিদ্যালয়ৰ বাহিৰ-ভিতৰ, লেট্রিন-বাথৰূম, ফুলনি, বিদ্যালয়ৰ সন্মুখৰ আলিবাট আৰু ফুটপাথ সকলো নিজ হাতে পৰিষ্কাৰ কৰে। সৰুৰে পৰা এই অভ্যাসৰ বাবেই হয়তো জাপানীসকলে অতি পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিবলৈ ভাল পায়। ৰাজহুৱা স্থানবোৰ তেওঁলোকে কেতিয়াও লেতেৰা নকৰে। ‘মুক্ত সময়’ৰ কালছোৱাত বন্ধু-বান্ধৱৰ লগত কথা-বতৰা পতা, ইনডোৰ বা আউটডোৰ খেল বা পুথিভঁৰাল— যাৰ য’ত মন, তাত কটাবলৈ উৎসাহিত কৰা হয়।

বিদ্যালয় ছুটীৰ আগে আগে প্ৰতিটো শ্ৰেণীৰে পাঠ-সামৰণি বৈঠক হয়। এই বৈঠকত সেইদিনা ছাত্ৰ-ছাত্ৰীসকলে কি নতুন কথা শিকিলে, কোনে কি মান পালে বা বুজিব নোৱাৰিলে, কোনে দিনটোত কি ভাল বা বেয়া কাম কৰিলে, সেই বিষয়ে আলোচনা হয় আৰু প্রয়োজন সাপেক্ষে শিক্ষকৰ পৰামৰ্শ আদি গ্রহণ কৰে।

দৈনিক খেল-ধেমালি বা নাচ-গান আদিৰ লগতে বছৰৰ বিভিন্ন সময়ত খেল-ধেমালি আৰু নাচ-গানৰ বিশেষ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানবোৰত ওপৰত উল্লেখ কৰা সংঘবোৰে নিজৰ নিজৰ পাৰদৰ্শিতা প্রদর্শন কৰে। প্রত্যেক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বছৰত অন্ততঃ এবাৰ শিক্ষামূলক ভ্রমণলৈ যায়। এই গোটেইবোৰ কথাই এজন ছাত্রক আক্ষৰিক অৰ্থতে শিক্ষিত, দায়বদ্ধ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে।

জাপান প্রযুক্তিৰ দিশৰ পৰা পৃথিৱীৰ প্ৰথম শাৰীৰ দেশ। গতিতে জাপানী বিদ্যালয়ৰ পাঠদানত অত্যাধুনিক প্রযুক্তি কৌশলৰ ব্যৱহাৰ অতি স্বাভাৱিক কথা। শ্রেণীৰ পাঠদানত অডিঅ’-ভিডিঅ’আদি প্ৰযুক্তিৰ বহুল প্রয়োগ কৰা হয়। শিক্ষকসকলেও এইবোৰৰ সহায় লৈ অতি মনোগ্রাহীকৈ পাঠ প্রস্তুত কৰে। তদুপৰি, বিজ্ঞানৰ প্রায়োগিক বিষয়বোৰ শিকাবলৈ প্রত্যেক প্রাথমিক বিদ্যালয়তে বিজ্ঞানাগাৰ আছে।

সকলো বিদ্যালয়তে মধ্যমীয়া আৰু মন্থৰ গতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ (slow learner) বিশেষ যত্ন লোৱা হয়। তেওঁলোকে বুজি পাব পৰাকৈ সহজ-সৰল শিক্ষণ-পদ্ধতিৰ সহায় লোৱা হয়, কথাবোৰ দীঘলীয়াকৈ ব্যাখ্যা কৰা হয় আৰু প্রয়োজন সাপেক্ষে অতিৰিক্ত শ্ৰেণীৰ ব্যৱস্থা কৰা হয়। তুলনামূলকভাৱে মেধাৱী ছাত্র-ছাত্রীসকলৰ বাবে বিশেষ কোনো ব্যৱস্থা নাই। এই কথাটোৰ কাৰণে জাপানৰ শিক্ষা ব্যৱস্থা সমালোচনাৰ সন্মুখীন হৈছে এই বুলি যে এই ব্যৱস্থাত মধ্যমীয়া বা মন্থৰ গতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিমান সা-সুবিধা আছে, অতি মেধাৱী আৰু ব্যতিক্রমী ছাত্র-ছাত্রীৰ বাবে সিমান সুবিধা নাই।

শিক্ষক

জাপানৰ শিক্ষকতাৰ চাকৰি অতি সন্মানজনক, প্ৰচুৰ স্বাধীনতা থকা আৰু দা-দৰমহাৰ ফালৰ পৰাও ভাল। প্রাথমিক বিদ্যালয়ৰ অধিকাংশ শিক্ষকেই মহিলা (প্রায় ৫৮ শতাংশ)। দুবছৰীয়া বা চাৰি বছৰীয়া কলেজ শিক্ষাৰ অন্তত শিক্ষণ-প্রশিক্ষণ প্রতিষ্ঠানৰ পৰা অতি কঠিন পৰীক্ষাত উত্তীর্ণ হোৱা সকলকহে শিক্ষক হিচাপে নিযুক্তি দিয়া হয়। কলেজীয়া শিক্ষাৰ ওপৰত উল্লেখ কৰা পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ত এক নিম্নতম নম্বৰ পোৱাটো বাধ্যতামূলক। চাকৰিত যোগ দিয়াৰ প্ৰথম বছৰ প্ৰতিজন শিক্ষকে সপ্তাহত এদিনকৈ তিনি মাহ প্রশিক্ষণ ল’ব লাগে। সকলো শিক্ষকেই তেওঁলোকৰ চাকৰি জীৱনৰ ষষ্ঠ, দশম আৰু বিংশতিতম বছৰত একোটা প্রশিক্ষণ ল’ব লাগে।

এজন শিক্ষকক দুবছৰৰ কাৰণে একেটা শ্রেণীতে পঢ়াবলৈ দিয়া হয়, তৃতীয় বছৰত তেওঁক আন এটা শ্ৰেণীত নিয়োগ কৰা হয়। এইদৰে শিক্ষকসকলে বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ সুযোগ লাভ কৰে আৰু তাৰ ফলত তেওঁ শিক্ষা প্রদানৰ বিষয়ে যথেষ্ট অভিজ্ঞতা আহৰণ কৰে। বেছিভাগ শিক্ষকেই শ্ৰেণীৰ পাঠদানৰ উপৰিও অন্যান্য বিদ্যায়তনিক কামতো নিয়োজিত হৈ থাকে। বিশেষকৈ বিজ্ঞানৰ শিক্ষকসকলৰ অধ্যয়ন চক্র (study group) থাকে। এনে অধ্যয়ন চক্রত পাঠদানৰ বিষয়ে, নতুন শিক্ষণ-পদ্ধতি আদিৰ বিষয়ে আলাপ-আলোচনা হয়। শিক্ষকসকলে শ্রেণীৰ পাঠদানৰ বাবে অতি নিষ্ঠাৰে নিজকে প্রস্তুত কৰে। আগতেই উল্লেখ কৰা হৈছে যে জাপানৰ প্ৰাথমিক বিদ্যালয়ত খেল-ধেমালি বা সাংস্কৃতিক কাৰ্যসূচীৰ ওপৰতত সমানেই গুৰুত্ব আৰোপ কৰা হয়। প্রতিজন শিক্ষকে এনে অতিৰিক্ত দায়িত্বও পালন কৰিব লাগে।

এখন প্রাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ দিনটো এনেধৰণৰ:- পুৱা ৮.১৫ বজাৰ ভিতৰত তেওঁ বিদ্যালয় পাবহি লাগে।

  • ৮.৩০ ৰ পৰা আবেলি ৪.০০ বজা মানলৈ পাঠদান আৰু বিভিন্ন বৈঠক থাকে (মাজত দুপৰীয়া আহাৰৰ বিৰতি)।
  • তাৰ পাছত সন্ধিয়া ৭.০০ বজালৈকে খেল- ধেমালি বা সাংস্কৃতিক কাম-কাজৰ অতিৰিক্ত দায়িত্বৰ কাম থাকে।
  • ৭.০০ বজাৰ পাছত তেওঁ ঘৰলৈ যাবগৈ পাৰে। অৱশ্যে সাধাৰণতে নতুন শিক্ষকসকলে তাৰপাছতো বিদ্যালয়তে থাকি পাছদিনাৰ পাঠদানৰ বিষয়ে নিজকে প্রস্তুত কৰে (নক্সা, চার্ট আদি তৈয়াৰৰ কাম থাকিলে সেইবোৰৰ সুবিধা বিদ্যালয়তে যিহেতু থাকে।) এনে শিক্ষকসকল ৰাতি ১০.০০ বজা মানতহে ঘৰলৈ ওভতে।

প্রত্যেক প্রাথমিক বিদ্যালয়তে শিক্ষকসকলৰ মাহেকীয়া বৈঠক বহে। এই বৈঠকত পাঠ্যক্রম কিমান আগবাঢ়িছে বা শিক্ষকসকল কি কি সমস্যাৰ সন্মুখীন হৈছে, সেইবোৰ কথা আলোচনা কৰা হয়। এই বৈঠকবোৰত শিক্ষকসকলৰ মাজত ভাব বিনিময় ঘটে আৰু এজনে আন এজনৰ পৰা সহায়ো ল’ব পাৰে।

প্রাথমিক বিদ্যালয়ৰ শিক্ষকসকলক সংশ্লিষ্ট নগৰ বা তালুক [গোটেই জাপানখন কিছুমান নগৰ আৰু তালুক(county)-ত বিভক্ত]-ৰ শিক্ষা বিভাগে নিযুক্তি দিয়ে। শিক্ষক এজনে একেখন বিদ্যালয়তে গোটেই চাকৰিকাল কটোৱাৰ কথা ভাবিব নোৱাৰে; সংশ্লিষ্ট নগৰ বা তালুকৰ যিকোনো বিদ্যালয়লৈ তেওঁৰ বদলি হ’ব পাৰে। আনকি কেতিয়াবা শ্রেণীকক্ষ শিক্ষকতাৰ পৰিৱর্তে শিক্ষা বিভাগৰ অন্য পদবীলৈও তেওঁক বদলি কৰা হ’ব পাৰে। প্রথম নিযুক্তি দিয়া বিদ্যালয়খনত এজন শিক্ষকক সাধাৰণতে ছবছৰৰ বেছি ৰখা নহয়। এই পদ্ধতিয়ে শিক্ষা ব্যৱস্থাটোক গতিশীল কৰি ৰাখে আৰু শিক্ষকসকলৰ আৰু বিদ্যালয়ৰ বিকাশক উজ্জীৱীত কৰি তোলে। জাপানৰ প্রাথমিক শিক্ষা ব্যৱস্থাত সেয়ে শিক্ষকৰ বদলিকৰণক শাস্তি বা পুৰস্কাৰ হিচাপে গণ্য কৰা নহয়; ইয়াক এজন শিক্ষকৰ বৃত্তি জীৱনৰ আৰু লগতে সমগ্র শিক্ষা ব্যৱস্থাটোৰ ফলদায়ক পৰিচালনাৰ এক স্বাভাৱিক প্রক্রিয়া ৰূপে বিবেচনা কৰা হয়।

পৰীক্ষা

জাপানৰ প্রাথমিক বিদ্যালয়ত কোনো ধৰণৰ শিক্ষান্ত পৰীক্ষা লোৱা নহয়। পৰীক্ষাই প্রাথমিক শিক্ষাৰ মূল উদ্দেশ্যত ব্যাঘ্যাত জন্মাব বুলি বিশ্বাস কৰা হয়। কিন্তু শ্ৰেণীত ৪/৬ সপ্তাহৰ মূৰে মূৰে শ্ৰেণী-পৰীক্ষা লোৱা হয়। এই পৰীক্ষাত নম্বৰ দিয়াৰ পৰিৱর্তে গ্রেড প্রদান কৰা হয়। মাজে মাজে ছাত্র-ছাত্রীৰ সামগ্রিক বুদ্ধিমত্তাৰ পৰীক্ষাও লোৱা হয়। এই পৰীক্ষাৰ ফলাফল কেতিয়াও অভিভাৱকক জানিবলৈ দিয়া নহয়, কিয়নো বেছি নম্বৰ পোৱা ছাত্র-ছাত্রীসকলক অভিভাৱকসকলে অধিক ভালকৈ পঢ়িবলৈ হেঁচা দিব পাৰে আৰু আনহাতে, কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে মনত দুখ পাব পাৰে। এইবোৰে ছাত্ৰ-ছাত্ৰীৰ মনত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিব পাৰে।

গ্রেড নির্ণয় কৰোঁতে critical evaluation ৰ পৰিৱর্তে positive evaluation-ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অর্থাৎ ছাত্ৰজনৰ ভুলবোৰৰ ওপৰত গুৰুত্ব দিয়াতকৈ, তেওঁৰ ভাল গুণবোৰৰ ওপৰত গুৰুত্ব দিয়া হয়। প্রাথমিক বিদ্যালয়ৰ বাবে নিৰ্ধাৰিত পাঠ্যক্রমত সকলো ছাত্র-ছাত্রীয়ে সমানে পাৰদৰ্শিতা দেখুৱাব পাৰিব বা লাগিব বুলি শিক্ষকসকলে আশা নকৰে। পাঠ্যক্রমক এক মানদণ্ড হিচাপেহে ধৰা হয়, সকলো ছাত্রৰে পৰা এক নির্দিষ্ট পাৰদৰ্শিতা বিচৰা নহয়। কোনোবা এজন ছাত্র হয়তো অংক কৰাত ভাল, আনহাতে কোনোবা এজন ছাত্র হয়তো ব্যাখ্যাত্মক চিত্র অঙ্কন কৰাত ভাল। এওঁলোক দুজনৰ মাজত পার্থক্য কৰা নহয়। বেছিভাগ প্রাথমিক বিদ্যালয়তে হ’মৱৰ্ক নিষিদ্ধ।

❧ | আৰু পঢ়ক:

জাপানৰ প্রাথমিক শিক্ষা ব্যৱস্থা | বিপুলজ্যোতি শইকীয়া

Follow Nilacharai on Facebook