অ পৰাজেয় মোগল শক্তিয়ে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো ৰাজ্যকে পৰাজয় কৰি এখন বিশাল সাম্রাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল যদিও ভাৰতৰ পূব সীমান্তৰ ৰাজ্য অসমক কোনোপধ্যে পৰাজয় কৰিব নোৱাৰি ঠোঁট-মুখ চেলেকি ঘূৰি যাবলগীয়া হৈছিল। দেশৰ স্বাধীনতা আৰু জাতীয় গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ আহোম ৰজা আৰু বীৰ সেনানীয়ে বিদেশী শক্তি বা মোগলৰ অধীনত থকাতকৈ মৃত্যুৱেই শ্ৰেয় বুলি ভাবিছিল। মোগলৰ কেবাটাও অক্রমণক অসমৰ পৰাক্ৰমী সেনাই ওফৰাই বিজয় গৌৰৱৰ দুন্দুভি বজাই সকলোকে চমকিত কৰি তুলিছিল। মোগলৰ আক্ৰমণ ব্যর্থ কৰি অসমৰ পৰা চিৰদিনলৈ মোগলক বাহিৰ কৰি দিয়া বীৰ লাচিত বৰফুকনৰ স্বদেশপ্রেম, সাহস, বীৰত্ব আৰু জাতীয়তাবাদৰ কথা অসমৰ ইতিহাসত সদায় সোণালী আখৰেৰে লিখা থাকিব। জাতীয় কবিয়ে গৌৰৱৰে স্মৰণ কৰিছে—
“সউৱা বিস্তীর্ণ শৰাইঘাটৰ যুদ্ধক্ষেত্র, আহোম ৰজা
চক্ৰধ্বজৰ, লাচিত বীৰৰ উৰিছিল ৰক্ত বিজয় ধ্বজা।
তাৰ দক্ষিণেদি সউ যে গড়টি, সেয়েই মোমাই তামুলী গড়,
আছে তাত লিখা নেদেখা আখৰে— ‘দেশতকৈ নোহে মোমাই বৰ’।”
জয়ধ্বজ সিংহ স্বৰ্গদেৱ আৰু মোগলৰ মাজত হোৱা সন্ধিমতে আহোম স্বৰ্গদেৱে মোগলক গুৱাহাটী এৰি দিয়াৰ উপৰিও তিনি লাখ টকা আৰু নব্বৈটা হাতী শোধাবলগীয়া হ’ল। লগতে স্বৰ্গদেৱৰ কন্যা ৰমণী গাভৰুকো মোগল বাদচাহলৈ উছৰ্গা কৰিলে। মোগলৰ হাতত ইমান হেয় হ’বলগীয়া হোৱাত আহোম স্বৰ্গদেৱ জয়ধ্বজ সিংহই লাজে-অপমানে জৰ্জৰিত হৈ প্ৰাণ ত্যাগ কৰে। ১৬৬৪ চনত নতুন বছৰৰ নতুন মাহত নতুন প্রাণ, নতুন শক্তি লৈ সিংহাসনত বহিল চক্ৰধ্বজ সিংহ। সিংহাসনত উঠিয়েই ‘বঙ্গালৰ অধীন হৈ থকাতকৈ মৰাই উচিত’ বুলি ঘোষণা কৰি চক্ৰধ্বজ সিংহই শক্তিশালী ৰাজসভা গঠন কৰিলে।
মোগলৰ অধীনৰ পৰা অসম ৰাজ্য মুক্ত কৰিবলৈ চক্ৰধ্বজ সিংহই বাহুবলী, নিৰ্ভীক, সুচতুৰ যোদ্ধা লাচিতক বৰফুকন আৰু সেনাপতি পদত নিয়োগ কৰিলে। মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য সন্তান লাচিত আছিল দেশৰ একনিষ্ঠ সেৱক আৰু শ্ৰেষ্ঠ বীৰ।
বীৰ সেনাপতি লাচিতে ৰুদ্রমূৰ্তিৰে মোগলৰ বিৰুদ্ধে অস্ত্ৰ ধৰি গড়গাঁও আৰু মোগল-অধিকৃত আন আন ঠাইবোৰ মুক্ত কৰিলে। লাচিতে আগবাঢ়ি গৈ মোগল বাহিনীক পৰাজয় কৰি গুৱাহাটী আহোমৰ হাতলৈ আনিলে। ইমানতো ক্ষান্ত নাথাকি তেজস্বী বীৰ লাচিতে মোগল সেনাক পিছে পিছে খেদি গৈ মানাহ নদীৰ সিপাৰ কৰি দি তৰোৱাল মানাহ নদীৰ পানীত ধুই পঞ্চৰতনত অসমৰ সীমা বান্ধিলে। দেশমাতৃকাৰ অবনত শিৰ উজলাই তুলিবলৈ অসমৰ সন্তান যে শক্তিবিহীন নহয়, লাচিতে সেই কথা ভালদৰে বুজাই দিলে। লাচিতৰ বিজয়-সন্মানৰ কাৰণে লাচিতৰ নামে বিজয়-স্তম্ভ নির্মাণ কৰা হ’ল আৰু বীৰৰ দেশৰ স্বাধীনচিতীয়া ৰজাই ‘এতিয়াহে মই সুখেৰে ভাত এগৰাহ খাওঁ’ বুলি কৈ মনত শান্তি লভিলে।
প্রধান সেনাপতি লাচিত বৰফুকনৰ বীৰত্ব আৰু ৰণ-কৌশলত মোগল শক্তিৰ শোচনীয় পৰাজয় ঘটিল। মোগল সেনাপতি চৈয়দ ফিৰোজ আৰু চৈয়দ চালাক বন্দী কৰি আনি লাচিতে গাহৰি-সজাত সুমুৱাই থ’লে। ভাৰতৰ প্ৰান্তীয় ৰাজ্য অসমত শক্তিশালী মোগল বাহিনীৰ এনে বিপৰ্যয়ৰ কথা দিল্লীৰ সম্রাট ঔৰঙ্গজেৱৰ কাণত পৰাত তেওঁ বিচূৰ্তি খালে। অতিশয় অপমান বোধ কৰি ঔৰঙ্গজেৱে ততালিকে মান্ধাতা ৰজাৰ নাতি ৰামসিংহক প্রধান সেনাপতি পাতি পুনৰ অসম আক্রমণ কৰিবলৈ পঠালে। কেবাজনো পালি সেনাপতি আৰু ন লাখ শকত মোগল সৈন্যৰ লগত সোণৰ মিনা কৰোৱা তৰোৱাল হাতত লৈ ৰামসিংহ অসমত অৱতীৰ্ণ হ’ল।
পোনতে তেওঁ কামৰূপৰ হাজোত থাকিবলৈ লৈ কটকী দৈৱকী নন্দনক লাচিতৰ ওচৰলৈ পঠালে। কটকীৰ হাতত আফুগুটিৰ টোপোলা এটা পঠিয়াই ভয় দেখুৱাবৰ কাৰণে ৰামসিংহই লাচিতক কোৱালে— ‘এই যে পোষ্টাদানা (আফুগুটি )ৰ টোপোলাটো দেখিছে, ইয়াত যিমান আফুগুটি, ৰামসিংহৰো সিমান সৈন্য আহিছে, এতেকে ভাবি চ’ক।’ সাহসী বীৰ লাচিত জানো মোগলৰ এনে ওফাইদাং মৰা কথাত ভীত হ’ব! লাচিতে চুঙা চাই সোপা দিব জানে আৰু সেইবাবে তেওঁ ৰামচৰণ আৰু নিমৰ হাতত পটাগুটি এটা আৰু পটা এখন দি পঠিয়াই ৰামসিংহক ক’বলৈ দিলে— ‘তোমাৰ যি পোষ্টাদানা পঠিয়াইছা, তাক আমি এই পটাতে পটাগুটিৰে পিছিয়া (পিহি) খাইব।’ লগতে লুইতৰ বালি এগালো দি শুনাবলৈ দিলে— ‘এই যে দেখিছা, বালিগাল, আমাৰ সৈন্য এহ্ণয় লক্ষণ।’ অর্থাৎ অসমৰ সৈন্য নদীৰ বালিৰ দৰে, তাক পিহিলে পিহা নাযায়।
বীৰত্বপূৰ্ণ নিৰ্ভীক উত্তৰৰ দ্বাৰা ৰামসিংহৰ অসম-বিজয়ৰ অদম্য স্পৃহা আৰু উদ্যোগত লাচিতে চেঁচা পানী ঢালিলে। বিমোৰত পৰি তেওঁ হাজো-শুৱালকুছিৰ পিনে গতি কৰিলে। হাজোৰ মাধৱ দেৱালয় দর্শন কৰি কুলহাটি আৰু তাৰ পাছত শৰাইঘাটৰ গড়ৰ ওচৰৰ আজ্ঞাঠুৰিত ৰামসিংহই ছাউনী পাতি থাকিবলৈ ল’লে।
বীৰ লাচিতে ৰামসিংহৰ শক্তিৰ লগত যুঁজ দিবলৈ প্ৰস্তুতি চলালে। যথাস্থানত সৈন্যসকলক বহুৱাই ৰণত দায়িত্ব ন্যস্ত কৰি কৰ্তব্য জ্ঞানৰ প্ৰতি সজাগ কৰি নিজে অসীম সাহসেৰে উগ্রমূর্তি ধাৰণ কৰি ৰৈ থাকিল। আক্ৰমণৰ উদ্দেশ্য আগত লৈ ৰামসিংহৰ মোগল বাহিনী আগবাঢ়ি আহি শৰাইঘাটত উপস্থিত হ’ল। লাচিতৰ নেতৃত্বত অসমীয়া সেনাই বাহুত বল বান্ধি, বুকুত হাজাৰ হাতীৰ সাহস গোটাই লৈ মোগল শক্তিৰ ওপৰত জপিয়াই পৰিল। বহাগ মাহৰ পৰা শাওণ মাহলৈ চাৰি মাহ যুঁজ চলিল আৰু এই যুঁজত ৰামসিংহই উপায়ান্তৰ নাপাই পাণ্ডুলৈ গৈ ছাউনী পাতি ৰ’ল। পাণ্ডুত থকা গড় ভেদ কৰি বঙালৰ সৈন্যই প্রাণপণে যুঁজ কৰি লাচিতক পৰাজয় কৰিবলৈ আপ্রাণ চেষ্টা কৰি ব্যৰ্থ হৈ আকৌ শৰাইঘাট পালে। এইবাৰৰ ৰণত লাচিতে বঙালৰ সৈন্যক কচু কটাদি কাটিলে। মোগলৰ সেনাই যুঁজত ত্রাহি মধুসূদন সুঁৱৰি আজ্ঞাঠুৰিত জুম পাতি ৰ’ল৷
মোগলৰ সেনা আকৌ গুৱাহাটীত প্ৰৱেশ কৰিব বুলি সন্দেহ কৰি দূৰদৰ্শী বীৰ লাচিতে মোগলৰ গতি ৰোধ কৰিবলৈ আজ্ঞাঠুৰিত এটা গড় বান্ধিবলৈ দিহা কৰিলে। ‘শুভস্য শীঘ্রম’— শুভ কাম সোনকালে কৰিব লাগে। সেয়েহে ৰাতিৰ ভিতৰতে গড় তৈয়াৰ কৰি উলিয়াবলৈ বুলি লাচিতে নিজৰ মোমায়েকক গড় বন্ধা কামৰ গুৰু দায়িত্ব অর্পণ কৰিলে। গড়ৰ কাম কিমান আগবাঢ়িছে লাচিতে ৰাতি চাবলৈ গ’ল ৷ অসমৰ ভৱিষ্যতৰ ভাগ্য নির্ণয় কৰা গড়ৰ কামৰ লেহেম গতি আৰু সৈন্যসকলক টোপনিত লালকাল দি শুই থকা দেখি লাচিতৰ খং মূৰৰ চুলি পালেগৈ। দেশৰ কৰ্তব্যৰ প্ৰতি মোমায়েকৰ এনে অৱজ্ঞা-অৱহেলাক লাচিতে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। লাচিত বৰফুকনৰ মনত—
“এইদেশ ৰাখিব লাগিব।
এইখন আপোনাৰ দেশ—
এইখন মৰমৰ দেশ,
এইখন মানুহৰ দেশ।”
জাতীয় স্বাৰ্থত আঘাত কৰা মোমায়েক কেতিয়াও দেশতকৈ ডাঙৰ হ’ব নোৱাৰে বুলি প্ৰচণ্ড গৰ্জন কৰি মোমায়েকৰ ডিঙি লাচিতে তৰোৱালেৰে দ্বিখণ্ডিত কৰিলে। লাচিতে মোমায়েকক কাটি দ্বিখণ্ডিত কৰাত সকলো কর্মীৰে ভয়ত ভগৱন্ত পলাল। কর্মীবোৰে গড়ৰ কামত এনেদৰে লাগি গ’ল যে ৰাতিৰ ভিতৰতে কাম সম্পূৰ্ণ হৈ পৰিল। এই গড়ক ইতিহাসে ‘মোমাইকটা গড়’ বুলি কয়।
কোনোপধ্যে মোগল সৈন্যই গুৱাহাটীত প্ৰৱেশ কৰিব নোৱৰাকৈ গড় বান্ধি অসমক সুচতুৰ বৰফুকনে মোগলৰ আক্ৰমণৰ পৰা নিষ্কণ্টক কৰিলে। ৰামসিংহই অসমৰ সেনাক পৰাজয় কৰিব নোৱাৰি মনত বৰ ধিক্কাৰ পালে। মিনা কৰোৱা তৰোৱাল হাতত লৈ বিজয়ৰ উদ্যমত শেনটো হৈ আহি ৰামসিংহই পৰাজয় বৰণ কৰি ফেঁচাটো যেন হৈ যাবলগীয়া হোৱাটো জানো কম অপমানৰ কথা! ৰামসিংহই প্ৰাণে নমৰি পিছ হুহঁকি আহি কোনোমতে কামাখ্যাৰ উত্তৰ পাৰৰ দলিবাৰী পচৰীয়াত কোঠ মাৰি থাকিল। অসম অধিকাৰ কৰাটো গৌৰৱী মোগল সেনাপতিজনৰ কাৰণে এটা দুঃস্বপ্ন হৈ পৰিল। ৰামসিংহই লাচিতৰ শক্তিৰ লগত যুঁজি ইমান দুৰ্বল হৈ পৰিছিল যে তেওঁ মোগলক গুৱাহাটী এৰি দিবলৈ অনুৰোধ কৰি তিনি লাখ টকা আৰু হীৰা-মুকুতাৰ ভাৰ-ভেটী কটকীৰ হাতত লাচিতলৈ দি পঠালে। ৰামসিংহৰ এনে অসৎ উদ্দেশ্যক বীৰ লাচিতে ভৰিৰে গচকিলে।
কঠোৰ চেষ্টা কৰিও স্থলযুদ্ধত মোগলে লাচিতক পৰাজয় কৰিব নোৱাৰি এইবাৰ জলযুদ্ধত নামিল৷ এই উদ্দেশ্যেৰে ভাদ মাহত ব্ৰহ্মপুত্ৰৰ বুকুত নাৱেৰে মোগল সেনাই গুৱাহাটী ল’বলৈ আগবাঢ়ি আহিল। ৰামসিংহৰ হাজাৰ হাজাৰ যুঁজৰ নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকু ভৰি পৰিল। মোগলৰ এই আক্ৰমণৰ সময়ত জাতীয় নেতা লাচিতৰ ভীষণ জ্বৰ। নৰিয়া-পাটীৰ পৰা লাচিতে যুদ্ধৰ সকলো সংবাদ লৈ আছিল। তেওঁ জানিব পাৰিলে যে মোগলৰ লগত যুঁজ কৰি অসমী-সেনাই তিষ্ঠিব নোৱাৰি পিছ হুহঁকিবলৈ ধৰিছে৷ অসমী-সেনাৰ এনে দুৰ্যোগৰ কথা শুনি লাচিতে নৰিয়া-পাটী ত্যাগ কৰি ‘বঙালৰনো নাও কেইখন আহিছে’ বুলি কৈ সুস্থ-সবল লোকৰ দৰে জাপ মাৰি নাৱত উঠি যুঁজত নামিল।
সেই সময়ত অসমৰ প্রায় সেনাই হতাশ হৈ যুদ্ধৰ পৰা আঁতৰি যাবলৈ উপক্ৰম কৰিছিল। আনকি লাচিতৰ নাওবৈছাজনেও অসমৰ শোচনীয় পৰাজয় দেখি নাও উজুৱাই দি লাচিত বৰফুকনক পলুৱাই নিব খুজিছিল। এনে কাৰ্যত খং উঠি লাচিতে ‘মোক উজুৱাই ক’লৈ পলুৱাই নিব খোজ? তেনেহলে মই সি বাঘৰ পোৱালি নহও নেকি?’ বুলি হেংদান উলিয়াই নাওবৈছাক কাটি যমপুৰীলৈ পঠিয়ালে। ৰুগ্ন লাচিতৰ এনে ৰণ-উদ্যম আৰু সাহস দেখি দলে দলে অসমী সেনা আহি মোগলৰ বিৰুদ্ধে থিয় দিলে।
আমিনগাঁৱৰ ওচৰত শৰাইঘাট নামৰ ঠাইত মোগল সৈন্যৰ লগত লাচিতৰ সৈন্যৰ তয়াময়া ৰণ লাগিল। দুয়োপক্ষৰ সেনাৰ নাৱেৰে ব্ৰহ্মপুত্ৰৰ পানী নেদেখা হৈ পৰিল। লাচিতৰ প্ৰচণ্ড শক্তিৰ আগত মোগলৰ সৈন্য চেদেলিভেদেলি হৈ গ’ল। কিমান মোগল সৈনাৰ প্ৰাণবায়ু উৰি গ’ল তাৰ সীমা-সংখ্যা নোহোৱা হ’ল। ব্ৰহ্মপুত্ৰৰ পানী মোগলৰ তেজেৰে ৰাঙলী হৈ পৰিল। পৰিতাপৰ কথা যে লাচিতৰ বীৰত্বৰ এই যুঁজখন দেখিবলৈ নৌপাওঁতে স্বাধীনচেতা স্বৰ্গদেৱ চক্ৰধ্বজ সিংহৰ মৃত্যু হ’ল। স্বৰ্গদেৱ উদয় সিংহই ৰাজপাটত বহি এই গৌৰৱপূৰ্ণ যুদ্ধখন দেখি পৰম সন্তোষ পালে।
এই যুদ্ধত লাচিতে মোগল সৈন্যক পৰাজয় কৰি মানাহ নৈ পাৰ কৰি দি সেই নৈলৈকে অসমৰ সীমা বঢ়ালে। শৰাইঘাটৰ যুদ্ধ মোগল-আহোমৰ শেষ যুদ্ধ। কঠোৰ চেষ্টা কৰিও মোগলে অসম সেনাক পৰাজয় কৰিব নোৱাৰি অসম আক্ৰমণৰ আশা পৰিহাৰ কৰিবলৈ বাধ্য হয়। যি মোগল শক্তি ভাৰতৰ কোনো শক্তিৰ লগত বিফল হোৱা নাই, সেই শক্তি বীৰ লাচিতৰ শক্তিৰ আগত তেনেই নিষ্প্রভ হৈ পৰিল৷ বেচেৰা মোগল সেনাপতি ৰামসিংহই পৰাজয়ৰ গ্লানি ডিঙিত আঁৰি লৈ ঘূৰি যাবৰ সময়ত হাজোৰ মাধৱ গোসাঁইক সেৱা কৰি লাচিত আৰু অসমীয়া সেনাক প্রশংসা কৰি কৈ গৈছে— “বৰফুকন সামান্য লোক নহয়। প্রত্যেক অসমীয়া সেনাই নাও বাব পাৰে, তোপ আৰু হিলৈ মাৰিব পাৰে। জল-স্থল সকলোতে সমানে যোদ্ধা। এনে নিপুণ সৈন্য মই ভাৰতবৰ্ষত ক’তো দেখা নাই।”
দেশ-মাতৃকাৰ লাঞ্ছনা-অপমান সহ্য কৰিব নোৱাৰি প্ৰৱল প্ৰতাপী মোগলৰ বিৰুদ্ধে অস্ত্ৰ ধৰি অসমৰ স্বাধীনতা আৰু জাতীয় গৌৰৱ অটুট ৰখা লাচিত বৰফুকনৰ বীৰত্ব, বুদ্ধি, ৰণ-কৌশল, দেশপ্রেম, আত্মত্যাগ আৰু স্বাৰ্থহীনতাৰ মহান আদর্শ জগতত অতুলনীয়। অক্লান্ত পৰিশ্ৰম, অচল-অটল ধৈৰ্য আৰু অসীম সাহস লৈ ১৬৬৭ খৃষ্টাব্দৰ পৰা ১৬৭১ খৃষ্টাব্দলৈকে পাঁচ বছৰ ধৰি শৰাইঘাটৰ ৰণত মোগল শক্তিক পৰাজয় কৰি অপৰাজেয় বীৰৰ কীৰ্তি ৰাখি থৈ ১৬৭১ খৃষ্টাব্দত কলিয়াবৰত কৰ্মৰ দেশ এৰি লাচিতে শান্তিৰ দেশত আশ্রয় ল’লে।
❧ | আৰু পঢ়ক: