আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম অনুবাদক আত্মাৰাম শৰ্মা

আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম অনুবাদক আত্মাৰাম শৰ্মা
  • 14 Apr, 2013

শ্ৰী ৰামপুৰৰ ইংলিছ বেপটিষ্ট মিছনেৰীসকলৰ পুৰোধা পণ্ডিত ড. উইলিয়াম কেৰী আধুনিক ভাৰতীয় ভাষাসমূহৰ অনুবাদ সাহিত্যৰ প্ৰথম স্ৰষ্টা। ড. কেৰী আছিল এগৰাকী বহুভাষাবিদ পণ্ডিত। নানা ভাষাৰ জ্ঞান পিপাসু ড. কেৰীয়ে ভাৰতত উপস্থিত হৈছিল খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ আৰু তাৰ কাৰণে তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে খ্ৰীষ্টধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ হ’লে প্ৰথমতে জনসাধাৰণৰ কথিত বা লিখিত ভাষা আয়ত্ত কৰিব লাগিব; বিদেশী ভাষাৰ মাধ্যমেৰে মানুহৰ অন্তৰ জয় কৰিব নোৱাৰি আৰু চিন্তাশক্তিৰ উন্মেষ ঘটাব নোৱাৰি। সেইকাৰণেই তেওঁ ভাৰতৰ সকলো আধুনিক ভাষালৈ বাইবেল গ্ৰন্থ অনুবাদৰ আঁচনি গ্ৰহণ কৰিছিল। ড. কেৰীয়ে ১৮০০ খ্ৰীষ্টাব্দত গৱৰ্নৰ জেনেৰেল ওৱেলেচলিৰ তত্ত্বাৱধানত কলিকতাত প্ৰতিষ্ঠিত ফৰ্ট উইলিয়াম কলেজৰ সংস্কৃত, বঙলা আৰু মাৰাঠী ভাষাৰ অধ্যাপক পদত অধিষ্ঠিত হৈছিল আৰু সেই কলেজত ভাৰতৰ বিভিন্ন ভাষাভাষী লোকক লগ পোৱাৰ সুবিধা লাভ কৰিছিল। সেই সময়ত ভাৰতৰ নানা ঠাইৰ পৰা শিক্ষা-দীক্ষা লাভ কৰা লোকসকলে প্ৰায়েই বৃটিছ চৰকাৰৰ ৰাজধানী কলিকতা চোৱাৰ উদ্দেশ্যে তালৈ গৈছিল আৰু সেই সময়ত পদব্ৰজে যোৱা তীৰ্থযাত্ৰীসকলেও এই ৰাজধানী চাবলৈ সোমাইছিল। বিশেষকৈ পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা তীৰ্থযাত্ৰীসকলে প্ৰত্যাৱৰ্তন কৰি আহোঁতে ফৰ্ট উইলিয়াম কলেজ চাবলৈ গৈছিল। ড. কেৰীয়ে এনে তীৰ্থযাত্ৰীসকলৰ লগত আলাপ-আলোচনাত মিলিত হৈ বিভিন্ন ভাষাৰ ব্যুৎপত্তি থকা লোকক বাছি বাছি উলিয়াই শ্ৰীৰামপুৰ মিছন আস্থানত নিজৰ খৰচত থকা-মেলাৰ সুবিধা কৰি দি ৰাখিছিল। এনেধৰণে ৰখা বিভিন্ন ভাষী পণ্ডিতৰ সংখ্যা ৩০জন আছিল ঊনৈশ শতিকাৰ প্ৰথম দুই দশকত। সম্ভৱতঃ বিধিৰ বিধান অনুসৰিয়েই জগন্নাথ মন্দিৰ দৰ্শন কৰি প্ৰত্যাৱৰ্তন কৰা এগৰাকী অসমীয়া ব্ৰাহ্মণ পণ্ডিত ১৮০৩ খ্ৰীষ্টাব্দত খ্ৰীষ্টধৰ্মত দীক্ষিত হৈছিল (Missionary Magazine, Edinburg, Vol. IX, May, 1804, P 226)। এই ব্ৰাহ্মণ পণ্ডিতকেই গুণাভিৰাম বৰুৱাই তেওঁৰ ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত’ গ্ৰন্থৰ ৯৮-৯৯ পৃষ্ঠাত নগাঁৱৰ কলিয়াবৰৰ আত্মাৰাম শৰ্মা বুলি চিনাক্ত কৰিছে আৰু তেৱেঁই খ্ৰীষ্টধমৰ্ত দীক্ষিত হৈ বিয়া-বাৰু কৰাই শ্ৰীৰামপুৰত বসবাস কৰি বাইবেলৰ অসমীয়া অনুবাদ কাৰ্যত ড. কেৰীক যৎপৰোনাস্তি সহায় কৰিছিল। এইখিনিয়েই হ’ল আত্মাৰাম শৰ্মা সম্পৰ্কে ঐতিহাসিক সাক্ষ্যৰূপে গ্ৰহণযোগ্য তথ্য।

ছবি

ঐতিহাসিক সাক্ষ্য আৱিষ্কৃত নহ’লেও আত্মাৰাম শৰ্মা নামৰ এগৰাকী ব্যক্তিযে আছিল ই নিশ্চিত। ড. সত্যেন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে বহুতো পণ্ডিতে আত্মাৰাম শৰ্মা কলিয়াবৰ অঞ্চলৰ লোক আছিল বুলি সবল যুক্তি উপস্থাপন কৰিছে। যোৱা ৬ অক্টোবৰ (২০০২)ৰ ‘আমাৰ অসম’ কাকতত ইন্দ্ৰেশ্বৰ গোস্বামীয়ে পণ্ডিত আত্মাৰাম শৰ্মা সম্পৰ্কে লিখা প্ৰৱন্ধটোত আত্মাৰাম শৰ্মাৰ জন্মস্থান, গোত্ৰ, শিক্ষা, পৰিয়ালৰ বিভিন্ন বিৱৰণ দাঙি ধৰিছে। তেওঁৰ কথাখিনি কিছু কল্পনামিশ্ৰিত যেন লাগে, কিয়নো আন এক জনশ্ৰুতি অনুসৰি ‘আত্মাৰাম শৰ্মা খৰঙি বৰুৱা পৰিয়ালৰ কুল পুৰোহিতৰ বংশৰ লোক আৰু তেওঁ শেষ বয়সত কলিকতাৰ পৰা কলিয়াবৰলৈ ঘূৰি আহিছিল।’ (ড. মহেশ্বৰ নেওগৰ দ্বাৰা সম্পদিত ‘অৰুণোদই’ৰ ভূমিকা পৃষ্ঠা ৬৯)

উল্লিখিত জনশ্ৰুতিৰ বাহিৰেও কলিয়াবৰ অঞ্চলৰ লোকৰ মাজত আৰু অন্যান্য কিম্বদন্তি প্ৰচলিত আছে। সি যি কি নহওক, আত্মাৰাম শৰ্মাই এই দেশ এৰি কিয় কলিকতা বৰ চহৰৰ পৰদেশত মৰভেশ ল’বলৈ গৈছিল তাৰ কাৰণটো আমাৰ মাথোন কল্পনাৰ ওচৰত বিচাৰিবলগীয়া হৈ থাকিল। কলিকতাৰ পঞ্চানন কৰ্মকাৰ বা তস্য জামাতা মনোহৰৰ দৰে গুণাভিৰামে ক’বৰ দৰে— ‘ছাপাখানাৰ পণ্ডিত হ’বৰ অভিপ্ৰায়েৰে নে ভাগ্য-অন্বেষণৰ প্ৰয়াসত নে তীৰ্থ দৰ্শনৰ হাবিলাসত নে ঘৰুৱা কন্দলৰ বাবে তেওঁ দেশ এৰি বিদেশী হ’ল?’ এই প্ৰশ্নৰ সমিধানত অতীত নীৰৱ। অৰ্বাচীনভাৱে যোৱা শতিকাৰ নৱম দশকত (১৮৮৪) এ কে গাৰ্নিয়ে আৰু সেই দশকৰ সামৰণিত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে (‘অসমীয়া ভাষা’ বক্তৃতা, ১৮৯০) কল্পনা কৰিলে যে আত্মাৰামক কেৰী আদি শ্ৰীৰামপুৰীয়া পাদুৰিসকলেই অসমৰ পৰা বিচাৰি নিছিল। এই উক্তিৰ মূল ক’ত? (ড. নেওগ সম্পাদিত পূৰ্বোক্ত গ্ৰন্থ, পৃঃ ৬৯) এতেকে যি ক্ষেত্ৰত ইতিহাস নিমাত, তাত ইতিহাসৰ তোলনীয়া ভগিনী কল্পনাৰ আশ্ৰয়ত নানা কথাকেই অৱতাৰণা কৰিব পৰা যায়।

এতিয়া আমাৰ প্ৰশ্ন হ’ল— আত্মাৰাম শৰ্মাই ড. কেৰীক অসমীয়ালৈ বাইবেলৰ নিউ টেষ্টামেন্টখন প্ৰথমতে অনুবাদ কৰোঁতে কিদৰে সহায় কৰিছিল? ড. কেৰী নিজে আছিল সংস্কৃত আৰু বঙলা ভাষাৰ সুবিখ্যাত পণ্ডিত। তাৰপিছত তেওঁ মাৰাঠী ভাষাও আয়ত্ত কৰি লৈ ফৰ্ট উইলিয়াম কলেজত এই তিনিওটা ভাষাৰ অধ্যাপনা কৰাৰ উপৰিও এই তিনিটা ভাষালৈ নিজে নিউ টেষ্টামেন্ট অনুবাদ কৰিছিল। যিসকল পণ্ডিতে তেওঁৰ তত্ত্বাৱধানত থাকি বিভিন্ন ভাৰতীয় ভাষালৈ বাইবেল অনুবাদ কৰাত সহায় কৰিছিল, সেইসকলৰ ভিতৰত প্ৰথমেই ড. কেৰীয়ে সংস্কৃত বাইবেলখন হাতত তুলি দিছিল— Dr Carey “engaged these learned men as fast as they were brought and put the Sanskrit Bible, as the original from which they were to translate, into the hands of each.” (Missionary Magazine, 1820, P. 288)

অধ্যাপক ড. মহেশ্বৰ নেওগে লিখিছে— “অসমীয়া আৰু বঙলাৰ বিদ্যাৰ বাহিৰে আত্মাৰামৰ আন ভাষাৰ জ্ঞান থকাৰ কোনো প্ৰমাণপত্ৰ আমাৰ হাতত নাই।” এই কথাষাৰ সৰ্বাংশে শুদ্ধ নহয়। আত্মাৰাম শৰ্মা আছিল ব্ৰাহ্মণ সন্তান; সেই সময়ত বাহ্মণৰ ল’ৰাই সংস্কৃত টোল বা পাঠশালাত বিদ্যাৰম্ভ কৰাটো আৰু সংস্কৃতৰ অমৰকোষ আৰু ব্যাকৰণৰ জ্ঞান আহৰণ কৰাটো বাধ্যতামূলক আছিল। আত্মাৰামে অন্ততঃ ৮ বছৰ বয়সৰ পৰা ১৬ বছৰ বয়সলৈ সংস্কৃত শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিছিল। গতিকে সংস্কৃত ভাষাৰ ব্যৱহাৰোপযোগী জ্ঞান যে তেওঁ পাইছিল ই নিশ্চিত। সংস্কৃত বাইবেলখন চকুৰ আগত ৰাখি অসমীয়ালৈ তৰ্জমা কৰাত আত্মাৰামৰ বিশেষ অসুবিধা যে হোৱা নাছিল, তাক সহজে অনুমান কৰিব পাৰি। অৱশ্যে এটা কথা ঠিক যে আত্মাৰামে এখন ধৰ্মতত্ত্বমূলক গ্ৰন্থ অনুবাদ কৰোঁতে সংস্কৃতৰ শব্দৰাশিৰ পৰিৱৰ্তে খাঁটি অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ অৱকাশ নাছিল। তেতিয়াও আধুনিক অসমীয়া ভাষা অৰ্থাৎ বুৰঞ্জী সাহিত্যৰ ভাষাৰ অব্যৱহিত পৰৱৰ্তী স্তৰৰ ভাষা আৰু বাক্য বিন্যাস পদ্ধতিয়ে সুস্থিৰ ৰূপ গ্ৰহণ কৰা নাছিল। সেইকাৰণে আত্মাৰাম শৰ্মাই সংস্কৃতীয়া অসমীয়া লিখিবলৈ বাধ্য হৈছিল। গতিকে তেওঁ বঙলা বাইবেলৰ ৰীতিত বাইবেল অনুবাদ কৰা বুলি সমালোচনা কৰাৰ যুক্তি নাই— সেই সময়ত নাছিল অসমীয়া ব্যাকৰণ, নাছিল অসমীয়া অভিধান। এই প্ৰসঙ্গত আমি এটা কথা মনত ৰখা উচিত যে ড. কেৰীয়ে যিকোনো ভাষালৈ অনুবাদ কৰা বাইবেলবোৰ নিজে খৰচি মাৰি নোচোৱাকৈ ছপাশাললৈ নপঠাইছিল। ড. কেৰীয়ে শ্ৰীৰামপুৰৰ পৰা ১৮০৮ খ্ৰীষ্টাব্দৰ ২০ এপ্ৰিলত এণ্ড্ৰু ফুলাৰলৈ (Andrew Fuller) লিখা এখন চিঠিত লিখিছিল— “… I read every proof sheet twice or thrice myself and correct every letters with my own hand.”

উল্লিখিত তথ্যৰ পৰা সহজেই অনুমান কৰিব পাৰি যে অসমীয়া অনুবাদত আত্মাৰাম শৰ্মাই ড. কেৰীক অহোপুৰুষাৰ্থ কৰি সহায় কৰিছিল। বহুতো সমালোচকে কোৱাৰ দৰে কেৰীৰ অনূদিত অসমীয়া বাইবেলখনৰ ভাষা আৰু ধৰ্মগ্ৰন্থ হিচাপে বাইবেলৰ যি অন্তৰ্নিহিত ভাব (Spirit) আৰু তাৎপৰ্য তাক প্ৰকাশ কৰাত কিছু পৰিমাণে যে উজুটি খাইছিল, তাক অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু সেই সময়ৰ অসমীয়া ভাষাৰ যিটো অৱস্থা— যিটো সময়ত ভাষাৰ কোনো ব্যাকৰণ নাই বা অভিধান নাই তাৰ প্ৰতি সতৰ্কভাৱে দৃষ্টিপাত কৰিলে ড. কেৰী বা আত্মাৰাম শৰ্মাক ত্ৰুটি-বিচ্যুতিৰ কাৰণে তিৰস্কাৰ কৰিব নোৱাৰি।

আত্মাৰাম শৰ্মাই ১৮০৩ খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত বসবাস কৰিবলৈ লোৱা সময়ৰে পৰা সম্ভৱতঃ নিউ টেষ্টামেন্টৰ অনুবাদ কাৰ্য আৰম্ভ কৰি ১৮২০ খ্ৰীষ্টাব্দত সম্পূৰ্ণ কৰিছিল। দুৰ্ভাগ্যবশতঃ ১৮১২ খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰ মিছনৰ ছপাশালত ঘটা ভয়ঙ্কৰ অগ্নিকাণ্ডত নিউ টেষ্টামেন্টৰ অসমীয়া পাণ্ডুলিপিখনো অন্যান্য পাণ্ডুলিপিৰ লগতে প্ৰায় ধবংসপ্ৰাপ্ত হৈছিল। ড. কেৰী আৰু আত্মাৰাম শৰ্মাই অক্লান্ত পৰিশ্ৰম কৰি পাণ্ডুলিপিখন উদ্ধাৰ কৰি তাৰ ধবংস হোৱা অংশ পুনঃ অনুবাদ কৰিবলগীয়া হয়। (George Smith, The life of William Carey: Shoemaker and Missionary : PP 191-199) ১৮১৩ খ্ৰীষ্টাব্দত ২২ অধ্যায়ত ৮৬৪ পৃষ্ঠা কলেৱৰৰ ‘ধৰ্ম্মপুস্তক তাৰে অন্তভাগ’ নামেৰে প্ৰকাশিত হয়। শ্ৰীৰামপুৰৰ কেৰী গ্ৰন্থাগাৰত সংৰক্ষিত এই গ্ৰন্থখনৰ শিৰোনাম বা নামপত্ৰ (Title Page) তলত দিয়া ধৰণৰ—

“ঈশ্বৰৰ সবৰ্বাক্য। বিশেষত্‌ মানুহৰ তৰণৰে আৰু কাৰ্য্য সাধনৰে অৰ্থে ঈশ্বৰে যিহক্‌ প্ৰোচিক কৰিচে। সেয়েই ধৰ্ম্মপুস্তক তাৰে অন্তভাগ্‌ সেয়ে আমাৰ প্ৰভুৰ আৰু তৰণ কৰোঁতা য়িশু খ্ৰীষ্টৰ শুভবাৰ্তা। গ্ৰীক ভাষাৰ্‌ পৰা তৰ্জমা হ’ল্‌ শ্ৰীৰামপুৰৎ ছাপ্‌ মাৰিলে ইংৰাজী ১৮১৩ শক্‌।”

বাইবেলৰ ওল্ড টেষ্টামেন্টৰ অনুবাদো সম্ভৱতঃ ড. কেৰীয়ে পণ্ডিত আত্মাৰাম শৰ্মাৰ হতুৱাই কৰাইছিল; যিহেতুকে তেওঁ বিয়া-বাৰু কৰাই শ্ৰীৰামপুৰতেই বসবাস কৰিছিল, সেইকাৰণে অন্য অসমীয়া পণ্ডিতৰ সহায় লোৱাৰ সম্ভাৱনা কম। তদুপৰি শ্ৰীৰামপুৰ মিছনতে অসমীয়াৰ জ্ঞান লাভ কৰা জেমছ ৰে নামৰ ধৰ্মপ্ৰচাৰক এজনক ১৮২৯ খ্ৰীষ্টাব্দত ড. কেৰীয়ে অসমলৈ পঠোৱাৰ সময়ত বহুতো অসমীয়া ভাষাত লিখা প্ৰচাৰ পুস্তিকা (Tracts) তেওঁৰ লগত দি পঠাইছিল। এইবোৰো আত্মাৰাম শৰ্মা ব্যতিৰেকে অন্য লোকে কৰাৰ সম্ভাৱনা কম। গতিকে আমি নিৰ্ভৰযোগ্যভাৱে ক’ব পাৰোঁ যে ওল্ড টেষ্টামেন্টখনো আত্মাৰাম শৰ্মাৰ পৰিশ্ৰমৰ ফলতেই ১৮৩৩ খ্ৰীষ্টাব্দত প্ৰকাশিত হৈছিল। ৩৯টা অধ্যায়পুষ্ট (৭০২+৪৬২ পৃষ্ঠা) এই গ্ৰন্থখন শ্ৰীৰামপুৰ মিছনৰ ছপাশালত মুদ্ৰিত হৈছিল। এই গ্ৰন্থখনৰ শিৰোনাম বা নামপত্ৰ আছিল তলত দিয়া ধৰণৰ—

“The Holy Bible Translated from the original tongues into The Assamese language. By Serampore Missionaries ধৰ্ম্মপুস্তক আদিৎ যি যি মাতেৰে লিখিত আচিল তাৰ পৰা অহমীয়া মাতেৰে তৰ্জমা কৰা হ’ল শ্ৰীৰামপুৰত ছাপ দিলে। ১৮৩৩ Serampore Press 1833.”

এই প্ৰসঙ্গত মন কৰিবলগীয়া বিষয় এয়ে যে নিউ টেষ্টামেন্টখন গ্ৰীক ভাষাৰ পৰা অনুবাদ কৰা হৈছিল আৰু ওল্ড টেষ্টামেন্টখন কোন কোন ভাষাৰ পৰা অনূদিত হৈছিল তাৰ উল্লেখ নাই। সম্ভৱতঃ তেতিয়াও ইংৰাজীলৈ তৰ্জমা কৰা প্ৰামাণিক গ্ৰন্থৰ অভাৱ আছিল। বোধহয় ড. কেৰীয়ে গ্ৰীক ভাষাৰ মূল গ্ৰন্থকেই আগত ৰাখি অনুবাদ কৰিবলৈ দিছিল।

ড. কেৰীয়ে বিভিন্ন ভাষাৰ পণ্ডিতসকলৰ সহায়ত যিবোৰ ভাষালৈ বাইবেলখন অনুবাদ কৰিছিল সেইবোৰ একেবাৰে ত্ৰুটিমুক্ত নাছিল। ড. কেৰীয়ে উদাৰচিত্তে সেইবোৰৰ সমালোচনা বিভিন্ন পণ্ডিতৰ পৰা সংগ্ৰহ কৰিছিল। যি সময়ত আধুনিক ভাৰতীয় ভাষাবোৰৰ কোনো ব্যাকৰণ নাছিল বা কোনো অভিধান নাছিল, আনকি কোনো মুদ্ৰিত কিতাপ-পত্ৰ নাছিল, সেই সময়ত ড. কেৰীয়ে বিভিন্ন ২৯টা ভাষালৈ বাইবেল অনুবাদ কৰাৰ পৰিকল্পনা হাতত লৈ যি মহৎ আদৰ্শ দেখুৱাইছিল, তাৰ তুলনা নাই। অসমীয়া নিউ টেষ্টামেন্টৰ ৫০খন পুথি বিভিন্ন শিক্ষিত অসমীয়া লোকলৈ পঠাই মতামত সংগ্ৰহ কৰিছিল। সেই সময়ৰ বঙ্গদেশৰ প্ৰখ্যাত সংস্কৃত শিক্ষাৰ কেন্দ্ৰ নৱদ্বীপত অধ্যয়ন কৰা তিনিগৰাকী অসমীয়া ব্ৰাহ্মণ পণ্ডিতৰ এই বাইবেলখন সম্পৰ্কে দিয়া মন্তব্য শ্ৰীৰামপুৰ পেৰিয়ডিকেল একাউন্টত সন্নিবিষ্ট কৰা হৈছিল। সেই পণ্ডিত কেইগৰাকী হ’ল— পণ্ডিত লক্ষ্মীকান্ত তৰ্কলঙ্কাৰ, পদ্মধৰ বিদ্যাবাগীশ আৰু বিশ্বনাথ তৰ্কলঙ্কাৰ। তেওঁলোকে বাইবেলখন পঢ়ি সকলো অসমীয়াই বুজি পাব বুলি মন্তব্য প্ৰকাশ কৰিছিল। তদুপৰি বঙলা ভাষাত ‘আসামর বুৰঞ্জি’ প্ৰণেতা হলিৰাম ঢেকীয়াল ফুকন আৰু আন এজন অসমীয়া আমোক্তাৰ (Vokeel)ৰ মন্তব্য মেজৰ বাৰে লেটাৰে (Major Barre Latter) সংগ্ৰহ কৰি পঠাইছিল। তেওঁলোক দুয়োজনে গ্ৰন্থখনৰ ভাষা শুদ্ধ আৰু সকলোৱে বুজি পাব বুলি অভিমত প্ৰকাশ কৰিছিল।

বাইবেল গ্ৰন্থৰ অনুবাদ কি ধৰণৰ আছিল তাৰে উদাহৰণ তলত উদ্ধৃত কৰা হ’ল—

“যিশুখ্ৰীষ্টৰ জনম এনে আছিল। তেওঁৰ মাক মাৰিয়া যুসফলৈ বাগদত্তা হলৎ সিবিলাকৰ সংসৰ্গৰ আগেহে তেওঁক ধৰ্মাত্মাৰ পৰা গভৰ্ৱতী বুলি জানিলে। তেওঁক স্বামী যুসফে পৰমাৰ্থিক মানুহ হুই আৰু সদৰী কৰি তেওঁক অপযশী কৰিব নুখুজি গুপুতে তিয়াগিবলৈ মন কৰিলে। কিন্তু দেখা ইয়াতেই চিন্তা কৰোঁতে ঈশ্বৰৰ দূতে সপোনৎ দৰিশন দিলে আৰু বুলিলে হেৰা দাউদৰ সন্ততি যুসফ তোমাৰ ভাৰ্যা মাৰিয়াক গ্ৰহণ কৰিবলৈ ডৰুক নুহুবা কিয়নো যেয়ে তাইৰ গৰ্ভত আছে সেয়ে ধৰ্মাত্মাৰ পৰা। তাইও পুত্ৰ প্ৰসৱ হুব আৰু আৰু তেওঁৰ নাম তুমি যিশু থবা কিয়নো তেওঁ মনুষ্য হতক পাপৰ পৰা উদ্ধাৰ কৰিব। দেখা এজনী ছোৱালী গভৰ্ৱতী হুই পুত্ৰ প্ৰসৱ হুব আৰু তেওঁৰ নাম সিহঁতে আমানুএল থব অৰ্থাৎ প্ৰভুৱে আমাৰ লগৎ ঈশ্বৰৰ যি এই বাক্য আচাৰ্য্যৰ দোৱৰা উক্ত কৰিছিল সেই বাক্য পূৰ হুবলৈ এইবিলাক হল। ইয়াৰ পাচে যুসফ টোপনিৰ পৰা উঠি যেনেকৈ ঈশ্বৰৰ দূতে তেওঁক আদেশ কৰিছিল তাৰ নিচিনা কৰি আপোনাৰ ঘৰিণীয়েকক গ্ৰহণ কৰিলে কিন্তু তেওঁৰ প্ৰথম পুতেকৰ প্ৰসৱৰ আগেই তাইক তিৰোতা গিয়ান নকৰিলে তাৰ পাচে তেওঁৰ নাম যিশু থলে।”

✽ | আৰু পঢ়ক: ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ আত্মাৰাম শৰ্মা: প্ৰথম অসমীয়া আধুনিক গদ্য লেখক

ওপৰৰ উদ্ধৃত ছেদটোত তৎসম আৰু তৎভৱ শব্দৰ প্ৰয়োগ দেখা যায়। ‘ডৰুক’ ‘ঘৰিণীয়েক’ আদি শব্দৰ প্ৰয়োগো মন কৰিবলগীয়া। অসমীয়া ভাষাৰ প্ৰকাশভঙ্গী আৰু ঠাঁচৰ প্ৰতি আত্মাৰাম শৰ্মা সজাগ, কিয়নো ‘মনকৰ’ ‘উদ্ধাৰ কৰ’ ‘গিয়ান কৰ’ আদি জতুৱা ঠাঁচৰ ব্যৱহাৰ অসমীয়া ভাষাৰ বৈশিষ্ট্য। অসমীয়া ভাষাৰ ক্ৰিয়াৰ নঞৰ্থক ৰূপো শুদ্ধভাৱে ব্যৱহাৰ কৰা হৈছে। অৱশ্যে বিশেষ্য পদৰ সলনি যথাৰ্থ সৰ্বনাম পদ ব্যৱহাৰ কৰিব পৰা নাই। একে ব্যক্তিক বুজাবলৈ একেটা বাক্যতে সন্মানসূচক আৰু তুচ্ছাৰ্থক সৰ্বনামৰ ব্যৱহাৰ কৰা হৈছে। যেনে— ‘সিবিলাকৰ’ ঠাইত ‘তেওঁলোক’ বা ‘তেওঁবিলাক’ ‘তাইৰ’ ঠাইত ‘তেওঁৰ’ ব্যৱহাৰ কৰিব লাগিছিল। তদুপৰি অনুবাদত প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তিৰ ব্যৱহাৰ, যতি বা কুটৰ ব্যৱহাৰ উপযুক্তভাৱে কৰা নাই আৰু সেইকাৰণে অনুবাদ বহুসময়ত দুৰ্বোধ্য হৈ পৰিছে। উদাহৰণস্বৰূপে এই বাক্যটো চাওক— “কিন্তু দেখা ইয়াতেই চিন্তা কৰোঁতে ঈশ্বৰৰ দূতে সপোনৎ দৰিশন দিলে আৰু বুলিলে হেৰা দাউদৰ সন্ততি যুসফ তোমাৰ ভাৰ্য্যা মাৰিয়াক গ্ৰহণ কৰিবলৈ ডৰুক নুহুবা কিয়নো যেয়ে তাইৰ গভৰ্ত আছে সেয়ে ধৰ্মাত্মাৰ পৰা।” এই বাক্যটোত ডাৰিৰ বাহিৰে আন কোনো কুটৰ ব্যৱহাৰ নাই। পুৰণি বঙলা সাহিত্যতো কুট চিনৰ ব্যৱহাৰ নাছিল। পুৰণি অসমীয়াত ডাৰি, দুটা ডাৰি, দুটা ডাৰিৰ মাজত দুটা শূণ্য বা বৃত্ত আৰু ঊৰ্ধ্ব ৰেখাৰ বাহিৰে আন চিনৰ ব্যৱহাৰ নাছিল বাবেই সম্ভৱতঃ আত্মাৰাম শৰ্মাই আনবোৰ কুটচিনৰ ব্যৱহাৰ কৰা নাছিল। দৰাচলতে এইবোৰ চিন বঙলা বা অসমীয়াত পাশ্চাত্য ভাষাৰ আদৰ্শতে পিছত প্ৰয়োগ কৰা হৈছিল। আকৌ ব্যঞ্জনান্ত উচ্চাৰণ বুজাবলৈ হসন্ত চিন (্) প্ৰয়োগ কৰাটোও মন কৰিবলগীয়া। অসমীয়া ভাষাত শব্দৰ শেষৰ স্বৰান্ত আখৰটো (গাধ, পাৰ আদিৰ বাহিৰে) স্বৰান্তভাৱে উচ্চাৰণ কৰা নহয়। সম্ভৱতঃ অসমীয়া উচ্চাৰণ বুজাবলৈ হসন্ত চিন (্) ব্যৱহাৰ কৰা হৈছিল।

ওল্ড টেষ্টামেন্টৰ অনুবাদতো একেটা ৰীতিয়ে অনুসৰণ কৰা হৈছিল।

(লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক )

আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম অনুবাদক আত্মাৰাম শৰ্মা | ড° বাণীকান্ত শৰ্মা

Follow Nilacharai on Facebook