প্ৰ ত্যেকজন পিতৃ-মাতৃয়েই নিজৰ সন্তানক লৈ সপোন ৰচে, সপোনৰ সোণালী সৌধ নিৰ্মাণ কৰে৷ ইয়াক বাস্তৱত ৰূপ দিবলৈ যৎপৰোনাস্তি চেষ্টাও কৰে৷ ই স্বাভাৱিক কথা৷ কাৰণ শিশুসকলেই হ’ল আমাৰ ভৱিষ্যৎ৷ শিশুসকলৰ ভৱিষ্যতৰ ওপৰতেই নিৰ্ভৰ কৰে একোখন ৰাজ্য, একোটা জাতি আৰু একোখন দেশৰ ভৱিষ্যৎ৷ সেয়ে হয়তো জন্মৰ সময়ৰ পৰাই অধিক সংখ্যক পিতৃ-মাতৃকে নিজৰ সন্তানক কেনেভাৱে গঢ়ি তুলিব, কেনে ধৰণৰ বিদ্যালয়ত পঢ়াব, কেনে ধৰণৰ উচ্চপদস্থ বিষয়া হিচাপে গঢ়ি তুলিব আদি নানাধৰণৰ চিন্তা-চৰ্চাৰে ব্যস্ত হৈ পৰা দেখা যায়৷ ফলত এটা যান্ত্ৰিক জীৱন শিশুসকলে আকোঁৱালি ল’বলৈ বাধ্য হয় আৰু অভিভাৱকৰ অধিকাংশৰ ক্ষেত্ৰতে পুথিগত শিক্ষা লাভতে আৱদ্ধ ৰাখি নিজ সন্তানক গঢ়িবলৈ যত্নপৰ হোৱা দেখা যায়৷ এয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ দেখা গৈছে, সম্প্ৰতি অধিকাংশ অভিভাৱকে নিজ সন্তানক মাতৃভাষাৰ সলনি ইংৰাজী ভাষাত শিক্ষা দিলেহে প্ৰকৃত সম্পদ হৈ উঠিব বুলি ভাবিবলৈ লৈছে৷ যিটো বিষয় অত্যন্ত চিন্তাৰ কাৰণ হৈ পৰিছে আৰু আমাৰ অসম তথা অসমীয়াৰ বাবে ই শুভলক্ষণ যে নহয়, সি নিশ্চিত৷
গাঁৱে-ভূঞে, নগৰে-চহৰে এই ইংৰাজী প্ৰীতিয়ে এতিয়া এনেভাৱে আৱৰি ধৰিছে যে কাৰোবাৰ ঘৰলৈ গ’লে ঘৰৰ শিশুটিক ‘তোমাৰ নাম কি’ বুলি যদি প্ৰশ্ন কৰা হয়, তেতিয়া উত্তৰ পোৱা যায়— ‘মাই নেম ইজ…’৷ মোবাইল, ইণ্টাৰনেট, কাৰ্টুন আদিত অহৰহ ব্যস্ত ৰখা, সাধাৰণ শিষ্টাচাৰখিনিও নিশিকোৱা, মামা-মামী, খুৰা-খুৰী, পেহা-পেহী, বৰদেউতা-বৰমা, মহা-মাহী আদি আন্তৰিকতাপূৰ্ণ মৰম মিহলি শব্দবোৰৰ পৰা বঞ্চিত কৰি পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ যত্ন কৰা এই অভিভাৱক, পিতৃ-মাতৃসকলে কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে— তেওঁলোকৰ সন্তানে প্ৰকৃতপক্ষে কোন ভাষাত সপোন দেখে? জীৱনৰ প্ৰথম মাতটো কোন ভাষাত প্ৰকাশ ঘটে? কেতিয়াবা এইসকলে ভাবি চাইছেনে— আমাৰ ৰাজ্যখনৰ সু-সন্তান, দেশ তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাধিকামোহন ভাগৱতী, ড° হীৰেন গোহাঁই, ড° দিলীপ দত্ত, ড° ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাকে ধৰি বৰেণ্যসকল সাধাৰণ গ্ৰাম্য অঞ্চলৰ পাঠশালাৰ পৰা গৈয়েই উজ্জ্বল ৰত্ন হৈ জিলিকি উঠা নাইনে? অসমৰ প্ৰথম শ্ৰেণীৰ শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়ৰ সিংহভাগ অধ্যাপকেই অসমীয়া ভাষাত শিক্ষাগ্ৰহণ কৰা লোক নহয়নে? তেনেস্থলত ইংৰাজী শিক্ষাৰে শিক্ষিত কৰালেহে উপযুক্ত লোক হ’ব বুলি ভবাৰ যুক্তি আছেনে? সম্প্ৰতি এনে ধৰণৰ চিন্তা-চৰ্চাৰ আঁত ধৰিয়েই আন এক প্ৰাসংগিক প্ৰশ্নৰ অৱতাৰণা হৈছে— অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি ভৱিষ্যৎ প্ৰজন্মৰ হাতত কিদৰে সুৰক্ষিত কৰিব পৰা যাব? আজিৰ সময়ৰ পটভূমিত এই প্ৰশ্নটিয়ে সচেতন মহলৰ মনত নিশ্চয়কৈ দোলা দি যাব৷
আজি অসমৰ সৰ্বত্ৰতে ইংৰাজী মাধ্যমৰ আগ্ৰাসনে অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি চৌপাশে বিভিন্ন আলোচনা-বিতৰ্ক চলি আহিছে যদিও আমাৰ দৃষ্টিত বিদ্যালয়ৰ মাধ্যম এইক্ষেত্ৰত সম্পূৰ্ণভাৱে জগৰীয়া হ’ব নোৱাৰে৷ অৱশ্যে এই দিশত প্ৰতিগৰাকী পিতৃ-মাতৃ, অভিভাৱকৰে কৰিবলগীয়া বহুখিনি আছে৷ কিয়নো বাস্তৱসন্মতভাৱে বিশ্লেষণ কৰিলে দেখা যায়— বৰ্তমান যুগটোত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি নিজৰ ভৱিষ্যৎ জীৱন সুন্দৰ আৰু নিজৰ শিক্ষায়তনিক জীৱন (কেৰিয়াৰ)ৰ জখলা বগাবলৈ নিঃচৰ্তভাৱে ইংৰাজীৰ যথাযথ শিক্ষা প্ৰাথমিক স্তৰৰ পৰা পাবই লাগিব৷ সেইসূত্ৰেই বৰ্তমান সমাজৰ মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ বহুসংখ্যক ব্যক্তিয়ে নিজৰ সন্তানক এখন ভাল ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ভৰ্তি কৰাইছে৷ তাত আমাৰ ক’বলগীয়া নাই৷ কিন্তু ইংৰাজী মাধ্যমত অধ্যয়ন কৰিলে বুলিয়েই তেওঁলোকে ‘মোৰ ল’ৰাটোৱে/ ছোৱালীজনীয়ে অসমীয়া পঢ়িব-লিখিব নেজানে৷ অসমীয়া ভালকৈ ক’বও নেজানে’ বুলি আত্মগৌৰৱ কৰাটো সমীচীন নে? নিচেই সৰুৰে পৰা সন্তানটিৰ সন্মুখতে এইদৰে দম্ভালি মাৰি নিজৰ জাতীয়তাবোধ জলাঞ্জলি দিবলৈও কুণ্ঠাবোধ নকৰা এনে বহু পিতৃ-মাতৃয়ে নিজেই যে নিজৰ সন্তানটিৰ ভৱিষ্যৎ ক্ৰমাৎ অন্ধকাৰলৈ ঠেলি দি আছে, সেই কথা কিন্তু তিলমানো অনুধাৱন কৰা নাই৷ আজিকালি ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনত নামভৰ্তি কৰাব পাৰিলেই সৰগখন ঢুকি পায় এনে তথাকথিত শিক্ষিত অভিভাৱকসকলে৷ তেওঁলোকে ভাবি লয়, তেওঁলোকৰ সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত হৈ গ’ল৷ এটা কথা ঠিক যে আধুনিক ভাষাবিজ্ঞানৰ মতে নিজৰ মাতৃভাষা ভালদৰে নাজানিলে বা শুদ্ধকৈ নিশিকিলে পৃথিৱীৰ কোনো ভাষা শুদ্ধকৈ আৰু নিখুঁতভাৱে আয়ত্ত কৰিব নোৱাৰি৷ তেনে ক্ষেত্ৰত এইসকল শিশুৰ ভৱিষ্যৎ কিদৰে সুন্দৰ হ’ব, সেয়া চিন্তনীয়৷
আমি প্ৰত্যেকেই মনত ৰখা ভাল যে দুখনমান ভাল মানপত্ৰ (চাৰ্টিফিকেট)ৰে অথবা ডিগ্ৰী-ডিপ্ল’মা, শতকৰা নম্বৰৰে কেতিয়াও ব্যক্তি এজনক মূল্যায়ন কৰিব নোৱাৰি৷ পঢ়াশলীয়া শিক্ষাৰ বাদেও এজন ভাল ‘মানুহ’ হিচাপে গঢ়িবলৈ এগৰাকী শিশুক চালুকীয়া অৱস্থাৰ পৰাই আন বহু শিক্ষাৰ প্ৰয়োজন, যি শিক্ষাৰ কঠিয়াতলী হৈছে শিশুৰ আপোন ধৰখন আৰু তাৰ প্ৰধান শিক্ষয়িত্ৰী হৈছে মাকগৰাকী৷ ইংৰাজী মাধ্যমত পঢ়ালে বুলিয়েই চাহাবী ঢঙৰে শিশুটিক ইংৰাজীতহে যে কথা ক’বলৈ শিকাব, তোমাৰ নামটো কি বুলি অসমীয়াত সুধিলে উত্তৰত ‘মাই নেম্ ইজ্…’ বুলি ইংৰাজীতহে উত্তৰ দিবলৈ শিকাব, এনেকুৱা অদ্ভুত নিয়ম ক’ত আছে? অসমীয়াত কথা-বতৰা পাতিবলৈ শিকালে ‘জাত যোৱা’ বুলি ভাবিবলৈ লৈছে আজিৰ এইচাম তথাকথিত অভিভাৱকে৷ ঘৰচিৰিকাই ৰাজহাঁহৰ খোজ লোৱাৰ দৰে এনেদৰে জীৱনত সফলতা লাভৰ বাবে এই ধৰণৰ ইংৰাজী শিক্ষাক অপৰিহাৰ্য বুলি ভবা পিতৃ-মাতৃ, অভিভাৱকসকলৰ এইকণ শুভবুদ্ধি খেলোৱা উচিত যে মাতৃভাষাক বিদায় দি ভুলে-শুদ্ধই বৈয়াকৰণিক জ্ঞানহীন ইংৰাজী ভাষা ক’বলৈ শিকাটোৱেই ইংৰাজী শিক্ষা নহয় আৰু মাতৃভাষাক এলাগী কৰিলেই আমি বৃটিছ বা আমেৰিকানৰ দৰে উন্নত হৈ নাযাওঁ৷
বহু পিতৃ-মাতৃ আৰু অভিভাৱকে নিজৰ শৈক্ষিক জীৱনত উচ্চশিক্ষা, বিশেষকৈ স্নাতক-স্নাতকোত্তৰ পৰ্যায়ত নিজে পোৱা অসুবিধাৰ কথা দোহাই দি নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱা বুলি যুক্তি প্ৰদৰ্শন কৰে৷ প্ৰকৃততে এয়া এক দায়সৰা মানসিকতা, ই কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ অসমীয়া মাধ্যমত পঢ়িলে ভাল মানুহ হ’ব নোৱাৰি নেকি? অসমীয়া মাধ্যমৰ পৰা চিকিৎসক, অভিযন্তা অথবা উচ্চপদস্থ প্ৰশাসনিক বিষয়া হ’ব নোৱাৰি নেকি? আজিৰ পৰা ত্ৰিশ-চল্লিশ বছৰৰ আগতে যেতিয়া অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰায় নাছিলেই, তেনে সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া-শুনা কৰা ব্যক্তিসকলৰ ভৱিষ্যৎ অন্ধকাৰচ্ছন্ন হৈ পৰিছিল নেকি? নে তেওঁলোকৰ কোনেও ইংৰাজী ক’ব বা লিখিব-পঢ়িব নেজানিছিল? বৰ্তমান ইংৰাজী শিক্ষাৰ অতীব প্ৰয়োজনীয়তাৰ কথা লক্ষ্য ৰাখি সকলো চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ আৰম্ভণি বৰ্ষৰ পৰাই ‘ইংৰাজী’ বিষয়টি বাধ্যতামূলক ভাৱে অধ্যয়নৰ সুবিধা দিয়া হৈছে৷ দেখা গৈছে সম্প্ৰতি স্নাতক-স্নাতকোত্তৰ পৰ্যায়ত আন আন বিষয়ৰ লগতে খোদ ‘ইংৰাজী’ বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম, দ্বিতীয় স্থান লাভ কৰা সকলৰ গড়ে ৯৯ শতাংশই অসমীয়া মাধ্যমত অধ্যয়ন কৰি অহা৷ প্ৰশাসনিক সেৱাৰ লগতে আই আই টিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱা সকলৰো প্ৰায়সংখ্যকেই অসমীয়া মাধ্যমৰ৷ তাতোকৈ আচৰিত কথা, যিসমূহ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত আজিৰ শিশুসকলে অধ্যয়ন কৰি আছে, সেইসমূহৰ সন্মানীয় শিক্ষাগুৰুসকলৰ অধিকাংশই কিন্তু এসময়ত অসমীয়া মাধ্যমৰে ছাত্ৰ-ছাত্ৰী আছিল৷ তেনেস্থলত শিশুৰ শিক্ষাজীৱনৰ ভৱিষ্যৎ বিষয়ত মাধ্যমক দোষাৰোপ কৰাটো এক হাস্যকৰ যুক্তি, তথাকথিত— ‘বাহানা’ৰ বাদে আন একো নহয়৷ ছাত্ৰজনে যি মাধ্যমতেই নপঢ়ক, একাগ্ৰতা আৰু অধ্যৱসায়, গভীৰ অধ্যয়ন আৰু সাধনাৰে নিজৰ লক্ষ্যত আগবাঢ়ি গ’লে শিক্ষা জীৱনৰ ক’তো একো বিপদত পৰিব লগীয়া নহয়৷ প্ৰকৃততে আজিকালি তথাকথিত আভিজাত্য প্ৰদৰ্শন বা ‘ষ্টেণ্ডাৰ্ড মেণ্টেইন্’ৰ নিগনি দৌৰত চাহাবী আদব-কায়দা,পশ্চিমীয়া অপসংস্কৃতিৰ অন্ধ অনুকৰণ কৰিবলৈ গৈয়েই অসমীয়াই নিজক হেৰুৱাবলৈ ধৰিছে৷ নিশ্চয়কৈ ইংৰাজী আজিৰ সময়ত অতিকে প্ৰয়োজনীয়৷ দৈনন্দিন জীৱনতো ইংৰাজী শুদ্ধ আৰু নিখুঁতভাৱে ক’ব আৰু লিখিব জনা মানুহ এজনৰ সুবিধা আন দহজনতকৈ বেছি৷ কিন্তু ইংৰাজী শিকাৰ নামত, ‘স্মাৰ্ট বনোৱা’ৰ নামত নিজৰ মাতৃভাষাক অৱজ্ঞা কৰাটো মূৰ্খামিৰ বাদে যে আন একো নহয়, সি ধুৰূপ৷ আজি বহু ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু তেনে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ অৱস্থা আধাকেচেলুৱা চাহাব বা মেমৰ দৰে৷ এওঁলোকক দেখিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ চৰিত্ৰ মলখু চাহাবলৈ মলত পৰে৷ কলিকতাত পঢ়িবলৈ গৈ চাহাবী টুপি আৰু ছুট পিন্ধি ‘মলক গুইন গুইন’ হোৱা মলখু চাহাবে অসমীয়া ভাষা কোৱা মানুহক জীৱ-জন্তু জ্ঞান কৰা হ’ল আৰু অসমীয়াও বুজি নোপোৱা হ’ল৷ শেষত নিজৰ দেউতাককো ঘৰৰ পৰা বাজ কৰি দিলে৷ আজিৰ আধুনিক মলখু চাহাবহঁতৰ অৱস্থাও ‘মলক গুইন গুইন’ৰ দৰেই হৈছে৷ এইসকলে এটা কথা অনুধাৱন কৰা উচিত যে নিজৰ মাতৃভাষা, নিজৰ ঐতিহ্য-সংস্কৃতিৰ জ্ঞানৰ অবিহনে কেতিয়াও ব্যক্তি এগৰাকীৰ শিক্ষা সম্পূৰ্ণ হ’ব নোৱাৰে৷ আধৰুৱা শিক্ষাৰে শিক্ষিত নিজৰ সন্তানক আনৰ সন্মুখত ‘ভুচুং পহু’ বা হাঁহিয়াতৰ পাত্ৰ হোৱাটো তেওঁলোকে নিশ্চয় কামনা নকৰে৷
নিজৰ সন্তানক কি মাধ্যমত পঢ়ুৱাইছে, সেই বিষয়টো এতিয়া ডাঙৰ কথা নহয়, শুদ্ধ ৰূপত সৰুৰে পৰাই নিজৰ সন্তানক কিদৰে অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ যথাযথ শিক্ষা দান কৰিছে, সেইটোহে আজিৰ সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্ন৷ কথা হ’ল— শিশু যি মাধ্যমতেই নপঢ়ক, সি তাৰ শিক্ষানুষ্ঠানখনত থাকে দিনটোৰ ২৪ ঘণ্টাৰ অতি বেছি ৫ বা ৬ ঘণ্টা৷ বাকীখিনি সময় শিশুটি ঘৰত থাকে মাক, দেউতাক আৰু পৰিয়ালৰ অন্যসকলৰ লগত৷ গতিকে আজি আমাৰ আপোন মাতৃভাষা, আমাৰ ঐতিহ্য, অসমীয়া সাহিত্য-সংস্কৃতিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে আজিৰ প্ৰতিগৰাকী পিতৃ-মাতৃৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হ’ল নিজৰ সন্তানটি যি মাধ্যমৰ বিদ্যালয়তে নপঢ়ুৱাওক, অন্ততঃ ঘৰত থকা সময়খিনিত নিচেই সৰুৰে পৰা মাতৃভাষাত কথা পাতিবলৈ শিকোৱা, সম্বন্ধীয় মানুহখিনিক ‘আংকল’ ‘আণ্টি’ জাতীয় ইংৰাজী শব্দৰ ঠাইত আমাৰ নিভাঁজ, আপোন শব্দবোৰেৰে সন্মোধন কৰিবলৈ শিকোৱা আৰু সৰ্বোপৰি অসমীয়া সাহিত্য-সংস্কৃতি, গীত-মাত আদিৰ চৰ্চা কৰিবলৈ ঘৰখনত এক সুস্থ-সবল পৰিৱেশ গঢ়াত মনোনিবেশ কৰা৷
সৰুৰে পৰা অসমীয়া কেঁচা মাটিৰ সুবাস থকা থলুৱা গীত-মাতসমূহ চৰ্চা কৰিবলৈ, অসমৰ মহান মনীষীসকলৰ জীৱনী অধ্যয়ন কৰিবলৈ, তেওঁলোকৰ চিন্তা, কৰ্ম আৰু আদৰ্শৰ জ্ঞান দিবলৈ, শিশু উপযোগী বিভিন্ন অসমীয়া গ্ৰন্থ, সাধু কিতাপ, কাকত-আলোচনী আদি অধ্যয়ন কৰিবলৈ, নিজৰ ওপজা ঠাইখনৰ বিষয়ে জানিবলৈ যদি প্ৰতিগৰাকী শিশুক নিজৰ পিতৃ-মাতৃ বা পৰিয়ালৰ অন্যান্য জ্যেষ্ঠসকলে অনুপ্ৰাণিত কৰে, এক সুস্থ পৰিৱেশ দিয়ে, তেতিয়াহ’লে নিশ্চিতভাৱে শিশুটিৰ মন আৰু মগজুত অসম আৰু অসমীয়া জাতি-মাটি, শিল্প-সাহিত্য, ঐতিহ্য-সংস্কৃতিৰ প্ৰতি ভালপোৱা আৰু দায়ৱদ্ধতাৰ ভাৱ জাগৃত হ’ব৷ সি যি ধৰণৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়তে নপঢ়ক কিয়, পৰৱৰ্তী কালত নিজৰ আপোন ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ চৰ্চা কৰিবলৈ আগ্ৰহী হ’ব৷ গতিকে নিজৰ সন্তানৰ ভৱিষ্যৎ জীৱন সুন্দৰ কৰাৰ স্বাৰ্থত ইংৰাজী মাধ্যমত সন্তানক নামভৰ্তি কৰোৱা প্ৰতিগৰাকী পিতৃ-মাতৃয়ে যদি ঘৰত শিশুটিক শুদ্ধভাৱে অসমীয়াত কথা-বতৰা পতা আৰু সাহিত্য সংস্কৃতি চৰ্চা কৰাৰ পৰিৱেশ সুদৃঢ় কৰি গঢ়ি তোলাত গুৰুত্ব দিয়ে, তেতিয়া অসমীয়া সাহিত্য-সংস্কৃতি সুস্থ-সবল ৰূপত জগতসভাত জিলিকি থাকিব৷
আমি সকলোৱেই দেখি আহিছোঁ— ঘৰলৈ আলহী আহিলে আজিৰ অধিকাংশ শিশুৱে ওলাই আহি কিদৰে মাতবোল কৰিব লাগে, বহিবলৈ কেনেদৰে অনুৰোধ জনাব লাগে, জ্যেষ্ঠজনৰ প্ৰতি কেনেভাৱে সন্মান প্ৰদৰ্শন কৰিব লাগে— এই কথাবোৰ নাজানে৷ অৰ্থাৎ অভিভাৱকসকলে শিশুসকলক এই সাধাৰণ শিষ্টাচাৰ-ভদ্ৰতাখিনিও শিকোৱা দেখা নাযায়৷ একমাত্ৰ পৰীক্ষাত কিমান নম্বৰ পাইছে, তাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা যায়৷ আজিকালি তেনে ইংৰাজী মাধ্যমত পঢ়া শিশুৰ ঘৰলৈ গ’লে বহু মাক-দেউতাকে নিজৰ সন্তানৰ পৰীক্ষাৰ ফলাফল আৰু ইংৰাজী ভাষাত থকা দখলৰ কথা কৈ নিজৰ ফোপোলা স্বৰূপ প্ৰদৰ্শনৰে শুনোতাৰ কাণ ঘোলা কৰাৰ উদাহৰণ নতুন কৈ দিয়াৰ প্ৰয়োজন নিশ্চয় নাই৷ এইদৰেই ইংৰাজী ভাষাত ব্যুৎপত্তি দখল কৰাবলৈ গৈ নিজৰ সন্তানক নিজৰ মাতৃভাষা, ওপজা ভূমিৰ জাতি-মাটি, ঐতিহ্য-সংস্কৃতি, কলা-সাহিত্যৰ পৰা বিচ্ছিন্ন কৰাৰ বিকৃত মানসিকতাৰ বাবেই আমাৰ সমাজখন আৰু ভৱিষ্যৎ কৰ্ণধাৰস্বৰূপ তেওঁলোকৰ সন্তানসকলক পংগু কৰি পেলাইছে৷ এই মানসিকতাৰ পৰিৱৰ্তন তেতিয়ালৈকে অসম্ভৱ, যেতিয়ালৈকে প্ৰতিগৰাকী অসমীয়াৰ মন-মগজু আৰু অন্তৰৰ আঁহে-কোঁহে তীব্ৰ জাতীয়তাবোধ আৰু স্বাভিমানৰ বীজবোৰ গজি নুঠিব৷
❧ | আৰু পঢ়ক: চৈয়দ আব্দুল মালিকৰ কবিতা ‘মই অসমীয়া’
শেষত প্ৰেম আৰু ৰ’দালিৰ কবি হীৰেন ভট্টাচাৰ্যৰ ভাষাৰেই লেখাটি সামৰিব বিচাৰিছো— ‘তুমি ইংৰাজী ভালেই লিখা বা বেয়াই লিখা, তাত ইংৰাজী ভাষাটোৰ একো আহে-নাযায়৷ তুমি বা আন ইংৰাজী ভাষাত লিখাসকলে জাবৰ লিখিলেও ইংৰাজী ভাষাৰ মৰ্যাদাৰ একো হীন-ডেঢ়ি নঘটে৷ কিন্তু আমি এটা কথা উপলব্ধি কৰা উচিত যে যিসকলে অসমীয়া ভাষাত, অৰ্থাৎ আমাৰ মাতৃভাষাত লিখা-পঢ়া কৰে, তেওঁলোকে যদি ভুল অসমীয়া লিখে, তেতিয়া কিন্তু অসমীয়া ভাষাটোৰ প্ৰচুৰ ক্ষতি হ’ব৷’
এইটো নক’লেও হ’ব যে সাম্প্ৰতিক সময়ত প্ৰতিষ্ঠা লাভ কৰিবলৈ ইংৰাজী ভাষাৰ শিক্ষা গ্ৰহণ কৰাটো অপৰিহাৰ্য যদিও অন্ধ অনুকৰণ আৰু অপসংস্কৃতিৰ সোঁতত উটি-ভাহি নগৈ নিজ মাতৃভাষাৰ প্ৰতি মৰ্যাদা প্ৰদান আৰু শুদ্ধভাৱে প্ৰয়োগ কৰিবলৈ শিকাটোহে আমাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হোৱা উচিত৷
Follow Nilacharai on Facebook